Saturday, 8 September 2018

প্ৰসংগ: বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে

যোৱা ৩০ আগষ্টত ‘আমাৰ অসম’ত প্ৰকাশিত দেৱকান্ত সন্দিকৈৰ ‘বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে’ লেখাটো পঢ়ি দু-আষাৰ মতামত আগবঢ়াবলৈ মন গ’ল। বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰ ধৰ্মই দিব পাৰে বুলি কৰা দাবীবোৰৰ ভিত্তি আৰু দাবীদাৰসকলে প্ৰয়োগ কৰা পদ্ধতি বিজ্ঞানসন্মত নহয়। এই দাবীবোৰৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতি অনুমানৰ ওপৰত নিৰ্ভৰশীল। আজিৰ পৰা কেইবা হাজাৰ বছৰ আগতে কল্পনাৰ আশ্ৰয়ত ৰচিত ধৰ্মগ্ৰন্থবোৰৰ ভিত্তিতে ধৰ্মই বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ অপচেষ্টা কৰে। যাৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতিয়েই অশুদ্ধ, তাৰ ফলাফল কি হ’ব পাৰে? ব্যাখ্যা নিষ্প্ৰয়োজন। ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ-বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ সেই সম্পৰ্কীয় কিতাপৰ পাছত কিতাপ পঢ়ি আৰু প্ৰয়োজনীয় সা-সঁজুলি ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ পাছতো ক’বলগীয়া হয়-‘এই সম্পৰ্কে আৰু বহুত জানিবলগীয়া আছে’। আনহাতে ধৰ্মীয় পণ্ডিতসকলে নিজে অন্তৰ্গত ধৰ্মটোৰ দুখনমান ধৰ্মগ্ৰন্থ পঢ়িয়েই মন্তব্য আগবঢ়ায়-‘বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে জানিবলৈ আৰু বাকী নাই, সকলো বুজি পালোঁ’।
হিন্দু ধৰ্মৰ দ্বাৰা ভাৰতবৰ্ষখনকএক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৱে সুবিধা পালেই ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ অৱদানক মূল্যহীন কৰিবলৈ চেষ্টা কৰে। অৱশ্যে, সেই শক্তিটোৰ অধ্যয়নশীল সেনাপতিবোৰে একেকোবে নেহৰুক অসাৰ কৰিবলৈ চেষ্টা নকৰে বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ চিন্তাধাৰাক আংশিকভাবে সমৰ্থন কৰি ধৰ্মৰ প্ৰসংগ টানি আনি খুউব চতুৰভাবে তেখেতৰ কৰ্মক অসাৰ কৰাৰ বাট উলিয়াই লয়। প্ৰবন্ধকাৰ সন্দিকৈয়ে তেখেতৰ প্ৰবন্ধটোত উল্লেখ কৰা ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যবোৰত ইয়াৰেই প্ৰতিফলন ঘটিছে।
উল্লেখ্য যে ভাতৰবৰ্ষত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা গুৰুত্ব সম্পৰ্কে পাকিস্তানৰ নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানী পাৰভেজ হুডভয়ে কেইষাৰমান অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতৰ মতে, ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ আন সকলো কৰ্মৰাজিক মূল্যহীন কৰিব পাৰিলেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই যোৱা তেখেতৰ কৰ্মৰাজিক কেতিয়াও মূল্যহীন কৰিব নোৱাৰে। বিজ্ঞানীগৰাকীৰ মতে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰ প্ৰথম দহবছৰ জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত নহৈ, দেশখনকহিন্দু ৰাষ্ট্ৰহিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৰ পৰা যদি কোনোবা এজনে প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত লেহেঁতেন, তেন্তে ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এক অন্ধকাৰ দিশত গতি কৰিলেহেঁতেন। উদাহৰণস্বৰূপে-গৰুৰ মূত আৰু গোবৰৰ গৱেষণাৰ নামত অজস্ৰ ধন ব্যয় কৰিলেহেঁতেন, শিক্ষানুষ্ঠানসমূহত জ্যোতিৰ্বিজ্ঞানৰ পৰিৱৰ্তে জ্যোতিষ শাস্ত্ৰ আৰু প্ৰকৃত গণিতৰ পৰিৱৰ্তে বৈদিক গণিতৰ শিক্ষা প্ৰদানত অধিক গুৰুত্ব দিলেহেঁতেন। বিজ্ঞানীগৰাকীৰ মতে, সম্ভৱ:ত ভাৰতবৰ্ষ বিশ্বৰ একমাত্ৰ দেশ যিখন দেশত বিজ্ঞানসন্মত চিন্তাধাৰাক (Scientific Temper) গুৰুত্ব প্ৰদানৰ প্ৰসংগ সংবিধানত সন্নিৱিষ্ট আছে (উৎস: What India owes to Nehru, Dawn, 21 April 2018)

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ছেপ্টেম্বৰ ২০১৮]

প্ৰসংগ: মই শিক্ষক হ’বলৈ বিচাৰিছিলোঁ


যোৱা ২৬ আগষ্টত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিৰ ‘মই শিক্ষক হ’বলৈ বিচাৰিছিলোঁ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। বৰগোহাঞি ছাৰৰ ছমহীয়া শিক্ষকতাৰ সময়ত যিসকলে তেখেতৰ ছাত্ৰ/ছাত্ৰী হ’বলৈ সুযোগ পাইছে, আমাৰ বোধেৰে তেওঁলোক খুউব ভাগ্যবান। শিক্ষক হিচাপে বৰগোহাঞি ছাৰ যে সফল হ’ব পাৰিলেহেঁতেন তাত কোনো সন্দেহ নাই। তেখেতৰ প্ৰচুৰ অধ্যয়নশীলতা, কথা কোৱা আৰু গদ্য লিখা শৈলীৰ পৰাই সেয়া অনুমান কৰিব পাৰি। তদুপৰি ছাৰে নিজে উল্লেখ কৰিছে যে সেই ছমাহৰ ভিতৰতে তেখেতে তেখেতৰ ছাত্ৰসকলৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।
এইটো সত্য যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো যিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ থাকে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত সিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ নাথাকে বা থকাটো সম্ভৱো নহয়। অৱশ্যে, এটা কথা ঠিক যে মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো পিতা-পুত্ৰতকৈ বন্ধুত্ব বেছি হয়। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ/ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰায় আটাইকেইজন শিক্ষককে খুউব ওচৰৰ পৰা পায় (ব্যতিক্ৰমসকলৰ বাহিৰে)। কিন্তু মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত সকলো শিক্ষককে ওচৰৰ পৰা নাপায়। ছাত্ৰ/ছাত্ৰীসকলৰ প্ৰতি অত্যন্ত দায়িত্ববোধ থকা শিক্ষকসকলকহে ছাত্ৰ/ছাত্ৰীসকলে ওচৰৰ পৰা পায় আৰু সেই শিক্ষকসকলৰ সৈতেহে ছাত্ৰ/ছাত্ৰীসকলৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে।
মহাবিদ্যালয় পৰ্যায়ত উচ্চতৰ মেধা, কঠোৰ কৰ্তব্যনিষ্ঠা, অধ্যয়নপুষ্ট বিদগ্ধ ব্যক্তিত্ব আৰু নিত্য-নৱ্য বৌদ্ধিক অভিযানেৰে ছাত্ৰসকলক বৌদ্ধিক দিশত আগবাঢ়ি যোৱাত প্ৰেৰণা জগাব পৰা ধৰণৰ শিক্ষক নাপালে বুলি বৰগোহাঞি ছাৰে আক্ষেপ কৰিছে। ব্যক্তিগতভাবে দুয়োটা পৰ্যায়তে মই বৰগোহাঞি ছাৰতকৈ কিছু ভাগ্যবান বুলি অনুভৱ কৰোঁ। কাৰণ, মই পোৱা শিক্ষকসকলৰ দুজনমান শিক্ষকৰ কঠোৰ কৰ্তব্যনিষ্ঠা, নিত্য-নৱ্য বৌদ্ধিক অভিযান আৰু সামাজিক দায়িত্ববোধে জীৱনত আগবাঢ়ি যাবলৈ মোক সদায় প্ৰেৰণা যোগাই আহিছে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৭ ছেপ্টেম্বৰ ২০১৮]

Friday, 24 August 2018

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সামাজিক দায়িত্ববোধৰ চমু আভাস


হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ে গতানুগতিক কাৰ্য যেনে-শিক্ষা, খেল-ধেমালি, সাংস্কৃতিক দিশ আদিৰ যোগেদি সামাজিক দায়িত্ব পালনৰ উপৰি কিছুমান বিশেষ চিন্তা-ভাবনাৰে সমাজৰ ওচৰ চাপি যাবলৈ প্ৰয়াস চলাই আহিছে। প্ৰতিবছৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ (২৫ আগষ্ট) সৈতে সংগতি ৰাখি কিছুমান বিশেষ তথা একক কাৰ্যসূচী হাতত লোৱা হয়। উদাহৰণস্বৰূপে-কোনো এখন বিদ্যালয়লৈ গৈ স্বাস্থ্য আৰু অনাময় সম্পৰ্কে শিক্ষাৰ্থীসকলক সজাগ কৰি তোলা, গোলাঘাট চহৰৰ কিছু অংশ চাফা কৰা, গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আৰু আবাস গৃহসমূহৰ আবাসীসকলৰ মাজত ফলমূল বিতৰণ কৰি তেওঁলোকৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰা ইত্যাদি। প্ৰতিবছৰে বিশ্ব মহিলা দিৱসত মহাবিদ্যালয়খনৰ মহিলা কোষে ছাত্ৰীসকলৰ সহযোগত কোনো এখন গাঁৱলৈ গৈ গাঁৱখনৰ মানুহৰ সৈতে মহিলা সবলীকৰণ, স্বাস্থ্য, অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণ সম্পৰ্কীয় সজাগতা সভা আয়োজন কৰে। বিভিন্ন সামাজিক ব্যাধি ৰোধ কৰাৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে সঘনে বাটৰ নাট প্ৰদৰ্শন কৰে। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰি মহাবিদ্যালয় পৰিয়ালৰ সদস্যই ৰক্তদান কৰি সামাজিক দায়িত্ববোধৰ পৰিচয় দি আহিছে।
প্ৰাকৃতিক দুৰ্যোগ আৰু গোষ্ঠী সংঘৰ্ষৰ ফলত সৰ্বচ্চ হেৰুওৱা পৰিয়ালবোৰক (বিশেষকৈ গোলাঘাট জিলাৰ) মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ উপৰি এন এছ এছ, এন ছি ছি, মহিলা কোষ আৰু শিক্ষক গোটে সামৰ্থ অনুসৰি সহায়ৰ হাত আগবঢ়াই আহিছে। মহাবিদ্যালয়খনে দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তুলি লৈ (Adopted School) নিয়মীয়াকৈ প্ৰয়োজনীয় সেৱা আগবঢ়াই আহিছে। শেহতীয়াকৈ, সকলো দিশৰ পৰা পিচপৰা গাঁও এখন চিনাক্ত কৰি সেই গাঁৱখনক  মহাবিদ্যালয়খনে তুলি লোৱাৰ (Adopted Village) বিষয়ে চিন্তাচৰ্চা কৰি থকা হৈছে। 

[প্ৰকাশিত, ‘শিক্ষা বাৰ্তা’ (নিয়মীয়া বাৰ্তা’ৰ পূৰিপূৰিকা), ২৪ আগষ্ট ২০১৮]

Tuesday, 21 August 2018

প্ৰসংগ: ধৰ্ম আৰু নাগৰিকত্ব


যোৱা ৯ আগষ্টত ‘আমাৰ অসম’ত প্ৰকাশিত তাজহাৰুল হকৰ ‘ধৰ্ম আৰু নাগৰিকত্ব’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প্ৰবন্ধকাৰ হকে ধৰ্মৰ দুটা দিশৰ কথা কৈছে-ভিতৰুৱা দিশ আৰু বাহ্যিক দিশ। ধৰ্মৰ ভিতৰুৱা দিশটো সকলো ধৰ্মৰে প্ৰায় একেই। ধৰ্মৰ বাহ্যিক দিশটোহে (নীতি-নিয়ম, সাজ-পোছাক, খোৱা-বোৱা ইত্যাদি) দুটা বেলেগ ধৰ্মৰ মানুহৰ মাজত দূৰত্ব বঢ়ায়। আমি ভাবোঁ, উপযুক্ত শিক্ষাৰ জৰিয়তে ধৰ্মৰ বাহ্যিক দিশটোকো ইতিবাচক চিন্তাৰে গ্ৰহণ কৰিব পাৰিলে মানুহৰ মাজত থকা ধৰ্মীয় বৈষম্যৰ মাত্ৰা বহুখিনি কমি যাব। এই সম্পৰ্কত এটা কাহিনী টানি অনাৰ লোভ সামৰিব নোৱাৰিলোঁ। দিল্লীৰ ৰাজপথত মানুহ এজনে সন্ধিয়া সময়ত বাছেৰে ভ্ৰমণ কৰি আছিল। মানুহজনৰ ওচৰৰ আসনখনত এগৰাকী মাইকী মানুহ তেওঁৰ সৰু ছোৱালী এজনীৰ সৈতে বহিছিল। তেওঁলোকৰ আগৰ আসনখনত বগা ৰঙৰ টুপী আৰু কুৰ্তা পৰিহিত আন এজন মানুহ বহি আছিল। সৰু ছোৱালীজনীয়ে মাকক সুধিছিল যে তেওঁলোকৰ আগৰ আসনখনত বহি থকা মানুহজনে ৰ’দ নথকা সময়তো কিয় টুপী পিন্ধি আছে। মাকে ছোৱালীজনীক বুজালে যে মাকে মন্দিৰলৈ গ’লে মূৰত ওৰণি লোৱা তাই নিশ্চয় দেখিছে। তদুপৰি তাইৰ আইতা বা ককাকক সেৱা কৰাৰ সময়ত ৰ’দ নাথাকিলেও মাকে মূৰত ওৰণি লয়। বয়সীয়াল মানু্হক সন্মান প্ৰদৰ্শনৰ অৰ্থে মূৰত টুপী পিন্ধা বা ওৰণি লোৱা হয়। ছোৱালীজনীয়ে মাকৰ এনে উত্তৰত সন্তুষ্ট হোৱা নাছিল। তাই মাকক কৈছিল যে সেই বাছখনত সেই সময়ত এজনো বয়সীয়াল মানুহ নাই, টুপী পিন্ধা মানুহজনে কাকো সেৱা কৰি থকা নাই আৰু তেওঁলোক মন্দিৰতো নাই। তেনেহ’লে মানু্হজনে কাক সন্মান প্ৰদৰ্শন কৰিছে? মাকে ছোৱালীজনীৰ সেই প্ৰশ্নটোৰ উত্তৰো সাজু কৰি ৰাখিছিল। মাকৰ উত্তৰটো আছিল-সেই মানুহজনৰ মাক-দেউতাকে তেওঁক শিকাইছে যে মানুহজনে লগ পোৱা সকলো মানুহকে সন্মান প্ৰদৰ্শন কৰিব লাগে, যেনেদৰে সকলো আলহীকে নমস্কাৰ জনাবলৈ তাইৰ মাকে তাইক শিকাইছে। কাহিনীটো কৈছে মাক-জীয়েকৰ ওচৰত বহি থকা মানুহজনে। কাহিনীটো সঁচা নে মিছা-সেয়া মূল বিষয় নহয়। মূল বিষয় হ’ল-সকলো ধৰ্মৰ মানুহে যদি সেই মাহিলাগৰাকীয়ে নিজৰ সন্তানক শিক্ষা দিয়াৰ দৰে শিক্ষা দিয়ে তেন্তে ধৰ্মৰ বাহ্যিক দিশটোৱে মানুহৰ মাজত ধৰ্মীয় বৈষম্য সৃষ্টি কৰাৰ সম্ভাৱনা নাই। এনেধৰণৰ সু-শিক্ষা ধৰ্মীয় কাৰবাৰৰ সৈতে জড়িত মানুহবোৰে দিয়ক বা নিদিয়ক সাধাৰণ নাগৰিকে নিজৰ সন্তানক নিশ্চয় দিব পাৰে। 

  [প্ৰকাশিত, ‘আমাৰ অসম’, ২২ আগষ্ট, ২০১৮, পৃষ্ঠা: ১০]           

Thursday, 2 August 2018

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰাসংগিকতা


    অসমৰ ছটা জনগোষ্ঠী-চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী, টাই-আহোম, মৰাণ, মটক আৰু চুতীয়াসকলে তেওঁলোকক ভাৰতীয় সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। ১৯৯৬ চনত ভাৰতৰ মহাপঞ্জীয়কৰ অনুমোদন অনুসৰি এবাৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশযোগে কোচ-ৰাজবংশীসকলক জনজাতিৰ তালিকাত অন্তৰ্ভূক্তও কৰা হৈছিল। পাছলৈ পুনৰ এই জনগোষ্ঠীটোৰ নাম জনজাতিৰ তালিকাৰ পৰা উঠাই দিয়া হয়। শেহতীয়াকৈ উক্ত জনগোষ্ঠীসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষীক বৈঠক বিফল হোৱাৰ পাছত বিষয়টোৱে কিছু ৰাজনৈতিক জটিলতা সৃষ্টি কৰিছে। ইফালে ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰা অসমৰ জনগোষ্ঠীসমূহে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি আহিছে।
    এইখিনিতে ভাৰতৰ সংবিধান অনুসৰি কোনো এটা জনগোষ্ঠীক কেনেদৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় সেয়া জানি থোৱা ভাল হ’ব। ভাৰতৰ সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি (১) ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্য (কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ বাবে সেই ৰাজ্যৰ ৰাজ্যপালৰ সৈতে আলোচনা কৰি সেই ৰাজ্যখনৰ বাবে সংবিধানৰ স্বাৰ্থত কোনো জনগোষ্ঠীক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিব পাৰে, (২) সংসদে আইন প্ৰণয়নৰ দ্বাৰা (১) নম্বৰত উল্লেখ কৰা প্ৰক্ৰিয়াৰে কোনো জনগোষ্ঠীক জনজাতিৰ তালিকাৰ পৰা বাদ দিব পাৰে বা কোনো জনগোষ্ঠীক নতুনকৈ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে। সংসদে কোনো এটা জনগোষ্ঠীক নতুনকৈ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে জনগোষ্ঠীটো অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ যোগ্য বুলি এক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে। মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ অনুমোদন সাপেক্ষেহে ৰাষ্ট্ৰপতিয়ে কোনো এটা জনগোষ্ঠীক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰে (‘অসমৰ জনজাতি ৰাজনীতি: সত্য, সংশয়, সংঘাত’ , মনোজ কুমাৰ নাথ, ২০১৩, পৃষ্ঠা: ২৩)।
     এতিয়া আচল প্ৰসংগলৈ অহা যাওক। অসমৰ উল্লিখিত ছটা জনগোষ্ঠীক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্তিৰ সপক্ষে প্ৰথম কাৰণ হ’ল-ৰাজনৈতিক ক্ষমতাৰ অস্তিত্ব ৰক্ষা কৰা। নক’লেও হ’ব যে অতীতত অসমৰ শাসনৰ গাদী অসমৰ থলুৱা জনগোষ্ঠীয় নেতাৰ হাততে আছিল। বৃটিছসকল অসমলৈ অহাৰ পাছত তথাকথিত বৰ্ণহিন্দুসকলে বিভিন্ন কূটকৌশলেৰে বৃটিছৰ প্ৰিয়ভাজন হৈ পৰিল আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ থলুৱা জনগোষ্ঠীসমূহ ৰাজনৈতিক ক্ষমতা লাভৰ পৰা বঞ্চিত হৈ পৰিল। ভূতৰ ওপৰত দানৱ পৰা দি ক্ৰমবৰ্ধমান হাৰত বাহিৰাগতৰ আগমনে অসমৰ জনগাঁথনিৰ পৰিবৰ্তন কৰি থলুৱা জনগোষ্ঠীসমূহৰ ৰাজনৈতিক ক্ষমতা একেবাৰে নোহোৱা হৈ যোৱাৰ সম্ভাৱনাই দেখা দিলে। কাৰণ, বাহিৰাগত তথা হিন্দী বলয়ৰ লোকসকলে অসমখনক সদায় বৃহৎ পুঁজিৰ পাম হিচাপে গণ্য কৰি আহিছে। অসমত ইতিমধ্যে অনা-অসমীয়া ভাৰতীয়ৰ এখন বিশাল সমাজ গঢ়ি উঠিছে আৰু ৰাজ্যখনৰ অৰ্থনীতিৰ লগতে ৰাজনৈতিক নিয়ন্ত্ৰণো ক্ৰমাগতভাবে তেওঁলোকৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে (‘জনগোষ্ঠীয় সুৰক্ষা আৰু জাতীয় সংহতি’, হীৰেন গগৈ, ২০১৩, পৃষ্ঠা:৮৩)। উল্লিখিত জনগোষ্ঠী কেইটাক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে সাংবিধানিকভাবে অসমৰ থলুৱা জনগোষ্ঠীবিলাকৰ হাতলৈ ৰাজনৈতিক ক্ষমতা পুনৰ ঘূৰি আহিব। কাৰণ উল্লিখিত জনগোষ্ঠী কেইটাক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ পাছত অসম এখন জনজাতি ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সুবিধা হ’ব।
     দেশী–বিদেশী প্ৰব্ৰজনকাৰীসকলৰ হেঁচাৰ ফলত অসমৰ ৰাজনৈতিক বাঘজৰীহে যে গুচি যোৱাৰ উপক্ৰম হৈছে তেনে নহয়। অসমৰ থলুৱা জনগোষ্ঠীবোৰে নিজৰ পৈতৃক ভেটিৰ পৰাও ক্ৰমাগতভাবে উচ্ছেদ হ’বলগীয়া হৈছে। বাহিৰাগত বৃহৎ ব্যৱসায়ী, বিভিন্ন বৃত্তিজীৱী, পমুৱা, বেদখলকাৰী ইত্যাদিৰ হাতলৈ অসমৰ মাটি-বাৰীসমূহ বৈধ আৰু অবৈধ দুয়ো প্ৰকাৰে ক্ৰমবৰ্ধমান হাৰত হস্তান্তৰিত হ’বলৈ ধৰিছে। থলুৱা অসমবাসীৰ কিছুমান চাৰিত্ৰিক দুৰ্বলতা, কৰ্মবিমুখ সংস্কৃতি আৰু চৰকাৰৰ পুঁজিপতি তথা বাহিৰাগত তোষণ নীতিৰ বাবেই তেওঁলোকে ভূমি দখলৰ অবাধ সুযোগ লৈছে। এই প্ৰক্ৰিয়া বন্ধ নহ’লে এটা সময়ত অসমৰ থলুৱা জনগোষ্ঠীসকলৰ হাতত অসমৰ ভূমি নাথাকিবগৈ (হীৰেন গগৈ, ২০১৩, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ৮০-৮১)। উল্লিখিত জনগোষ্ঠী কেইটাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে বৰ্তমানৰ জনজাতিসকলৰ লগ হৈ অসমৰ থলুৱা জনগোষ্ঠসমূহে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰাৰ সম্ভাৱনা আছে।
     ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰাৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অনুভৱ কৰিছিল যে অসমৰ থলুৱা লোকসকলৰ মাটিবাৰীৰ ওপৰত বাহিৰগতৰ আগ্ৰাসে জটিল সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে তেখেতে সংবিধান ৰচনাৰ বাবে গঠিত অসম সম্পৰ্কীয় উপসমিতিখৰ অধ্যক্ষ হৈ থকাৰ সময়ত সেই সময়ৰ অবিভক্ত অসমৰ পাহাৰীয়া জিলা কেইখনৰ অৱস্থা সম্পৰ্কে ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায় আৰু সেইবিলাকৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থা সম্পৰ্কে প্ৰতিবেদন যুগুত কৰে। পাছলৈ তেখেতৰ প্ৰতিবেদনখনৰ ভিত্তিতে কিছুমান জনগোষ্ঠীয়ে পাহাৰীয়া আৰু ভৈয়াম-এই দুই প্ৰকাৰে জনজাতিৰ মৰ্যাদা লাভ কৰিছিল। যিসময়ত বৰদলৈয়ে কিছুমান জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিছিল, সেই সময়ত তেখেতে বৰ্তমান জনজাতি মৰ্যাদাৰ দাবী উত্থাপন কৰি থকা ছটা জনগোষ্ঠীক ভৈয়ামৰ জনজাতি হিচাপে গণ্য কৰা নাছিল (হীৰেন গগৈ, ২০১৩, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ১১৫-১১৬)। আচলতে সেই সময়ত সময়মতে জনগোষ্ঠীয় জাগৰণ জাগি নুঠাৰ বাবে বৰদলৈয়ে কিছুমান জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিবলৈ সুবিধা কৰি দিব নোৱাৰিলে। এই ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ প্ৰসংগ আনিব পাৰি (‘মৰাণ জনগোষ্ঠীৰ জাগৰণ: একাষৰীয়াকৰণ আৰু পৰিচয় সংকট’, ইন্দিবৰ দেউৰী, নতুন পদাতিক, জুলাই ২০০৯)। কিন্তু আজি দেখা গৈছে যে এই ছটা জনগোষ্ঠী, ইতিমধ্যে অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠীকেইটাৰ সৈতে বিশেষ পাৰ্থক্য নাই। উল্লিখিত জনগোষ্ঠী কেইটাৰ আটাইবোৰ জনগোষ্ঠীয়ে নৃঃগোষ্ঠীয় বা জনজাতীয় মূলৰ। গতিকে এই ছটা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰাত কোনো বাধা থাকিব নোৱাৰে।
      সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা চালেও দেখা যায় যে এই ছটা জনগোষ্ঠীয়ে আজিলৈকে আৰ্য হিন্দু সমাজখনৰ সৈতে মিলি যাব নোৱাৰিলে বা আৰ্য হিন্দু সমাজেও এই ছটা জনগোষ্ঠীৰ সৈতে মিলি যাব নোৱাৰিলে। বৃটিছ অহাৰ আগতে অসমত আৰ্য আৰু মংগোলীয় দুই গোষ্ঠী লগ লাগি এখন উমৈহতীয়া সমাজ গঢ়ি উঠাৰ উপক্ৰম হৈছিল। বৃটিছ আগমনৰ পিছত আৰ্য-মংগোলীয় উমৈহতীয়া সমাজখনে নাম ল’লে ‘আসাম’ৰ ‘অসমীয়া’। অধিবাসীসকলে অসমীয়া নাম লোৱাৰ লগে লগে উমৈহতীয়া কথিত ভাষাটোও অসমীয়া নাম লৈ সকলোৱে অসমীয়া প্ৰজা হৈ পৰিল। পাছলৈ ১৮৭৩ চনত সংস্কৃত সৰ্বস্ব আৰ্য অসমীয়া ভাষাটোৰ স্বীকৃতিৰে বৃটিছে ভাষাটোৰ গৰাকীৰূপে আৰ্য হিন্দুসকলকে অসমীয়া জাতিৰূপে স্বীকৃতি দিছিল। মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত এই ছটা জনগোষ্ঠীৰ বহু সংখ্যক লোক বৃটিছে স্বীকৃতি দিয়া অসমীয়া জাতিৰ ভিতৰত সোমাই পৰিলেও একেটা অসমীয়া সামাজিক আৰু ভৌগোলিক পৰিধিৰ মাজতো মংগোলীয় আৰু আৰ্য কোনো কাৰো লগত জীণ যাব নোৱাৰিলে (‘বিষয়: জনজাতিৰ মৰ্মবেদনা’, প্ৰফুল্ল মহন্ত, ২০১৪, পৃষ্ঠা: ১৮ আৰু ৮০)। তাৰ বিপৰীতে এই ছটা জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্যসমূহৰ প্ৰতি বেছিহে আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিলে। আচলতে আৰ্য হিন্দুসকলৰ উন্নত (?) জীৱন প্ৰণালীয়ে ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীসকলৰ লগতে এই ছটা জনগোষ্ঠীৰ লোকসকলক ওচৰ চপাই আনিলেও জাত-পাতৰ লগত পৰিচয় নথকা সেই থলুৱা লোকসকলে বৰ্ণবাদী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুঠেই সাজু নাছিল (‘জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন’, প্ৰফুল্ল মহন্ত, ২০০৯, পৃষ্ঠা: ২৩) আৰু এতিয়াও সাজু নহয়।
     এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে অসমৰ থলুৱা জনগোষ্ঠীসকলৰ মাজতে কিছুমান অবাঞ্ছিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীসমূহৰ পৰৱৰ্তী পদক্ষেপ হ’ল-স্বায়ত্ত শাসন লাভ কৰা। ইতিমধ্যে বড়োসকলে বিটিএডি পোৱাৰ পাছত সেই অঞ্চলৰ কোচ-ৰাজবংশীসকলে সমস্যাৰ সম্মুখীন হৈছেই। জনসংখ্যাৰ বিশাল আয়তন সত্বেও জনজাতিৰ মৰ্যাদা নোপোৱাৰ বাবে বিটিএডি পৰিষদত কোঁচ-ৰাজবংশীসকলৰ প্ৰতিনিধিত্বৰ অধিকাৰ পাঁচখন আসনৰ ভিতৰতে সীমাবদ্ধ হৈ আছে। বড়োসকলে তেওঁলোকৰ অঞ্চলত সমান ক্ষমতা ভোগ কৰিবলৈ ইচ্ছুক নহয় আৰু সেয়েহে কোঁচ-ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাত বড়োসকলে বাধা দি আহিছে। যাৰ ফলত কেতিয়াবা অবাঞ্ছিত সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা থাকি গৈছে। সেইদৰে ধেমাজি আৰু লখিমপুৰ জিলাত মিচিংসকলক যদি বড়োসকলৰ দৰে স্বায়ত্ত শাসন প্ৰদান কৰা হয়, তেন্তে সেই দুখন জিলাত আহোম আৰু চুতীয়াসকলৰ অৱস্থা বিটিএডিত কোঁচ-ৰাজবংশীসকলৰ অৱস্থাৰ দৰে হ’ব (‘হে মোৰ দুৰ্ভগীয়া দেশ’, হীৰেন গগৈ, ২০০৫, পৃষ্ঠা: ৫৪-৫৫)। ইফালে আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লাগে লগে যোৰহাট, গোলাঘাট শিৱসাগৰ, ডিব্ৰুগড় আদি জিলাত চাহ জনগোষ্ঠীসকলৰ অৱস্থা আৰু বেয়াৰ ফালে গতি কৰিব। এনেই চাহ জনগোষ্ঠী লোকসকলৰ নিজা স্থায়ী কৃষি ভূমি থকাৰ উদাহৰণ কম (‘চৰকাৰ বনাম সংৰক্ষণ নীতি’, প্ৰান্তিক, বছৰ ৩২, সংখ্যা ২২)। একে দশাই হ’ব মৰাণ আৰু মটকসকলৰো। গতিকে এই ছটা জনগোষ্ঠীক একেলগে একেসময়তে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ গত্যন্তৰ নাই।
    প্ৰশ্ন হ’ল-এই ছটা জনগোষ্ঠীৰ ভাৰতৰ সংবিধান অনুসৰি পাব লগা জনজাতীয় বৈশিষ্ট্যসমূহ আছেনে? এতিয়ালৈকে ভাৰত চৰকাৰে কোনো জনগোষ্ঠীক ভাৰতৰ সংবিধানৰ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত বৃটিছে প্ৰয়োগ কৰা বৈশিষ্ট্যসমূকে অনুসৰণ কৰি আহিছে। সেই অনুসৰি কোনো জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাবৰ বাবে জনগোষ্ঠীটোৰ তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ থাকিব লাগিব-(১)আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস (Indication of Primitive Trait), (২) স্বতন্ত্ৰসূচক সংস্কৃতি (Distinctive Culture), (৩) ভৌগোলিক অকলশৰীয়া অৱস্থা (Geographical Isolation), (৪) সচৰাচৰ উমৈহতীয়া সমাজখনৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত চুচুক-চামাক কৰা ব্যৱহাৰ (Shyness of Contact with Community at Large), আৰু (৫) পিছমুৱা অৱস্থা (Backwardness) (মনোজ কুমাৰ নাথ, ২০১৩, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ২৩)
    ওপৰৰ বৈশিষ্ট্যকেইটাৰ ভিত্তিতে যদি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে প্ৰতিটো বৈশিষ্ট্য সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ আছে নে নাই সেয়া বিচাৰ কৰি চাব লাগিব। (১) চাহ জনগোষ্ঠীটোৰ বাহিৰে আটাইকেইটা জনগোষ্ঠীৰে আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস সামান্য পৰিমানেহে পোৱা যায়। আহোমসকলেতো স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই ম্লেচাচাৰ পৰিত্যাগ কৰি বৈদিক ধৰ্মত আশ্ৰয় গ্ৰহণ কৰিলে (প্ৰফুল্ল মহন্ত, ২০১৪, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ২০)। চুতীয়া আৰু কোঁচ-ৰাজবংশীসকলৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। ‘আসাম’ৰ ‘অসমীয়া’ৰ সৈতে একাত্ম হৈ যাবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত আহোম, চুতীয়া আৰু কোচ-ৰাজবংশীসকল বাকী তিনিটা জনগোষ্ঠীতকৈ কিছু আগবাঢ়ি গৈছে। আজিৰ পৰা বিছ বছৰমান আগলৈকে পুৱ গোৱালপাৰা অঞ্চলৰ গৰিষ্ঠসংখ্যক কোঁচ-ৰাজবংশীৰ পৰিয়ালে নিজকে ‘আসাম’ৰ ‘অসমীয়া’ আৰু উচ্চ জাতৰ বুলি চিনাকি দি ৰাভা, বড়ো, গাৰো আদি জনজাতীয় লোকসকলক লেইলেই ছেইছেই কৰিছিল। চাহ জনগোষ্ঠীটোৰ আদিম চৰিত্ৰগত বৈশিষ্ট্যৰ আভাস পোৱা যায় যদিও তেওঁলোকৰ সমস্যা হ’ল-তেওঁলোক এটা জনগোষ্ঠীৰ নহয়। আচলতে তেওঁলোকৰ মাজত কেইবাটাও জনগোষ্ঠীৰ লোক আছে (হীৰেন গগৈ, ২০০৫, পূৰ্বোল্লেখিত গ্ৰন্থ, পৃষ্ঠা: ৮৮)। গতিকে, তেওঁলোকক এটা জনগোষ্ঠী বুলি ধৰি লৈ অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাত কিছু অসুবিধা নথকা নহয়। সেইদৰে মৰাণ আৰু মটক-দুটা পৃথক জনগোষ্ঠী নে একেটাই জনগোষ্ঠী সেয়া বিতৰ্কৰ বাহিৰত নহয়। এই সন্দৰ্ভত মৌচুমী ফুকনে (‘মটকেই মৰাণ, মৰাণেই মটক’, প্ৰান্তিক, বছৰ ৩৩, সংখ্যা ২) লিখিছে, “সাম্প্ৰতিক সময়ত মৰাণ-মটকসকলে সুকীয়া জনগোষ্ঠী হিচাপে পৰিচয় দিবলৈ যত্ন কৰিলেও কিন্তু ইতিহাসৰ পাত মেলি চালে দুয়োটা জনগোষ্ঠী, পৰস্পৰ সম্পৰ্কযুক্ত আৰু একেডাল সূতাৰে গঁথা যেন অনুভৱ হয়।” ইয়াৰ সপক্ষে যুক্তি আগবঢ়াবলৈ তেখেতে বহুকেইখন বুৰঞ্জীৰ প্ৰসংগ আনিছে। (২) স্বতন্ত্ৰমূলক সংস্কৃতিৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীটোৱে অতীতৰে পৰাই তেওঁলোকৰ স্বতন্ত্ৰ সংস্কৃতি ৰক্ষা কৰি আহিছে। বাকী পাঁচটা জনগোষ্ঠীৰ স্বতন্ত্ৰমূলক সংস্কৃতি কম-বেছি পৰিমানে তথাকথিত অসমীয়া সমাজখনৰ সৈতে একে, যিহেতু ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে তেওঁলোকৰ গৰিষ্ঠসংখ্যকেই বৃটিছে স্বীকৃতি দিয়া ‘অসমীয়া’ৰ সৈতে একাত্ম হৈ পৰিছে। বিশেষকৈ ভাষাৰ ক্ষেত্ৰত তেওঁলোক নিজৰ ভাষাসমূহ এৰি কেতিয়াবাই প্ৰকৃত অসমীয়াভাষী হৈ পৰিল। (৩) ভৌগোলিক অকলশৰীয়া অৱস্থাৰ ক্ষেত্ৰত কোঁচ-ৰাজবংশীসকল নামনি অসমত আৰু বাকী পাঁচটা জনগোষ্ঠী উজনি অসমত বসবাস কৰি আছে। জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত উজনি অসম আৰু নামনি অসম-এই দুটা ভৌগোলিক অৱস্থাক নিশ্চয় অকলশৰীয়া অৱস্থা হিচাপে স্বীকৃতি দিব নোৱাৰি। তদুপৰি এই পাঁচটা জনগোষ্ঠীৰ লোক উজনি অসমৰ প্ৰায় আটাইকেইখন জিলাতে সিচঁৰিত হৈ আছে। কোনো এখন বা দুখন জিলাতে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোক অকলশৰীয়া অৱস্থাত আছে বুলি ক’ব নোৱাৰি। তদুপৰি চাহ জনগোষ্ঠীৰ লোকসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছিল। তেওঁলোকৰ কিছুমান জনগোষ্ঠী তেওঁলোকে এৰি অহা সংশ্লিষ্ট ৰাজ্যখনৰ একোটা অঞ্চলতহে ভৌগোলিক অকলশৰীয়া অৱস্থাত আছে। সেই হিচাপে সংশ্লিষ্ট ৰাজ্যখনত তেওঁলোকে জনজাতিৰ মৰ্যাদাও লাভ কৰিছে। (৪) সচৰাচৰ উমৈহতীয়া সমাজখনৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত চুচুক-চামাক কৰা ব্যৱহাৰ-আজি অসমৰ কোনো এটা জনগোষ্ঠীৰে একক বৈশিষ্ট্য নহয়। আনকি ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীকেইটাৰ মাজতো এই বৈশিষ্ট্য কিছু হ’লেও হ্ৰাস পাইছে। অৱশ্যে, জনজাতি বিশেষে ইয়াৰ তাৰতম্য নথকা নহয়। বিশ্বায়নৰ ফলত ঘটা তথ্য প্ৰযুক্তিবিদ্যাৰ বিস্তাৰে জনগোষ্ঠীবোৰৰ এই বৈশিষ্ট্যটো তীব্ৰগতিত হ্ৰাস পাবলৈ ধৰিছে। আচলতে বিভিন্ন সা-সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ শংকাত তেওঁলোকে তেওঁলোকৰ একক বৈশিষ্ট্যসমূহ ধৰি ৰাখিবলৈহে অহোপুৰুষাৰ্থ কৰি আহিছে। (৫) পিছমুৱা অৱস্থাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। কোনো জনগোষ্ঠীয়ে পিছমূৱা হৈ থাকিবলৈ নিবিচাৰে। পিছমূৱা হৈ থাকিবলৈ নিবিচৰাৰ ফলতে আহোমসকলে শিৱসিংহৰ দিনতেই বৈদিক আচাৰ-আচৰণ গ্ৰহণ কৰিছিল। তথ্য-প্ৰযুক্তিবিদ্যাৰ বিশাল উন্নয়ণৰ যুগত প্ৰতিটো জনগোষ্ঠীয়ে আগমুৱা হৈ প্ৰগতিশীলতাৰ দিশে আগবাঢ়িবলৈ বাধ্য হৈ পৰিছে। 
    অসমৰ যি ছটা জনগোষ্ঠীয়ে তেওঁলোকক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে দাবী কৰি আহিছে, তেওঁলোকে উল্লিখিত বৈশিষ্ট্যসমূহতকৈ ৰাজনৈতিক লাভালাভৰ প্ৰতিহে প্ৰাধান্য দি আহিছে। কিন্তু তেওঁলোকক অকল ৰাজনৈতিক কাৰকৰ ওপৰতে ভিত্তি কৰি জনজাতিৰ মৰ্যাদা দিলে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে ভাৰতৰ সংবিধানখনত সন্নিৱিষ্ট বৰ্তমানৰ নীতি-নিয়মসমূহ গৌণ হৈ পৰিব। অৰ্থাৎ, জনজাতিৰ সংজ্ঞাই সলনি হৈ যাব। জনজাতিৰ সংজ্ঞা সলনি কৰি জনজাতিৰ পৰম্পৰাগত বৈশিষ্ট্যসমূহক উপেক্ষা কৰা কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে।
    এই ছটা জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে, ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰা জনগোষ্ঠীসমূহ বাৰুকৈ ক্ষতিগ্ৰস্ত হ’ব। বিশেষকৈ ভৈয়ামৰ জনজাতিসকলৰ বাবে চাকৰি আৰু উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তি লাভৰ ক্ষেত্ৰত সংৰক্ষণৰ যি ব্যৱস্থা আছে, এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকেই সৰহ পৰিমাণৰ সা-সুবিধা লাভ কৰিব। এই শংকা দূৰ কৰাৰ বাবে বহুতে পৰামৰ্শ আগবঢ়ায় যে যিহেতু এই ছটা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত সুবিধাসমূহ লাভ কৰি আহিছে, গতিকে তেওঁলোকক জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে অন্যান্য পিচপৰা শ্ৰেণীৰ সংৰক্ষণৰ অংশৰ পৰা কিছু অংশ জনজাতিৰ বাবে সংৰক্ষণৰ অংশলৈ আনিলে জনজাতিৰ বাবে সংৰক্ষণৰ অংশ বৃদ্ধি হ’ব। কিন্তু সমস্যাটো হ’ল-এই ছটা জনগোষ্ঠীৰ উপৰিও যিবিলাক জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীৰ সংৰক্ষণৰ অন্তৰ্ভূক্ত তেওঁলোকে তেওঁলোকৰ সংৰক্ষণৰ অংশ হ্ৰাস কৰা কাৰ্য কেনেদৰে গ্ৰহণ কৰিব? কাৰণ, সুবিধা দিয়া যিমান টান, কাঢ়ি নিয়া আৰু বেছি টান।
    সন্দেহ নাই যে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমখনক জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সুবিধা হ’ব। কিন্তু ইয়াতো সমস্যা আছে। অসমখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি পোৱা বুলি ধৰি ল’লে, অসমৰ খিলঞ্জীয়া অজনজাতীয় লোকসকল তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাৰ বাবে বিতুষ্ট হৈ পৰিব। অৰ্থাত, এটা আন্দোলন সমাপ্ত হোৱাৰ পাছত আন এটা আন্দোলনে গা কৰি উঠিব (‘জনজাতিকৰণ: অসমক জনজাতিপ্ৰধান ৰাজ্য ঘোষণাৰ কচৰৎ’, মৃণালকান্তি চক্ৰৱৰ্তী, আমাৰ অসম, ০১ চেপ্টেম্বৰ, পৃষ্ঠা: ৪)। ফলস্বৰূপে, তেওঁলোকৰ বাবেও সংৰক্ষণ নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। এক কথাত, অসমৰ স্বাৰ্থৰ বাবে বৰ্তমান যি সাংবিধানিক বিধান আছে সেয়া সম্পূৰ্ণ ওলোটা হৈ পৰিব। অসমৰ এই পৰিস্থিতিত ৰাজনৈতিক দল আৰু বিছিন্নতাবাদী শক্তিসমূহে সোণালী সুযোগ গ্ৰহণ কৰিব। 
    সম্প্ৰতি অসমত যিবিলাক অনাকাংক্ষিত জটিল সমস্যাৰ সৃষ্টি হৈছে, সেইবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অসমৰ আটাইবোৰ থলুৱা জনগোষ্ঠী একগোট হোৱাৰ সময় আহি পৰিছে। যদি কিছুমান জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমৰ বৃহত্তৰ স্বাৰ্থ সুৰক্ষিত হয়, তেন্তে ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীসমূহে জনজাতিৰ মৰ্যাদা লাভৰ বাবে দাবী উত্থাপন কৰি অহা জনগোষ্ঠীসমূহৰ সৈতে এক উমৈহতীয়া মঞ্চত মিলিত হোৱাৰ প্ৰয়োজন আছে। অৱশ্যে, লক্ষ্য ৰাখিব লাগিব যাতে সেই জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ফলত ইতিমধ্যে জনজাতিৰ তালিকাভুক্ত জনগোষ্ঠীসকলে তেওঁলোকৰ সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত হ’ব লগা নহয়।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০২ আগষ্ট, ২০১৮, পৃষ্ঠা: ৪]

Tuesday, 31 July 2018

গোষ্ঠী সংঘৰ্ষৰ কাৰণ আৰু ইয়াৰ সমাধান


    সাম্প্ৰতিক সময়ত বহুলভাবে প্ৰচলিত শব্দবিলাকৰ ভিতৰত সম্ভৱ:ত ‘গোষ্ঠী সংঘৰ্ষ (Ethnic Conflict)’ শব্দ দুটাও পৰিব। নিজৰ স্বাৰ্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা লোকসকলৰ বাহিৰে, ‘গোষ্ঠী সংঘৰ্ষ’ৰ দৰে ভয়ানক পৰিস্থিতিক কোনো স্বাভাৱিক ব্যক্তিয়েই সহজভাবে ল’ব নোৱাৰে।
    ‘গোষ্ঠী সংঘৰ্ষ’ৰ বিষয়ে আলোচনা কৰাৰ আগয়ে ‘জনগোষ্ঠী (Ethnicity)’ মানে কি, সেয়া স্পষ্ট কৰি লোৱা ভাল হ’ব। ‘জনগোষ্ঠী’ শব্দটোৰ অৰ্থ বুজাবলৈ বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰে। কিছুমানে ‘জনগোষ্ঠী সম্প্ৰদায় (Ethnic Community)’, আৰু কিছুমানে ‘সংখ্যালঘু (Minority)’, কেতিয়াবা আকৌ ‘জনগোষ্ঠী গোট (Ethnic Group)’ হিচাপে ব্যৱহাৰ কৰে। শব্দৰ ব্যৱহাৰ যিয়েই নহওক, ‘জনগোষ্ঠী’ মানে হ’ল-এটা নিৰ্দিষ্ট নামেৰে ঐতিহাসিক দৃষ্টিকোণৰ পৰা সমূহীয়া তথা মনস্তাত্বিভাবে সংগঠিত মানুহৰ এটা গোট, যি গোটৰ প্ৰতিজন সদস্যই উমৈহতীয়া অনুৰাগ (Interests) আৰু পৰিচয়ৰ (Identity) প্ৰতি অনুৰক্ত, যি অনুৰাগ আৰু পৰিচয় একে ইতিহাসৰ অভিজ্ঞতাৰে পুষ্ট, একে সাংস্কৃতিক মূল্য, একে ভাষা, একে বিশ্বাস আৰু একে জীৱন ধাৰণ প্ৰণালী দ্বাৰা প্ৰভাৱিত হৈ এটা নিৰ্দিষ্ট ভূখণ্ডত শান্তিৰে বসবাস কৰে 
    ওপৰৰ সূত্ৰটোৰ পৰা স্পষ্ট যে মানুহৰ গোট এটাক ‘জনগোষ্ঠী’ বুলি ক’বলৈ হ’লে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। প্ৰথমতে, গোটটোৰ এটা নিৰ্দিষ্ট নাম থাকিব লাগিব। গোটটোৰ নামটো অকল ‘আত্ম পৰিচয় (Self Identity)’ৰ বাবে প্ৰয়োজন নহয়, নামটোৱে গোটটোৰ ‘সমূহীয়া ব্যক্তিত্ব (Collective Personality)’ৰ বাবেহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। দ্বিতীয়তে, ভাষা বা দেৱান হ’ল ‘জনগোষ্ঠী’ এটাৰ অন্য এটা মাপকাঠী। এটা ‘জনগোষ্ঠী’, আন ‘জনগোষ্ঠী’ৰ পৰা কিমান পৃথক ভাষাটোৰ পৰাই নিৰ্ণয় কৰিব পাৰি। ভাষাৰ বিভিন্নতাৰ বাবে বহু সময়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সূত্ৰপাত হয়। সাধাৰণতে, তুলনামূলকভাবে কম প্ৰচলিত ভাষা এটাক তুলনামূলকভাবে বহুল প্ৰচলিত ভাষাই সদায় দমন কৰি ৰাখিবলৈ চেষ্টা চলায়। তৃতীয়তে, ধৰ্মই বহু সময়ত ‘জনগোষ্ঠী’ এটাক আন ‘জনগোষ্ঠী’ৰ পৰা পৃথক কৰি ৰাখে। ধৰ্মই যেতিয়া মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ ধৰে, তেতিয়া ধৰ্মই কিছুমান মানুহৰ গোটক ‘জনগোষ্ঠী’ হিচাপে নিৰ্ধাৰণ কৰাত অৰিহণা যোগায়। আন কথাত, ধৰ্ম ‘জনগোষ্ঠী’ৰ এটা নিৰ্ণায়ক হৈ পৰে। যেনে-ভাৰতবৰ্ষত হিন্দু আৰু ইছলাম ধৰ্মই মানুহৰ অকল ব্যক্তিগত বিশ্বাসকে সামৰি নলয়, ধৰ্ম দুটাই একে ধৰ্মৰ মানুহবিলাকৰ মাজত সমূহীয়া আচৰণো প্ৰতিফলিত কৰে। চতুৰ্থতে, ভৌগোলিক অঞ্চল ‘জনগোষ্ঠী’ এটাৰ আন এটা উপাদান। আধুনিক ৰাষ্ট্ৰৰ ‘জনগোষ্ঠী’সমূহে নিজৰ পৰিচয় আৰু প্ৰতিপত্তি বৰ্তাই ৰাখিবলৈ স্বাধীন ৰাষ্ট্ৰৰ ভিতৰতে নিজৰ বাবে একোটা অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। শেষত, একে কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা হ’ল ‘জনগোষ্ঠী’ এটাৰ উল্লেখযোগ্য উপাদান        
    এতিয়া আচল প্ৰসংগলৈ অহা যাওক। প্ৰসংগটো হ’ল- ‘গোষ্ঠী সংঘৰ্ষ’ মানে কি? ঊনৈশ শতিকাত ব্যৱহাৰ কৰা ‘বৰ্ণ সংঘৰ্ষ’ শব্দ দুটাক বিংশ শতিকাত ‘গোষ্ঠী সংঘৰ্ষ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু সেই শব্দ দুটাকে একৈশ শতিকাতো ব্যৱহাৰ কৰি থকা হৈছে। একেখন ভৌগোলিক অঞ্চলৰ ভিতৰত বিভিন্ন গোষ্ঠীবিলাকৰ মাজত অস্ত্ৰ-শস্ত্ৰেৰে সংঘটিত জঘন্য সংঘৰ্ষবোৰেই হ’ল ‘গোষ্ঠী সংঘৰ্ষ’। ‘গোষ্ঠী সংঘৰ্ষ’ক ‘গোষ্ঠী যুদ্ধ (Ethnic War)’ বুলিও কোৱা হয়। ‘গোষ্ঠী সংঘৰ্ষ’ বা ‘গোষ্ঠী যুদ্ধ’ আৰু ‘গৃহ যুদ্ধ (Civil War)’ একে নহয়। গৃহ যুদ্ধ’ হ’ল একে গোষ্ঠীৰ মাজতে চলা যুদ্ধ। দেশ বা ৰাজ্য এখনৰ ভিতৰত এটা পক্ষই চৰকাৰ বিৰূদ্ধে বিদ্ৰোহ কৰিলেও ‘গৃহ যুদ্ধ’ বুলিয়ে জনা যায়। সাধাৰণতে সংঘটিত হৈ থকা নিয়মীয়া যুদ্ধৰ (Regular War) পৰাও ‘গোষ্ঠী সংঘৰ্ষ’ পৃথক। নিয়মীয়া যুদ্ধবোৰ সাধাৰণতে দুখন বা ততোধিক সাৰ্বভৌম ৰাষ্ট্ৰৰ (ৰাষ্ট্ৰ নহ’বও পাৰে) মাজত সংঘটিত হয়। ২০১১ চনৰ আৰম্ভনিতে অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সীমান্ত অঞ্চলত গাৰো আৰু ৰাভা জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ আৰু ২০১২ চনত অসমৰ বিটিএডি অঞ্চলত মুছলমান সম্প্ৰদায় আৰু বড়ো জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ দুটা হ’ল ‘গোষ্ঠী সংঘৰ্ষ’ৰ উৎকৃষ্ট উদাহৰণ।
 এন্থনি ডি স্মিথৰ মতে গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ (Identity Conflict) এটা উপাদান অৰ্থাত, গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ অন্তৰ্ভূক্ত, যিটো এটা আভ্যন্তৰীণ সংঘৰ্ষ (Internal Conflict) আভ্যন্তৰীণ সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ উপৰিও আন কিছুমান সংঘৰ্ষক সামৰি লয়। যেনে-আদৰ্শগত সংঘৰ্ষ (Ideological Conflict), শাসন সম্পৰ্কীয় সংঘৰ্ষ (Governance Conflict), বৰ্ণ সংঘৰ্ষ (Race Conflict), পৰিবেশ সম্পৰ্কীয় সংঘৰ্ষ (Environmental Conflict) ইত্যাদি। এই সকলোবিলাক আভ্যন্তৰীণ সংঘৰ্ষৰ বৰ্ণনাৰ বাবে কেতিয়াবা ‘গোষ্ঠী সংঘৰ্ষ’কে ব্যাপকভাবে ব্যৱহাৰ কৰা হয়। যেনে-আফগানিস্তান, ছামলীয়া, কামবোডিয়াত যি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সেয়া ‘গোষ্ঠী সংঘৰ্ষ’ নাছিল। কাৰণ সেইবোৰত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা নাছিল, একে জনগোষ্ঠীৰ লোকৰ মাজতে বেলেগ বেলেগ ৰাজনৈতিক মতাদৰ্শৰ বাবেহে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। কিন্তু সেই সংঘৰ্ষবোৰ বৰ্ণনা কৰোতে ‘গোষ্ঠী সংঘৰ্ষ’ শব্দ দুটাকে বহুলভাবে ব্যৱহাৰ কৰা হৈছিল।    
     ১৯৫০ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীবোৰে অধিক অধিকাৰ আৰু স্বীকৃতিৰ বাবে দাবী উত্থাপন কৰিবলৈ ধৰাৰ ফলতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সংখ্যা বেছি আছিল। বহুতে ইয়াক ‘শীতল যুদ্ধ (Cold War)’ এটা প্ৰভাৱ বুলিও ক’ব খোজে। সংঘৰ্ষবোৰৰ উদ্দেশ্যবোৰ একে নহয়। দেশ আৰু জনগোষ্ঠীভেদে সংঘৰ্ষবোৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ পাৰ্থক্য স্পষ্টভাবে পৰিলক্ষিত হয়। কিছুমান জনগোষ্ঠীয়ে প্ৰচলিত সংশ্লিষ্ট সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰা পৃথক হৈ নিজস্ব সাৰ্ভভৌম ৰাষ্ট্ৰ গঠন বা অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছে। যেনে-ছোভিয়েট ৰাছিয়াৰ কুৰ্ড (Kurds) জনগোষ্ঠীটোৱে অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছিল। কিছুমান জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীটোৰ স্বীকৃতি বা মৰ্যাদা আন জনগোষ্ঠীৰ সমান পাবৰ বাবে দাবী উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত, আফ্ৰিকাৰ কৃষ্ণাংগসকলে শ্বেতাংগসকলৰ সমানে মৰ্যাদা পাবলৈ দাবী উত্থাপন কৰাৰ উদাহৰণ দিব পাৰি। কিছুমান জনগোষ্ঠীয়ে আকৌ সংখ্যালঘিষ্ঠ হোৱাৰ বাবে নিজৰ পৰিচয় সংকটৰ প্ৰতি সচেতন হৈ নিজৰ জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ বাবে দাবী উত্থাপন কৰি আহিছে  ৰাভাসকলে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবী, অসমৰ ছয় জনগোষ্ঠীয়ে অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰাপ্তিৰ দাবী উত্থাপন ইত্যাদি ইয়াৰ উদাহৰণ।
      গোষ্ঠী সংঘৰ্ষৰ কাৰণবিলাক বিশ্লেষকসকলে তিনিটা পৰ্যায়ত বিশ্লেষণ আগবঢ়ায়। বিশ্লেষণৰ সেই পৰ্যায় তিনিটা হ’ল-পদ্ধতিগত পৰ্যায় (Systemic Level), ঘৰুৱা পৰ্যায় (Domestic level) আৰু চিৰস্থায়ী পৰ্যায় (Perpetual Level)। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণে গোষ্ঠী সংঘৰ্ষত লিপ্ত গোষ্ঠীবোৰৰ নিৰাপত্তাৰ প্ৰকৃতি বিশ্লেষণ কৰে। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণ অনুসৰি দুটা বা ততোধিক জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলতে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। সাধাৰণতে বহুতো জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰিলে সংখ্যাগৰিষ্ঠ জনগোষ্ঠীয়ে সংখ্যালঘু জনগোষ্ঠীবোৰক ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিকভাবে দমন কৰি ৰাখিব বিচাৰে। এনে অৱস্থাত সংখ্যালঘু জনগোষ্ঠীবোৰ নিৰাপত্তাহীনতাত ভোগে। কৰ্তৃপক্ষই যেতিয়া সংখ্যালঘু জনগোষ্ঠীবোৰক নিৰাপত্তা দিব নোৱাৰে, তেওঁলোকে নিজে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উঠিপৰি লাগে। সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৱে সংখ্যালঘিষ্ঠ জনগোষ্ঠীবোৰৰ আত্মপৰিচয়ৰ সংগ্ৰামক সহজভাবে ল’ব নোৱাৰে। অৰ্থাত, এনে দমন নীতি আৰু নিৰাপত্তাহীন পৰিস্থিতিৰ ফলতে কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। ঘৰুৱা পৰ্যায়ৰ বিশ্লেষণত ৰাষ্ট্ৰক প্ৰত্যক্ষভাবে সামৰি লোৱা হয়। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰখনৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিব লাগে। তাৰ পৰাই জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈ জাতীয়তা (Nationalism) ভাৱৰ সৃষ্টি হয়। কিন্তু, ৰাষ্ট্ৰই কেতিয়াবা সকলো জনগোষ্ঠীৰ মাজত সমানে জাতীয়তা ভাৱ গঢ়ি তুলিব নোৱাৰে। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা ভোগ কৰিব বিচাৰে। সেয়া তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে। ৰাষ্ট্ৰই যেতিয়া কিছুমান জনগোষ্ঠীক বিশেষ সা-সুবিধা প্ৰদান কৰে আৰু কিছুমান জনগোষ্ঠী সকলো ফালৰ পৰাই পিছ পৰি থাকে, তেনে অৱস্থাত পিছপৰি থকা জনগোষ্ঠীটোৱে বিশেষ সা-সুবিধা লাভ কৰা জনগোষ্ঠীটোৰ সমানে সা-সুবিধা লাভৰ বাবে দাবী উত্থাপন কৰে। একে সময়তে বিশেষ সা-সুবিধা লাভ কৰি থকা জনগোষ্ঠীটোৱে তেওঁলোকৰ বাহিৰে আন কোনো জনগোষ্ঠীকে তেনে সা-সুবিধা প্ৰদান নকৰিবলৈ আহ্বান জনালে গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, চিৰস্থায়ী পৰ্যায়ৰ বিশ্লেষণত জনগোষ্ঠীবোৰৰ ইতিহাসৰ বিশ্লেষণ জড়িত থাকে। বিদ্যায়তনিক পৰ্যায়ত কিছুমান জনগোষ্ঠীৰ ভুল ইতিহাসৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ব পাৰে। নিজৰ জনগোষ্ঠীটোক ওপৰলৈ নিয়াৰ স্বাৰ্থত সংশ্লিষ্ট জনগোষ্ঠীটোৰ তথাকথিত কিছুমান পণ্ডিতে ইতিহাসক ভুল ব্যাখ্যাৰে নিজ স্বাৰ্থ সিদ্ধি নকৰে বুলি ক’ব নোৱাৰি।
     কোনো সন্দেহ নাই যে আধুনিক ৰাষ্ট্ৰ, আনকি ৰাজ্য এখনতো, একেটা ভৌগোলিক অঞ্চলতে একাধিক জনগোষ্ঠীৰ লোকে বসবাস কৰি থাকে। প্ৰতিটো জনগোষ্ঠীয়ে নিজস্বতাৰ বাবেই হওক বা অধিক স্বায়ত্ব শাসনৰ বাবেই হওক, অবিৰতভাবে উত্থাপন কৰি অহা দাবীবোৰৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট দেশখনত বা ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সৃষ্টি কৰে। সমাজবিজ্ঞানী আৰু ৰাজনীতিৰ নীতি নিৰ্ধাৰকসকলে ক্ৰমাগতভাবে বাঢ়ি অহা এই সমস্যাবোৰৰ প্ৰতি উদাসীন হৈ বহি থকা নাই। নিৰবিছিন্ন অধ্যয়ন আৰু অভিজ্ঞতাৰ ফলত তেওঁলোকে জনগোষ্ঠী সম্পৰ্কীয় সমস্যাবোৰৰ সমাধানৰ বাবে তিনিটা বিকপ্লৰ সন্ধান পাইছে। সেইবোৰ হ’ল-এৰাধৰাৰ মাজেৰে একেলগে থকা, শান্তিপূৰ্ণভাবে পৃথক কৰা আৰু গোষ্ঠী যুদ্ধ। সাধাৰণতে এৰাধৰাৰ মাজেৰে একেলগে থকা বিকল্পটোৰে গোষ্ঠী সংঘৰ্ষৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংঘৰ্ষত লিপ্ত জনগোষ্ঠীবোৰৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে সাংবিধানৰ গণ্ডিৰ ভিতৰতে আলোচনা কৰি সমস্যাটোৰ সমাধান কৰে। কেতিয়াবা দেখা যায় যে সংবিধানত সন্নিৱিষ্ট সমাধানৰ পদ্ধতিয়ে গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সমাধান কৰা কোনো পদ্ধেই সম্ভৱ নহয়। তেনে ক্ষেত্ৰত প্ৰচলিত সংবিধানখন সংশোধন কৰি পৃথকভাবে থাকিব বিচৰা জনগোষ্ঠীটোক শান্তিপূৰ্ণভাবে পৃথক কৰি দিয়া হয়। এইটো হ’ল দ্বিতীয় বিকল্প। তৃতীয় বিকপ্লটো কাৰো পক্ষেই উচিত নহয়। উল্লেখিত বিকল্প দুটাৰ কোনো এটা বিকল্পৰেই সমস্যাৰ সমাধান কৰিব নোৱাৰিলেহে তৃতীয় বিকল্পটো গ্ৰহণ কৰা হয়। এই পদ্ধতি অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰৰ কৰ্তৃপক্ষই যুদ্ধৰ দ্বাৰা গোষ্ঠী সংঘৰ্ষবোৰ দমন কৰে। নক’লেও হ’ব যে উল্লেখিত তিনিটা বিকপ্লৰ, কোনটো গ্ৰহণ কৰিব সেয়া সংশ্লিষ্ট দেশখনৰ বা ৰাজ্যখনৰ চৰকাৰৰ নীতি নিৰ্ধাৰণৰ দক্ষতা আৰু সমস্যাটোৰ সৈতে জড়িত সংশ্লিষ্ট জনগোষ্ঠীবোৰৰ সহনশীলতা, দূৰদৰ্শীতা, প্ৰগতিশীল মনোভাৱ ইত্যাদি সজ গুণৰ ওপৰত নিৰ্ভৰ কৰে।   
তথ্যসূত্ৰ

Brown, Michael E (1993): “Causes and Implications of Ethnic  Conflict”, in Michael E Brown (ed), Ethnic Conflict and International Security, (Princeton University Press), Chapter: I, Pp. 3-26.
Brown, Michael E (1993): ibid.
http://en.wikipedia.org/wiki/Ethnic_conflict
Smith, Anthony D (1993): “The Ethnic Sources of Nationalism”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.48-62.
Gurr, Ted Robert & Barbara Garff (2004): Ethnic Conflict in World Politics, (Westview Press: A Member of the Perseus Books Group), Second Edition.
Brown, Michael E (1993): ibid.
Brown, Michael E (1993): ibid.
Snyder, Jack (1993): “Nationalism and the crisis of the postSoviet state”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.5-26.
Brown, Michael E (1993): ibid.

[প্ৰকাশিত, 'প্ৰান্তিক', ১-১৫ আগষ্ট, ২০১৮, পৃষ্ঠা: ১৯-২০]