Thursday, 25 December 2025

অৰ্থনৈতিক কামকাজ আৰু পৰিৱেশবাদ

             ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতি সুস্থিৰ হৈ থাকিলে সংশ্লিষ্ট ৰাষ্ট্ৰখনত অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হয় । কিন্তু, এই পৰিৱেশে কিছুমান শংকাৰ সৃষ্টি কৰে ।  সাধাৰণতে বৃহৎ উদ্যোগ স্থাপনৰ যোগেদি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ পৰিকল্পনা কৰা হয় । উদ্যোগ স্থাপনৰ বাবে বৃহৎ পৰিমাণৰ ভূমিৰ প্ৰয়োজন হয় ।  ভূমিৰ প্ৰয়োজনীয় নথিপত্ৰ নথকাকৈ বসবাস কৰি থকা লোকসকলক স্থানান্তৰ কৰি তেওঁলোকৰ ভূমিতে উদ্যোগ স্থাপন হ’ব বুলি বহুতে শংকাত ভোগে । সংশ্লিষ্ট অঞ্চলটোৰ বনাঞ্চলকে ধৰি পৰিৱেশৰ ওপৰত পৰিবলগীয়া ঋণাত্মক প্ৰভাৱ হ’ল উদ্যোগ স্থাপনৰ সৈতে জড়িত আন এক শংকা । এনেধৰণৰ শংকাৰ বহি:প্ৰকাশ হিচাপে বিভিন্ন সময়ত গণ-আন্দোলনৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হয় ।

অৰ্থনৈতিক উন্নয়ন আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত ওতো:প্ৰতো সম্পৰ্ক আছে ।      এই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীতে পৰিৱেশবাদৰ উত্তৰণ ঘটিছে । মাৰ্টিনেজ-এলিয়েৰ নামৰ গৱেষকজনে তেখেতৰ The Environmentalism of the Poor’ নামৰ গ্ৰন্থখনত তিনি প্ৰকাৰৰ পৰিৱেশবাদৰ বিষয়ে আলোচনা কৰিছে ।  মন কৰিবলগীয়া যে পৰিৱেশবাদৰ প্ৰকাৰবোৰে সংশ্লিষ্ট প্ৰকাৰটোৰ মূল মতবাদক সামৰি পৰিৱেশ সুৰক্ষা আন্দোলনো প্ৰতিনিধিত্ব কৰে । প্ৰথম প্ৰকাৰৰ পৰিৱেশবাদক তেখেতে ‘অৰণ্যৰ সংস্কৃতি’ (The Cult of Wilderness) হিচাপে অভিহিত কৰিছে । এই প্ৰকাৰৰ পৰিৱেশবাদ অৰ্থনৈতিক উন্নয়নৰ পৰিপন্থী নহয় । কিন্তু, অৰ্থনৈতিক উন্নয়নে জৈৱিক সম্প্ৰদায়ৰ অখণ্ডতা, স্থিৰতা আৰু সৌন্দৰ্য ৰক্ষা কৰিব নোৱাৰিলে তেনে উন্নয়নক সঠিক হিচাপে বিবেচনা কৰা নহয় । এই প্ৰকাৰৰ পৰিৱেশবিদসকলে অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ ব্যৱস্থাক পৃথক হোৱাটো বিচাৰে আৰু পৰিৱেশৰ ওপৰত অৰ্থনৈতিক উন্নয়নৰ প্ৰভাৱ যথাসম্ভৱ সীমিত কৰিব বিচাৰে । এই প্ৰকাৰৰ পৰিৱেশবিদসকলে বনাঞ্চলসমূহক কেইবাটাও ভাগত ভাগ কৰাৰ পক্ষপাতি আৰু ইয়াৰে কিছুমান বনাঞ্চলক অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।  বনাঞ্চলসমূহৰ নান্দনিক মূল্য, ধৰ্মীয় বা সাংস্কৃতিক মূল্য বৰ্তাই ৰখা এই প্ৰকাৰৰ পৰিৱেশবাদৰ আন এক উদ্দেশ্য ।  সেয়েহে,  এই প্ৰকাৰৰ পৰিৱেশবাদৰ সৈতে সংগতি ৰাখি দেশবোৰৰ চৰকাৰে বন আইন বা বননীতি প্ৰস্তুত কৰাৰ সময়ত বনাঞ্চলসমূহক কেইবাটাও ভাগত বিভক্ত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । উদাহৰণস্বৰূপে, ‘বন আইন, ১৮৭৮’ অনুসৰি  দেশখনৰ বনাঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল, সুৰক্ষিত বনাঞ্চল আৰু গ্ৰাম্য বনাঞ্চল হিচাপে বিভক্ত কৰা হৈছিল ।  ইয়াৰে প্ৰথম প্ৰকাৰৰ বনাঞ্চলসমূহ সম্পূ্ৰ্ণৰূপে চৰকাৰৰ কৰ্তৃত্ত্বত ৰখা হৈছিল । অৰ্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ পৰা এই প্ৰকাৰৰ বনাঞ্চলসমূহক বাহিৰত ৰখা হৈছিল । পৰিৱেশৰ সুস্থিৰতা বৰ্তাই ৰখাই এই প্ৰকাৰৰ বনাঞ্চলসমূহৰ মূল উদ্দেশ্য আছিল । সঠিকভাবে সীমা নিৰ্ধাৰণ কৰাৰ পিছত সুৰক্ষিত বনাঞ্চলসমূহক ভৱিষ্যতে সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল ।  সুৰক্ষিত বনাঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ জীৱ আছিল বাবে এই প্ৰকাৰৰ বনাঞ্চলৰ ওপৰতো সাধাৰণ লোকৰ অধিকাৰ নাছিল । সেই সময়ত গাঁৱৰ লোকসকলৰ বহুতৰে জীৱিকা বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰিছিল । সেয়েহে, গাঁৱৰ লোকসকলৰ বাবে গ্ৰাম্য বনাঞ্চলৰ ব্যৱস্থা ৰখা হৈছিল । গ্ৰাম্য বনাঞ্চলসমূহ পৰিচালনাৰ কৰ্তৃত্ত্ব গাঁৱৰ লোকসকলৰ ওপৰতে ন্যস্ত কৰা হৈছিল ।

প্ৰথম প্ৰকাৰৰ পৰিৱেশবাদক দ্বিতীয় প্ৰকাৰৰ পৰিৱেশবাদে প্ৰত্যাহ্বান জনায় । মাৰ্টিনেজ-এলিয়েৰে দ্বিতীয় প্ৰকাৰৰ পৰিৱেশবাদক ‘পৰিৱেশ-দক্ষতাৰ শুভবাৰ্তা’ (The Gospel of Eco-efficiency)  হিচাপে অভিহিত কৰিছে ।  এই প্ৰকাৰৰ পৰিৱেশবাদে অৰ্থনৈতিক উন্নয়নৰ সামগ্ৰিক প্ৰভাৱ সম্পৰ্কে চিন্তা কৰে । আন কথাত, আধুনিক উদ্যোগ, কৃষি, নগৰীকৰণ আৰু স্বাস্থ্য সম্পৰ্কীয় উত্তৰণে কেনেদৰে পৰিৱেশৰ ওপৰত ঋনাত্মক প্ৰভাৱ পেলায় সেই সম্পৰ্কে চিন্তা কৰে ।  পৰিৱেশৰ কোনো বিঘিনি নঘটাকৈ যাতে অৰ্থনৈতিক উন্নয়ন চলি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখে ।  আচলতে, এই প্ৰকাৰৰ পৰিৱেশবাদে সম্পদসমূহৰ ‘সৰ্বনিম্ম ব্যৱহাৰ’ বা ‘সঠিক ব্যৱহাৰ’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । এই প্ৰকাৰৰ পৰিৱেশবাদৰ ভিত্তিতে সমগ্ৰ পৃথিৱীতে ‘বহনক্ষম উন্নয়ন’ৰ ধাৰণা গঢ়ি উঠিছে ।  যদিও ‘বহনক্ষম উন্নয়ন’ৰ ধাৰণাটো যোৱা শতিকাৰ শেষৰ দুটা দশকৰ পৰাহে অধিক প্ৰচাৰ লাভ কৰিছে, এই ধাৰণাৰ ভিত্তিত বহু আগতেই ভাৰতবৰ্ষত বননীতি প্ৰস্তুত কৰা হৈছিল । উদাহৰণস্বৰূপে, ‘ৰাষ্ট্ৰীয় বননীতি ১৯৫২’ কোৱা হৈছে যে  দেশখনৰ ভৌগোলিক অঞ্চলৰ এক তৃতীয়াংশ (পাহাৰীয়া আৰু ভৈয়ামত ক্ৰমে ৬০ শতাংশ আৰু ২০ শতাংশ) বনাঞ্চলে আঁৱৰি থকা উচিত । দেশখনৰ এই নীতি বৰ্তমানো অব্যাহত আছে । এই প্ৰসংগত ‘বন (সংৰক্ষণ) সংশোধনী আইন, ২০২৩’ৰ প্ৰস্তাৱনা উল্লেখ কৰিব পাৰি ।

প্ৰথম আৰু দ্বিতীয় প্ৰকাৰৰ পৰিৱেশবাদক আন এবিধ পৰিৱেশবাদে প্ৰত্যাহ্বান জনাইছে, যাক ‘দৰিদ্ৰৰ পৰিৱেশবাদ’(Environmentalism of the Poor) হিচাপে জনা যায় । ইয়াক ‘জীৱিকা পৰিস্থিতিতন্ত্ৰ’ বা ‘উদাৰ পৰিস্থিতিতন্ত্ৰ’ হিচাপেও জনা যায় । মানু্হে ‘অধিক বিচৰা’ৰ কাৰণেই হওক বা জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ কাৰণেই হওক, অৰ্থনৈতিক উন্নয়ন ক্ৰমাগতভাবে সম্প্ৰসাৰণ হৈ থাকে । যাৰ ফলত পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱৰ মাত্ৰাও দ্ৰুত গতিত বৃদ্ধি হৈ থাকে ।  চিন্তাজনক কথাটো হ’ল, উদ্যোগিক দেশবোৰে নিজৰ দেশৰ সম্পদবোৰৰ প্ৰচুৰতা হ্ৰাস পাই অহাৰ ফলত তৃতীয় বিশ্বৰ দেশবোৰৰ পৰা প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ আমদানী কৰিবলৈ আগবাঢ়ি আহে । কেৱল সেয়াই নহয়, পৰিৱেশ সম্পৰ্কে নিজৰ দেশৰ উদ্যোগিক নীতিবোৰ কঠোৰ হোৱাৰ বাবে তেওঁলোকে তুলনামূলকভাবে নমনীয় উদ্যোগিক নীতি প্ৰৱৰ্তন কৰা দুখীয়া দেশবোৰত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী হৈ উঠে (ইয়াক Pollution Haven Hypothesis বুলি জনা যায়) । ইয়াৰ বাবে তেওঁলোকে দুখীয়া দেশবোৰৰ সেই শক্তিবোৰৰ সৈতে বুজাবুজি কৰে, যিবোৰে তুনলামূলকভাবে নমনীয় উদ্যোগিক নীতি প্ৰস্তুত কৰিবলৈ সাজু হৈ থাকে ।  বৃহৎ উদ্যোগবোৰৰ আগমনে সংশ্লিষ্ট দেশখনৰ দুখীয়া লোকসকলে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা অঞ্চলবোৰ অধিগ্ৰহণ কৰাৰ বাধ্যবাধকতা আহি পৰে ।  ফলস্বৰূপে, দুখীয়া লোকসকলৰ সংশ্লিষ্ট অঞ্চলটোৰ সৈতে জড়িত জীৱিকাৰ উপৰি স্থানীয় ইতিহাস, ৰীতি-নীতি আদি প্ৰত্যাহ্বানৰ সম্মুখীন হয় । আন কথাত, উদ্যোগিক বিকাশে কেৱল পৰিৱেশৰ ওপৰতে নহয়, পৰিৱেশৰ সৈতে জড়িত সংশ্লিষ্ট অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ জীৱনৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলায় ।  ‘দৰিদ্ৰৰ পৰিৱেশবাদে’ দৰিদ্ৰ লোকসকলৰ সংশ্লিষ্ট অঞ্চলটোৰ পৰিৱেশৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।  এই প্ৰকাৰৰ পৰিৱেশবাদে সংশ্লিষ্ট অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশক স্থানীয় লোকসকলৰ জীৱিকাৰ নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি বস্তুগত দৃষ্টিকোণেৰে বিশ্লেষণ কৰে । অঞ্চল এটাৰ ওচৰৰ প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে স্থানীয় লোকসকলৰ আন্তৰিক সম্পৰ্ক থাকে । সেয়েহে, বিভিন্ন কাৰণত তেওঁলোকে সংশ্লিষ্ট অঞ্চলটোৰ পৰিৱেশৰ পৰা সম্পদ আহৰণ কৰে যদিও সেইবোৰ নি:শেষ হৈ যোৱাৰ প্ৰতি তেওঁলোকৰ সংশয় থাকে । ভাৰতবৰ্ষৰ কেইখনমান বন আইন আৰু বননীতি প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত এই প্ৰকাৰৰ পৰিৱেশবাদৰ প্ৰভাৱ পৰিছে । স্থানীয় লোকসকলৰ সহযোগেৰে বনাঞ্চলসমূহৰ সুৰক্ষাৰ বাবে ‘ৰাষ্ট্ৰীয় বননীতি, ১৯৮৮’ প্ৰস্তুত কৰি ‘সংযুক্ত বন পৰিচালনা’ (Joint Forest Management)  ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল ।  স্থানীয় দুখীয়া লোকসকলক তেওঁলোকৰ ওচৰৰ বনাঞ্চলৰ ওপৰত অধিকাৰ কটকটীয়া কৰাৰ বাবে ‘বন অধিকাৰ আইন, ২০০৬’ প্ৰৱৰ্তন কৰা হৈছে । সি যি কি নহওক, বনাঞ্চলৰ ওপৰত থকা দুখীয়া লোকসকলৰ  অধিকাৰ ক্ষুন্ন হোৱাৰ উপক্ৰম হ’লেই ‘দৰিদ্ৰৰ পৰিৱেশবাদ’ৰ ভিত্তিত অঞ্চলভেদে আন্দোলনৰ সূত্ৰপাত হয় । ভাৰতৰ ‘চিপকো আন্দোলন’ ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ ।

সম্পদৰ প্ৰতি মানুহৰ আকৰ্ষণ সীমাহীন (পৰিৱেশ ইতিহাসবিদ ৰামচচন্দ্ৰ গুহৰ ভাষাত “দিল মাংগে ম’ৰ”) । প্ৰকৃতাৰ্থত পৰিৱেশ ৰক্ষা কৰিবলৈ হ’লে মানুহে প্ৰয়োজনাধিক উপভোগ পৰিহাৰ কৰাৰ প্ৰয়োজন আছে ।  প্ৰয়োজনাধিক উপভোগে উৎপাদনকাৰীসকলক অধিক উৎপাদন কৰিবৰ বাবে উৎসাহিত কৰে । কাৰণ, অধিক উৎপাদনৰ সৈতে তেওঁলোকৰ অধিক মুনাফা আৰ্জনৰ অভিপ্ৰায় জড়িত থাকে ।

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ ডিচেম্বৰ ২০২৫, পৃষ্ঠা: ৭]

Thursday, 18 December 2025

জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদ (Nationalism and Assamese Nationalism)

             জাতীয়তাবাদ এটা জটিল ধাৰণা । জাতীয়তাবাদৰ স্পষ্ট সংজ্ঞা নিৰূপণ কৰা সহজ নহয় । সমাজবিজ্ঞানীসকলে জাতীয়তাবাদৰ সংজ্ঞা বিভিন্ন ধৰণে দিবলৈ চেষ্টা কৰি আহিছে । জাতীয়তাবাদৰ সংজ্ঞাই সংজ্ঞাটোতকৈ সংজ্ঞা আগবঢ়োৱাসকলৰ চিন্তাধাৰাক অধিক উন্মোচন কৰে । এলি কেডুৰীৰ মতে, “Nationalism is also sometimes described as a new tribalism” (জাতীয়তাবাদক কেতিয়াবা নতুন জনজাতীয়তাবাদ বুলিও বৰ্ণনা কৰা হয়”)  । এই সংজ্ঞাই আন জনগোষ্ঠীৰ লোকৰ প্ৰতি থকা ঘৃণাক বুজায়, য’ত এটা জাতিয়ে বাহিৰৰ মানুহ (Outside people) আৰু তেওঁলোকৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰে ।  আৰ্নেষ্ট গেলনাৰে কৈছে, “Nationalism is an artificial phenomenon” (“জাতীয়তাবাদ এটা কৃত্ৰিম পৰিঘটনা”) ।  আন কথাত, সংশ্লিষ্ট দেশখনৰ বা অঞ্চলটোৰ প্ৰয়োজনৰ ভিত্তিত কৃত্ৰিমভাবে জাতীয়তাবাদ সৃষ্টি কৰি লোৱা হয় ।  এলয়ছিয়াছ কৈছে যে কোনো এটা অঞ্চলৰ জাতীয়তাবাদক বিশেষ জাতীয়তাবাদ হিচাপে অভিহিত কৰাৰ প্ৰয়োজন নাথাকে । অঞ্চল বিশেষে গঢ়ি উঠা জাতীয়তাবাদবোৰক সাৰ্বজনজীনভাবে সৃষ্টি কৰি লোৱা জাতীয়তাবাদৰেই এটা ঘটনা হিচাপে বিবেচনা কৰিব পাৰি ।   কিন্তু, ভাৰতৰ প্ৰেক্ষাপটত এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নহয় ।  ভাৰতত অঞ্চল বা ভাষাৰ ভিত্তিত গঢ়ি উঠা প্ৰতিটো জাতীয়তাবাদেই একো একোটা সুকীয়া জাতীয়তাবাদ  ।

ড° ধ্ৰুৱজ্যোতি বৰাৰ মতে, জাতীয়তাবাদ দুই প্ৰকাৰৰ – (ক) নাগৰিক জাতীয়তাবাদ আৰু (খ) জনগোষ্ঠীয় জাতীয়তাবাদ । তেখেতৰ মতে, নাগৰিক জাতীয়তাবাদ হৈছে বিশুদ্ধ ধ্ৰুপদী আৰু বিশুদ্ধ চৰিত্ৰৰ জাতীয়তাবাদ আৰু ইয়াক বহুতে জনগোষ্ঠীয় জাতীয়তাবাদতকৈ ওপৰৰ বা উন্নত বুলি গণ্য কৰে । ই হ’ল সকলোকে সামৰি ল’ব পৰা এক বহল আদৰ্শ জাতীয়তাবাদ । তেজৰ সম্পর্কৰ দ্বাৰা গঠিত জনসমষ্টি এটাৰ পৰা উদ্ভৱ হোৱা জাতীয়তাবাদ হ’ল নৃগোষ্ঠীয় জাতীয়তাবাদ । তেজৰ সম্পৰ্কৰ উপৰিও উমৈহতীয়া সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা আদিও জনগোষ্ঠীয় জাতীয়তাবাদ গঠনত অৰিহণা যোগায় । ড° বৰাৰ আলোচনাৰ পৰা এইটো স্পষ্ট যে ভাৰতীয় জাতীয়তাবাদ নাগৰিক জাতীয়তাবাদ আৰু বডো, কাৰ্বি, ৰাভা আদি জাতীয়তাবাদবোৰ হৈছে জনগোষ্ঠীয় জাতীয়তাবাদ ।

অসমীয়া জাতীয়তাবাদ কোন প্ৰকাৰৰ জাতীয়তাবাদ ? অসমীয়া জাতীয়তাবাদক নাগৰিক জাতীয়তাবাদ হিচাপে গণ্য কৰিব নোৱাৰি । কাৰণ, অসমৰ নাগৰিক হিচাপে ভাৰতৰ সংবিধানত কোনো ব্যৱস্থা নাই । অসমীয়া জাতীয়তাবাদক জনগোষ্ঠীয় জাতীয়তাবাদ বুলিও গণ্য কৰিব নোৱাৰি । কাৰণ, অসমীয়া জাতীয়তাবাদ জনগোষ্ঠীয় জাতীয়তাবাদৰ দৰে তেজৰ সম্পৰ্কৰ ভিত্তিত গঢ়ি উঠা জাতীয়তাবাদ নহয় । কিন্তু, তেজৰ সম্পর্ক নাথাকিলেও অসমীয়া জাতীয়তাবাদত জনগোষ্ঠীয় জাতীয়তাবাদৰ কিছুমান উপাদান আছে, যেনে- অসমৰ উমৈহতীয়া সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা ইত্যাদি । অসমীয়া জাতীয়তাবাদ জনগোষ্ঠীয় জাতীয়তাবাদ হয় নে নহয় সেয়া নিৰ্ভৰ কৰিব জনগোষ্ঠীয় জাতীয়তাবাদৰ সংজ্ঞাত অন্তৰ্গত উপাদানসমূহ কেনেদৰে লোৱা হয় তাৰ ওপৰত । যদি জনগোষ্ঠীয় জাতীয়তাবাদৰ সংজ্ঞাত উমৈহতীয়া সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা আদিতকৈ তেজৰ সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, তেন্তে অসমীয়া জাতীয়তাবাদ নৃগোষ্ঠীয় জাতীয়তাবাদ নহয় । কিন্তু, যদিহে তেজৰ সম্পৰ্কক কম গুৰুত্ব দিয়া হয় আৰু উপৰোক্ত উপাদানসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, তেন্তে অসমীয়া জাতীয়তাবাদক জনগোষ্ঠীয় জাতীয়তাবাদ হিচাপে গণ্য কৰিব পাৰি ।

প্ৰাক-ব্ৰিটিছ যুগত অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটা নাছিল । হৰেকৃষ্ণ ডেকাই দাবী কৰিছে যে সাম্ৰাজ্যবাদী মোগল সেনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত ৰাজনৈতিক বিশ্বাস হিচাপে জাতীয়তাবাদে জনসাধাৰণৰ ওপৰত সচেতনভাৱে ঠাই লোৱা নাছিল । সেই সময়ত সচেতন স্তৰত মানুহৰ মাজত দেশপ্ৰেমৰ ভাৱ আৰু মাতৃভূমিৰ প্ৰতি এক সামূহিক অনুভূতি গঢ়ি উঠিছিল ।  তদুপৰি, সেই যুঁজবোৰৰ অন্তৰালত ৰজা বা সেনাপ্ৰধানৰ আদেশৰ প্ৰভাৱ অধিক আছিল ।  

অসমীয়া জাতীয়তাবাদ মূলত: ভাষাভিত্তিক । আচলতে, ভাষাৰ ভিত্তিতে অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটিছে বুলি ক’লেও বঢ়াই কোৱা নহয় । কাৰণ যিয়েই নহওক, ব্ৰিটিছে অসমখন দখল কৰাৰ পাছত ১৮৩৬ চনত অসমত ব্ৰিটিছ চৰকাৰে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল ।  ভাষাৰ সুবিধাৰ বাবে অসমৰ জনসাধাৰণতকৈ বাঙালীসকলে চৰকাৰী চাকৰি আৰু অন্যান্য সুবিধাসমূহ অধিক লাভ কৰিছিল । এই ধৰণৰ বৈষম্যমূলক নীতিৰ বাবে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটিছিল । বহলাই কোৱাৰ প্ৰয়োজন নাই যে ভাষাভিত্তিক জাতীয়তাবাদৰ উত্থানত খ্ৰীষ্টান মিছনেৰীসকলৰো অৱদান আছিল ।  অসমীয়া জাতীয়তাবাদৰ সঠিক পদক্ষেপৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ১৮৭৩ চনত তেওঁলোকৰ পূৰ্বৰ সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হৈছিল ।

ভাষাৰ ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদে কেতিয়াও আপোচ কৰা নাই । স্বাধীনতাৰ কেইবছৰমান পিছতে ভাৰতত ভাষাৰ আধাৰত ৰাজ্যৰ পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল । অসমীয়া জাতীয়তাবাদী শিৱিৰে অসমীয়া ভাষাৰ আধাৰত অসম ৰাজ্য গঠন হোৱা বুলি ৰাইজক পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ দাবী জনাইছিল । এই দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে অসমত অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামেৰে এখন বিধেয়ক প্ৰস্তুত কৰিছিল । বাঙালী সম্প্ৰদায় আৰু পাহাৰৰ জনজাতীয় নেতৃত্বৰ (মিকিৰ পাহাৰ স্বায়ত্তশাসিত জিলাৰ বাহিৰে) আপত্তি সত্ত্বেও অসমীয়া জাতীয়তাবাদী শিৱিৰৰ ‘হেঁচাত’ ১৯৬০ চনৰ ১৭ ডিচেম্বৰত ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ খচৰাখনে ৰাজ্যপালৰ অনুমোদন লাভ কৰিছিল  অসমীয়া জাতীয়তাবাদী শিৱিৰে ভাষা আন্দোলনৰ পিছত মাধ্যম আন্দোলন কৰিছিল । মাধ্যম আন্দোলনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে ১৯৭২ চনৰ ১২ জুনত সিদ্ধান্ত লৈছিল যে বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়তে সৰ্বাধিক দহ বছৰৰ বাবে অসমীয়া আৰু বিকল্প মাধ্যম হিচাপে ইংৰাজী কৰা হ’ব বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তত স্বাভাৱিকতে অসমৰ জনজাতি আৰু বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ আপত্তি আছিল ।  কিন্তু, অসমীয়া জাতীয়তাবাদৰ এয়া এক বৃহৎ সাফল্য আছিল ।

১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ অধীনত ব্ৰিটিছে অসমখন দখল কৰাৰ পিছত তেওঁলোকে শাসনৰ সুবিধাৰ বাবে অসমৰ সৰু সৰু ৰাজ্যসমূহক একত্ৰিত কৰিছিল । কিছুমান তথাকথিত ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ লোকে অসমত ব্ৰিটিছ শাসনক আশীৰ্বাদ হিচাপে আদৰণি জনাইছিল১০ । সেয়েহে তেওঁলোক ব্ৰিটিছৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল । ব্ৰিটিছ চৰকাৰৰ সহযোগত ব্ৰিটিছৰ পিছতে তেওঁলোকে অসমত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল । চৰকাৰী চাকৰি আৰু অন্যান্য সুবিধাসমূহ বাঙালী লোকসকলৰ পিছতে ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ লোকসকলৰ মাজতে সীমাবদ্ধ কৰিবলৈ চেষ্টা চলাইছিল । অসমত ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ আধিপত্য বিস্তাৰ কৰিবলৈ হিন্দু ধৰ্ম সম্প্ৰসাৰণৰ নীতিৰ আশ্ৰয় লোৱা হৈছিল । প্ৰায় ১৯২৬ চনৰ পৰা ভাৰতত ব্যাপকৰূপত ‘সংগঠন’ আৰু ‘সংস্কাৰ’ আন্দোলন চলিছিল১১ একেসময়তে মুছলমানসকলে তবলীগি’ আৰু ‘তনজীম’ আন্দোলন আৰম্ভ কৰিছিল ।  অসমতো এই আন্দোলন ব্যাপকৰূপত চলিছিল । আচলতে, এই দুটা ধৰ্মৰ লোকসকলে অসমীয়া জাতীয়তাবাদৰ গুৰিবঠা ধৰিবলৈ চেষ্টা চলাইছিল । মনকৰিবলগীয়া যে ইছলাম ধৰ্মালম্বী লোকসকল এই প্ৰক্ৰিয়াত সফল হ’ব পৰা নাছিল । কিন্তু, ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ লোকসকল সফল হৈছিল ।  গতিকে, সেই সময়ৰ পৰাই অসমীয়া জাতীয়তাবাদে ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ আৱেষ্টনিত সোমাই পৰিছিল ।  

ভাৰতৰ স্বাধীনতাৰ আগৰ আৰু পিছৰ অসমীয়া জাতীয়তাবাদৰ মাজত কিছুমান তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে ।  স্বাধীনতাৰ আগৰ জাতীয়তাবাদ ৰাজনৈতিক ক্ষেত্ৰত সিমান সৰৱ নাছিল, যিমান সৰৱ স্বাধীনোত্তৰ কালত দেখা গৈছে । ব্ৰিটিছ চৰকাৰৰ অনুগত্য হিচাপে অসমীয়া জাতীয়তাবাদে অসমৰ আন দিশত, যেনে-শিক্ষা, সংস্কৃতি আদিৰ উত্তৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল ।  সেই সময়ত চাকৰি আৰু ভূ-সম্পত্তিয়েই আছিল অসমীয়া জাতীয়তাবাদৰ গুৰি ধৰোঁতাসকলৰ উপাৰ্জনৰ মূল পথ । ৰাজনৈতিক বিষয়বোৰত  চৰকাৰৰ বিৰূদ্ধে মাত মাতিলেই উপাৰ্জনৰ পথত বাধা আহি পৰাৰ শংকা আছিল ।  যি দুই-এজনে ব্যৱসায়ত হাত দি অৰ্থনৈতিকভাবে টনকিয়াল হৈ ব্ৰিটিছৰ বিৰূদ্ধে মাত মাতিছিল, তেওঁলোকক চৰকাৰে নি:শেষ কৰিবলৈ নানান কৌশল অৱলম্বন কৰিছিল । এই ক্ষেত্ৰত মণিৰাম দেৱানৰ প্ৰসংগ উল্লেখ কৰিব পাৰি ।  মণিৰাম দেৱানৰ পৰিণতিৰ প্ৰভাৱ আন ব্যৱসায়িকসকলৰ ওপৰতো পৰিছিল । ৰোসেশ্বৰ বৰুৱাৰ দৰে অসমীয়া ব্যৱসায়িয়ে খোলা চাহ বাগিছা ব্ৰিটিছ কোম্পানীক বিক্ৰী কৰি দিছিল । কিন্তু,  তথাপিও ব্যৱসায়ৰ ক্ষেত্ৰত অসমীয়া মানুহে থমকি ৰোৱা নাছিল । ব্ৰিটিছৰ দিনৰ অসমীয়া জাতীয়তাবাদীসকলে বুজিছিল যে অসমীয়া জাতীয়তাবাদ শক্তিশালী কৰিবলৈ হ’লে অৰ্থনৈতিক দিশত টনকিয়াল হ’বই লাগিব । সেই সময়ত অসমীয়া জাতীয়তাবাদৰ গুৰি ধৰোঁতাসকলৰ মাজত প্ৰখ্যাত অসমীয়া ব্যৱসায়িকসকলৰ সক্ৰিয় অংশগ্ৰহণে ইয়াকে প্ৰমাণ কৰে । এই প্ৰসংগত ১৮৮৪ চনত গঠন হোৱা যোৰহাটৰ ‘সাৰ্বজনিক সভা’  উল্লেখযোগ্য১২ । অৱশ্যে, এইটো ক’লে ভুল হ’ব যে স্বাধীনতাৰ আগত ৰাজনৈতিক ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদ একেবাৰে সক্ৰিয় নাছিল । কেৱল সৰ্বভাৰতীয় চিন্তাধাৰাৰ আধাৰতে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া স্বাধীনতা সংগ্ৰামীসকলে আগবাঢ়ি অহা নাছিল । অসমীয়া জাতীয়তাবাদী চিন্তাধাৰাও তেওঁলোকক উদ্বুদ্ধ কৰি তুলিছিল ।  কিন্তু, সেই সময়ৰ পৰিস্থিতি এনেকুৱা আছিল যে দেশৰ অন্য প্ৰান্তৰ সৈতে এক উমৈহতীয়া ভাগ্যৰ সন্ধানত স্বাভাৱিকতে অসমীয়া জাতীয়তাবাদ ভাৰতীয় জাতীয়তাবাদৰ অধীনত গভীৰভাবে সোমাই পৰিছিল১৩ । ভাৰতৰ স্বাধীনতাৰ পিছত অসমীয়া জাতীয়তাবাদে ভাষা-সংস্কৃতিৰ সমান্তৰালকৈ ৰাজনৈতিক দিশতো সক্ৰিয় হৈ পৰিছিল আৰু সেই ধাৰা বৰ্তমানো অব্যাহত আছে । ছয়বছৰীয়া অসম আন্দোলনৰ পিছত অসমত অসমীয়া জাতীয়তাবাদী শিৱিৰে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছে ।  কিন্তু, অসমীয়া জাতীয়তাবাদীসকলৰ মাজতে বিভাজন অহাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদৰ প্ৰভাৱ  ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে ।

অসমীয়া সংস্কৃতি আৰু পৰম্পৰা শুদ্ধ ৰূপত বৰ্তাই ৰাখি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া জাতীয়তাবাদে চেষ্টা চলাই আহিছে ।  অসমীয়া সংস্কৃতিক কোনো অপশক্তিয়ে বিকৃত কৰিবলৈ উদ্যত হ’লেই অসমীয়া জাতীয়তাবাদী শক্তিয়ে গৰজি উঠে । তদুপৰি, অনা-অসমীয়া ব্যৱসায়িক গোষ্ঠীয়ে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনক কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক ক্ষেত্ৰতো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আহিছে, সেয়া অসমীয়া জাতীয়তাবাদী শিৱিৰে ভালদৰে বুজে । কিন্তু, অসমত ব্যৱসায়-বাণিজ্যকে ধৰি অৰ্থনৈতিক ক্ষেত্ৰত নিয়ন্ত্ৰণ বৰ্তাই ৰখাৰ ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদ সুসংহত (Consistent) নহয় । উদাহৰণস্বৰূপে, অসম আন্দোলনৰ পিছত অসমৰ মূল ব্যৱসায়িক স্থানবোৰত অসমীয়া ল’ৰা-ছোৱালীয়ে ব্যৱসায়ত হাত দি স্বাৱলম্বনৰ আদৰ্শ দাঙি ধৰিছিল । কিন্তু, সেই উদ্যম বেছিদিন তিস্তি নাথাকিল । অৱশ্যে, এনেকুৱা নহয় যে অসমীয়া ল’ৰা-ছোৱালীয়ে ব্যৱসায় চলাই থকা নাই ।  কিন্তু, অনা-অসমীয়া ব্যৱসায়ৰ তুলনাত অসমীয়া মানু্হৰ ব্যৱসায়ৰ প্ৰসাৰ আশাব্যঞ্জক নহয় ।  ব্যৱসায়ৰ ক্ষেত্ৰত অনা-অসমীয়া ব্যৱসায়িকসকলৰ মাজত থকা সামাজিক মূলধন (পাৰস্পৰিক বিশ্বাস, যোগাযোগৰ বান্ধন, সামাজিক মানদণ্ড) যিমান শক্তিশালী, অসমীয়া ব্যৱসায়িকসকলৰ মাজত সিমান শক্তিশালী নহয় ।

কাৰণ যিয়েই নহওক, অসমলৈ অবৈধভাবে বিদেশী নাগৰিকৰ প্ৰৱেশ আৰু বহি:ৰাজ্যৰ পৰা ঘটা প্ৰব্ৰজনে অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, সেই ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদ সচেতন হৈ থাকে ।  কিন্তু, অসমীয়া জাতীয়তাবাদৰ আদৰ্শক বিপথে পৰিচালিত কৰি নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চেষ্টা চলোৱা শক্তিৰ অভাৱ নাই ।  সেই শক্তিবোৰে তেওঁলোকৰ উদ্দেশ্যত উপনীত হোৱাত সফলো হৈছে ।  এটা উদাহৰণ দিয়া যাওক । অসম আন্দোলন ধৰ্মৰ ভিত্তিত সূচনা হোৱা নাছিল ।  হিন্দু বা মুছলমান যি ধৰ্মৰেই নহওক, অবৈধভাবে অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক অসমৰ পৰা বহিস্কাৰ কৰিবলৈ আন্দোলনকাৰীসকলে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল ।  তদুপৰি, আন্দোলনটো কেৱল অবৈধ বিদেশী নাগৰিকৰ বিৰূদ্ধে নাছিল । অসমৰ বাহিৰৰ পৰা ঘটা প্ৰব্ৰজনৰ বিৰূদ্ধেও সমানেই আন্দোলন চলিছিল । কিন্তু, ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাৰ একাংশ তথাকথিত নেতা অসমীয়া জাতীয়তাবাদৰ ভিতৰত সোমাইছিল আৰু আন্দোলনৰ সময়ত তেওঁলোকে নিজকে নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল১৪   ইয়াৰ ফলশ্ৰুতিত  তেওঁলোকে আন্দোলনটোক ধৰ্মভিত্তিক কৰি পেলাইছিল । তেওঁলোকে ধৰ্মভিত্তিক বাগধাৰাটোক ইমান শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল যে বহি:ৰাজ্যৰ পৰা ঘটা প্ৰব্ৰজনৰ প্ৰসংগটো তল পৰিছিল ।

অসমীয়া জাতীয়তাবাদৰ কিছুমান সিদ্ধান্তৰ ফলত অসমৰ আন জনগোষ্ঠীৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিছে । বিশেষকৈ ভাষাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই অসমত বসবাস কৰা বাঙালী সম্প্ৰদায় আৰু জনজাতিসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।  ইতিমধ্যে ওপৰত ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’খন গ্ৰহণৰ সময়ত বাঙালী আৰু পাহাৰীয়া জনজাতিসকলে প্ৰতিবাদ কৰাৰ প্ৰসংগ উল্লেখ কৰা হৈছে ।  মাধ্যম আন্দোলনে অসমৰ জনাজতিসকলক বাৰুকৈয়ে আঘাত দিছিল । যাৰ ফলত, ৰাভা আৰু দেউৰী জনজাতিৰ বাহিৰে জনজাতিসকলে তেওঁলোকৰ ভাষাৰ বাবে অসমীয়া লিপিৰ পৰিৱৰ্তে আন লিপি গ্ৰহণ কৰিছিল । জনজাতিসকলৰ প্ৰতিবাদ কেৱল ভাষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয় । অসমীয়া জাতীয়তাবাদ ব্ৰাক্ষ্মণ্যবাদী চিন্তাধাৰাৰ আৱেষ্টিত সোমাই পৰাৰ পিছত জনজাতিসকলক এলাগী কৰি আহিছে বুলি জনজাতীয় নেতৃত্বই অভিযোগ কৰি আহিছে । এই অভিযোগৰ যুক্তিযুক্ততাও আছে ।  ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত অসমীয়া জাতীয়তাবাদী নেতৃত্বই কিছুমান জনজাতি বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছিল ।  উদাহৰণস্বৰূপে, ১৯৭৯ চনত অসম আন্দোলনৰ আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ এটা বৃহৎ প্ৰতিনিধি দলে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ ওচৰত এখন বাইশ দফীয়া স্মাৰক পত্ৰ দাখিল কৰিছিল । প্ৰথম দাবী আছিল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলে লাভ কৰা বিশেষ সুবিধাসমূহ বন্ধ কৰা১৫ । এনেধৰণৰ ঘটনাই প্ৰমাণ কৰে যে ভাৰতৰ স্বাধীনতাৰ পাছতো মানসিকভাৱে অসমীয়া জাতীয়তাবাদীসকলে জনজাতীয় লোকৰ পৰা ‘দূৰত্ব’ বজাই ৰাখিছিল । ফলস্বৰূপে, অসমীয়া জাতীয়তাবাদৰ জনজাতি বিৰোধী কাৰ্যকলাপৰ প্ৰতিবাদত জনজাতিসকলে নিজ নিজ জনজাতিৰ সামগ্ৰিক উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ ল’বলৈ বাধ্য হৈছিল ।  জনজাতিসকলে স্বায়ত্তশাসনৰ বাবে জোৰদাৰ আন্দোলন কৰিছিল আৰু তাৰ ফলস্বৰূপে বৰ্তমান অসমৰ কেইবাটাও জনজাতিয়ে স্বায়ত্বশাসন লাভ কৰিবলৈ সক্ষম হৈছে । কোৱা বাহুল্য মাথো যে জনজাতিসকলে স্বায়ত্বশাসন লাভ কৰাৰ পিছত অসমীয়া জাতীয়তাবাদ কিছু হ’লেও দুৰ্বল হৈ পৰিছে । এই দুৰ্বলতাৰ সুযোগ লৈছে কিছুমান সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে, যিয়ে অসমীয়া জাতীয়তাবাদক অধিক দুৰ্বলতাৰ দিশত লৈ গৈ আছে ।

অসমৰ প্ৰাকৃতিক সম্পদ সম্পৰ্কে অসমীয়া জাতীয়তাবাদে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ।  বিশেষকৈ খাৰুৱা তেল খনন কৰি বহি:ৰাজ্যলৈ নিয়াৰ ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদ সচেতন হৈ থাকে আৰু এই ক্ষেত্ৰত আন্দোলনো অব্যাহত ৰাখি আহিছে ।  অসমৰ প্ৰাকৃতিক সম্পদৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহত যাতে নিযুক্তিকে ধৰি সকলো ক্ষেত্ৰতে অসমীয়া মানুহৰ প্ৰভাৱ থাকে, সেই সম্পৰ্কেও অসমীয়া জাতীয়তাবাদে দৃষ্টি ৰাখি আহিছে । 

আগতে উল্লেখ কৰা হৈছে যে অসমীয়া জাতীয়তাবাদ কোনো বিশেষ সাংগঠনিক ধৰ্মৰ ভিত্তিত গঢ়ি উঠা নাছিল । অসমীয়া ভাষা-সংস্কৃতি সন্দৰ্ভত গঢ়ি উঠা অসমীয়া জাতীয়তাবাদে এই ধাৰা বৰ্তাই ৰাখিবলৈ চেষ্টা চলাই আহিছে । ‘ছবছৰীয়া অসম আন্দোলন’ আৰু ‘নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯’ৰ বিৰোধিতা কৰি অসমীয়া জাতীয়তাবাদে সেই ধাৰা অব্যাহত ৰাখি আহিছে । কিন্তু, লাহে লাহে এই ধাৰা বৰ্তাই ৰখাত অসমীয়া জাতীয়তাবাদ বিফল হ’বলৈ ধৰা পৰিলক্ষিত হৈছে । যোৱা কিছু বছৰ ধৰি বিশেষ সাংগঠিক ধৰ্মৰ ভিত্তিত গঢ়ি উঠা সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক চিন্তাধাৰাই অসমীয়া জাতীয়তাবাদৰ বৰঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আহিছে ।  এই শক্তিয়ে এনেধৰণৰ বাগধাৰা সৃষ্টি কৰিবলৈ ধৰিছে যে অসমীয়া জাতীয়তাবাদ কেৱল উজনি অসমৰ কেইখনমান জিলাতে সীমাবদ্ধ ।

ব্ৰিটিছৰ শাসনকালতেই অসমীয়া জাতীয়তাবাদৰ উত্থান ঘটিছিল । অসমীয়া জাতীয়তাবাদ ভাষা-সংস্কৃতি আৰু ৰাজনৈতিক দিশত যিমান সক্ৰিয়, অৰ্থনৈতিক দিশত সিমান সক্ৰিয় নহয় ।  অসমীয়া জাতীয়তাবাদে গ্ৰহণ কৰা কিছুমান সিদ্ধান্তই মাজে সময়ে আন জনগোষ্ঠীক আঘাত কৰি আহিছে আৰু ইয়াৰ ফলস্বৰূপে জনগোষ্ঠীবোৰে অসমীয়া জাতীয়তাবাদৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈ পৰিছে ।  অসমীয়া জাতীয়তাবাদৰ এই প্ৰৱণতাৰ সুযোগ অসমীয়া সমাজ-জীৱনৰ পৰা ‘দূৰৰ’ কিছুমান সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে গ্ৰহণ কৰিছে ।  এই ‘দূৰৰ’ সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিবোৰৰ  আগ্ৰাসনে অসমীয়া জাতীয়তাবাদক অধিক সংকীৰ্ণ কৰি তুলিছে  ।

সূত্ৰ নিৰ্দেশ


Sharma, C. K. (2005). The Indian State and Ethnic Activism in North East India. North East India Studies, p. 31-47.

Kedourie, E. (1960). Nationalism. London: Hutchinson, p. 72.

Habib, I. S. (2017). Indian Nationalism. New Delhi: Aleph Book Company, p. 2.

Gellner, E. (1983). Nations and Nationalism. New York : Cornell University Press, P: 1.

Alyosius, G. (2024). Nationalism without a Nation in India. 34th Impression. New Delhi: Oxford University, p. viii.

বৰা, ধ্ৰুৱজ্যোতি. (২০২২). ইতিহাস চিন্তা . গুৱাহাটী : অসম পাবলিচিং কোম্পানী, পৃষ্ঠা: ১৯৬

Deka, H. (2005). The Assamese Mind: contours of a language. India International Quarterly, Vol. 32, No. 2/3, p. 189-202.

দাস, মুনীন্দ্ৰ. (২০১৪). পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন. গুৱাহাটী: অসম বুক ট্ৰাষ্ট, পৃষ্ঠা: ৪৬।

দাস, মুনীন্দ্ৰ. (২০১৮). বড়োৰ উত্তৰণৰ ইতিহাস: সমস্যা-সংগ্ৰাম-প্ৰাপ্তি. গুৱাহাটী: বনলতা, পৃষ্ঠা: ২২৯ ।

১০মহন্ত, প্ৰফুল্ল. (২০১). অজনজাতি অসমীয়াৰ মাতব্বৰী: ‘বড়োলেণ্ড পৰিহাৰ কৰক’, আমাৰ অসম, ১৭ অক্টোবৰ, পৃষ্ঠা ৪ ।

১১Bhuyan A. C. and Dey, S. (2008). Political History of Assam, Vol. II. Guwahati: Publication Board of Assam, p. 301.

১২মহন্ত, প্ৰফুল্ল. (২০১৫). অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ . গুৱাহাটী : সৃজন প্ৰকাশ, পৃষ্ঠা: ১৮, ১৯

১৩Deka, H. (2005). Ibid.

১৪শেঠী, ৰমেশ আৰু শুভ্ৰাস্থা. (২০১৭). শৰাইঘাটৰ শেষ ৰণ, মূল ইংৰাজী The Last Battle Saraighat ৰ সত্যকাম চৌধুৰীয়ে কৰা অসমীয়া অনুবাদ, অসম পাবলিচিং কোম্পানী, পৃষ্ঠা: ৬৩ ।

১৫বৰবৰা, গোলাপ. (২০০৭). বিদেশী বিতাণ আন্দোলন ব্যৰ্থ হৈছিল কিয় ? এতিয়াও বাস্তৱ সমাধানৰ উপায় কি ?, হীৰেন গোহাঁই আৰু দিলীপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি. গুৱাহাটী : বনলতা, পৃষ্ঠা: ৯৬-১১৯

 [প্ৰকাশিত, 'প্ৰান্তিক', Vol. XLV, No.: 2, 16-31 December 2025, পৃষ্ঠা: ১৮-২০]