Sunday, 15 October 2017

সাঁউৰি

 ‘সাঁউৰি’ সম্পৰ্কে ‘আমাৰ অসম’ত ১৬ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত প্ৰকাশিত ক্ৰমে ৰীতা গোস্বামী আৰু ৰমণী কান্ত ডেকাৰ লেখা দুটা পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। মানুহ এঘৰৰ ভূঁই ৰোৱা, ধান কটা আদি কাম গাঁৱৰ কেইজনমান মানুহে লগ লাগি সমাপন কৰা আৰু তাৰ পাছত গৃহস্থই যোগান ধৰা অনুসৰি একেলগে খোৱা-বোৱা কৰা কাৰ্যক দুয়োগৰাকী লেখকে ‘সাঁউৰি’ বুলি কৈছে। মানুহ এঘৰৰ আমন্ত্ৰণক্ৰমে তেওঁলোকৰ কোনো এটা কাম গাঁৱৰ কেইজনমান মানুহে একেলগে সমাপন কৰা কাৰ্যই ‘সাঁউৰি’ যদিও কাম আৰু স্থান অনুসৰি ভিন ভিন নামেৰে জনা যায়। যেনে-পূৱ গোৱালপাৰা অঞ্চলত ‘সাঁউৰি’ৰ দৰে ভূঁই ৰোৱা আৰু ধান কটা কাৰ্য কৰা হয় যদিও ইয়াক ‘সাঁউৰি’ বুলি কোৱা নহয়। তদুপৰি, মানুহ এঘৰৰ বছৰটোৰ শালি খেতিৰ প্ৰথম আৰু শেষৰ দিনটোত ভূঁই ৰোৱা কাৰ্যতহে সংশ্লিষ্ট মানুহ ঘৰৰ আমন্ত্ৰণক্ৰমে গাঁৱৰ কেইজনমান মানুহে কামফেৰা সমাপন কৰি দিয়ে। এই দুদিনৰ কাৰ্যক ‘সাঁউৰি’ৰ পৰিবৰ্তে ক্ৰমে ‘গোছা পতা’ আৰু ‘হাল উঠা’ বুলিহে জনা যায়। ‘গোছা পতা’ আৰু ‘হাল উঠা’-এই দুদিনত ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব নালাগে। ইয়াৰ পৰিবৰ্তে গৃহস্থই উভৈদনী হোৱাকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰে। এই দুদিনৰ বাহিৰে ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব লাগে। খোৱা-বোৱাৰ ব্যৱস্থা উভৈনদী কৰা নহয়। কোৱা বাহুল্য যে বুদ্ধিমান পৰিয়ালে উক্ত দুদিনতে আটাইতকৈ বেছি ‘পেক̢’ (ৰীতা গোস্বামীয়ে ব্যৱহাৰ কৰা শব্দটো এই অঞ্চলতো চলে) দিয়ে। সাধাৰণতে ধান কাটিবৰ বাবে গৃহস্থই ‘সাঁউৰি’ৰ বাবে গাঁৱৰ মানুহক আমন্ত্ৰণ নকৰে। গাঁৱৰ দুই-তিনিঘৰৰ বাহিৰে সকলোৰে ধান কটা শেষ হৈ গ’ল-এনে পৰিস্থিতিত ধান কাটিবলৈ থকা মানুহঘৰৰ পথাৰলৈ, গাঁৱৰ কিছুমান মানুহে সংশ্লিষ্ট মানুহঘৰৰ বিনা আমন্ত্ৰণতে ধান কাটিবলৈ যায়। কেতিয়াবা এইটোও ঘটে যে সংশ্লিষ্ট মানুহঘৰৰ মানুহ পথাৰত নমাৰ আগতে গাঁৱৰ কিছুমান মানুহ ধান কাটিয়ে আছে। তেওঁলোকে একেদিনাই ধানৰ মুঠিখিনি মানুহঘৰৰ ঘৰলৈও আনি দিয়ে। এই পৰিস্থিতিত সংশ্লিষ্ট মানুহঘৰে ধান কাটিবলৈ যোৱা মানুহ কেইজনক খোৱা-বোৱাৰ ব্যৱস্থা কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে। মানুহঘৰে এনে ব্যৱস্থা কৰিবলৈ পালে ভালহে পায় (ব্যতিক্ৰমক বাদ দি)। এই কাৰ্যক ‘লাগি দিয়া’ বুলি কোৱা হয়। আচলতে, গাঁৱৰ সকলোৰে ধান কটা হোৱাৰ পাছত যি কেইঘৰৰ থাকি যায়, তেওঁলোকে ধৰিয়ে লয় যে গাঁৱৰ কেইজনমান মানুহ ‘লাগি দিব’লৈ আহিব। ঘৰ এটা ভঙা বা এটা নতুন ঘৰ বন্ধা (পকা ঘৰ নহয়), বাৰীখনৰ জেওৰা দিয়া আদি কামত এঘৰ মানুহে গাঁৱৰ কেইজনমান মানুহক মাতি সমাপন কৰোৱা (নিজেও কৰে) কাৰ্যকহে এই অঞ্চলত ‘সাঁউৰি’ বুলি কোৱা হয়।
     ‘সাঁউৰি’, ‘গোছা পতা’, ‘হাল উঠা’, বা ‘লাগি দিয়া’ যি নামেৰেই জনা নাযাওক কিয়-এইবোৰ কাৰ্যই গাঁৱৰ মানুহৰ মাজত থকা শক্তিশালী সামাজিক মূলধনৰ ইংগিত দিয়ে। কিন্তু বিভিন্ন কাৰণত এই সামাজিক মূলধন দুৰ্বল হ’বলৈ ধৰিছে। কিছুমান অঞ্চলত এই ব্যৱস্থা একেবাৰে নোহোৱা হৈ গ’ল। আচলতে, গাঁৱৰ মানুহেও ‘সামূহিকবাদ (Collectivism) এৰি ‘ব্যক্তিবাদ (Individualism)’ ৰ পিনে ঢাল খাবলৈ ধৰিছে। ভালে হৈছে নে বেয়া হৈছে-সেয়া আন এক বিষয়।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ অক্টোবৰ ২০১৭, পৃষ্ঠা: ১০]