ভাৰতৰ সংবিধানৰ ২৪৪(২) অনুচ্ছেদ অনুসৰি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্যপালে সংশ্লিষ্ট ৰাজ্যখনৰ জনজাতি অধ্যূসিত অঞ্চলক সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰি ৰাজ্যৰ ভিতৰতে স্বায়ত্বশাসিত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে । সংবিধানখনৰ ২৭৫(১) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰদান কৰিব পাৰে । সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত অসমত বৰ্তমান তিনিখন স্বায়্ত্বশাসিত পৰিষদ আছে । সেই তিনিখন হ’ল- কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ হিচাপেও জনা যায়) আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদ (চমুকৈ, বি টি ছি) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ দুখন ক্ৰমে ১৯৫১ আৰু ১৯৫২ চনত গঠন কৰা হৈছিল । বড়োসকলৰ দীঘলীয়া সংগ্ৰামৰ ফলস্বৰূপে ২০০৩ চনত বি টি ছি গঠন কৰা হৈছিল । অসম ৰাজ্যৰ জিলা হিচাপে বৰ্তমান ডিমা হাছাও পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদে ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লয় । বি টি ছিয়ে ৰাজ্যখনৰ পাঁচখন জিলাক (কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ) সামৰি লয় ।
প্ৰথম অৱস্থাত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদসমূহক সামজিক
প্ৰথা, সংস্কৃতি, ধৰ্ম, ভূমি, বিবাহ আৰু পৰম্পৰাৰ ক্ষেত্ৰতহে ক্ষমতা প্ৰদান কৰা
হৈছিল । কিন্তু, পিছলৈ (১৯৭০ চনত) কৃষি, উদ্যোগ, শিক্ষা (প্ৰাথমিক, মাধ্যমিক,
প্ৰাপ্তবয়স্ক), সাংস্কৃতিক পৰিক্ৰমাকে ধৰি ত্ৰিছটা বিষয়ত ক্ষমতা প্ৰদান কৰা হয় ।
অৱশ্যে, বি টি ছিক আন দুখন স্বায়ত্বশাসিত পৰিষদতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । বহলাই
কোৱাৰ প্ৰয়োজন নাই যে স্বায়ত্বশাসন প্ৰদানৰ জৰিয়তে জনজাতি অধ্যূসিত জিলাসমূহৰ সাৱলীকৰণ
আৰু ৰাজ্য চৰকাৰৰ পৰা ক্ষমতা বিকেন্দ্ৰীভূত কৰাৰ উদ্দেশ্য নিহিত আছে । সংবিধানখনৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত
পৰিষদসমূহৰ পাৰদৰ্শিতা সন্দৰ্ভত মাজে সময়ে প্ৰশ্ন উত্থাপিত হৈ থাকে । এই লেখাটোত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত
জিলাসমূহৰ মানৱ উন্নয়ন, আয়ৰ অসমতা আৰু দৰিদ্ৰতাৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা
হৈছে ।
অসম চৰকাৰে ২০০৩ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন
অনুসৰি, অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ (০.৪০৭) কাৰ্বি আংলং জিলাৰ মান বেছি
(০.৪৯৪) আছিল । কিন্তু, ডিমা হাছাও জিলাৰ মান অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ কম
(০.৩৬৩) আছিল । ২০১৪ চনত প্ৰকাশ কৰা মানৱ
উন্নয়ন প্ৰতিবেদন অনসৰি (মানৱ উন্নয়ন সম্পৰ্কে অসম চৰকাৰে প্ৰকাশ কৰা এইখনেই
শেহতীয়া প্ৰতিবেদন), অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মান বৃদ্ধি পোৱাৰ সমান্তৰালকৈ
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মানো বৃদ্ধি পাইছে । দুয়োখন জিলাৰে অসমৰ
সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ বেছি হৈছে । কিন্তু, বি টি ছিৰ অন্তৰ্গত এখন জিলাৰ বাহিৰে (চিৰাং) আটাইকেইখন জিলাৰে মানৱ উন্নয়নৰ মান অসমৰ
সামগ্ৰিক মানতকৈ কম দেখা গৈছে । ইয়াৰ পৰা এইটো স্পষ্ট যে মানৱ উন্নয়নৰ ক্ষেত্ৰত
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে,
অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল পাৰদৰ্শিতা
দেখুৱাব পাৰিছে । কিন্তু, বি টি ছিৰ ক্ষেত্ৰত
ইয়াৰ ওলোটা ছবি দেখা গৈছে । পৰিষদকেইখনৰ অন্তৰ্গত জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত
অথচ পৰিষদৰ অন্তৰ্গত নোহোৱা জিলাসমূহৰ তুলনামূলক অধ্যয়নৰ পৰা পৰিষদকেইখনৰ
পাৰদৰ্শিতাৰ ইংগিত পাব পাৰি । কাৰ্বি আংলং জিলাৰ চাৰিসীমাত মৰিগাঁও, গোলাঘাট,
নগাঁও আৰু হোজাই জিলা অৱস্থিত । ২০১৪ চনৰ অসমৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, কাৰ্বি
আংলং জিলাৰ মানৱ উন্নয়নৰ মান মৰিগাঁও, গোলাঘাট আৰু নগাঁও জিলাতকৈ বেছি । ডিমা
হাছাও জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত কাছাৰ আৰু নগাঁও জিলাতকৈ
বেছি (হোজাই জিলা ডিমা হাছাও জিলাৰ চাৰিসীমাত অৱস্থিত, জিলাখন ২০১৫ চনত গঠন হৈছিল,
সেয়েহে তুলনাৰ বাবে নগাঁও জিলাকে সামৰি লোৱা হৈছে) । বি টি ছিৰ অন্তৰ্গত কোকৰাঝাৰ
জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত বৰপেটা আৰু বঙাইগাঁও জিলাতকৈ
কম, কিন্তু ধুবুৰী জিলাতকৈ বেছি । চিৰাং জিলাৰ মানৱ উন্নয়নৰ মান, জিলাখনৰ
চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ বেছি, কিন্তু বৰপেটা জিলাতকৈ কম । বাক্সা
জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (বৰপেটা,
নলবাৰী আৰু কামৰূপ) কম । ওদালগুৰি জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত
অৱস্থিত শোণিতপুৰ জিলাতকৈ কম, কিন্তু দৰং জিলাতকৈ বেছি । ইয়াৰ পৰা বুজা যায় যে মানৱ উন্নয়নৰ ক্ষেত্ৰত,
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ
অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ
চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল পাৰদৰ্শিতা দেখুৱাইছে । কিন্তু, বি টি
ছিৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহৰ তুলনাত
মিশ্ৰিত পাৰদৰ্শিতা দেখুৱাইছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদতকৈ পঞ্চাছ বছৰৰ পিছত বি টি ছি গঠন হোৱাৰ বাবে
মানৱ উন্নয়নৰ ক্ষেত্ৰত পৰিষদখনৰ অন্তৰ্গত জিলাকেইখনে ভাল পাৰদৰ্শিতা দেখুৱাব পৰা নাই
বুলি ক’ব পাৰি (আন কাৰণৰ উপৰি) ।
তালিকা ১: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাকেইখনৰ মানৱ উন্নয়নৰ মান,
জিনি সহগ আৰু এম পি আই
জিলাৰ নাম |
মানৱ উন্নয়নৰ মান (২০১৪) |
জিনি সহগ (২০১৪) |
এম পি আই (২০২৩) |
কাৰ্বি আংলং |
০.৬১২ |
০.৬ |
১৬.৬০ |
পশ্চিম কাৰ্বি আংলং* |
----- |
---- |
২৪.০৯ |
ডিমা হাছাও |
০.৬৩৮ |
০.৩ |
১৩.৬৩ |
কোকৰাঝাৰ |
০.৫১৯ |
০.৪ |
১৮.৯২ |
চিৰাং |
০.৬১৪ |
০.৫ |
১৮.৯২ |
বাক্সা |
০.৪৩৭ |
০.৪ |
১৬.৭৯ |
ওদালগুৰি |
০.৫২৩ |
০.৫ |
১৯.১৬ |
অসম |
০.৫৫৭ |
০.৫ |
১৯.৩৫ |
Source: Assam Human Development Report, 2014 & India Multidimensional
Poverty
Index, 2023.
* পশ্চিম কাৰ্বি আংলং জিলাখন ২০১৬ চনত গঠন
কৰা হৈছে ।
জিনি সহগৰ জৰিয়তে আয়ৰ অসমতাৰ আভাষ পাব পাৰি । গিনি সহগ হ’ল-
কোনো এখন অৰ্থনীতিৰ ধনী আৰু দৰিদ্ৰ ব্যক্তি বা পৰিয়ালৰ মাজৰ ব্যৱধানৰ জোখাৰ পৰিমাপ
। জিনি সহগ বেছি হোৱা মানে আয়ৰ অসমতা অধিক
থকা বুজায় । ২০১৪ চনৰ তথ্য অনুসৰি, কাৰ্বি
আংলং জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ বেছি । ডিমা হাছাও জিলাৰ আয়ৰ
অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ কম পোৱা গৈছে । বি টি ছিৰ অন্তৰ্গত চিৰাং আৰু ওদালগুৰি জিলাৰ আয়ৰ
অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ সৈতে সমান । কিন্তু, অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ
তুলনাত কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আয়ৰ অসমতা কম
(তামুলপুৰ জিলাখন ২০২৩ চনত গঠন হৈছিল বাবে জিলাখনৰ আয়ৰ অসমতাৰ তুলনাত আনিব
পৰা নাযায়) । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত
জিলাৰ চাৰিসীমাত অৱস্থিত ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ সৈতে তুলনা কৰিলে দেখা
যায় যে কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা
জিলাখনৰ চাৰিসীমাত অৱস্থিত (মৰিগাঁও, নগাঁও, গোলাঘাট) আটাইকেইখন জিলাৰ আয়ৰ অসমতাতকৈ
বেছি । আয়ৰ অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাই ভাল পাৰদৰ্শিতা দেখুৱাব
পাৰিছে । জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (কাছাৰ আৰু নগাঁও) ডিমা
হাছাও জিলাৰ আয়ৰ অসমতা কম । কোকৰাঝাৰ
জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী) আটাইকেইখন
জিলাতকৈ কম । চিৰাং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত
অৱস্থিত বঙাইগাঁও জিলাতকৈ কম হোৱাৰ বিপৰীতে বৰপেটা জিলাতকৈ বেছি । কোকৰাঝাৰ জিলাৰ দৰে বাক্সা জিলাৰ আয়ৰ অসমতা
জিলাখনৰ চাৰিসীমাত (বৰপেটা, নলবাৰী আৰু কামৰূপ) অৱস্থিত আটাইকেইখন জিলাতকৈ কম । ওদালগুৰি
জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম । কিন্তু, দৰং
জিলাৰ সৈতে সমান । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত
জিলা আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ আয়ৰ অসমতাৰ জিনি সহগৰ গড় মান তুলনা কৰিলে দেখা যায় যে ষষ্ঠ
অনুসূচীত অন্তৰ্গত জিলাসমূহে ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাতকৈ ভাল পাৰদৰ্শিতা দেখুৱাব
পাৰিছে (ষষ্ঠ অনুসূচীত অন্তৰ্গত আৰু বাহিৰৰ জিলাসমূহৰ গড় জিনি সহগ ক্ৰমে ০.৪৬ আৰু
০.৫৩) ।
এক কথাত, স্বায়ত্বশাসন ব্যৱস্থাই জনজাতীয় অঞ্চলসমূহক আয়ৰ অসমতা হ্ৰাস কৰাত
অৰিহণা যোগাইছে ।
তালিকা ২: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ
চাৰিসীমাত অৱস্থিত (ষষ্ঠ অনুসূচীৰ বাহিৰৰ)
জিলাকেইখনৰ মানৱ উন্নয়নৰ মান, জিনি সহগ আৰু এম পি আই
জিলাৰ নাম |
মানৱ উন্নয়নৰ মান (২০১৪) |
জিনি সহগ (২০১৪) |
এম পি আই (২০২৩) |
মৰিগাঁও |
০.৫৭৬ |
০.৪ |
২২.৪৬ |
নগাঁও |
০.৫৯২ |
০.৫ |
২০.৮৪ |
হোজাই* |
----- |
----- |
১৪.১৩ |
গোলাঘাট |
০.৫৪৩ |
০.৪ |
১৪.৬০ |
কাছাৰ |
০.৪৬৩ |
০.৫ |
৩০.৫৮ |
বৰপেটা |
০.৬২৪ |
০.৫ |
১৯.১২ |
বঙাইগাঁও |
০.৫৬৪ |
০.৬ |
১৭.৩৯ |
ধুবুৰী |
০.৪৮২ |
০.৫ |
২৬.০২ |
দ: শালমাৰা-মানকাচাৰ** |
----- |
----- |
২৮.২৪ |
নলবাৰী |
০.৫৬৪ |
০.৬ |
১৭.৩৯ |
কামৰূপ |
০.৬২৪ |
০.৪ |
১৯.১২ |
শোণিতপুৰ |
০.৫২৬ |
০.৯ |
১৯.২৪ |
দৰং |
০.৫১৯ |
০.৫ |
২৩.৬৫ |
Source: Assam Human Development Report, 2014 & India Multidimensional
Poverty
Index, 2023.
*হোজাই জিলাখন ২০১৫ চনত গঠন কৰা হৈছে ।
**দক্ষিণ শালমাৰা-মানকাচাৰ
জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।
দৰিদ্ৰতাৰ ক্ষেত্ৰত দেখা গৈছে যে ষষ্ঠ অনুসূচীত অন্তৰ্গত পশ্চিম
কাৰ্বি আংলং জিলাৰ বাহিৰে আটাইকেইখন জিলাৰে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক অসমৰ
সামগ্ৰিক বহুমাত্ৰিক সূচকাংকতকৈ কম (বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক কম হোৱা মানে
দুখীয়া লোক কম থকা বুজায়) । কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ
চাৰিসীমাত অৱস্থিত গোলাঘাট আৰু হোজাই জিলাতকৈ
বেয়া, কিন্তু নগাঁও জিলাতকৈ ভাল । পশ্চিম কাৰ্বি
আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ বেয়া
দেখা গৈছে । ডিমা
হাছাও, চিৰাং আৰু ওদালগুৰি জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত
জিলাসমূহতকৈ ভাল । কোকৰাঝাৰ জিলাৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক জিলাখনৰ চাৰিসীমাত
অৱস্থিত বঙাইগাঁও জিলাৰ বাহিৰে আটাইকেইখন জিলাতকৈ কম পোৱা গৈছে । বাক্সা জিলাৰ
দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ ভাল দেখা গৈছে ।
ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসনৰ ব্যৱস্থা থকা জিলাসমূহে
মানৱ উন্নয়নৰ বৃদ্ধি, আয়ৰ অসমতা আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা
দেখুৱাব পৰা নাই । কিন্তু, উল্লিখিত দিশসমূ্হত এই জিলাসমূহে তুলনামূলকভাবে অসমৰ
সামগ্ৰিক অৱস্থাতকৈ ভাল অৱস্থাত উপনিত হ’ব পাৰিছে । ষষ্ঠ অনুসূচীৰ বাহিৰৰ
জিলাসমূহৰ (ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত) তুলনাত ষষ্ঠ অনুসূচীত
অন্তৰ্গত জিলাসমূহে সামগ্ৰিকভাবে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । এক কথাত, ষষ্ঠ
অনুসূচীৰ অধীনত প্ৰদান কৰা স্বায়ত্বশাসন ব্যৱস্থাই জনজাতি অধ্যূসিত অঞ্চলসমূহৰ সাৱলীকৰণত
কিছু পৰিমাণে হ’লেও অৰিহণা যোগাইছে ।
তথ্যৰ উৎস
১) Assam Human Development Report, 2003, Planning and
Development Department, Government of Assam.
২) Assam Human Development Report, 2014, Planning and
Development Department, Government of Assam.
৩) Hansaria, V. (2016): Justice Hansaria’s
Sixth Schedule to the Constitution, 4th Edition, (Delhi:
Universal Law Publishing).
৪) India Multidimensional Poverty
Index, 2023, NITI Aayog.
৫) The
Constitution of India, (2024), Fingerprint.
৬) নাথ, মনোজ কুমাৰ (২০১৩): অসমৰ জনজাতি ৰাজনীতি, (গুৱাহাটী: আলিবাট) ।
[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XLIV, No. 3, 1-15 January 2025]
No comments:
Post a Comment