Tuesday, 18 August 2020

এণ্টি-ইণ্টেলেকচুৱেলিজ্ম সমাজৰ বৌদ্ধিক স্খলন

 

        ‘আমাৰ অসম’ত যোৱা ১৪ আগষ্টত প্ৰকাশিত আশ্বিক জামানৰ ‘এণ্টি-ইণ্টেলেকচুৱেলিজম সমাজৰ বৌদ্ধিক স্খলন’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখকে ঠিকেই কৈছে যে যোৱা দুটা দশকত বিশ্বত তথ্য প্ৰযুক্তিৰ বিপ্লৱ ঘটাৰ ফলত তথ্যৰ প্ৰয়োভৰ ঘটিছে আৰু সহজলভ্যও হৈছে ।  কিন্তু, তথ্যৰ প্ৰয়োভৰ আৰু সহজলভ্যতাই যিমান উপকাৰ কৰিছে, সিমান সমস্যাও সৃষ্টি কৰিছে । তথ্যৰ সাগৰত শুদ্ধ তথ্য বিচাৰি উলিওৱাটো এটা জটিল সমস্যা হৈ পৰিছে ।  তথ্য এটাৰ শুদ্ধতা নিৰ্ধাৰণৰ বাবে কমেও তিনিটা উৎসৰ সৈতে মিলাই চাব লাগে । বিভিন্ন কাৰণত বহুতে সেইটো নকৰে ।  ন্যস্তস্বাৰ্থৰ উদ্দেশ্যে একাংশই ভুল তথ্যকে সমাজত বিলাই দিয়ে আৰু তাৰপৰাই সমাজত বৌদ্ধিক স্খলন আৰম্ভ হয় ।  তথ্যখিনি শুদ্ধ হ’লেও মাত্ৰ দুশাৰীমান ব্যৱহাৰ কৰি কোনো এটা বিষয়ৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰাতো আজিকালি সাধাৰণ কথা হৈ পৰিছে ।  এয়া তথ্য সম্পৰ্কীয় আন এক জটিল সমস্যা ।  তুলনামূলকভাৱে কম অধ্যয়ন কৰা ব্যক্তিসকলৰ কথা বাদেই দিলোঁ, নিজৰ আদৰ্শটোৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে বহু ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তিও এই কামটো কৰি থকা পৰিলক্ষিত হৈছে, যিসকলক শুদ্ধ আৰু সম্পূৰ্ণ তথ্য সম্পৰ্কত কেতিয়াও আপোচ নকৰে বুলি ধাৰণা কৰা হয় ।  শুদ্ধ আৰু সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছতো একাংশই বস্তুনিষ্ঠ বিশ্লেষণৰ পৰিৱৰ্তে নিজৰ আদৰ্শৰ লগত খাব খোৱাকৈ বিশ্লেষণ কৰাৰ প্ৰসংগতো আছেই । লেখক জামানে উল্লেখ কৰা তথ্য সম্পৰ্কীয় আটাইতকৈ ভয়ংকৰ সমস্যাটো হ’ল-তথ্যৰ সৃষ্টি । অশুদ্ধ তথ্য বা তথ্যৰ দুশাৰী ব্যৱহাৰ কৰি বিষয় এটাৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰিলে, আজি নহয় কাইলৈ শুদ্ধ কথাটো ওলায় পৰাৰ বহু সম্ভাৱনা আছে । কিন্তু, সৃষ্টি কৰা তথ্যৰ ক্ষেত্ৰত সেই সম্ভাৱনা বহুত কম ।  ন্যস্তস্বাৰ্থৰ বাবে সৃষ্টি কৰা তথ্যই চিৰকালৰ বাবে বৌদ্ধিক স্খলনত অৰিহণা যোগায় থাকিব ।

            প্ৰশ্ন হ’ল, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰৰ সমাধান আছে নে ? আমি যিকোনো এটা সামগ্ৰী বা সেৱা কিনাৰ আগতে সামগ্ৰী বা সেৱাটোৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰোঁ ।  কিনিব খোজা সামগ্ৰী বা সেৱাটোক আন সামগ্ৰী বা সেৱাৰ সৈতে তুলনা কৰোঁ । ব্ৰেণ্ডেড সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট সামগ্ৰী বা সেৱাটো বিক্ৰি কৰিবলৈ বিক্ৰেতাজন স্বীকৃতিপ্ৰাপ্ত হয় নে নহয়, সেয়া জানিবলৈ যত্ন কৰোঁ । তাৰ পিছতহে সামগ্ৰী বা সেৱাটো কিনি ব্যৱহাৰ কৰোঁ (ব্যতিক্ৰমৰ কথা সুকীয়া, যেনে- কেতিয়াবা নৈতিক কাৰণতো কিছুমান সামগ্ৰী বা সেৱা ক্ৰয় কৰিবলগীয়া হয়) ।  তথ্য এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো প্ৰতিজন ব্যক্তিয়ে এই নীতিটো প্ৰয়োগ কৰিলে, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰ সমাধান হ’ব আৰু বৌদ্ধিক স্খলনৰ পৰা কিছু পৰিমাণে হ’লেও সমাজখন ৰক্ষা পৰিব ।  

         [ৰঙা অংশ মূল চিঠিখনত আছিল । সম্পাদকে সম্পাদনা কৰি প্ৰকাশ কৰিছে ]

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ আগষ্ট ২০২০]

No comments:

Post a Comment