অসম বিধানসভাৰ বিশেষ
অধিবেশনত ‘সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক-২০১৭’ গৃহীত হ’ল আৰু অসমত এই বৰ্ষৰে ১
জুলাইৰ পৰা এই কৰ ব্যৱস্থা কাৰ্যকৰী হোৱাটি নিশ্চিত হৈ পৰিল। সৰ্বভাৰতীয় পৰ্যায়ত
যোৱা ৮ ছেপ্টেম্বৰ ২০১৬ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ‘সামগ্ৰী আৰু
সেৱা কৰ বিধেয়ক’খনত [সাংবিধানিক নাম-‘সংবিধান(এশ বাইছ সংশোধনী)বিল, ২০১৪] অনুমতি
প্ৰদান কৰিলে। ইয়াৰ আগতে ৬ মে’ ২০১৬ তাৰিখে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত
ৰাজ্যসভালৈ পঠোৱা হৈছিল। কিছুমান সংশোধনী ঘটাই ৩ আগষ্ট ২০১৬ তাৰিখে ৰাজ্যসভাত
বিধেয়কখন গৃহীত হৈছিল। সংশোধিত বিধেয়কখন ৮ আগষ্ট ২০১৬ তাৰিখে লোকসভাত গৃহীত হৈছিল
আৰু বিধেয়কখনৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ অভিমতৰ বাবে পঠোৱা হৈছিল।
উল্লেখনীয় যে বিধেয়কখনৰ গ্ৰহণযোগ্যতাৰ সম্পৰ্কত অসম চৰকাৰেই প্ৰথমে অভিমত প্ৰকাশ
কৰিছিল।
সামগ্ৰী আৰু সেৱা কৰ (Goods and Services Tax, চমুকৈ GST) হ’ল এবিধ পৰোক্ষ কৰ। ই হ’ল সামগ্ৰী এটাৰ ওপৰত
সামগ্ৰীবিধ উৎপাদন কৰাৰ পৰা উপভোক্তালৈ যোগান ধৰোতে আৰোপ কৰা একমাত্ৰ কৰ
(Single Tax)। আমি জানো যে
সামগ্ৰী এবিধ উপভোক্তাৰ হাতলৈ আহোতে কেইবাটাও পৰ্যায় অতিক্ৰম কৰি আহে। সামগ্ৰী আৰু
সেৱা কৰে প্ৰতিটো পৰ্যায়ত সংযোজিত মূল্যৰ ওপৰতহে কৰ আৰোপ কৰে, প্ৰতিটো পৰ্যায়ত
মূল্য সংযোজিত হোৱাৰ পাছত নিৰ্ধাৰিত মুঠ মুল্যৰ ওপৰত নহয়। অৰ্থাত, এই ব্যৱস্থাত
সামগ্ৰীবিধ উৎপাদন কৰাৰ পৰা অতিক্ৰম হৈ অহা প্ৰতিটো পৰ্যায়তে উপাদান কৰ জমাৰ (Input
Tax Credit) সুবিধা প্ৰদান কৰা
হয়। তদুপৰি, প্ৰতিটো পৰ্যায়ত সংযোজিত মূল্যৰ ওপৰত সমান হাৰত কৰ আৰোপ কৰা হয়। মন
কৰিবলগীয়া যে সদ্য প্ৰচলিত মূল্য সংযোজিত কৰৰ (Value Added Tax, চমুকৈ VAT) ক্ষেত্ৰত উপাদান কৰ জমাৰ সুবিধা নাই।
প্ৰচলিত কৰ ব্যৱস্থাত ৰাজ্য অনুসৰি কৰ আইনৰ বিভিন্নতাৰ বাবে কৰৰ হাৰ বেলেগ বেলেগ
হয়। সাধাৰণ ভাষাত, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন হ’লে ‘কৰৰ ওপৰত কৰ (Tax
on Tax)’ আৰোপ কৰা ব্যৱস্থাৰ
অৱসান ঘটিব। গতিকে, সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা সামগ্ৰীৰ দাম, সামগ্ৰী আৰু সেৱা
কৰ আৰোপ নকৰা সামগ্ৰীৰ দামতকৈ তুলনামূলকভাবে কম হ’ব।
এটা সৰু গাণিতিক উদাহৰণ দিয়া যাওক। ধৰা হ’ল, কোনো এটা কাপোৰ
উৎপাদন প্ৰতিষ্ঠানে এটা চোলা উৎপাদন কৰিব বিচাৰিছে। চোলাটো উৎপাদন কৰিবলৈ
উৎপাদনকাৰীজনক কিছুমান কেঁচা সামগ্ৰী, যেনে-সূতা, কাপোৰ চিলোৱা মেচিন, বুতাম আদিৰ
প্ৰয়োজন হয়। ধৰা হ’ল, ২০০ টকাত চোলাটো সম্পূৰ্ণ হৈ গ’ল। উৎপাদনকাৰীয়ে লাভ আৰ্জনৰ
বাবে চোলাটোৰ উৎপাদন ব্যয় ২০০ টকাৰ লগত কিছু মূল্য সংযোজন কৰিব। ধৰা হ’ল, তেখেতে
৬০ টকা মূল্য সংযোজন কৰিলে। গতিকে, উৎপাদন প্ৰতিষ্ঠানটোৰ মতে চোলাটোৰ মূল্য হ’ব
২০০+৬০=২৬০ টকা। ধৰা হ’ল, চৰকাৰে উৎপাদিত সামগ্ৰীৰ ওপৰত ১০% কৰ আৰোপ কৰে। তেন্তে,
২৬০ টকাৰ কৰ হ’ব ২৬ টকা। কিন্তু, যিহেতু উৎপাদনকাৰীয়ে চোলাটো উৎপাদন কৰাৰ বাবে
প্ৰয়োজনীয় সামগ্ৰী কিনাৰ সময়তে ১০% হাৰত কৰ প্ৰদান কৰিছ, গতিকে ২৬০ টকাৰ ওপৰত
চৰকাৰে কৰ আৰোপ নকৰে। উৎপাদনকাৰীয়ে সংযোজিত কৰা ৬০ টকাৰ ওপৰতহে কৰ আৰোপ কৰিব।
তেখেতে ১০% হাৰত ২০০ টকাৰ কৰ ২০ টকা উপাদান কৰ জমাৰ সুবিধা লাভ কৰিব। ফলত,
চোলাটোৰ ক্ষেত্ৰত উৎপাদনকাৰীয়ে দিবলগীয়া কৰ হ’ব ৬ টকা (২৬-২০=৬ টকা)।
আকৌ, ধৰা হ’ল চোলাটো পাইকাৰী ব্যৱসায়ীলৈ গ’ল। পাইকাৰী ব্যৱসায়ীজনে চোলাটো ২৬০ টকাত
কিনি কিছু মূল্য সংযোজন কৰে। ধৰা হ’ল, পাইকাৰী ব্যৱসায়ীজনে ৪০ টকা মূল্য সংযোজন
কৰিলে। গতিকে, চোলাটোৰ পাইকাৰী মূল্য ২৬০+৪০=৩০০ টকা হ’ল। ১০% হাৰত চৰকাৰক কৰ দিলে
পাইকাৰী ব্যৱসায়ীজনে দিবলগীয়া কৰ হ’ব ৩০ টকা। কিন্তু, সামগ্ৰী আৰু সেৱা কৰ
ব্যৱস্থাত তেখেতে দিবলগীয়া কৰ হ’ব ৩০-২৬=৪ টকা। খুচুৰা ব্যৱসায়ীয়ে চোলাটো ৩০০ টকাত
কিনি কিছু মূল্য সংযোজন কৰিব। ধৰা হ’ল, তেখেতে সংযোজিত কৰা মূল্য ২০ টকা। গতিকে, চোলাটোৰ মূল্য ৩২০
টকা হ’ল। ১০% হাৰত কৰ দিলে, দিবলগীয়া কৰৰ পৰিমান হ’ব ৩২ টকা। কিন্তু সামগ্ৰী আৰু
সেৱা কৰ ব্যৱস্থাত তেখেতে দিবলগীয়া কৰৰ পৰিমান হ’ব ৩২-৩০=২ টকা। দেখা গ’ল যে
উৎপাদকাৰীয়ে চোলাটো উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী কিনাৰ পৰা খুচুৰা
ব্যৱসায়ীলৈ সংযোজিত কৰা কৰৰ মুঠ মূল্য হ’ব ২০+৬+৪+২ বা ৩২ টকা।
সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত কি ঘটে, একেটা উদাহৰণেৰে
চোৱা যাওক। ২০০ টকা ব্যয়ত চোলাটো প্ৰস্তুত হোৱাৰ পাছত উৎপাদনকাৰীয়ে ৬০ টকা মূল্য
সংযোজিত কৰিলে তেখেতে চৰকাৰক ২৬০ টকাৰ ১০% হাৰত দিবলগীয়া কৰৰ পৰিমান হ’ল ২৬ টকা,
যিহেতু উৎপানকাৰীয়ে কেঁচা সামগ্ৰীৰ ওপৰত আৰোপ
কৰা উপাদান কৰ জমাৰ (২০ টকা) সুবিধা লাভ নকৰে। সেইদৰে, পাইকাৰী ব্যৱসায়ীয়ে ২৬০
টকাৰ লগত ৪০ টকা মূল্য সংযোজিত কৰাৰ ফলত চোলাটোৰ মূল্য ৩০০ টকা হ’ল। পাইকাৰী
ব্যৱসায়ীজনে ৩০০ টকাৰ ১০% হাৰত, ৩০ টকা কৰ চৰকাৰক দিব লাগিব। খুচুৰা পৰ্যায়ত,
খুচুৰা ব্যৱসায়ীজনে ৩০০ টকাৰ লগত ২০ টকা মূল্য সংযোজিত কৰাত চোলাটোৰ মূল্য ৩২০ টকা
হ’ল। গতিকে, ১০% হাৰত ৩২০ টকাৰ চৰকাৰক দিবলগীয়া কৰ ৩২ হ’ব। দেখা গ’ল যে ১০% হাৰত
সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত কৰৰ মুঠ সংযোজিত মূল্য হ’ব ২০+২৬+৩০+৩২=১০৮
টকা। আন কথা একে থাকিলে, খুচুৰা দোকানত সামগ্ৰী আৰু সেৱা কৰ নথকা ব্যৱস্থাত
চোলাটোৰ দাম হ’ব ৩২০+১০৮=৪২৮ টকা আৰু সামগ্ৰী আৰু সেৱা কৰ থকা ব্যৱস্থাত একেটা চোলাৰে
দাম হ’ব ৩২০+৩২=৩৫২ টকা।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’,
১৫ মে' ২০১৭, পৃষ্ঠা: ৫]
No comments:
Post a Comment