Monday, 15 July 2019

সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰা অসম্ভৱ (It is impossible to eradicate superstitions and stereotypes from society)


ওদালগুৰি জিলাৰ কলাইগাঁৱত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱত পৰি কেইজনমান লোক মানসিক ভাৰসাম্য হেৰুওৱা ঘটনাটোৱে প্ৰচাৰ আৰু সামাজিক মাধ্যমসমূহত ব্যাপক চৰ্চা লাভ কৰিছে। তান্ত্ৰিক এজনৰ প্ৰৰোচনাত পৰি যাদৱ চহৰীয়া নামৰ বিজ্ঞান শিক্ষক এজনৰ ঘৰতে কিছুমান অস্বাভাৱিক কাৰ্যকলাপ সংঘটিত কৰা ঘটনাটোৱে চৰ্চাৰ তীব্ৰতা অধিক কৰি তুলিছে। প্ৰতিগৰাকী সচেতন, যুক্তিবাদী, বিজ্ঞান মানসিকতাসম্পন্ন তথা প্ৰকৃত শিক্ষিত ব্যক্তিয়ে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰাৰ সপক্ষে মাত মাতিছে। অপ্ৰিয় সত্যটো হ’ল-সময় আৰু পৰিস্থিতি সাপেক্ষে ভাৰতীয় সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহৰ চৰ্চা কিছু হ্ৰাস পায় যদিও নিৰ্মূল কৰা সম্ভৱ নহয়। মনকৰিবলগীয়া যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ একে নহয়। পৰীক্ষা আৰু পৰ্যবেক্ষণ অবিহনে যুক্তিহীনভাবে কোনো এটা সিদ্ধান্তক অন্ধভাবে বিশ্বাস কৰাকে অন্ধবিশ্বাস বুলি কোৱা হয়। আনহাতে, পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে যুক্তিযুক্তভাবে পূৰ্বৰ কোনো এটা সিদ্ধান্ত ভুল প্ৰমাণিত হোৱাৰ পাছতো পূৰ্বৰ সিন্ধান্তটোকে মানি চলাকে কু-সংস্কাৰ বুলি কোৱা হয়।
            ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্ত জনমানসত প্ৰচাৰ কৰিছিল। ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল। তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক  পন্থা (Magic) অৱলম্বন কৰিছিল। শাৰীৰিক শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব পৰা নাছিল। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল। সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় হিন্দু ধৰ্মীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰিল। কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অত্যন্ত কঠিন হৈ পৰে। সামাজিক আৰু সাংস্কৃতিক উপাদানৰ সৈতে ধৰ্মীয় পৰম্পৰা আৰু ৰাজনীতি জড়িত হৈ পৰিলে নিৰ্মূল কৰা দূৰৰে কথা, সেইবোৰক সমালোচনা কৰাই বিপদজনক হৈ পৰে।
     এনেকুৱা নহয় যে প্ৰাচীন ভাৰতত যুক্তিবাদী আৰু বস্তুবাদী মানুহৰ অভাৱ আছিল। ‘লোকায়ত’ নামেৰে ভাৰতত সম্পূৰ্ণৰূপে বস্তুবাদী দৰ্শন গঢ়ি উঠিছিল। বুজিবলৈ কঠিন নহয় যে এই দৰ্শন ভাৱবাদী দৰ্শনক প্ৰত্যাহ্বান জনাইছিল। সেয়েহে ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলে তেওঁলোকৰ স্বাৰ্থত আঘাত লগাৰ ভয়ত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনৰ গ্ৰন্থসমূহ পুৰি পেলাইছিল। ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলৰ লগলাগি ৰজাঘৰে সাধাৰণ লোকসকলক শোষণ কৰিবলৈ সুবিধা হৈছিল। কাৰণ, ৰজাক প্ৰয়োজনাধিক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাত (যেনে-ৰজাক ভগৱানৰ বংশধৰ বুলি প্ৰচাৰ কৰা) ভাৱবাদী পণ্ডিতসকলে সহায় কৰিছিল। ফলত বস্তুবাদী আৰু যুক্তিবাদী দৰ্শনে জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ লাভৰ পৰা বঞ্চিত হৈছিল। বৃটিছৰ আগমনৰ পাছত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনে প্ৰসাৰ লাভ কৰাৰ সুযোগ আহিছিল। কিন্তু, পশ্চিমীয়া শাসকসকলে ভাৰতৰ বিশাল সম্পদসমূহক লুটি নিয়াৰ স্বাৰ্থত ভাৱবাদী দৰ্শনকে অটুট ৰাখিছিল। 
     যোৱা কেইবছৰমান ধৰি ভাৰতৰ হিন্দু ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহে প্ৰয়োজনাধিক ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰা পৰিলক্ষিত হৈছে। একেসময়তে আন ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহো সংশ্লিষ্ট ধৰ্মটোৰ উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰয়োজনাধিক সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু, পাহৰিলে নহ’ব যে ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটন মূল্য আছে যদিও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ সৈতে জড়িত কাৰ্যসমূহ সেইবোৰতে বেছিকৈ চলাই থকা হয়। তথাকথিত প্ৰতিটো ধৰ্মই দাবী কৰে যে সংশ্লিষ্ট ধৰ্মটো আন ধৰ্মতকৈ উদাৰ। কথাটো নোহোৱাও নহয়। তথাকথিত প্ৰতিটো ধৰ্ম ইমানেই উদাৰ যে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সত্য কথাবোৰ পোহৰকৈ অহাৰ পাছতো পৌৰাণিক কথা আৰু কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহক বিদায় দিবলৈ চেষ্টা নকৰে। তাৰ বিপৰীতে সেইবোৰৰ কিছুমান কাহিনীক ইতিমধ্যে উদ্ভাৱন হোৱা বিজ্ঞানৰ তত্ত্ব আৰু আৱিষ্কাৰসমূহৰ সৈতে অবৈজ্ঞানিক পদ্বতিৰে সংমিশ্ৰণ ঘটাই নতুনকৈ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা চলোৱা হৈছে। এনেধৰণৰ পৰিস্থিতিয়ে গাঁৱে-ভূঞে চলাই থকা ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ তথাকথিত পণ্ডিত আৰু সেইবোৰত বিশ্বাস ৰখা অশিক্ষিত লোকসকলক পৰোক্ষভাবে উৎসাহ প্ৰদান নকৰে বুলি দাবী কৰিব নোৱাৰি।
পুনশ্চ: ওদালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত ঘটনাটোক লৈ প্ৰতিগৰাকী যুক্তিবাদী আৰু প্ৰকৃত অৰ্থত শিক্ষিত লোকে লজ্জা অনুভৱ কৰিছে। তাৎপৰ্যপূৰ্ণ যে ঘটনাটোৱে অসমৰ গৰিষ্ঠ সংখ্যক মানুহকে আচৰিত কৰি তুলিব পৰা নাই। ইয়াৰ অৰ্থ হ’ল-অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সম্পৰ্কীয় কাৰ্যসমূহক অস্বাভাৱিক কাৰ্য হিচাপে গণ্য কৰিব পৰা পৰিৱেশ আজিও ভাৰতীয় সমাজখনত সৃষ্টি হোৱা নাই। গতিকে, এইবোৰক নিৰ্মূল কৰাও সম্ভৱ নহয় (এইবোৰৰ নিৰ্মূল সম্ভৱ হ’লে এই লেখকেই আটাইতকৈ বেছি আনন্দিত হ’ব)।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ জুলাই ২০১৯, পৃষ্ঠা: ৪]

No comments:

Post a Comment