Friday, 14 August 2020

ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ এক সুন্দৰ উপায়

 

      মহামাৰীৰ সময়ত কম-বেছি পৰিমাণে সকলোৰে উদ্বিগ্নতা বাঢ়ে । ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ ব্যতিক্ৰম নহয় ।  বিভিন্ন গৱেষকৰ অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে যে ক’ৰোনা মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা ব্যাপকভাবে বৃদ্ধি পাইছে । গ্ৰিটচেনকো আৰু তেওঁৰ সংগীসকলে  Belarusian Universityৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এটা অধ্যয়ন চলাই পাইছে যে যিসকল ছাত্ৰ-ছাত্ৰী কোৱাৰিণ্টীন কেন্দ্ৰ বা আত্ম-একাকীকৰণত  (Self-isolation) আছিল তেওঁলোকৰ উদ্বিগ্নতা আন ছাত্ৰ-ছাত্ৰীসকলৰ তুলনাত বেছি ।  আমাৰ দেশতো ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে ।  

ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতাক লৈ আমি শিক্ষকসকল স্বাভাৱিকতে চিন্তিত হৈ পৰোঁ । সিহঁতৰ উদ্বিগ্নতা কেনেদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰি আমি এটা সৰু সম্পৰীক্ষা কৰিছিলোঁ ।  এপ্ৰিল মাহটোত অনলাইন ক্লাছবোৰ চলি থকাৰ বাবে ছাত্ৰীসকলৰ উদ্বিগ্নতা কিছু কম আছিল । কিন্তু, নিৰ্ধাৰিত পাঠ্যক্ৰম পঢ়াই শেষ কৰাৰ পাছত পৰীক্ষাবোৰ অনুষ্ঠিত নোহোৱাৰ ফলত সিহঁতৰ উদ্বিগ্নতা বৃদ্ধি পাবলৈ ধৰিলে । কোনো সন্দেহ নাই যে নিজৰ মনৰ কথাখিনি আনৰ আগত প্ৰকাশ কৰিব পাৰিলে উদ্বিগ্নতা হ্ৰাস পায় । নিজৰ মনৰ কথাখিনি আনৰ আগত খোলাকৈ ক’বলৈ সুবিধা দিয়াৰ অনলাইন ব্যৱস্থা এটা আমি কৰিছিলোঁ । আমাৰ সম্পৰীক্ষাটোত গোলাঘাটৰ ‘হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়’ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছিল  (মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ এগৰাকী শিক্ষক হিচাপে বিভাগটোৰ ছাত্ৰীসকলক সামৰি ল’বলৈ আমাৰ সুবিধা হৈছিল) ।  প্ৰতিদিনে সন্ধিয়া ৭ বজাত Google Meet ত  ছাত্ৰীসকলক অনলাইনত অহাৰ ব্যৱস্থা কৰা হৈছিল (Google Meet ত এঘণ্টাৰ বাবে বিনামূলীয়াকৈ অনলাইনত অহাৰ সুবিধা আছে) । প্ৰতিদিনে বিভাগটোৰ প্ৰতিটো ষান্মাসিকৰে এগৰাকীকৈ ছাত্ৰীক নিজৰ কথাখিনি ক’বলৈ সুবিধা দিয়া হৈছিল ।  কোন কেইগৰাকী ছাত্ৰীয়ে কোনদিনা  নিজৰ মনৰ কথাখিনি ক’ব, সেয়া এদিন আগতে বিভাগৰ  ৱাটছ্এপ গ্ৰুপত সিহঁতৰ ফটোসহ একোখন ই-পষ্টাৰ বনাই জনাই দিয়া হৈছিল ।  অৱশ্যে, কেইবাগৰাকী ছাত্ৰীৰ নেটৱৰ্কৰ সমস্যা হৈছিল  (Google Meet ৰ বাবে নেটৱৰ্ক ভাল হ’ব লাগে) ।  সিহঁতেও যাতে নিজৰ মনৰ কথাখিনি সহপাঠীসকলক জনাব পাৰে তাৰ বাবে আমি সিহঁতলৈ ফোন কৰিছিলোঁ । ফোনটো আমাৰ হ’ম থিয়েটাৰটোত সংযোগ কৰি সিহঁতৰ কথাখিনি Google Meet ত সংযোগ হৈ থকা সকলো ছাত্ৰীয়ে শুনিব পৰাৰ ব্যৱস্থা কৰিছিলোঁ ।  অনুষ্ঠানটোৰ মাজে মাজে আমাৰ বিভাগৰ শিক্ষকসকলে তলাবন্ধৰ সময়ত নিজৰ সময়খিনি কেনেদৰে পাৰ কৰি আছে, ক’ৰোনা মহামাৰীৰ পৰিৱেশটোক তেওঁলোকে কেনেদৰে লৈছে আদি বিভিন্ন ইতিবাচক কথাৰে সিহঁতক মানসিক সাহস দি থাকিবলৈ চেষ্টা কৰা হৈছিল ।  তাৰ মাজতে এদিন ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্ছিটিৰ শ্বিলং চৌহদৰ জাৰ্নেলিজিম এণ্ড মাচ্ কমউনিকেশ্বেনৰ সহকাৰী অধ্যাপক ড° অলংকাৰ কৌশিকক আমাৰ অনুষ্ঠানটোলৈ অতিথি  হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ।  ড° কৌশিকে  ‘ভাইৰাছৰ সৈতে সহবাস’ সম্পৰ্কে এক সুন্দৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিছিল ।  

কেইবাদিন ধৰি চলা অনলাইন মত-বিনিময় অনুষ্ঠানটোৰ শেষত অনুষ্ঠানটোৱে সিহঁতৰ উদ্বিগ্নতা হ্ৰাস কৰা বা নকৰা সম্পৰ্কত জানিবৰ বাবে Google Form ৰ যোগেদি মতামত বিচৰা হৈছিল ।  ৮১ শতাংশ ছাত্ৰীয়ে নিজৰ উদ্বিগ্নতা অনুষ্ঠানটোত জনোৱা বুলি মতামত দিছে ।  ১৩ শতাংশ ছাত্ৰীয়ে অনুষ্ঠানটোত নিজৰ উদ্বিগ্নতা জনোৱা নাই আৰু ৬ শতাংশই জনাইছে নে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি মতামত দিছে ।  অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছত ৯১ শতাংশ ছাত্ৰীৰে নিজৰ মনটো মুকলি লাগিছে আৰু ৩ শতাংশই মুকলি লগা নাই আৰু ৬ শতাংশই মুকলি লগা  বা নলগাৰ সম্পৰ্কত নিশ্চিত নহয় বুলি মতামত দিছে । ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে বুলি আটাইকেইগৰাকীয়ে ছাত্ৰীয়ে মতামত দিছে । আমাৰ এই সৰু সম্পৰীক্ষাটোৰ ভিত্তিত এই কথা ক’ব পাৰি যে মহামাৰী তথা তলাবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ ক্ষেত্ৰত অনলাইন মত-বিনিময় অনুষ্ঠান এক সুন্দৰ উপায় হিচাপে বিবেচিত হৈছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৫ আগষ্ট, ২০২০]

Monday, 10 August 2020

মালিকক অসমবিৰোধী সজাবলৈ ষড়যন্ত্ৰ

 

বিধায়ক শিলাদিত্য দেৱে সু-সাহিত্যিক চৈয়দ আব্দুল মালিকক ‘বৌদ্ধিক জেহাদী’ আখ্যা দিয়া বিষয়টোৱে অসমৰ বহু লোকক স্তম্ভিত কৰি তুলিছে ।  আচলতে, অসমৰ একশ্ৰেণীৰ মানুহে প্ৰতিষ্ঠিত সাহিত্যিকজনক অসম বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দীৰ্ঘদিন ধৰি নিৰবিছিন্নভাবে ষড়যন্ত্ৰ চলাই আছে ।  নিজকে হিন্দুত্ববাদৰ আগশাৰীৰ সৈনিক হিচাপে হিন্দুত্ববাদী নেতাৰ আকৰ্ষণলৈ অহাৰ  আশাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীও এই ষড়ষন্ত্ৰটোত নামি পৰিছে ।  সামাজিক মাধ্যমসমূহত সক্ৰিয় হৈ থকা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ উমান পাইছে ।  ইয়াৰ প্ৰমাণ আমি নিজেও পাইছোঁ ।  যোৱা ৫ মে’ত ‘আমাৰ অসম’ত “চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)” শীৰ্ষক আমাৰ লেখা এটা প্ৰকাশ পাইছিল । লেখাটোৰ প্ৰসংগত আমালৈ কেইবাটাও ফোন আহিছিল । বেছিভাগেই আমাৰ দৃষ্টিভংগীক সমৰ্থন কৰিছিল । কিন্তু, দুজনমানে আমাক বুজাবলৈ চেষ্টা কৰিছিল যে চৈয়দ আব্দুল মালিকে সাহিত্যক মাধ্যম হিচাপে লৈ অসমত মুছলমানৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছিল ।  আমাৰ ধাৰণাত, এই ষড়যন্ত্ৰটোত বিধায়ক শিলাদিত্য দেৱে এগৰাকী আশশাৰীৰ সেনাপতি হিচাপে নতুনকৈ যোগ দিছে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ আগষ্ট ২০২০]

Tuesday, 30 June 2020

শিক্ষাৰ পৰিৱেশ গুৱাহাটীকেন্দ্ৰিক হৈ থকা নাই


কটনৰ গৰিমা অক্ষুণ্ণ থকা বা নথকা সম্পৰ্কীয় আলোচনা প্ৰতিবছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ সময়ত বেছিকৈ চলে ।  ইয়াৰ কাৰণ হ’ল- যোৱা কেইবছৰমান ধৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত কটনৰ কম সংখ্যক শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিছে বা কেতিয়াবা স্থান লাভেই কৰিব পৰা নাই  ।  ইয়াৰ ওপৰত ভিত্তি কৰি একাংশই মতামত দিয়ে যে কটনে গৰিমা অক্ষুণ্ণ ৰাখিব পৰা নাই । কিন্তু, কেৱল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে কটনৰ গৰিমা জোখা সম্ভৱনে (প্ৰশ্নটো আন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য) ? কটনত পঢ়ি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বহু ল’ৰা-ছোৱালীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰি আহিছে ।  কেৱল সেয়াই নহয় ।  কটনত পঢ়ি অহা ল’ৰা-ছোৱালীয়ে আজিও তেওঁলোকৰ অগ্ৰজসকলৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে ।    
তথাকথিত সমালোচকসকলে কোৱাৰ দৰে ধৰি লোৱা হ’লে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলেই শিক্ষানুষ্ঠান এখনৰ গৰিমা জোখাৰ একমাত্ৰ ভিত্তি ।  প্ৰশ্ন হ’ল- প্ৰথম দহটা স্থানত স্থান লাভ কৰিলেহে শিক্ষানুষ্ঠান এখনৰ গৰিমা অক্ষুণ্ণ থাকে নেকি ?  কটনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অধ্যয়ন কৰিলে দেখা যায় যে শিক্ষানুষ্ঠানখনৰ বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ (৭০ শতাংশতকৈ বেছি) লাভ কৰিবলৈ সক্ষম হৈছে ।  মনকৰিবলগীয়া যে ভাৰতবৰ্ষত শিক্ষা খণ্ডটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰ পাছত অসমৰ বিভিন্ন অঞ্চলত ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছে, যিবোৰৰ মূল উদ্দেশ্যই হ’ল- শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছি নম্বৰ পাবলৈ সাজু কৰি তোলা (ভাল হৈছে নে বেয়া হৈছে, সেয়া আন এক বিষয়) । সেয়েহে বহু অভিভাৱকে সেইবোৰ শিক্ষানুষ্ঠানতে নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱায় ।  আচলতে, যোৱা দুটা দশক ধৰি অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষা গ্ৰহণৰ পৰিৱেশ কটনকেন্দ্ৰিকতো নহয়েই, গুৱাহাটীকেন্দ্ৰিকো হৈ থকা নাই ।  তদুপৰি, প্ৰায় একে সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিকে লৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা হৈছে । যেনে- শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কেইবা বছৰ আগৰেপৰাই প্ৰতিটো বিভাগতে স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণী চলাই থকা হৈছে আৰু বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত শিক্ষকসকলৰ গৱেষণামূলক কামৰ দায়িত্ব বৃদ্ধি পাইছে, যাৰ ফলত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক অতিৰিক্ত সময় দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ হৈছে ।  প্ৰয়োজন অনুসৰি শিক্ষকৰ সংখ্যা আৰু আন্ত:গাঁঠনিৰ পৰিসৰ বৃদ্ধি নকৰাকৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা সত্ত্বেও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মানে শিক্ষানুষ্ঠানখনে গৰিমা অক্ষুণ্ণ  ৰাখিব পৰাটোকে সূচাইছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০১ জুলাই ২০২০]


Thursday, 18 June 2020

বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’


তাত্ত্বিকভাবে বিশ্লেষণ কৰে বাবে দেৱাঞ্জন বৰঠাকুৰৰ লেখাবোৰে আমাক চিন্তাৰ খোৰাক দিয়ে । ‘আমাৰ অসম’ত যোৱা ১৪ জুনত প্ৰকাশিত বৰঠাকুৰৰ “বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’” শীৰ্ষক লেখাটোও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঠাকুৰৰ লেখাটোৰপৰা এইটো স্পষ্ট হৈছে যে যদিও বৰ্ণবৈষম্য এক সামাজিক ব্যাধি, ইয়াৰ আঁৰত ‘বিজ্ঞান’ আছে ।  গতিকে, আমি এই সিদ্ধান্তত আহিব পাৰোঁ যে ‘বিজ্ঞান’ আছে বাবেই প্ৰতিজন ব্যক্তিৰ মন-মগজুত বৰ্ণবৈষম্য বিৰাজমান আৰু এই কাৰণতে সমাজৰপৰা বৰ্ণবৈষম্য নিৰ্মূল কৰা সম্ভৱ নহয় (সম্ভৱ হ’ব, যদিহে বৰঠাকুৰে আশা কৰাৰ দৰে বিশেষধৰণৰ মেডিটেশ্বন, যেনে-‘লিভিং কাইণ্ডনেছ মেডিটেশ্বন’ আদিয়ে আমাৰ মন-মগজুৰ বৈষম্যবোৰ আঁতৰোৱাত বিশেষ ভূমিকা ল’ব পাৰে) । আমি ভাৱোঁ, বৰ্ণবৈষম্যৰ আঁৰত ‘বিজ্ঞান’ থাকিলেও সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক আদি উপাদানবোৰে ইয়াৰ বিস্তৃতি (Spread) আৰু তীব্ৰতা (Intensity)ৰ ওপৰত তাৎপৰ্যপূৰ্ণভাবে প্ৰভাৱ পেলায় ।  এই উপাদানবোৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতাৰ ওপৰত কিমান প্ৰভাৱ পেলায়, সেয়া নিৰ্ভৰ কৰে এই উপাদানবোৰৰ সৈতে জড়িত নেতৃস্থানীয় লোকসকলৰ আদৰ্শ, তেওঁলোকে সৃষ্টি কৰা পৰিৱেশ আৰু সেই পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণে জনোৱা সঁহাৰিৰ ওপৰত ।  
ৰবাৰ্ট চেপলস্কিৰ উক্তিৰে বৰঠাকুৰে ঠিকে কৈছে যে আজিৰ বন্ধু কাইলৈৰ শত্ৰু হ’ব পাৰে আৰু কোনো বিশেষ মতবাদ, ঈশ্বৰ বা দলৰ প্ৰতি থকা অনুগত্যই ইয়াৰ বাবে দায়ী হ’ব পাৰে । ইয়াৰ প্ৰমাণ বিচাৰি বেছিদূৰ যাবই নালাগে । কেইবা দশক ধৰি নেতৃত্ব দি থকা ৰাজনৈতিক আৰু সাংস্কৃতিক মতাদৰ্শক ৰাতিটোৰ ভিতৰতে সলনি কৰি পূৰ্বৰ মতাদৰ্শৰ প্ৰতি বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰা বহু নেতৃস্থানীয় ব্যক্তিৰ উদাহৰণ আমাৰ ভাৰতবৰ্ষতে আছে ।  বৰ্ণবৈষম্য নিৰ্মূল কৰিবলৈ সক্ষম হোৱা মেডিটেশ্বন ভৱিষ্যতে আৱিস্কাৰ হ’ব নে নাই সেয়া সময়তহে গম পোৱা যাব । কিন্তু, এইটো ঠিক যে আমাৰ সমাজত যেনেদৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তি আছে, তেনেদৰে হ্ৰাস কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তিও আছে ।  গতিকে, মেডিটেশ্বনৰ আৱিস্কাৰ অবিহনেও বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা হ্ৰাস কৰিব পৰাৰ সম্ভাৱনা নিশ্চয় আছে ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ জুন ২০২০]

বাঘজানৰ তৈলখাদৰ জুই আৰু কেইটামান প্ৰশ্ন


তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত জুই লগা ঘটনাই অসমত তোলপাৰ লগাইছে । ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি (১০ জুন ২০২০), নিমিষতে ১৫ টা বাসগৃহ জুইত জাহ গ’ল আৰু অঞ্চলটোৰ গঞাই আতংকিত হৈ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হ’ল । অভিযোগ উঠিছে যে সুদীৰ্ঘ ১৪ দিন ধৰি তৈলখাদটোৰ পৰা অহৰ্নিশে গেছ নিৰ্গত হৈ থকাৰ পাছতো চৰকাৰ, প্ৰশাসন বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে এক ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ’ল ।  ঘটনাটোৰ সম্পৰ্কত আমাৰ মনলৈ কেইটামান প্ৰশ্ন আহিছে ।  
(১) ‘পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬’ অনুসৰি, মানৱসৃষ্ট প্ৰতিটো বৃহৎ প্ৰকল্প এটাক কাৰ্যকৰী ৰূপ দিয়াৰ আগতে ১৯৯৪ চনৰ পৰা ভাৰত চৰকাৰে পৰিৱেশ প্ৰভাৱ নিৰূপণ (Environmental Impact Assessment) ব্যৱস্থা বাধ্যতামূলক কৰিছে । বাঘজানৰ তৈলখাদৰ ক্ষেত্ৰত পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল নে ? (২) যদি পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল, যিবিলাক চৰ্ত বান্ধি দিয়া হৈছিল সেইবোৰ পালন কৰি খাদটোৰ পৰা তেল আহৰণ কৰি থকা হৈছিল নে ? (৩) তৈলখাদটোৰ পৰা কিমান ব্যাসাৰ্ধৰ বাহিৰত মানুহে বসতি কৰিব পাৰিব সেই সম্পৰ্কে স্পষ্ট নিয়মাৱলী আছিল নে ?  (৪) তেল আহৰণত ব্যৱহাৰ কৰা মেচিনবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছিল নে ?  (৫) তৈলখাদটোৰ ওচৰৰ জৈৱ-বৈচিত্ৰ সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই বিকল্প চিন্তা কৰিছিল নে ? 
যিসময়ত সমগ্ৰ পৃথিৱীতে প্ৰাকৃতিকভাবে সৃষ্ট দুৰ্ঘটনাবোৰক (যেনে-ভূমিকম্প, বজ্ৰপাত, ঘুৰ্ণীবতাহ আদি) নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকলে চেষ্টা চলাই আছে তেনেসময়ত মানৱসৃষ্ট প্ৰকল্প এটাক সুচাৰুৰূপে পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক । 

['নিয়মীয়া বাৰ্তা', ১৬ জুন ২০২০]

Friday, 12 June 2020

বিদ্যালয় বন্ধ: ব্যৰ্থ চৰকাৰী আচঁনি



এইবাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শূন্য ফলাফল দেখুওৱা মুঠ সোতৰখন চৰকাৰী বিদ্যালয় চৰকাৰে বন্ধ কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত এসময়ৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামো আছে । অসমৰ একাংশ চৰকাৰী বিদ্যালয়ৰ আজিৰ পয়ালগা অৱস্থা একেদিনে সৃষ্টি হোৱা নাই । ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতি অনুসৰি, শিক্ষা ব্যৱস্থাটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰপৰাই চৰকাৰী বিদ্যালয়বোৰ প্ৰত্যাহ্বানৰ সম্মুখিন হৈ আহিছে ।  যিবোৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়খনৰ ওচৰৰ সচেতন ব্যক্তি আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে আৰম্ভণিৰপৰাই এই প্ৰত্যাহ্বান মোকাবিলা কৰি আহিছে সেইবোৰ বিদ্যালয়ে আগৰ দৰেই জিলিকি থাকিবলৈ সক্ষম হৈছে ।  ৰাজ্যখনত বহু বছৰ ধৰি শিক্ষক নিযুক্তি বন্ধ হৈ থকাৰ ফলত বিদ্যালয়বোৰে নতুন নীতিৰ প্ৰত্যাহ্বানৰ সৈতে মোকামিলা কৰাত সমস্যাই দেখা দিছিল ।  টেট শিক্ষকৰ নিযুক্তিয়ে সেই সমস্যাৰ ওৰ পেলাইছিল ।  কিন্তু যিবোৰ বিদ্যালয়ে আৰম্ভণিৰেপৰাই চৰকাৰে গ্ৰহণ কৰা নতুন নীতিৰ প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে সেইবোৰ বিদ্যালয়ত টেট শিক্ষকৰ নিযুক্তিও কাম নিদিলে । সেইবোৰ বিদ্যালয়ত ল’ৰা-ছোৱালীৰ নামভৰ্তি ক্ৰমান্বয়ে কমি আহিল ।  চৰকাৰে প্ৰদান কৰা বিনামূলীয়া কিতাপ, ইউনিফম, মধ্যাহ্ন ভোজন আদিয়ে অভিভাৱকক আকৰ্ষণ কৰিব নোৱাৰিলে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১২ জুন ২০২০]

Monday, 4 May 2020

চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)


কৰ’না ভাইৰাছৰ বিৰূদ্ধে সমগ্ৰ মানৱজাতিয়ে যুঁজ দি থকাৰ সময়তে যোৱা কেইদিনমান ধৰি অসমত অসমৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক বিখ্যাত কবিতাটোৰ কিছু অংশ উল্লেখ কৰি সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী অধ্যাপিকাই তেওঁৰ ফেচবুক একাউন্টৰ জৰিয়তে সাহিত্যিকগৰাকীৰ চিন্তাধাৰা সম্পৰ্কত সন্দেহজনক মন্তব্য প্ৰকাশ কৰি এই বিতৰ্কৰ সূচনা কৰিছে।  বিষয়টোৱে ইতিমধ্যে ‘The Wire’ ৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গণ মাধ্যমত প্ৰকাশ পোৱাৰ সমান্তৰালকৈ আইনী প্ৰক্ৰিয়াতো সোমাই পৰিছে।  সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ মহানগৰ জিলা সমিতিয়ে অধ্যাপিকাগৰাকীৰ বিৰূদ্ধে হাতীগাঁও থানাত আৰু  বাবুল আলী হাজৰিকা নামৰ লোক এজনে দেৰগাঁও থানাত এজাহাৰ দিয়াৰ খবৰ সংবাদ মাধ্যমসমূহত  প্ৰকাশ পাইছে। যিহেতু বিষয়টো আইনী প্ৰক্ৰিয়াত সোমাই পৰিছে, সেয়েহে  অধ্যাপিকাগৰাকী দোষী নে নিৰ্দোষী সেয়া আদালতৰ ৰায়ৰ পাছতহে গম পোৱা যাব।
  অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক একাউন্টত কেনেদৰে বিষয়টো উত্থাপন কৰিছে সেয়া উল্লেখ কৰি লোৱা যাওক।  চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ প্ৰথম তিনিটা স্তৱক আপলোড কৰি অধ্যাপিকাগৰাকীয়ে লিখিছে, “#অতি জৰুৰী #চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰিবনে ? অতি জৰুৰী, এবাৰ পঢ়ক ” (আইনী প্ৰক্ৰিয়াত সোমাই পৰাৰ পাছত অধ্যাপিকাগৰাকীয়ে তেওঁৰ ফেচবুক ৱালৰপৰা এই পোষ্টটো মচি দিছে বুলি খবৰ পোৱা গৈছে)।  অধ্যাপিকাগৰাকীয়ে উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ কবিতাটোৰ নিৰ্দিষ্ট অংশটোত কবিয়ে কি ক’ব বিচাৰিছে সেই বিষয়ে আমি ব্যাখ্যা কৰিব বিচৰা নাই। খোলাকৈ ক’বলৈ গ’লে, শুদ্ধ ৰূপত ব্যাখ্যা কৰিবপৰা পৰ্যায়ৰ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা আমাৰ নাই।  ধৰি লোৱা হ’ল যে অধ্যাপিকাগৰাকীয়ে তেওঁৰ প্ৰশ্নটোত উল্লেখ কৰাৰ  দৰে সাহিত্যিক চৈয়দ আব্দুল মালিকে কবিতাটোৰ এই অংশটোত মোগল বন্দনা কৰিছে।  কিন্তু, এই কবিতাটোৰ এই অংশটোৱে চৈয়দ আব্দুল মালিকৰ চিন্তাধাৰাৰ একমাত্ৰ পৰিচয়নে?  অধ্যাপিকাগৰাকীয়ে “অতি জৰুৰী, এবাৰ পঢ়ক” বুলি উল্লেখ কৰা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ শীৰ্ষক কবিতাটোৰ এই অংশটোৰ উপৰি সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানখিনি “অতি জৰুৰী, এবাৰ পঢ়ক” বিধৰ নহয় নেকি? ব্যতিক্ৰমীসকলৰ বাহিৰে, সাহিত্যিকৰ বয়স তথা দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি সাপেক্ষে একেগৰাকী সাহিত্যিকৰে চিন্তাধাৰা আৰু সৃষ্টিৰ পৰিৱৰ্তন ঘটি থাকিব পাৰে।  এয়া তেনেই স্বাভাৱিক কথা।  এগৰাকী সাহিত্যিকৰ এটা কবিতাৰ মাত্ৰ কেইটামান শাৰী উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰিলে কেৱল সাহিত্যিকগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টাই প্ৰকাশ নাপায়, যিজনে প্ৰশ্ন উত্থাপন কৰে তেওঁৰ চিন্তাধাৰা আৰু বিচাৰ-বুদ্ধিৰ অপৰিপক্কতাও স্পষ্ট ৰূপত প্ৰকাশ পায় (প্ৰকাশভংগীৰ প্ৰসংগতো আছেই) । এই কথাখিনি কেৱল চৈয়দ আব্দুল মালিকৰ সাহিত্য কৰ্ম বুলিয়েই নহয়, যিকোনো সাহিত্যিকৰ সাহিত্য কৰ্মৰ কিছু অংশ অধ্যয়ন কৰি নিৰ্দিষ্ট দুটামান বাক্য/শাৰী উল্লেখ কৰি সন্দেহজনক মন্তব্য আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য।  অৱশ্যে, সমাজত ইতিবাচক প্ৰভাৱ পেলাব পৰা বাক্য/শাৰীৰ কথা সুকীয়া। 
মহাবিদ্যালয়ৰ শিক্ষক হিচাপে আমি বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিবলৈ সুবিধা পাওঁ । আগতকৈ কিছু কমিছে যদিও সমাজৰ বহু সংখ্যক মানুহে আজিও মহাবিদ্যালয়ৰ শিক্ষকসকলক সন্মানৰ চকুৰে চায়।  সেয়েহে মহাবিদ্যালয়ৰ শিক্ষকসকলে আগবঢ়োৱা মন্তব্যবিলাকক বহু মানুহে একে আষাৰে অৱজ্ঞা নকৰে বা কৰিব নিবিচাৰে।  আন প্ৰদেশৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ কথা নাজানো, ব্যতিক্ৰমীসকলৰ বাহিৰে অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে সমাজখনক বিশৃংখল কৰিব পৰা বিধৰ মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ উদাহৰণ কম বুলি ক’লেও বঢ়াই কোৱা নহয়।  অসমৰ মহাবিদ্যালয়ৰ শিক্ষকসকল এই বিষয়ে সচেতন যে এটা পূৰ্বধাৰণা লৈ বস্তুনিষ্ঠহীনভাবে অধ্যয়ন কৰি ৰাজহুৱাভাবে প্ৰকাশ কৰা মন্তব্যই কেতিয়াবা আনৰ মনত আঘাত দিব পাৰে ।  পুনৰ ধৰি লোৱা হ’ল যে চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটোৰ এই অংশটোত মোগল বন্দনাৰ সুন্দৰ নিদৰ্শন প্ৰতিফলিত হৈছে। কিন্তু, এনেধৰণৰ বিষয় উত্থাপন কৰা এয়া জানো উচিত সময়? যি সময়ত সমগ্ৰ মানৱজাতি এক ভয়ানক ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰপৰা হাত সাৰিবলৈ নেৰানেপেৰা চেষ্টা চলাইছে, যি সময়ত সাম্প্ৰদায়িকতাৰ গোন্ধ নথকা মন্তব্যবোৰকো সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলোৱাৰ পৰিৱেশ সৃষ্টি হৈছে, যি সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে সকলোৱে একগোট হৈ কৰ’নাৰ বিৰূদ্ধে যুঁজিবলৈ আহ্বান জনাইছে, যি সময়ত অসমৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাজত নেতিবাচক খবৰ প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাইছে, তেনে সময়ত মহাবিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ অধ্যাপিকা, দেশপ্ৰেমী ব্যক্তি তথা দায়িত্বশীল নাগৰিকে সামাজিক মাধ্যমত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা নিশ্চয় উচিত হোৱা নাই।
কোনো সন্দেহ নাই যে সাহিত্যিক এগৰাকীৰ সাহিত্য কৰ্মবোৰত সাহিত্যিকগৰাকী কোন আদৰ্শত বিশ্বাসী আৰু তেওঁৰ চিন্তাধাৰা কেনেকুৱা সেয়া কেতিয়াবা প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষভাবে প্ৰকাশ পায়।  সুস্থ সমালোচনাৰ দ্বাৰা সাহিত্যিক এগৰাকীৰ কৰ্ম, তেওঁৰ চিন্তাধাৰা, বিচাৰ-বুদ্ধি আদি খোলোচা কৰি দিয়া এখন সুস্থ গণতান্ত্ৰিক সমাজৰ বাবে অতি আৱশ্যক।  অন্যথা, সমাজৰ এটা ফালহে প্ৰকাশ পাই থাকিব, যিটো দীৰ্ঘকালত বিপদজনক হোৱাৰ সম্ভাৱনাই অধিক। বিদ্যায়তনিক দৃষ্টিকোণেৰে সাহিত্যিকসকলক গঠনমূলকভাবে সামালোচনা কৰি নিজৰ জ্ঞানৰ পৰিধি প্ৰকাশ কৰাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সুন্দৰ পৰিৱেশ আৰু উপযুক্ত মঞ্চৰ অভাৱ নাই। তাকে নকৰি  জন্মসূত্ৰে এটা বিশেষ সংগঠিত ধৰ্মৰ অন্তৰ্গত সাহিত্যকসকলৰ সাহিত্য কৰ্মৰ বিশেষ কেইটামান বাক্য/শাৰী তুলি দি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিলে, প্ৰকাশ কৰাজনৰ উদ্দেশ্য সৎ হ’লেও তেওঁ নিজৰ সস্তীয়া জনপ্ৰিয়তা বৃদ্ধিৰ স্বাৰ্থতে তেনে কৰিছে বুলি সন্দেহ কৰাৰ থল থাকি যায়। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ৫ মে’ ২০২০, পৃষ্ঠা: ৫ ]