Wednesday, 1 June 2016

‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’

     যোৱা ২১ মাৰ্চ ২০১৬ তাৰিখে ডাº অজিত কুমাৰ পটংগীয়াৰ ‘বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?’ শীৰ্ষক লেখাটো পঢ়ি আমাৰো দু-আষাৰ লিখিবলৈ মন গ’ল। প্ৰযুক্তিবিদ্যাৰ বিস্তৰ উন্নতিৰ ফলত উদ্ভাৱন কৰা টিভি, ৰেডিঅ’, ফোন, নিউক্লিয়াৰ বোম, মটৰগাড়ী আদি ‘প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা’ বুলি আমাৰ দেশৰ কিছুমান মানুহে প্ৰচাৰ চলোৱা নতুন কথা নহয়। বেদ-পুৰাণৰ ওপৰত অন্ধভাবে অগাধ বিশ্বাস কৰা লোকসকলৰ মাজত তেওঁলোক যথেষ্ঠ জনপ্ৰিয়। তেওঁলোকে বিস্তৰ গৱেষণাৰ (?) ফলত এই সত্য (?) পোহৰলৈ আনিছে বুলি নিজকে একো একোজন খুউব পৰিশ্ৰমী গৱেষক (?) হিচাপে জাহিৰ কৰি থাকে।
     ইতিমধ্যে উদ্ভাৱিত বস্তুবিলাকৰ কল্পনাখিনি প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলি ধৰি ল’লেও, সেয়া সদায় ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ কিয় হয়? আন দেশৰ লোকে সেইবোৰ বস্তু উদ্ভাৱন কৰাৰ আগতে ভাৰতৰ লোকে উদ্ভাৱন কৰিব পৰাকৈ সহায় কৰিবলৈ পৰিশ্ৰমী গৱেষকসকল (?) ক’ত লুকাই থাকে? কেইদিনমান পাছত আন দেশৰ লোকে অদৃশ্য হৈ যাব পৰা যন্ত্ৰ উদ্ভাৱন কৰিলে সেয়াও প্ৰাচীন ভাৰতৰ বেদ-পুৰাণৰ পৰা নকল কৰা বুলিয়ে কোনোবা পণ্ডিতে সত্যৰ (?) উন্মোচন কৰিব। আচলতে এনেধৰণৰ লাক-বান্ধ নোহোৱা, অলৌকিক গৱেষণাই (?) ভাৰতৰ দুৰ্বলতা প্ৰকাশ কৰাৰ লগতে ভাৰতক ঠাট্টাৰ পাত্ৰহে কৰি তুলিছে।  
    আচৰিত কথা-আজিকালি তেনে ভণ্ড পণ্ডিতক কিছুমান শিক্ষানুষ্ঠানতো বিশেষ বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা দেখা গৈছে। মজাৰ কথাটো হ’ল- সেই শ্ৰেণীৰ পণ্ডিতে তেখেতৰ বক্তব্য ৰখাৰ আগতে কৌশলেৰে সভাৰ সভাপতিজনৰ হতুৱাই সভাত উপস্থিতসকলক জনায় যে বক্তব্য শেষ হোৱাৰ পাছত তেখেতে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে (আচলতে সাহস নাই)। সি যি কি নহওক, তেনে পণ্ডিতক (?) আমন্ত্ৰণ কৰি অনা লোকসকলৰ জ্ঞান আহৰণৰ প্ৰতি থকা স্পৃহা দেখিহে আমাৰ দুখ লাগে। বিজ্ঞানীৰ পৰিচয় থকা ব্যক্তিয়ে তেনে লোকক সমৰ্থন কৰা দেখিলে আমাৰ মুখমণ্ডলত থকা চকুকেইটা আমাৰেই নে আনৰেই ধৰিব নোৱাৰা হওঁ। 
    বৈজ্ঞানিক দৃষ্টিভংগীৰে চলা প্ৰতিজন মানুহে শাস্ত্ৰত বিজ্ঞান দেখা পোৱা পণ্ডিতসকলক সততে অৱহেলা কৰে। এদিন হ’লেও সত্য প্ৰতিষ্ঠা হৈ সেই শ্ৰেণীৰ লোকসকলৰ চকু মেল খাব বুলি ভাৱিয়েই তেওঁলোকৰ ভণ্ডামিৰ প্ৰতি অৱহেলা কৰা হয়। কিন্তু তেওঁলোকে এনে অৱহেলাকে সুযোগ হিচাপে লৈ থাকিলে দীৰ্ঘকালত সমগ্ৰ সমাজখনকে বিপথে পৰিচালিত কৰিব পাৰে। ডাº পটংগীয়াক আমি ধন্যবাদ জনাইছোঁ, কাৰণ এনেধৰণৰ লেখাই সমাজত সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সহায় কৰিব।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ এপ্ৰিল ২০১৬]

‘মংগোল’

   ‘আমাৰ অসম’ কাকতত যোৱা ৬ মে’ ২০১৬ তাৰিখে প্ৰকাশিত বিমল ফুকনৰ ‘মংগোল’ লেখাটো পঢ়ি আমিও দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাই ফুকনক “সৌ ‘মংগোলয়ড’ চেহেৰাৰ মানুহজন কোন?” বুলি প্ৰশ্ন কৰাত আচৰিত হোৱা বুলি তেখেতে উল্লেখ কৰিছে। আচলতে, একে পৰিস্থিতিয়ে কিছুমান মানুহক আচৰিত কৰি তুলিলেও কিছুমান মানুহৰ বাবে সেয়া সাধাৰণ ঘটনা। উল্লিখিত পৰিস্থিতিটো ফুকনৰ দৰে বিদ্বান লোকৰ বাবে আচৰিত হ’বৰে ঘটনা যদিও সেই সম্ভ্ৰান্ত (প্ৰকৃত অৰ্থত সম্ভ্ৰান্ত নহয়) পৰিয়ালৰ মহিলা গৰাকীৰ বাবে সেয়া একেবাৰে সাধাৰণ ঘটনা।
    একৈশ শতিকা পালেহি। এতিয়াও কিছুমান মানুহে সত্ৰৰ সত্ৰাধিকাজনক ‘সত্ৰাধিকাৰ প্ৰভু’, ‘প্ৰভু ঈশ্বৰ’, আদি অভিধা ব্যৱহাৰ কৰি সম্বোধন কৰাৰ দেখা যায়। ফুকনে কোৱাৰ দৰে এইবোৰ অভিধা ব্যংগাত্মক বা বিদ্ৰুপৰ সুৰত ব্যৱহাৰ নকৰে। প্ৰকৃত সুৰতে ব্যৱহাৰ কৰে। যিসকলে এইবোৰ অভিধা এতিয়াও ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ বাবে এইবোৰ নিতান্ত্যই সাধাৰণ ঘটনা। মানুহক ভগবানৰ দূত হিচাপে গ্ৰহণ কৰিব নোৱাৰা আমাৰ দৰে ব্যক্তিকহে এইবোৰ অভিধাই আশ্চৰ্যান্বিত কৰি তোলে। সত্ৰ অনুষ্ঠানৰে ভৰপূৰ অসমৰ বিখ্যাত অঞ্চল এটাত চাকৰি কৰিবলৈ গৈ, বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী কেইজনমান সহকৰ্মীসকলৰ মুখত উল্লিখিত অভিধাসমূহ যেতিয়া প্ৰথম শুনিছিলোঁ নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলোঁ। সি যি কি নহওক, এই পৰিস্থিতিবোৰৰ পৰাই গম পোৱা যায় কোনজন মানুহ কিমান সম্ভ্ৰান্ত বা প্ৰগতিশীল। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ মে’ ২০১৬]

Thursday, 17 March 2016

‘ৰাষ্ট্ৰদ্ৰোহ বনাম মুকলি চিন্তাৰ বজাৰ’

     যোৱা ১ মাৰ্চ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত গীতাৰ্থ পাঠকৰ ‘ৰাষ্ট্ৰদ্ৰোহ বনাম মুকলি চিন্তাৰ বজাৰ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এইটো ঠিক যে স্বচ্চ ৰাজহুৱা আলোচনাত চিন্তাধাৰাৰ মুক্ত প্ৰতিযোগিতাৰ ফলত সত্য উন্মোচিন হয়, ঠিক যেনেদৰে অৰ্থনীতিত মুক্ত প্ৰতিযোগিতাৰ ফলত দ্ৰব্য আৰু সেৱাৰ গুণগত মান উন্নত হয়। ইয়াত নিশ্চয় কাৰো দ্বিমত নাই যে অৰ্থনীতিৰ মুক্ত প্ৰতিযোগিতাৰ নীতিয়ে দ্ৰব্য আৰু সেৱাৰ, সত্যৰে উন্মোচন (যদি এক নিৰ্দিষ্ট পৰ্যায়ৰ পাছত সংশ্লিষ্ট দ্ৰব্য বা সেৱাৰ গুণগত মান আৰু বঢ়াব নোৱাৰি) কৰে। কিন্তু, দেখা গৈছে যে জে এন ইউ প্ৰসংগত যিসকলে মুকলি চিন্তাধাৰাৰে সত্য উন্মোচন সমৰ্থন কৰি আছে, দ্ৰব্য আৰু সেৱাৰ সত্য উন্মোচনৰ ক্ষেত্ৰত তেওঁলোকৰ বেছিভাগৰে মতাদৰ্শ সম্পূৰ্ণ ওলোটা। এক কথাত, অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁলোক মুক্ত প্ৰতিযোগিতাৰ পক্ষপাতি নহয়। হয়, ইয়াত বামপন্থী আৰু নিজকে উদাৰ (যিসকলে উদাৰতাকো বাছনি কৰে) বুলি চিনাকি দিব বিচৰাসকলৰ কথাকে কোৱা হৈছে। নিজৰ চিন্তাধাৰাত উদাৰতাৰ মোহৰ লগোৱা, সক্ৰিয় বামপন্থী থকা শিক্ষানুষ্ঠানত সোঁপন্থীৰ কোনোবা প্ৰবক্তাই প্ৰবেশ কৰিলে, বামপন্থী ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাও আমাৰ ভাৰতবৰ্ষতে আছে (যাতে সংশ্লিষ্ট প্ৰবক্তাজনে শিক্ষানুষ্ঠানখনত মুকলিভাবে বক্তব্য ৰাখিব নোৱাৰে)।
     সি যি কি নহওক, অৰ্থনীতি আৰু তৰ্কৰ মুক্ত প্ৰতিযোগিতাৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে। কিন্তু, যদি সত্যৰ উন্মোচনেই দেশৰ উন্নয়ন সাধন কৰিব পাৰে-তেন্তে সত্য উন্মোচনৰ ক্ষেত্ৰত তেওঁলোকে তৰ্কৰ নীতি আৰু অৰ্থনীতিৰ নীতিক দুটা সম্পূৰ্ণ বিপৰীত মেৰুত ৰাখে কিয়? এয়া তেওঁলোকৰ স্ববিৰোধী স্থিতি নহয়নে?



[প্ৰকাশিত 'আমাৰ অসম', ১৮ মাৰ্চ, ২০১৬]


Tuesday, 1 March 2016

নিজ মুখে ৰাজহুৱা কামৰ প্ৰচাৰ

মন্ত্ৰী, বিধায়ক, পঞ্চায়তৰ সভাপতি, কোনো চৰকাৰী প্ৰতিষ্ঠানৰ মূৰব্বী আদিয়ে তেওঁলোকৰ কাৰ্যকালত কৰা কামবোৰৰ খতিয়ান নিজ মুখেৰে বাৰে বাৰে প্ৰচাৰ কৰা দেখা যায় (আঙুলিৰ মূৰত গণিব পৰা কেইজনমানৰ বাহিৰে)। কোনে, কি কাম, কিমান কৰিলে সেয়া ৰাইজে দেখিয়ে থাকে দেখোন। তেওঁলোকে ৰাইজক ইমান অকৃতজ্ঞ বুলি ভাবেনে? নিজে কৰা কামৰ খতিয়ান নিজে প্ৰচাৰ কৰি থাকিলে ৰাইজৰ চকুত নিজৰ স্থান তললৈহে যায়।  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৬]

Thursday, 25 February 2016

‘বৰ্ণ বৈষম্য: একলব্য, কৰ্ণ, আম্বেদকাৰৰ পৰা ৰোহিতলৈকে’

যোৱা ১১ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে আমাৰ অসম কাকত প্ৰকাশিত ডা: অজিত বৰুৱাৰ ‘বৰ্ণ বৈষম্য: একলব্য, কৰ্ণ, আম্বেদকাৰৰ পৰা ৰোহিতলৈকে’ লেখাটো পঢ়ি অসমত বৰ্ণ বৈষম্য সম্পৰ্কে দুষাৰ লিখিবলৈ আগ্ৰহ অনুভৱ কৰিলোঁ। তেখেতে ঠিকেই লিখিছে যে ‘আমাৰ ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেধৰণৰ নিম্নৰুচিৰ বিচাৰৰ পৰা অসমখনক কেতিয়াবাই মুক্ত কৰি থৈ গৈছে’। পিছে শংকৰদেৱৰ উত্তৰসুৰীসকলে অসমত সেই পৰম্পৰা বৰ্তাই ৰাখিব পাৰিছেনে? আমাৰ বোধেৰে নাই পৰা। এসময়ত কটন কলেজৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠানত অসমৰ তথাকথিত উচ্চজাতৰ ছাত্ৰ আৰু নিম্নজাতৰ ছাত্ৰৰ বাবে সুকীয়া ৰান্ধনীশালৰ ব্যৱস্থা কৰাটোৱে কি সুচায়? ইমান আগৰ কথা উল্লেখ কৰিবই নালাগে। যোৱা ৮ জুন ২০১৫ তাৰিখে আমাৰ অসম কাকতখনত প্ৰকাশিত ময়ুৰ বৰাৰ প্ৰবন্ধটোত অসমত যে এতিয়াও জাত-পাতৰ অৱস্থিতি আছে সেয়া প্ৰতিয়মান হৈছে। সত্ৰাধিকাৰ বাছনিৰ ক্ষেত্ৰত সত্ৰসমূহে যে এতিয়াও বৰ্ণবৈষম্যৰ পৰা বাহিৰ হ’ব পৰা নাই, তেখেতৰ প্ৰবন্ধটোত স্পষ্টকৈ ওলাই পৰিছে। 


[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ফেব্ৰুৱাৰী, ২০১৬]

Friday, 22 January 2016

‘সংবাদ বিবাদ’ সম্পৰ্কে'

   যোৱা ৩ জানুৱাৰী ২০১৬ তাৰিখে ‘আমাৰ অসম’ কাকতখনত প্ৰকাশিত আৰণ্যক শইকীয়াৰ ‘সংবাদ বিবাদ’ লেখাটি পঢ়ি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ। অসমত লেকামহীনভাবে বৈদ্যুতিন মাধ্যমৰ সম্প্ৰসাৰণ ঘটা দহ বছৰমানহে হ’ল। আচলতে এই মাধ্যমটো কেনেকুৱা, এইবোৰৰ উদ্দেশ্য কি, এইবোৰ কাৰ স্বাৰ্থত কাম কৰে-সেয়া বুজি উঠিবলৈ অসমৰ সৰহসংখ্যক মানুহ এতিয়াও পৰিপক্কভাবে বুজি উঠা নাই।
   আমি মনত ৰখা দৰকাৰ যে ভাৰতৰ অৰ্থনীতি যদিও মিশ্ৰ, ৰাষ্ট্ৰ ব্যৱস্থা আৰু বজাৰ ব্যৱস্থাক তুলাচনী এখনৰ এটাক আনটোৰ বিপৰীতফালে উঠালে দেখিম যে ১৯৯১ চনৰ পৰা বজাৰ ব্যৱস্থাৰ ওজন ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। আন কথাত, ৰাষ্ট্ৰৰ ভূমিকা দ্ৰুতগতিত হ্ৰাস পাই আহিছে। ফলত সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটোক বজাৰ ব্যৱস্থাই নিয়ন্ত্ৰণ কৰি আহিছে। বৈদ্যুতিন মাধ্যমৰ লেকামহীন সম্প্ৰসাৰণৰ কাৰণো বজাৰ ব্যৱস্থাৰ ওজন বৃদ্ধিৰ ফলতে ঘটিছে। ইয়াৰ প্ৰভাৱ ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়াবাই পৰিল, অসমৰ বাবেহে ই নতুন হৈ আছে। প্ৰশ্ন হ’ল-এই মাধ্যমটোৰ কু-প্ৰভাৱৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিম?
   যিহেতু বজাৰ ব্যৱস্থাত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়, বজাৰ সম্পৰ্কে সঠিক জ্ঞান প্ৰতিজন ব্যক্তিৰে থকা বুলি ধৰি লোৱা হয়। সেয়েহে সংবাদ মাধ্যমসমূহৰ প্ৰচাৰ কোনবোৰ ভাল বা কোনবোৰ বেয়া-সেয়া প্ৰতিজন ব্যক্তিয়ে নিজে ধাৰণা কৰি ল’ব পাৰে বুলি ধৰি লোৱা হয়। অৰ্থাত, প্ৰতিজন ব্যক্তিয়ে নিজে সচেতন হ’লেহে এইবোৰৰ কু-প্ৰভাৱৰ পৰা হাত সাৰি থাকিব পৰা যাব। তদুপৰি যিহেতু বজাৰ ব্যৱস্থাৰ অনুগ্ৰহতে এই মাধ্যমসমূহ গঢ়ি উঠিছে, গতিকে বজাৰ ব্যৱস্থাই এইবোৰৰক পৰিপক্ক কৰি তুলিব। শইকীয়াৰ দৰে লেখনিয়ে নি:সন্দেহে এই প্ৰক্ৰিয়াত সহযোগ আগবঢ়াব। 

[প্ৰকাশিত, ‘আমাৰ অসম’ ১৪ জানুৱাৰী, ২০১৬]

নিজৰ বেগ নিজে কঢ়িওৱাৰ অভ্যাস

   ২০১০ চনৰ ১৮ ছেপ্টেম্বৰ গধূলি। স্থান-হায়দৰাবাদৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু অষ্ট্ৰেলিয়াৰ Deakin Universityৰ সহযোগত  ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ “Pharmaceuticals in Developing and Emerging Economies: Production, Innovation and Access to Medicines in the Wake of TRIPS” শীৰ্ষক এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। ১৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ বিশেষ সমল ব্যক্তি হিচাপে বিশিষ্ট্য স্বাধীন গৱেষক, মানৱ অধিকাৰ কৰ্মী আনন্দ গ্ৰোভাৰক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতক বিমান বন্দৰৰ পৰা আগবঢ়াই অনাৰ দায়িত্ব মোকে দিয়া হৈছে। নিৰ্দিষ্ট সময়ত তেখেতে যাত্ৰা কৰা বিমানখন, বিমান বন্দৰটোত লেণ্ড কৰাৰ খবৰ পোৱাৰ পাছত আনন্দ গ্ৰোভাৰৰ নাম লিখা কাগজ এখন লৈ যাত্ৰী আগমনৰ নিৰ্দিষ্ট পথত তেখেতলৈ বাদ চাই আছোঁ। ‘ময়ে আনন্দ গ্ৰোভাৰ’ বুলি তেখেতে চিনাকি দি মোৰ সৈতে হাত মিলালে। দুয়োখন কান্ধত দুটা ডাঙৰ ডাঙৰ বেগ। তাৰে এটা বেগ আমাৰ গাড়ীখন ৰখাই থোৱা স্থানলৈ মই কঢ়িয়াবলৈ বিছৰাত তেখেতে ক’লে যে তেখেতে নিজৰ বেগ নিজে কঢ়িয়াই লৈ ফুৰে। মই থতমত খালোঁ। আচলতে সেই পৰ্যায়লৈ মই ভাবিবই পৰা নাছিলোঁ। কাৰণ, তেখেতক আগবঢ়াই অনাৰ আগতে মই আৰু দুগৰাকী সমল ব্যক্তিক আগবঢ়াই আনিছিলোঁ, তেওঁলোকে বিনা আপত্তিৰে মোলৈ তেওঁলোকৰ বেগ আগবঢ়াই দিছিল।
   ঘটনাটো সৰু যদিও মোৰ মনত খুউব দকৈ সাঁচ বহুৱালে। বেগ কঢ়িওৱাৰ পৰিস্থিতি সৃষ্টি হ’লেই তেখেতলৈ মনত পৰি যায়। ময়ো মোৰ বেগ আনক কঢ়িয়াবলৈ দিবলৈ বেয়া পোৱা হ’লোঁ। সেইদৰে যিমানেই সন্মানীয় ব্যক্তি নহওক কিয়, তেখেতৰ বেগ মোক কঢ়িয়াবলৈ দিলে বিৰক্তি অনুভৱ কৰোঁ। অৱশ্যে, ব্যক্তিজনে বেগটো কঢ়িয়াব নোৱাৰিলে কথাটো সুকীয়া।
   পুনচ্চ: আমাৰ অসমৰ কাৰ্যালয়বিলাকৰ মূৰব্বীয়ে তেখেতৰ গাড়ীখন ৰখোৱা স্থানৰ পৰা সংশ্লিষ্ট কাৰ্যালয়টোলৈ নিজৰ সৰু হাতবেগটো তেখেতৰ তলতীয়া কৰ্মচাৰীক কঢ়িয়াবলৈ দি কৰ্মচাৰীজনৰ পিছে পিছে গৈ কাৰ্যালয়টোত উপস্থিত হোৱা এটা অতি সাধাৰণ দৃশ্য। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জানুৱাৰি, ২০১৬]