ছয়গাঁৱৰ আচলপাৰাত অনুষ্ঠিত
সাংস্কৃতিক (?) অনুষ্ঠান এটাত উলংগ নৃত্য প্ৰদৰ্শন নকৰাৰ বাবে দুটা শিল্পী দলক শাৰীৰিক
আৰু মানসিকভাবে আক্ৰমণ কৰা ঘটনাই অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘৃণনীয় ঘটনাটোৰ
বিৰূদ্ধে অসমৰ শিল্পী সমাজ আৰু স্থানীয় ছাত্ৰ সংগঠনসমূহে গৰিহণা দিয়াৰ উপৰি দোষীক
শাস্তি দিয়াৰ বাবে আন্দোলন কৰিছে। ঘটনাটোৰ সৈতে জড়িত কেইজনমান লোক ইতিমধ্যে
আৰক্ষীৰ জালত পৰিছে। একেসময়তে, ঘটনাটোক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰিবলৈ আৰু
সাম্প্ৰদায়িক শক্তিবোৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা পৰিলক্ষিত
হৈছে।
অসম মূলকত শিল্পীৰ
দলক অপমান কৰা ঘটনা এয়াই প্ৰথম নহয়। প্ৰতিবছৰে বিশেষকৈ বহাগ মাহত শিল্পীৰ দলক
অপমান কৰাৰ খবৰ প্ৰকাশ পাই থাকে। আয়োজক সমিটিয়ে চুক্তি অনুসৰি মাননি আদায় নিদিয়াৰ
ফলতে বেছিভাগ ঘটনাৰ সূত্ৰপাত হয়। আন ঘটনাৰ সৈতে আচলপাৰাৰ ঘটনাটোৰ মূল পাৰ্থক্য
হ’ল- এই ঘটনাটো চৰম পৰ্যায়ত উপনীত হৈছে। প্ৰচাৰ মাধ্যমসমূহত প্ৰচাৰিত খবৰ অনুসৰি,
ঈদ-উল-ফিটৰ উপলক্ষে অনুষ্ঠানটো আয়োজন কৰা হৈছিল। মন কৰিবলগীয়া যে কোনো এটা পবিত্ৰ
উৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানত সংশ্লিষ্ট উৎসৱটোৰ সৈতে সংগতি নথকা কাৰ্যসুচী
ৰুপায়ণ নকৰি আন কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘটনা কেৱল ছয়গাঁৱৰ আচলপাৰাত ঘটা নাই। বহাগ
মাহত অসমৰ বহু অঞ্চলত বিহু নৃত্যৰ বাবে সজাই তোলা বিহু মঞ্চত ডিক্স ধামাকা অনুষ্ঠিত
কৰাৰ বহু উদাহৰণ আছে।
আচলপাৰাৰ ঘটনাই
প্ৰমাণ কৰিলে যে আমাৰ দেশৰ সকলো অঞ্চলৰ, সকলো সম্প্ৰদায়ৰ মানু্হে সমানে আগবাঢ়ি যাব
পৰা নাই। মানুহবোৰৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত কিছু সচেতনতা আহিছ যদিও
সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত সমভাবে পৰিপক্ক হৈ উঠা নাই। পৃথিৱীখন কোন
দিশত, কিমান বেগত গতি কৰি, কেতিয়া দিশ সলনি কৰি আছে-সেয়া আমাৰ দেশৰ বহু অঞ্চলৰ বহু
মানুহে সঠিকভাবে ধৰিব পৰাকৈ শিক্ষিত হৈ উঠা নাই। দুখৰ কথাটো হ’ল-কোনোবা সৎ শক্তিয়ে
যদি পিচপৰি থকা মানুহখিনিক আগবঢ়াই নিবলৈ চেষ্টা চলাইছে, আন কোনোবা অসৎ শক্তিয়ে নিজৰ
স্বাৰ্থৰ বাবে তেওঁলোকক তেনেকৈয়ে ৰাখিবলৈ চেষ্টা কৰি আহিছে।
আমি ভাবোঁ, কোনো
এটা শিল্পীৰ দল যিমানেই বিখ্যাত নহওক কিয়, যিটো অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰিবলৈ চু্ক্তিবদ্ধ
হ’বলৈ আগবাঢ়িছে সেই অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ অধ্যয়ন কৰি
লোৱা উচিত। এই ক্ষেত্ৰত অসমৰ ভ্ৰাম্যমান নাট্যদলবোৰৰ কথাকে ক’ব পাৰি। অসমৰ প্ৰায়
প্ৰতিটো ভ্ৰাম্যমান নাট্যদলৰে নাট্যদলটো যি অঞ্চলত নাট্য প্ৰদৰ্শন কৰিবলৈ যায় সেই
অঞ্চলটোৰ পৰা নাট্যদলটোত এজন প্ৰতিনিধি সদস্য থাকে। এটা সৰু শিল্পী দলৰ বাবে এই
ব্যৱস্থা সম্ভৱ নহয় যদিও অতি কমেও তিনিটা সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত প্ৰতি-পৰীক্ষণ কৰি (cross verify) সংশ্লিষ্ট অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে
আগতীয়াকৈ বুজি ল’লে শিল্পীসকল অপমানিত হোৱাৰ সম্ভাৱনা নাথাকে।
[প্ৰকাশিত, ‘আমাৰ অসম’ ২৩ জুন
২০১৯, পৃষ্ঠা: ১০]
No comments:
Post a Comment