‘আমাৰ অসম’ত ৫ ডিচেম্বৰত প্ৰকাশিত ‘বিশ্বাস আৰু অবিশ্বাস’ শীৰ্ষক সম্পাদকীয়টোৰ আঁত ধৰি কিছু মতামত আগবঢ়াব বিচাৰিছোঁ । ঐশ্বৰিক সৰ্বশক্তিমানৰ প্ৰসংগ আনি সম্পাদকীয়টোত কোৱা হৈছে যে আস্থা, অনাস্থা, ব্যৱসায়, মানসিক প্ৰয়োজনীয়তা এইবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে আৰু এই সম্পৰ্ক খুবেই জটিল । বাক্যটোত উল্লিখিত শব্দবোৰৰ সৈতে ‘ব্যবসায়’ শব্দটোকো সামৰি লোৱাৰ বাবেহে সম্পৰ্কটোক জটিল হৈছে । ঈশ্বৰ বিশ্বাস একান্ত ব্যক্তিগত বিষয় । জটিল পৰিস্থিতিৰ সম্মুখিন হ’লে ঈশ্বৰৰ ওপৰত আস্থা ৰাখিব নে নাৰাখে বা সেই সময়ত ঈশ্বৰ বিশ্বাসে মানসিক প্ৰয়োজন পূৰণ কৰিব পাৰিব নে নাই, সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে । প্ৰশ্ন হ’ল- জটিল পৰিস্থিতিত ব্যক্তি এজনৰ চিন্তাধাৰা কি হ’ব ? ব্যতিক্ৰমৰ বাহিৰে জটিল পৰিস্থিতিত ভাৰতৰ বেছিভাগ মানুহে ঈশ্বৰৰ ওপৰতে আস্থা ৰাখে । কাৰণ, ঈশ্বৰৰ ওপৰতে সকলো এৰি দিয়া তেনেই সহজ । নিজৰ বা সমাজৰ দোষ বা ভুলৰ বাবে জটিল পৰিস্থিতিৰ সম্মুখিন হ’লেও ঈশ্বৰকে দোষাৰোপ কৰি ঈশ্বৰ বিশ্বাসী মানুহে মুকলি অনুভৱ কৰে । তথাপি, এইধৰণৰ বিশ্বাসত সামান্য গুণগত মানদণ্ড আছে বুলিব পাৰি । সাম্প্ৰতিক সময়ত ঈশ্বৰ সম্পৰ্কীয় কথাবিলাক ইয়াতে সীমাবদ্ধ নহয় । কোনো এজন ব্যক্তিয়ে (সপোনত দেখি বা কল্পনাৰে) নতুন ধৰণে উপাসনা আৰম্ভ কৰিলেই একাংশ লোকে সহযোগ আগবঢ়ায় আৰু বিভিন্ন উপায়ে প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগি যায় । এনেধৰণৰ উপাসনাক সংশ্লিষ্ট ব্যক্তিজন আৰু তেখেক সহযোগ কৰা লোকসকলে আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰে । একে উপাসনাকে মানুহে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণে আহিলা হিচাপে ব্যৱহাৰ কৰে । কোনোবাই যদি জীৱিকা, কোনোবাই মৰ্যাদা আৰু স্বীকৃতি লাভৰ বাবে ব্যৱহাৰ কৰে আৰু আন কোনোবাই ধৰ্ম ৰক্ষা কৰাৰ কথা কয় । গুণগত উপাসনা আৰু আহিলা হিচাপে ব্যৱহাৰ কৰা উপাসনাৰ মাজত তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে ।
Pew Research
Centre ৰ তথ্য অনুসৰি সম্পাদকীয়টোত উল্লেখ
কৰিছে যে ভাৰতৰ ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে । মনকৰিবলগীয়া
যে এই বিশ্বাস একেদিনে গঢ়ি উঠা নাই । অতীতৰে পৰাই ভাৰতৰ মানুহক কোনোবা নহয় কোনোবা
ঐশ্বৰিক শক্তিত বিশ্বাস কৰাৰ পৰিৱেশ গঢ়ি তুলিলৈ চেষ্টা চলাই থকা হৈছে । ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ
ওপৰত প্ৰতিষ্ঠিত । প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি
ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্তক ধৰ্মৰ সৈতে জড়িত
কৰি জনমানসত প্ৰচাৰ কৰিছিল । ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু
অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল । তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ
মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক
কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক পন্থা অৱলম্বন কৰিছিল । শাৰীৰিক
শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি
কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ
কৰিবলৈ সাহস কৰিব পৰা নাছিল । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা
অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল ।
সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু
সাংস্কৃতিক উপাদান হৈ পৰিল । কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা কাৰ্যকলাপ
যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু
প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অসম্ভৱ হৈ পৰে । একে সময়তে ধৰ্মীয় বিশ্বাসৰ গুৰি ধৰোতা চতুৰ লোকসকলে
সেই কাৰ্যকলাপবোৰক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰ সৈতে খাপ খোৱাকৈ সজাই লৈ সেইবোৰৰ
গ্ৰহণযোগ্যতা বৃদ্ধি কৰে ।
মানুহে জীৱনত কি বিচাৰে, সেয়া সম্পূৰ্ণকৈ জনা সম্ভৱ নহয় । কিন্তু, এইটো ঠিক যে সৰহ সংখ্যক মানুহে সুখী জীৱন বিচাৰে । ধৰ্মীয় বিশ্বাসে মানুহক পৰম সুখত ৰাখিব পাৰিলে ধৰ্মীয় আস্থা, অনাস্থা, মানসিক প্ৰয়োজনীয়তা আদিৰ ওপৰত বিশেষ ক’বলগীয়া নাথাকিলেহেঁতেন । চিন্তা কৰিবলগীয়া যে ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক বিপৰীতমুখী । World Happiness Report 2024 অনুসৰি ফিনলেণ্ড হ’ল পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ য’ত ২০.৮ শতাংশ মানুহে কোনো সংগঠিত ধৰ্মক বিশ্বাস নকৰে । একে প্ৰতিবেদন অনুসৰি, সুখৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১২৬ (মুঠ ১৪৬খন দেশৰ ভিতৰত), য’ত ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে ।
শেহতীয়াকৈ ভাৰতত ধৰ্মীয় বিশ্বাসক বৈজ্ঞানিক ৰূপ দিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলোৱাৰ প্ৰৱণতা দেখা গৈছে । ৫ ডিচেম্বৰত প্ৰকাশিত সম্পাদকীয়টোৱে পাকে-প্ৰকাৰে এই প্ৰৱণতাকে সমৰ্থন জনাইছে । সম্পাদকীয়টোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰসংগ আনিছে, কিন্তু জোৰ দিয়া নাই । বৈজ্ঞানিক মানসিকতাৰ ওপৰত যে সম্পাদকীয়টোৱে জোৰ দিয়া নাই সেয়া শেষৰ উক্তিটোত ব্যৱহাৰ কৰা 'হয়তো' শব্দটোৱে স্পষ্ট কৰি দিছে ।
[প্ৰকাশিত,
‘আমাৰ অসম’, ১১ ডিচেম্বৰ ২০২৪, পৃষ্ঠা: ৪]