Sunday, 10 December 2017

প্ৰসংগ: বিনাশকালে বিপৰীত বুদ্ধি

‘নিয়মীয়া বাৰ্তা’ত যোৱা ৪ ডিচেম্বৰত সুমন্ত চলিহাৰ ‘বিনাশকালে বিপৰীত বুদ্ধি’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। চলিহাৰ সৈতে দ্বিমত নাই যে অসমৰ খিলঞ্জীয়া লোকসকলক কেউফালৰ পৰা কেকোঁৰা চেপা দি চেপিবলৈ ধৰিছে আৰু এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আত্মৰক্ষাৰ উপায় উদ্ভাৱনৰ প্ৰয়োজন হৈছে। কিন্তু আত্মৰক্ষাৰ উপায় হিচাপে এইটো নহয় যে চুবুৰীয়া ৰাজ্যৰ জনসাধৰণক গুলিয়াই হত্যা কৰা কাৰ্যক সমৰ্থন জনোৱা উচিত। ভাৰতবৰ্ষত আন্ত:ৰাজ্যিক সীমা সমস্যাবিলাক সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰবোৰে ৰাজনৈতিকভাবে সমাধান কৰাৰ উপায় আছে। ৰাজ্যবোৰে নিজৰ মাজতে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সমাধানৰ পথ দেখুৱাই দিয়ে। যি সময়ত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে দেশৰ সীমা সমস্যা সমাধানৰ চিন্তাচৰ্চা কৰা হৈছে সেই সময়ত আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণক গুলিয়াবলৈ পৰামৰ্শ দিয়া কোনোবা উগ্ৰ সাম্প্ৰদায়িক বুদ্ধিজীৱিক (?) চলিহাই সমৰ্থন জনোৱা দেখিহে আমাৰ চকু কপালত উঠিছে।
চলিহাই তেখেতৰ লেখাটোত ১৩ নৱেম্বৰৰ ঘটনাটোৰ জেৰ টানি ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক পাৰ্যমানে গালি পাৰিছে। ঘটনাটোৰ সন্দৰ্ভত চৰকাৰে আইন অনুসৰি কাৰ্যব্যৱস্থা লৈছে বাবে সময়ত সকলো স্পষ্ট হৈ পৰিব। কিন্তু এটা কথা ঠিক যে এটা পক্ষই ঘটনাটোক কিছু হ’লেও নিজৰ ধৰণেৰে সাজিবলৈ চেষ্টা কৰি অসমৰ জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ তৎপৰ হৈছিল। অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে ইয়াৰ উমান পালে আৰু সেয়েহে ঘটনাটোৰ প্ৰথম দুদিনত যি ধৰণে ড° হীৰেন গোঁহাই আৰু তেখেতৰ সতীৰ্থসকলক খলনায়ক সজাবলৈ চেষ্টা কৰা হৈছিল খুব কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰৱণতা হ্ৰাস পালে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ ডিচেম্বৰ ২০১৭]

   

Thursday, 30 November 2017

‘ভি আই পি কালচাৰ’

২৭ নৱেম্বৰত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিদেৱৰ ‘ভি আই পি কালচাৰ’ লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। অষ্ট্ৰেলিয়াৰ সেই বিদেশ মন্ত্ৰীজনৰ দৰে পৰিস্থিতি আমাৰ দেশত ভুলতো পোৱা নাযায়। ইয়াৰ কাৰণ হ’ল-আমাৰ দেশত গঢ়ি উঠা ভি আই পি কালচাৰ (?)। এই কালচাৰ, ভি আই পি শ্ৰেণীৰ মানুহ আৰু জনসাধাৰণ-দুয়ো ফালৰ পৰাই সৃষ্টি কৰা হয়। আমাৰ দেশৰ ভি আই পি কালচাৰ হ’ল-ক্ষমতাত থকা অৱস্থাত যদি তেখেতৰ সোঁৱে বাওঁৱে কোনো মানুহ নাথাকে, তেওঁ ভি আই পিয়েই নহয়। ইয়াতকৈ ডাঙৰ কথাটো হ’ল-আমাৰ দেশত সেই শ্ৰেণীৰ মানুহবিলাকে যেনেদৰে নিজৰ ৰাজনৈতিক বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ পৰাহে চায়। প্ৰতিগৰাকী ভি আই পি শ্ৰেণীৰ মানুহৰ সোঁৱে বাওঁৱে অনবৰতে লাগি থকা মানুহবিলাকৰ উদ্দেশ্যও ইয়াতে নিহিত হৈ আছে।
আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ আৰম্ভ কৰিলেই গণ মাধ্যমকে ধৰি জনসাধাৰণেও সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ চৈ লগাবলৈ ধৰেঅৱশ্যে, বহু ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়। কাৰণ, ক্ষমতাত থাকিলে বহু ক্ষেত্ৰত ব্যতিক্ৰমী হিচাপে দেখুৱাবলৈ সহজ হৈ পৰে। 

[প্ৰকাশিত ‘নিয়মীয়া বাৰ্তা’, ৩০ নৱেম্বৰ ২০১৭]

গৱেষণা সম্পৰ্কে যৎকিঞ্চিত

‘আমাৰ অসম’ত ১৬ আৰু ২১ অক্টোবৰত প্ৰকাশিত ক্ৰমে অন্বেষা বৰঠাকুৰৰ ‘লুণ্ঠনকাৰী গৱেষণা-প্ৰত্ৰিকা’ আৰু ড° বিৰিঞ্চি কুমাৰ দাসৰ ‘ISBN আৰু ISSN সম্পৰ্কে যৎকিঞ্চিত’ শীৰ্ষক লেখা দুটা পঢ়ি গৱেষণা আৰু গৱেষণা পত্ৰিকা সম্পৰ্কে দুষাৰ লিখিবলৈ মন গ’ল। সন্দেহ নাই যে যোৱা কেইবছৰমানৰ পৰা ভাৰতকে ধৰি প্ৰায়বোৰ উন্নয়নশীল দেশতে গৱেষণাৰ নীতি-শাস্ত্ৰৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণভাবে বিঘিনি ঘটিবলৈ ধৰিছে। সহজ অৰ্থত, গৱেষণা মানে-সত্যৰ সন্ধান কৰা। এইফালৰ পৰা ক’ব পাৰি যে গৱেষণাৰ ক্ষেত্ৰখনত বিঘিনি ঘটা মানে সত্যৰ সন্ধান কৰা প্ৰক্ৰিয়াটোতে বিঘিনি ঘটিছে। ফলস্বৰূপে গৱেষণাৰ মানদণ্ড অৱনমিত হৈছে। অৱশ্যে, এই পৰিস্থিতি সম্পৰ্কে বহু চিন্তাবিদে চিন্তাচৰ্চা অৱ্যাহত ৰাখিছে। এই ক্ষেত্ৰত South Asian University ৰ জীৱ বিজ্ঞান আৰু জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন অধ্যাপক কামবাদুৰ মুৰলিধৰৰ নাম বিশেষভাবে উল্লেখ কৰিব পাৰি। তেখেতৰ মতে গৱেষণাৰ মানদণ্ড অৱনমিত হোৱাৰ ক্ষেত্ৰত, গৱেষণাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানে কম-বেছি পৰিমানে দায়ী। তেখেতে সম্প্ৰতি গৱেষণাৰ ক্ষেত্ৰত চলি থকা কিছুমান অনৈতিক পৰিস্থিতি ধৰা পেলাইছে, তাৰ ভিতৰত বৰঠাকুৰে আলোচনা কৰা ‘লুণ্ঠনকাৰী গৱেষণা-প্ৰত্ৰিকা’ বিষয়টোও পৰে।
গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে (Funding Agencies)  কিছু পৰিমানে গৱেষণাৰ নীতি-শাস্ত্ৰত বিঘিনি ঘটাইছে। এই বিত্তীয় এজেঞ্চিসমূহে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৃতকাৰ্যতা লাভেৰে গৱেষণা কাৰ্য সমাপন কৰাৰ কঠোৰ নীতি-নিয়ম বান্ধি দি গৱেষকসকললৈ বিত্তীয় সাহায্য প্ৰদান কৰে। তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গৱেষকসকলৰ পৰা গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন বিচাৰে। কোনো গৱেষকে যথাসময়ত তেখেতৰ গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন জমা দিব নোৱাৰিলে তেখেতলৈ প্ৰদান কৰা বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বুজিবলৈ অকণো কঠিন নহয় যে সৰহসংখ্যক গৱেষকৰে গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা এজেঞ্চিটোক সন্তুষ্ট কৰাই মূল উদ্দেশ্য হৈ পৰে। সত্যৰ সন্ধান কৰা কাৰ্যটো গৌণ হৈ পৰে। সেয়েহে নগন্য সংখ্যক গৱেষকেহে গৱেষণাত বিফল হোৱা দেখা যায়। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত গৱেষণা কাৰ্য সমাপন কৰাৰ সৈতে ডিগ্ৰী লাভ বা পদোন্নতিৰ অভিপ্ৰায় জড়িত থাকিলে গৱেষণাৰ গুৰুত্ব কোন দিশে গতি কৰিব-ব্যাখ্যা নিষ্প্ৰয়োজন।
যথাসময়ত গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা ব্যৱস্থাটোৰ সৈতে গৱেষণাৰ মানদণ্ড অৱনমিত কৰা আন অনৈতিক পৰিস্থিতিসমূহ জড়িত হৈ পৰে। জমা দিবলগীয়া প্ৰতিখন প্ৰতিবেদনতে Peer Review কৰা গৱেষণা পত্ৰিকাত কমেও একোখনকৈ গৱেষণা পত্ৰ প্ৰকাশ হোৱা দেখুৱাব পাৰিলে সংশ্লিষ্ট বিত্তীয় এজেঞ্চিটো সহজে সন্তুষ্ট হয়। দ্বিমত নাই যে প্ৰতিগৰাকী গৱেষকে বৰঠাকুৰ আৰু ড° দাসে উল্লেখ কৰা আগশাৰীৰ গৱেষণা পত্ৰিকাসমূহত প্ৰকাশ কৰা উচিত। কিন্তু, সেইবোৰ গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ এখন প্ৰকাশ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। প্ৰকাশ যে হ’ব-তাৰো কোনো নিশ্চয়তা নাই। অৱশ্যে, সেইবোৰ গৱেষণা পত্ৰিকাও এশ শতাংশ সন্দেহৰ বাহিৰত নহয়। শতাংশ হিচাপত কম হ’লেও কোনোবা প্ৰভাৱশালী Peer Reviewerএ তেখেতৰ চিনাকি গৱেষকৰ গৱেষণা পত্ৰ তুলনামূলকভাবে কম মানদণ্ডৰ হ’লেও প্ৰকাশ কৰাৰ অৱকাশ নুই কৰিব নোৱাৰি। এইখিনি বাদ দিলেও এটা কথা ঠিক যে গৱেষকসকলে সেইবোৰ গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ প্ৰকাশ হোৱালৈ বাদ চাই থকালৈকে তেওঁলোকলৈ বিত্তীয় সাহায্য প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বিত্তীয় সাহায্য বন্ধ হ’লে গৱেষকসকলে কেনে মানসিকতাৰে গৱেষণা কাৰ্য চলাই নিব-সেয়া সহজে অনুমেয়। ইয়াৰ অৰ্থ এইটো নহয় যে আমি ‘লুণ্ঠনকাৰী গৱেষণা পত্ৰিকা’সমূহক সমৰ্থন কৰিছোঁ।
গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদনখনত গৱেষকে গৱেষণা পত্ৰৰ বাবে বঁটা প্ৰাপ্তিৰ প্ৰমাণ দিব পাৰিলে বিত্তীয় এজেঞ্চিবোৰ সন্তুষ্ট হোৱাৰ উপৰিও বিদ্যায়তনিক ক্ষেত্ৰত সংশ্লিষ্ট গৱেষকজনৰ ওজন (?) বৃদ্ধি পায়। আজিকালি গৱেষণা পত্ৰৰ বাবে বঁটা প্ৰদান কৰা অনুষ্ঠান, প্ৰতিষ্ঠান আৰু বঁটাৰ সীমা সংখ্যা নাই। অত্যাধিক বঁটা-বাহনৰ অৱস্থিতিয়ে গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত চিন্তাৰ বিষয় হৈ পৰিছে। সেইদৰে, গৱেষণা পত্ৰিকাসমূহৰ ‘প্ৰভাৱ উপাদান (Impact Factor)’ জোখাৰ পদ্ধতি যিয়েই নহওক, এই ব্যৱস্থাটোৱে বহু গৱেষকক মানসিকভাবে শোষণ (Psychological Exploitation) কৰা নাই বুলি ক’ব নোৱাৰি। উল্লিখিত স্বীকৃতিবিলাক লাভ কৰিবৰ বাবে বহু গৱেষকে কুম্ভিলক বৃত্তি (Plagiarism)ৰ দৰে উপায় অৱলম্বন কৰিবলৈও কুণ্ঠাবোধ নকৰে।
অৱশ্যে, এইটো ঠিক যে মৌলিক গৱেষণা কৰা বহু গৱেষকক এইবোৰ অনৈতিক পৰিস্থিতিয়ে সহজে চুব নোৱাৰে। তেওঁলোকৰ মানত গৱেষণা মানে সঁচা অৰ্থতে সত্যৰ সন্ধান কৰা।
  
তথ্যৰ উৎস: Muralidhar, Kambadur (2016): “Reflections on Ethics in Science: An Historical Perspective”, Distinguished Lecture Series, University of Kalyani, 28th March.



[প্ৰকাশিত, ‘আমাৰ অসম’, ৩০ নৱেম্বৰ ২০১৭]

Wednesday, 1 November 2017

মানৱ গ্ৰন্থাগাৰ মানুহক শুদ্ধভাবে বুজাৰ এটা অভিনৱ ব্যৱস্থা

কিছুমান মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে এক বদ্ধমূল (Stereotype) ধাৰণা গঢ় লৈ উঠে। এই বদ্ধমূল ধাৰণা ইতিবাচক বা নেতিবাচক দুই প্ৰকাৰৰ হ’ব পাৰে। শুদ্ধ ইতিবাচক বদ্ধমূল ধাৰণা সম্পৰ্কত বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। কিন্তু, অশুদ্ধ নেতিবাচক বদ্ধমূল ধাৰণাই, যিসকলৰ প্ৰতি তেনে ধাৰণা লোৱা হৈছে, তেওঁলোকক এলাগি কৰি সামাজিকভাবে একপ্ৰকাৰ অন্যায় কৰা হয়। এনে ধাৰণাই এখন সুন্দৰ সমাজ গঢ়ি উঠাত হেঙাৰ হিচাপে থিয় দিয়ে। আচলতে, সেই মানুহবোৰৰ বিষয়ে ভালদৰে জানিবলৈ মন নকৰা বা জানিবলৈ মন কৰিলেও জনাৰ সুবিধা নোপোৱাৰ ফলতে তেওঁলোকৰ প্ৰতি এটা ভুল ধাৰণা গঢ়ি উঠে। ডেনমাৰ্কৰ ৰাজধানী চহৰ কোপেনহাগেনৰ এজন ব্যক্তি-ৰোননি আবেৰজেলে (Ronni Abergel) এই সম্পৰ্কে ১৯৯২ চনৰ পৰাই বিশেষভাবে চিন্তা কৰিছিল আৰু তাৰ ফলস্বৰূপে ২০০০ চনত মানৱ গ্ৰন্থাগাৰ (Human Library) ব্যৱস্থাৰ সৃষ্টি হৈছিল। এতিয়ালৈকে পৃথিৱীৰ ৭০ খন দেশত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থা সুন্দৰভাবে চলি আছে। ভাৰতত ২০১৬ চনত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্টৰ চৌহদত প্ৰথমে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাৰ সূচনা হৈছিল। শেহতীয়াকৈ হায়দৰাবাদ, মুম্বাই আৰু দিল্লীতো এই ব্যৱস্থা প্ৰচলন হৈছে।
গ্ৰন্থ এখনৰ বেতুপাতখন দেখিয়ে যেনেদৰে গ্ৰন্থখনৰ বিষয়ে সঠিক মন্তব্য দিব নোৱাৰি, তেনেদৰে মানুহ এজনৰ বাহ্যিক ৰূপ দেখিয়ে তেখেতেৰ বিষয়ে দিয়া মন্তব্য বা তেখেতৰ প্ৰতি আগেয়ে লৈ থকা ধাৰণা শুদ্ধ নহ’বও পাৰে। মানৱ গ্ৰন্থাগাৰৰ উদ্ভাৱক ৰোননি আবেৰজেলে অনুভৱ কৰিছিল যে মানুহে যদি কথা পতাৰ সুযোগেই লাভ নকৰে তেনেহ’লে ইজনে সিজনক কেনেকৈ বুজি পাব? যিসকল মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে অশুদ্ধ বদ্ধমূল ধাৰণা গঢ়ি উঠে, সেই অন্যায়ৰ পৰা তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিব পৰা যাব? মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এইবোৰ প্ৰশ্নৰে উত্তৰ দিবলৈ চেষ্টা কৰে আৰু এই ব্যৱস্থা উদ্ভাৱনৰ তাৎপৰ্যও তাতেই।      
সাধাৰণ গ্ৰন্থাগাৰ ব্যৱস্থাৰ দৰে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাতো পাঠকে গ্ৰন্থ ধাৰ কৰি পঢ়াৰ ব্যৱস্থা আছে। জীৱন্ত মানুহক গ্ৰন্থ হিচাপে মানি লোৱা ব্যৱস্থাই-ছপা গ্ৰন্থ, ইলেকট্ৰ’নিক গ্ৰন্থ আৰু শ্ৰাৱণ গ্ৰন্থৰ পৰা মানৱ গ্ৰন্থক পৃথক কৰিছে। মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে, যিজন জীৱন্ত ব্যক্তিৰ বিষয়ে কোনো এজন পাঠকে (এজনতকৈ বেছিও হ’ব পাৰে) জানিব বিচাৰে তেওঁলোকক দুয়ো পক্ষকে এক নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট স্থানত লগ হোৱাৰ ব্যৱস্থা কৰি দিয়ে। পাঠকে সেই নিৰ্দিষ্ট ব্যক্তিজনক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি তেখেতৰ বিষয়ে ভালকৈ জনাৰ সুবিধা লাভ কৰে।
সাক্ষাৎকাৰ গ্ৰহণ আৰু মানৱ গ্ৰন্থ অধ্যয়নৰ মাজত কিছু পাৰ্থক্য আছে। কোনো এজন মানুহৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে, সাক্ষাৎকাৰখিনি কোনো এটা মাধ্যমযোগে প্ৰচাৰ কৰি আনকো জনোৱাৰ উদ্দেশ্য নিহিত থাকে। মানৱ গ্ৰন্থ ব্যৱস্থাত সংশ্লিষ্ট মানুহজনৰ সৈতে যিখিনি কথা পতা হয়, সেইখিনি সংশ্লিষ্ট পাঠক আৰু তেখেতৰ মাজতে আৱদ্ধ থাকে। অৱশ্যে, মানৱ গ্ৰন্থৰ অনুমতি সাপেক্ষে কথোপকথনখিনি কোনো প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ কৰাত বাধা নাথাকে। সাক্ষাৎকাৰ পদ্ধতিত সময়ৰ সীমাবদ্ধতাৰ প্ৰসংগ থাকে আৰু প্ৰশ্নবোৰ সাক্ষাৎ গ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰিহে যুগুত কৰা হয়। সংশ্লিষ্ট মানুহজনক মুকলি মনেৰে তেখেতৰ নিজৰ বিষয়ে কোৱাৰ সুযোগ খুব কমেইহে দিয়া হয়। আনহাতে, মানৱ গ্ৰন্থ ব্যৱস্থাত সময় এক গৌণ বিষয় হৈ পৰে আৰু সংশ্লিষ্ট মানুহজনে নিজৰ ইচ্ছা অনুসৰি তেখেতৰ নিজৰ বিষয়ে পাঠকক শুনাই যাব পাৰে। ইয়াত কোনো ধৰাবন্ধা প্ৰশ্ন নাথাকে।   
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাত প্ৰতিজন জীৱন্ত মানুহেই একো একোখন মানৱ গ্ৰন্থ যদিও সেইসকল জীৱন্ত ব্যক্তিক মানৱ গ্ৰন্থ হিচাপে চিনাক্ত কৰি অগ্ৰাধিকাৰ দিয়া হয়, যিসকলৰ জীৱনলৈ কিছুমান অনাকাংক্ষিত বিপদ অহাৰ ফলত সমাজৰ পৰা লঘু লাঞ্চনাৰ সম্মুখিন হৈ থাকিবলগীয়া হৈছে। উদাহৰণস্বৰূপে-ধৰ্ষণৰ বলি হোৱা মহিলা, জন্মান্ধ, ‘শাৰীৰিকভাবে অক্ষম’ ব্যক্তি (আজিকালি বিশেষভাবে সক্ষম বুলি কয় যদিও আনুষ্ঠানিকভাবেহে সেয়া ব্যৱহাৰ কৰে। সাধাৰণ কথোপকথনত ‘শাৰীৰিকভাবে অক্ষম’ শব্দ দুটাকে ব্যৱহাৰ কৰে, যাৰ দ্বাৰা তেওঁলোকক দুগুণ উপলুঙা কৰা হয়), অঘৰী ব্যক্তি, ভৰ যৌৱন অৱস্থাতে স্বামীহাৰা হোৱা অকলশৰীয়া মাতৃ, নিৱনুৱা, দ্বিধ্ৰুৱী ব্যক্তি, এল জি বি টি ব্যক্তি, স্বামী আৰু স্বামীৰ পৰিয়ালয়ৰ সদস্যৰ দ্বাৰা নিৰ্যাতিতা মাহিলা, ভিক্ষাৰী, এইডচ̢ আই ভি আক্ৰান্ত ব্যক্তি, মদাহী, মগজুৰ বিকাৰগ্ৰস্ত ব্যক্তি, সন্তানহীন দম্পত্তি, অপৰাধী, বহুগামী ব্যক্তি, শৰণাৰ্থী ইত্যাদি। কোনো এটা জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ প্ৰতি আন জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ মনত কিছুমান বিশেষ ভুল ধাৰণা গঢ় লৈ উঠা দেখা যায়। যেনে-অসমত বহুতৰে মাজত এনে এটা ধাৰণাই গঢ়ি উঠিছে যে চৰ অঞ্চলৰ মুছলমান মানেই অবৈধ বাংলাদেশী। সেইদৰে বহুতো মুছলমানৰ ধাৰণা যে হিন্দু ধৰ্মৰ মানুহ মাত্ৰেই গাই গৰুক পবিত্ৰ জন্তু বুলি মানে আৰু গো মাংস ভক্ষণকাৰীক হীন চকুৰে চায়। কিছুমান সুবিধাবাদী মানুহৰ দ্বাৰা এই ধাৰণাবিলাক ক্ৰমে সম্প্ৰসাৰণ ঘটি কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ দৰে দুৰ্ঘটনাও সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ মানুহবোৰনো কেনেকুৱা? তেওঁলোকে কি বিচাৰে? তেওঁলোকৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক পৰিস্থিতি কেনেকুৱা? এইবোৰৰ বিষয়ে সুন্দৰভাবে বুজাই ক’ব পৰা ব্যক্তিসকলেও (সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ অন্তৰ্ভূক্ত হ’লে বেছি ভাল হয়) মানৱ গ্ৰন্থ হ’ব পাৰে।
মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে ওপৰত উল্লেখ কৰা মানৱ গ্ৰন্থবিলাকৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ফটোসহ পৰিচয়ৰ তালিকা (Catalogue) প্ৰস্তুত কৰে আৰু তেওঁলোক যে তেওঁলোকৰ নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সাজু আছে সেয়া প্ৰচাৰ মাধ্যমযোগে পাঠকসকলক জনায়। পাঠকে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ সৈতে যোগাযোগ কৰি নিজৰ মনে বিচৰা মানৱ গ্ৰন্থৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰে। উল্লেখযোগ্য যে ফেছবুক, ৱাটছএপ আদি সামাজিক মাধ্যমসমূহৰ ব্যাপক প্ৰসাৰৰ ফলত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ মানৱ গ্ৰন্থ আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰা অতি সহজ হৈ পৰিছে। বহু ক্ষেত্ৰত পাঠকে সংশ্লিষ্ট মানৱ গ্ৰন্থৰ সৈতে ইলেট্ৰ’নিক মাধ্যমৰ জৰিয়তেও তেখেতৰ বিষয়ে জনাৰ সুযোগ গ্ৰহণ কৰে। অৱশ্যে, এইটো সঁচা যে সশৰীৰে উপস্থিত হৈ মুখামুখিকৈ কথা পতাৰ যি সন্তুষ্টি থাকে সেয়া ইলেট্ৰ’নিক মাধ্যমে দিব নোৱাৰে। 
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাটোৱে ক্ৰমাগতভাবে সমাদৰ লাভ কৰি আহিছে যদিও সমালোচকসকলে ব্যৱস্থাটোৰ কিছুমান সীমাবদ্ধতা ধৰা পেলাইছে। প্ৰথমে, এই ব্যৱস্থাৰ কৃতকাৰ্যতা সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ (Mood) ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কথোপকথনৰ সময়ত পাঠকৰ স্বত:স্ফুৰ্ত প্ৰশ্নই সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ পৰিবৰ্তন কৰাৰ সম্ভাৱনা থাকে। যাৰ ফলত তেখেতে পাঠকৰ আগত সঁচা কথা নক’বও পাৰে। দ্বিতীয়তে, মানৱ গ্ৰন্থবিলাক আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰতি পাঠকৰ মনত আন এক অশুদ্ধ ধাৰণা গঢ়ি উঠিব পাৰে। তৃতীয়তে, সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰকাশভংগী দুৰ্বল হ’লে কথাবোৰ বুজাত পাঠকে অসুবিধাত পৰিব পাৰে। চতুৰ্থতে, পাঠক আৰু মানৱ গ্ৰন্থই ইজনে সিজনৰ ভাষা বুজি নাপালে, দুয়ো পক্ষৰে কথোপকথনৰ প্ৰচুৰ আগ্ৰহ থকা সত্বেও কেতিয়াবা প্ৰক্ৰিয়াটো সম্ভৱ হৈ নুঠিব পাৰে। দোভাষীৰ সহায়ত এই সমস্যাৰ সমাধান কৰিব পাৰি যদিও দোভাষী যোগাৰ কৰা ব্যৱস্থাটোত সময় আৰু ধন ব্যয়ৰ প্ৰসংগ আহি পৰে। পঞ্চমতে, নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সুযোগ পোৱাৰ ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ ব্যক্তিজন প্ৰয়োজনতকৈ অধিক আৱেগিক হৈ যাব পাৰে। আৱেগৰ দ্বাৰা পৰিচালিত তেখেতৰ কাহিনী একপক্ষীয় হোৱাৰ সম্ভাৱনাই অধিক।
মুঠ কথা, একৈশ শতিকাত মানৱতাৰ উত্তৰণৰ দিশত এতিয়ালৈকে উদ্ভাৱন হোৱা অন্যতম ব্যৱস্থাবোৰৰ ভিতৰত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাও পৰিব।  অশুদ্ধ বদ্ধমূল ধাৰণাৰ ফলত সততে সমাজৰ দ্বাৰা অলাগী হৈ পৰা ব্যক্তিসকল বহু সময়ত মানুহ হিচাপে পাব লগা নিম্নতম সন্মানখিনিৰ পৰাও বঞ্চিত হৈ থাকে। তেওঁলোকৰ বহুতে হয়তো নিজে সন্তুষ্ট হোৱাকৈ নিজৰ কাহিনী কাকো এবাৰো ক’বলৈ সুবিধা নোপোৱাকৈয়ে পৃথিৱীৰ পৰা বিদায় মাগিবলগীয়া হয়। মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এই ক্ষেত্ৰত নিশ্চিতভাবে তেওঁলোকক কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে।
          
তথ্যসূত্ৰ
১। Borah, Probalika M (2017): Read the humans: Human Library”, The Hindu, 29 April.

২। Chakraborty Shruti (2017):  Don’t borrow a book, borrow a human: The HumanLibrary to open in Delhi this Sunday”, The Indian Express, 14 June.

৩। Das, Mohua (2017): “Borrow people instead of books at a Human Library”, The Times of India, 21 May.

৪। Dey, Sohini (------): “At This One-Of-A-Kind Human Library in Hyderabad, You Can Borrow People and Read Them!”, ইন্টাৰনেটত পোৱা, http://www.thebetterindia.com/94976/human-library-hyderabad/

৫। Gill, Simrran (2017): “Borrow a ‘human book’ at this unique library this Sunday in Delhi”, Hindustan Times, 14 June.

৭। http://sbcltr.in/2017/04/19/hyderabads-human-library/

৮। Subramanian, Samanth (2017): “Not a reader? At India’s Human Library you can borrow people for knowledge instead”, The National World, 4 May. 


              [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ ২০১৭] 

Sunday, 15 October 2017

সাঁউৰি

 ‘সাঁউৰি’ সম্পৰ্কে ‘আমাৰ অসম’ত ১৬ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত প্ৰকাশিত ক্ৰমে ৰীতা গোস্বামী আৰু ৰমণী কান্ত ডেকাৰ লেখা দুটা পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। মানুহ এঘৰৰ ভূঁই ৰোৱা, ধান কটা আদি কাম গাঁৱৰ কেইজনমান মানুহে লগ লাগি সমাপন কৰা আৰু তাৰ পাছত গৃহস্থই যোগান ধৰা অনুসৰি একেলগে খোৱা-বোৱা কৰা কাৰ্যক দুয়োগৰাকী লেখকে ‘সাঁউৰি’ বুলি কৈছে। মানুহ এঘৰৰ আমন্ত্ৰণক্ৰমে তেওঁলোকৰ কোনো এটা কাম গাঁৱৰ কেইজনমান মানুহে একেলগে সমাপন কৰা কাৰ্যই ‘সাঁউৰি’ যদিও কাম আৰু স্থান অনুসৰি ভিন ভিন নামেৰে জনা যায়। যেনে-পূৱ গোৱালপাৰা অঞ্চলত ‘সাঁউৰি’ৰ দৰে ভূঁই ৰোৱা আৰু ধান কটা কাৰ্য কৰা হয় যদিও ইয়াক ‘সাঁউৰি’ বুলি কোৱা নহয়। তদুপৰি, মানুহ এঘৰৰ বছৰটোৰ শালি খেতিৰ প্ৰথম আৰু শেষৰ দিনটোত ভূঁই ৰোৱা কাৰ্যতহে সংশ্লিষ্ট মানুহ ঘৰৰ আমন্ত্ৰণক্ৰমে গাঁৱৰ কেইজনমান মানুহে কামফেৰা সমাপন কৰি দিয়ে। এই দুদিনৰ কাৰ্যক ‘সাঁউৰি’ৰ পৰিবৰ্তে ক্ৰমে ‘গোছা পতা’ আৰু ‘হাল উঠা’ বুলিহে জনা যায়। ‘গোছা পতা’ আৰু ‘হাল উঠা’-এই দুদিনত ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব নালাগে। ইয়াৰ পৰিবৰ্তে গৃহস্থই উভৈদনী হোৱাকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰে। এই দুদিনৰ বাহিৰে ভুঁই ৰোৱাৰ বাবদ গৃহস্থই ৰোৱনীক মজুৰি দিব লাগে। খোৱা-বোৱাৰ ব্যৱস্থা উভৈনদী কৰা নহয়। কোৱা বাহুল্য যে বুদ্ধিমান পৰিয়ালে উক্ত দুদিনতে আটাইতকৈ বেছি ‘পেক̢’ (ৰীতা গোস্বামীয়ে ব্যৱহাৰ কৰা শব্দটো এই অঞ্চলতো চলে) দিয়ে। সাধাৰণতে ধান কাটিবৰ বাবে গৃহস্থই ‘সাঁউৰি’ৰ বাবে গাঁৱৰ মানুহক আমন্ত্ৰণ নকৰে। গাঁৱৰ দুই-তিনিঘৰৰ বাহিৰে সকলোৰে ধান কটা শেষ হৈ গ’ল-এনে পৰিস্থিতিত ধান কাটিবলৈ থকা মানুহঘৰৰ পথাৰলৈ, গাঁৱৰ কিছুমান মানুহে সংশ্লিষ্ট মানুহঘৰৰ বিনা আমন্ত্ৰণতে ধান কাটিবলৈ যায়। কেতিয়াবা এইটোও ঘটে যে সংশ্লিষ্ট মানুহঘৰৰ মানুহ পথাৰত নমাৰ আগতে গাঁৱৰ কিছুমান মানুহ ধান কাটিয়ে আছে। তেওঁলোকে একেদিনাই ধানৰ মুঠিখিনি মানুহঘৰৰ ঘৰলৈও আনি দিয়ে। এই পৰিস্থিতিত সংশ্লিষ্ট মানুহঘৰে ধান কাটিবলৈ যোৱা মানুহ কেইজনক খোৱা-বোৱাৰ ব্যৱস্থা কৰিবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে। মানুহঘৰে এনে ব্যৱস্থা কৰিবলৈ পালে ভালহে পায় (ব্যতিক্ৰমক বাদ দি)। এই কাৰ্যক ‘লাগি দিয়া’ বুলি কোৱা হয়। আচলতে, গাঁৱৰ সকলোৰে ধান কটা হোৱাৰ পাছত যি কেইঘৰৰ থাকি যায়, তেওঁলোকে ধৰিয়ে লয় যে গাঁৱৰ কেইজনমান মানুহ ‘লাগি দিব’লৈ আহিব। ঘৰ এটা ভঙা বা এটা নতুন ঘৰ বন্ধা (পকা ঘৰ নহয়), বাৰীখনৰ জেওৰা দিয়া আদি কামত এঘৰ মানুহে গাঁৱৰ কেইজনমান মানুহক মাতি সমাপন কৰোৱা (নিজেও কৰে) কাৰ্যকহে এই অঞ্চলত ‘সাঁউৰি’ বুলি কোৱা হয়।
     ‘সাঁউৰি’, ‘গোছা পতা’, ‘হাল উঠা’, বা ‘লাগি দিয়া’ যি নামেৰেই জনা নাযাওক কিয়-এইবোৰ কাৰ্যই গাঁৱৰ মানুহৰ মাজত থকা শক্তিশালী সামাজিক মূলধনৰ ইংগিত দিয়ে। কিন্তু বিভিন্ন কাৰণত এই সামাজিক মূলধন দুৰ্বল হ’বলৈ ধৰিছে। কিছুমান অঞ্চলত এই ব্যৱস্থা একেবাৰে নোহোৱা হৈ গ’ল। আচলতে, গাঁৱৰ মানুহেও ‘সামূহিকবাদ (Collectivism) এৰি ‘ব্যক্তিবাদ (Individualism)’ ৰ পিনে ঢাল খাবলৈ ধৰিছে। ভালে হৈছে নে বেয়া হৈছে-সেয়া আন এক বিষয়।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ অক্টোবৰ ২০১৭, পৃষ্ঠা: ১০]

Tuesday, 19 September 2017

‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ

যোৱা ১৫ ছেপ্টেম্বৰ ২০১৭ত অসম বিধান সভাত ‘The Assam Employees Parental Responsibility and Norms for Accountability and Monitoring (PRANAM) Bill গৃহীত হ’ল। দেশৰ ভিতৰতে প্ৰথমে গৃহীত হোৱা এই বিধেয়খনে আমাক চিন্তিত কৰি তুলিলে যে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰিবৰ বাবেও অসমত আইন প্ৰণয়ন কৰিবলগীয়া হৈছেনে? আমি অসমৰ মানুহবোৰ ইমান তললৈ গৈছোঁনে? কিন্তু, বাস্তৱ ক্ষেত্ৰত সেয়াই হৈছে। সংবাদ মাধ্যমযোগে পোৱা খবৰে আমাক ভাবিবলৈ বাধ্য কৰাইছে, হয় অসমৰ কিছুমান মানুহ বৰ নিষ্ঠুৰ হৈ পৰিছে, যিসকলে নিজৰ বৃদ্ধ পিতৃ-মাতৃক পোহপাল দিয়াতো দূৰৰে কথা তেওঁলোকৰ নামত থকা সা-সম্পত্তিখিনি অন্যায়ভাবে নিজৰ নামত লেখাই ল’বলৈও কুণ্ঠাবোধ নকৰে। তেওঁলোকক সংসাৰৰ এক ডাঙৰ বোজা বুলি ভাবি সততে মানসিকভাবে (কেতিয়াবা শাৰীৰিকভাবেও) অত্যাচাৰ চলাই থাকে। নিজৰ ল’ৰা-ছোৱালী থকাৰ পাছতো বহু বৃদ্ধ আৰু বৃদ্ধাৰ শেষ আশ্ৰয় হৈছেগৈ বৃদ্ধাশ্ৰমসমূহ। অৱশ্য ইয়াৰ অৰ্থ এইটো নহয় যে বৃদ্ধাশ্ৰমসমূহ বেয়াঅসমত এনে কু-পৰিস্থিতি ব্যাপকভাবে সম্প্ৰসাৰণ ঘটাৰ আগতে এই বিধেয়কখন গৃহীত হোৱাত আমাৰ দৰে বহুতেই আশাবাদী হৈ পৰিছেএই বিধেয়কখন কেৱল এখন বিধেয়ক নহয়। ই অসমীয়া সমাজত আহিব ধৰা এটা অতি বেয়া পৰিস্থিতিৰ বিৰূদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা এক সঠিক সিদ্ধান্ত। সেয়েহে আমি ‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২০ ছেপ্টেম্বৰ ২০১৭]

Sunday, 17 September 2017

আপোনাক বাৰু কেতিয়া বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ হয় ?

মানুহে বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত আনে অৱজ্ঞা কৰা যেন অনুভৱ কৰে। কৰ্মক্ষেত্ৰত কাৰ্যালয়ৰ মূৰব্বীৰ পৰা আৰম্ভ কৰি সহকৰ্মী আৰু তলৰ পৰ্যায়ৰ কৰ্মচাৰীয়ে কৰা অৱহেলাৰ বাবে কেতিয়াবা নিজকে অৱজ্ঞাৰ পাত্ৰ হোৱা যেন অনুভৱ কৰে। কোনোবাই ঘৰৰ মানুহৰ পৰা অৱহেলিত হোৱাৰ বাবে ঘৰখনৰ বাবে অৱজ্ঞাৰ পাত্ৰ হয়। শাৰীৰিক বিসংগতি, বয়স অনুযায়ী মানসিক বিকাশ নোহোৱা, আৰ্থিক পৰাধীনতা, কৰ্মক্ষেত্ৰত নিজৰ কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰা আদিৰ ফলত মানুহে অৱজ্ঞাৰ পাত্ৰ হৈ উঠে। দেশৰ বৰমূৰীয়াসকলেও তেওঁলোকৰ পৰ্যায়ত বিভিন্নজনৰ দ্বাৰা অৱজ্ঞাৰ দৰে পৰিস্থিতিৰ সম্মুখিন হৈ থাকে। মুঠতে, প্ৰতিজন মানুহে কোনো নহয় কোনো পৰিস্থিতিত এবাৰ হ’লেও অৱজ্ঞাৰ সম্মুখিন হয় বুলি ক’লেও বঢ়াই কোৱা নহয়।
কিন্তু দুটা বিশেষ পৰিস্থিতিত মোক বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ-(ক) চিনাকিয়ে হওক বা অচিনাকি হওক, কোনো এজন ব্যক্তিয়ে মোক একেলগে তিনিটামান প্ৰশ্ন সুধিছে। মই এটা এটাকৈ উত্তৰ দিবলৈ সাজু হৈছোঁহে, তেনে সময়তে তৃতীয় এজন ব্যক্তি আহি  মোক প্ৰশ্ন কৰা মানুহজনৰ (দ্বিতীয় ব্যক্তি) সৈতে কথা পাতিবলৈ ধৰিলে। দ্বিতীয় ব্যক্তিজনে মোৰ উত্তৰৰ প্ৰতি কোনো গুৰুত্ব নিদি তৃতীয় ব্যক্তিজনৰ সৈতে ব্যস্ত হৈ পৰিল। মই যে তাত আছোঁ, মোক যে দ্বিতীয় ব্যক্তিজনে প্ৰশ্ন সুধিছিল সব তল পৰি গ’ল। এনে পৰিস্থিতিত মোক খুউব অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ। দ্বিতীয় ব্যক্তিজনে তৃতীয়জনৰ প্ৰতি অধিক আগ্ৰহী হোৱা যেন দেখিলে অৱজ্ঞা অনুভৱ কৰাৰ মাত্ৰা আৰু বৃদ্ধি পায়। (খ) আমাক কোনোবাই আলহী হিচাপে মাতিছে, বহিবলৈ দি গৃহস্থৰ সকলোৱে নিজ নিজ মোবাইলৰ সৈতে ব্যস্ত হৈ পৰিছে। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ ছেপ্টেম্বৰ ২০১৭]