লোকপিয়লৰ আৰ্থ-সামাজিক তথ্য সংগ্ৰহৰ সময়ত অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰা বা নকৰাৰ সম্পৰ্কত এটা আলোচনা চলি আছে । একশ্ৰেণীয়ে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ শংকাত ভুগিছে আৰু সেয়েহে চৰ-চাপৰিৰ মুছলমানসকলে যাতে তেওঁলোকৰ মাতৃভাষা অসমীয়া হিচাপে লোকপিয়লত তথ্য প্ৰদান কৰে তাৰ ওপৰত জোৰ দিছে । অসম সাহিত্য সভাৰ সভাপতি আৰু একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠনে চৰ-চাপৰিৰ মুছলমানসকলক আহ্বান জনাইছে যাতে তেওঁলোকে লোকপিয়লত অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰে । কিন্তু, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসম সাহিত্য সভাৰ সভাপতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠনসমূহৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে । তেখেতৰ মতে, যিহেতু অসমত অসমীয়া এটা অফিচিয়েল লেংগুৱেজ, সেয়েহে অসমীয়া ভাষা সংকটত পৰাৰ কোনো সম্ভাৱনাই নাই । তেখেতে দাবী কৰে যে ২০ শতাংশ লোকে অসমীয়া ভাষা ক’লেও অসমীয়া ভাষা জীয়াই থাকিব ।
যেতিয়ালৈকে ভাষা এটাৰ প্ৰয়োজন থাকে তেতিয়ালৈকে সেই
ভাষাটো সংকটত নপৰে । অসমীয়া এটা অফিচিয়েল লেংগুৱেজ হৈ থকা সময়লৈকে অসমত অসমীয়া
ভাযাৰ প্ৰয়োজন থাকিব । কিন্তু, অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটোৱে বেলেগ
এটা সমস্যাত পৰিব । আধুনিক ভাষা বিজ্ঞান
বা সমাজবিজ্ঞানৰ স্বীকৃত প্ৰক্ৰিয়া অনুসৰি ভাষা এটা কিমান মানুহে কয় (মাতৃভাষা
নহ’বও পৰে) তাৰ ওপৰত ভিত্তি কৰিয়ে সেই ভাষাটোৰ স্থান নিৰ্ণয় কৰা হয় । গতিকে,
অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটো সংকটত নপৰিলেও ভাষাটোৰ স্থান অটুট
ৰখাৰ ক্ষেত্ৰত সমস্যাত পৰিব । শেহতীয়া তথ্য অনুসৰি (ইণ্টাৰনেটৰ তথ্য), অসমীয়া ভাষা
কোৱা লোকৰ সংখ্যাৰ ভিত্তিত পৃথিৱীৰ ভাষাসমূহৰ ভিতৰত অসমীয়া
ভাষাৰ স্থান হ’ল ৬৫ । আন কথা একে থাকিলে, সমাগত
লোকপিয়লত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পালে ভাষাটোৰ স্থান নিশ্চিতভাবে তললৈ
নামিব ।
ভাৰতীয় সংবিধানৰ ২৯ নম্বৰ অনুচ্ছেদ অনুসৰি মাতৃভাষা সুৰক্ষাৰ বাবে দেশখনৰ প্ৰতিটো সম্প্ৰদায়ৰে মৌলিক অধিকাৰ আছে । গতিকে, লোকপিয়লত কোনে, কি ভাষাক মাতৃভাষা হিচাপে তথ্য প্ৰদান কৰিব সেই সম্পৰ্কে সামাজিক-সাংস্কৃতিক সংগঠনবোৰে ৰাজহুৱাকৈ আহ্বান জনোৱাৰ প্ৰয়োজন নাই । অৱশ্যে, অসমীয়া ভাষাৰ সপক্ষে কোনোবাই আহ্বান জনালে তেওঁলোকক নিৰুৎসাহ কৰাৰো প্ৰয়োজন নাই ।
[প্ৰকাশিত, ‘আমাৰ অসম’,
২৩ জুন ২০২৬, পৃষ্ঠা: ৬]
No comments:
Post a Comment