Sunday, 6 November 2016

পৰিষ্কাৰ-পৰিচন্নতা আৰু আমি

(এক)
    ১৫ জানুৱাৰি ২০১৬। সপৰিবাৰে শিৱসাগৰলৈ গ’লোঁ। ৰংঘৰৰ বাকৰিত কিছু সময় কটোৱাৰ পাছত  তলাতল ঘৰলৈ গ’লোঁ। প্ৰাকৃতিক তাড়না সহ্য কৰিব নোৱাৰি তলাতল ঘৰৰ চৌহদৰ ভিতৰত কোনফালে প্ৰসাৱগাৰ আছে এবাৰ চকু ফুৰালোঁ। দূৰৈত এটা সৰু ঘৰ দেখি অনুমান কৰিলোঁ যে সেয়া প্ৰসাৱগাৰেই হ’ব। কিছু ওচৰলৈ গৈ দেখিলোঁ-দুৱাৰখনৰ এফাল নাই। ভাবিলোঁ-একো নহয়। চলি যাব। ভিতৰলৈ সোমাও বুলি এখন ভৰি আগবঢ়াই দিছিলোঁহে-সৰ্বনাস! নিৰাপদে ভৰি দিবলৈ দেখোন ঠাই নায়েই। ওচৰা-উচৰিকৈ মানুহৰ বিষ্ঠাই সমগ্ৰ প্ৰসাৱগাৰটোৰ ভিৰতখন ভৰি আছে। পৰিবাৰে জনালে যে ‘মহিলাৰ বাবে’ৰ প্ৰসাৱগাৰটোৰো একেই অৱস্থা। পিছত যেনিবা চৌহদটোৰ এটা চুকত অৱস্থিত আন এটা প্ৰসাৱগাৰত কামফেৰা সমাপন কৰা হ’ল।
    অকল সেয়াই নে? তলাতল ঘৰটোৰ ওচৰতে অৱস্থিত সৰু পুখুৰীটোৰ অৱস্থাও তথৈবচ।  পানীৰ বটল, চিপছৰ পেকেট আদিয়ে পুখুৰীটোৰ পৰিবেশ কদৰ্যময় কৰি তুলিছে। বহুতে হয়তো সেইবোৰ পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰৰ বাবে তলাতল ঘৰটোৰ সৈতে জড়িত মানুহখিনিকে দোষ দিব। আচলতে দোষ তেওঁলোকৰ নে? তলাতল ঘৰৰ ওচৰৰ মানুহবোৰেও টিকটৰ দাম দি নিশ্চয় তালৈ পায়খানা কৰিবলৈ, পানীৰ বটল বা চিপছৰ পেকেট পেলাবলৈ নাযায়। সৌন্দৰ্য বিচাৰি যোৱা মানুহবিলাকৰ মনবিলাক কিমান কদৰ্য হ’ব পাৰে-ইয়াতকৈ আৰু কি উৎকৃষ্ট উদাহৰণ লাগে?
(দুই)
     ৩০ এপ্ৰিল ২০১৬। গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ সুকলমে চলাই নিবৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ কেইটামান দিনৰ অন্তিমটো দিন। গোলাঘাট জিলা নিৰ্বাচনী বিষয়াই আমাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহোটোকো প্ৰশিক্ষণৰ এটা স্থান হিচাপে অধিগ্ৰহণ কৰি ল’লে। ভাগ্যক্ৰমে মোৰ প্ৰশিক্ষণো আমাৰ মহাবিদ্যালয়তে পৰিল। যিহেতু প্ৰশিক্ষণৰ সময়ত বিভাগীয় কতৃপক্ষই প্ৰশিক্ষাৰ্থীসকলক চাহ, পানীৰ বটল আৰু এটা পেকেটত কিছু খোৱা বস্তু যোগান ধৰে, সেয়েহে পেলনীয়া বস্তুবোৰ পেলাবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে প্ৰেক্ষাগৃহটোৰ বাৰাণ্ডাৰ ওচৰতে দুটা ডাঙৰ ডাষ্টবিনৰ ব্যৱস্থা কৰি দিলে। কোৱা বাহুল্য মাথো যে প্ৰশিক্ষাৰ্থীসকল সকলোৱে একো একোজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত ব্যক্তি। কিন্তু লাজ লগা কথাটো হ’ল- কেইজনমান প্ৰশিক্ষাৰ্থীৰ বাহিৰে সৰহ সংখ্যকেই পেলনীয়া বস্তুবোৰ ডাষ্টবিনত নেপেলাই প্ৰেক্ষাগৃহটোৰ ভিতৰত তেওঁলোক বহা চকীখনৰ তলতে পেলাইছে আৰু গেটেই প্ৰেক্ষাগৃটোকে কদৰ্যময় কৰি তুলিছে। প্ৰায়বোৰৰে মানসিকতা হ’ল-মহাবিদ্যালয়ত যিহেতু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থাকে, সিহঁতে প্ৰেক্ষাগৃহটো এনেও চাফা কৰিবই। 
(তিনি)
    ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে ‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভ কৰিলে। দেখা গ’ল যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সকলোৱে নিজ নিজ অঞ্চলটো চাফা কৰিবলৈ লৈছে। মোদীয়ে যিহেতু নিজেই ঝাড়ু মাৰিছে, বহু নামী-দামী ব্যক্তিও ঝাড়ু মাৰিবলৈ সংকোচ নকৰিলে। দেখি এনে লাগিল যেন এইবাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিব। বহুতে আকৌ নিজকে প্ৰচাৰ কৰিবৰ বাবেহে ঝাড়ু মৰিলে। কিন্তু বহুতে বহু পিছতহে বুজিলে যে মোদীয়ে প্ৰতীকী হিচাপেহে হাতত ঝাড়ু লৈছিল। দেশৰ আন কাম এৰি মোদীয়ে অকল ঝাড়ুৱে মাৰি থাকিবনে? মোদী মহাশয়ে ঝাড়ু এৰি দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ ল’লে। বাকীবোৰে (যিবোৰে মোদীৰ পৰা অনুপ্ৰাণিত হৈছিল) দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ সুযোগ নাপালে, ঝাড়ু কিন্তু এৰি দিলে (মোদীৰ দৰে দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ নোপোৱাটোও এটা কাৰণ হ’ব পাৰে)। গতিকে বহুতৰে চাফাই অভিযান বেছিদিন নিটিকিল।
(চাৰি)
      সামাজিক মাধ্যমসমূহত বহু বন্ধুৱে পৃথিৱীৰ উন্নত দেশসমূহৰ নাগৰিকে চাফ-চিকুনতাৰ নীতি-নিয়মসমূহ কেনেদৰে পালন কৰে-সেয়া শ্বেয়াৰ কৰে। আমাৰ দেশৰ, আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাউলিং নামৰ গাঁৱখনৰ ফটো আপলোড কৰি গৌৰৱ অনুভৱ কৰে। কিন্তু নিজে খোৱা চিপছৰ পেকেটটো, পানীৰ বটলটো য’তে ত’তে পেলাই দিয়ে।
     আচলতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে দিশবোৰৰ প্ৰতি আমাৰ দেশৰ সৰহ সংখ্যক মানুহৰে ধাৰণা আংশিক আৰু আবেগিকহে। 

[প্ৰান্তিক, ১৬-৩১ অক্টোবৰ, ২০১৬]

‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’

যোৱা ২৯ আগষ্ট ২০১৬ তাৰিখে ‘আমাৰ অসম’ৰ স্ব-নিৰ্বাচিত শিতানত শ্ৰদ্ধাৰ নগেন শইকীয়াদেৱৰ ‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’ লেখাটো পঢ়ি দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। বিশিষ্ট চিন্তাবিদ শইকীয়াদেৱৰ সৈতে আমিও একমত যে ভাৰতবাসীৰ একক পৰিচয় ‘ভাৰতীয়ত্ব’ হিচাপে গঢ়ি তুলিবলৈ হ’লে কিছু উদাৰ দৃষ্টিভংগীৰে আগবঢ়াৰ প্ৰয়োজন আছে। ব্ৰিটিছে তেওঁলোকৰ প্ৰশাসনৰ সুবিধাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত ‘এক ধৰণৰ নীতি’ (One size fits for all) প্ৰয়োগ কৰিছিল। ব্ৰিটিছৰ নীতিকে অনুসৰণ কৰি কেৱল মাত্ৰ প্ৰশাসনৰ সুবিধাৰ বাবে আজিৰ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰিলে কিছুমান অসুবিধা আহি পৰাৰ সম্ভাৱনা আছে। ব্ৰিটিছে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ প্ৰয়োজন অনুসৰিহে তেনে নীতিৰে প্ৰশাসনিক কাৰ্য চলাইছিল। ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰোতে ভাৰতীয় মানুহৰ নিজৰ মাজতে দেখা দিয়া বুজাবুজিৰ অভাৱে তেওঁলোকক লাভাম্বিতহে কৰিছিল। মজাৰ কথাটো হ’ল-ব্ৰিটিছে ভাৰতবৰ্ষ এৰি গ’ল যদিও তেওঁলোকৰ প্ৰশাসনৰ গাঁঠনিৰ বহুখিনি প্ৰয়োগেৰে আজিও ভাৰতৰ প্ৰশাসন ব্যৱস্থা চলি থাকিল। ভাৰতৰ জনসাধাৰণেও ইতিমধ্যে সেই প্ৰশাসন ব্যৱস্থাৰ সৈতে বহুখিনি মিলি যাবলৈ সক্ষম হ’ল। অৱশ্যে, ভাৰতৰ বিভিন্ন জাতি-জনজাতিসকলৰ নিজস্ব কৃষ্টি-সংস্কৃতিৰ ওপৰত তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তৰৰ ক্ষেত্ৰত কিছু নৰম আছিল বাবে এইবোৰ দিশত প্ৰত্যেকৰে নিজস্ব সত্তা কম-বেছি পৰিমাণে আজিও বৰ্তি আছে।
আজি ‘ভাৰতীয়ত্ব’ৰ বাবে নিজস্বভাবে নতুনকৈ ‘এক ধৰণৰ নীতি’ কিছুমান সজাই লৈ প্ৰয়োগ কৰিবলৈ গ’লে, সেই নীতিৰ সৈতে প্ৰত্যেককে এশ শতাংশ মিলাবলৈ চেষ্টা কৰালে কিছুমান অবাঞ্ছিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনাই বেছি। অৰ্থনৈতিক (যেনে-দ্ৰব্য আৰু সেৱা কৰ) বা ৰাজনৈতিক দিশত ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰা সম্ভৱ হ’লেও সাংস্কৃতিক, সামাজিক অথবা ধৰ্মীয় দিশত সম্ভৱ কৰি তোলা কঠিন হ’ব। কাৰণ, ৰাজনীতি বা অৰ্থনীতিতকৈ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় দিশত মানুহবিলাক বেছি সংবেদনশীল। যুক্তিৰ খাতিৰত নতুনকৈ সজাই লোৱা ‘ভাৰতীয়ত্ব’ই ভাৰতবৰ্ষৰ ‘মূলসুঁতি’ বুলি ধৰি ল’লেও, ‘মূলসুঁতি’লৈ যোৱাৰ পাছত ‘সুঁতি’টোৱেই হেৰাই গ’লে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে-সেয়া সহজে অনুমেয়।        
   [প্ৰকাশিত, ‘আমাৰ অসম’, ২০ অক্টোবৰ ২০১৬] 

সময়ৰ মূ্ল্য সকলোৰে থাকে

২০১৬ চনৰ জুলাই মাহৰ ২৯ তাৰিখৰ কথা। ডাক্তৰ এজনৰ পৰামৰ্শ মতে শ্ৰীমতীৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত মালিকাধীন পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাটো কৰিব পাৰিব নে নাই আগদিনাই সুধি ল’লোঁ। কেন্দ্ৰটোৰ ৰেচিপ্টচনত বহি থকা ল’ৰাটোৱে সংশ্লিষ্ট ডাক্তৰজন ২৯ তাৰিখে আহিব পাৰিব নে নাই খবৰ ল’লে। ল’ৰাজনে জনালে যে উক্ত তাৰিখত ডাক্টৰজনে পুৱা দহ বজাত সময় দিছে আৰু আমি দহ বজাৰ আগে আগে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হ’বই লাগিব।
গৰমৰ বন্ধ পোৱাৰ বাবে আমি আমাৰ গৃহ জিলা গোৱালপাৰাত আছিলোঁ। আমাৰ ঘৰৰ পৰা নিজৰ গাড়ীৰে সংশ্লিষ্ট কেন্দ্ৰটো পাবলৈ প্ৰায় তিনিঘণ্টা সময় লাগে। ২৯ তাৰিখে পুৱা ছয় বজাৰ আগেয়ে ঘৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’লোঁ। দহ বজাৰ আগে আগে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ তেওঁলোকে ধাৰ্য কৰা অনুসৰি পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিয়া হ’ল। ৰেচিপ্টচনৰ ল’ৰাটোৱে আমাক কেন্দ্ৰটোৰ প্ৰথম মহলালৈ গৈ বহিবলৈ ক’লে। আমাৰ আগেয়ে আৰু কিছুমান মানুহ আহি কোঠাটোত বহি আছে। এজন এজনকৈ মাতি আন পৰীক্ষাসমূহ কৰি গৈছে। কথা পাতি গম পালোঁ যে আমাৰ বাহিৰেও আৰু তিনিহাল দম্পত্তিয়ে একে পৰীক্ষা কৰাবৰ বাবে বাদ চাই আছে। এক ঘণ্টা পাৰ হৈ গ’ল, আমাকহে মতা নাই। কেন্দ্ৰটোৰ আন পৰীক্ষাসমূহ কৰি থকা কৰ্মচাৰী (নে ডাক্টৰ ক’ব নোৱাৰোঁ) এজনক আমাৰ পৰীক্ষাটো কেতিয়া কৰা হ’ব সুধিলোঁ। আমাক জনালে যে সংশ্লিষ্ট পৰীক্ষাটো কৰা ডাক্টৰজন আহি পোৱা নাই। ভাবিলোঁ, গুৱাহাটীৰ কথা। ট্ৰেফিকজামৰ বাবে দেৰি হ’ব পাৰে। বহি বহি আমনি লাগিবলৈ ধৰিলে। এবাৰ বাহিৰলৈ ওলাই গৈ চাহ খাই আহিলোঁ। আৰু আধা ঘণ্টা গ’ল। আমাক মতাৰ কোনো লক্ষণেই দেখা নাই। আকৌ খবৰ কৰিলোঁ। একেই উত্তৰ। ডাক্টৰজন আহি পোৱা নাই। খং উঠি আহিছে যদিও কোনোমতে দমাই থলোঁ। বাৰ বাজি পাৰ হৈ গ’ল। এইবাৰ সিধাই ৰেচিপ্টচনলৈ গৈ খবৰ কৰিলোঁ। ক’লোঁ যে আমাক কি কাৰণত দহ বজাৰ আগেয়ে কেন্দ্ৰটোত উপস্থিত হ’বলৈ কোৱা হৈছিল। ইতিমধ্যে আমাক দুঘণ্টাতকৈ বেছি সময় এনেয়ে বহুৱাই ৰখা হ’ল। ল’ৰাটোৱে জনালে যে সংশ্লিষ্ট ডাক্টৰজন এজন অতি ব্যস্ত আৰু ডাঙৰ ডাক্টৰ। যিকোনো সময়তে মানুহে তেখেতক বিচাৰি আহি থাকে। মই ক’লোঁ যে তেনেহ’লে তেখেতে আমাক দেৰিকৈ আহিবলৈ নক’লে কিয়। ল’ৰাটোৱে অলপ টানকৈয়ে উত্তৰ দিয়ে যে মই কিয় ধৈৰ্য ধৰিব পৰা নাই। ডাক্টৰজন আহিবই। আমাৰ পৰীক্ষা সম্পন্ন হ’বই। ল’ৰাটোৰ উত্তৰ পাই মোৰো খং উঠি আহিল। মই ক’লোঁ, “তুমি যে ধৈৰ্যৰ কথা কৈছা, দুঘণ্টাতকৈ বেছি সময় তোমাৰ সেই ডাঙৰ ডাক্টজনক এনেয়ে বহি থাকিবলৈ ক’বাচোন। বা তুমি নিজেই এনেয়ে বহি থাকিবাচোন। কেনে লাগিব? আৰু সংশ্লিষ্ট ডাক্টৰজনক যে তুমি ডাঙৰ ডাক্টৰ বুলি কৈছা, নিজৰ ৰোগীক সময় দি সময়মতে নিজৰ কামখিনি কৰিব নোৱাৰাজন কিহৰ ডাঙৰ ডাক্টৰ?” “আপুনি কোৱা কথাখিনিও সঁচা” বুলি সি মনে মনে থাকিল। মই বুজি পাইছোঁ যে সিও নিৰুপায়।
এক বজাৰ অলপ আগে আগে যেনিবা আমাক মাতিলে আৰু আমাৰ পৰীক্ষাটো সুন্দৰভাবে সম্পন্ন কৰিলে। পিছে, ডাঙৰ ডাক্টৰজনৰ সময়ৰ জ্ঞান দেখিহে আমাৰ আচৰিত লাগিল। অৱশ্যে, এটা লাভো হ’ল। ডাঙৰ ডাক্টৰৰ এটা সুন্দৰ (?) বৈশিষ্ট্য গম পালোঁ।  

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ, ২০১৬]

Sunday, 11 September 2016

জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কে

যোৱা ২৯ আগষ্ট তাৰিখে ‘আমাৰ অসম’ত প্ৰকাশিত ডা: ইলিয়াছ আলীৰ ‘জনবিস্ফোৰণ: বিশ্বৰ মৃত্যুৰ পৰোৱানা’ লেখাটো পঢ়িলোঁ। ডা: আলীৰ সৈতে দ্বিমত নাই যে জনসংখ্যাৰ দ্ৰুত হাৰৰ বৃদ্ধিয়ে পৃথিৱীখনক ক্ৰমে ধংসৰ মুখলৈ ঠেলি দি আছে। মন কৰিবলগীয়া কথাটো হ’ল- ৰাজনীতি, অৰ্থনীতি বা আন সমস্যা সম্পৰ্কে যিমান গভীৰভাবে আলোচনা কৰা হয়, জনবিস্ফোৰণ সমস্যাটোৰ বিষয়ে সিমান গভীৰভাবে আলোচনা হোৱা দেখা নাযায়।
জনসংখ্যা বৃদ্ধিৰ ফলত হ’ব পৰা বিপদ সম্পৰ্কে থমাছ মালথুছে তেখেতৰ ১৭৯৮ চনত প্ৰকাশিত An Essay on the Principle of Population গ্ৰন্থখনৰ জৰিয়তে বিশ্ববাসীক সজাগ কৰি দিছিল। তেখেতে উপস্থাপন কৰিছে যে বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু খাদ্য শস্যৰ উৎপাদনৰ হাৰ একে নহয়। তেখেতৰ মতে জনসংখ্যা জ্যামিতিক হাৰত (মানে: ২, ৪, ৮, ১৬, ৩২………) আৰু খাদ্য শস্যৰ উৎপাদন গাণিতিক হাৰত (মানে: ২, ৪, ৬, ৮, ১০……...) বৃদ্ধি পায়। অৰ্থাত, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ খাদ্য শস্যৰ উৎপাদনৰ হাৰতকৈ সদায় বেছি হয়। ফলত পৃথিৱীত খাদ্য সংকটে দেখা দিয়ে। খাদ্য সংকটে দেখা দিলে সমগ্ৰ পৃথিৱীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, ব্যাখ্যা নিষ্প্ৰয়োজন।  
অৱশ্য, জনসংখ্যা বৃদ্ধিৰ হাৰ কেনেকৈ নিয়ন্ত্ৰিত হয়, সেই বিষয়েও তেখেতে গ্ৰন্থখনত আলোচনা কৰিছে। তেখেতৰ মতে জন্মৰ হাৰ হ্ৰাস কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপায় হিচাপে তেখেতে কোনো ব্যক্তিয়ে পৰিয়াল পোহপাল দিব পৰাকৈ খাদ্য শস্য উৎপাদন কৰিব নোৱাৰিলে দেৰিকৈ বিয়া পতা বা একেবাৰে বিয়া নাপাতিবলৈ উপদেশ দিছিল। এই পদ্ধতিক তেখেতে প্ৰতিকাৰ মূলক ব্যৱস্থা (Preventive Checks) বুলি কৈছে। অৱশ্যে, জন্মৰ হাৰ হ্ৰাস কৰাৰ বাবে অনৈতকভাবে যৌন ক্ষুধা পূৰণ কৰা, জন্ম নিৰোধক ব্যৱ্স্থা গ্ৰহণ কৰা আদিত তেখেতৰ সমৰ্থন নাছিল। উল্লেখ কৰা দৰকাৰ যে ১৮২০ চন মানৰ পৰা উদ্ভৱ হোৱা নব্য-মালথুছিয়ান সকলে জন্ম নিৰোধক ব্যৱস্থা গ্ৰহণৰ সমৰ্থন কৰিছে। আন এক পদ্ধতি অনুসৰি মৃত্যুৰ হাৰ বৃদ্ধি হৈ জনসংখ্যা নিয়ন্ত্ৰণলৈ আহে। যুদ্ধ, দুৰ্ভিক্ষ, নানান ধৰণৰ বেমাৰ-আজাৰ ইত্যাদি এই পদ্ধতিৰ উপায়ৰ ভিতৰত পৰে। এই পদ্ধতিক তেখেতে ধনাত্মক ব্যৱস্থা (Positive Checks) বুলি কৈছে।
সি যি কি নহওক, দ্ৰুত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ বাবে পৃথিৱীৰ উন্নত দেশবোৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন আঁচনিসমূহ সঠিকভাবেই গ্ৰহণ কৰি কাৰ্যকৰি ৰূপ দিবলৈ ধৰিলে। ফলস্বৰূপে, সেই দেশবিলাকত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিলে। জনসংখ্যা নিয়ন্ত্ৰণ কৰাত সমস্যাই দেখা দিলে ভাৰত, বাংলাদেশ আদিৰ দৰে অনুন্নত দেশবিলাকত (ভাৰতৰ দৰে দেশক উন্নয়নশীল বুলি কোৱা হয় যদিও-সেয়া ভাল লগাবলৈ কোৱাৰ বাহিৰে ইয়াৰ আন একো অৰ্থ নাই যেন লাগে)। আমাৰ দৰে দেশবিলাকত জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনি কঠোৰভাবে বলবৎ কৰিলে ধৰ্মীয় বা সামাজিক সমস্যাই গা কৰি উঠে। যি চৰকাৰে কঠোৰভাবে জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনিসমূহ প্ৰয়োগ কৰিবলৈ বিচাৰে সেই চৰকাৰে আচৰিত ধৰণে নিজৰ জনপ্ৰিয়তা হেৰুৱায়। ভাৰতৰ জুৰুৰীকালীন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ পাঁচটা নীতিৰ ভিতৰত পৰিয়াল পৰিকল্পনা নীতিটো দুই নম্বৰত স্থান পাইছিল। এই নীতিটো কাৰ্যকৰি কৰিবলৈ তেখেতে দুটা সন্তানৰ পাছত প্ৰতিজন পুৰুষকে বাধ্যতামূলকভাবে ব্যন্ধাকৰণ কৰাব বিচাৰিছিল। যাৰ ফলস্বৰূপে ৰাজনীতিত তেখেতৰ জনপ্ৰিয়তা আচৰিত ধৰণে হ্ৰাস পাইছিল।
আচলতে আৰ্থিকভাবে অনুন্নত দেশৰ মানুহবিলাকৰ চিন্তাধাৰাও অনুন্নত হৈ আছে। আমাৰ দৰে দেশবিলাকৰ সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাই ইয়াৰ বাবে দায়ী। বিয়া-বাৰু হৈ যোৱাৰ এবছৰ পাছতে সংশ্লিষ্ট পৰিয়ালৰ লোকে বংশ ৰক্ষাৰ বাবে দম্পত্তিহালৰ পৰা সন্তান আশা কৰা আমাৰ সমাজ ব্যৱস্থাত একেবাৰে সাধাৰণ কথা। তেহেলৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থা যিমানেই বেয়া নহওক কিয়। কোনো দম্পত্তিয়ে একান্ত জৈৱিক কাৰণত সন্তান জন্ম দিবলৈ সক্ষম নহ’লে সমাজত তেওঁলোকৰ অৱস্থা কেনে হয়, সেয়া তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব। শিক্ষাৰ পোহৰ নোপোৱা মানুহৰ মানসিকতাহে যে এনে হয়, তেনে নহয়। এই ক্ষেত্ৰত বহু উচ্চ শিক্ষাৰে শিক্ষিত (?) মানুহৰো মানসিকতাৰ পৰিবৰ্তন ঘটা নাই।  
শিক্ষাৰ বিস্তাৰৰ জৰিয়তে আমাৰ দৰে অনুন্নত দেশবিলাকত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কিছুমান চিন্তাবিদে আশা কৰিছে। এই ক্ষেত্ৰত আমিও একমত যদিও আমাৰ এলান্দুকলীয়া মানসিকতা পৰিবৰ্তন কৰিব নোৱাৰা প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰা কিমান সুফল পোৱা যাব তাত সন্দেহ আছে। তদুপৰি, জনসংখ্যা নিয়ন্ত্ৰণলৈ আহিলেও পৃথিৱীখন মৃত্যুৰ দিশে আগবাঢ়িয়েই থাকিব যদিহে সঁচা অৰ্থত মানুহৰ লালসা নিয়ন্ত্ৰণলৈ নাহে।  


[প্ৰকাশিত, 'আমাৰ অসম', ১১ ছেপ্তেম্বৰ ২০১৬]

Sunday, 21 August 2016

‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’

'আমাৰ অসম’ কাকতত ১ আগষ্ট ২০১৬ তাৰিখে প্ৰকাশিত ভাস্কৰ ফুকনৰ ‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’ লেখাটো পঢ়িলোঁ। ফুকনে ঠিকেই ধৰিছে যে ভাৰতবৰ্ষত ভি আই পি সকলে এক অতি অভিজাত শ্ৰেণীৰ জীৱন শৈলীৰ সৃষ্টি কৰি লৈছে। পিছে সেই শ্ৰেণীটোৰ অতি উচ্চ পৰ্যায়ৰ (?) জীৱন শৈলীৰ বাবে কেৱল সেই শ্ৰেণীৰ মানুহখিনিৰ মানসিকতাই দায়ী নে? এই ক্ষেত্ৰত আমাৰ দেশৰ জনসাধাৰণৰ মানসিকতা, কাণ্ড-কাৰখানা আদিও সমানে জগৰীয়া। আমাৰ দেশত সেই শ্ৰেণীৰ মানুহখিনিয়ে যেনেদৰে নিজৰ ৰাজনৈতিক বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ পৰাহে চায়। সেই শ্ৰেণীৰ মানুহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলগা প্ৰসংগটোও ইয়াতে নিহিত আছে।
আচল কথাটো হ’ল, আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ আৰম্ভ কৰিলেই জনসাধাৰণে সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ চৈ লগাবলৈ ধৰে। আকৌ, বহু ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ আগষ্ট, ২০১৬]

Monday, 20 June 2016

সংৰক্ষণ ব্যৱস্থাৰ বিলোপতো সম্ভৱ নহয়েই, বিলোপ কৰা উচিতও নহয়

   'আমাৰ অসম’ৰ ৩০ মে’ ২০১৬ সংখ্যাত নিবেদিতা চন্দৰ ‘‘সংৰক্ষণ ব্যৱস্থাৰ বিলোপ সম্ভৱনে?’ লেখাটো পঢ়িলোঁ। লেখিকা চন্দই সংৰক্ষণৰ নামত চলা ৰাজনীতি, দুৰ্নীতি আদিৰ বাবে বৰ্তমান সময়ত সংৰক্ষণ ব্যৱস্থাৰ বিলোপ যে সম্ভৱ নহয়-সেয়া সুন্দৰকৈ বিশ্লেষণ কৰিছে। আমাৰ বোধেৰে বৰ্তমান সংৰক্ষণ ব্যৱস্থাটোৰ বিলোপতো সম্ভৱ নহয়েই, বিলোপ কৰা উচিতও নহয়।
   ভাৰতত শিক্ষাৰ ক্ষেত্ৰত উচ্চ জাতিৰ (সংবিধানৰ মতে সাধাৰণ শ্ৰেণীৰ) লোকসকলৰ তুলনাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ উপৰিও সংখ্যালঘু লোকসকল এতিয়াও বহুত পিছপৰি আছে। ২০০৬ চনত প্ৰকাশ পোৱা সচ্ছাৰ সমিতিৰ প্ৰতিবেদন মতে, ২০-৩০ বছৰ বয়সৰ উচ্চ জাতিৰ ১৮ শতাংশ লোক স্নাতক হোৱাৰ বিপৰীতে অন্যান্য পিছপৰা শ্ৰেণী, সংখ্যালঘু আৰু অনুসূচিত জাতি/জনজাতিৰ ক্ৰমে ৬.৫ শতাংশ, ৪.৫ শতাংশ আৰু ৩.৩ শতাংশ লোকহে স্নাতক ডিগ্ৰী লাভ কৰিছে।
   বৰ্তমান সময়ত আৰ্থিক দুৰৱস্থা অনুযায়ী সংৰক্ষণ হ’ব লাগে বুলি সততে যুক্তি দিয়া দেখা যায়। অৰ্থাত, যি জাতিৰে নহওক লাগে, দুখীয়া পৰিয়ালৰ সদস্যাই সংৰক্ষণৰ জৰিয়তে চৰকাৰী সুবিধা লাভ কৰিব লাগে। এই ব্যৱস্থাৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে। কিন্তু জাতিগতভাবে তুলনা কৰিলে দেখা যায় যে উচ্চ জাতিৰ দুখীয়া লোকৰ তুলনাত নিম্ন জাতিৰ দুখীয়া লোকৰ সংখ্যা বহুত বেছি। সচ্ছাৰ সমিটিৰ প্ৰতিবেদন অনুসৰি, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে, সংখ্যালঘু, অনুসূচিত জাতি/জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। আটাইবোৰ জাতিৰ দুখীয়া লোকৰ সংখ্যা সমান হ’লেহে দুখীয়াৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন প্ৰকৃত অৰ্থত যুক্তিপূৰ্ণ হ’ব।
   ভাৰতত কি কি কাৰণত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লগা হৈছিল-সেয়া আজি সকলোৱে জানে। কথাত ক’ব পাৰি, সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে আজি ভাৰতত যিকোনো জাতিৰ লোকেই  ৰাষ্ট্ৰপতি হ’ব পাৰিব, কিন্তু নিম্ন জাতিৰ লোকে সংৰক্ষণ ব্যৱস্থাৰ অবিহনে চতুৰ্থ বৰ্গৰ চাকৰি এটাও পাব নোৱাৰিব। গৰিষ্ঠসংখ্যক চৰকাৰী বিভাগৰে উচ্চ জাতৰ লোক মূৰব্বী হৈ থকাৰ ফলত চতুৰ্থ বৰ্গৰ পৰা উচ্চ পদবীৰ আটাইবোৰ পদেই স্বজন-প্ৰীতিৰে (Nepotism) নিজৰ জাতিৰ লোককহে যে নিযুক্তি দিয়া হ’ব-তাত দ্বিমত নাই। প্ৰমাণ বিচাৰি ইমানদূৰ যাবই নালাগে। সংৰক্ষণৰ ব্যৱস্থা নথকা উচ্চ জাতিৰ ভাৰতীয় লোকৰ মালিকানাধীন টিভি চেনেল বা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত কিমানজন নিম্নজাতিৰ লোকে, কি পৰ্যায়ৰ কামত নিয়োজিত হৈ আছে-সেয়া হিচাপ কৰিলেই ছবিখন স্পষ্ট হৈ পৰিব। সংৰক্ষণ ব্যৱস্থাই স্বজন-প্ৰীতিৰ দৰে সামাজিক ব্যাধিৰ পৰা আমাৰ দেশখনক কিছু হ’লেও দূৰত ৰাখিছে। এইফালৰ পৰা চালে, স্বজন-প্ৰীতিতকৈ সংৰক্ষণ ব্যৱস্থা কিছু হ’লেও ভাল।
   সংৰক্ষণৰ জৰিয়তে নিম্ন জাতিৰ লোকসকলে কম নম্বৰ লাভ কৰিয়েই চিকিৎসা, অভিযান্ত্ৰিক, চাকৰি আদিত সুবিধা পায়, অথচ তেওঁলোকতকৈ বেছি নম্বৰ লাভ কৰা উচ্চ জাতিৰ লোকে সেইবোৰৰ পৰা বঞ্চিত হ’ব লগা হয়। এয়া নিশ্চিতভাবে অন্যায়। পিছে, অতি ঠেক অৰ্থতহে ইয়াক অন্যায় বুলি ক’ব পাৰি। শিক্ষাৰ উদ্দেশ্য অকল চিকিৎসা, অভিযান্ত্ৰিক প্ৰতিষ্ঠান আদিত আসন পোৱা বা চাকৰি এটা পোৱাতে সীমাবদ্ধনে? সমাজৰ সকলো শ্ৰেণীৰ লোককে সমানে আগবঢ়াই নিবলৈ হ’লে কিছুমান লোকক কিছু বিশেষ সুবিধা প্ৰদান কৰা-কোনো কাৰণতে অন্যায় হ’ব নোৱাৰে। দুজন মানুহক টুলত উঠাই বেৰৰ ওপৰেৰে বেৰৰ সিপাৰৰ দৃশ্য সমানে উপভোগ কৰিব পৰাকৈ ব্যৱস্থা প্ৰদান কৰিবলৈ হ’লে-ওখজনকৈ চাপৰজনক কিছু হ’লেও বেছি উচ্চতাৰ টুল দিলেহে ন্যায় প্ৰদান কৰা হ’ব। দুয়োকে সমান উচ্চতাৰ টুল দিলে চাপৰজনক অন্যায় কৰা হ’ব।
   দক্ষতাৰ প্ৰসংগত কোৱা হয় যে উচ্চ জাতিৰ লোকতকৈ নিম্ন জাতিৰ লোকৰ দক্ষতা কম। কাৰণ, উচ্চ জাতিৰ লোককৈ কম অৰ্হতাতে নিম্ন জাতিৰ লোকে চৰকাৰী সুবিধাবোৰ পায়। আচলতে, বাছনি প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা উচ্চ জাতিৰ লোকতকৈ নিম্ন জাতিৰ লোকৰ অৰ্হতাৰ পাৰ্থক্য অলপহে কম। তিনি বা চাৰি ঘণ্টাৰ পৰীক্ষা এটাৰে নিৰূপণ কৰা, অলপহে কম অৰ্হতাত সুবিধা লাভ কৰা নিম্ন জাতিৰ লোকৰ দক্ষতাৰ পাৰ্থক্য ইমান বেছি নাথাকে।
   মুঠ কথা, সংৰক্ষণ ব্যৱস্থাটো বিলোপ কৰা সম্ভৱ বুলি ধৰি ল’লেও যি উদ্দেশ্যৰ বাবে ভাৰতৰ সংবিধানত সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল, সংৰক্ষণ বিহীনভাবে সেই উদ্দেশত উপনিত হ’ব পৰাকৈ আমাৰ দেশখনৰ সামগ্ৰিক ব্যৱস্থা এতিয়াও পৰিপক্ক (Mature) হৈ উঠা নাই।  

                    [প্ৰকাশিত, ‘আমাৰ অসম’, ২১ জুন ২০১৬]

Saturday, 18 June 2016

মৰম আৰু শ্ৰদ্ধা

আমি সৰু থাকোতে আমাক শিকোৱা হৈছিল যে বয়সত আমাতকৈ সৰু মানুহবোৰক মৰম কৰিব লাগে, ডাঙৰ মানুহবোৰক শ্ৰদ্ধা কৰিব লাগে আৰু সময় সাপেক্ষে সমবয়সীয়া মানুহবোৰক মৰম আৰু শ্ৰদ্ধা দুয়োটাই কৰিব লাগে। আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে বহুত মানুহ লগ পালোঁ আৰু আমাক সৰুতে শিকোৱা মৰম আৰু শ্ৰদ্ধা সম্পৰ্কীয় কথাবোৰ অনুধাৱন কৰিবলৈ ধৰিলোঁ। বুজিলোঁ যে বয়সত ডাঙৰ হ’লেই মানুহ এজন শ্ৰদ্ধাশীল নহ’বও পাৰে বা বয়সত সৰু হ’লেই অকল মৰমৰ যোগ্য নহ’বও পাৰে। আমাৰ তেত্ৰিছ বছৰীয়া বয়সলৈকে আমাতকৈ বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ পাইছোঁ যিসকল সচাঁকৈয়ে শ্ৰদ্ধাশীল। তেহেলৈ তেওঁলোকৰ বৃত্তি যিয়েই নহওক। আকৌ আমাতকৈ বয়সত ডাঙৰ এনে কিছুমান মানুহ লগ পাইছোঁ, যিসকলৰ কাম আৰু কথাৰ মাজত কোনো সম্পৰ্কই নাই, সদায় নেতিবাচক মানসিকতা লৈ থাকে, অশুদ্ধটোকে শুদ্ধ বুলি নিজৰ মতত অটল থাকে, আনৰ কথা শুনাৰ প্ৰয়োজন অনুভৱ নকৰে, আচাৰ-ব্যৱহাৰত পক্ষপাতিত্ব কৰে, অনাহকত আনক হাৰাশাস্তি কৰে, আনৰ ভাল দেখিব নোৱাৰে, মানুহৰ জাত-পাত খুচুৰি ফুৰে ইত্যাদি। এনে চৰিত্ৰৰ মানুহ বয়সত ডাঙৰ হ’ল বুলিয়েই নিশ্চয় শ্ৰদ্ধাৰ পাত্ৰ হ’ব নোৱাৰে। অৱশ্যে ভদ্ৰতাৰ খাতিৰত শ্ৰদ্ধা দেখুৱাব লগা হয়। কিন্তু অন্তৰৰ পৰা কোনো কাৰণতে শ্ৰদ্ধা কৰিব নোৱাৰি। আনহাতে আমাতকৈ বয়সত সৰু এনে কিছুমান মানুহ লগ পাইছোঁ যিসকলক অকল মৰমৰেই তেওঁলোকৰ সজ আচৰণৰ বাবে পাব লগা স্বীকৃতি সম্পূৰ্ণ নহয়। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, কাম কৰাৰ পদ্ধতি, কথা কোৱাৰ ধৰণ আদিয়ে আমাক এনেদৰে মুগ্ধ কৰে যে তেওঁলোকক শ্ৰদ্ধা নকৰি নোৱাৰি। আমাৰ সমবয়সীয়া মানুহবিলাকৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। অৰ্থাত, কিছুমান মানুহ মৰম আৰু শ্ৰদ্ধা দুয়োটাৰে যোগ্য আৰু আন কিছুমান মানুহ কোনোটোৰে যোগ্য নহয়।


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ জুন ২০১৬]