Thursday, 15 January 2015

গোষ্ঠী সংঘৰ্ষৰ অৰ্থনৈতিক কাৰণ

প্ৰতিদিনে পৃথিৱীৰ কোনোবা নহয় কোনোবা অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ দৰে ঘৃণনীয় ঘটনা সংঘটিত হোৱাৰ খবৰ বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰায়েই পোৱা যায়। আমেৰিকা, ভাৰত, পাকিস্তান, বাংলাদেশ, ভিয়েটনাম, কেনিয়া, উগাণ্ডা, নাইজেৰিয়া, ইথিওপিয়া, ব্ৰাজিল ইত্যাদি বহুতো দেশক গোষ্ঠী সংঘৰ্ষই স্পৰ্শ কৰিছে। ভাৰতবৰ্ষত এনে ঘটনা সঘনে সংঘটিত হ’বলৈ ধৰিছে। গোষ্ঠী সংঘৰ্ষ সম্পৰ্কত বিশেষকৈ গুজৰাট, পঞ্জাৱ, মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰপ্ৰদেশ, অসম, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যকেইখনৰ নাম বহুলভাবে উচ্চাৰিত হয়। এই ৰাজ্যকেইখনৰ ভিতৰত শেহতীয়াকৈ অসমতেই সঘনে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। বিংশ শতিকাৰ ৬০ দশকত অসমীয়া আৰু বঙালী, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভা, ২০১২ চনৰ মাজভাগত বিটিএডি অঞ্চলত বড়ো আৰু মুছলমান, বড়ো আৰু অনা-বড়ো (যদিও অনা-বড়ো বুলি কোনো জনগোষ্ঠী নাই) মাজত গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে। সংবাদ মাধ্যমে ঢুকি নোপোৱা পাহাৰীয়া জিলাসমূহত সঘনে সংঘটিত গোষ্ঠী সংঘৰ্ষসমূহতো আছেই।

গোষ্ঠী সংঘৰ্ষৰ কোনো সুনিৰ্দিষ্ট কাৰণ (specific reason) নাই যদিও এতিয়ালৈকে যিমানবিলাক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে, সৰহভাগৰ কাৰণেই যে অৰ্থনৈতিক তাত সন্দেহ নাই। অৱশ্যে, গোষ্ঠী সংঘৰ্ষৰ আঁৰত সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি উপাদানসমূহৰ প্ৰভাৱো কোনো গুণে কম নহয়। আমাৰ এই লেখাটোত গোষ্ঠী সংঘৰ্ষৰ অৰ্থনৈতিক উপাদান সম্পৰ্কে এক চমু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। আন উপাদানসমূহৰ বিশ্লেষণ পিছত আগবঢ়াবলৈ প্ৰয়াস কৰা হ’ব।
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে দেখাত গোষ্ঠী সংঘৰ্ষৰ নেতৃত্ব কোনেও বহন নকৰা যেন লাগিলেও তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ কিছুমান স্বাৰ্থান্ধ লোকে যে বিভিন্ন দল-সংগঠনৰ জৰিয়তে পৰোক্ষভাবে নেতৃত্ব দিয়ে তাত দ্বিমত নাই। এই শ্ৰেণীৰ লোকসকলে বিভিন্ন কূট-কৌশলেৰে তেওঁলোকৰ স্বাৰ্থক সাধাৰণ শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ ৰূপ দি সেই শ্ৰেণীৰ লোকসকলকে সঁজুলি হিচাপে ব্যবহাৰ কৰি লোমহৰ্ষ সংঘৰ্ষবোৰ ঘটায়। গোষ্ঠী সংঘৰ্ষৰ ফলত তেনে নেতাসকলৰ হয়তো পাব লগা বহুত থাকে, কিন্তু হেৰুৱাবলগীয়া বিশেষ একো নাথাকে। আনহাতে, সাধাৰণ শ্ৰেণীৰ লোকসলকলৰ পাবলগীয়া সম্পৰ্কে স্পষ্ট ধাৰণা নাথাকে, কিন্তু গোষ্ঠী সংঘৰ্ষৰ ফলত তেওঁলোকে সৰ্বচ্চ হেৰুৱাবলগীয়া হয়।
এতিয়া আচল প্ৰসংগলৈ অহা যাওক। কিছুমান বিশেষ অৰ্থনৈতিক গোটৰ মাজত প্ৰতিযোগীতাৰ উদ্ভৱ হ’লে প্ৰতিযোগীতাৰ বাহ্যিক প্ৰকাশ ঘটি গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। কায়িক শ্ৰমিক (manual workers)  শ্ৰেণীৰ মাজত মজুৰি সম্পৰ্কীয় পাৰ্থক্য থাকিলে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। একে কামৰ বাবে এক শ্ৰেণীৰ শ্ৰমিকসকলে আন শ্ৰেণীৰ শ্ৰমিকসকলতকৈ কম মজুৰিৰ বিনিময়ত কাম কৰিলে আৰু যদি শ্ৰমিক দুবিধৰ মাজত জাতিগত বা ধৰ্মগত পাৰ্থক্য থাকে, তেন্তে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা যায়। সাধাৰণতে অনুন্নত অঞ্চলৰ লোকসকলে আন অঞ্চললৈ প্ৰব্ৰজন কৰি মৌলিক প্ৰয়োজনৰ তাড়নাত অতি কম মজুৰিৰ বিনিময়ত নতুন অঞ্চলটোত কাম কৰিবলৈ বাধ্য হয়। ফলত সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় শ্ৰমিকসকল নিজৰ অঞ্চলতে কামৰ পৰা বঞ্চিত হ’ব লগা হয়। কিছুমান উগ্ৰ জাতীয়তাবাদী অসমীয়াই হিন্দীভাষী লোকৰ ওপৰত মাজে মাজে কৰা অত্যাচাৰ (এতিয়া কমিছে) ইয়াৰ উৎকৃষ্ট উদাহৰণ। ইয়াৰে প্ৰতিশোধস্বৰূপে বিহাৰ, উত্তৰপ্ৰদেশৰ কিছুমান উগ্ৰ জাতীয়তাবাদী লোকে অসমীয়াভাষী লোকক ৰাজ্যদুখনৰ মাজেৰে চলাচল কৰা ৰেলত কিছুমান ৰেলষ্টেচনত আক্ৰমণ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে।  
    সংখ্যালঘিষ্ঠ কিছুমান বিশেষ বৃত্তিৰ গোট (যেনে-ঋণদাতা, ব্যৱসায়ী ইত্যাদি) আৰু  গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ বিৰক্তিকৰ সম্পৰ্কৰ ফলতো গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ উদাহৰণ আছে। সাধাৰণতে উপৰোক্ত বৃত্তিৰ লোকসকল আৰু গ্ৰাহকসকলৰ গোষ্ঠীগত পাৰ্থক্য থাকিলে, তেনে বৃত্তিৰ লোকসকলৰ শোষণ, অহংকাৰ আৰু অভদ্ৰ মনোভাৱৰ বাবেই গ্ৰাহকসকলে তেওঁলোকৰ ওপৰত বিৰক্তি প্ৰকাশ কৰি সংঘৰ্ষৰ সূত্ৰপাত ঘটায়। ভাৰতীয়সকলে উগাণ্ডাত, লেবানিজসকলে নাইজেৰিয়াত, ঘানাত আৰু আৰমেনিয়ানসকলে ইথিওপিয়াত তেনেকুৱা পৰিস্থিতিৰ সম্মুখীন হৈছিল। ভাৰতবৰ্ষত, ভাৰত-পাকিস্তান বিভাজনৰ আগতে হিন্দু আৰু মুছলমান, হিন্দু আৰু শিখৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষও বিভিন্ন কাৰণৰ উপৰিও এই কাৰণত সংঘটিত হোৱা সংঘৰ্ষৰ উদাহৰণ।  
     কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলৰ মনত আন কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক শোষণ কৰাৰ প্ৰৱণতা থাকে। উপযুক্ত যোগ্যতা থকাৰ পাছতো কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলে আন কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক চৰকাৰী চাকৰিত মকৰল কৰিবলৈ অনীহা প্ৰকাশ কৰে। অসম মুলকতে ইয়াৰ উদাহৰণ পোৱা যায়। বৃটিছৰ দিনত চৰকাৰী কামকাজ চলাবৰ বাবে অসমৰ বিভিন্ন বিভাগত বঙালীসকলক নিয়োগ কৰা হৈছিল। 
    অসমীয়াসকলৰ কিছুমানে বঙালীসকলৰ সমানে চৰকাৰী কামত পাৰ্গত হৈছিল যদিও ইংৰাজ চৰকাৰে বঙালী লবীৰ সহযোগৰ অসমীয়াসকলক অৱজ্ঞা কৰিছিল। অৱশ্যে, পিছলৈ কলিকতাৰ (এতিয়া কলকাতা) ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদীয়মান যুৱকে চৰকাৰী সুবিধা পাইছিল। কিন্তু অসমৰ বাসিন্দাসকলৰ মাজতে অসমৰ তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে জনজাতীয় লোকসকলক অৱহেলা কৰিছিল। ১৯৩০ চন পৰ্যন্ত বড়োলোকৰ এজনো চৰকাৰী চাকৰিত নাছিল। সকলোবোৰ চৰকাৰী বিভাগতে নিজ বৰ্ণ বা সম্প্ৰদায়ৰ লোক নিয়োজিত হ’লে সংশ্লিষ্ট বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলৰ সামগ্ৰিক উন্নতি হোৱাৰ উপৰিও ব্যক্তি স্বাৰ্থ পূৰণৰ বাট মুকলি হয়। আনকি তেনে বৰ্ণ বা সম্প্ৰদায়ৰ চাকৰি নোপোৱা ব্যক্তিও নিজৰ বৰ্ণ বা সম্প্ৰদায়ক লৈ গৌৰৱ অনুৱভ কৰে। বহুক্ষেত্ৰত সামাজিক তথা ধৰ্মীয় নীতি-নিয়মৰ দ্বাৰা কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলক চৰকাৰী চাকৰিৰ বাবে অনুপোযুক্ত কৰি ৰাখে। দীৰ্ঘদিনীয়া শোষণৰ ফলত শোষিত শ্ৰেণীয়ে শোষণৰ পৰা মুক্তি পাবৰ বাবে বিভিন্ন উপায় অৱম্বনৰ এটা উপায় হিচাপে কেতিয়াবা গোষ্ঠী সংঘৰ্ষত লিপ্ত হয়। সম্প্ৰতি অসমত তাৰেই প্ৰতিফলন ঘটিছে। শ্ৰীলংকাত দেশখনৰ সিংহলীসকলে তামিলসকলক কৰি অহা দীৰ্ঘদিনীয়া অৰ্থনৈতিক শোষণৰ ফলতে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে।   
    শ্ৰেণীগত বা ধৰ্মীয় বিভিন্নতা থকা উৎপাদনকাৰী, বিতৰণকাৰী আদি অৰ্থনৈতিক এজেন্টসমূহৰ মাজত প্ৰতিযোগীতাৰ অৱস্থিতিৰ ফলস্বৰূপেও গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। কিছুমান অঞ্চলত এক বিশেষ শ্ৰেণী বা ধৰ্মীয় সংখ্যাগৰিষ্ঠ লোকসকলে উৎপাদন বা বিতৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। সংশ্লিষ্ট অঞ্চলটোৰ শ্ৰেণী বা ধৰ্মীয় সংখ্যালঘিষ্ঠ লোকসকলে উৎপাদন, বিতৰণ আদি ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলোৱাৰ উপক্ৰম হ’লেই সংখ্যাগৰিষ্ঠ লোকসকলে সংখ্যালঘিষ্ঠ লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনা ঘটে। উত্তৰ ভাৰতৰ কিছুমান চহৰত সঘনে সংঘটিত হৈ থকা সংঘৰ্ষবোৰত দেখা যায় যে আগৰে পৰা চলাই থকা হিন্দু ব্যৱসায়ী আৰু নতুনকৈ আৰম্ভ কৰা মুছলমান ব্যৱসায়ীয়ে হিন্দু ব্যৱসায়ীৰ প্ৰভাৱ বিনষ্ট কৰাৰ প্ৰয়াসৰ ফলতে উশৃংখল পৰিস্থিতিৰ (riots) সৃষ্টি হয় কিছুমান চহৰত ইয়াৰ ঠিক ওলোটা কাৰণত ঘটে।     
    ভূমিৰ নিৰাপত্তাহীনতা হ’ল গোষ্ঠী সংঘৰ্ষ আন এক অৰ্থনৈতিক কাৰক। ভূমিৰ উৎপাদন শক্তি আছে বাবে ভূমিৰ বাবে মানুহে মৰিবলৈও ভয় নকৰে। সাধাৰণতে এলেহুৱা প্ৰকৃতিৰ কিছুমান সম্প্ৰদায়ৰ লোকে প্ৰয়োজনতকৈ বেছি ভূমি ব্যৱহাৰ নকৰে। তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰও কম হয়। তেওঁলোকৰ বহুতেই জাতীয় স্বাৰ্থতকৈ নিজৰ লাভালাভ বিবেচনা কৰি অধিক দাম পোৱাৰ কাৰণে প্ৰব্ৰজনকাৰীক ভূমি বিক্ৰি কৰে। তদুপৰি, ভূমি ক্ৰয় কৰা প্ৰব্ৰজনকাৰীসকলৰ সহযোগত নতুন প্ৰব্ৰজনকাৰী আহে। তেওঁলোকৰ সকলোৱে ভূমি ক্ৰয় নকৰি অব্যৱহৃত চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰিলে সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় লোকসকলে বাধা প্ৰদান কৰাৰ কৰে ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। অসমৰ ৰাভা হাছং আৰু বিটিএডি অঞ্চলত সঘনে সংঘটিত হৈ থকা গোষ্ঠী সংঘৰ্ষৰ কাৰণবোৰৰ প্ৰকৃত কাৰণ হ’ল ভূমি। উল্লেখিত অঞ্চলসমূহত অব্যৱহৃত হৈ পৰি থকা স্থানসমূহত সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল অব্যাহত ৰখাৰ ফলতে সঘনে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে। স্থানীয় লোকৰ স্বাৰ্থ ৰক্ষা কৰি ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰাৰ দ্বয়িত্ব চৰকাৰৰ যদিও চৰকাৰৰ অপাৰগতাৰ (?) ফলত সেয়া হৈ নুঠে। দক্ষিণ ভাৰতত তামিল আৰু কানাড়াসকলৰ মাজত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ কাৰণো ভূমিয়েই। সেয়েহে ভাৰতৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ অঞ্চলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ মানসেৰে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে।
    পৃথক শ্ৰেণী বা ধৰ্মৰ লোকসকলৰ মাজত সমূহীয়া সম্পত্তিবোৰৰ (যেনে-বনাঞ্চল, নদী, চৰণীয়া পথাৰ, মালিকবিহীন বিল ইত্যাদি) ব্যৱহাৰৰ প্ৰতিদ্বন্দ্বিতাৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হয়। সমূহীয়া সম্পত্তিবোৰৰ বৈশিষ্ট হ’ল-এইবোৰৰ প্ৰয়োজনীতাক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে (non-excludable), কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা (rivalry) থাকে। স্থানীয় লোকসকল তেওঁলোকৰ ওচৰৰ সমূহীয়া সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ হোৱাৰ সম্ভাৱনা সম্পৰ্কে সদায় সচেতন হৈ থাকে। আন অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা লোকে তেনে সম্পত্তিসমূহৰ ওপৰত হাত দিলে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে। সাধাৰণতে নতুনকৈ অহা লোকসকলৰ তেনে সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ হোৱাৰ সম্ভাৱনা সম্পৰ্কে সচেতনতাৰ অভাৱ পৰিলক্ষিত হয়। নতুনকৈ অহা লোকসকলেও একে সময়তে সমানে উত্তেজিত হোৱাৰ ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়।
  কেতিয়াবা অঞ্চল বিশেষে জাতিগত পাৰ্থক্য থাকিলে সংখ্যালঘিষ্ঠসকলৰ আৰ্থিক অৱস্থা সংখ্যাগৰিষ্ঠসকলতকৈ সুচল হ’লে সংশ্লিষ্ট অঞ্চলটোৰ সংখ্যাগৰিষ্ঠসকল সংখ্যালঘিষ্ঠসকলৰ প্ৰতি চকুচৰহা হৈ পৰাৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভাৰ মাজত  সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ বিভিন্ন কাৰণবোৰৰ ভিতৰত এই কাৰণো এটা আছিল। গাৰো পাহাৰত বসবাস কৰি থকা ৰাভাসকলৰ আৰ্থিক অৱস্থা তুলনামূলকভাৱে গাৰোসকলতকৈ উন্নতমানৰ। ৰৱৰ খেতিৰে অৰ্থনৈতিক মানদণ্ড অক্ষুন্ন ৰখা গাৰো পাহাৰৰ ৰাভাসকলৰ আৰ্থিক উন্নতি গাৰোসকলৰ বাবে অসহ্যকৰ আছিল
     মুক্ত বজাৰ ব্যৱস্থাৰ প্ৰৱৰ্তনেও গোষ্ঠী সংঘৰ্ষৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে, গোষ্ঠীগত বৈশিষ্ট্যৰ লগত মুক্ত বজাৰ ব্যৱস্থাৰ সম্পৰ্ক প্ৰসংগত দুই ধৰণৰ যুক্তি আগবঢ়োৱা দেখা যায়। এফালে, মুক্ত বজাৰ ব্যৱস্থাই গোষ্ঠীগত ভাৱবৃত্তি (sentiments) ক্ষীণ কৰে। ব্যক্তিক বস্তুবাদী কৰি তোলে। ব্যক্তি সদায় লাভৰ অভিপ্ৰায়ত থাকে। ব্যক্তিৰ সমস্যাবোৰ বজাৰৰ লগতহে সম্পৰ্ক থাকে। তাৰ তুলনাত গোষ্ঠীগত সমস্যাবোৰৰ প্ৰভাৱ দুৰ্বল হৈ পৰে। যেনে-মহানগৰত থকা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যি সমস্যা, জনজাতীয় মধ্যবিত্ত শ্ৰেণীৰো একেই সমস্যা১০। আনফালে, মুক্ত বজাৰ ব্যৱস্থাৰ ফলত জনগোষ্ঠীসমূহৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। মানুহবিলাক নিজৰ জনগোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ পৰে। সকলোৱে নিজ নিজ ক্ষেত্ৰত ব্যস্ত হৈ পৰে। সকলো জনগোষ্ঠী সমানে বৃত্তিমুখী (professional) হ’লে সমস্যা নাছিল। সমস্যা হ’ল-কিছুমান জনগোষ্ঠী মুক্ত বজাৰ ব্যৱস্থাৰ সৈতে মিলি যাব পৰাকৈ উপযুক্ত নহয়। একে সময়তে এই ব্যৱস্থাত চৌদিশৰ পৰা চৰকাৰৰ ভুমিকা কমি আহে। গতিকে, ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ অপাৰগ হয়। সমস্যা বেছি জটিল হৈ পৰে যেতিয়া ব্যক্তিগত খণ্ডৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। বিভিন্ন সময়ত দেখা যায় যে মুক্ত বজাৰ ব্যৱস্থা সম্প্ৰসাৰণৰ ফলত ব্যক্তিগত খণ্ডৰ মালিকসকলে তেওঁলোকৰ ব্যৱসায় আৰু মুনাফা বৃদ্ধিৰ বাবে কিছুমান জনগোষ্ঠীক তেওঁলোকৰ আবাসস্থলৰ পৰা বহিস্কাৰ কৰিব বিছাৰে। সাধাৰণতে সকলো ফালৰ পৰা দুৰ্বল জনগোষ্ঠীকহে ব্যক্তিগত খণ্ডৰ মালিকসকলে তেওঁলোকৰ লক্ষ্য হিচাপে বাছি লয়। এনে মালিকসকলে তেওঁলোকৰ প্ৰস্তাৱিত উদ্যোগত কাম কৰাৰ বাবে আন গোষ্ঠীৰ লোকক কাম কৰিবলৈ নিয়োগ কৰে, যিসকলে কম মজুৰিৰ বিনিময়ত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ফলত স্বাভাৱিকতে সেই অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ সূ্ত্ৰপাত হয়। নাইবা, কিবা প্ৰকাৰে প্ৰস্তাৱিত স্থানৰ লোকসকলক তাৰ পৰা বহিস্কাৰ কৰিব পাৰিলেও সেই মানুহখিনি আন অঞ্চললৈ গৈ অবৈধভাৱে আবাস কৰিবলৈ বিছাৰিলে নতুন অঞ্চলৰ স্থানীয় লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে। আচলতে, ব্যক্তিগত খণ্ডৰ মালিকসকলৰ উদ্দেশ্যই হ’ল-পৃথিৱীৰ জনসংখ্যাৰ এটা বৃহৎ অংশ অৰ্থনীতিৰ আনুষ্ঠানিক খণ্ডৰ (exclusion from formal sector) পৰা নিলগত ৰাখি সস্তীয়া শ্ৰমিক সৃষ্টি কৰা আৰু পূঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা অব্যহত ৰখা১১
    অৰ্থনৈতিক কাৰণত গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱা দেশবিলাকৰ চৰকাৰে সঠিক অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা নাই বুলি ক’ব নোৱাৰি। ভাৰতবৰ্ষৰ কথাই ধৰক। অৰ্থনৈতিক সমতা স্থাপনৰ বাবে ভাৰতত চৰকাৰী চাকৰি, উচ্চ শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ বাবে সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা আছে। সময়ে সময়ে প্ৰৱৰ্তন কৰি থকা নতুন নতুন চৰকাৰী আঁচনিসমূহতো আছেই। সমস্যা হ’ল-সাংবিধানিক সুবিধা তথা বিভিন্ন চৰকাৰী আঁচনিবিলাক যি উদ্দেশ্যত প্ৰৱৰ্তন কৰা হৈছে সেইমতে সঠিক ৰূপায়ন হোৱা নাই। সুবিধাবাদী মনোভাৱ, অবাধ দুৰ্নীতি, ৰাতিৰ ভিতৰতে ধনী হোৱাৰ স্বপ্ন আদিৰ দৰে ব্যাধিবোৰৰ বাবে সাংবিধানিক সুবিধা বা অৰ্থনৈতিক নীতি তথা আচঁনিবিলাক সঠিক ৰূপায়ণ নহয়। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত পৃথিৱীৰ আন দেশবিলাকৰ পৰিস্থিতিও ইয়াৰ ব্যতিক্ৰম নহয়।                                                                                             
তথ্যসূত্ৰ:



Bardhan, Pranab (2005):  Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development, Chapter 9, (Oxford University Press), P. 171.
ibid, P.172.
কলিতা, ৰমেশ চন্দ্ৰ (২০০৭): ‘প্ৰব্ৰজনকাৰী সমস্যা আৰু অসম: আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা গোপীনাথ বৰদলৈ লৈকে’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা:৭-৩৮।
চৌধুৰী, মেদিনী (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা:২৩৭-২৮৩।
Bardhan, Pranab: ibid, p.172.
Bardhan,Pranab: ibid, p.173.
ডেকা, হৰেকৃষ্ণ (২০১৩): প্ৰব্ৰজন আৰু অনুপ্ৰবেশ: এটা সমস্যাৰ দুটা ৰূপ, (আঁক-বাক),পৃষ্ঠা:২১। 
ৰাভা, বিপুল কুমাৰ (২০১১): ‘গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগত’, প্ৰান্তিক, সংখ্যা ৭, বছৰ ৩০, পৃষ্ঠা: ১২।
Bardhan, Pranab: ibid, p.177-178.
১০ Bezbaruah, M P (2013): Developmental and Identity Aspirations in Northeast India: Conflicts to Synergy, Dialogue, Vol. 13, No. 4, Pp.21-29. 
১১ Sanyal, Kalyan (2007): Rethinking Capitalist Development: Primitive Accumulation, Governmentality & Post-Colonial Capitalism, (Routledge: Taylor & Francis Group).  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জানুৱাৰি ২০১৪]

অসমৰ চৰকাৰী কৰ্মচাৰীৰ কাউৰী-কুলিৰ মাত

যোৱা ২৮ মে’ ২০১৪ তাৰিখৰ কথা। পুৱা ৬.৪৫ বজাত মই সপত্নীক যোৰহাটলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। সেই উদ্দেশ্যে ২৭ মে’ৰ গধূলিয়ে গুৱাহাটী ISBT ৰ পৰা দুখন আসনৰ বাবে টিকট ললোঁ। টিকট কাউন্টাৰৰ মানুহজনে টিকটটো দি ক’লে যে গাড়ীখনৰ নম্বৰ ২৮ মে’ৰ পুৱা ৬ বজাৰ পাছতহে দিব পাৰিব। মই কলোঁ যে আমি বেলতলা চাৰিআলিৰ পৰাহে গাড়ীত উঠিম। তেখেতে ক’লে যে কোনো সমস্যা নাই, মই ফোন কৰি গাড়ীখনৰ নম্বৰটো ল’ব পাৰিম। তেখেতে এটা ফোনৰ নম্বৰ দিলে: ৯৪০১৭২৭০০৭। ২৮ মে’ৰ পুৱা ৬.১৫ বজাত উল্লিখিত ফোন নম্বৰটোত ফোন লগালোঁ। সিফালৰ পৰা ককৰ্শ মাতেৰে প্ৰায় ধমকিৰ সুৰত ক’লে যে মোক কোনখন গাড়ীৰ নম্বৰ লাগে, একেলগে দুখন গাড়ী যোৰহাটহৈ পুৱা ৬.১৫ বজাত গুৱাহাটী ISBT ৰ পৰা ৰাওনা হ’ব। এখন যাব ডিগবৈলৈ, আনখন যাব নামৰূপলৈ। টিকটখনত ডিগবৈ বা নামৰূপ-কোনটো শব্দ আছে বিছাৰিলোঁ। মই কলোঁ যে টিকটখনৰ প্ৰিন্টটো ইমান অস্পষ্ট যে তাত কি লিখা আছে ক’ব নোৱাৰি। তেখেতৰ মাতটো আৰু ককৰ্শ হ’ল আৰু মোক গাড়ীখনৰ নম্বৰটো ল’বলৈ বুলি ISBT লৈ মাতিলে। মোৰ এনেকুৱা লাগিল যেন তেখেতলৈ ফোন কৰি মই কিবা দোষহে কৰিলোঁ। আৱশেষত যেনিবা ইংৰাজীতে লিখা নামৰূপ শব্দটোৱে হ’ব বুলি অনুমান কৰি ‘নামৰূপ’ বুলি কোৱাত গাড়ীখনৰ নম্বৰটো পালোঁ। কিন্তু, মোৰ মনটো ইমান বেয়া লাগিল যে তেখেতলৈ ‘আপুনি যাত্ৰীৰ সৈতে ইমান টান মাত মাতে কিয়? অলপ মিঠা মাতেৰে মাতিব’ বুলি SMS এটা দিহে শান্তি পালোঁ। ভাবিলোঁ-কাউন্টাৰত থকা মানুহজনে ৰাতিপুৱাই ইমান ককৰ্শ আৰু অৱজ্ঞাৰ সুৰেৰে সঁহাৰি দিব লাগেনে? ব্যক্তিগত সেৱাসমূহত পোৱা ‘Good Morning জাতীয় সৌজন্যমূলক সম্ভাষণৰ আশা বাদেই দিলোঁ, ‘টিকটখনত থকা নামটো নামৰূপ নে ডিগবৈ লিখা আছে ভালকৈ চাওকচোন’ বুলিওতো ক’ব পাৰিলেহেঁতেন! 
পিছতহে মনলৈ আহিল। এয়া দেখোন অসম মুলকত সাধাৰণ কথা। অসমৰ আন চৰকাৰী কাৰ্যালয়তো দুই-এজনৰ বাহিৰে প্ৰথম অৱস্থাত ককৰ্শ আৰু অৱজ্ঞাৰ সুৰত কথা কোৱা কৰ্মচাৰী বহুত লগ পাইছোঁ। তেখেতসকলৰ এটাই ধাণ্ডা। উৎকোচ লাগে। দহ-বিছ টকা পকেটত গুজি দিলেই কাউৰীৰ মাত গুচি কুলিৰ মাত মাতে।
উল্লিখিত মানুহজনক যিহেতু ফোনেৰেহে যোগাযোগ কৰা হৈছে-সেয়েহে তেখেতে কাউৰীৰ দৰে কঠুৱা মাত মাতি ঠিকেই কৰিছিল!
   

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ ডিচেম্বৰ, ২০১৪]

ভগৱানক আৰাধনা কৰাৰ নামত আনক আমনি কৰে কিয়?

দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই অখণ্ড ভাগৱত পাঠ, হৰে কৃষ্ণ হৰে ৰাম ইত্যাদি কৰি থাকিলে ভাৱিবলৈ বাধ্য হওঁ, ধৰ্মৰ নামত মানুহবোৰ ইমান বলিয়া কিয়? এনেদৰে মন্তব্য নকৰিলোহেঁতেন, যদি ভগৱানক আৰাধনা কৰাৰ নামত উচ্চস্বৰত মাইকৰ ব্যৱহাৰ নকৰিলেহেঁতেন! দেখি আঁচৰিত লাগে-এইবোৰ কাৰ্যত জড়িতসকলৰ সৰহসংখ্যকে সংশ্লিষ্ট অঞ্চলটোৰ একো একোজন সংস্কৃতিবান বিশিষ্ট ব্যক্তি।
পৰিবেশ বিজ্ঞানত বাহ্যিকতা (Externality) বুলি বাস্তৱিক ধাৰণা এটা পঢ়িবলৈ পাওঁ। এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যই যেতিয়া আন এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যত মুদ্ৰাৰ লগত কোনো সম্পৰ্ক নথকাকৈ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় তাকে বাহ্যিকতা বুলি কোৱা হয়। বাহ্যিকতা ইতিবাচক বা নেতিবাচক হ’ব পাৰে। মানুহ এঘৰৰ ফুলনি, ইতিবাচক বাহ্যিকতাৰ উদাহৰণ। আনহাতে, আন মানুহৰ ওচৰত চিগাৰেট সেৱন কৰা নেতিবাচক বাহ্যিকতাৰ উদাহৰণ। সুৰীয়া আৰাধনা কিছুসময়ৰ বাবে সকলোৰে মন শীতল কৰি তুলিব পাৰে। গতিকে ই কিছুসময়ৰ বাবে ইতিবাচক বাহ্যিকতা আনি দিব পাৰে। নিজ ধৰ্মৰ নেদেখাজনক আৰাধনাৰে সন্তুষ্ট কৰি নিজৰ লগতে আনৰো উপকাৰ সাধন কৰা-প্ৰতিটো ধৰ্মৰে মহান উদ্দেশ্য। কিন্তু, দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই ভগৱানক আৰাধনা কৰাসকলে কাৰনো উপকাৰ (ইতিবাচক বাহ্যিকতা) সাধিছে? এইবোৰ কাম (?) আনক দেখুৱাবলৈ কৰাৰ বাহিৰে আন একো নহয় বুলিয়ে ভাৱো। সময় নাই, অসময় নাই-একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই আৰাধনা কৰাসকলকৰ এইকণ সাধাৰণ জ্ঞানো নাই নে যে ওচৰৰ বিদ্যালয়বোৰত দিনৰ ৯ বজাৰ পৰা ৩ বজালৈ পাঠদান চলে, চিকিৎসালয়ত মুমূৰ্ষু ৰোগী থাকে। হাস্যকৰ কথাটো হ’ল-এইবোৰ হেনো বিশ্বশান্তিৰ বাবে কৰে (ওচৰ মানুহক অশান্তি কৰি)।
ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক সন্মান জনাইও কওঁ যে এটা অঞ্চলত অকল এটা ধৰ্মৰ মানুহ বসবাস নকৰে। এটা ধৰ্মৰ মানুহে নিজ ধৰ্মৰ নীতি-নিয়ম পালনৰ নামত আন ধৰ্মৰ মানুহক আমনি কৰাৰ নিয়ম নিশ্চয় কোনো ধৰ্মতে নাই। ধাৰ্মিকসকলক এইবোৰ ক’ব লগা কথা নহয় বুলিয়ে ভাৱো। অন্যথা, বুজিবলৈ বাকী নাথাকে-‘Religion is opium of the masses(Karl Marx).  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ অক্টোবৰ, ২০১৪]

চৰকাৰী কাৰ্যালয়ত ছি ছি টিভি সম্পৰ্কে

অসমৰ বহু চৰকাৰী কাৰ্যালয়ত ছি ছি টিভি প্ৰয়োগ কৰা দেখা গৈছে। ইয়াৰ সহায়ত সংশ্লিষ্ট কাৰ্যালয়টোৰ শীৰ্ষ বিষয়াজনে নিজ কোঠাটোত বহিয়ে কাৰ্যালয়টোত কোন কোন আহিছে, কোনে কাৰ লগত কথা পাতিছে, কৰ্মচাৰীসকলে কাম কৰিছে নে নাই-সেয়া দেখি থাকে। বুজিবলৈ বাকী নাই যে চৰকাৰী কৰ্মচাৰী তথা দালালবোৰে যাতে জনসাধাৰণৰ পৰা উৎকোচ ল’বলৈ সাহস নকৰে তাৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰদ্বাৰা অসমত দুৰ্নীতিৰ প্ৰকোপ কিছু হ’লেও কমিব বুলি আশা কৰা হৈছে। পিছে, দুৰ্নীতি কমিছেনে?
আচলতে কাৰ্যালয়টোৰ যিবিলাক স্থানত কেমেৰাসমূহ স্থাপন কৰিব লাগে তেনে স্থানত স্থাপন কৰা নহয়। কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ, বাৰান্দা আদিৰ উপৰিও কাৰ্যালয়টোৰ ভিতৰত-যি কেইখন টেবুলত তেখেতৰ তলতীয়া কৰ্মচাৰীসকল বহে তেনে কোঠাৰ চাৰিওফালে কেমেৰা স্থাপন কৰিব লাগে যদিও সেয়া দেখা নাযায়। তাতোকৈ ডাঙৰ কথাটো হ’ল-শীৰ্ষ বিষয়াজনে কামৰ মাজে মাজে কেমেৰাসমূহে যোগান ধৰি থকা দৃশ্যসমূহ চায় নে নাচায়? যদি নাচায়, এইবোৰৰ প্ৰয়োজন ক’ত? যদি চায়, বিষয়াজন সৎ হ’লে কোনো কৰ্মচাৰীয়ে উৎকোচ লোৱা দেখিলে লোৱাজনৰ লগতে দিয়াজনকো শাস্তি বিহে বুলি আশা কৰিব পাৰি। কিন্তু, শীৰ্ষ বিষয়াজনো যদি একে চৰিত্ৰৰ হয়-তেন্তে কোনজন কৰ্মচাৰীয়ে, কাৰ পৰা, কিমান টকা উৎকোচ লৈছে আৰু তাৰ পৰা দিনটোৰ শেষত তেখেতৰ কিমান ক’লা ধন উপাৰ্জন হ’ব, নিশ্চয় আনন্দ মনেৰে তাৰে হিচাপ ৰাখি থাকে।

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ চেপ্তেম্বৰ, ২০১৪]  

Monday, 21 October 2013

অসমত পৃথক ৰাজ্য গঠনৰ প্ৰাসংগিকতা

     ইউ পি এ-২ চৰকাৰৰ উদ্দেশ্য যিয়েই নহওক, ২০১৩ চনৰ ৩০ জুলাইত কংগ্ৰেছ ৱাৰ্কিং কমিটিয়ে পৃথক তেলেংগানা ৰাজ্য গঠনৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ বহু ঠাইত পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন গা কৰি উঠিল। যেনে-পশ্চিমবংগক বিভাজন কৰি গোৰ্খালেণ্ড, তামিলনাডুক বিভাজন কৰি কংগোনাডু, কৰ্ণাটকক বিভাজন কৰি কুৰ্ণ ৰাজ্য, মণিপুৰক বিভাজন কৰি কুকি ৰাজ্য, উত্তৰ প্ৰদেশক বিভাজন কৰি অৱধ ৰাজ্য, পূৰ্বাঞ্চল, বুণ্ডেলখণ্ড, হৰিত, বিধৰ্ভ, ভোজপুৰ ৰাজ্য ইত্যাদি। অসমতো ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা দুখনক সামৰি এখন পৃথক ৰাজ্য গঠনৰ দাবী উঠিল। স্বত:স্ফূৰ্তভাৱে গা কৰি উঠা আন্দোলনৰ ফলত কাৰ্বি আংলং জিলাত ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হ’ল। আনফালে, বড়োসকলে বিটিএডি অঞ্চলক লৈ পৃথক বড়োলেণ্ড আৰু কোঁচ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰিলে।
     এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে ভাৰতত পৃথক ৰাজ্য গঠনৰ ক্ষেত্ৰত কোনো সুনিৰ্দিষ্ট নীতি-নিয়ম নাই। কিছুমান ৰাজ্য যদি আৰ্থ-সামাজিক সমস্যাৰ ভিত্তিত গঠন কৰিছে, আন কিছুমান ৰাজ্য পৃথক ভাষা-সাংস্কৃতিৰ ভিত্তিত আৰু কিছুমান ৰাজ্য দুয়োবিধৰ ভিত্তিতে গঠন কৰা হৈছে। আমাৰ লেখাটোত শেহতীয়াকৈ অসমত উত্থাপিত পৃথক ৰাজ্যৰ দাবীৰ প্ৰাসংগিকতা সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।
    দীৰ্ঘদিনীয়া দাবীৰ (১৯৫৬ চনৰ পৰা) ফলস্বৰূপে, বিশেষকৈ, আৰ্থ-সামাজিক সমস্যাৰ ভিত্তিতে অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনৰ বিভাজন ঘটাই তেলেংগানা অঞ্চলটোক সুকীয়া ৰাজ্যৰ মৰ্যদা দিবলৈ বিচৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ আন অঞ্চল-ৰায়ালসীমা আৰু উপকূলীয় অন্ধ্ৰৰ সৈতে তুলনা কৰিলে ৰাজ্যখনৰ ৰাজধানী হায়দৰাবাদৰ বাহিৰে তেলেংগানা অঞ্চলটো সকলো ফালৰ পৰাই যে পিচপৰা তাত সন্দেহ নাই। সেইফালৰ চালে অসমত বড়োসকলে বিটিএডি অঞ্চলটোক পৃথক বড়োলেণ্ড, কাৰ্বিসকলে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাক সামৰি এখন পৃথক ৰাজ্য আৰু কোচঁ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্য দাবী কৰাৰ নিশ্চয় যুক্তি আছে। অসমৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আদি অঞ্চল, উক্ত জনগোষ্ঠীসকলে দাবী কৰা অঞ্চলসমূহৰ তুলনাত সকলো ফালৰ পৰাই আগবাঢ়ি যোৱা দেখা গৈছে। অসমৰ এই অঞ্চলসমূহতে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহ অৱস্থিত। নতুনকৈ, বড়ো অধ্যূষিত কোকৰাঝাৰ জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল যদিও ইয়াক অতি সাম্প্ৰদায়িক ভিত্তিত স্থাপন কৰা হৈছে৷ বিটিএডি অঞ্চলত চিকিৎসা আৰু ইঞ্জিনিয়াৰিং মহাবিদ্যালয় মঞ্জুৰ হোৱাৰ লগে লগে অজনজাতি অধ্যূষিত অঞ্চল যেনে-বৰপেটা, নলবাৰী আদিতো তেনে শিক্ষানুষ্ঠান স্থাপনৰ বাবে মঞ্জুৰি লাভ কৰা পৰিলক্ষিত হৈছে (১)। সেইদৰে ডিমা হাচাও জিলাত মাত্ৰ এখনহে মহাবিদ্যালয়ৰ অৱস্থিতিয়ে কি সূচায়? আনফালে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আদিত থকা মহাবিদ্যালয়ৰ সংখ্যা বাদ দি যদি মাজুলীৰ কথা ধৰা যায়, যিটো কেৱল এখন মহকুমাহে (Sub-division), তাতে পাঁচখন মহাবিদ্যালয় আছে।
    কেন্দ্ৰত এন ডি এ চৰকাৰৰ শাসনকালত ২০০০ চনত মধ্যপ্ৰদেশক বিভাজন কৰি ছটিশগড়, বিহাৰক বিভাজন কৰি ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশৰ বিভাজন ঘটাই উত্তৰাখণ্ড-এই তিনিখন পৃথক ৰাজ্য গঠন কৰা হৈছিল। এই ৰাজ্যকেইখন গঠনৰ ভিত্তি আছিল-প্ৰধানকৈ জনজাতি অধ্যূষিত, বনাঞ্চল তথা পাহাৰীয়া অঞ্চল (২)। বুজাত অকনো অসুবিধা নাই যে অসমত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হোৱা অঞ্চলসমূহ ছটিশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ড ৰাজ্য যি ভিত্তিত গঠন কৰা হৈছিল, আটাইকেইটা ভিত্তিয়েই আছে।
    অসমত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হোৱা অঞ্চলসমূহত পূৰ্বতে তথাকথিত অসমীয়া লোকসকলে শোষণ কৰি থকাৰ অভিযোগ উত্থাপন হোৱা দেখা যায়। ইয়াৰ ভিত্তি নথকাও নহয়। পূৰ্বতে এই অঞ্চলসমূহত অৱস্থিত বিভিন্ন বিভাগসমূহত চাকৰি কৰা লোকসকলৰ সৰহসংখ্যকেই আছিল তথাকথিত অসমীয়া। ১৯৩০ চন পৰ্যন্ত বড়োলোকৰ এজনো চৰকাৰী চাকৰিত নাছিল। চাকৰি-বাকৰিৰ পৰাতো তেওঁলোক বঞ্চিত হৈছিলেই, মহাবিদ্যালয়ত পঢ়িবলৈ আহিও আন জনগোষ্ঠীৰ ছাত্ৰৰ অৱজ্ঞা পাত্ৰ হৈছিল(৩)। ঐতিহাসিক অসম আন্দোলনৰ আৰম্ভনিতে ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ এটা ডাঙৰ প্ৰতিনিধি দল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ ওচৰত যিখন ২২ দফীয়া স্মাৰক পত্ৰ দাখিল কৰিছিল তাত বাহিৰাগতৰ প্ৰশ্নটো ৭ নম্বৰতহে আছিল। ১ নম্বৰ দাবী আছিল জাতি আৰু জনজাতিসকলে লাভ কৰি অহা বিশেষ সা-সুবিধাবিলাক বন্ধ কৰিব লাগে(৪)। কেৱল সেয়াই নহয়, ১৯৮৫ চনত সাক্ষৰিত হোৱা ‘অসম চুক্তি’ৰ ১০ নম্বৰ দফাৰ সুযোগ গ্ৰহণ কৰি অসম গণ পৰিষদ চৰকাৰে বেদখল উচ্ছেদ কৰাৰ নামত চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা মাথোন জনজাতীয় দুখীয়া কৃষকক ব্যাপক হাৰত উচ্ছেদ কৰাত লাগি গ’ল(৫)।
    স্বাধীনতা সংগ্ৰামত অসমৰ জনজাতিসকলে যি সাহসী, বীৰত্ব আৰু দেশপ্ৰমৰ পৰিচয় দিছিল অসমৰ বাকী মানুহৰ মাজত তাৰ তুলনা নাছিল। অথচ, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰিয়ে আছিল। পিছলৈ তেওঁলোকৰ মাজতো শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পালে যদিও নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতিৰ বিকাশ হোৱা নাছিল। এই সম্পৰ্কে ড° প্ৰফুল্ল মহন্ত ডাঙৰীয়াই মন্তৱ্য কৰিছে যে অসম সাহিত্য সভাই অসমৰ বিভিন্ন অঞ্চলত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু বিভিন্ন জনগোষ্ঠীক অসমীয়া কৰাৰ ওপৰত যিমান গুৰুত্ব দিছিল সেইদৰে তেওঁলোকৰ ভাষা-সংস্কৃতি বিকাশ আৰু অগ্ৰগতি সম্পৰ্কে মনোযোগ দিয়া নাছিল। সভাই এনে এটা মনোভাৱ গ্ৰহণ কৰিছিল যেন অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হ’লেই তেওঁলোকৰ বিকাশ হ’ব(৬)। ইফালে, ‘অসম চুক্তি’খনৰ ৬ নম্বৰ দফাৰ সুযোগ লৈ অসম গণ পৰিষদ চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰিৰ বিজ্ঞপ্তিযোগে অসমৰ শিক্ষানুষ্ঠাসমূহত অনা-অসমীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত অসমীয়া ভাষা বাধ্যতামূলক তৃতীয় ভাষা হিচাপে জাপি দিলে(৭)। অৱশ্যে, ডিমা হাচাও (তেতিয়াৰ উত্তৰ কাছাৰ) তথা কাৰ্বি আংলং জিলা আৰু বিটিএডি অঞ্চলত স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছত চৰকাৰী চাকৰি কৰা জনজাতীয়লোকৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমান জনজাতীয় লোকসকলক অৱজ্ঞা কৰাৰ প্ৰৱণতা কিছু কমিছে যদিও এতিয়াও বা ভৱিষ্যতেও তথাকথিত অসমীয়াসকলক বিস্বাসত ল’ব পৰাৰ সম্ভাৱনা নাই।
     কোনো সন্দেহ নাই, সমগ্ৰ অসমৰ লগতে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰা অঞ্চলসমূহতো অবাধ অবৈধ অনুপ্ৰৱেশকাৰীয়ে অঞ্চলসমূহৰ জনসংখ্যা গাঁথনিৰ ওপৰত চিন্তনীয়ভাৱে প্ৰভাৱ পেলাইছে। অবৈধ অনুপ্ৰৱেশকাৰী বোলোতে ১৯৭১ চনৰ পাছত অসমলৈ প্ৰব্ৰজন ঘটা সকলোবোৰ বিদেশীকে সামৰি লোৱা হৈছে যদিও অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰকোপেই যে বেছি তাত দ্বিমত নাই। মানৱীয় দৃষ্টিভংগীৰে অবৈধ বাংলাদেশীসকলেও মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। যিখন দেশৰ জনসংখ্যাৰ ঘনত্ব প্ৰতিবৰ্গকিল’মিটাৰত ১,২০০ জনতকৈ অধিক, সেইখন দেশৰ জনসংখ্যাই মৌলিক প্ৰয়োজনৰ তাড়নাত চুবুৰীয়া দেশখনত অবৈধভাৱে অনুপ্ৰৱেশ কৰাটোৱেই স্বাভাৱিক। দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী হ’লে কথাটো বেলেগ হ’লেহেঁতেন। ভাৰতবৰ্ষৰ অৱস্থা যদি বাংলাদেশ আৰু বাংলাদেশৰ অৱস্থা ভাৰতবৰ্ষৰ দৰে হ’লে পৰিস্থিতি সম্পূৰ্ণ ওলোটা হ’লেহেঁতেন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘিষ্ঠ কৰক আৰু নিজৰ ভূমিতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওক। গতিকে, অঞ্চলটোৰ প্ৰতিজন অনুপ্ৰৱেশকাৰী চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা অতি আৱশ্যক। এই কাম কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে সমাপন কৰিব লাগিছিল যদিও ভোট বেংকৰ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি সমাপন নকৰাৰহে প্ৰৱণতা দেখা গৈছে(৮)। গতিকে, ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবিলাকে পৃথক ৰাজ্যৰ স্বীকৃতি পালে অন্ত:ত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চলত এই সমস্যাৰ সফল সমাধান আশা কৰিব পাৰি।
   চৰকাৰে অসমৰ ভূমিপুত্ৰ জনজাতিসকলক ভূমিস্বত্ত্বৰ নিৰাপত্তা দিব পৰা নাই। ভূমিস্বত্ত্বৰ নিৰাপত্তাহিনতাৰ বাবে অসমৰ জনজাতীয় লোকসকলৰ সৰহভাগেই দৰিদ্ৰ। স্বাধীনতাৰ আগেয়ে ভূমিস্বত্ত্বৰ নিৰাপত্তাই আছিল সদৌ অসম জনজাতি সংঘৰ মূল দাবী। সেই মৰ্মে ৮,৫৮,০৪২ বিঘা মাটি ৯টা জনজাতীয় মণ্ডল (Tribal Belt) আৰু ২৮টা জনজাতীয় খণ্ড (Tribal Block)ত ভাগ কৰা হৈছিল আৰু Assam Land and Revenue Regulation নামৰ দলিলখনৰ ১০ নম্বৰ অধ্যায়ত অন্তৰ্ভূক্ত কৰা হৈছিল(১৯৭৪ চনৰ ৫ ডিচেম্বৰত দলিলখন ছিলংৰ পৰা প্ৰকাশ পাইছিল)। কিন্তু সেই দলিলখনৰেই ১৬০ নম্বৰ ধাৰাৰ ২ নম্বৰ উপধাৰা মতে বান-খহনীয়াৰ বাবে ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ত্ব জিলা উপায়ুক্তক দিয়া হৈছিল। এইবোৰ অঞ্চলত জনজাতীয়লোককৰ পৰা সেই অঞ্চলত বাস কৰা অজনজাতীয়লোকক মাটিৰ স্বত্ত্ব হস্তান্তৰিত কৰাৰ অধিকাৰো জিলা উপায়ুক্তক দিয়া হৈছিল আৰু হস্তান্তৰো কৰিছিল(৯)।   
     এইটো সকলোৱে জনা কথা যে সমগ্ৰ দেশখনতে দুৰ্নীতিৰ প্ৰকোপ ব্যপক হাৰত বৃদ্ধি পাই আহিছে। দুৰ্নীতিৰ ক্ষেত্ৰত অসমো পিছ পৰি থকা নাই। Indian Corruption Study 2007 ৰ তথ্য অনুসৰি, ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ তালিকাখনত অসমো আছে। ক্ষুদ্ৰ ৰাজ্যৰ ক্ষেত্ৰত দুৰ্নীতিৰ দৰে ব্যাধি কমাব পৰাৰ সম্ভাৱনা ডাঙৰ ৰাজ্যতকৈ বেছি হয়। মুঠ কথা হ’ল-Small is beautiful
            পৃথক ৰাজ্য দাবী উত্থাপিত অঞ্চলসমূহৰ বিৰূদ্ধে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ যুক্তি হ’ল-সংশ্লিষ্ট অঞ্চলটোত বসবাস কৰি থকা আন লোকসকলক পৃথক ৰাজ্য দাবী উত্থাপন কৰা জনগোষ্ঠীটোৱে নিৰাপত্তা দিব পাৰিবনে? আজি যিবিলাক জনগোষ্ঠীয়ে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে তেওঁলোকৰ যুক্তি হ’ল তথাকথিত অসমীয়াসকলে তেওঁলোকক অসমৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে(১০)। তেওঁলোকে পৃথক ৰাজ্যৰ স্বীকৃতি পোৱাৰ পাছত আন লোকসকলক সংশ্লিষ্ট ৰাজ্যখনৰ(?) দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য নকৰিবনে?
     ধৰা হ’ল-পৃথক ৰাজ্য গঠনৰ পাছত উন্নয়নমূলক কামকাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক অনুদান আগবঢ়াই থাকিব। সৰু সৰু ৰাজ্যসমূহে প্ৰশাসনিক কামকাজ নিয়াৰিকৈ চলাব পৰাকৈ আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পাৰিবনে? প্ৰশাসনীয় ব্যয় (Administrative Costs)ৰ বাবেও যদি আনৰ হাত পাতিব লগা হয়, পৃথককৈ ৰাজ্য এখন গঠন কৰাৰ যুক্তি বিচাৰি পোৱা টান। অৱশ্যে, কৰৰ হাৰ বৃদ্ধি কৰি জোৰা মাৰিব পৰা যাব। কিন্তু তাৰ হেঁচা ৰাইজৰ ওপৰতহে পৰিব।
           অসমৰ নেতাসকলে ৰাজ্যখনৰ দুখীয়াসকলক শোষণ কৰি আহিছে। সকলোৱে বুজা উচিত যে শাসনৰ গাদী অব্যহত ৰাখিব বিচৰা নেতাসকলে অসমৰ জনগোষ্ঠীবিলাক একগোট হৈ থকাটো কেতিয়াও নিবিচাৰে আৰু বিচ্ছিন্নতা যাতে অব্যহত থাকে জনগোষ্ঠীয় তথা আন বৈশিষ্ট্যৰে বিচ্ছিন্ন নেতাসকলক লুণ্ঠনৰ অংশ দিয়াৰ টোপ দি থাকে। সুদীৰ্ঘ সংগ্ৰামৰ শেষত মাজে মাজে বুজা-বুজি হয় আৰু বিচ্ছিন্নতাবাদী নেতাসকলো শাসক শ্ৰেণীৰ অংশীদাৰ হৈ নিজ নিজ জাতি-গোষ্ঠীৰ সাধাৰণ ৰাইজক সংগ্ৰামৰ পথৰ পৰা কিছুদিনৰ বাবে আঁতৰাই ৰাখে(১১)। পৃথক ৰাজ্য দাবী উত্থাপন কৰা অঞ্চলৰ নেতাসকলেও একে নীতিকে অনুসৰণ নকৰিব বুলি কোনোবাই নিশ্চিয়তা দিব পাৰিবনে? আচল কথা হ’ল, ক্ষমতাৰ সুষম বিতৰণ হ’ব লাগে। কাৰণ, ক্ষমতাৰ সুষম বিতৰণে কিছুমান বিশেষ গোষ্ঠীৰ প্ৰভাৱ (Hegemony) সৃষ্টি হোৱাৰ সম্ভাৱনা দূৰ কৰে। ক্ষমতাৰ সুষম বিতৰণ এনেদৰে হ’ব লাগে যাতে দেশখনৰ শেষৰো শেষ গৰাকী ব্যক্তিৰ স্বকীয় প্ৰতিভাৰ পূৰ্ণ বিকাশ উন্মুক্ত, অবাধ আৰু নিৰংকুশভাৱে সম্ভৱ হয়(১২)।
      আজি বড়ো, কাৰ্বি, ডিমাচা আৰু কোঁচ-ৰাজবংশীসকলে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে। এওঁলোককে অনুসৰণ কৰি আহোম, মিচিং, ৰাভা, তিৱা আদি জনগোষ্ঠীবোৰেও সুকীয়া ৰাজ্য বিচাৰি দাবী উত্থাপন নকৰিব বুলি ক’ব নোৱাৰি। বৰ্তমান অসমত ২৩টা জনজাতি আছে। আটাইকেইটা জনজাতিয়ে   নিবিচাৰিলেও আঠটা মুখ্য জনজাতিয়ে পৃথক ‘লেণ্ড’ বিচাৰি সফল হ’ব পাৰিলে (সময়ৰ গতিত ৰাজনীতিৰ কুটিল পাকচক্ৰত পৰি সফল নহ’ব বুলি ক’ব নোৱাৰি) অসমৰ ভূখণ্ড কিমান থাকিবগৈ?
    শেষত, যি সময়ত অসমৰ সকলো জনগোষ্ঠী একগোট হ’ব লাগিছিল তেনে সময়ত বিভাজন বিচৰাটো নিশ্চয় সমগ্ৰ অসমবাসীৰ বাবে শুভ খবৰ নহয়। সিংহ আৰু ভালুকৰ যুঁজত শিয়ালে সুবিধা গ্ৰহণ কৰাৰ দৰে আজি অসমত নিজৰ মাজতে সংঘাত বৃদ্ধি হোৱাৰ ফলত বাংলাদেশ আৰু মহাচীনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ পাইছে। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডে অসমৰ সীমা অতিক্ৰম কৰি নিজৰ সীমা বৃদ্ধি কৰাৰ খবৰ কোনে নোপোৱাকৈ আছে? অসমৰ সকলো জনগোষ্ঠী একগোট হৈ মাত মাতি  চৰকাৰক হেঁচা প্ৰয়োগ কৰিলে (পৃথক ৰাজ্য গঠনৰ বাবে বা আন দাবীৰ ক্ষেত্ৰত যেনেদৰে হেঁচা প্ৰয়োগ কৰে) ৰাজ্যখনৰ বিভিন্ন সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। 

         
তথ্যসূত্ৰ:
() বসুমতাৰী, জনকলাল (২০১৩): ‘তেলেংগানা বনাম বড়োলেণ্ড’, আমাৰ অসম, ১৩ আৰু ১৪ আগষ্ট, পৃষ্ঠা:৪।
(২)Nambath, Suresh (2013):More Boundaries, Demand for New States, The Hindu, Lead Article, 24 August 2013.  
(৩)চৌধুৰী, মেদিনী (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৩৭-২৮৩।
(৪)বৰবৰা, গোলাপ (২০০৭): ‘বিদেশী বিতাৰণ আন্দোলন ব্যৰ্থ হৈছিল কিয়? এতিয়াও বাস্তৱ সমাধানৰ উপায় কি?’ ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:৯৬-১১৯।
(৫)দেউৰী, ইন্দিবৰ (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীয় প্ৰশ্ন’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৮৪-২৯৮।
(৬)মহন্ত, ড° প্ৰফুল্ল (২০০৯): অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, দ্বিতীয় প্ৰকাশ, লয়াৰ্ছ বুক ষ্টল (এল বি এচ পাব্লিকেশ্বনৰ এটা গোট), পৃষ্ঠা:৩৮২।
(৭)দেউৰী, ইন্দিবৰ (২০০৭): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৯৫।
(৮)ৰাভা, বিপুল কুমাৰ (২০১২): ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১, সংখ্যা ১৮, পৃষ্ঠা: ১৩।
(৯)গোহাঁই, ড° হীৰেন (২০১৩): ‘অসমৰ জনগোষ্ঠীয় সমস্যা (৩)’, গৰীয়সী, মাৰ্চ, বছৰ ২০, সংখ্যা ৬, পৃষ্ঠা: ১৬-২০।
(১০)বসুমতাৰী, জনকলাল (২০১৩):পূৰ্বোল্লেখিত, পৃষ্ঠা: ৪।
(১১)গোহাঁই, ড° হীৰেন (২০১৩): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২০।
(১২)চৌধুৰী, মেদিনী (২০০৭): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৮১।

                                                                                                          

[প্ৰকাশিত, প্ৰান্তিক ১৬-৩১ অক্টোবৰ ২০১৩]

Friday, 19 July 2013

ৰাভা হাছঙত তেজৰ বন্যা

ৰাভা হাছং এলেকা সঘনাই ৰক্তাক্ত হ’বলৈ ধৰিছে। ২০১১ চনৰ প্রথম ভাগত অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ সীমাঞ্চলত সংঘটিত গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষত মৃত্যু হোৱা লোকৰ তেজৰ চেঁকুৰা শুকুৱাই নাই, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (Rabha Hasong Autonomous Council) অঞ্চল ২০১৩ চনৰ ১২ ফেব্রুৱাৰিত আকৌ তেজৰে ৰাঙালী হ’ল। ১৩ ফেব্রুৱাৰিৰ গধূলিলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জন হ’ল। আহত লোকৰ সংখ্যা ৫০ জনতকৈ অধিক। অৱশ্যে, চৰকাৰী তথ্য মতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জনহে।
মূলত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত ৰাভাসকলৰ উদ্যোগত সংগঠিত অঞ্চলটোৰ ৩৪টা সংগঠনে পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰা আৰু তাৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে শাসনাধীষ্ঠ চৰকাৰৰ আঁকোৰ-গোজ মনোভাৱৰ বাবেই এই নিৰ্মম পৰিস্থিতিৰ উদ্ভৱ হ’ল। সংঘটিত পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াৰ ভাষ্য হ’ল-এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ কোনো পূৰ্বানুমান পোৱা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰি অঞ্চলটোৰ ৩৪টা সংগঠন একত্রিত হৈছে, চৰকাৰৰ সৈতে হোৱা বিফল আলোচনাৰ পিছত যৌথ সংগ্রাম সমিতিয়ে হ’বলগা পৰিস্থিতিৰ বাবে চৰকাৰ সাজু থাকক বুলি বাতৰি কাকতযোগে বিবৃতি দিছে, বিৰোধীতাৰ ফলস্বৰূপে ২৩ জানুৱাৰিৰ পৰা ৭২ ঘন্টীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল বন্ধ ফলৱতী হৈছে, ১১ ফেব্রুৱাৰিলৈকে অঞ্চলটোত ভোটকেন্দ্র স্থাপনৰ বাবে ঠিক কৰা ২৬খন বিদ্যালয় দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। তাৰোপৰি ৩টা চৰকাৰী কাৰ্যালয়, দুটা পঞ্চায়ত কাৰ্যালয়, ৭খন গাড়ী, ৩খন বজাৰ, ৭খন দলং জ্বলাই দিছে আৰু ২জন প্রাৰ্থীক আক্রমণ কৰিছে। ইমানবোৰ ইংগিত পোৱাৰ পিছতো পূৰ্বানুমান নোপোৱা কথাটো দুৰ্ভাগ্যজনক হোৱাৰ উপৰিও চৰকাৰৰ দায়িত্বহীনতা আৰু আঁকোৰ-গোজ মনোভাৱৰ চৰম পৰিচয় দিলে। এই ক্ষেত্রত গোৱালপাৰা জিলা প্রশাসনৰ ভুমিকাও উলাই কৰিব নোৱাৰি। জিলা প্রশাসনে পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান লৈ ৰাজ্যিক নিৰ্বাচনী আয়ুত্তলৈ যথাযথ প্রতিবেদন প্রেৰণ নকৰাৰ ফলত আয়োগে অঞ্চলটোৰ পৰিস্থিতি আগতীয়াকৈ অধ্যয়ন কৰাৰ এটা সুযোগ হেৰুৱালে।
যৌথ সংগ্রাম সমিতিৰে চৰকাৰৰ আলোচনা ইতিবাচক নোহোৱাৰ পাছত চৰকাৰৰ ফালৰ মন্তব্য আছিল এনেধৰণৰ-ৰাভা হাছঙত পঞ্চায়ত নিৰ্বাচন হ’বই, অঞ্চলটোত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও পৰিস্থিতি উত্তপ্ত হ’ব, অনুষ্ঠিত নকৰিলেও উত্তপ্ত হ’ব। আচলতে নিৰ্বাচন অনুষ্ঠিত নকৰিলে পৰিস্থিতি যিমান উত্তপ্ত  হ’ব, অনুষ্ঠিত কৰিলে তাতকৈ কম উত্তপ্ত  হ’ব। ইয়াৰ পৰা বুজা যায়, হ’বলগীয়া ৰক্তাত্ত পৰিস্থিতি সম্পৰ্কে চৰকাৰৰ সঠিক অনুমানেই আছিল। আচল কথাটো হ’ল-চৰকাৰে বলপূৰ্বকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰহে পক্ষপাতি আছিল। চৰকাৰৰ বলপূৰ্কভাৱে অসমৰ জনজাতি এটাৰ বিপক্ষে গ্রহণ কৰা সিদ্ধান্ত নিশ্চয় সঠিক নাছিল। এফালে চৰকাৰে অঞ্চলটোত পঞ্চায়ত নিৰ্বাচনৰ বাবে লোৱা সিদ্ধান্তত অটল, আনফালে ৩৪টা সংগঠনে যিকোনো ত্যাগৰ বিনিময়ত নিৰ্বাচন বিৰোধীতা কৰাৰ সিদ্ধান্তত অটল হৈ থাকিল।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ‘ৰাভা চুক্তি’খনে কি কয়? ১৯৯৫ চনৰ ১০ মাৰ্চত সেই সময়ৰ অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ উপস্থিতিত অসম চৰকাৰৰ মুখ্য সচিব এ ভট্টাচাৰ্য আৰু ৰাভা নেতৃত্বত থকা শৰৎ চন্দ্র ৰাভা, গংগাৰাজ ৰাভা, ৰতন চন্দ্র ৰাভা আৰু সুলোচন ৰাভাৰ স্বাক্ষৰেৰে ‘ৰাভা চুক্তি’ (Rabha Accord) খন স্বাক্ষৰিত হয়। চুক্তিখনৰ ৫ নম্বৰ দফাত স্পষ্টভাৱে লিখা আছে, ‘……the provision of Assam Panchyat Act, 1994 and the Assam Municipal Act, 1994 (amended) shall not apply to the areas of the village included in RHVC’ (Rabha Hasong Village Council) সেই মৰ্মে গোৱালপাৰা জিলাৰ ৩৮৭খন আৰু কামৰূপ জিলাৰ ৩৭৫ খন গাঁও প্রস্তাৱিত ৰাভা হাছঙৰ অন্তৰ্ভূক্ত গাঁও হিচাপে চিনাক্ত কৰাও হৈছে। চৰকাৰে স্পষ্টিকৰণ দিলে যে এই চুক্তিখনৰ ৫ নম্বৰ দফাটো ভুল আৰু অসাংবিধানিক। চৰকাৰৰ মতে, ৰাজ্য চৰকাৰ আৰু ৰাজ্য বিধান সভাৰ ৰাভা হাছং স্বায়ত্ত শাসিত এলেকাক পঞ্চায়ত আইনৰ বাহিৰত ৰখাৰ কোনো আইনগত অধিকাৰ নাই। ৰাভা হাছং চুক্তি সাক্ষৰিত হোৱাৰ পিছত অসম বিধানসভাৰ ১৯৯৫ চনৰ জুলাইত গৃহীত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ৰ পৰা ৰাভা চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দিয়া হৈছিল। অসম বিধান সভাত গৃহীত আইন অনুসৰিয়েই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত অন্তৰ্ৱতী পৰিষদে শপতগ্রহণ কৰি শাসনৰ দায়িত্বভাৰ গ্রহণ কৰিছিল। ২০০১ চনত অসম গণ পৰিষদৰ কাৰ্যকালত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ সংশোধন কৰা হৈছিল যদিও তেতিয়াও ৰাভা হাছং চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দি ৰখাই হৈছিল। ইয়াৰ পিছতো ৰাভা হাছং অন্তৰ্ৱতী পৰিষদ গঠন হৈছিল আৰু কোনেও এই ৫ নম্বৰ দফাৰ কথা উল্লেখ কৰি আপত্তি কৰা নাছিল। প্রশ্ন হ’ল-ৰাভা জনজাতিৰ মানুহখিনি সহজ সৰল হ’ল বুলিয়ে এনেকুৱা ভুল তথা অসাংবিধানিক চুক্তি এখন প্রস্তুত কৰি জনজাতিটোক বঞ্চনা কৰা হৈছে কিয়? আৰু যদি চৰকাৰৰ স্পষ্টিকৰণক এশ শতাংশ শুদ্ধ বুলি ধৰা হয়, তেন্তে ১৯৯৫ চনৰ জুলাইৰ পিছত গঠিত ৰাভা হাছং অন্তৰ্ৱতী পৰিষদৰ বিষয়বিবীয়াসকলৰ নামো দোষীৰ তালিকাত অন্তৰ্ভূক্ত নোহোৱাকৈ নাথাকে। অৱশ্যে এই ক্ষেত্রত বিতং অধ্যয়নৰ প্রয়োজন আছে। হয়তো চৰকাৰৰ এই নীতি ৰাভাসকলৰ মাজত ভুল বুজাবুজিৰ বীজ ৰোপনেৰে অন্তকলহ সৃষ্টিৰ উদ্দেশ্যও হ’ব পাৰে, তাৰ প্রতিও সজাগ হোৱা দৰকাৰ আছে।
অপ্রিয় হ’লেও সত্য যে ১২ ফেব্রুৱাৰিৰ ঘটনাটো উমি উমি জ্বলি থকা জুইকুৰাৰ বৰ্হিপ্রকাশহে। ৰাভাসকলে যোৱা ১০ বছৰ ধৰি জনজাতিটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী জনাই আহিছে। অঞ্চলটোৰ অৰাভাসকলে ৰাভাসকলৰ এই দাবীৰ তীব্র বিৰোধীতা কৰি আহিছে। যেতিয়ালৈকে ৰাভাসকলৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীটোৰ কোনো স্পষ্ট সমাধান পোৱা নাযাব, যদিও কাম্য নহয়, এনেধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈয়ে থকাৰ উমান নিশ্চয় সকলোৱে পাইছে। গতিকে, জনজাতিটো যদি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে উপযুক্ত হৈ উঠিছে তেনেহলে  ইতিমধ্যে অসম বিধান সভাত অগ্রাহ্য হোৱা খচৰা বিধেয়কখনৰ সালসললি ঘটাই পুনৰ উত্থাপন কৰা উচিত। কিন্তু সাৱধান হোৱা উচিত যাতে খচৰাখনক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰাৰ সুবিধা নাপায়। চৰকাৰেও খচৰাখনৰ উপযুক্ততা বিচাৰ কৰি গ্রহণযোগ্য লে গ্রহণ কৰিব লাগে আৰু অগ্রাহ্য কৰিলে অগ্রাহ্যৰ কাৰণবোৰ স্পষ্টভাৱে দাঙি ধৰিব লাগে। অগ্রাহ্যৰ কাৰণবোৰ যুক্তিসংগত লে ৰাভা জনজাতিটোৱে সহনশীলতা বজাই ৰাখি কেনেকৈ উপযুক্ত কৰি তুলিব পাৰি তাৰ কৌশল উদ্ভাৱনত মন দিব লাগে। আকৌ সাৱধান হ’ব লাগে যাতে ইয়াৰ বাবে সৰ্বসাধাৰণ মানুহৰ জীৱন বলি দিবলগীয়া নহয়। কাৰণ, কি শিক্ষিত, কি অশিক্ষিত, উত্তেজিত জনতাই উত্তেজনাৰ সময়ত ‘পঞ্চায়তীৰাজ কি?’ যেনেদৰে বুজি নাপায় ‘ৰাভা হাছং স্বায়ত্তশাসন পৰিষদ কি?’ তাকো স্পষ্টকৈ বুজি নাপায়। বুজা উচিত যে প্রাপ্য সা-সুবিধা নোপোৱালৈকে বিভিন্ন আন্দোলনবিলাক অব্যাহত থাকিব, সঁচা-মিছা নজনাকৈয়ে উত্তেজনাৰ বসৱৰ্তী হৈ সংঘৰ্ষৰ সূত্রপাত হ’ব, সংঘৰ্ষত সাধাৰণ মানুহৰ মৃত্যু ঘটিব, ৰাজহুৱা শ্রাদ্ধত মৃতকক শ্বহীদ হিচাপে ঘোষণা কৰা হ’ব, নেতৃত্বৰ দায়িত্ব এটা্ প্রজন্মৰ পিছত আন এটা প্রজন্মই ল’ব; কিন্তু যিসকলে তেওঁলোকৰ আপোনজনক অকালতে চিৰদিনৰ বাবে হেৰুৱালে চৰকাৰে আগবঢ়োৱা নগদ পাঁচলাখ টকাই জানো পূৰণ কৰিব পাৰিব?
এইখিনিতে এটা কথা উল্লেখ কৰাৰ প্রয়োজন যে চৰকাৰৰ সৈতে ৩৪টা সংগঠনৰ আলোচনা বিফল হোৱাৰ পিছতে অঞ্চলটোত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিলে। বিদ্যালয় গৃহ, চৰকাৰী কাৰ্যালয় গৃহ, কাঠৰ দলং আদি দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে। ইয়াত দুষ্কৃতিকাৰীসকল কোন? দুষ্কৃতিকাৰী বুলি স্বাভাৱিকতে ৰাভা জনজাতিৰ লোক আৰু ৩৪টা সংগঠনলৈ আঙুলি টোওৱাৰ প্রৱণতা আছে (যিহেতু কোনেও দায়িত্ব স্বীকাৰ কৰা নাই) যদিও সঁচা কথাটো হ’ল এই ছেগতে জনজাতিটোৰ বিদ্ধেষী কিছুমান লোকৰ দ্বাৰাও এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আচল কথাটো হ’ল-দুষ্কাৰ্য যিয়ে নকৰক, এটা অঞ্চলৰ আন্ত:গাঠনি ক্ষতিগ্রস্ত হ’লে সমগ্র অঞ্চলটোৰে ক্ষতি হয়।    
শেষত, অবাঞ্চিত পৰিস্থিতিৰ বাবে অঞ্চলটোৰ যি কেইটা পঞ্চায়ত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল, চৰকাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত দিছে। যদি সেয়াই হয়, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল কম সময়ৰ ভিতৰতে আকৌ এবাৰ তেজৰে প্লাৱিত হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। গতিকে সংঘটিত হৈ যোৱা ৰক্তাক্ত পৰিস্থিতিৰ দৰে পৰিস্থিতি যাতে দুনাই সংঘটিত নহয় তাৰ বাবে দুয়ো পক্ষই আঁকোৰ-গোজ মনোভাৱ পৰিত্যাগ কৰি সহনশীলতা বজাই ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰাহে উচিত হ’ব।


Thursday, 6 June 2013

আপোনাক বাৰু কেতিয়া বেছিকৈ লাজ লাগে?


বিভিন্ন সময়ত বিভিন্ন কামৰ বাবে লাজত নপৰা মানুহ হয়তো খুব কমেইহে ওলাব। কেতিয়াবা যদি নিজে কৰা ভুলৰ বাবে লাজত পৰিছোঁ। কেতিয়াবা আকৌ আত্মীয়-স্বজনে কৰা ভুলৰ বাবে লাজ লগা পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। কিন্তু দুটা পৰিস্থিতিত মোৰ সকলোতকৈ বেছি লাজ লাগে। প্রথম, কোনোবা বিশ্বাসী মানুহে মিছা মতাৰ পিছ মূহুর্ততে যদি তেখেত ধৰা পৰে। হাতে হাতে মোবাইল হোৱাৰে পৰা বেছিকৈ এই পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। ‘আপোনাক লগ কৰিব বিছাৰিছোঁ, অনুগ্রহ কৰি ক’ত আছে জনাবনে? অমুক স্থানত আছে নেকি?’ বুলি ফোনতে অনুমতি ল’ব বিছাৰিলে, লগ দিব নিবিচৰা মহান ব্যক্তিসকলে ‘অমুক স্থানত নাই’ বুলি কৈ আন এঠাইত থকা বুলি জনায়। কিন্তু পিছ মূহুর্ততে লগ পাব বিচৰা স্থানতে যেতিয়া তেখেতক দেখা পাওঁ নিজকে বৰ অদৰকাৰী মানুহ যেন অনুভৱ হয় আৰু খুউব লাজ লাগে। দ্বিতীয়, বিপদৰ সময়ত মোৰ পৰা টকা ধাৰে লোৱা মানুহে যদি কোনোদিন টকাখিনি ঘুৰাই দিয়াৰ কথা নাভাবে আৰু মোক দেখিলে নেদেখাৰ ভাও জুৰি অচিনাকি মানুহৰ দৰে আচৰণ কৰে অথচ বন্ধু বর্গৰ সৈতে মদ, ভাং খাই টকা উৰুৱাই থাকে, মই খুউব বিৰক্তি অনু্ভৱ কৰোঁ আৰু লাজ পাওঁ। ময়ো তেখেতক দেখিলে অচিনাকি মানুহৰ দৰে আচৰণ কৰিহে কিছু শান্তি পাওঁ।আপোনাক বাৰু কেতিয়া বেছিকৈ লাজ লাগে?


(প্রকাশিত, ‘প্রান্তিক’ ১-১৫ জুন, ২০১)