Monday, 2 September 2024

থলুৱাৰ ভূমিৰ নিৰাপত্তা (Land Security of Local)

             শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াইছে যে অসমত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সাংগঠনিক ধৰ্মৰ পাৰ্থক্য থাকিলে (বিশেষকৈ হিন্দু আৰু মুছলমান)  জিলা আয়ুক্তৰ অনুমতিয়ে যথেষ্ট নহ’ব । এই ক্ষেত্ৰত জিলাতকৈ ওপৰৰ কৰ্তৃপক্ষৰ অনুমতি লাগিব । মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিছুদিন পিছত শিৱসাগৰ জিলাত কেইটামান জাতীয় সংগঠনে অসমৰ বাহিৰৰ লোকে ৰাজ্যখনৰ থলুৱা লোকৰ ভূমি কিনাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ তৎপৰ হোৱা দেখা গৈছে । ভূমিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনে এনেধৰণৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়ি অহাৰ কাৰণ হ’ল-অসমৰ থলুৱা লোকসকলে ভূমিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ।  

অসমৰ থলুৱা লোকসকলে অতীতৰ পৰাই ভূমিৰ নিৰাপত্তা হেৰুৱাই আহিছে ।  ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দবস্তিৰ ব্যৱস্থা অনুসৰি ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ স্থায়ী প্ৰক্ৰিয়া হিচাপে পট্টাৰ ব্যৱস্থা কৰি বংশানুক্ৰমে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা হৈছিল । ইচ্ছা কৰিলে পট্টাদাৰে নিজৰ ভূমি বিক্ৰী বা হস্তান্তৰ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল । এই নতুন ব্যৱস্থাটোৱে সেই সময়ৰ সামন্ত প্ৰভুসকলক আগতকৈ বেছি ক্ষমতা প্ৰদান কৰিছিল । মোগলৰ দিনত ৰায়তৰ দখলী ভূমিৰ শস্যৰ ওপৰত সামন্ত প্ৰভুসকলৰ সীমিত স্বত্ব থাকিলও খাজনা দিব নোৱাৰিলে সংশ্লিষ্ট ৰায়তৰ অস্থাৱৰ সম্পত্তি ক্ৰোক কৰাৰ বা বিশেষ ক্ষেত্ৰত তেওঁক বা তেওঁৰ পৰিবাৰ পৰিজনক গোলাম হিচাপে বিক্ৰী কৰাৰ কথা ভবা হৈছিল । কিন্তু, ভূমিৰ ওপৰত হাত দিয়া নাছিল । তদুপৰি, নতুনকৈ ভঙা ভূমিৰ প্ৰথম তিনি বছৰমান জমিদাৰে খাজনা নোলোৱাৰ ব্যৱস্থা নাছিল আৰু ৰজাৰ সন্মতি অবিহনে সামন্ত প্ৰভুসকলে খাজনাৰ পৰিমাণ বৃদ্ধি কৰিব নোৱাৰিছিল । প্ৰথম তিনি বছৰমান খাজনা দিব নালাগিছিল বাবে তিনি বছৰৰ পিছত ৰায়তসকলে কৃষিভূমি সলনি কৰিছিল ।  চিৰস্থায়ী বন্দবস্তৰ পিছত সামন্ত প্ৰভু আৰু ৰায়তৰ মাজত থকা এনেধৰণৰ সম্পৰ্ক সলনি হৈছিল ।  ৰায়তক চিৰাচিৰত ভোগদখলী স্বত্বক আইনগত স্বীকৃতি দিয়া নহৈছিল । খেতিয়কে কৃষি ভূমি সলনি কৰি থকা স্বাধীনতাক অবৈধ হিচাপে গণ্য কৰা হৈছিল । ব্ৰিটিছ চৰকাৰৰ প্ৰিয়পাত্ৰ হোৱাৰ উদ্দেশ্যে সামন্ত প্ৰভুসকলে ৰায়তৰ পৰা অধিক খাজনা সংগ্ৰহ কৰি চৰকাৰৰ ৰাজহ বৃদ্ধিত সহায় কৰিছিল । যিসকল ৰায়তে সামন্ত প্ৰভুক অধিক খাজনা দিয়াৰ ক্ষেত্ৰত আপত্তি নকৰি একেস্থানতে থাকি খেতি কৰিছিল, সামন্ত প্ৰভুসকলে  তেওঁলোকক অধিক ভূমি দিবলৈ আগ্ৰহ কৰিছিল । অসমৰ থলুৱা লোকসকলে সামন্ত প্ৰভুসকলক অধিক খাজনা দিবলৈ আগ্ৰহ নকৰাৰ বাবে সামন্ত প্ৰভুসকলে আন ৰাজ্যৰ পৰা মানুহ আনি সাৰুৱা ভূমিবিলাক তেওঁলোকক বেছিকৈ দিছিল । ফলত থলুৱা লোকসকলে সেই সাৰুৱা ভূমিবিলাকৰ পৰা স্থানান্তৰিত হৈ পাহাৰীয়া অঞ্চল বা তুলনামূলকভাবে কম সাৰুৱা ভূমি থকা অঞ্চললৈ গুচি যাবলৈ বাধ্য হৈছিল । একেসময়তে নগদ ধনৰ বিনিময়ত বজাৰত লেনদেন ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছিল । বাহিৰৰ পৰা অহা কৃষকসকলে পৰম্পৰাগত খাদ্য শস্যৰ উপৰি নগদ ধনৰ সৈতে জড়িত শস্য উৎপাদন কৰিছিল ।  নগদ ধনৰ প্ৰয়োজনৰ বাবে থলুৱা লোকসকলে নিজৰ ভূমিবিলাক বিক্ৰী কৰিবলৈ বাধ্য হৈছিল । তদুপৰি, ইংৰাজ চৰকাৰে চাহৰ যোগেদি আয় বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যখনৰ তুলনামূলকভাবে ভাল ভূমিবিলাক চাহপাত উৎপাদনকাৰী ব্যৱসায়ীসকলক দিছিল । চাহ শিপ্পৰ নামত সামান্য ধনৰ বিনিময়ত হাজাৰ হাজাৰ একৰ ভূমি বিনা খাজনাত চাহ মালিকৰ ভূমি হিচাপে মঞ্জুৰ কৰা হৈছিল । সেই ভূমিৰ আধাতকৈ কম অংশত চাহ খেতি কৰা হৈছিল । বাকীখিনি চাহখেতিৰ নামত দিয়া ভূমিত নিজে ওপজা বনজ সম্পদবোৰ চাহ মালিকসকলৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছিল । আনফালে, ভূমিৰ নামজাৰী আদিকে ধৰি ভূমি সম্পৰ্কীয় কামকাজত চলা দুৰ্নীতি আদিৰ পৰা আঁতৰত থাকিব খোজা থলুৱা লোকসকলে পট্টাহীনভাবে ভূমি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল । চৰকাৰে পট্টাহীন ভূমি যিকোনো সময়তে অধিগ্ৰহণ কৰিব পাৰিছিল ।

এনেকুৱা নহয় যে ব্ৰিটিছ চৰকাৰে থলুৱা লোকসকলৰ, বিশেষকৈ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চেষ্টা কৰা নাই । ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ১৮৮৬ চনৰ Assam Land and Revenue Regulation দলিলখনৰ দহ নম্বৰ অধ্যায় যোগে অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জনজাতীয় মণ্ডল আৰু জনজাতীয় খণ্ড ব্যৱস্থা ৰখা হৈছিল । দলিলখনৰ নিয়ম অনুসৰি, জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে ।  কিন্তু, সেই দলিলখনৰেই ১৬০ নম্বৰ ধাৰাৰ দুই নম্বৰ উপধাৰা মতে বান-খহনীয়াৰ বাবে ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ত্ব জিলা উপায়ুক্তক দিয়া হৈছে আৰু সেই অনুসৰি সংস্থাপনো দিছিল ।  জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে যদিও জনজাতীয় লোকে নিজৰ নামত থকা ভূমি ব্যৱহাৰৰ বাবে বহু বছৰৰ বাবে লীজত দিব পাৰে । বহুবছৰ লীজত দিয়াৰ পিছত লীজ নৱীকৰণ কৰি অজনজাতীয় লোকে সেই ভূমি নিৰিবিচ্ছিন্নভাবে ব্যৱহাৰ কৰি থাকে । ধনৰ বিনিময়ত দীৰ্ঘদিন ধৰি নিজৰ নামত থকা ভূমি আনক ব্যৱহাৰ কৰিবলৈ দিয়া আৰু বিক্ৰী কৰাৰ মাজত বেছি পাৰ্থক্য নাথাকে ।

স্বাধীনতাৰ আগেয়ে পূৰ্ববংগৰ পৰা অসমলৈ ঘটা প্ৰব্ৰজনে (১৯১১-১৯৪১) ৰাজ্যখনৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তাৰ ওপৰত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাইছিল । থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত ‘লাইন প্ৰথা’ প্ৰৱৰ্তন কৰি কিছুমান নিৰ্দিষ্ট অঞ্চলতহে প্ৰব্ৰজিত লোকসকলক সংস্থাপিত হ’ব পৰাৰ ব্যৱস্থা কৰি দিছিল । কিন্তু, বাস্তৱ ক্ষেত্ৰত সেই নিৰ্দিষ্ট অঞ্চলৰ উপৰি থলুৱা লোকৰ ভূমি বেদখল কৰি  তেওঁলোকক সংস্থাপিত কৰা হৈছিল ।  ১৯৪৩ চনত ছাদুল্লাৰ চৰকাৰে প্ৰৱৰ্তন কৰা ‘অধিক শস্য উৎপাদন’ নীতি কাৰ্যকৰী কৰাৰ উদ্দেশ্যে  পূৰ্ববংগৰ পৰা অহা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিছিল । থলুৱা লোকসকলকৰ ভূমি  আন লোকে বেদখল কৰা প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে । জনজাতীয় মণ্ডল আৰু খণ্ডৰ চাৰি লাখ বিঘা ভূমি ইতিমধ্যে বেদখল হৈছে বুলি সদৌ অসম জনজাতি সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে প্ৰকাশ কৰিছে ।

নব্য-উদাৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ লগে লগে নতুন নতুন স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ব্যৱসায়িক গোষ্ঠীক প্ৰচুৰ পৰিমাণৰ ভূমিৰ প্ৰয়োজন হয় । নব্য-উদাৰ অৰ্থনীতিত ৰাজনীতিক আৰু ব্যৱসায়িক গোষ্ঠীৰ মাজত এক পাৰস্পৰিক সু-সম্পৰ্ক গঢ়ি উঠে । ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে ব্যৱসায়িক গোষ্ঠীৰ সহযোগ বিচাৰে ।  চৰকাৰ গঠন কৰাৰ পিছত প্ৰতিদান হিচাপে ৰাজনীতিকসকলে ব্যৱসায়িক গোষ্ঠীক আন সা-সুবিধাৰ লগতে প্ৰয়োজন অনুসৰি ভূমি যোগান ধৰিবলগীয়া হয় । ‘ভাৰতৰ মূল ভূখণ্ড’ত ব্যৱসায়িক গোষ্ঠীৰ বাবে সুবিধাজনক ভূমিৰ (যেনে-তুলনামূলকভাবে কম দামৰ) পৰিমাণ হ্ৰাস পাই অহাৰ ফলত তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি অধিকাৰ কৰি লোৱাৰ প্ৰৱণতা দেখা গৈছে । কোনো সন্দেহ নাই যে ব্যৱসায়িক ক্ষেত্ৰত অতীতৰে পৰা অসমত বহিৰাগত লোকৰে প্ৰভুত্ব চলি আছে ।  গতিকে, অসমৰ ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে বহিৰাগত ব্যৱসায়িক গোষ্ঠীৰ লগতে সু-সম্পৰ্ক ৰাখিবলৈ বাধ্য হৈ পৰে । যোৱা কেইবছৰমান ধৰি বিভিন্ন কাৰণত ৰাজ্যখনৰ থলুৱা লোকসকলৰ বৃহৎ পৰিমাণৰ কৃষিভূমি ছন পৰি থকা বৰ্তমান এটা সাধাৰণ দৃশ্য হৈ পৰিছে । কেইবছৰমান পিছত এই ছন পৰা ভূমিবিলাক বিক্ৰী কৰাৰ মানসিকতা নাহিব বুলি ক’ব নোৱাৰি । বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে সেই ভূমিবিলাক কিনিলে এটা সময়ত থলুৱা কৃষকসকল কৃষি ভূমিহীন হৈ পৰিব ।  ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিবিলাক তেওঁলোকৰ হাতলৈ গৈছেই ।

অসমৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনবোৰে দেখুওৱা  তৎপৰতা নিশ্চিতভাবে শলাগীবলগীয়া ।  ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কেৱল ধৰ্মৰ পাৰ্থক্যৰ ভিত্তিতহে কঠোৰ হ’লেই থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত সম্ভৱ নহ’ব । জাতীয় সংগঠনবোৰে দাবী কৰাৰ দৰে বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে যাতে অসমৰ থলুৱা লোকসকলৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, সেই ক্ষেত্ৰতো সমানে কঠোৰ হোৱাৰ প্ৰয়োজন আছে । একেসময়তে থলুৱা লোকসকলে অধিক দামৰ লালসাত তেওঁলোকৰ ভূমি  বিক্ৰী কৰাৰ মানসিকতা ত্যাগ কৰিব পাৰিব লাগিব ।  

  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ছেপ্টেম্বৰ ২০২৪]