‘আমাৰ অসম’ত যোৱা
২৫ মে’ত প্ৰকাশিত শৈলেন ভৰালীৰ ‘সামাজিক জীৱন আৰু নতুন প্ৰজন্ম’ শীৰ্ষক প্ৰবন্ধটো
পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প্ৰবন্ধকাৰে লিখিছে যে আমাৰ নতুন প্ৰজন্মই
সামাজিক জীৱনৰ গুৰুত্ব উপলব্ধি নকৰা হৈছে। সমাজে নিৰ্ধাৰণ কৰা আৰু পৰম্পৰাগতভাবে
চলি অহা নীতি-নিয়মবোৰ উলংঘা কৰিবলৈ তেওঁলোক সংকোচ নকৰা হৈছে। সামাজিক মূল্যবোধবোৰৰ
প্ৰতি নতুন প্ৰজন্ম উদাসীন হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাকে এনেধৰণৰ
পৰিৱৰ্তনৰ কাৰণ হিচাপে প্ৰবন্ধকাৰে চিনাক্ত কৰিছে। আমি ভাবোঁ, এয়া আংশিকভাবেহে
শুদ্ধ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজনৰো পৰিৱৰ্তন ঘটি থাকে। এশ শতাংশ
শুদ্ধ নহ’লেও এইটো দাবী কৰিব পাৰি যে বিজ্ঞানৰ নিত্য নতুন উদ্ভাৱন আৰু
প্ৰযুক্তিবিদ্যাৰ বহুল সম্প্ৰসাৰণে মানুহৰ দ্ৰুত পৰিৱৰ্তিত প্ৰয়োজনৰ অভাৱ বহুখিনি
পূৰণ কৰিব পাৰিছে।
নব্য-উদাৰীকৰণ
অৰ্থনৈতিক ব্যৱস্থা আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে আমাৰ দেশৰ মানুহবোৰৰ প্ৰয়োজনৰ দ্ৰুত পৰিৱৰ্তন
ঘটাইছে। সেই প্ৰয়োজনবোৰ পূৰণৰ স্বাৰ্থত মানুহবোৰ মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা
বস্তুবাদী হৈ পৰিছে। মন কৰিবলগীয়া যে ভাৰতবৰ্ষত নব্য-উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থাক
নতুন প্ৰজন্মই আমন্ত্ৰণ কৰা নাছিল। আশী দশকৰ শেষৰ ফালৰ পৰা দেশখনত দেখা দিয়া
আৰ্থিক দুৰৱস্থাক উদ্ধাৰ কৰাৰ স্বাৰ্থত অৰ্থনৈতিক সংস্কাৰৰ আহিলা হিচাপে প্ৰথম
অৱস্থাত উদাৰীকৰণ (লগতে গোলকীকৰণ আৰু ব্যক্তিগতকৰণ) আৰু পাছলৈ নব্য-উদাৰীকৰণ
ব্যৱস্থাক বাধ্যতামূলকভাবে আকোঁৱালি ল’বলগীয়া হৈছিল। সেই সময়ত ভাবি চোৱা নহ’ল যে
দেশখনত যি অৰ্থনৈতিক সংস্কাৰ কৰিবলৈ লোৱা হৈছে, সেই অৰ্থনৈতিক সংস্কাৰৰ ফলত আমাৰ
দেশৰ নতু্ন প্ৰজন্ম মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা বস্তুবাদী হৈ সামাজিক মূল্যবোধবোৰৰ
প্ৰতি উদাসীন হৈ পৰিব। শেহতীয়াকৈ, উপভোক্তাবাদৰ জালত পেলাই নতুন প্ৰজন্মক আমাৰ
পৰম্পৰা আৰু সামাজিক মূল্যবোধবোৰৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰা হৈছে। নতুন
প্ৰজন্ময়ো উপভোক্তাবাদৰ সত্যৰ পাছত থকা সত্যক উপলব্ধি কৰিব নোৱাৰি সেইবোৰৰ পৰা
আঁতৰি আহিব বিচাৰিছে বা আঁতৰি আহিবলৈ বাধ্য হৈ পৰিছে।
আমি ভাবোঁ, নব্য-উদাৰীকৰণ
আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে যি বেগত মানুহৰ মনস্বত্বক শোষণ কৰিবলৈ
সক্ষম হৈছে, সেই একে বেগত বুদ্ধিজীৱী আৰু সমাজ বিজ্ঞানীসকলে সেই শোষণৰ পৰা মুক্ত
হোৱাৰ কাৰ্যকৰী উপায় আগবঢ়োৱাত সফল হ’ব পৰা নাই।
[প্ৰকাশিত, ‘আমাৰ অসম’, ০২ জুন
২০১৯, পৃষ্ঠা: ৪]
No comments:
Post a Comment