বতৰৰ পৰিৱৰ্তনৰ ফলত সঘনাই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে । চলিত বৰ্ষৰ মে’ মাহৰ ২৮ আৰু ২৯ তাৰিখে ঘুৰ্ণীবতাহ ‘ৰেমাল’ৰ ফলত কেৱল উত্তৰ-পূৰ্বাঞ্চলতে ৪০ জন লোকৰ মৃত্যু হৈছে (৩১ মে’ৰ তথ্য অনুসৰি) । ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ ক্ষতিৰ প্ৰসংগতো আছেই । যিহেতু প্ৰাকৃতিক দুৰ্যোগ সঘনে ঘটিয়ে থাকে, সেয়েহে ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি কাৰ্যকৰী কৰা অতি প্ৰয়োজন । দুৰ্যোগ ব্যৱস্থাপনাৰ কেনেধৰণৰ ফলপ্ৰসূ প্ৰতিষ্ঠানিক পদ্ধতি আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰা হৈছে ।
জীৱন আৰু
সম্পত্তিৰ ব্যাপক ক্ষতি কৰি হঠাৎ ঘটা দুৰ্ঘটনাক দুৰ্যোগ বুলি জনা যায় । দুৰ্যোগ বুলিলে
সাধাৰণতে প্ৰাকৃতিক দুৰ্যোগকে বুজা যায় । প্ৰাকৃতিক
দুৰ্যোগৰ কাৰণবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ’ব পাৰে । প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ (প্ৰাকৃতিক
বা মানৱসৃষ্ট) যিয়েই নহওক, ইয়াৰ
ফলত মানুহকে ধৰি সকলো জীৱৰ ওপৰতে বিৰূপ প্ৰভাৱ পৰে । মনকৰিবলগীয়া যে প্ৰাকৃতিক
দুৰ্যোগৰ প্ৰভাৱ ভৌগোলিক চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে । অৰ্থাত, কোনো এখন দেশ
বা অঞ্চলত ঘটা প্ৰাকৃতিক দুৰ্যোগে ওচৰৰ দেশ বা অঞ্চলত প্ৰভাৱ নেপেলায় বুলি দাবী কৰিব
নোৱাৰি । তদুপৰি, প্ৰাকৃতিক দুৰ্যোগে মানুহৰ সামাজিক, সাংস্কৃতিক,
অৰ্থনৈতিক, ৰাজনৈতিক বা ধৰ্মীয় পাৰ্থক্যৰ
ভিত্তিত প্ৰভাৱ নেপেলায় । গতিকে, প্ৰাকৃতিক
দুৰ্যোগ এক উমৈহতীয়া সমস্যা ।
উমৈহতীয়া
সমস্যা এটাৰ ফলপ্ৰসূ ব্যৱস্থাপনা সহজ কাম নহয় । উমৈহতীয়া সমস্যা সম্পৰ্কত এৰিষ্ট’টলে ‘Politics’ (Book II, Chapter 3) নামৰ গ্ৰন্থখনত কৈছে, “What is
common to the greatest number has the least care bestowed upon it. Everyone
thinks chiefly of his own, hardly at all of the common interest.” গতিকে, বজাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ
ফলপ্ৰসূ ব্যৱস্থাপনা আশা কৰিব কৰিব নোৱাৰি । সম্পত্তি আৰু সকলো জীৱৰে জীৱনৰ নূন্যতম
ক্ষতিৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰই সামগ্ৰিকভাবে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয়
ক্ষমতাসমূহ প্ৰয়োগ কৰে (State
Management System) । দুৰ্যোগৰ সম্ভাৱ্য
ক্ষতি যাতে নূন্যতম হয় তাৰ বাবে ৰাষ্ট্ৰৰ সৰ্বোচ্চ প্ৰাধিকাৰীয়ে নিম্ন পৰ্যায়ৰ সকলো
প্ৰাধিকাৰীৰ সৈতে সংযোগ স্থাপন কৰি দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ
চেষ্টা কৰে । উদাহৰণস্বৰূপে, ভাৰতত ২০০৫ চনৰ ৩০ মে’ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা
প্ৰাধিকাৰণ (National Disaster Management Authority, চমুকৈ NDMA) গঠন কৰা হয় । এন ডি এম এয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা
নীতি প্ৰস্তুত কৰে আৰু সেই নীতিসমূহ বিভিন্ন পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি
কৰে । ৰাজ্যিক পৰ্যায়ত প্ৰতিখন ৰাজ্যতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (State
Disaster Management Authority, চমুকৈ SDMA) গঠন কৰা হৈছে । জিলা পৰ্যায়ৰ বাবে গঠিত জিলা দুৰ্যোগ ব্যৱস্থাপনা
প্ৰাধিকৰণে (District Disaster Management Authority, চমুকৈ DDMA) স্থানীয় নিকায়ৰ সৈতে সম্পৰ্ক স্থাপন কৰে ।
দুৰ্যোগৰ সময়ত এছ ডি এম এয়ে যিমান পাৰি সোনকালে সাম্ভাৱ্য ভুক্তভোগী অঞ্চলৰ পৰা উপযুক্ত
তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে যাতে সেই অঞ্চলৰ লোকসকলক পৰ্যাপ্ত সহায় (উদ্ধাৰকাৰী
দল প্ৰেৰণ কৰা, পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান ধৰা আদি) কৰিব
পৰা যায় । স্থানীয় নিকায়সমূহে স্থানীয় লোকৰ সহায়ত স্থানীয়ভাবে উপলব্ধ উপায় আৰু
শক্তিৰ ভিত্তিত দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ন কৰিবলৈ চেষ্টা কৰে ।
ৰাষ্ট্ৰ নিয়ন্ত্ৰিত দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোৰ
কিছুমান সীমাবদ্ধতা আছে । উদাহৰণস্বৰূপে, এই ব্যৱস্থা সম্পূৰ্ণ তথ্য আৰু চৰকাৰী যন্ত্ৰৰ
মাজত উপযুক্ত সহযোগিতাৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ চৰ্তৰ ওপৰত নিৰ্ভৰশীল । সম্পূৰ্ণ
আৰু নিখুঁত তথ্য সংগ্ৰহ কৰিবলৈ বহুত খৰচ হয় আৰু ভাৰতৰ দৰে ভৌগোলিকভাৱে বিশাল আৰু বৈষম্যপূৰ্ণ
দেশ এখনৰ বাবে সম্পূৰ্ণ আৰু নিখুঁত তথ্য সংগ্ৰহ কৰা সহজ কাম নহয় । নিন্ম পৰ্যায়ৰ উত্তৰকাৰীসকলৰ
সঁহাৰিৰ ওপৰতে নিখুঁত আৰু সম্পূৰ্ণ তথ্য বেছিকৈ নিৰ্ভৰ কৰে । অসম্পূৰ্ণ তথ্যৰ ভিত্তিত
নিৰ্ধাৰণ কৰা দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাই অবাঞ্চিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । তদুপৰি,
প্ৰশাসনিক নিয়ম পালন কৰিবলগীয়া হোৱাৰ বাবে এই ব্যৱস্থাত আমোলাতান্ত্ৰিক পলম হোৱাৰ সম্ভাৱনা
আছে, যাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে । তদুপৰি, ভাৰতৰ
দৰে তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্নীতিৰ দৰে সামাজিক ব্যাধিয়ে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত
দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতিত অন্তৰায় হিচাপে দেখা দিয়ে । উদাহৰণস্বৰূপে, ২০১৩ চনত উত্তৰাখণ্ডত
হোৱা প্ৰবল বানপানীৰ পিছত সাহাৰ্যৰ ক্ষেত্ৰত ব্যাপক বিত্তীয় অনিয়ম হোৱাৰ খবৰ প্ৰকাশ
পাইছিল (টাইমছ অৱ ইণ্ডিয়া, ৩০ মে’ ২০১৫)
।
প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে কিছুমান
পৰিৱেশবিদে সমূহ ব্যৱস্থাপনা পদ্ধতিক (Community
Management System) বিকল্প প্ৰতিষ্ঠানিক
পদ্ধতি হিচাপে পৰামৰ্শ আগবঢ়ায় । অঞ্চল এটাত বসবাস কৰি থকা লোকসকলৰ মাজত শক্তিশালী সামাজিক
মূলধন গঢ়ি উঠে । তেওঁলোকে তেওঁলোকৰ স্থানীয় জ্ঞান, দক্ষতা আৰু
সম্পদৰ ভিত্তিত দুৰ্যোগ ব্যৱস্থাপনাৰ উপায় আৰু কৌশল নিৰ্ধাৰণ কৰে । স্থানীয় জ্ঞান
আৰু দক্ষতাই তেওঁলোকক সঘনাই ঘটা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে খাপ খোৱাত সহায় কৰে । উদাহৰণস্বৰূপে,
অসমৰ সৰহসংখ্যক মিছিং সম্প্ৰদায়ৰ লোকে নৈৰ পাৰত বসবাস কৰে । প্ৰতিবছৰে তেওঁলোকে বানপানী
সমস্যাৰ সন্মুখীন হয় । কিন্তু তেওঁলোকে নিজৰ স্থানীয় জ্ঞান আৰু দক্ষতাৰ ভিত্তিত সেই
সমস্যাৰ সৈতে খাপ খাবলৈ শিকিছে । গতিকে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সংশ্লিষ্ট
অঞ্চলটোৰ স্থানীয় লোকসকলক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুমতি
প্ৰদান কৰিলে সমূহ ব্যৱস্থাপনা পদ্ধতিত গণতন্ত্ৰৰ পৰিসৰ বৃদ্ধি পাব পাৰে ।
দুৰ্যোগৰ ব্যৱস্থাপনাৰ এই ব্যৱস্থাটো দোষমুক্ত নহয় । কোনো
এটা অঞ্চলৰ সমূহ এটাৰ সদস্যসকলৰ মাজত ক্ষমতা স্তৰীকৰণ (hierarchal power)
ব্যৱস্থা থাকিলে এই পদ্ধতি
বিফল হয় । ৰাজনৈতিক ক্ষমতা, আত্মীয়তাবাদ,
ধৰ্মীয় পক্ষপাতিত্ব আৰু স্থানীয় অভিজাত শ্ৰেণীৰ পাৰ্থক্যৰ অৱস্থিতিয়ে
সংশ্লিষ্ট সমূহটোৰ কোনো এটা বিশেষ সম্প্ৰদায়
প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । নিজ নিজ সম্প্ৰদায়ৰ অভিজাত শ্ৰেণী বা ৰাজনৈতিকভাৱে
শক্তিশালী ব্যক্তিৰ মাজত থকা শক্তিশালী সংযোগে ধন আৰু ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ
সম্ভাৱনা বৃদ্ধি কৰে । ধৰ্মীয়, সামাজিক,
ৰাজনৈতিক পাৰ্থক্য থকা সমূহৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা কৰাৰ
আগতে সংশ্লিষ্ট অঞ্চলটোৰ সমূহটোৰ ব্যৱস্থাপনা কৰাহে বেছি জুৰুৰী হৈ পৰিব পাৰে ।
কিছুমান পৰিৱেশবিদে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব
তৃতীয় পক্ষক (বেচৰকাৰী সংস্থা, আঞ্চলিক,
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা আদি) দিয়াৰ পোষকতা কৰে । তৃতীয় পক্ষই নিৰপেক্ষতা বজাই ৰাখে বুলি ধৰি লোৱা
হয় । চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা, পথ, দলং নিৰ্মাণ আদি বেছিভাগ চৰকাৰী কাম
তৃতীয় পক্ষই ফলপ্ৰসূভাবে সম্পাদন কৰা দেখা যায় । সমূহ ব্যৱস্থাপনা পদ্ধতিৰ তুলনাত
তৃতীয় পক্ষৰ সংস্থাসমূহত ক্ষমতাৰ স্তৰীকৰণ সম্পৰ্কীয় সমস্যা কম হয় । তদুপৰি,
ৰাষ্ট্ৰ ব্যৱস্থাৰ তুলনাত তৃতীয় পক্ষৰ কামকাজত আমোলাতান্ত্ৰিক নিয়মৰ ফলত দুৰ্যোগ
ব্যৱস্থাপনা পলমকৈ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম । কিন্তু, এই পদ্ধতিও সীমাবদ্ধতাৰ বাহিৰত নহয় ।
সংস্থাসমূহে প্ৰথমে নিজৰ লাভৰ ওপৰত গুৰুত্ব দিলে এই পদ্ধতি ক্ষতিকাৰক হৈ পৰে । কোনো
এখন দেশৰ সকলো অঞ্চলতে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত তৃতীয় পক্ষ জড়িত হ’বলৈ
আগ্ৰহী বুলি দাবী কৰিব নোৱাৰি । ভৌগোলিক কাৰকে তৃতীয় পক্ষৰ স্বাৰ্থত প্ৰভাৱ পেলাব
পাৰে । তেওঁলোকে এনে অঞ্চলসমূহক সামৰি ল'বলৈ আগ্ৰহী হ'ব পাৰে যিবোৰ অঞ্চল তুলনামূলকভাৱে কম বিপজ্জনক,
কম খৰচী আৰু ব্যৱস্থাপনা সহজ । পুঁজিৰ বাবে সংস্থাসমূহে চৰকাৰী পুঁজিকে
ধৰি বিভিন্ন উৎসৰ ওপৰত নিৰ্ভৰশীল । এই উৎসবোৰৰ পৰা পাবলগীয়া ধন পলম হ’লে দুৰ্যোগ
ব্যৱস্থাপনাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । তদুপৰি, সংস্থাবোৰৰ কৰ্মীসকলৰ সঠিক প্ৰশিক্ষণৰ অভাৱে
ভুক্তভোগীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে ।
প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠানিক পদ্ধতিৰেই কিছুমান ইতিবাচক আৰু নেতিবাচক দিশ আছে । গতিকে, দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা এইবোৰৰ কেৱল এটা পদ্ধতিৰ ওপৰত এৰি দিয়া উচিত নহয় । দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে আটাইবোৰ পদ্ধতিকে জড়িত কৰি সমন্বয় আৰু সহযোগিতা বজাই ৰখা অতি প্ৰয়োজন ।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ জুন ২০২৪, পৃষ্ঠা: ৭]