ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতি সুস্থিৰ হৈ থাকিলে সংশ্লিষ্ট ৰাষ্ট্ৰখনত অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হয় । কিন্তু, এই পৰিৱেশে কিছুমান শংকাৰ সৃষ্টি কৰে । সাধাৰণতে বৃহৎ উদ্যোগ স্থাপনৰ যোগেদি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ পৰিকল্পনা কৰা হয় । উদ্যোগ স্থাপনৰ বাবে বৃহৎ পৰিমাণৰ ভূমিৰ প্ৰয়োজন হয় । ভূমিৰ প্ৰয়োজনীয় নথিপত্ৰ নথকাকৈ বসবাস কৰি থকা লোকসকলক স্থানান্তৰ কৰি তেওঁলোকৰ ভূমিতে উদ্যোগ স্থাপন হ’ব বুলি বহুতে শংকাত ভোগে । সংশ্লিষ্ট অঞ্চলটোৰ বনাঞ্চলকে ধৰি পৰিৱেশৰ ওপৰত পৰিবলগীয়া ঋণাত্মক প্ৰভাৱ হ’ল উদ্যোগ স্থাপনৰ সৈতে জড়িত আন এক শংকা । এনেধৰণৰ শংকাৰ বহি:প্ৰকাশ হিচাপে বিভিন্ন সময়ত গণ-আন্দোলনৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হয় ।
অৰ্থনৈতিক উন্নয়ন আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত ওতো:প্ৰতো সম্পৰ্ক
আছে । এই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি
সমগ্ৰ পৃথিৱীতে পৰিৱেশবাদৰ উত্তৰণ ঘটিছে । মাৰ্টিনেজ-এলিয়েৰ নামৰ গৱেষকজনে তেখেতৰ
‘The Environmentalism of the Poor’ নামৰ গ্ৰন্থখনত তিনি প্ৰকাৰৰ
পৰিৱেশবাদৰ বিষয়ে আলোচনা কৰিছে । মন
কৰিবলগীয়া যে পৰিৱেশবাদৰ প্ৰকাৰবোৰে সংশ্লিষ্ট প্ৰকাৰটোৰ মূল মতবাদক সামৰি পৰিৱেশ
সুৰক্ষা আন্দোলনো প্ৰতিনিধিত্ব কৰে । প্ৰথম প্ৰকাৰৰ পৰিৱেশবাদক তেখেতে ‘অৰণ্যৰ সংস্কৃতি’
(The
Cult of Wilderness) হিচাপে অভিহিত কৰিছে । এই প্ৰকাৰৰ পৰিৱেশবাদ অৰ্থনৈতিক উন্নয়নৰ পৰিপন্থী নহয়
। কিন্তু, অৰ্থনৈতিক উন্নয়নে জৈৱিক সম্প্ৰদায়ৰ অখণ্ডতা, স্থিৰতা আৰু সৌন্দৰ্য
ৰক্ষা কৰিব নোৱাৰিলে তেনে উন্নয়নক সঠিক হিচাপে বিবেচনা কৰা নহয় । এই প্ৰকাৰৰ
পৰিৱেশবিদসকলে অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ ব্যৱস্থাক পৃথক হোৱাটো বিচাৰে
আৰু পৰিৱেশৰ ওপৰত অৰ্থনৈতিক উন্নয়নৰ প্ৰভাৱ যথাসম্ভৱ সীমিত কৰিব বিচাৰে । এই
প্ৰকাৰৰ পৰিৱেশবিদসকলে বনাঞ্চলসমূহক কেইবাটাও ভাগত ভাগ কৰাৰ পক্ষপাতি আৰু ইয়াৰে
কিছুমান বনাঞ্চলক অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে
নিষেধাজ্ঞা আৰোপৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । বনাঞ্চলসমূহৰ নান্দনিক মূল্য, ধৰ্মীয় বা সাংস্কৃতিক
মূল্য বৰ্তাই ৰখা এই প্ৰকাৰৰ পৰিৱেশবাদৰ আন এক উদ্দেশ্য । সেয়েহে, এই প্ৰকাৰৰ পৰিৱেশবাদৰ সৈতে সংগতি ৰাখি দেশবোৰৰ
চৰকাৰে বন আইন বা বননীতি প্ৰস্তুত কৰাৰ সময়ত বনাঞ্চলসমূহক কেইবাটাও ভাগত বিভক্ত
কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । উদাহৰণস্বৰূপে, ‘বন আইন, ১৮৭৮’ অনুসৰি দেশখনৰ বনাঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল,
সুৰক্ষিত বনাঞ্চল আৰু গ্ৰাম্য বনাঞ্চল হিচাপে বিভক্ত কৰা হৈছিল । ইয়াৰে প্ৰথম প্ৰকাৰৰ বনাঞ্চলসমূহ সম্পূ্ৰ্ণৰূপে
চৰকাৰৰ কৰ্তৃত্ত্বত ৰখা হৈছিল । অৰ্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ পৰা এই প্ৰকাৰৰ
বনাঞ্চলসমূহক বাহিৰত ৰখা হৈছিল । পৰিৱেশৰ সুস্থিৰতা বৰ্তাই ৰখাই এই প্ৰকাৰৰ
বনাঞ্চলসমূহৰ মূল উদ্দেশ্য আছিল । সঠিকভাবে সীমা নিৰ্ধাৰণ কৰাৰ পিছত সুৰক্ষিত
বনাঞ্চলসমূহক ভৱিষ্যতে সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল । সুৰক্ষিত বনাঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ জীৱ আছিল
বাবে এই প্ৰকাৰৰ বনাঞ্চলৰ ওপৰতো সাধাৰণ লোকৰ অধিকাৰ নাছিল । সেই সময়ত গাঁৱৰ
লোকসকলৰ বহুতৰে জীৱিকা বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰিছিল । সেয়েহে, গাঁৱৰ লোকসকলৰ বাবে
গ্ৰাম্য বনাঞ্চলৰ ব্যৱস্থা ৰখা হৈছিল । গ্ৰাম্য বনাঞ্চলসমূহ পৰিচালনাৰ কৰ্তৃত্ত্ব গাঁৱৰ
লোকসকলৰ ওপৰতে ন্যস্ত কৰা হৈছিল ।
প্ৰথম প্ৰকাৰৰ পৰিৱেশবাদক দ্বিতীয় প্ৰকাৰৰ পৰিৱেশবাদে
প্ৰত্যাহ্বান জনায় । মাৰ্টিনেজ-এলিয়েৰে দ্বিতীয় প্ৰকাৰৰ পৰিৱেশবাদক
‘পৰিৱেশ-দক্ষতাৰ শুভবাৰ্তা’ (The
Gospel of Eco-efficiency) হিচাপে অভিহিত কৰিছে । এই প্ৰকাৰৰ পৰিৱেশবাদে অৰ্থনৈতিক উন্নয়নৰ সামগ্ৰিক প্ৰভাৱ সম্পৰ্কে চিন্তা কৰে । আন কথাত, আধুনিক
উদ্যোগ, কৃষি, নগৰীকৰণ আৰু স্বাস্থ্য সম্পৰ্কীয় উত্তৰণে কেনেদৰে পৰিৱেশৰ ওপৰত ঋনাত্মক
প্ৰভাৱ পেলায় সেই সম্পৰ্কে চিন্তা কৰে ।
পৰিৱেশৰ কোনো বিঘিনি নঘটাকৈ যাতে অৰ্থনৈতিক উন্নয়ন চলি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখে । আচলতে, এই প্ৰকাৰৰ পৰিৱেশবাদে সম্পদসমূহৰ
‘সৰ্বনিম্ম ব্যৱহাৰ’ বা ‘সঠিক ব্যৱহাৰ’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । এই প্ৰকাৰৰ পৰিৱেশবাদৰ ভিত্তিতে সমগ্ৰ পৃথিৱীতে ‘বহনক্ষম
উন্নয়ন’ৰ ধাৰণা গঢ়ি উঠিছে । যদিও ‘বহনক্ষম
উন্নয়ন’ৰ ধাৰণাটো যোৱা শতিকাৰ শেষৰ দুটা দশকৰ পৰাহে অধিক প্ৰচাৰ লাভ কৰিছে, এই
ধাৰণাৰ ভিত্তিত বহু আগতেই ভাৰতবৰ্ষত বননীতি প্ৰস্তুত কৰা হৈছিল । উদাহৰণস্বৰূপে,
‘ৰাষ্ট্ৰীয় বননীতি ১৯৫২’ কোৱা হৈছে যে
দেশখনৰ ভৌগোলিক অঞ্চলৰ এক তৃতীয়াংশ (পাহাৰীয়া আৰু ভৈয়ামত ক্ৰমে ৬০ শতাংশ
আৰু ২০ শতাংশ) বনাঞ্চলে আঁৱৰি থকা উচিত । দেশখনৰ এই নীতি বৰ্তমানো অব্যাহত আছে । এই
প্ৰসংগত ‘বন (সংৰক্ষণ) সংশোধনী আইন, ২০২৩’ৰ প্ৰস্তাৱনা উল্লেখ কৰিব পাৰি ।
প্ৰথম আৰু দ্বিতীয় প্ৰকাৰৰ
পৰিৱেশবাদক আন এবিধ পৰিৱেশবাদে প্ৰত্যাহ্বান জনাইছে, যাক ‘দৰিদ্ৰৰ পৰিৱেশবাদ’(Environmentalism
of the Poor) হিচাপে জনা যায় । ইয়াক ‘জীৱিকা পৰিস্থিতিতন্ত্ৰ’ বা ‘উদাৰ পৰিস্থিতিতন্ত্ৰ’
হিচাপেও জনা যায় । মানু্হে ‘অধিক বিচৰা’ৰ কাৰণেই হওক বা জীৱন ধাৰণৰ মানদণ্ড উন্নত
কৰাৰ কাৰণেই হওক, অৰ্থনৈতিক উন্নয়ন ক্ৰমাগতভাবে সম্প্ৰসাৰণ হৈ থাকে । যাৰ ফলত
পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱৰ মাত্ৰাও দ্ৰুত গতিত বৃদ্ধি হৈ থাকে । চিন্তাজনক কথাটো হ’ল, উদ্যোগিক দেশবোৰে নিজৰ
দেশৰ সম্পদবোৰৰ প্ৰচুৰতা হ্ৰাস পাই অহাৰ ফলত তৃতীয় বিশ্বৰ দেশবোৰৰ পৰা প্ৰয়োজনীয়
কেঁচা সামগ্ৰীবোৰ আমদানী কৰিবলৈ আগবাঢ়ি আহে । কেৱল সেয়াই নহয়, পৰিৱেশ সম্পৰ্কে নিজৰ
দেশৰ উদ্যোগিক নীতিবোৰ কঠোৰ হোৱাৰ বাবে তেওঁলোকে তুলনামূলকভাবে নমনীয় উদ্যোগিক
নীতি প্ৰৱৰ্তন কৰা দুখীয়া দেশবোৰত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী হৈ উঠে (ইয়াক Pollution Haven
Hypothesis বুলি জনা যায়) । ইয়াৰ বাবে
তেওঁলোকে দুখীয়া দেশবোৰৰ সেই শক্তিবোৰৰ সৈতে বুজাবুজি কৰে, যিবোৰে তুনলামূলকভাবে
নমনীয় উদ্যোগিক নীতি প্ৰস্তুত কৰিবলৈ সাজু হৈ থাকে । বৃহৎ উদ্যোগবোৰৰ আগমনে সংশ্লিষ্ট দেশখনৰ দুখীয়া
লোকসকলে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা অঞ্চলবোৰ অধিগ্ৰহণ কৰাৰ বাধ্যবাধকতা আহি পৰে ।
ফলস্বৰূপে, দুখীয়া লোকসকলৰ সংশ্লিষ্ট
অঞ্চলটোৰ সৈতে জড়িত জীৱিকাৰ উপৰি স্থানীয় ইতিহাস, ৰীতি-নীতি আদি প্ৰত্যাহ্বানৰ
সম্মুখীন হয় । আন কথাত, উদ্যোগিক বিকাশে কেৱল পৰিৱেশৰ ওপৰতে নহয়, পৰিৱেশৰ সৈতে
জড়িত সংশ্লিষ্ট অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ জীৱনৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলায় । ‘দৰিদ্ৰৰ পৰিৱেশবাদে’ দৰিদ্ৰ লোকসকলৰ সংশ্লিষ্ট
অঞ্চলটোৰ পৰিৱেশৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । এই প্ৰকাৰৰ পৰিৱেশবাদে সংশ্লিষ্ট অঞ্চলটোৰ
প্ৰাকৃতিক পৰিৱেশক স্থানীয় লোকসকলৰ জীৱিকাৰ নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি
বস্তুগত দৃষ্টিকোণেৰে বিশ্লেষণ কৰে । অঞ্চল এটাৰ ওচৰৰ প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে
স্থানীয় লোকসকলৰ আন্তৰিক সম্পৰ্ক থাকে । সেয়েহে, বিভিন্ন কাৰণত তেওঁলোকে সংশ্লিষ্ট
অঞ্চলটোৰ পৰিৱেশৰ পৰা সম্পদ আহৰণ কৰে যদিও সেইবোৰ নি:শেষ হৈ যোৱাৰ প্ৰতি তেওঁলোকৰ
সংশয় থাকে । ভাৰতবৰ্ষৰ কেইখনমান বন আইন আৰু বননীতি প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত এই
প্ৰকাৰৰ পৰিৱেশবাদৰ প্ৰভাৱ পৰিছে । স্থানীয় লোকসকলৰ সহযোগেৰে বনাঞ্চলসমূহৰ সুৰক্ষাৰ
বাবে ‘ৰাষ্ট্ৰীয় বননীতি, ১৯৮৮’ প্ৰস্তুত কৰি ‘সংযুক্ত বন পৰিচালনা’ (Joint Forest
Management) ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল । স্থানীয় দুখীয়া লোকসকলক তেওঁলোকৰ ওচৰৰ বনাঞ্চলৰ
ওপৰত অধিকাৰ কটকটীয়া কৰাৰ বাবে ‘বন অধিকাৰ আইন, ২০০৬’ প্ৰৱৰ্তন কৰা হৈছে । সি যি
কি নহওক, বনাঞ্চলৰ ওপৰত থকা দুখীয়া লোকসকলৰ
অধিকাৰ ক্ষুন্ন হোৱাৰ উপক্ৰম হ’লেই ‘দৰিদ্ৰৰ পৰিৱেশবাদ’ৰ ভিত্তিত অঞ্চলভেদে
আন্দোলনৰ সূত্ৰপাত হয় । ভাৰতৰ ‘চিপকো আন্দোলন’ ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ ।
সম্পদৰ প্ৰতি মানুহৰ আকৰ্ষণ সীমাহীন (পৰিৱেশ ইতিহাসবিদ ৰামচচন্দ্ৰ গুহৰ ভাষাত “দিল মাংগে ম’ৰ”) । প্ৰকৃতাৰ্থত পৰিৱেশ ৰক্ষা কৰিবলৈ হ’লে মানুহে প্ৰয়োজনাধিক উপভোগ পৰিহাৰ কৰাৰ প্ৰয়োজন আছে । প্ৰয়োজনাধিক উপভোগে উৎপাদনকাৰীসকলক অধিক উৎপাদন কৰিবৰ বাবে উৎসাহিত কৰে । কাৰণ, অধিক উৎপাদনৰ সৈতে তেওঁলোকৰ অধিক মুনাফা আৰ্জনৰ অভিপ্ৰায় জড়িত থাকে ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৬ ডিচেম্বৰ ২০২৫, পৃষ্ঠা: ৭]
No comments:
Post a Comment