Saturday, 11 April 2026

বিনামূলীয়াৰ অৰ্থনীতি (Economics of Freebie)

             অসমৰ সমাগত নিৰ্বাচনৰ বিভিন্ন বিচাৰ্য বিষয়বোৰৰ ভিতৰত বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা বিষয়টোৱে যথেষ্ঠ গুৰুত্ব লাভ কৰা দেখা গৈছে । নিৰ্বাচনী প্ৰচাৰ সভাবোৰত শাসনাধিষ্ঠ ৰাজনৈতিক মিত্ৰদলবোৰে আগতকৈ বেছি সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । বিৰোধী শক্তিৰো কিছুমান ৰাজনৈতিক দলে বৰ্তমানৰ চৰকাৰতকৈ অধিক পৰিমণৰ নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছে ।  বিনামূলীয়াকৈ সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা সম্পৰ্কত দুটা ভিন্ন মতামত দেখা যায় । একশ্ৰেণীয়ে ব্যৱস্থাটোক সমৰ্থন জনোৱাৰ বিপৰীতে আন এক শ্ৰেণীয়ে ব্যৱস্থাটোৰ নেতিবাচক দিশটো উপস্থাপন কৰি বিপক্ষে মতামত দিয়ে ।  গতিকে, ব্যৱস্থাটো ভাল নে বেয়া সেই সম্পৰ্কে সঠিক সিদ্ধান্তত উপনীত হোৱা কঠিন হৈ পৰে । অৰ্থনীতিৰ শিক্ষাৰ্থীয়ে ব্যৱস্থাটোক কেনেদৰে চায় আৰু অসমৰ প্ৰেক্ষাপটত প্ৰকৃত ছবিখন কেনেকুৱা ?

দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱনধাৰণ কৰি থকা লোকসকলে চাউল, দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগাৰ কৰোতে দিনটোৰ বেছিভাগ সময় ব্যয় কৰিবলগীয়া হয় । তেনে অৱস্থাত জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা দূৰৰে কথা, খাই-বৈ জীয়াই থকাটোৱে তেওঁলোকৰ বাবে এটা জলন্ত সমস্যা হৈ পৰে ।  আচলতে, তেওঁলোকে দৰিদ্ৰতাৰ বাবে দৰিদ্ৰ হৈ থাকি ‘দৰিদ্ৰতা ফান্দ’ত সোমাই পৰে । আনৰ সহায় লাভ নকৰিলে তেওঁলোকে সেই ফান্দৰ পৰা ওলাই আহিব নোৱাৰে আৰু ইয়াতেই তেওঁলোকক বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰে (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে অভিজিত বেনাৰ্জী আৰু এষ্টাৰ ডুফ্লোৰ “প’ৰ ইক’ন’মিকছ” নামৰ গ্ৰন্থখন চাব পাৰে) । জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা চলোৱাটো প্ৰতিখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব ।  সেয়েহে, চৰকাৰে তেওঁলোকক বিনামূলীয়াকৈ সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰে ।  এই দায়িত্ব পালনৰ বাবে চৰকাৰে কি উৎসৰ পৰা ধনৰ ব্যৱস্থা কৰে সেয়া আন এক বিষয় ।

বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা লোকসকলৰ পৰা  কি আশা কৰা যায় ? অত্যাৱশ্যকীয় সামগ্ৰীসমূহ চৰকাৰৰ পৰা লাভ কৰাৰ পিছত জনসাধাৰণে সেই সামগ্ৰীসমূহ যোগাৰ কৰাৰ বাবদ ব্যয় হোৱা সময়খিনি আন কামত নিয়োজিত হৈ নগদ ধন উপাৰ্জন কৰি দৰিদ্ৰতা ফান্দৰ পৰা মুকলি হ’বলৈ সক্ষম হ’ব লাগে ।  যদি সেই ফান্দৰ পৰা ওলাই আহিব পাৰে, সেয়াও দেশৰ প্ৰতি আগবঢ়োৱা এটা ইতিবাচক বৰঙণি হ’ব পাৰে । ইতিমধ্যে যিমান লোকক বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰা হৈছে,  কিছু সংখ্যক হ’লেও দৰিদ্ৰতাৰ ফান্দৰ পৰা ওলাই আহিব পাৰিব লাগিছিল ।  কিন্তু, অসমত বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা লোকৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধিহে হৈ আছে ।  অৰ্থনৈতিক দৃষ্টিকোণেৰে সম্ভৱ:ত ইয়াৰ কাৰণ দুটা- (১) বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন লাভ কৰা অসমৰ লোকসকলে তেওঁলোকৰ ৰাহি সময়খিনি অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে সঠিকভাবে ব্যৱহাৰ কৰা নাই, আৰু (২) চৰকাৰে প্ৰদান কৰি থকা বিনামূলীয়া সামগ্ৰী আৰু নগদ ধনৰাশি দৰিদ্ৰতা ফান্দৰ পৰা ওলাই আহিব পৰাকৈ পৰ্যাপ্ত নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ এপ্ৰিল ২০২৬, পৃষ্ঠা: ৬]

No comments:

Post a Comment