পৃথিৱীৰ সকলো জনগোষ্ঠীয়ে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিব বিচাৰে । সুকীয়া পৰিচয়ে সংশ্লিষ্ট জনগোষ্ঠীটোত অন্তৰ্ভূক্ত লোকসকলক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তোলে । জনগোষ্ঠী এটাৰ সুকীয় পৰিচয় প্ৰতিষ্ঠা হ’লে কেৱল সংশ্লিষ্ট জনগোষ্ঠীটোৰ লোকসকলহে যে আত্মবিশ্বাসী আৰু শক্তিশালী হৈ উঠে তেনে নহয়, অঞ্চলটোৰ সামগ্ৰিক পৰিচয়য়েই উজ্জ্বল হৈ পৰে । অসমৰ জনজাতিসকলে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই আহিছে । সুকীয়া পৰিচয় সম্পৰ্কীয় বিচাৰ্য বিষয়বোৰে বিভিন্ন সময়ত অসমত আন্ত:জনগোষ্ঠীয় সংঘাতৰ (Inter-ethnic conflict) কাৰক হিচাপে চিহ্নিত হৈ আহিছে । সংঘাতৰ পিছত জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশো সৃষ্টি হৈছে । চিন্তাজনক কথাটো হ’ল- সেই সমন্বয় সুস্থিৰ (Steady) হৈ নাথাকে । আন্ত:জনগোষ্ঠীয় সংঘাত আৰু সমন্বয়ৰ ফলত ৰাজ্যখনৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটি আহিছে । কি পৰিস্থিতিত, অসমৰ জনজাতিসকলৰ পৰিচয়ৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ।
প্ৰশ্ন
হ’ল-অসমৰ জনজাতিসকলৰ আৰম্ভণি পৰিচয় কি আছিল ? এই প্ৰশ্নটোৰ পোনপতীয়া উত্তৰ দিয়া
সহজ নহয় । কিন্তু, এইটো ঠিক যে অসমৰ
জনজাতিসকলে স্বাভাৱিকতে নিজে দিয়া পৰিচয় আৰু আন জনগোষ্ঠীয়ে জনজাতিসকলৰ বাবে গঢ়ি
তোলা পৰিচয়ৰ মাজত পাৰ্থক্য আছে । পাৰ্থক্য নথকা হ’লে ৰাজ্যখনৰ জনজাতিসকলে
আত্মপৰিচয়ৰ বাবে দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই থকাৰ প্ৰয়োজন নাছিল আৰু তাৰ ফলত পৰিচয়ৰ
পৰিৱৰ্তন ঘটাৰো সম্ভাৱনা নাছিল । গতিকে, আন জনগোষ্ঠীয়ে জনজাতিসকলক প্ৰথমতে কেনেধৰণৰ
পৰিচয় দিছিল বা দিবলৈ বিচাৰিছিল, সেয়াই তেওঁলোকৰ আৰম্ভণিৰ পৰিচয় আছিল বুলি ক’ব পৰা
যায় ।
প্ৰাকৃতিক
তথা ভৌগোলিক পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ সুকীয়া সামাজিক, সাংস্কৃতিক তথা
ৰাজনৈতিক পৰিচয় গঢ়ি উঠে । উদাহৰণস্বৰূপে, আফ্ৰিকাৰ কোনোবা এখন দেশৰ জনগোষ্ঠী এটাৰ
সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় অসমৰ জনগোষ্ঠী এটাৰ সৈতে একে নহয় । সংশ্লিষ্ট অঞ্চলটোৰ প্ৰাকৃতিক তথা ভৌগোলিক
পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ যি পৰিচয় গঢ়ি উঠে, তেওঁলোকৰ দৃষ্টিভংগীৰে সেয়াই
সন্মানজনক আৰু গ্ৰহণযোগ্য পৰিচয় । কিন্তু, আন জনগোষ্ঠীয়ে তেওঁলোকৰ সেই পৰিচয়ক
সহজভাবে নলৈ তেওঁলোকৰ দৃষ্টিভংগীৰে সংশ্লিষ্ট জনগোষ্ঠীটোক বেলেগ এটা পৰিচয় দিবলৈ
চেষ্টা কৰে । আন জনগোষ্ঠীৰ পৰিচয় নিৰ্ধাৰণ
কৰাৰ অন্তৰালত সাধাৰণতে তেওঁলোকৰ তুলনাত সংশ্লিষ্ট জনগোষ্ঠীটোক ‘হীন’ বা ‘নীচ’
জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিপ্ৰায় লুকাই থাকে । অসমৰ জনজাতিসকলো এই
অভিপ্ৰায়ৰ চিকাৰ হৈছিল । বৰ্তমানৰ
উত্তৰ-পূৱ ভাৰতৰ জনজাতীয় লোকসকলক মহাভাৰত, পুৰাণ আদি পৌৰাণিক কাহিনীবোৰত দেশখনৰ আন
অঞ্চলৰ জনগোষ্ঠীবোৰৰ তুলনাত ‘নীচ জাতৰ’ জনগোষ্ঠী হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰা
হৈছে । আৰ্যসকলে বৰ্তমানৰ জনজাতিসকলক ‘কিৰাত’ অৰ্থাত, ‘ম্লেছ’ হিচাপে পৰিচয় দিছিল
। তেওঁলোকৰ দৃষ্টিত জনজাতীয় লোকসকল পাহাৰত
থকা খঙাল, জ্ঞান-বুদ্ধি কম থকা ধৰণৰ লোক । ‘পদ্মপুৰাণ’ৰ ‘সৃষ্টি খণ্ডত’ত তেওঁলোকক
বৰ্বৰ, সৰ্বভক্ষণকাৰী, জধামুৰ্খ, গো আৰু ব্ৰাক্ষ্মণ হত্যাকাৰী আৰু কোনো ভাল
ৰীতি-নীতি নথকা লোক বুলি কোৱা হৈছে । মহাভাৰত, ৰামায়ণ, পুৰাণ আদি পৌৰাণিক
কাহিনীবোৰে জনজাতীয় লোকসকলৰ মাজত প্ৰচাৰ লাভ কৰাৰ ফলত তেওঁলোকৰ নেতৃস্থানীয়
লোকসকলে সঁচাকৈয়ে ‘নীচ জাত’ৰ জনগোষ্ঠী হিচাপে ভাবিবলৈ ধৰিলে । ফলসস্বৰূপে,
তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচুৰ্যমণ্ডিত আৰু উজ্জ্বল হোৱাৰ
পিছতো তেওঁলোকে আৰ্য সংস্কৃতি গ্ৰহণ
কৰিবলৈ ধৰিলে । কিন্তু, আৰ্য সংস্কৃতি
গ্ৰহণ কৰিলেও তেওঁলোকে পূৰ্বৰ অনাৰ্য সংস্কৃতি এৰি দিয়া নাছিল বা এৰি দিব পৰা
নাছিল । এক কথাত, আৰ্য আৰু অনাৰ্য
সংস্কৃতিৰ সংমিশ্ৰণেৰে অসমৰ জনজাতিসকলৰ এক নতুন পৰিচয় গঢ়ি উঠিল যাক ‘কৈৰাতজ
সংস্কৃতি’ হিচাপে চিহ্নিত কৰিব পাৰি ।
ব্ৰিটিছ চৰকাৰে অসমত প্ৰৱৰ্তন কৰা আধুনিক শিক্ষা ব্যৱস্থাই জনজাতিসকলকো
সামৰি লৈছিল । আধুনিক শিক্ষাৰ সুবিধা লাভ
কৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা ওলাই অহা শিক্ষিতচামে বুজি উঠিছিল যে নিজকে ‘উচ্চ
জাতৰ’ মানুহ বুলি পৰিচয় দিব বিচৰা অজনজাতীয় লোকসকলে জনজাতীয় লোকসকলক সামাজিক আৰু
সাংস্কৃতিকভাবে ‘হীন জাতৰ’ লোক হিচাপে প্ৰতিষ্ঠা কৰি আহিছে । তদুপৰি, ৰাজনৈতিক আৰু
অৰ্থনৈতিক সুবিধা উপভোগ কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বঞ্চিত কৰি থকা হৈছে । এনেধৰণৰ
বৈষম্যৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে তেওঁলোকে প্ৰথমে নিজ নিজ জনগোষ্ঠীৰ মাজত
একগোট হৈছিল । বিংশ শতিকাৰ দ্বিতীয় দশকত গঠন হোৱা সদৌ অসম কছাৰী সন্মিলনী, মিৰি
সন্মিলনী, লালুং সন্মিলনী আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ । আন কথাত, তেওঁলোকে নিজ নিজ জনগোষ্ঠীৰ পৰিচয়ৰ
স্বীকৃতি লাভৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল । সংগ্ৰামৰ আৰম্ভণিয়ে তেওঁলোকক সুকীয় পৰিচয়
প্ৰতিষ্ঠাৰ এক নতুন দিশৰ সন্ধান দিছিল । আন কথাত, বিংশ শতিকাৰ দ্বিতীয় দশকত জনজাতিসকলৰ পৰিচয় সংগ্ৰামী
সত্তালৈ পৰিৱৰ্তন হৈছিল । সামাজিক আৰু অৰ্থনৈতিক বঞ্চনাৰ পৰা মুক্তি পোৱাৰ
উদ্দেশ্যে নিজ নিজ জনগোষ্ঠীৰ মাজতে একগোট হৈ কৰা সংগ্ৰামৰ ধাৰা বিংশ শতিকাৰ তৃতীয়
দশকলৈকে অব্যাহত আছিল । অৱশ্যে, পৰিস্থিতি
সাপেক্ষে কিছুমান জনজাতিয়ে জনজাতীয় পৰিচয়ৰ উপৰি অসমীয়া হিচাপেও পৰিচয় দিছিল ।
উদাহৰণস্বৰূপে, ১৯২৮ চনত ছাইমন কমিছনক সাক্ষাৎ কৰাৰ সময়ত বড়োসকলে Bodo speaking
Assamese হিচাপে পৰিচয় দিছিল ।
সামাজিক
আৰু অৰ্থনৈতিক বৈষম্যৰ সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা বৈষম্য হ্ৰাস কৰাৰ
উদ্দেশ্যে অসমৰ জনজাতিসকলে একগোট হোৱাৰ আৱশ্যকতা অনুভৱ কৰিছিল । ১৯৩৩ চনত ‘আছাম
বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal League, পিছলৈ ট্ৰাইবেল লীগ হিচাপে
জনপ্ৰিয় হয় ) গঠন কৰি সেই সংগ্ৰামৰ আৰম্ভণি
কৰিছিল । অৰ্থাত, জনজাতিসকলৰ পৰিচয় সামাজিক আৰু অৰ্থনৈতিক দিশৰ উপৰি ৰাজনৈতিক
ক্ষেত্ৰলৈও উত্তৰণ ঘটিছিল । ৰাজনৈতিক পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ
উদ্দেশ্যে ১৯৩৩ চনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা সময়লৈকে (১৯৪৭) জনজাতিসকলে
কেতিয়াবা মুছলিম লীগ আৰু কেতিয়াবা ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন জনাই প্ৰাদেশিক চৰকাৰৰ
অংশীদাৰ হৈছিল । ভাৰতৰ স্বাধীনতাৰ পিছত ট্ৰাইবেল লীগৰ নেতৃত্বই লীগক ভংগ কৰি ভাৰতীয়
জাতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনৈতিক ক্ষেত্ৰত অসমৰ জনজাতিসকলে মূলসূঁতিৰ অসমীয়াৰ
সৈতে একে পৰিচয় দিয়াৰ ইংগিত দিছিল ।
কিন্তু, দেশখনৰ
স্বাধীনতাৰ এটা দশক পাৰ নহওতেই পাহাৰীয়া জনগোষ্ঠীবোৰৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছিল
। উগ্ৰ অসমীয়া জাতীয়তাবাদীয়ে গ্ৰহণ কৰা কিছুমান
সামাজিক আৰু সাংস্কৃতিক কামকাজে পাহাৰীয়া জনজাতীয় লোকসকলক আঘাত কৰিছিল ।
উদাহণস্বৰূপে, অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত
অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন
কৰিছিল । আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে
প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত
কৰিছিল । চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত
আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত
মিলিত হৈছিল, ইয়াক All Parties Hill
Leaders Conference (APHLC) হিচাপে জনা যায় । APHLCএ কংগ্ৰেছৰ
সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল । মিকিৰ (বৰ্তমানৰ কাৰ্বি) পাহাৰ
স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ স্বায়ত্বশাসিত জিলাৰ
জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল । এই
পৰিস্থিতিয়ে পিছলৈ পাহাৰীয়া জনজাতিসকলক সুকীয়া পৰিচয় গঢ়ি তোলাত যথেষ্ঠ সহায় কৰিছিল
। উদাহৰণস্বৰূপে,
১৯৬৩ চনত নাগাসকলে নাগালেণ্ড নামেৰে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ।
নাগাসকলে সুকীয়া ৰাজ্য লাভ কৰাৰ
পিছত ৰাজ্যখনৰ পাহাৰৰ আন জনজাতি, বিশেষকৈ মিজোসকলেও, ৰাজনৈতিক ক্ষেত্ৰত সুকীয়া
পৰিচয় প্ৰতিষ্ঠা কৰাৰ দাবীত তীব্ৰ আন্দোলন কৰিছিল । মিজোসকলৰ এই দাবীৰ প্ৰতিক্ৰিয়া
হিচাপে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে জনাইছিল যে অসমক ফেদাৰেলৰ
ভিত্তিত পুনৰ গঠন কৰা হ’ব । প্ৰধানমন্ত্ৰীৰ
এই ঘোষণাৰ পিছত ৰাজ্যখনৰ ভৈয়ামৰ জনজাতিসকলেও তেওঁলোকৰ ৰাজনৈতিক পৰিচয় শক্তিশালী
কৰাৰ উদ্দেশ্যে সচেতন হৈ পৰিছিল । কংগ্ৰেছৰ নেতাসকলৰ ওপৰত আস্থা ৰাখি ট্ৰাইবেল
লীগক ভংগ কৰি যে ৰাজনৈতিক ভুল কৰিছিল সেয়া ভৈয়ামৰ জনজাতিসকলে অনুভৱ কৰিছিল ।
সেয়েহে তেওঁলোকে ৰাজনৈতিকভাবে একগোট হোৱাৰ উদ্দেশ্যে ১৯৬৭ চনত বীৰুচান দলেক সভাপতি
আৰু চৰণ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ ‘অসম ভৈয়াম জনজাতি পৰিষদ (Plains Tribals
Council of Assam, চমুকৈ PTCA) নামেৰে এটা নতুন ৰাজনেতিক দল গঠন কৰিছিল । জনজাতিসকলৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ‘উদয়াচল’
নামেৰে অসমৰ ভিতৰতে এখন সুকীয়া ৰাজ্য গঠন কৰিবলৈ উত্থাপন কৰা দাবীটোক PTCA
সমৰ্থন জনাইছিল । ৰাজ্যখনৰ অজনজাতীয় ৰাজনৈতিক নেতৃত্বত গঢ়ি তোলা ১৯৭২ চনৰ মাধ্যম
আন্দোলনে জনজাতিসকলৰ সুকীয় পৰিচয়ৰ সংগ্ৰাম ৰাজনৈতিক ক্ষেত্ৰৰ উপৰি শৈক্ষিক
ক্ষেত্ৰলৈয়ো বিয়পি পৰিছিল । এই সংগ্ৰামে মূলসূঁতিৰ অসমীয়াৰ পৰা জনজাতিসকলক বহুদূৰ
আঁতৰাই আনিলে । উদাহৰণস্বৰূপে, ৰাভা আৰু দেউৰী জনজাতিৰ বাহিৰে ৰাজ্যখনৰ আটাইবোৰ জনজাতিয়ে
(যিসকলৰ নিজৰ ভাষা আছে) অসমীয়া লিপি ত্যাগ কৰি দেৱনাগৰী লিপি গ্ৰহণ কৰিলে ।
১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে বিদেশী খেদা?)
আন্দোলনটোৱে জনজাতিসকলক পুনৰ মূলসূঁতিৰ অসমীয়াৰ সৈতে একগোট হৈ অসমীয়া হিচাপে পৰিচয়
দিয়াৰ সুযোগ আনি দিছিল । ছবছৰীয়া এই আন্দোলনটোক অসমৰ জনজাতিসকলে প্ৰথম অৱস্থাত
পূৰ্ণ সমৰ্থন জনাইছিল । জনজাতিসকলে লক্ষ্য কৰিছিল যে অসম আন্দোলনৰ আগৰে পৰাই অসমীয়া
জাতীয়তাবাদৰ ভিতৰচ’ৰাত ব্ৰাহ্মন্যবাদী মতাদৰ্শৰ নেতাসকল সোমাই পৰিছিল আৰু আন্দোলনৰ
সময়ছোৱাত তেওঁলোকে অসমত খোপনি পুতি ল’বলৈ সক্ষম হৈছিল । আন্দোলনৰ সময়ছোৱাত আৰু
পিছত ব্ৰাহ্মন্যবাদী ব্যৱস্থাৰ তিনিটা মূল বৈশিষ্ট্য-কৰ্ত্তৃত্বশীল, একৰূপপিকৃৎ
আৰু পণ্ডিত্যাভিমান স্পষ্টৰূপত প্ৰকাশ পাইছিল । ফলস্বৰূপে, জনজাতিসকলে আন্দোলনটোক
নৈতিক সমৰ্থন জনাই সুকীয়া পৰিচয়ৰ আন্দোলন তীব্ৰ কৰি তুলিছিল । অৱশ্যে, অসম
আন্দোলনৰ আগৰ আৰু পিছত তেওঁলোকে কৰা সুকীয়া পৰিচয়ৰ আন্দোলনৰ মাজত এটা তাৎপৰ্যপূৰ্ণ
পাৰ্থক্য দেখা গৈছিল । আন্দোলনটোৰ পিছত জনজাতিসকলে একগোট হৈ ৰাজনৈতিক পৰিচয়ৰ বাবে
দাবী কৰাৰ পৰিৱৰ্তে নিজ নিজ জনগোষ্ঠীৰ বাবে সুকীয় পৰিচয়ৰ দাবী কৰিছিল । তেওঁলোকৰ
দাবীৰ প্ৰতি সমৰ্থন জনাই চৰকাৰে প্ৰথমে বড়োসকলৰ বাবে স্বায়ত্বশাসিত পৰিযদ গঠন কৰি
দিছিল । আচলতে, বড়োসকলক স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়াৰ পিছতে জনজাতিসকলে
একেলগে সুকীয়া ৰাজনৈতিক পৰিচয় গঢ়ি তোলাৰ বাট ৰুদ্ধ হৈ পৰিছিল । পিছলৈ ৰাভা, তিৱা, মিছিং, ঠেঙাল কছাৰী আদি
জনগোষ্ঠীভিত্তিক স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল । অসম আন্দোলনৰ পিছত অসমৰ
জনজাতিসকলে অসমীয়াৰ পৰিৱৰ্তে অসমৰ মানুহ হিচাপে পৰিচয় দিয়াৰ পৰিৱেশ সৃষ্টি হৈছিল
।
ভাৰত চৰকাৰে ছত্তিশগড়, উত্তৰাখণ্ড, তেলেংগানা নামেৰে নতুন
ৰাজ্য গঠন কৰাৰ পিছত অসমতো কিছুমান জনজাতিয়ে সুকীয়া ৰাজ্যৰ বাবে তীব্ৰভাবে দাবী
উত্থাপন কৰিছিল । বড়োসকলে বড়োলেণ্ড আৰু কাৰ্বিসকলে কাৰ্বিলেণ্ডৰ দাবী উত্থাপন কৰি
সুকীয়া ৰাজ্যৰ বাসিন্দা হিচাপে পৰিচয় দিবলৈ বিচাৰিছিল । কিন্তু, পিছলৈ তেওঁলোকৰ এই দাবীৰ তীব্ৰতা হ্ৰাস
পালে । ভাৰতৰ স্বাধীনতাৰ সময়ত জনজাতীয় ৰাজনৈতিক নেতৃত্বই মূলসূঁতিৰ ৰাজনৈতিক শক্তিবোৰত
যোগদান কৰি জনজাতীয় ৰাজনৈতিক শক্তিক ভংগ কৰি দিয়াৰ দৰে বৰ্তমানৰ একাংশ জনজাতীয়
ৰাজনৈতিক নেতৃত্বৰ মাজতো একেধৰণৰ প্ৰৱণতা গঢ়ি উঠিছ । একৈশ শতিকাৰ দ্বিতীয় দশকৰ পৰা ৰাজ্যখনৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বই নিজৰ স্বাৰ্থৰ বাবে ধৰ্মভিত্তিক পৰিচয়ক অগ্ৰাধিকাৰ
দিয়া শক্তিৰ সৈতে সহযোগ কৰি জনজাতিসকলকো ধৰ্মভিত্তিক
পৰিচয়লৈ পৰিৱৰ্তন কৰাৰ সংকীৰ্ণ প্ৰৱণতা দেখা গৈছে ।
কেৱল অজনজাতীয় জনগোষ্ঠীবোৰৰ সৈতে থকা সংঘাতৰ ফলতহে যে অসমৰ
জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছে তেনে নহয় । ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন
অৰ্থনৈতিক নীতিয়ে জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটাইছে । বজাৰ অৰ্থনীতিয়ে এটা
অজনজাতীয় আৰু এটা জনজাতীয় পৰিয়ালৰ জীৱন ধাৰণ-প্ৰণালীৰ মাজত থকা পাৰ্থক্য বহুখিনি
হ্ৰাস কৰিছে । বিশেষকৈ, নগৰত বসবাস কৰা
জনজাতীয় আৰু অজনজাতীয় পৰিয়ালৰ পৰিচয় প্ৰায় একে হৈ পৰিছে ।
অসমৰ জনজাতিসকলে সুকীয়া সামাজিক
আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল । সামাজিক
আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ সমান্তৰালকৈ তেওঁলোকে ৰাজনৈতিক ক্ষমতা
আৰু অৰ্থনৈতিক সুবিধা লাভৰ বাবেও সংগ্ৰাম চলাই নিবলগীয়া হৈছিল । তেওঁলোকৰ পৰিচয় সম্পৰ্কীয় সংগ্ৰাম বৰ্তমানো
অব্যাহত আছে । কিন্তু, উদ্দেশ্যৰ ক্ষেত্ৰত পূৰ্বৰ সংগ্ৰাম আৰু বৰ্তমানৰ সংগ্ৰামৰ
মাজত এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে । তেওঁলোকৰ
পৰিচয় সম্পৰ্কীয় সংগ্ৰামৰ উদ্দেশ্য স্বীকৃতি লাভৰ (struggle for recognition) পৰা সমান সুবিধা লাভৰ দাবীলৈ (Demand for
equality) পৰিৱৰ্তন
হৈছে । সমান সুবিধা লাভৰ বাবে তেওঁলোকৰ
একাংশ নেতাই জনজাতীয় সামাজিক আৰু
সাংস্কৃতিক বৈশিষ্ট্য পৰিহাৰ কৰাৰ প্ৰৱণতা দেখা গৈছে । অৱশ্যে, একাংশ জনজাতীয় নেতাৰ
এনেধৰণৰ প্ৰৱণতাক জনজাতিসকলে দীৰ্ঘকাললৈ গ্ৰহণ কৰাৰ সম্ভাৱনা নাই ।
সহায়ক গ্ৰন্থ
চেট্টাৰ্জী, সুনীতি কুমাৰ (২০১৭): কিৰাত জন-কৃতি, অসমীয়া অনুবাদ অজিত কুমাৰ
গোস্বামী, (গুৱাহাটী: অসম পাবলিচিং কোম্পানী) ।
চৌধুৰী, মেদিনী (২০০৭):
“অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা”, হীৰেন গোহাঁই আৰু দিলিপ বৰা সম্পাদিত, অসম
আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী: বনলতা), পৃষ্ঠা: ২৩৭-২৮৩ ।
দাস, মনীন্দ্ৰ (২০১৮): বড়ো উত্তৰণৰ ইতিহাস, (গুৱাহাটী: বনলতা) ।
মহন্ত, প্ৰফুল্ল (২০০৯): জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, (গুৱাহাটী: লয়াৰ্চ বুক ষ্টল), দ্বিতীয় প্ৰকাশ ।
[প্ৰকাশিত,
‘প্ৰান্তিক’, বছৰ ৪৩, সংখ্যা ২০, ১৬-৩০ ছেপ্টেম্বৰ ২০২৪, পৃষ্ঠা: ২৩-২৫]
No comments:
Post a Comment