Thursday, 15 January 2015

ভাৰত আৰু অসমৰ দুৰ্নীতিৰ ছবিখন

চৰকাৰী কাৰ্যালয়ত নিজৰ কাম কৰাবলৈ যোৱাসকলে গম পায়, কিছুমান চৰকাৰী কাৰ্যালয়ক দুৰ্নীতিয়ে কেনেদৰে পয়ালগাকৈ ছানি ধৰিছে। দুৰ্নীতিয়ে ভাৰতৰ অৰ্থনীতিক বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছে, যিটো সম্প্ৰতিক সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। ২০০৫ চনত Transparency  International এ চলোৱা এটা সমীক্ষাত প্ৰকাশ যে ৬২ শতাংশতকৈ অধিক ভাৰতীয়ই চৰকাৰী খণ্ডৰ চাকৰিত যোগদান কৰাৰ বাবে উৎকোচ দিয়াৰ অভিজ্ঞতা লাভ কৰে। আমাৰ এই লেখাটোত প্ৰথমতে দুৰ্নীতি সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা হৈছে আৰু তাৰ পাছত অসমৰ দুৰ্নীতিৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
ভাৰতত দুৰ্নীতিৰ ধাৰণা নতুন নহয়। ভাৰতৰ প্ৰাচীন পণ্ডিত কৌটিল্যই ‘অৰ্থশাস্ত্ৰ’খন লিখাৰ সময়তো দুৰ্নীতিৰ প্ৰভাৱ আছিল। তেখেতে লিখি থৈ গৈছে, “জিভাত মৌ বা বিষ কঢ়িয়াই আনিলে যেনেকৈ তাৰ সোৱাদ নোলোৱা অসম্ভৱ, তেনেদৰে ৰজাৰ কৰ্মচাৰীয়ে ৰজাৰ আয়ৰ কিছু অংশ নোখোৱাটোও অসম্ভৱ। পানীত সাতোঁৰাৰ সময়ত মাছে পানী খোৱা বা নোখোৱাৰ কথা যেনেদৰে কব নোৱাৰি, তেনেদৰে চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কাম কৰাৰ সময়ত চৰকাৰী ধন আত্মসাৎ কৰে বা নকৰে বুলি কব নোৱাৰি
প্ৰসংগ বা পৰিস্থিতি অনুসৰি দুৰ্নীতিৰ অৰ্থ বেলেগ বেলেগ হয়। আনকি অৰ্থনৈতিক গণ্ডীৰ ভিতৰতে দুৰ্নীতিৰ অৰ্থ একে নহয়। অৰ্থনৈতিক দিশৰ পৰা সাধাৰণতে দুৰ্নীতিৰ অৰ্থ হ’ল-এক প্ৰকাৰৰ কাৰ্য য’ত চৰকাৰী কৰ্মচাৰীয়ে নিজৰ স্বাৰ্থৰ বাবে ৰাজহুৱা কাৰ্যালয় ব্যৱহাৰ কৰে, কিন্তু সেয়া সঠিকভাবে নিৰীক্ষণ কৰা সহজ নহয়2। ইয়াৰ অৰ্থ এইটো নহয় যে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত দুৰ্নীতি নহয়। নিজৰ কামটো সোনকালে সম্পন্ন কৰাই ল’বৰ বাবে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়তো উৎকোচ দিয়াৰ নজিৰ আছে। উৎকোচৰ মাধ্যম হিচাপে সাধাৰণতে মুদ্ৰাকে ব্যৱহাৰ কৰা হয়। কাৰণ, বিংশ শতিকাৰ বিখ্যাত অৰ্থনীতিবিদ জে এম কেইনচে কোৱাৰ দৰে মুদ্ৰা হ’ল আটাইতকে বেছি তৰল দ্ৰৱ্য, যাক অতি কম সময়ৰ ভিতৰতে যিকোনো দ্ৰৱ্যলৈ ৰূপান্তৰিত কৰিব পাৰি।       
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে-যদিও বেআইনী কাম আৰু দুৰ্নীতিক প্ৰায়ে একে অৰ্থতে ব্যৱহাৰ কৰা দেখা যায়, সকলোবোৰ বেআইনী কাম দুৰ্নীতিমূলক নহ’বও পাৰে আৰু সকলোবোৰ দুৰ্নীতিমূলক কাম বেআইনী নহ’বও পাৰে। যেনে-ৰেষ্টুৰেণ্ট এখনত ভাল আসন পাবৰ বাবে পৰিচাৰক এজনক কিছু পৰিমানৰ টিপচ দিয়া বেআইনী যদিও একে আষাৰে দুৰ্নীতিমূলক কাৰ্য বুলি ক’ব নোৱাৰি। আনহাতে, গুৰুত্বপূৰ্ণ ৰাজহুৱা কাম আদায় কৰাৰ বাবে কোনোবাই এজন ৰাজনীতিকক ভাল উপহাৰ দিয়া দুৰ্নীতি যদিও বেআইনী বুলিব নোৱাৰি। অৱশ্যে, দুয়োৰে মাজত থকা সীমাৰেখাডাল টনা ইমান সহজ নহয়। সেইদৰে, অনৈতিক কাম আৰু দুৰ্নীতিৰ মাজতো পাৰ্থক্য নথকা নহয়। কোনোবাই ব্লেকমেইলাৰ এজনক ধন দিয়া কাৰ্য অনৈতিক। কিন্তু, ব্লেকমেইলাৰজনক যদি ধন দিওতাই তেওঁৰ ক্ষতি কৰিব পৰা তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ধন দিছে, সেয়া অনৈতিক কাম যদিও দুৰ্নীতিমূলক নহয়। আনহাতে, কোনোবাই শাৰীৰিক বা মানসিক হাৰাশাস্তি কম কৰিবলৈ আৰক্ষীক ধন দিয়া কাৰ্য দুৰ্নীতিৰ ভিতৰত পৰে যদিও সেয়া অনৈতিক কাম বুলিব নোৱাৰি
প্ৰশ্ন হ’ল- চৰকাৰী কৰ্মচাৰীসকলে দুৰ্নীতিত লিপ্ত হয় কিয়? কি কাৰণত তেওঁলোকে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যখিনি কৰাৰ বাবদ চৰকাৰী ধন আত্মসাৎ কৰে বা জনসাধাৰণৰ পৰা উৎকোচ বিচাৰে? ইয়াৰ উত্তৰত অৰ্থনীতিবিদ অনুযায়ী ভিন ভিন মন্তব্য দিয়া দেখা যায়। কিন্তু, এটা কাৰণত তেওঁলোক একমত যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সা-সুবিধা তেওঁলোকে আশা কৰাতকৈ কম হোৱাৰ বাবে বহুতো চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী ধন আত্মসাৎ কৰে বা জনসাধাৰণৰ পৰা উৎকোচ গ্ৰহণেৰে নিজৰ প্ৰয়োজনীয়খিনি পূৰাব বিচাৰে। এটা বিভাগৰ কৰ্মচাৰীসকল যদি আন এটা বিভাগৰ কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে, অথচ নিৰ্ভৰশীল বিভাগটোৰ কৰ্মচাৰীসকলৰ দৰমহা আনটো বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহাৰ তুলনাত বহুত বেছি, তেন্তে আন বিভাগৰ কৰ্মচাৰীসকল নিৰ্ভৰশীল কৰ্মচাৰীসকলৰ পৰা উৎকোচ লোৱাৰ ধান্দাত থাকে। উদাহৰণস্বৰূপে, ধৰা হ’ল-‘ক’ আৰু ‘খ’ দুটা বেলেগ বেলেগ বিভাগ। ‘ক’ বিভাগত কৰ্মচাৰী হিচাপে নিযুক্তি পাবলৈ ‘খ’ বিভাগৰ কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অথচ, ‘খ’ বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ দৰমহা ‘ক’ বিভাগত কাম কৰা কৰ্মচাৰীসকলতকৈ বহুত কম। তেনে ক্ষেত্ৰত ‘খ’ বিভাগত কাম কৰা কৰ্মচাৰীসকলে ‘ক’ বিভাগত নিযুক্তি পাবলগীয়া লোকসকলৰ পৰা উৎকোচ লোৱাৰ ধান্দাত থাকে। আনফালে, বেছি দৰমহা পাবলগীয়া চাকৰিত নিযুক্তি পাবলগীয়া লোকসকলেও চাকৰিটোৰ বাবে প্ৰয়োজনীয় কামখিনি সোনকালে কৰাই লোৱাৰ মানসেৰে উৎকোচ দিবলৈ কুণ্ঠাবোধ নকৰে। উৎকোচেৰে ধন ঘটাৰ বাদটো মুকলি যেন পালেই এই শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীসকলৰ (‘খ’ বিভাগৰ কৰ্মচাৰীৰ) লোভৰ সীমা নোহোৱা হয় আৰু দুগুণ উৎসাহেৰে ধন ঘটিবলৈ ধৰে।
দুৰ্নীতিৰ আন এটা কাৰণ হ’ল-সংশ্লিষ্ট দেশখনৰ প্ৰচলিত নীতি-নিয়ম আৰু কৰ্ম-সংস্কৃতি (?)। যিবিলাক দেশৰ বা ৰাজ্যৰ কাম কৰাৰ পদ্ধতি শৃংখলাবদ্ধ নহয়, চৰকাৰী নীতি-নিয়মৰ প্ৰতি সাধাৰণ মানুহৰ একেবাৰে আস্থা নাই, সহজে ধন উপাৰ্জন কৰিব বিচৰা মানসিকতাৰ লোকৰ সংখ্যা অধিক, চৰকাৰ গঠন কৰা নেতাসকল অকৰ্মন্য, অদক্ষ, অৰ্ধশিক্ষিত, অদূৰদৰ্শী, তেনে দেশ বা ৰাজ্যক দুৰ্নীতিয়ে খুলি খুলি খায়। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো এলান্দুকলীয়া, অলাগতীয়ালভাবে ফাইলৰ দীঘলীয়া মেৰপাকেৰে চলা প্ৰক্ৰিয়া বৰ্তমানো চলাই থকাৰ ফলতো দুৰ্নীতি বৃদ্ধি পাইছে। তদুপৰি, সংশ্লিষ্ট কাৰ্যালয়টোত কৰ্মচাৰীৰ সংখ্যা প্ৰয়োজনতকৈ কম হ’লে দুৰ্নীতিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰৱণতা থাকে।   
চৰকাৰী কাৰ্যালয় এটাৰ প্ৰথম অৱস্থাৰ কাৰ্য পদ্ধতিৰ ওপৰতো সংশ্লিষ্ট কাৰ্যালয়টো দুৰ্নীতিগ্ৰস্ত কাৰ্যালয়লৈ ৰূপান্তৰিত হোৱা বা নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰে। আন কথা একে থাকিলে, চৰকাৰী কাৰ্যালয় এটা মুকলি কৰাৰ সময়ত কাৰ্যালয়টোত যোগদান কৰা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰথম অৱস্থাত উৎকোচ লোৱা কৰ্মচাৰীতকৈ উৎকোচ নোলোৱা কৰ্মচাৰীৰ সংখ্যা বেছি থাকে। সময়ৰ লগে লগে এই অৱস্থাৰ পৰিবৰ্তন হ’বলৈ ধৰে। অৰ্থাৎ, কাৰ্যালয়টোত উৎকোচ লোৱা কৰ্মচাৰীৰ সংখ্যা বাঢ়িবলৈ ধৰে আৰু উৎকোচ নোলোৱা কৰ্মচাৰীৰ সংখ্যা কমিবলৈ ধৰে। এটা সময়ত এই দুই প্ৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় একে হয়। এই অৱস্থাত কিছুমান চৰকাৰী কৰ্মচাৰী দোমোজাত থাকে। মানে-কোনফালে যাব? উৎকোচ লোৱাসকলৰ ফালে যাব নে উৎকোচ নোলোৱাসকলৰ ফালে যাব? দোমোজাত থকাসকলে যদি উৎকোচ লোৱাসকলৰ ফালে ঢাল খায়, কাৰ্যালয়টো দুৰ্নীতিত পোত খায়। গতিকে, কাৰ্যালয়টো যদি প্ৰথম অৱস্থাৰ পৰাই দুৰ্নীতিমুক্ত হয়, তেন্তে দোমোজাত থকাসকলে উৎকোচ নোলোৱাসকলৰ ফালে যাব আৰু কাৰ্যালয়টো দুৰ্নীতিমুক্ত হৈ থাকিব পাৰিব
দুৰ্নীতিৰ বাবে অকল দুৰ্নীতিগ্ৰস্ত কাৰ্যালয়টোত কাম কৰা কৰ্মচাৰীসকলহে দায়ী নে? আচলতে চৰকাৰী কাৰ্যালয় এটা দুৰ্নীতিগ্ৰস্ত কৰাত উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে তেওঁলোকক উৎকোচ দিয়া সৰ্বসাধাৰণো সমানে দায়ী। প্ৰশ্ন হ’ল-সৰ্বসাধাৰণে চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিয়ে কিয়? ইয়াৰ উত্তৰ হ’ল-দ্ৰুতগতিত কাম সম্পন্ন কৰা। অৰ্থাৎ, নিজৰ কামখিনি সংশ্লিষ্ট কাৰ্যালয়টোৰ পৰা যিমান পাৰি সিমান সোনকালে সমাপন কৰাই অনাৰ স্বাৰ্থতে সৰ্বসাধাৰণে চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিয়ে। কিছুমান মানুহে উৎকোচেৰে নিজৰ কামটো দ্ৰুতগতিত সম্পন্ন কৰাই আনিব পাৰিলে বিশ্বখন জয় কৰি অহা বুলি ভাৱে। কিন্তু, উৎকোচ দিলেই সকলোবোৰ কাম দ্ৰতগতিত সম্পন্ন কৰাব পাৰি জানো? ১৯৬৪ চনত ভাৰত চৰকাৰে গঠন কৰি দিয়া Santhanam Committee on the Prevention of Corruption ৰ প্ৰতিবেদনত কোৱা হৈছে যে উৎকোচ দিয়াৰ ফলত দ্ৰতগতিত কাম সম্পন্ন কৰাৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীসকলে অধিক উৎকোচ পোৱাৰ আশাত দেৰিহে কৰে। তদুপৰি, বুজিবলৈ অতি সহজ যে অত্যন্ত ব্যস্ত কাৰ্যালয় এটাত, য’ত প্ৰতিদিনে শ শ নতুন ফাইল সৃষ্টি হয়, সকলোৱে যদি নিজৰ নিজৰ ফাইলৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাবৰ বাবে কৰ্মচাৰীসকলক উৎকোচ দিয়ে, কথাটো একেই হয়গৈ। উৎকোচ নিদিয়াকৈ সমাপন কৰিবলৈ যিমান সময় লাগিব উৎকোচ দিয়াৰ পাছতো (মানুহ হিচাপে কাম কৰাৰ সীমাবদ্ধতা থকাৰ বাবে) কৰ্মচাৰীসকলে সকলোবোৰ উৎকোচ লোৱা ফাইলৰ কাম কৰিবলৈ একেখিনি সময়ে লাগিব। তথাপিও জনসাধাৰণে উৎকোচ দিয়ে। কিয়?
আচলতে দুৰ্নীতি সম্পৰ্কে কিছুমান চৰকাৰী কাৰ্যালয় Stereotyping লৈ ৰূপান্তৰিত হয়। জনসাধাৰণৰ মনত সোমাই যায় যে তেনেকুৱা কাৰ্যালয়বোৰত উৎকোচ নিদিলে একো কামেই সম্পন্ন নহয়। P Oldenburg (1987) ৰ এটা অধ্যয়নত প্ৰকাশ পাইছে যে উত্তৰপ্ৰদেশৰ কৃষকসকলে নিজৰ কৃষিভূমি সম্পৰ্কে জানিবলৈ যেতিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছিল, তাত অভাৱনীয়ভাবে দুৰ্নীতিয়ে দেখা দিছিল।  কি কাৰণত কৃষকসকলে চক্ৰ বিয়ষাৰ চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিছে, সেয়া জানিব বিচৰাত কৃষকসকলে জনাইছিল যে কাৰ্যালয়টোত কেনেদৰে কাম কৰে তেওঁলোকে একো পাত্তাই নাপায়। তেওঁলোকে এটা কথাই আগতীয়াকৈ জানে যে উক্ত কাৰ্যালয়টোৰ পৰা কাম আদায় কৰিবলৈ হ’লে কৰ্মচাৰীসকলক উৎকোচ দিবই লাগিব।
এতিয়া অসমৰ দুৰ্নীতিৰ ছবিখনলৈ চোৱা যাওক। ২০০৮ চনত প্ৰকাশ পোৱা ‘India Corruption Study 2007’ৰ প্ৰতিবেদনত দুৰ্নীতি সম্পৰ্কে চাৰিটা অৱস্থা-বিপদসংকুল (Alarming), অতি উচ্চ (Very High), উচ্চ (High) আৰু সংযত (Moderate)ৰ ভিতৰত অসমৰ স্থান বিপদসংকুল ৰাজ্যৰ (Alarming States) ভিতৰত পৰিছে। অসমৰ লগতে এই স্থানত থকা আন ৰাজ্যসমূহ হ’ল-বিহাৰ, উত্তৰপ্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, গোৱা আৰু নাগালেণ্ড। অধ্যয়নটোত এঘাৰটা চৰকাৰী সেৱা-আৰক্ষী, ভূমি আৰু পঞ্জীয়ন, চৰকাৰী আবাস, পানী যোগান সেৱা, NREGA (এতিয়াৰ MGNREGA), বনাঞ্চল, বিজুলী, স্বাস্থ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা, বেংক আৰু শিক্ষা (দ্বাদশ শ্ৰেণীলৈ) সামৰি লোৱা হৈছিল।
অধ্যয়নটোৱে সামৰি লোৱা প্ৰতিটো সেৱাত, অসমত কেনেদৰে দুৰ্নীতি চলিছে সেয়া আলোচনা কৰিবলৈ গ’লে লেখাটো বহুত দীঘল হ’ব। সেয়ে মাত্ৰ এটা সেৱা-উন্নয়নৰ ধ্বজ্জাবাহী আইন তথা আঁচনি MGNREGAৰ দুৰ্নীতিৰ উদাহৰণ দিয়া হ’ল। ধেমাজি জিলাত অৱস্থিত এটা উপ-ডাকঘৰত পোষ্ট মাষ্টাৰ হিচাপে কাম কৰা জিতেন বেজবৰুৱাই (২০১৩) তেখেতৰ অভিজ্ঞতাৰ ভিত্তিত কৈছে যে MGNREGAৰ অধীনত কাম কৰা হিতাধিকাৰী বনুৱাসকলক ডাকঘৰৰ যোগেদি ধন আদায় দিব লাগে বাবে হিতাধিকাৰী বনুৱাৰ উপৰিও এলেকাটোৰ বহুতো যুৱক আঁচনিখনৰ সৈতে জড়িত হৈ তেখেতে কাম কৰা ডাকঘৰটোত ভিৰ কৰে, যিসকলৰ কোনো আনুষ্ঠানিক পৰিচয় নাই। নিয়মমতে ডাকঘৰে MGNREGAৰ টকা পোনপতীয়াকৈ বনুৱাক প্ৰদান কৰিব লাগে যদিও অঞ্চলটোত গৰিষ্ঠসংখ্যক বনুৱাৰ সৈতে ডাকঘৰৰ কোনো সম্পৰ্ক নাই। মধ্যভোগীৰ মাধ্যমেৰেই সকলোবোৰ লেনদেন হয়। কোনোবাই প্ৰতিবাদ কৰিলেও চুপ হৈ থাকিবলৈ বাধ্য হয়। কাৰণ, ওপৰৰ পৰা একেবাৰে তললৈকে সকলোবোৰ সাঙুৰি এনে এটা সুন্দৰভাবে সংগঠিত ব্যৱস্থা আছে যে কোনোবা ব্যক্তিয়ে অকলে থিয় দি ব্যৱস্থাটোক একো সলনি কৰিব নোৱাৰে। তেখেতে আৰু কৈছে যে MGNREGAৰ ধন ওপৰৰ পৰা আহি গাঁও পঞ্চায়ত পায় মানে বৃহৎ পৰিমাণৰ ধন ইতিমধ্যে হৰণ-ভগন হৈ যায়। গতিকে বনুৱাসকলক প্ৰত্যক্ষভাবে আদায় দিবলৈ ধনৰ সমীকৰণত খেলিমেলি লাগে। একোটা আঁচনিত কিমান কাম কৰা হয় তাৰ কোনো সঠিক তথ্য নাই যদিও প্ৰায়বোৰ পে’অৰ্ডাৰতে অন্তৰ্ভূক্ত হোৱা অন্তত: আধাখিনি নামেই ভূৱা। তেখেতে কোৱা মতে, ডাকঘৰটোত হাজাৰ হাজাৰ এনে পাছবুক আছে যাৰ লগত পাছবুকৰ লগত গৰাকীৰ কোনো সম্পৰ্ক নাই। পাছবুক খোলোতে হয়তো গৰাকীয়ে নিজে খুলিছিল বা তেওঁলোকৰ সহযোগতে খোলা হৈছিল, কিন্তু সোনকালেই সেইবোৰ পঞ্চায়ত প্ৰতিনিধি বা MGNREGA ঠিকাদাৰৰ হস্তগত হৈছিল। ডাকঘৰে বিভিন্ন উপায়ে যিমানবোৰ পাছবুকৰ গৰাকীক পাছবুক গোটাই দিছে, তাৰে কিছুমানে গমেই নাপায় যে তেওঁলোকৰ নামত পাছবুক আছে আৰু প্ৰত্যেকে ডাকঘৰ কৰ্তৃপক্ষক ওলোটাই প্ৰশ্নহে কৰে যে যোৱা ইমান বছৰত ইমানখিনি ধন উলিয়াই কোনে খালে। MGNREGAৰ নামত অসমৰ আন জিলাতো যে এনেধৰণৰ দুৰ্নীতি চলা নাই কোনোবাই নিশ্চিতকৈ ক’ব পাৰিবনে?
দুৰ্নীতিৰ মাত্ৰা কম কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কিবা ব্যৱস্থা লৈছেনে? ভাৰতৰ আন ৰাজ্যৰ তুলনাত এই ক্ষেত্ৰত অসমৰ স্থান কেনেকুৱা? আমি জনাত দুৰ্নীতি কম কৰাৰ ক্ষেত্ৰত ‘তথ্য জনাৰ আইনখন’ প্ৰৱৰ্তন কৰাৰ বাহিৰে অসম চৰকাৰে উল্লেখ কৰিবলগীয়া কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে, শাসনাধীষ্ঠ দলটোৰ ভিতৰচৰাত যোৱা দুবছৰ ধৰি চলি থকা ক্ষমতাৰ খঁকৰ যুঁজখনৰ ফলত অসমৰ কিছুমান চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিৰ প্ৰকোপ বঢ়িছেহে আৰু আগেয়ে দুৰ্নীতি নথকা কাৰ্যালয়বোৰতো দুৰ্নীতিৰ দৰে সামাজিক কেঞ্চাৰবিধ বিয়পি পৰাৰ সুবিধা কৰি দিছে। তালিকা ১,ত কেইখনমান ৰাজ্যৰ দুৰ্নীতিৰ বিৰূদ্ধে চলোৱা প্ৰচেষ্টাৰ সূচকৰ প্ৰৱাহ উল্লেখ কৰা হৈছে। সূচকৰ ডাঙৰ সংখ্যাই দুৰ্নীতিৰ বিৰূদ্ধে চলোৱা প্ৰচেষ্টাৰ ভাল ফল প্ৰতিনিধিত্ব কৰিছে। অৰ্থাৎ, দুৰ্নীতি কম হোৱা বুজাইছে।
তালিকা ১: ভাৰতৰ কিছুমান ৰাজ্যৰ দুৰ্নীতিৰ বিৰূ্দ্ধে চলোৱা প্ৰচেষ্টাৰ সূচকৰ প্ৰৱাহ
ৰাজ্যৰ নাম
১৯৯০-১৯৯৫
১৯৯৬-২০০০
২০০১-২০০৫
২০০৬-২০১০
বিহাৰ
.৪১
.৩১
.৪৩
.৮৮
গুজৰাট
.৪৮
.৫৭
.৬৪
.৬৯
অন্ধ্ৰপ্ৰদেশ
.৫৩
.৭৩
.৫৫
.৬১
পাঞ্জাৱ
.৩২
.৪৬
.৪৬
.৬০
জম্মু আৰু কাশ্মীৰ
.১৩
.৩২
.১৭
.৪০
হাৰিয়ানা
.৩৩
.৬০
.৩১
.৩৭
হিমাচলপ্ৰদেশ
.২৬
.১৪
.২৩
.৩৫
তামিলনাডু
.১৯
.২০
.২৬
.২৯
মধ্যপ্ৰদেশ
.২৩
.২২
.৩১
.২৯
কৰ্ণাটক
.২৪
.১৯
.২০
.২৯
ৰাজাস্থান
.২৭
.২৩
.২৬
.২৭
কেৰেলা
.১৬
.২০
.২২
.২৭
মহাৰাষ্ট্ৰ
.৪৫
.২৯
.২৭
.২৬
উত্তৰপ্ৰদেশ
.১১
.১১
.১৬
.২১
উৰিষ্যা
.২২
.১৬
.১৫
.১৯
অসম
.২১
.০২
.১৪
.১৭
পশ্চিমবংগ
.১১
.০৮
.০৩
.০১
    উৎস: Debroy and Bhandari (2011)        
     তালিকাখনৰ পৰা স্পষ্ট যে দেশখনৰ কোনো এখন ৰাজ্যই দুৰ্নীতিৰ বিৰূ্দ্ধে চলোৱা প্ৰচেষ্টাত সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই। অৱশ্যে, বিহাৰ আৰু গুজৰাটে তাৎপৰ্যপূৰ্ণভাবে সফলতা লাভ কৰিব পাৰিছে। আনহাতে, অসম আৰু পশ্চিমবংগই আটাইতকৈ বেছি বেয়া ফল প্ৰদৰ্শন কৰিছে।
পুনশ্চ: সংবাদ মাধ্যমৰ কৃপাত মাজে মাজে খবৰ পোৱা যায় যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ পাছ কৰাৰ ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধনৰ লেনদেন হয়। খবৰবোৰ নিশ্চয় এশ শতাংশ ভিত্তিহীন নহয়। অসমৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক পৰিস্থিতি কি থাকিব পাৰে? সঁচা কথা ক’বলৈ হ’লে, ধনৰ লেনদেনেৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা পাছ কৰি আমোলা হোৱা লোকসকলৰ পৰা উৎকোচ অবিহনে চৰকাৰী কাম আশা কৰাটোৱেই ভুল। 
  
তথ্যসূত্ৰ


Kautilya’s Arthashastra, translated into English by R Shamasastry, Pp. 93-94, অসমীয়া ভাৱানুবাদ।
2 Bardhan, Pranab (2005): Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development, Oxford University Press, P.138. 
Bardhan, Pranab (2005): ibid, Pp.138-139.
Andving, J C (1991): “The Economics of Corruption: A Survey”, Studi Economici, Vol. 46, No. 43, Pp. 57-94.
Myrdal, G (1968): Asian Drama, Vol. 2, (New York: Random House).
Oldenburg, P (1987): “Middlemen in Third-World Corruption”, World Politics, Vol. 39, No. 04, Pp.508-535.
বেজবৰুৱা, জিতেন (২০১৩): “হিতাধিকাৰীৰাজৰ মাহাত্ম্য”, সম্পাদকলৈ চিঠি, নতুন পদাতিক, চেপ্তেম্বৰ, পৃষ্ঠা: -৬।
Debroy, B and Bhandari, L (2011): “Corruption in India”, The World Financial Review. www.worldfiancialreview.com



                                                                               




প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ ২০১৪।

গোটা আৱৰ্জনা সম্পৰ্কে কিছু চিন্তা

    উদ্যোগ বা কল-কাৰখানা, কৃষি কাৰ্য, ব্যৱসায়, চিকিৎসালয়, ঘৰুৱা কামকাজ আদিত সম্পদবোৰ ব্যৱহাৰ কৰাৰ পাছত যিবিলাক অৱশিষ্ট ওলায়, সেইবোৰকে এটা বাক্যত গোটা আৱৰ্জনা (Solid Wastes) বুলি কোৱা হয়। গোটা আৱৰ্জনাৰ কিছুমান উদাহৰণ হ’ল-পেলনীয়া টায়াৰ, অলাগতীয়াল ধাতু (যেনে-ধাৰ নথকা মামৰে ধৰা দা, কটাৰী, কোৰ আদি), নষ্ট হোৱা পুতলা, চকী-মেজ, গাড়ীৰ বিভিন্ন অপ্ৰয়োজনীয় অংশ, বিভিন্ন পেলনীয়া ইলেট্ৰ’নিক সামগ্ৰী, প্লষ্টিকৰ সামগ্ৰী-যিবোৰ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই, বিকল গেছ চিলিণ্ডাৰ ইত্যাদি। গোটা আৱৰ্জনা জৈৱিকভাবে বিনষ্ট হোৱা (Biodegradable) আৰু জৈৱিকভাবে বিনষ্ট নোহোৱা (Non-biodegradable) -এই দুই প্ৰকাৰৰ হ’ব পাৰে। মনকৰিবলগীয়া কথাটো হ’ল-গোটা আৱৰ্জনাবোৰক কোনেও এৰাই চলিব নোৱাৰে। পৰিবেশ অৰ্থনীতিবিদসকলৰ ভাষাত এইবোৰক নেতিবাচক বাহ্যিকতা (Negative Externality) বুলি কোৱা হয়। 
২০০৭ চনৰ তথ্যমতে আমেৰিকাই প্ৰতিবছৰে ২৬০ বিলিয়ন কিল’গ্ৰাম গোটা আৱৰ্জনা পেলায়। তেওঁলোকে প্ৰতিজন মানুহে প্ৰতিদিনে গড় হিচাপে ২ কিল’গ্ৰাম এনে আৱৰ্জনা পেলায়। তেওঁলোকে পৃথিৱীৰ মুঠ ৩০% গোটা আৱৰ্জনাৰ বাবে দায়ী। বৰ্তমান ভাৰতবৰ্ষই প্ৰতিবছৰে ৯৬০ মিনিয়ন টন গোটা আৱৰ্জনা পেলায়। ইয়াৰে ৩৫০ মিলিয়ন টন কৃষি খণ্ডৰ পৰা অহা জৈৱিক, ২৯০ মিলিয়ন টন উদ্যোগিক উৎসৰ পৰা অহা অজৈৱিক আৰু প্ৰায় ৪.৫ মিলিয়ন টন প্ৰকৃতিৰ বাবে বিপদসংকুল গোটা আৱৰ্জনা। আমাৰ দেশৰ প্ৰতিজন মানুহে প্ৰতিদিনে গড় হিচাপে ০.২ ৰ পৰা ০.৪৫ কিলোগ্ৰাম গোটা আৱৰ্জনা পেলায়। দেশখনৰ কিছুমান চহৰৰ গোটা আৱৰ্জনা পেলোৱা পৰিসংখ্যা এনেধৰণৰ: ৩৬% চহৰে (২২ খনৰ ভিতৰত ৮ খন) প্ৰতিদিনে ১০০০ টনতকৈ বেছি গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-আহমদাবাদ, দিল্লী, বৃহত্তৰ মুম্বাই, জয়পুৰ, কানপুৰ, লক্ষ্ণৌ, পুনে আৰু চুৰাট। ১৩.৬% চহৰে (২২ খনৰ ভিতৰত ৩খন) প্ৰতিদিনে ৫০০-১০০০ টন গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-ইন্দোৰ, লুথিয়ানা আৰু বদোদৰা। ৫০% চহৰে (২২খনৰ ভিতৰত ১১খন) প্ৰতিদিনে ৫০০ টনতকৈ কম পৰিমানৰ গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-আগৰতলা, আচাঞ্চল, চণ্ডীগড়, ফৰিদাবাদ, গুৱাহাটী, জামছেদপুৰ, কোচী, কোজিকোদ, মাংগালোৰ, মহিষুৰ আৰু ছিমলা।        
প্ৰশ্ন হ’ল-গোটা আৱৰ্জনাবোৰক লৈ ইমান চিন্তা কিয়? প্ৰথম কথা, আৱৰ্জনাবোৰ একপ্ৰকাৰৰ শক্তি। এই সম্পৰ্কে দুই ধৰণৰ তাপৰ গতিৰ তত্ত্ব পোৱা যায়। তাপৰ গতিৰ প্ৰথম তত্ত্ব অনুসৰি-শক্তিৰ সৃষ্টি কৰিব নোৱাৰি, বিনাশো কৰিব নোৱাৰি-ৰূপান্তৰহে কৰিব পাৰি। বৈষয়িক সন্তুলন আৰ্হিয়ে (Material Balance Approach) দীৰ্ঘকালত এই সুত্ৰৰ কাৰ্যকাৰিতা প্ৰতিপন্ন কৰিছে। কাৰণ, বৈষয়িক সন্তুলন আৰ্হি ভোগ আৰু উৎপাদনৰ জৰিয়তে প্ৰকৃতিৰ পৰা আন্ত:প্ৰবাহ হোৱা সম্পদ (শক্তিৰ ৰূপত) আৰু ইয়াৰ পৰা প্ৰকৃতিলৈ ঘুৰি যোৱা সম্পদ (আৱৰ্জনাৰ ৰূপত) সমান হ’ব লাগিব-আগমন কৰা আৰু প্ৰত্যাগমন কৰা শক্তিৰ মাজত কোনো ধৰণৰ হেৰফেৰ নাথাকে। এই তত্ত্বৰ পৰা ল’বলগীয়া শিক্ষা এয়ে যে-যিমানে সম্পদবোৰৰ ব্যৱহাৰ কৰা হয়, আৱৰ্জনাৰ পৰিমানো বৃদ্ধি পায়। আৱৰ্জনাবোৰে শক্তিৰ ৰূপান্তৰ ঘটি প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
তাপৰ গতিৰ দ্বিতীয় তত্ত্ব অনুসৰি-এটা আৱদ্ধ অৱস্থাত, সম্পদৰ শক্তি সলনি কৰাত প্ৰকৃতিৰ সামৰ্থ্য সীমিত। উদাহৰণস্বৰূপে-শক্তি ৰূপান্তৰ ঘটোৱা কালতে ইয়াৰ কিছু অংশ ব্যৱহাৰ বৰ্জিত (unusable) হৈ পৰে। ব্যৱহাৰ বৰ্জিত হ’লেও ইয়াৰ অস্তিত্ব শূন্য হৈ নপৰে। খৰি জ্বলালে ই ধংস হৈ নাযায়। বৰঞ্চ ইয়াত নিহিত হৈ থকা শক্তি, তাপশক্তিলৈ ৰূপান্তৰ হয়। খৰি জ্বলনৰ পৰা নি:সৰিত শক্তিৰ আটাইবোৰকে শক্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। কিছু অংশ প্ৰকৃতিৰ বুকুত বিলীন হৈ যায় আৰু কিছু অংশ ছাই হিচাপে থাকি যায়। ইয়াৰ অৰ্থ হ’ল-ৰূপান্তৰ প্ৰক্ৰিয়াত এটা অৱস্থাৰ পৰা শক্তি আন এটা অৱস্থালৈ ৰূপান্তৰ হ’লে ইয়াৰ বিনাশ হয় সঁচা, কিন্তু এই শক্তিক ইয়াৰ পূৰ্বৰ উৎসৰ অৱস্থাত গুণগতভাবে অক্ষত ৰূপত ঘুৰাই পাব নোৱাৰি। অৰ্থাৎ, ৰূপান্তৰৰ প্ৰতিটো স্তৰত শক্তিৰ কৰ্ম-সামৰ্থ্য (work Efficiency) লোপ পায়। গতিকে, সম্পদবোৰ ব্যৱহাৰ কৰাৰ আগতে ভাৱিবলৈ বাধ্য কৰায় যে যি কামত সম্পদবোৰ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ পৰা কিছু হ’লেও আৱৰ্জনা ওলাবই, লগতে ব্যৱহৃত সম্পদবোৰ ইতিমধ্যে শেষ হৈ যায়। অৰ্থাৎ, সেইবোৰ আৰু আমি আগৰ অৱস্থালৈ ঘুৰাই নাপাও।
গোটা আৱৰ্জনাসমূহৰ প্ৰভাৱ স্থানীয় আৰু বিশ্বজনীন-দুইধৰণৰ হ’ব পাৰে। যেনে-জৈৱিকভাবে হজম নোহোৱা প্লাষ্টিক য’তে ত’তে পেলালে নিজৰ বাৰীত হাল বোৱাৰ সময়ত বা কোৰ মৰাৰ সময়ত অসুবিধাত পেলায়-এয়া স্থানীয় সমস্যা। আনহাতে, এইবোৰ পুৰি পেলালে জলবায়ুৰ পৰিবৰ্তন (Climate Change) তথা গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধিত অৰিহণা যোগায়-সেয়া বিশ্বজনীন সমস্যা। অৱশ্যে, পৰিবেশ সম্পৰ্কীয় সকলোবোৰ স্থানীয় সমস্যাই বিশ্বজনীন সমস্যা আৰু সকলোবোৰ বিশ্বজনীন সমস্যাই স্থানীয় সমস্যা। কিছুমান বিশ্বজনীন পৰিবেশ সম্পৰ্কীয় সমস্যা আমি ইতিমধ্যে ভোগ কৰি আহিছোঁৱেই। যেনে-জাৰকালৰ সময় কমি জহকালৰ সময় বৃদ্ধি পোৱা, সময়মতে মৌচুমী বতাহ নবলাৰ ফলত বাৰিষাৰ সময়ৰ পৰিবৰ্তন হোৱা, খৰাঙৰ দৰে পৰিস্থিতিয়ে দেখা দিয়া, যিকোনো সময়তে যিকোনো অঞ্চলতে বানপানী হোৱা বা ধল অহা ইত্যাদি।  
গোটা আৱৰ্জনাৰ সৈতে দেশ এখনৰ আৰ্থিক অৱস্থাৰ কেনেধৰণৰ সম্পৰ্ক আছে? চাইমন কুজনেটছ (Simon Kuznets) নামৰ পৰিবেশ বিজ্ঞানী এজনে দেখুৱাইছে যে প্ৰথম অৱস্থাত পৰিবেশৰ অৱনতি আৰু আৰ্থিক উন্নয়নৰ সম্পৰ্ক একমুখী হয়। অৰ্থাৎ, আৰ্থিক উন্নয়ন বৃদ্ধি পালে, পৰিবেশৰ অৱনতি বৃদ্ধি পায়; আৰ্থিক অৱনতি ঘটিলে, পৰিবেশৰ অৱনতি কম হয়। কিন্তু, এক নিৰ্দিষ্ট অৱস্থাৰ পাছত পৰিবেশৰ অৱনতি আৰু আৰ্থিক উন্নয়নৰ সম্পৰ্ক বিপৰীতমুখী হয়। অৰ্থাৎ, আৰ্থিক উন্নয়ন হয় যদিও পৰিবেশৰ অৱনতি কমি যায়। কাৰণ হিচাপে কোৱা হৈছে যে এটা সময়ত সংশ্লিষ্ট দেশখনৰ চৰকাৰৰ লগতে জনসাধাৰণ পৰিবেশৰ প্ৰতি সচেতন হৈ পৰিবেশ ৰক্ষাৰ বাবে প্ৰস্তুত কৰা সকলোবোৰ নীতি-নিয়ম শ্ৰদ্ধা সহকাৰে পালন কৰে।
আধুনিক অৰ্থনীতিবিদসকলে অকল মানুহৰ আয় বৃদ্ধি হ’লেই উন্নয়ন হোৱা বুলি নকয়। পৰিবেশ ধংস কৰি আয় বৃদ্ধি কৰিলে তাক বৃদ্ধি বুলিবহে পাৰি, উন্নয়ন নহয়। উন্নয়নৰ পৰিমান উলিয়াবলৈ হ’লে উপাৰ্জিত আয়ৰ পৰা ইতিমধ্যে ধংসপ্ৰাপ্ত পৰিবেশৰ মুদ্ৰাগত পৰিমান বিয়োগ কৰিব লাগিব, যাক সেউজ হিচাপ (Green Accounting) বুলি কোৱা হয় (যিটো নিৰূপণ কৰা সহজ নহয়)।
পৰিবেশ ৰক্ষাৰ বাবে গোটা আৱৰ্জনাবোৰক লৈ আমি কি কৰিব পাৰোঁ? ইফালে, এইবোৰক আমি এৰাই চলিবও নোৱাৰোঁ। গোটা আৱৰ্জনাবোৰক নিয়ন্ত্ৰণ কৰাৰ কিছুমান উপায় আছে। ইয়াত চমুকৈ আলোচনা কৰা যাওক।
প্ৰথম, এইবোৰক প্ৰতিৰোধ কৰিব লাগে। অৰ্থাৎ, গোটা আৱৰ্জনা সৃষ্টি হ’ব পৰা সম্পদ ব্যৱহাৰ কৰা উচিত নহয়। যদিও এই পদ্ধতিটো সৰ্বগ্ৰাহ্য, বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ নহয়। গোটা আৱৰ্জনা সৃষ্টি নোহোৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ জীৱন ধাৰণ কৰা সম্ভৱ নহয়। দ্বিতীয়-নিম্নতম উৎপন্ন। এই পদ্ধতি অনুসৰি যিমান পাৰি কম পৰিমানৰ গোটা আৱৰ্জনা উৎপন্ন কৰিব লাগে। এই পদ্ধতিটো অতি বাস্তৱসন্মত। তদুপৰি এই পদ্ধতিৰ বাবে কোনো ধৰণৰ উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন নহয়। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ ব্যক্তিজনৰ সামাজিক দায়বদ্ধতা আৰু পৰিবেশ সচেতনতাৰ। পৃথিৱীৰ সকলো মানুহে সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰিলে নিশ্চিতভাবে কম পৰিমানৰ গোটা আৱৰ্জনা সৃষ্টি হ’ব। এটা সৰু উদাহৰণ দিয়া যাওক। বজাৰলৈ গ’লে প্ৰয়োজনীয় সামগ্ৰীখিনি কিনি আনিবলৈ ঘৰৰ পৰাই মোনা লৈ গ’লে এৰাব নোৱাৰা সামগ্ৰীখিনিৰ বাবেহে দোকানীৰ পৰা প্লাষ্টিকৰ মোনা (Polythene Bag) ল’লে প্লাষ্টিকৰ দৰে মাৰাত্মক গোটা আৱৰ্জনাৰ পৰিমান কমাই উৎপন্ন কৰা হ’ব। তৃতীয়-পুনৰ ব্যৱহাৰ। অৰ্থাৎ, কিছুমান সামগ্ৰী বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। সামগ্ৰীসমূহ বাৰে বাৰে ব্যৱহাৰ কৰাৰ ফলত গোটা আৱৰ্জনাৰ পৰিমান কমকৈ উৎপন্ন হ’ব। যেনে-বিয়া বা আন সামাজিক অনুষ্ঠানৰ ভোজ আদিত পানী বা চাহ খাবলৈ প্লাষ্টিকৰ কাপ ব্যৱহাৰ নকৰি এলুমিনিয়ামৰ কাপ ব্যৱহাৰ কৰিলে গোটা আৱৰ্জনা উৎপন্নৰ পৰিমান কম হ’ব। কাৰণ এলিমিনিয়ামৰ কাপ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিটোও বাস্তৱসন্মত আৰু সকলোৱে প্ৰয়োগ কৰিব পৰা পদ্ধতি। ইয়াৰ বাবেও উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন নহয়। প্ৰয়োজন মাথো-সামাজিক দায়বদ্ধতা আৰু এটা সাংস্কৃতিক (Cultured) মানসিকতাৰ। চতুৰ্থ-পুনৰ নিৰ্মাণ। অৰ্থাৎ, সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰৰ অনুপোযোগী হৈ পৰাৰ পাছত পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি ল’লে গোটা আৱৰ্জনা উৎপন্নৰ পৰিমান কম হ’ব। যেনে-লোৰ দা এখন ভাঙিলে, কমাৰশাললৈ নি ব্যৱহাৰৰ উপযোগী কৰি গঢ়াই ল’ব পাৰি। টিভি এটা বেয়া হ’লে, পুৰণি হ’ল বুলি সেইটো পেলাই দি নতুন এটা কিনিলে আগৰ টিভিটো গোটা আৱৰ্জনা হ’বগৈ। তাকে নকৰি মেৰামতি কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰিলে গোটা আৱৰ্জনা বৃদ্ধি ৰোধ কৰাত কিছু হ’লেও সহায়ক হ’ব। যদিও এই পদ্ধতিটো বাস্তৱসন্মত, ইয়াৰ বাবে সময় আৰু ধনৰ খৰচৰ লগতে পুনৰ নিৰ্মাণ কৰিব পৰা সা-সুবিধাৰ প্ৰয়োজন হয়। পঞ্চম-শক্তি উৎপন্ন। যিহেতু গোটা আৱৰ্জনাসমূহো এক প্ৰকাৰ শক্তি, গতিকে এইবোৰৰ পৰা উৎপন্ন হোৱা শক্তিয়ে প্ৰকৃতিৰ বাবে বিপদ সৃষ্টি কৰাৰ পৰিবৰ্তে সমাজৰ বাবে প্ৰয়োজনীয় শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। এই পদ্ধতি প্ৰয়োগ কৰিলে গোটা আৱৰ্জনাসমূহক আৱৰ্জনাৰ পৰিবৰ্তে সম্পদ হিচাপে গণ্য কৰা হয়, যিহেতু এইবোৰৰক শক্তি উৎপাদনৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটোৰ অসুবিধা এয়ে যে ইয়াৰ বাবে উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন হয় আৰু সেয়েহে এই পদ্ধতি সকলোৱে প্ৰয়োগ কৰিব পৰা বিধৰ নহয়। শেষত-নি:শেষ। অৰ্থাৎ, গোটা আৱৰ্জনাসমূহক নি:শেষ কৰি পেলাব পাৰি। অৱশ্যে, ওপৰত উল্লেখ কৰা পদ্ধতিবোৰৰ কোনো এটা পদ্ধতিকে ব্যৱহাৰ কৰিব নোৱাৰিলেহে এই পদ্ধতি প্ৰয়োগ কৰা উচিত। এয়া হ’ল গোটা আৱৰ্জনা নিয়ন্ত্ৰণ কৰাৰ শেষ পদ্ধতি। এই পদ্ধতি প্ৰয়োগ কৰিলে কিছু হ’লেও পৰিবেশৰ ওপৰত কু-প্ৰভাৱ পেলায়। গোটা আৱৰ্জনাবোৰক বিভিন্ন প্ৰকাৰে নি:শেষ কৰিব পাৰি। ইয়াৰে ঘৰতে কৰিব পৰা এটা সহজ উপায় হ’ল-দুই প্ৰকাৰৰ ডাষ্টবিন ব্যৱহাৰ কৰা। এবিধত জৈৱিকভাবে বিনষ্ট হোৱা (Biodegradable) আৰু আৰু আনবিধত জৈৱিকভাবে বিনষ্ট নোহোৱা (Non-biodegradable) গোটা আৱৰ্জনাসমূহ পেলাব লাগে। জৈৱিকভাবে বিনষ্ট নোহোৱা  গোটা আৱৰ্জনাবোৰক এঠাইত পুতি পেলাব লাগে। নাইবা, আৱৰ্জনাৰ পৰা শক্তি উৎপন্ন কৰা উদ্যোগসমূহলৈ কেঁচামাল হিচাপে যোগান ধৰিব পাৰি। জৈৱিকভাবে বিনষ্ট হোৱা গোটা আৱৰ্জনাসমূহ সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰাখিনিক কৃষি ভূমিত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, নোৱাৰিখিনিক প্ৰাকৃতিকভাবে নি:শেষ হ’বলৈ দিব লাগে।
মুঠ কথা-মানৱ জাতি থাকে মানে গোটা আৱৰ্জনা ওলাবই। দেশৰ ঔদ্যোগিক বিকাশৰ বাবে উদ্যোগ স্থাপন কৰিবই লাগিব। কিন্তু, ইয়াৰ অৰ্থ এইটো নহয় যে পৰিবেশৰ প্ৰতি কাণসাৰ নিদিয়াকৈ কেৱল বৰ্তমান প্ৰজন্মৰ বাবে সৰ্বতোপ্ৰকাৰে দেশৰ বিকাশ হওক, ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনত একো নাথাকক। দেশৰ উদ্যোগসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন নীতি-নিয়ম প্ৰস্তুত কৰি থাকে। ভৱিষ্যত প্ৰজন্মৰ বাবেও পৃথিৱীখন সুন্দৰ আৰু সম্পদৰ উভৈনদী কৰি ৰাখিবৰ বাবে ঘৰুৱাভাবেও প্ৰচেষ্টা চলোৱা সকলো সচেতন নাগৰিকৰে কৰ্তব্য হোৱা উচিত। এই ক্ষেত্ৰত, বয়োজেষ্ঠ্যসকলৰ লগতে উঠি অহা ল’ৰা-ছোৱালীসকলোৰো সমানে কৰণীয় আছে।

গোষ্ঠী সংঘৰ্ষৰ অৰ্থনৈতিক কাৰণ

প্ৰতিদিনে পৃথিৱীৰ কোনোবা নহয় কোনোবা অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ দৰে ঘৃণনীয় ঘটনা সংঘটিত হোৱাৰ খবৰ বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰায়েই পোৱা যায়। আমেৰিকা, ভাৰত, পাকিস্তান, বাংলাদেশ, ভিয়েটনাম, কেনিয়া, উগাণ্ডা, নাইজেৰিয়া, ইথিওপিয়া, ব্ৰাজিল ইত্যাদি বহুতো দেশক গোষ্ঠী সংঘৰ্ষই স্পৰ্শ কৰিছে। ভাৰতবৰ্ষত এনে ঘটনা সঘনে সংঘটিত হ’বলৈ ধৰিছে। গোষ্ঠী সংঘৰ্ষ সম্পৰ্কত বিশেষকৈ গুজৰাট, পঞ্জাৱ, মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰপ্ৰদেশ, অসম, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যকেইখনৰ নাম বহুলভাবে উচ্চাৰিত হয়। এই ৰাজ্যকেইখনৰ ভিতৰত শেহতীয়াকৈ অসমতেই সঘনে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। বিংশ শতিকাৰ ৬০ দশকত অসমীয়া আৰু বঙালী, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভা, ২০১২ চনৰ মাজভাগত বিটিএডি অঞ্চলত বড়ো আৰু মুছলমান, বড়ো আৰু অনা-বড়ো (যদিও অনা-বড়ো বুলি কোনো জনগোষ্ঠী নাই) মাজত গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে। সংবাদ মাধ্যমে ঢুকি নোপোৱা পাহাৰীয়া জিলাসমূহত সঘনে সংঘটিত গোষ্ঠী সংঘৰ্ষসমূহতো আছেই।

গোষ্ঠী সংঘৰ্ষৰ কোনো সুনিৰ্দিষ্ট কাৰণ (specific reason) নাই যদিও এতিয়ালৈকে যিমানবিলাক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে, সৰহভাগৰ কাৰণেই যে অৰ্থনৈতিক তাত সন্দেহ নাই। অৱশ্যে, গোষ্ঠী সংঘৰ্ষৰ আঁৰত সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি উপাদানসমূহৰ প্ৰভাৱো কোনো গুণে কম নহয়। আমাৰ এই লেখাটোত গোষ্ঠী সংঘৰ্ষৰ অৰ্থনৈতিক উপাদান সম্পৰ্কে এক চমু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। আন উপাদানসমূহৰ বিশ্লেষণ পিছত আগবঢ়াবলৈ প্ৰয়াস কৰা হ’ব।
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে দেখাত গোষ্ঠী সংঘৰ্ষৰ নেতৃত্ব কোনেও বহন নকৰা যেন লাগিলেও তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ কিছুমান স্বাৰ্থান্ধ লোকে যে বিভিন্ন দল-সংগঠনৰ জৰিয়তে পৰোক্ষভাবে নেতৃত্ব দিয়ে তাত দ্বিমত নাই। এই শ্ৰেণীৰ লোকসকলে বিভিন্ন কূট-কৌশলেৰে তেওঁলোকৰ স্বাৰ্থক সাধাৰণ শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ ৰূপ দি সেই শ্ৰেণীৰ লোকসকলকে সঁজুলি হিচাপে ব্যবহাৰ কৰি লোমহৰ্ষ সংঘৰ্ষবোৰ ঘটায়। গোষ্ঠী সংঘৰ্ষৰ ফলত তেনে নেতাসকলৰ হয়তো পাব লগা বহুত থাকে, কিন্তু হেৰুৱাবলগীয়া বিশেষ একো নাথাকে। আনহাতে, সাধাৰণ শ্ৰেণীৰ লোকসলকলৰ পাবলগীয়া সম্পৰ্কে স্পষ্ট ধাৰণা নাথাকে, কিন্তু গোষ্ঠী সংঘৰ্ষৰ ফলত তেওঁলোকে সৰ্বচ্চ হেৰুৱাবলগীয়া হয়।
এতিয়া আচল প্ৰসংগলৈ অহা যাওক। কিছুমান বিশেষ অৰ্থনৈতিক গোটৰ মাজত প্ৰতিযোগীতাৰ উদ্ভৱ হ’লে প্ৰতিযোগীতাৰ বাহ্যিক প্ৰকাশ ঘটি গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। কায়িক শ্ৰমিক (manual workers)  শ্ৰেণীৰ মাজত মজুৰি সম্পৰ্কীয় পাৰ্থক্য থাকিলে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। একে কামৰ বাবে এক শ্ৰেণীৰ শ্ৰমিকসকলে আন শ্ৰেণীৰ শ্ৰমিকসকলতকৈ কম মজুৰিৰ বিনিময়ত কাম কৰিলে আৰু যদি শ্ৰমিক দুবিধৰ মাজত জাতিগত বা ধৰ্মগত পাৰ্থক্য থাকে, তেন্তে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা যায়। সাধাৰণতে অনুন্নত অঞ্চলৰ লোকসকলে আন অঞ্চললৈ প্ৰব্ৰজন কৰি মৌলিক প্ৰয়োজনৰ তাড়নাত অতি কম মজুৰিৰ বিনিময়ত নতুন অঞ্চলটোত কাম কৰিবলৈ বাধ্য হয়। ফলত সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় শ্ৰমিকসকল নিজৰ অঞ্চলতে কামৰ পৰা বঞ্চিত হ’ব লগা হয়। কিছুমান উগ্ৰ জাতীয়তাবাদী অসমীয়াই হিন্দীভাষী লোকৰ ওপৰত মাজে মাজে কৰা অত্যাচাৰ (এতিয়া কমিছে) ইয়াৰ উৎকৃষ্ট উদাহৰণ। ইয়াৰে প্ৰতিশোধস্বৰূপে বিহাৰ, উত্তৰপ্ৰদেশৰ কিছুমান উগ্ৰ জাতীয়তাবাদী লোকে অসমীয়াভাষী লোকক ৰাজ্যদুখনৰ মাজেৰে চলাচল কৰা ৰেলত কিছুমান ৰেলষ্টেচনত আক্ৰমণ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে।  
    সংখ্যালঘিষ্ঠ কিছুমান বিশেষ বৃত্তিৰ গোট (যেনে-ঋণদাতা, ব্যৱসায়ী ইত্যাদি) আৰু  গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ বিৰক্তিকৰ সম্পৰ্কৰ ফলতো গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ উদাহৰণ আছে। সাধাৰণতে উপৰোক্ত বৃত্তিৰ লোকসকল আৰু গ্ৰাহকসকলৰ গোষ্ঠীগত পাৰ্থক্য থাকিলে, তেনে বৃত্তিৰ লোকসকলৰ শোষণ, অহংকাৰ আৰু অভদ্ৰ মনোভাৱৰ বাবেই গ্ৰাহকসকলে তেওঁলোকৰ ওপৰত বিৰক্তি প্ৰকাশ কৰি সংঘৰ্ষৰ সূত্ৰপাত ঘটায়। ভাৰতীয়সকলে উগাণ্ডাত, লেবানিজসকলে নাইজেৰিয়াত, ঘানাত আৰু আৰমেনিয়ানসকলে ইথিওপিয়াত তেনেকুৱা পৰিস্থিতিৰ সম্মুখীন হৈছিল। ভাৰতবৰ্ষত, ভাৰত-পাকিস্তান বিভাজনৰ আগতে হিন্দু আৰু মুছলমান, হিন্দু আৰু শিখৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষও বিভিন্ন কাৰণৰ উপৰিও এই কাৰণত সংঘটিত হোৱা সংঘৰ্ষৰ উদাহৰণ।  
     কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলৰ মনত আন কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক শোষণ কৰাৰ প্ৰৱণতা থাকে। উপযুক্ত যোগ্যতা থকাৰ পাছতো কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলে আন কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক চৰকাৰী চাকৰিত মকৰল কৰিবলৈ অনীহা প্ৰকাশ কৰে। অসম মুলকতে ইয়াৰ উদাহৰণ পোৱা যায়। বৃটিছৰ দিনত চৰকাৰী কামকাজ চলাবৰ বাবে অসমৰ বিভিন্ন বিভাগত বঙালীসকলক নিয়োগ কৰা হৈছিল। 
    অসমীয়াসকলৰ কিছুমানে বঙালীসকলৰ সমানে চৰকাৰী কামত পাৰ্গত হৈছিল যদিও ইংৰাজ চৰকাৰে বঙালী লবীৰ সহযোগৰ অসমীয়াসকলক অৱজ্ঞা কৰিছিল। অৱশ্যে, পিছলৈ কলিকতাৰ (এতিয়া কলকাতা) ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদীয়মান যুৱকে চৰকাৰী সুবিধা পাইছিল। কিন্তু অসমৰ বাসিন্দাসকলৰ মাজতে অসমৰ তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে জনজাতীয় লোকসকলক অৱহেলা কৰিছিল। ১৯৩০ চন পৰ্যন্ত বড়োলোকৰ এজনো চৰকাৰী চাকৰিত নাছিল। সকলোবোৰ চৰকাৰী বিভাগতে নিজ বৰ্ণ বা সম্প্ৰদায়ৰ লোক নিয়োজিত হ’লে সংশ্লিষ্ট বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলৰ সামগ্ৰিক উন্নতি হোৱাৰ উপৰিও ব্যক্তি স্বাৰ্থ পূৰণৰ বাট মুকলি হয়। আনকি তেনে বৰ্ণ বা সম্প্ৰদায়ৰ চাকৰি নোপোৱা ব্যক্তিও নিজৰ বৰ্ণ বা সম্প্ৰদায়ক লৈ গৌৰৱ অনুৱভ কৰে। বহুক্ষেত্ৰত সামাজিক তথা ধৰ্মীয় নীতি-নিয়মৰ দ্বাৰা কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলক চৰকাৰী চাকৰিৰ বাবে অনুপোযুক্ত কৰি ৰাখে। দীৰ্ঘদিনীয়া শোষণৰ ফলত শোষিত শ্ৰেণীয়ে শোষণৰ পৰা মুক্তি পাবৰ বাবে বিভিন্ন উপায় অৱম্বনৰ এটা উপায় হিচাপে কেতিয়াবা গোষ্ঠী সংঘৰ্ষত লিপ্ত হয়। সম্প্ৰতি অসমত তাৰেই প্ৰতিফলন ঘটিছে। শ্ৰীলংকাত দেশখনৰ সিংহলীসকলে তামিলসকলক কৰি অহা দীৰ্ঘদিনীয়া অৰ্থনৈতিক শোষণৰ ফলতে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে।   
    শ্ৰেণীগত বা ধৰ্মীয় বিভিন্নতা থকা উৎপাদনকাৰী, বিতৰণকাৰী আদি অৰ্থনৈতিক এজেন্টসমূহৰ মাজত প্ৰতিযোগীতাৰ অৱস্থিতিৰ ফলস্বৰূপেও গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। কিছুমান অঞ্চলত এক বিশেষ শ্ৰেণী বা ধৰ্মীয় সংখ্যাগৰিষ্ঠ লোকসকলে উৎপাদন বা বিতৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। সংশ্লিষ্ট অঞ্চলটোৰ শ্ৰেণী বা ধৰ্মীয় সংখ্যালঘিষ্ঠ লোকসকলে উৎপাদন, বিতৰণ আদি ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলোৱাৰ উপক্ৰম হ’লেই সংখ্যাগৰিষ্ঠ লোকসকলে সংখ্যালঘিষ্ঠ লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনা ঘটে। উত্তৰ ভাৰতৰ কিছুমান চহৰত সঘনে সংঘটিত হৈ থকা সংঘৰ্ষবোৰত দেখা যায় যে আগৰে পৰা চলাই থকা হিন্দু ব্যৱসায়ী আৰু নতুনকৈ আৰম্ভ কৰা মুছলমান ব্যৱসায়ীয়ে হিন্দু ব্যৱসায়ীৰ প্ৰভাৱ বিনষ্ট কৰাৰ প্ৰয়াসৰ ফলতে উশৃংখল পৰিস্থিতিৰ (riots) সৃষ্টি হয় কিছুমান চহৰত ইয়াৰ ঠিক ওলোটা কাৰণত ঘটে।     
    ভূমিৰ নিৰাপত্তাহীনতা হ’ল গোষ্ঠী সংঘৰ্ষ আন এক অৰ্থনৈতিক কাৰক। ভূমিৰ উৎপাদন শক্তি আছে বাবে ভূমিৰ বাবে মানুহে মৰিবলৈও ভয় নকৰে। সাধাৰণতে এলেহুৱা প্ৰকৃতিৰ কিছুমান সম্প্ৰদায়ৰ লোকে প্ৰয়োজনতকৈ বেছি ভূমি ব্যৱহাৰ নকৰে। তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰও কম হয়। তেওঁলোকৰ বহুতেই জাতীয় স্বাৰ্থতকৈ নিজৰ লাভালাভ বিবেচনা কৰি অধিক দাম পোৱাৰ কাৰণে প্ৰব্ৰজনকাৰীক ভূমি বিক্ৰি কৰে। তদুপৰি, ভূমি ক্ৰয় কৰা প্ৰব্ৰজনকাৰীসকলৰ সহযোগত নতুন প্ৰব্ৰজনকাৰী আহে। তেওঁলোকৰ সকলোৱে ভূমি ক্ৰয় নকৰি অব্যৱহৃত চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰিলে সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় লোকসকলে বাধা প্ৰদান কৰাৰ কৰে ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। অসমৰ ৰাভা হাছং আৰু বিটিএডি অঞ্চলত সঘনে সংঘটিত হৈ থকা গোষ্ঠী সংঘৰ্ষৰ কাৰণবোৰৰ প্ৰকৃত কাৰণ হ’ল ভূমি। উল্লেখিত অঞ্চলসমূহত অব্যৱহৃত হৈ পৰি থকা স্থানসমূহত সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল অব্যাহত ৰখাৰ ফলতে সঘনে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে। স্থানীয় লোকৰ স্বাৰ্থ ৰক্ষা কৰি ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰাৰ দ্বয়িত্ব চৰকাৰৰ যদিও চৰকাৰৰ অপাৰগতাৰ (?) ফলত সেয়া হৈ নুঠে। দক্ষিণ ভাৰতত তামিল আৰু কানাড়াসকলৰ মাজত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ কাৰণো ভূমিয়েই। সেয়েহে ভাৰতৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ অঞ্চলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ মানসেৰে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে।
    পৃথক শ্ৰেণী বা ধৰ্মৰ লোকসকলৰ মাজত সমূহীয়া সম্পত্তিবোৰৰ (যেনে-বনাঞ্চল, নদী, চৰণীয়া পথাৰ, মালিকবিহীন বিল ইত্যাদি) ব্যৱহাৰৰ প্ৰতিদ্বন্দ্বিতাৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হয়। সমূহীয়া সম্পত্তিবোৰৰ বৈশিষ্ট হ’ল-এইবোৰৰ প্ৰয়োজনীতাক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে (non-excludable), কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা (rivalry) থাকে। স্থানীয় লোকসকল তেওঁলোকৰ ওচৰৰ সমূহীয়া সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ হোৱাৰ সম্ভাৱনা সম্পৰ্কে সদায় সচেতন হৈ থাকে। আন অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা লোকে তেনে সম্পত্তিসমূহৰ ওপৰত হাত দিলে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে। সাধাৰণতে নতুনকৈ অহা লোকসকলৰ তেনে সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ হোৱাৰ সম্ভাৱনা সম্পৰ্কে সচেতনতাৰ অভাৱ পৰিলক্ষিত হয়। নতুনকৈ অহা লোকসকলেও একে সময়তে সমানে উত্তেজিত হোৱাৰ ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়।
  কেতিয়াবা অঞ্চল বিশেষে জাতিগত পাৰ্থক্য থাকিলে সংখ্যালঘিষ্ঠসকলৰ আৰ্থিক অৱস্থা সংখ্যাগৰিষ্ঠসকলতকৈ সুচল হ’লে সংশ্লিষ্ট অঞ্চলটোৰ সংখ্যাগৰিষ্ঠসকল সংখ্যালঘিষ্ঠসকলৰ প্ৰতি চকুচৰহা হৈ পৰাৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভাৰ মাজত  সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ বিভিন্ন কাৰণবোৰৰ ভিতৰত এই কাৰণো এটা আছিল। গাৰো পাহাৰত বসবাস কৰি থকা ৰাভাসকলৰ আৰ্থিক অৱস্থা তুলনামূলকভাৱে গাৰোসকলতকৈ উন্নতমানৰ। ৰৱৰ খেতিৰে অৰ্থনৈতিক মানদণ্ড অক্ষুন্ন ৰখা গাৰো পাহাৰৰ ৰাভাসকলৰ আৰ্থিক উন্নতি গাৰোসকলৰ বাবে অসহ্যকৰ আছিল
     মুক্ত বজাৰ ব্যৱস্থাৰ প্ৰৱৰ্তনেও গোষ্ঠী সংঘৰ্ষৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে, গোষ্ঠীগত বৈশিষ্ট্যৰ লগত মুক্ত বজাৰ ব্যৱস্থাৰ সম্পৰ্ক প্ৰসংগত দুই ধৰণৰ যুক্তি আগবঢ়োৱা দেখা যায়। এফালে, মুক্ত বজাৰ ব্যৱস্থাই গোষ্ঠীগত ভাৱবৃত্তি (sentiments) ক্ষীণ কৰে। ব্যক্তিক বস্তুবাদী কৰি তোলে। ব্যক্তি সদায় লাভৰ অভিপ্ৰায়ত থাকে। ব্যক্তিৰ সমস্যাবোৰ বজাৰৰ লগতহে সম্পৰ্ক থাকে। তাৰ তুলনাত গোষ্ঠীগত সমস্যাবোৰৰ প্ৰভাৱ দুৰ্বল হৈ পৰে। যেনে-মহানগৰত থকা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যি সমস্যা, জনজাতীয় মধ্যবিত্ত শ্ৰেণীৰো একেই সমস্যা১০। আনফালে, মুক্ত বজাৰ ব্যৱস্থাৰ ফলত জনগোষ্ঠীসমূহৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। মানুহবিলাক নিজৰ জনগোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ পৰে। সকলোৱে নিজ নিজ ক্ষেত্ৰত ব্যস্ত হৈ পৰে। সকলো জনগোষ্ঠী সমানে বৃত্তিমুখী (professional) হ’লে সমস্যা নাছিল। সমস্যা হ’ল-কিছুমান জনগোষ্ঠী মুক্ত বজাৰ ব্যৱস্থাৰ সৈতে মিলি যাব পৰাকৈ উপযুক্ত নহয়। একে সময়তে এই ব্যৱস্থাত চৌদিশৰ পৰা চৰকাৰৰ ভুমিকা কমি আহে। গতিকে, ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ অপাৰগ হয়। সমস্যা বেছি জটিল হৈ পৰে যেতিয়া ব্যক্তিগত খণ্ডৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। বিভিন্ন সময়ত দেখা যায় যে মুক্ত বজাৰ ব্যৱস্থা সম্প্ৰসাৰণৰ ফলত ব্যক্তিগত খণ্ডৰ মালিকসকলে তেওঁলোকৰ ব্যৱসায় আৰু মুনাফা বৃদ্ধিৰ বাবে কিছুমান জনগোষ্ঠীক তেওঁলোকৰ আবাসস্থলৰ পৰা বহিস্কাৰ কৰিব বিছাৰে। সাধাৰণতে সকলো ফালৰ পৰা দুৰ্বল জনগোষ্ঠীকহে ব্যক্তিগত খণ্ডৰ মালিকসকলে তেওঁলোকৰ লক্ষ্য হিচাপে বাছি লয়। এনে মালিকসকলে তেওঁলোকৰ প্ৰস্তাৱিত উদ্যোগত কাম কৰাৰ বাবে আন গোষ্ঠীৰ লোকক কাম কৰিবলৈ নিয়োগ কৰে, যিসকলে কম মজুৰিৰ বিনিময়ত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ফলত স্বাভাৱিকতে সেই অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ সূ্ত্ৰপাত হয়। নাইবা, কিবা প্ৰকাৰে প্ৰস্তাৱিত স্থানৰ লোকসকলক তাৰ পৰা বহিস্কাৰ কৰিব পাৰিলেও সেই মানুহখিনি আন অঞ্চললৈ গৈ অবৈধভাৱে আবাস কৰিবলৈ বিছাৰিলে নতুন অঞ্চলৰ স্থানীয় লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে। আচলতে, ব্যক্তিগত খণ্ডৰ মালিকসকলৰ উদ্দেশ্যই হ’ল-পৃথিৱীৰ জনসংখ্যাৰ এটা বৃহৎ অংশ অৰ্থনীতিৰ আনুষ্ঠানিক খণ্ডৰ (exclusion from formal sector) পৰা নিলগত ৰাখি সস্তীয়া শ্ৰমিক সৃষ্টি কৰা আৰু পূঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা অব্যহত ৰখা১১
    অৰ্থনৈতিক কাৰণত গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱা দেশবিলাকৰ চৰকাৰে সঠিক অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা নাই বুলি ক’ব নোৱাৰি। ভাৰতবৰ্ষৰ কথাই ধৰক। অৰ্থনৈতিক সমতা স্থাপনৰ বাবে ভাৰতত চৰকাৰী চাকৰি, উচ্চ শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ বাবে সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা আছে। সময়ে সময়ে প্ৰৱৰ্তন কৰি থকা নতুন নতুন চৰকাৰী আঁচনিসমূহতো আছেই। সমস্যা হ’ল-সাংবিধানিক সুবিধা তথা বিভিন্ন চৰকাৰী আঁচনিবিলাক যি উদ্দেশ্যত প্ৰৱৰ্তন কৰা হৈছে সেইমতে সঠিক ৰূপায়ন হোৱা নাই। সুবিধাবাদী মনোভাৱ, অবাধ দুৰ্নীতি, ৰাতিৰ ভিতৰতে ধনী হোৱাৰ স্বপ্ন আদিৰ দৰে ব্যাধিবোৰৰ বাবে সাংবিধানিক সুবিধা বা অৰ্থনৈতিক নীতি তথা আচঁনিবিলাক সঠিক ৰূপায়ণ নহয়। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত পৃথিৱীৰ আন দেশবিলাকৰ পৰিস্থিতিও ইয়াৰ ব্যতিক্ৰম নহয়।                                                                                             
তথ্যসূত্ৰ:



Bardhan, Pranab (2005):  Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development, Chapter 9, (Oxford University Press), P. 171.
ibid, P.172.
কলিতা, ৰমেশ চন্দ্ৰ (২০০৭): ‘প্ৰব্ৰজনকাৰী সমস্যা আৰু অসম: আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা গোপীনাথ বৰদলৈ লৈকে’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা:৭-৩৮।
চৌধুৰী, মেদিনী (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা:২৩৭-২৮৩।
Bardhan, Pranab: ibid, p.172.
Bardhan,Pranab: ibid, p.173.
ডেকা, হৰেকৃষ্ণ (২০১৩): প্ৰব্ৰজন আৰু অনুপ্ৰবেশ: এটা সমস্যাৰ দুটা ৰূপ, (আঁক-বাক),পৃষ্ঠা:২১। 
ৰাভা, বিপুল কুমাৰ (২০১১): ‘গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগত’, প্ৰান্তিক, সংখ্যা ৭, বছৰ ৩০, পৃষ্ঠা: ১২।
Bardhan, Pranab: ibid, p.177-178.
১০ Bezbaruah, M P (2013): Developmental and Identity Aspirations in Northeast India: Conflicts to Synergy, Dialogue, Vol. 13, No. 4, Pp.21-29. 
১১ Sanyal, Kalyan (2007): Rethinking Capitalist Development: Primitive Accumulation, Governmentality & Post-Colonial Capitalism, (Routledge: Taylor & Francis Group).  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জানুৱাৰি ২০১৪]

অসমৰ চৰকাৰী কৰ্মচাৰীৰ কাউৰী-কুলিৰ মাত

যোৱা ২৮ মে’ ২০১৪ তাৰিখৰ কথা। পুৱা ৬.৪৫ বজাত মই সপত্নীক যোৰহাটলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। সেই উদ্দেশ্যে ২৭ মে’ৰ গধূলিয়ে গুৱাহাটী ISBT ৰ পৰা দুখন আসনৰ বাবে টিকট ললোঁ। টিকট কাউন্টাৰৰ মানুহজনে টিকটটো দি ক’লে যে গাড়ীখনৰ নম্বৰ ২৮ মে’ৰ পুৱা ৬ বজাৰ পাছতহে দিব পাৰিব। মই কলোঁ যে আমি বেলতলা চাৰিআলিৰ পৰাহে গাড়ীত উঠিম। তেখেতে ক’লে যে কোনো সমস্যা নাই, মই ফোন কৰি গাড়ীখনৰ নম্বৰটো ল’ব পাৰিম। তেখেতে এটা ফোনৰ নম্বৰ দিলে: ৯৪০১৭২৭০০৭। ২৮ মে’ৰ পুৱা ৬.১৫ বজাত উল্লিখিত ফোন নম্বৰটোত ফোন লগালোঁ। সিফালৰ পৰা ককৰ্শ মাতেৰে প্ৰায় ধমকিৰ সুৰত ক’লে যে মোক কোনখন গাড়ীৰ নম্বৰ লাগে, একেলগে দুখন গাড়ী যোৰহাটহৈ পুৱা ৬.১৫ বজাত গুৱাহাটী ISBT ৰ পৰা ৰাওনা হ’ব। এখন যাব ডিগবৈলৈ, আনখন যাব নামৰূপলৈ। টিকটখনত ডিগবৈ বা নামৰূপ-কোনটো শব্দ আছে বিছাৰিলোঁ। মই কলোঁ যে টিকটখনৰ প্ৰিন্টটো ইমান অস্পষ্ট যে তাত কি লিখা আছে ক’ব নোৱাৰি। তেখেতৰ মাতটো আৰু ককৰ্শ হ’ল আৰু মোক গাড়ীখনৰ নম্বৰটো ল’বলৈ বুলি ISBT লৈ মাতিলে। মোৰ এনেকুৱা লাগিল যেন তেখেতলৈ ফোন কৰি মই কিবা দোষহে কৰিলোঁ। আৱশেষত যেনিবা ইংৰাজীতে লিখা নামৰূপ শব্দটোৱে হ’ব বুলি অনুমান কৰি ‘নামৰূপ’ বুলি কোৱাত গাড়ীখনৰ নম্বৰটো পালোঁ। কিন্তু, মোৰ মনটো ইমান বেয়া লাগিল যে তেখেতলৈ ‘আপুনি যাত্ৰীৰ সৈতে ইমান টান মাত মাতে কিয়? অলপ মিঠা মাতেৰে মাতিব’ বুলি SMS এটা দিহে শান্তি পালোঁ। ভাবিলোঁ-কাউন্টাৰত থকা মানুহজনে ৰাতিপুৱাই ইমান ককৰ্শ আৰু অৱজ্ঞাৰ সুৰেৰে সঁহাৰি দিব লাগেনে? ব্যক্তিগত সেৱাসমূহত পোৱা ‘Good Morning জাতীয় সৌজন্যমূলক সম্ভাষণৰ আশা বাদেই দিলোঁ, ‘টিকটখনত থকা নামটো নামৰূপ নে ডিগবৈ লিখা আছে ভালকৈ চাওকচোন’ বুলিওতো ক’ব পাৰিলেহেঁতেন! 
পিছতহে মনলৈ আহিল। এয়া দেখোন অসম মুলকত সাধাৰণ কথা। অসমৰ আন চৰকাৰী কাৰ্যালয়তো দুই-এজনৰ বাহিৰে প্ৰথম অৱস্থাত ককৰ্শ আৰু অৱজ্ঞাৰ সুৰত কথা কোৱা কৰ্মচাৰী বহুত লগ পাইছোঁ। তেখেতসকলৰ এটাই ধাণ্ডা। উৎকোচ লাগে। দহ-বিছ টকা পকেটত গুজি দিলেই কাউৰীৰ মাত গুচি কুলিৰ মাত মাতে।
উল্লিখিত মানুহজনক যিহেতু ফোনেৰেহে যোগাযোগ কৰা হৈছে-সেয়েহে তেখেতে কাউৰীৰ দৰে কঠুৱা মাত মাতি ঠিকেই কৰিছিল!
   

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ ডিচেম্বৰ, ২০১৪]

ভগৱানক আৰাধনা কৰাৰ নামত আনক আমনি কৰে কিয়?

দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই অখণ্ড ভাগৱত পাঠ, হৰে কৃষ্ণ হৰে ৰাম ইত্যাদি কৰি থাকিলে ভাৱিবলৈ বাধ্য হওঁ, ধৰ্মৰ নামত মানুহবোৰ ইমান বলিয়া কিয়? এনেদৰে মন্তব্য নকৰিলোহেঁতেন, যদি ভগৱানক আৰাধনা কৰাৰ নামত উচ্চস্বৰত মাইকৰ ব্যৱহাৰ নকৰিলেহেঁতেন! দেখি আঁচৰিত লাগে-এইবোৰ কাৰ্যত জড়িতসকলৰ সৰহসংখ্যকে সংশ্লিষ্ট অঞ্চলটোৰ একো একোজন সংস্কৃতিবান বিশিষ্ট ব্যক্তি।
পৰিবেশ বিজ্ঞানত বাহ্যিকতা (Externality) বুলি বাস্তৱিক ধাৰণা এটা পঢ়িবলৈ পাওঁ। এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যই যেতিয়া আন এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যত মুদ্ৰাৰ লগত কোনো সম্পৰ্ক নথকাকৈ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় তাকে বাহ্যিকতা বুলি কোৱা হয়। বাহ্যিকতা ইতিবাচক বা নেতিবাচক হ’ব পাৰে। মানুহ এঘৰৰ ফুলনি, ইতিবাচক বাহ্যিকতাৰ উদাহৰণ। আনহাতে, আন মানুহৰ ওচৰত চিগাৰেট সেৱন কৰা নেতিবাচক বাহ্যিকতাৰ উদাহৰণ। সুৰীয়া আৰাধনা কিছুসময়ৰ বাবে সকলোৰে মন শীতল কৰি তুলিব পাৰে। গতিকে ই কিছুসময়ৰ বাবে ইতিবাচক বাহ্যিকতা আনি দিব পাৰে। নিজ ধৰ্মৰ নেদেখাজনক আৰাধনাৰে সন্তুষ্ট কৰি নিজৰ লগতে আনৰো উপকাৰ সাধন কৰা-প্ৰতিটো ধৰ্মৰে মহান উদ্দেশ্য। কিন্তু, দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই ভগৱানক আৰাধনা কৰাসকলে কাৰনো উপকাৰ (ইতিবাচক বাহ্যিকতা) সাধিছে? এইবোৰ কাম (?) আনক দেখুৱাবলৈ কৰাৰ বাহিৰে আন একো নহয় বুলিয়ে ভাৱো। সময় নাই, অসময় নাই-একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই আৰাধনা কৰাসকলকৰ এইকণ সাধাৰণ জ্ঞানো নাই নে যে ওচৰৰ বিদ্যালয়বোৰত দিনৰ ৯ বজাৰ পৰা ৩ বজালৈ পাঠদান চলে, চিকিৎসালয়ত মুমূৰ্ষু ৰোগী থাকে। হাস্যকৰ কথাটো হ’ল-এইবোৰ হেনো বিশ্বশান্তিৰ বাবে কৰে (ওচৰ মানুহক অশান্তি কৰি)।
ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক সন্মান জনাইও কওঁ যে এটা অঞ্চলত অকল এটা ধৰ্মৰ মানুহ বসবাস নকৰে। এটা ধৰ্মৰ মানুহে নিজ ধৰ্মৰ নীতি-নিয়ম পালনৰ নামত আন ধৰ্মৰ মানুহক আমনি কৰাৰ নিয়ম নিশ্চয় কোনো ধৰ্মতে নাই। ধাৰ্মিকসকলক এইবোৰ ক’ব লগা কথা নহয় বুলিয়ে ভাৱো। অন্যথা, বুজিবলৈ বাকী নাথাকে-‘Religion is opium of the masses(Karl Marx).  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ অক্টোবৰ, ২০১৪]

চৰকাৰী কাৰ্যালয়ত ছি ছি টিভি সম্পৰ্কে

অসমৰ বহু চৰকাৰী কাৰ্যালয়ত ছি ছি টিভি প্ৰয়োগ কৰা দেখা গৈছে। ইয়াৰ সহায়ত সংশ্লিষ্ট কাৰ্যালয়টোৰ শীৰ্ষ বিষয়াজনে নিজ কোঠাটোত বহিয়ে কাৰ্যালয়টোত কোন কোন আহিছে, কোনে কাৰ লগত কথা পাতিছে, কৰ্মচাৰীসকলে কাম কৰিছে নে নাই-সেয়া দেখি থাকে। বুজিবলৈ বাকী নাই যে চৰকাৰী কৰ্মচাৰী তথা দালালবোৰে যাতে জনসাধাৰণৰ পৰা উৎকোচ ল’বলৈ সাহস নকৰে তাৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰদ্বাৰা অসমত দুৰ্নীতিৰ প্ৰকোপ কিছু হ’লেও কমিব বুলি আশা কৰা হৈছে। পিছে, দুৰ্নীতি কমিছেনে?
আচলতে কাৰ্যালয়টোৰ যিবিলাক স্থানত কেমেৰাসমূহ স্থাপন কৰিব লাগে তেনে স্থানত স্থাপন কৰা নহয়। কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ, বাৰান্দা আদিৰ উপৰিও কাৰ্যালয়টোৰ ভিতৰত-যি কেইখন টেবুলত তেখেতৰ তলতীয়া কৰ্মচাৰীসকল বহে তেনে কোঠাৰ চাৰিওফালে কেমেৰা স্থাপন কৰিব লাগে যদিও সেয়া দেখা নাযায়। তাতোকৈ ডাঙৰ কথাটো হ’ল-শীৰ্ষ বিষয়াজনে কামৰ মাজে মাজে কেমেৰাসমূহে যোগান ধৰি থকা দৃশ্যসমূহ চায় নে নাচায়? যদি নাচায়, এইবোৰৰ প্ৰয়োজন ক’ত? যদি চায়, বিষয়াজন সৎ হ’লে কোনো কৰ্মচাৰীয়ে উৎকোচ লোৱা দেখিলে লোৱাজনৰ লগতে দিয়াজনকো শাস্তি বিহে বুলি আশা কৰিব পাৰি। কিন্তু, শীৰ্ষ বিষয়াজনো যদি একে চৰিত্ৰৰ হয়-তেন্তে কোনজন কৰ্মচাৰীয়ে, কাৰ পৰা, কিমান টকা উৎকোচ লৈছে আৰু তাৰ পৰা দিনটোৰ শেষত তেখেতৰ কিমান ক’লা ধন উপাৰ্জন হ’ব, নিশ্চয় আনন্দ মনেৰে তাৰে হিচাপ ৰাখি থাকে।

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ চেপ্তেম্বৰ, ২০১৪]