Thursday, 17 March 2016

‘ৰাষ্ট্ৰদ্ৰোহ বনাম মুকলি চিন্তাৰ বজাৰ’

     যোৱা ১ মাৰ্চ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত গীতাৰ্থ পাঠকৰ ‘ৰাষ্ট্ৰদ্ৰোহ বনাম মুকলি চিন্তাৰ বজাৰ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এইটো ঠিক যে স্বচ্চ ৰাজহুৱা আলোচনাত চিন্তাধাৰাৰ মুক্ত প্ৰতিযোগিতাৰ ফলত সত্য উন্মোচিন হয়, ঠিক যেনেদৰে অৰ্থনীতিত মুক্ত প্ৰতিযোগিতাৰ ফলত দ্ৰব্য আৰু সেৱাৰ গুণগত মান উন্নত হয়। ইয়াত নিশ্চয় কাৰো দ্বিমত নাই যে অৰ্থনীতিৰ মুক্ত প্ৰতিযোগিতাৰ নীতিয়ে দ্ৰব্য আৰু সেৱাৰ, সত্যৰে উন্মোচন (যদি এক নিৰ্দিষ্ট পৰ্যায়ৰ পাছত সংশ্লিষ্ট দ্ৰব্য বা সেৱাৰ গুণগত মান আৰু বঢ়াব নোৱাৰি) কৰে। কিন্তু, দেখা গৈছে যে জে এন ইউ প্ৰসংগত যিসকলে মুকলি চিন্তাধাৰাৰে সত্য উন্মোচন সমৰ্থন কৰি আছে, দ্ৰব্য আৰু সেৱাৰ সত্য উন্মোচনৰ ক্ষেত্ৰত তেওঁলোকৰ বেছিভাগৰে মতাদৰ্শ সম্পূৰ্ণ ওলোটা। এক কথাত, অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁলোক মুক্ত প্ৰতিযোগিতাৰ পক্ষপাতি নহয়। হয়, ইয়াত বামপন্থী আৰু নিজকে উদাৰ (যিসকলে উদাৰতাকো বাছনি কৰে) বুলি চিনাকি দিব বিচৰাসকলৰ কথাকে কোৱা হৈছে। নিজৰ চিন্তাধাৰাত উদাৰতাৰ মোহৰ লগোৱা, সক্ৰিয় বামপন্থী থকা শিক্ষানুষ্ঠানত সোঁপন্থীৰ কোনোবা প্ৰবক্তাই প্ৰবেশ কৰিলে, বামপন্থী ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাও আমাৰ ভাৰতবৰ্ষতে আছে (যাতে সংশ্লিষ্ট প্ৰবক্তাজনে শিক্ষানুষ্ঠানখনত মুকলিভাবে বক্তব্য ৰাখিব নোৱাৰে)।
     সি যি কি নহওক, অৰ্থনীতি আৰু তৰ্কৰ মুক্ত প্ৰতিযোগিতাৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে। কিন্তু, যদি সত্যৰ উন্মোচনেই দেশৰ উন্নয়ন সাধন কৰিব পাৰে-তেন্তে সত্য উন্মোচনৰ ক্ষেত্ৰত তেওঁলোকে তৰ্কৰ নীতি আৰু অৰ্থনীতিৰ নীতিক দুটা সম্পূৰ্ণ বিপৰীত মেৰুত ৰাখে কিয়? এয়া তেওঁলোকৰ স্ববিৰোধী স্থিতি নহয়নে?



[প্ৰকাশিত 'আমাৰ অসম', ১৮ মাৰ্চ, ২০১৬]


Tuesday, 1 March 2016

নিজ মুখে ৰাজহুৱা কামৰ প্ৰচাৰ

মন্ত্ৰী, বিধায়ক, পঞ্চায়তৰ সভাপতি, কোনো চৰকাৰী প্ৰতিষ্ঠানৰ মূৰব্বী আদিয়ে তেওঁলোকৰ কাৰ্যকালত কৰা কামবোৰৰ খতিয়ান নিজ মুখেৰে বাৰে বাৰে প্ৰচাৰ কৰা দেখা যায় (আঙুলিৰ মূৰত গণিব পৰা কেইজনমানৰ বাহিৰে)। কোনে, কি কাম, কিমান কৰিলে সেয়া ৰাইজে দেখিয়ে থাকে দেখোন। তেওঁলোকে ৰাইজক ইমান অকৃতজ্ঞ বুলি ভাবেনে? নিজে কৰা কামৰ খতিয়ান নিজে প্ৰচাৰ কৰি থাকিলে ৰাইজৰ চকুত নিজৰ স্থান তললৈহে যায়।  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৬]

Thursday, 25 February 2016

‘বৰ্ণ বৈষম্য: একলব্য, কৰ্ণ, আম্বেদকাৰৰ পৰা ৰোহিতলৈকে’

যোৱা ১১ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে আমাৰ অসম কাকত প্ৰকাশিত ডা: অজিত বৰুৱাৰ ‘বৰ্ণ বৈষম্য: একলব্য, কৰ্ণ, আম্বেদকাৰৰ পৰা ৰোহিতলৈকে’ লেখাটো পঢ়ি অসমত বৰ্ণ বৈষম্য সম্পৰ্কে দুষাৰ লিখিবলৈ আগ্ৰহ অনুভৱ কৰিলোঁ। তেখেতে ঠিকেই লিখিছে যে ‘আমাৰ ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেধৰণৰ নিম্নৰুচিৰ বিচাৰৰ পৰা অসমখনক কেতিয়াবাই মুক্ত কৰি থৈ গৈছে’। পিছে শংকৰদেৱৰ উত্তৰসুৰীসকলে অসমত সেই পৰম্পৰা বৰ্তাই ৰাখিব পাৰিছেনে? আমাৰ বোধেৰে নাই পৰা। এসময়ত কটন কলেজৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠানত অসমৰ তথাকথিত উচ্চজাতৰ ছাত্ৰ আৰু নিম্নজাতৰ ছাত্ৰৰ বাবে সুকীয়া ৰান্ধনীশালৰ ব্যৱস্থা কৰাটোৱে কি সুচায়? ইমান আগৰ কথা উল্লেখ কৰিবই নালাগে। যোৱা ৮ জুন ২০১৫ তাৰিখে আমাৰ অসম কাকতখনত প্ৰকাশিত ময়ুৰ বৰাৰ প্ৰবন্ধটোত অসমত যে এতিয়াও জাত-পাতৰ অৱস্থিতি আছে সেয়া প্ৰতিয়মান হৈছে। সত্ৰাধিকাৰ বাছনিৰ ক্ষেত্ৰত সত্ৰসমূহে যে এতিয়াও বৰ্ণবৈষম্যৰ পৰা বাহিৰ হ’ব পৰা নাই, তেখেতৰ প্ৰবন্ধটোত স্পষ্টকৈ ওলাই পৰিছে। 


[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ফেব্ৰুৱাৰী, ২০১৬]

Friday, 22 January 2016

‘সংবাদ বিবাদ’ সম্পৰ্কে'

   যোৱা ৩ জানুৱাৰী ২০১৬ তাৰিখে ‘আমাৰ অসম’ কাকতখনত প্ৰকাশিত আৰণ্যক শইকীয়াৰ ‘সংবাদ বিবাদ’ লেখাটি পঢ়ি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ। অসমত লেকামহীনভাবে বৈদ্যুতিন মাধ্যমৰ সম্প্ৰসাৰণ ঘটা দহ বছৰমানহে হ’ল। আচলতে এই মাধ্যমটো কেনেকুৱা, এইবোৰৰ উদ্দেশ্য কি, এইবোৰ কাৰ স্বাৰ্থত কাম কৰে-সেয়া বুজি উঠিবলৈ অসমৰ সৰহসংখ্যক মানুহ এতিয়াও পৰিপক্কভাবে বুজি উঠা নাই।
   আমি মনত ৰখা দৰকাৰ যে ভাৰতৰ অৰ্থনীতি যদিও মিশ্ৰ, ৰাষ্ট্ৰ ব্যৱস্থা আৰু বজাৰ ব্যৱস্থাক তুলাচনী এখনৰ এটাক আনটোৰ বিপৰীতফালে উঠালে দেখিম যে ১৯৯১ চনৰ পৰা বজাৰ ব্যৱস্থাৰ ওজন ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। আন কথাত, ৰাষ্ট্ৰৰ ভূমিকা দ্ৰুতগতিত হ্ৰাস পাই আহিছে। ফলত সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটোক বজাৰ ব্যৱস্থাই নিয়ন্ত্ৰণ কৰি আহিছে। বৈদ্যুতিন মাধ্যমৰ লেকামহীন সম্প্ৰসাৰণৰ কাৰণো বজাৰ ব্যৱস্থাৰ ওজন বৃদ্ধিৰ ফলতে ঘটিছে। ইয়াৰ প্ৰভাৱ ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়াবাই পৰিল, অসমৰ বাবেহে ই নতুন হৈ আছে। প্ৰশ্ন হ’ল-এই মাধ্যমটোৰ কু-প্ৰভাৱৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিম?
   যিহেতু বজাৰ ব্যৱস্থাত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়, বজাৰ সম্পৰ্কে সঠিক জ্ঞান প্ৰতিজন ব্যক্তিৰে থকা বুলি ধৰি লোৱা হয়। সেয়েহে সংবাদ মাধ্যমসমূহৰ প্ৰচাৰ কোনবোৰ ভাল বা কোনবোৰ বেয়া-সেয়া প্ৰতিজন ব্যক্তিয়ে নিজে ধাৰণা কৰি ল’ব পাৰে বুলি ধৰি লোৱা হয়। অৰ্থাত, প্ৰতিজন ব্যক্তিয়ে নিজে সচেতন হ’লেহে এইবোৰৰ কু-প্ৰভাৱৰ পৰা হাত সাৰি থাকিব পৰা যাব। তদুপৰি যিহেতু বজাৰ ব্যৱস্থাৰ অনুগ্ৰহতে এই মাধ্যমসমূহ গঢ়ি উঠিছে, গতিকে বজাৰ ব্যৱস্থাই এইবোৰৰক পৰিপক্ক কৰি তুলিব। শইকীয়াৰ দৰে লেখনিয়ে নি:সন্দেহে এই প্ৰক্ৰিয়াত সহযোগ আগবঢ়াব। 

[প্ৰকাশিত, ‘আমাৰ অসম’ ১৪ জানুৱাৰী, ২০১৬]

নিজৰ বেগ নিজে কঢ়িওৱাৰ অভ্যাস

   ২০১০ চনৰ ১৮ ছেপ্টেম্বৰ গধূলি। স্থান-হায়দৰাবাদৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু অষ্ট্ৰেলিয়াৰ Deakin Universityৰ সহযোগত  ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ “Pharmaceuticals in Developing and Emerging Economies: Production, Innovation and Access to Medicines in the Wake of TRIPS” শীৰ্ষক এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। ১৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ বিশেষ সমল ব্যক্তি হিচাপে বিশিষ্ট্য স্বাধীন গৱেষক, মানৱ অধিকাৰ কৰ্মী আনন্দ গ্ৰোভাৰক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতক বিমান বন্দৰৰ পৰা আগবঢ়াই অনাৰ দায়িত্ব মোকে দিয়া হৈছে। নিৰ্দিষ্ট সময়ত তেখেতে যাত্ৰা কৰা বিমানখন, বিমান বন্দৰটোত লেণ্ড কৰাৰ খবৰ পোৱাৰ পাছত আনন্দ গ্ৰোভাৰৰ নাম লিখা কাগজ এখন লৈ যাত্ৰী আগমনৰ নিৰ্দিষ্ট পথত তেখেতলৈ বাদ চাই আছোঁ। ‘ময়ে আনন্দ গ্ৰোভাৰ’ বুলি তেখেতে চিনাকি দি মোৰ সৈতে হাত মিলালে। দুয়োখন কান্ধত দুটা ডাঙৰ ডাঙৰ বেগ। তাৰে এটা বেগ আমাৰ গাড়ীখন ৰখাই থোৱা স্থানলৈ মই কঢ়িয়াবলৈ বিছৰাত তেখেতে ক’লে যে তেখেতে নিজৰ বেগ নিজে কঢ়িয়াই লৈ ফুৰে। মই থতমত খালোঁ। আচলতে সেই পৰ্যায়লৈ মই ভাবিবই পৰা নাছিলোঁ। কাৰণ, তেখেতক আগবঢ়াই অনাৰ আগতে মই আৰু দুগৰাকী সমল ব্যক্তিক আগবঢ়াই আনিছিলোঁ, তেওঁলোকে বিনা আপত্তিৰে মোলৈ তেওঁলোকৰ বেগ আগবঢ়াই দিছিল।
   ঘটনাটো সৰু যদিও মোৰ মনত খুউব দকৈ সাঁচ বহুৱালে। বেগ কঢ়িওৱাৰ পৰিস্থিতি সৃষ্টি হ’লেই তেখেতলৈ মনত পৰি যায়। ময়ো মোৰ বেগ আনক কঢ়িয়াবলৈ দিবলৈ বেয়া পোৱা হ’লোঁ। সেইদৰে যিমানেই সন্মানীয় ব্যক্তি নহওক কিয়, তেখেতৰ বেগ মোক কঢ়িয়াবলৈ দিলে বিৰক্তি অনুভৱ কৰোঁ। অৱশ্যে, ব্যক্তিজনে বেগটো কঢ়িয়াব নোৱাৰিলে কথাটো সুকীয়া।
   পুনচ্চ: আমাৰ অসমৰ কাৰ্যালয়বিলাকৰ মূৰব্বীয়ে তেখেতৰ গাড়ীখন ৰখোৱা স্থানৰ পৰা সংশ্লিষ্ট কাৰ্যালয়টোলৈ নিজৰ সৰু হাতবেগটো তেখেতৰ তলতীয়া কৰ্মচাৰীক কঢ়িয়াবলৈ দি কৰ্মচাৰীজনৰ পিছে পিছে গৈ কাৰ্যালয়টোত উপস্থিত হোৱা এটা অতি সাধাৰণ দৃশ্য। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জানুৱাৰি, ২০১৬]

Sunday, 18 October 2015

গোষ্ঠী সংঘৰ্ষৰ আঁৰত ৰাজনীতি

   ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে পৃথিৱীৰ সৰহ সংখ্যক দেশকে বিভিন্ন সময়ত গোষ্ঠী সংঘৰ্ষই স্পৰ্শ কৰি গৈছে। ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰতাৰে পূৰিপূৰ্ণ দেশবিলাকত গোষ্ঠী সংঘৰ্ষৰ প্ৰকোপ অধিক পৰিলক্ষিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ আবাসস্থল উত্তৰ-পূৱ ভাৰতত এতিয়ালৈকে কেইবাটাও লোমহৰ্ষক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ গৈছে। গোষ্ঠী সংঘৰ্ষবোৰৰ ফলত কিমান মানুহৰ মৃত্যু হ’ল, কিমানটা পৰিয়াল গৃহহাৰা হ’ল বা কিমান সা-সম্পত্তিৰ বিনষ্ট হ’ল তাৰ সঠিক তথ্য প্ৰকাশ কৰা কাৰো পক্ষেই সম্ভৱ নহয়। মানুহবিলাকৰ মাজত থকা সামাজিক মূলধনৰ ক্ষতিৰ প্ৰসংগ বাদেই দিলোঁ, যিটো এবাৰ গঢ় লৈ ধংস হোৱাৰ পাছত পুনৰ গঢ়ি উঠিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। কেতিয়াবা পুনৰ গঢ়ি নুঠিবও পাৰে। 
   এইখিনিতে গোষ্ঠী সংঘৰ্ষনো কি? ইয়াৰ কিবা তাত্ত্বিক বিশ্লেষণ আছে নে? -এই সম্পৰ্কে কিছু কথা জানি লোৱা যাওক। গোষ্ঠীগত জাতীয়তাবাদৰ (Ethnic Nationalism) ফলস্বৰূপে দুটা বা ততোধিক জনগোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষবোৰকে গোষ্ঠী সংঘৰ্ষ হিচাপে বুজা যায়। গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে পণ্ডিতসকলে তিনিধৰণৰ তাত্ত্বিক ভাৱধাৰা আগবঢ়াইছে। সেইবোৰ হ’ল-মৌলিকবাদী, উপায়বাদী আৰু গঠনবাদী ভাৱধাৰা। মৌলিকবাদীসকলে যুক্তি আগবঢ়ায় যে বিশেষকৈ জৈৱিক আৰু ভৌগোলিক ক্ষেত্ৰত থকা পৰম্পৰাগত বিশ্বাস আৰু কাৰ্যপ্ৰণালীৰ ফলতেই গোষ্ঠীগত মনোভাৱ তথা গোষ্ঠী জাতীয়তাবাদৰ উদ্ভৱ হয়। এই ভাৱধাৰাৰ বাস্তৱতা সম্পূৰ্ণভাৱে সংশ্লিষ্ট জনগোষ্ঠীটোৰ সদস্যসকলৰ আত্মীয় মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। উপায়বাদীসকলৰ যুক্তি হ’ল-গোষ্ঠী সংঘৰ্ষবোৰ আচলতে কিছুমান বিশেষ লক্ষ্য পূৰণৰ উপায় বা আহিলাহে। কিছুমান মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে গোষ্ঠী সংঘৰ্ষকে উপায় হিচাপে বাছি লৈ কাৰ্যকাৰী ৰূপ দিয়ে। গঠনবাদী ভাৱধাৰাৰ চিন্তানায়কসকলে কয় যে সময়ে সময়ে সমাজত নতুনত্ব আহে আৰু সেই নতুনত্বক ঠিকঠাক কৰি লোৱাৰ ফলতে গোষ্ঠী সংঘৰ্ষৰ দৰে দুৰ্ভাগ্যজনক দুৰ্ঘটনাবোৰ সংঘটিত হয়। নতুন সমাজ গঠনৰ সময়ত বিভিন্ন জনগোষ্ঠীৰ মাজত বুজাবুজিৰ অভাৱৰ ফলত মতানৈক্যই চৰম পৰ্যায়ত উপনিত হৈ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। আমাৰ এই লেখাটোত গোষ্ঠী সংঘৰ্ষৰ ৰাজনৈতিক কাৰণ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।
   আধুনিক ৰাষ্ট্ৰ গঠনৰ কিছু বছৰৰ পাছত লাহে লাহে গোষ্ঠী সংঘৰ্ষবোৰ আৰম্ভ হ’বলৈ ধৰে। আচলতে আধুনিক ৰাষ্ট্ৰ গঠনৰ আসোঁৱাহবোৰ লাহে লাহে প্ৰকাশ পাবলৈ ধৰে বাবে গোষ্ঠী সংঘৰ্ষৰ উপক্ৰম হ’বলৈ ধৰে। সৰহসংখ্যক পশ্চিমীয়া দেশেবোৰে বিভিন্ন ঘাত্-প্ৰতিঘাতৰ মাজেৰে সংশ্লিষ্ট দেশখনৰ প্ৰতিটো জাতি-জনজাতিৰ গোটকে সামৰি লৈ নিজস্ব ৰাষ্ট্ৰীয় ধাৰণাৰে আধুনিক ৰাষ্ট্ৰ গঠন কৰিছে। এছিয়া, আফ্ৰিকাৰ দৰে মহাদেশবোৰৰ প্ৰায়বিলাক দেশে বিংশ শতিকাৰ মাজভাগৰ পৰাহে স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে চিনাকি দিব পৰা হৈছে। আচলতে নতুনকৈ স্বাধীনতা পোৱা এই দেশবিলাকৰ ৰাষ্ট্ৰীয় ধাৰণা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে। এই দেশবিলাকে সংশ্লিষ্ট দেশখনৰ প্ৰতিটো জাতি-জনজাতিৰ গোটকে সমানভাৱে বিকশাই তুলিব পৰা নাই। পশ্চিমীয়া দেশৰ আৰ্হিত গঠন কৰা দেশবিলাকে আজি উপলব্ধি কৰিছে যে পশ্চিমীয়া দেশৰ আৰ্হিত নিজৰ দেশখন গঠন কৰি সমতাৰ নীতি প্ৰয়োগেৰে সমতা স্থাপন কৰিবলৈ প্ৰয়াস কৰিলেও, বাস্তৱত সম্ভৱ হৈ উঠা নাই। সেয়েহে এই দেশবিলাকৰ কিছুমান জনগোষ্ঠীয়ে অসমতাৰ উপলব্ধিৰে সমতা বিচাৰি ৰাষ্ট্ৰৰ প্ৰতি বিদ্ৰোহী উঠে। একে সময়তে আন জনগোষ্ঠীয়ে ৰাষ্ট্ৰৰ প্ৰচলিত ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়ালে জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়।
   শাসনৰ গাদী এটা জনগোষ্ঠীৰ পৰা ঘুৰাই পোৱাৰ দাবীস্বৰূপে আন কিছুমান জনগোষ্ঠীয়ে গণতান্ত্ৰিকভাৱে প্ৰচেষ্টা চলোৱাৰ পাছতো সম্ভৱ হৈ নুঠিলে, গোষ্ঠী চাফাই (Ethnic Cleansing) অভিযানেৰে লক্ষ্য পূৰণৰ প্ৰচেষ্টা চলালে গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। উদাহৰণস্বৰূপে, বৃটিছ ৰাজত্বৰ আগতে অসমৰ ৰাজনৈতিক ক্ষমতা তথাকথিত বৰ্ণহিন্দুসকলৰ হাতত নাছিল, মংগোলীয় গোষ্ঠীৰ লোকসকলেই শাসনৰ বাঘজৰীডাল ধৰি ৰাখিছিল। খ্ৰিষ্টপূৰ্ব যুগতে কিৰাত বড়ো নৃপতিৰ হাত ধৰিয়েই আজিৰ তথাকথিত বৰ্ণহিন্দুৰ উপৰিপুৰুষসকলে অসম ভূখণ্ডত প্ৰৱেশ কৰিছিল (অৱশ্যে সেই সময়ত অসমৰ নাম প্ৰাকজ্যোতিষপুৰ আছিল)। কিন্তু, বৃটিছৰ শাসনকালত তথাকথিত বৰ্ণহিন্দুসকলে বিভিন্ন কূট-কৌশলেৰে বৃটিছৰ সহযোগী হৈ পৰিল। ফলস্বৰূপে বৃটিছে ভাৰত এৰাৰ পাছত অসমৰ শাসনৰ গাদী তেওঁলোকৰ দখলত ৰাখিলে। সম্প্ৰতি মংগোলীয় গোষ্ঠীৰ লোকসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাজনৈতিক ক্ষমতা পুনৰ ঘুৰাই পোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও, নিয়ন্ত্ৰণহীন পৰিস্থিতিত গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ পৰিলক্ষিত হৈছে।
   উপনিবেশিক কালছোৱাত শাসনকৰ্তা দেশে তেওঁলোকৰ শাসন দীৰ্ঘস্থায়ীকৈ ৰাখিবৰ বাবে তলতীয়া দেশবিলাকৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজন ঘটাইছিল। কিছুমান জনগোষ্ঠীক আন কিছুমান জনগোষ্ঠীৰ পৰা আঁতৰাই ৰখা নীতি প্ৰয়োগ কৰা হৈছিল, যাতে সংশ্লিষ্ট দেশখনৰ জনগোষ্ঠীবিলাক একগোট হৈ উপনিবেশিক চৰকাৰৰ বিৰূদ্ধে বিদ্ৰোহ কৰিব নোৱাৰে। বিংশ শতিকাৰ মাজভাগৰ পৰাহে স্বাধীন ৰাষ্ট্ৰ হিচাপে চিনাকি দিব পৰা তেনে দেশবিলাকত বিভাজনৰ প্ৰভাৱ এতিয়াও পৰিলক্ষিত হৈ আছে আৰু তাৰ ফলতে মাজে মাজে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈছে। ১৯০৫ চনৰ পৰা ১৯১১ চনলৈ বংগ ভংগৰ সময়ছোৱাত, বংগৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত যিধৰণৰ গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হৈছিল তাৰ পৰা বৃটিছৰ মূল ৰাজনৈতিক উদ্দেশ্য খুব ভালদৰে সিদ্ধি হৈছিল। বৰ্তমানৰো কিছুমান ৰাজনীতিকে এনে বিভাজন নীতিকে ৰাজনৈতিক ক্ষমতা দখলৰ উপায় হিচাপে ব্যৱহাৰ কৰি আহিছে। উত্তৰ-পূৱ ভাৰততো ইয়াৰ উদাহৰণ পোৱা যায়। ১৯৩৫ চনত চাইমন আয়োগৰ পৰামৰ্শৰ ভিত্তিত ব্ৰিটিছ চৰকাৰে ১৯১৯ চনতে ‘পিচপৰা এলেকা’ হিচাপে ঘোষণা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতি অধ্যুসিত অঞ্চলসমূহক ‘বহিৰ্ভূত এলেকা’ (Excluded Area) আৰু ‘আংশিকভাৱে বহিৰ্ভূত এলেকা’ (Partially Excluded Area)-এই দুটা ভাগত ভাগ কৰে। ৰাজনৈতিক স্বাৰ্থৰ বাহিৰে এই অঞ্চলসমূহত ব্ৰিটিছসকলৰ অৰ্থনৈতিক স্বাৰ্থ বিশেষ নাছিল। গতিকে ‘বহিৰ্ভূত এলেকা’ নাম দি একমাত্ৰ সামৰিক প্ৰশাসনৰ বাহিৰে আন প্ৰায় সকলো ক্ষেত্ৰতে জনজাতীয় ৰীতি-নীতিয়েই সেই অঞ্চলবোৰত বাহাল ৰখা হৈছিল। ভৈয়ামৰ পৰা মানুহ গৈ যাতে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে, সেই উদ্দ্যেশেৰে ‘ইনাৰ লাইন প্ৰথা’ও সেই এলেকাবোৰত বাহাল ৰখা হৈছিল। একেটা কৰণতে অসমৰ সৰহসংখ্যক ভৈয়ামৰ লোকে আজিও পাহাৰীয়া জনজাতীয় লোকক আৰু সৰহসংখ্যক পাহাৰীয়া জনজাতীয় লোকেও অসমৰ ভৈয়ামৰ লোকক পৃথক বুলি গণ্য কৰি আহিছে।
  তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ সংকীৰ্ণ জাতীয়তাবাদী ৰাজনীতিৰ ফলতো গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ প্ৰৱণতা আছে। ৰাজনৈতিক ক্ষমতা লাভৰ আশাত এই শ্ৰেণীৰ লোকসকলে বিভিন্ন কূট-কৌশলেৰে তেওঁলোকৰ স্বাৰ্থক সাধাৰণ শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ ৰূপ দি সেই শ্ৰেণীৰ লোকসকলকে সঁজুলি হিচাপে ব্যবহাৰ কৰি লোমহৰ্ষ সংঘৰ্ষবোৰ ঘটায়। বিভিন্ন ঘাত-প্ৰতিঘাতৰ ফলত কেতিয়াবা এই শ্ৰেণীৰ লোকৰ অভিলাষা পূৰণ হয় যদিও সৰ্বসাধাৰণৰ বিশেষ উন্নতি পৰিলক্ষিত নহয়। কিন্তু গোষ্ঠী সংঘৰ্ষৰ অৱসান নঘটে। কাৰণ সংকীৰ্ণ জাতীয়তাবাদী ৰাজনীতি, আৰু সংকীৰ্ণ অৱস্থালৈ গতি কৰে। উদাহৰণস্বৰূপে, উত্তৰ-পূৱ ভাৰতত জনগোষ্ঠীয় আন্দোলনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যি কেইটা স্বায়ত্ব শাসিত অঞ্চলৰ জন্ম দিছে তাতো সংকীৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড তথা পৰ্বতসম দুৰ্নীতি পৰিলক্ষিত হৈছে। যিদৰে অসমৰ বৃহৎ মধ্যবিত্ত প্ৰতিনিধিসকলৰ কিছুমান নেতাই জাতীয়তাবাদী ৰাজনীতি কৰি অসমৰ ৰাজধানী দখল কৰি সাধাৰণ লোকসকলৰ  উন্নতিত মনোযোগ নিদি নিজৰ স্বাৰ্থৰ প্ৰতিহে মনোযোগ দিলে, তেনেদৰে স্বায়ত্ব শাসিত অঞ্চলসমূহতো এচাম সুবিধাভোগী মধ্যভোগী শ্ৰেণীৰহে জন্ম হ’ল। সৰ্বসাধাৰণৰ বিশেষ উন্নতি পৰিলক্ষিত নহ’ল। প্ৰথম পৰ্যায়ত ৰাজনৈতিক ক্ষমতাৰ পৰা বঞ্চিত জনগোষ্ঠীয় নেতাসকলৰ কিছুমানে পৰৱৰ্তী পৰ্যায়ত সুবিধা গ্ৰহণৰ বাবে গোষ্ঠী সংঘৰ্ষকে স্বাৰ্থ পূৰণৰ উপায় হিচাপে প্ৰয়োগ কৰিবলৈ ধৰিলে। কাৰণ, তুনলামূলকভাৱে আন উপায়তকৈ জনগোষ্ঠীয় ভাৱবৃত্তি প্ৰয়োগ কৰি লক্ষ্য পূৰণ কৰা সহজ হয়। আন জনগোষ্ঠীৰ কিছুমান নেতাও একে নীতিকে প্ৰয়োগ কৰাৰ ফলত এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক নিজৰ শত্ৰু বুলি ভাবি আন্ত:সংঘাতত লিপ্ত হোৱাৰ দুৰ্ঘটনা সংঘটিত হৈছে। গাৰো-ৰাভা, কাৰ্বি-ডিমাচা বা মাৰ-ডিমাচাৰ সংঘাত ইয়াৰ উৎকৃষ্ট উদাহৰণ১০ 
   বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় ভাৱ অহাৰ উপক্ৰম হ’লেই কোনো এটা জনগোষ্ঠীৰ ভিতৰৰে কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে গোট গঠন কৰি সমন্বয় সৃষ্টিত বাধা প্ৰদান কৰে। তেনে গোটবোৰে সংশ্লিষ্ট জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি-নীতি মানি লৈ আন জনগোষ্ঠীৰ সৈতে সমিলমিলেৰে থকাটো নিবিচাৰে। সংশ্লিষ্ট জনগোষ্ঠীটোৰ আন জনগোষ্ঠীটোৰ সৈতে মিলি থাকিব বিচৰা গোটবোৰক, সমৰ্থন নকৰা গোটটোৱে আন জনগোষ্ঠীটোৱে যাতে তেওঁলোকৰ জনগোষ্ঠীটোৰ সৈতে সম্বন্ধ স্থাপন নকৰে তাৰ বাবে উগ্ৰবাদী পন্থাৰে বাধা প্ৰদান কৰে১১। প্ৰতিশোধস্বৰূপে, আন জনগোষ্ঠীৰ কিছুমান গোটেও একে পদ্ধতিকে প্ৰয়োগ কৰিলে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। উত্তৰ-পূৱ ভাৰতত কিছুমান জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ উগ্ৰপন্থীৰ দুষ্কাৰ্যৰ পৰা পৰিত্ৰাণ পাবৰ (?) বাবেও উগ্ৰপন্থী সংগঠন গঠন কৰাৰ উদাহৰণ আছে১২। এই উগ্ৰপন্থীবিলাকে যে গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাত অৰিহণা নোযোগায়, তাৰ প্ৰমাণ কোনোবাই দিব পৰিবনে?
   গণতান্ত্ৰিক শাসন পদ্ধতিত ভোটৰ তালিকাই গোষ্ঠী সংঘৰ্ষ উদ্ভৱ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনো এটা সমষ্টিৰ ভোটৰ তালিকাত কিছুমান জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা স্বাভাৱিক হাৰতকৈ অধিক বৃদ্ধি পালে আন জনগোষ্ঠীয়ে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। সংশ্লিষ্ট জনগোষ্ঠীটোৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ কাৰণ হিচাপে চুবুৰীয়া দেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ ঘটাৰ সন্দেহ ওপজে। সংশ্লিষ্ট দেশখনৰ বা ৰাজ্যখনৰ চৰকাৰ তথা আন ৰাজনৈতিক দলবিলাকে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ প্ৰয়াস কৰাৰ পৰিবৰ্তে, যদি তাকে লৈ ‘ভোট বেংক’ৰ ৰাজনীতিহে কৰিবলৈ লয়, পৰিস্থিতি আৰু বিষম হৈ পৰে। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ ক্ষেত্ৰত ৰাজনৈতিক মহলৰ পৰা কেনেদৰে বাধাৰ সম্মুখিন হ’ব লগা হয়, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই স্পষ্টভাৱে উল্লেখ কৰিছে। তেখেতে কৈছে “মই সত্তৰৰ দশকৰ শেষৰছোৱাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থাকোঁতেও দেখিছিলো সীমান্ত শাখাৰ বিষয়াসকলে চিনাক্তকৰণৰ কাৰণে সোধা-পোছা কৰিলেও এটা চক্ৰই নানা ৰাজনৈতিক অভিযোগ উত্থাপন কৰি কাৰ্যত: বাধা দিবলৈ প্ৰয়াস কৰিছিল”১৩। অবৈধ অনুপ্ৰৱেশ দৰে জলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰ বা আন ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নকৰি, ভৱিষ্যতে নিজৰ জন্মভূমিতে ৰাজনৈতিক ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ শংকাত নিজাববীয়াকৈ সমাধান কৰিবলৈ প্ৰয়াস কৰিবলৈ যাওতে গোষ্ঠী সংঘৰ্ষৰ দৰে অবাঞ্ছিত দুৰ্ঘটনা সংঘটিত হৈ যায়। অসমত সম্প্ৰতি সেয়াই ঘটিছে। শেহতীয়াকৈ অসমত যিকেইটা গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ গৈছে, বিভিন্ন কাৰণৰ ভিতৰত এয়াও এটা কাৰণ১৪
   আজি সকলোৱে অতীতত কৰা ভুলৰ পৰা শিক্ষা লোৱাৰ সময় আহি পৰিছে। যিখন ৰাষ্ট্ৰ যিভাৱে স্বকীয়তা গঢ়ি উঠিব লাগে, ঠিক তেনেকৈয়ে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত। যিবিলাক কামৰ দ্বায়িত্ব ৰাষ্ট্ৰৰ হাতত থাকিব লাগে তেনে কামৰ দ্বায়িত্ব অঞ্চলভিত্তিত কিছুমান জনগোষ্ঠীবিশেষ বা ব্যক্তিবিশেষৰ হাতত এৰি দিব নালাগে অথবা তেনে জনগোষ্ঠীবিশেষক বা ব্যক্তিবিশেষক দ্বায়িত্ব লোৱাৰ সুবিধাও দিব নালাগে।  

তথ্যসূত্ৰ


সামাজিক মানদণ্ড (Social Norms), সামাজিক প্ৰসাৰণ বা জাল (Social Network) আৰু সমাজৰ মানুহবিলাকৰ পৰস্পৰ মাজত নিহিত থকা বিশ্বাস (Social Trust)-এই তিনিওটাক একেলগে সামাজিক মূলধন বুলি কোৱা হয়। 
এই সম্পৰ্কে বিতংকৈ জানিবৰ বাবে আগ্ৰহী পাঠকে http://en.wikipedia.org/wiki/Ethnic_conflict লিংকটো ক্লিক কৰি চাপ পাৰে।
Bardhan, Pranab (2005): Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development (Oxford University Press), P. 180.
বৰ্মন, ড° শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা: এক ঐতিহাসিক সন্ধান, (বনলতা সংস্কৰণ), পৃষ্ঠা: ২৪। 
মহন্ত, ড° প্ৰফুল্ল (২০১৩): ‘সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা আৰু অসমীয়া ঐক্যমঞ্চ’ (১), আমাৰ অসম, ৭ নবেম্বৰ, পৃষ্ঠা: ৪। 
ৰাজবংশী, অৰুণ(২০১০): ‘অসমত মুছলমান ৰাজনীতি’, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল: এক সমাজতাত্ত্বিক অৱলোকন, দ্বিতীয় প্ৰকাশ, (অসম পাব্লিচিং কোম্পানী), পৃষ্ঠা: ২৫৬-২৭০।
বৰ্মন, ড° শিৱনাথ (২০১৩): পূৰ্বোল্লেখিত, পৃষ্ঠা: ২৭।
১৮৭৩ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা Inner Line Regulation, 1873’ প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰ কামৰূপ, দৰং, নগাওঁ, শিৱসাগৰ, লক্ষীমপুৰ, গাৰোপাহাৰ, খাচী আৰু জয়ন্তীয়া পাহাৰ, নগা  পাহাৰ, কাছাৰ আৰু চিতাগড় পাহাৰ এই আইনৰ অন্তৰ্ভূক্ত হৈছিল। এই আইন অনুসৰি বেংগলৰ স্থানীয় চৰকাৰে ওপৰত উল্লেখ কৰা জিলাসমূহত আইনসিদ্ধভাৱে কিছুমান ৰেখা নিৰ্ধাৰণ কৰিব পাৰিব যিসমূহক ‘Inner Line’ বুলি কোৱা হ’ব। স্থানীয় চৰকাৰে নিয়োগ কৰা বিষয়াৰ চিল-মোহৰ সম্বলিত অনুজ্ঞা পত্ৰ (pass) অবিহনে কোনো বৃটিছ সৈন্য, বৃটিছ নাগৰিক বা অন্য কোনোবা এই ‘Inner Line’ পাৰ হ’ব নোৱাৰিব। অন্যথা কঠোৰ শাস্তিৰ ব্যৱস্থা এই আইনত আছে [মনোজ কুমাৰ নাথ, অসমৰ জনজাতি ৰাজনীতি: সত্য, সংশয়, সংঘাত, (আলিবাট), পৃষ্ঠা: ৪৫]।
মজুমদাৰ, পৰমানন্দ (২০০৭): ‘অসমত জাতীয়তাবাদীৰ উত্থান আৰু সংকটৰ পটভূমি’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা: ১২০-১৫১।
১০ দত্ত, ড° অনুৰাধা (২০১০): ‘উত্তৰ-পূৱ ভাৰতৰ শান্তি প্ৰক্ৰিয়া’, প্ৰমোদ শৰ্মা সম্পাদিত, অশান্ত উত্তৰ-পূৰ্বাঞ্চল: এক সমাজতাত্ত্বিক অৱলোকন, দ্বিতীয় প্ৰকাশ, (অসম পাব্লিচিং কোম্পানী), পৃষ্ঠা: ১৮৪-১৯৪। 
১১ Bardhan, Pranab (2005): ibid, P. 182.
১২ Baruah, Sanjib (2009): Durable Disorder: Understanding the Politics of Northeast India, Third Impression, (Oxford University Press), P.16.
১৩ডেকা, হৰেকৃষ্ণ (২০১০): প্ৰব্ৰজন আৰু অনুপ্ৰবেশ: এটা সমস্যাৰ দুটা ৰূপ, (আঁক-বাক),পৃষ্ঠা:৪৯।   
১৪ ৰাভা, বিপুল কুমাৰ (২০১১): ‘গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগত’, প্ৰান্তিক, বছৰ ৩০, সংখ্যা ৭, পৃষ্ঠা: ১২; আৰু ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১ (২০১২), সংখ্যা ১৮, পৃষ্ঠা: ১৩।


           [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জুন, ২০১৫]

আগিয়া-বায়দা পথছোৱা

   যোৱা দুই মে’ ২০১৫ তাৰিখে গোলাঘাট চহৰৰ পৰা গোৱালপাৰা জিলাৰ বায়দাৰ পৰা তিনি কিল’মিটাৰ দূৰত্বত অৱস্থিত ৰংচাই গাঁৱলৈ বন্ধু এজনৰ বিয়া খাবলৈ গৈছিলোঁ। চাৰিজনীয়া দলটোৰ গোলাঘাটৰ পৰা আগিয়ালৈ সমগ্ৰ যাত্ৰাৰ কালছোৱাত যিমান উপভোগ কৰিলোঁ, আগিয়াৰ পৰা বায়দালৈ বিছ কিল’মিটাৰ দূৰত্বৰ পথছোৱাই আমাৰ সমগ্ৰ যাত্ৰা টেঙা কৰি পেলালে। আগিয়াৰ পৰা লক্ষীপুৰ, টিক্কিৰকিল্লা তথা ফুলবাৰীলৈ সংযোগ থকা ব্যস্ত পকা ৰাস্তা এটা ইমান বেয়া হ’ব পাৰে বুলি আমি তিলমানো ধাৰণা কৰিব পৰা নাছিলোঁ। বিকশিত অসমৰ পকা ৰাস্তা এটাত ইমান দ দ খাল থাকে বুলি দেখাজনেহে বিশ্বাস কৰিব। বিছ কিল’মিটাৰ ৰাস্তা অতিক্ৰম কৰিবলৈ আমাক প্ৰায় এঘণ্টা পোন্ধৰ মিনিট সময় লাগিল। বায়দা বা ৰংচাই গাঁৱৰ ৰোগীয়ে তথা গৰ্ভৱতী মহিলাই আগিয়া বা গোৱালপাৰা চহৰত অৱস্থিত চিকিৎসালয়লৈ অনাৰ সময়ত নি:সন্দেহে যমৰ যাতনা ভোগ কৰিবলগীয়া হয়। যোৰহাটস্থিত বিশিষ্ট সাংবাদিক সঞ্জয় হাজৰিকাই কোৱাৰ দৰে তেনে পকা ৰাস্তাবোৰৰ মাজত আচলতে খাল নাই, খালৰ মাজতহে ৰাস্তা আছে।
   ৰাস্তাটোৰ অৱস্থাই আমাক গোৱালপাৰা জিলাত মাজে মাজে সংঘটিত হৈ থকা সৰু-ডাঙৰ গোষ্ঠী সংঘৰ্ষ আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনৰ কথা মনত পেলাই দিলে। আমাৰ বোধেৰে জিলাখনৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণে গোষ্ঠী পাৰ্থক্যৰ ওপৰলৈ উঠি সকলোৰে বাবে অতি প্ৰয়োজনীয় পথছোৱা চৰকাৰৰ পৰা আদায় কৰি লোৱাহে উচিত হ’ব। ২০১৩ চনৰ নৱেম্বৰ মাহত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সুকলমে হৈ গ’ল। পৰিষদখনে যিকোনো প্ৰকাৰে অঞ্চলটোৰ পথছোৱা মেৰামতি কৰি দিব পাৰিলে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ’ব আৰু পৰিষদখনৰ প্ৰতি সকলোৰে আস্থা বৃদ্ধি পাব।



প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ অক্টোবৰ, ২০১৫।