বাৰিষা আহিলেই অসমত বানপানী আহে । শেহতীয়াকৈ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত হৈ যোৱা বানপানীৰ ফলত (নে ধলপানী) জিলাকেইখনৰ লোকসকলৰ বিস্তৰ ক্ষতি হৈছে । বানপানীৰ সৈতে সচৰাচৰ মুখামুখি হোৱাৰ অভিজ্ঞতা নথকাৰ বাবে উল্লিখিত জিলাকেইখনৰ লোকসকলৰ ক্ষতিৰ পৰিমাণ আন জিলাৰ লোকসকলতকৈ বেছি হৈছে । ইতিমধ্যে আশীজনকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ অসম আৰু অসমৰ বাহিৰৰ বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠান, ৰাজনৈতিক দল আৰু সংগঠনে সহমৰ্মিতা আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আগবাঢ়ি আহিছে । চৰকাৰেও সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ চেষ্টা চলাইছে ।
সাহায্যৰ সৈতে জড়িত কিছুমান খবৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত তলপাৰ
লগাইছে । বদৰুদ্দিন আজমল ডাঙৰীয়াই বানপানী প্ৰভাৱিত অঞ্চলত দুই কৌটি টকাৰ সাহায্য আগবঢ়োৱা
খবৰটোৱে বিশেষভাবে চৰ্চা লাভ কৰিছে । হিন্দুত্বৰ
সৈতে জড়িত সংগঠনে বানপীড়িতসকলক উদ্দেশ্যি আহ্বান জনাইছে যাতে আজমলৰ দুই কৌটিত
অসমীয়া জাতিসত্তা বিক্ৰী নকৰে । ইমানবোৰ ব্যক্তি, সংগঠন, ৰাজনৈতিক দল আৰু প্ৰতিষ্ঠানে
বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়াই আছে
। কিন্তু, হিন্দুত্বৰ সৈতে জড়িত সংগঠনে কেৱল আজমলৰ ডাঙৰীয়াৰ সাহায্যৰ অন্তুৰালত স্বাৰ্থ
থকাৰ উমান পাইছে । ইয়াৰ কাৰণ কি ?
আন মানুহতকৈ দুৰ্ঘোৰ বিপদ আৰু দুৰৱস্থাত পৰা (Vulnerability) মানুহক শোষণ কৰিবলৈ বেছি সুবিধা হয় । সাধাৰণতে ব্যৱসায়িক গোষ্ঠীয়ে বজাৰ ব্যৱস্থাৰ
মাধ্যমেৰে তেওঁলোকক শোষণ কৰে । কিন্তু, ৰাজনৈতিক দল আৰু সামাজিক-সাংস্কৃতিক
সংগঠনবোৰে প্ৰত্যক্ষভাবে সহায়ৰ হাত আগবঢ়াই তেওঁলোকক নিজৰ আদৰ্শৰ ফলীয়া কৰিবলৈ
চেষ্টা চলায় । সহায় কৰাৰ সময়ত সংশ্লিষ্ট ৰাজনৈতিক দল বা সামাজিক-সাংস্কৃতিক
সংগঠনবোৰৰ কোনোধৰণৰ স্বাৰ্থ নাথাকিলেও স্বত:স্ফুৰ্তভাবে তেওঁলোকৰ প্ৰতি ইতিবাচক
ধাৰণা গঢ়ি উঠাৰ সম্ভাৱনা থাকে । বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতিও এই প্ৰৱণতা আহিব
পাৰে বুলি হিন্দুত্ববাদীসকলে সম্ভৱত: ধাৰণা কৰিছে । কাৰণ, বদৰুদ্দিন আজমলৰ পৰিচয়
কেৱল এজন ব্যক্তি নহয় । হিন্দুত্বৰ পৰস্পৰবিৰোধী
(হিন্দুত্ববাদীসকলৰ মতে) ৰাজনৈতিক দল এটাৰ তেখেত মুৰব্বী । এখোপ ওপৰলৈ উঠি হিন্দুত্বৰ গুৰি ধৰোঁতা একাংশই তেখেতক
অসমত হিন্দুত্বৰ (হিন্দুত্ববাদীসকলে অসমত অসমীয়া আৰু হিন্দুত্ব একে বুলি বাগ̢ধাৰা এটা চলাই আহিছে) ক্ষতিকাৰক সভ্যতা হিচাপেও
চিহ্নিত কৰি থৈছে ।
মানৱ সৃষ্ট বা প্ৰাকৃতিক যি কাৰণতেই হওক, অসমৰ মানুহে
মাজে সময়ে কিছুমান জটিল সন্ধিক্ষণৰ সম্মুখীন হৈ আহিছে । সেই জটিল সন্ধিক্ষণত পৰস্পৰবিৰোধী
আদৰ্শৰ শক্তিবোৰে অসমৰ মানুহক সহায়ৰ যোগেদি নিজৰ আদৰ্শ গজগজীয়া কৰিবলৈ চেষ্টা চলাই
আহিছে । ১৯৫০ চনৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়াই অসমত হিন্দুত্ববাদৰ
সম্প্ৰসাৰণ কৰা হৈছিল (আগ্ৰহী পাঠকে 2016 চনৰ 16 এপ্ৰিলত Economic and Political
Weekly ত প্ৰকাশিত Malini Bhattacharjeeৰ ‘Tracing the Emergence and Consolidation of Hindutva in
Assam’ শীৰ্ষক লেখাটো চাব
পাৰে) । ছবছৰীয়া অসম
আন্দোলনৰ সময়ত হিন্দু আৰু মুছলমান দুয়োটা
সম্প্ৰদায়ৰ সামাজিক-সাংস্কৃতিক সংগঠনে আন্দোলনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ
চেষ্টা চলাইছিল । যিহেতু হিন্দুত্ববাদীসকলে জটিল সন্ধিক্ষণত অসমত নিজৰ আদৰ্শ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা
চলাইছিল, সেয়েহে আজমলেও একে নীতি গ্ৰহণ কৰিব পাৰে বুলি তেওঁলোক শংকতি হৈছে । পৰিতাপৰ কথা যে পৰস্পৰ বিৰোধী আদৰ্শৰ সংঘাতে দুৰ্যোগৰ
ফলত বিপদত পৰা মানুহক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতাই মানৱতাবাদক কিছু হ’লেও
আঁতৰত ৰাখে ।
সুখৰ কথা যে আজমলৰ দুই কৌটি টকাত অসমীয়াৰ জাতিসত্তা বিক্ৰী নকৰিবলৈ আহ্বান জনোৱা সংগঠনটোক বহুতে একেমুখে গৰিহণা দিছে । ইয়াৰ পৰা দুটা কথা স্পষ্ট হৈছে- (১) বিপদ আৰু দুৰৱস্থাৰ সময়ত অসমৰ মানুহে মানৱতাবাদক অগ্ৰাধিকাৰ দিয়ে, আৰু (২) অসমীয়া জাতিসত্তাৰ ওপৰত কোনো ৰাজনেতিক দল বা সামাজিক-সাংস্কৃতিক সংগঠনে অভিভাৱকত্ব খটুৱাবলৈ স্ব-ঘোষণা কৰাৰ প্ৰয়োজন নাই ।
[প্ৰকাশিত, ‘আমাৰ অসম’,
৮ আগষ্ট ২০২৬, পৃষ্ঠা: ৪]
No comments:
Post a Comment