Friday, 19 February 2021

‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ৰ প্ৰসংগত

 

যোৱা ১৬ ফেব্ৰুৱাৰীত ‘আমাৰ অসম’ৰ ‘প্ৰথম কলম’ত প্ৰকাশিত ড° ধ্ৰুৱজ্যোতি বৰাৰ ‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ শীৰ্ষক চিন্তাকৰ্ষক লেখাটো পঢ়িলোঁ ।  কিছু পলমকৈ হ’লেও অসমীয়াৰ ঐতিহ্যৰ ওপৰত ‘সনাতন ধৰ্ম’ৰ নামত ভাৰতৰ এক বিশেষ অঞ্চলৰ সংস্কৃতিয়ে আক্ৰমণ কৰিবলৈ ধৰা পৰিস্থিতি সম্পৰ্কে অসমীয়া মানুহক সচেতন হ’বলৈ আহ্বান জনোৱাৰ বাবে ড° বৰাক ধন্যবাদ জনালোঁ ।   প্ৰশ্ন হ’ল- কি কাৰণে ‘সনাতন ধৰ্ম’ই অসমীয়াৰ ঐতিহ্যৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হৈছে ? 

নিজৰটোক এৰি আনৰটো ভাল বুলি সহজে মানি লোৱাৰ প্ৰৱণতা এটা ভাৰতীয় মানুহৰ আছে । সম্ভৱ:ত অসমীয়া মানুহৰ এই প্ৰৱণতা সৰ্বভাৰতীয় মানতকৈ বেছি ।  বহু ঘাত-প্ৰতিঘাতৰ অন্তত আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত  গঢ়ি উঠা অসমৰ গৌৰৱময় সংস্কৃতিক এৰি অসমীয়াই একাংশ স্বাৰ্থপৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰ প্ৰৰোচনাত পৰি ‘সনাতন ধৰ্ম’ৰ নামত আমদানীকৃত সংস্কৃতিক বৰপিৰাত বহুৱাবলৈ  উঠিপৰি লাগিছে ।

কোনো সন্দেহ নাই যে আন সংগঠিত ধৰ্মৰ দৰে ‘সনাতন ধৰ্ম’ও বিশ্বজনীন বজাৰ ব্যৱস্থাৰ সৈতে মোকাবিলা কৰিব নোৱাৰা হৈ পৰিছে ।  সেয়েহে  ‘সনাতন ধৰ্ম’ৰ স্বঘোষিত আৰু বহুবল্কী নেতাসকলে ভাৰতত বসবাস কৰা এক বিশেষ সংগঠিত ধৰ্মৰ লোকসকলক বাদ দি আন সকলো ধৰ্মৰ লোকক সাংস্কৃতিকভাবে এক কৰি প্ৰকৃত সমস্যাটোৰ পৰা আঁতৰত থকাৰ এটা উপায় হিচাপে ‘সনাতন ধৰ্ম’ক দ্ৰুতগতিত ব্যৱহাৰ কৰিবলৈ ধৰিছে ।  এই শোভাযাত্ৰাত অসমীয়াসকলকো অংশীদাৰ কৰি লোৱা হৈছে । দুখৰ কথাটো হ’ল- ক্ষন্তেকীয়া অৰ্থনৈতিক আৰু সামাজিক স্বীকৃতি লাভৰ স্বাৰ্থত একাংশ অসমীয়াই ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্যকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই । 

আন সংগঠিত ধৰ্মই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো আগ্ৰাসন চলাইছে বুলি ‘সনাতন ধৰ্ম’ৰ প্ৰবক্তাসকলে  ৰাজ্যখনত এটা ধৰ্মীয় আৰু ৰাজনৈতিক সংকটৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।  অসমীয়াসকল প্ৰয়োজনতকৈ বেছি আৱেগিক হয় বাবে তেওঁলোকে অসমীয়াৰ মাজত এই এজেণ্ডাটোক সহজে কাৰ্যকৰী ৰূপ দিব পাৰিছে ।  সেই সংগঠিত ধৰ্মবোৰে নৱ-বৈষ্ণৱ ধৰ্মৰ ওপৰতো আক্ৰমণ  চলাইছে বুলি পতিয়ন নিয়াব পাৰিছে বাবে একাংশ সত্ৰাধিকাৰে ড° বৰাই কোৱাৰ দৰে সনাতনী নৃত্যসভাত ধেই ধেই নাচ মাৰিবলৈ আগবাঢ়িছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ ফেব্ৰুৱাৰী, ২০২১]

Sunday, 14 February 2021

হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে ড° প্ৰফুল্ল মহন্ত

 

অসমৰ যিসকল অজনজাতীয় মূলৰ বিশিষ্ট বুদ্ধিজীৱীয়ে জনজাতীয় লোকসকলৰ সামগ্ৰিক উত্তৰণৰ বাবে অবিৰতভাবে বৌদ্ধিক চিন্তাচৰ্চা চলাই আহিছে, তেওঁলোকৰ ভিতৰত ড° প্ৰফুল্ল মহন্তৰ নামো আহে ।  তথাকথিত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ দ্বাৰা শোষণ আৰু বঞ্চনাৰ বলি হৈ থকা অসমৰ জনজাতীয় লোকসকলক মুক্ত কৰাৰ উদ্দেশ্যে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অসমত হিন্দুত্বৰ আগ্ৰাসনৰ বিৰূদ্ধে একাগ্ৰতাৰে বৌদ্ধিক সংগ্ৰাম চলাই আহিছে । এই সংগ্ৰামৰ বিনিময়ত তেওঁ কেতিয়াবা ‘অতি জনজাতীয় বুদ্ধিজীৱী’ হিচাপে সমালোচনাৰ সম্মুখিন হোৱাৰ উপৰি জন্মগতভাৱে নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়টোৰ একাংশ লোকৰ দ্বাৰা বহুবাৰ তিৰস্কাৰৰ সম্মুখিন হৈছে । শেহতীয়াকৈ, এই বৌদ্ধিক সংগ্ৰামখনত তেওঁ এক নতুন প্ৰত্যাহ্বানৰ সম্মুখিন হ’বলগীয়া হৈছে । যি শক্তিৰ বিৰূদ্ধে তেওঁ আজীৱন বৌদ্ধিক সংগ্ৰাম চলাই আহিছে, সেই শক্তিটোৰ সমৰ্থিত ৰাজনৈতিক দলে দুটা আঞ্চলিক ৰাজনৈতিক দলৰ সহযোগত ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিলে ।  দীৰ্ঘদীন ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসমত হিন্দুত্বৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাই থকা শক্তিটোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰত্যক্ষভাবে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত সেই শক্তিটো স্বাভাৱিকতে অধিক শক্তিশালী হৈ উঠিল ।  কোৱা বাহুল্য মাথো যে দুগুণ শক্তিৰে ড° মহন্তই এই বৌদ্ধিক সংগ্ৰামখন চলাই নিছে ।  

ড° প্ৰফুল্ল মহন্তৰ ধাৰণা স্পষ্ট যে ভাৰতীয় সংস্কৃতিৰ সৈতে অসমৰ সংস্কৃতিৰ বহুখিনি মিল থাকিলেও, অসমৰ সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে । ড° মহন্তই কৈছে যে অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি, কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতি নহয় । আৰ্য আৰু অনাৰ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰিত ৰূপটোৱেই হ’ল অসমীয়া সংস্কৃতি । অসমলৈ ব্ৰাক্ষ্মণ্যবাদৰ আগমনৰ পাছত জনজাতীয় উপাস্য দেৱ-দেৱীৰ উপাসনা স্থানৰ উপৰি পাহাৰ-পৰ্বত, নদ-নদী আদিকো আৰ্যীকৰণ কৰি অসমৰ অনাৰ্য সংস্কৃতিক ভাৰতৰ আৰ্য তথা হিন্দু সংস্কৃতিৰ সৈতে মিলোৱা হৈছিল (আজিও মিলাই থকা হৈছে) । অসমত ব্ৰাক্ষ্মণসকলে সমাজৰ শীৰ্ষস্থান অধিকাৰ কৰি জনজাতীয় লোকসকলকো ব্যাক্ষ্মণ্যবাদী হিন্দু ধৰ্মৰ চাৰিবেৰত সামৰি ল’বলৈ চেষ্টা কৰিছিল ।  কিন্তু, জাত-পাতৰ সৈতে পৰিচয় নথকা বহু জনজাতীয় লোক ব্ৰাক্ষ্মণ্যবাদৰ চাৰিবেৰত সোমাবলৈ ইচ্ছা কৰা নাছিল ।  ব্ৰাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰভুত্ব থকা হিন্দু ধৰ্মই ৰাজ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছতো যে অসমৰ বৃহৎসংখ্যক জনজাতীয় লোক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ সাজু নাছিল সেয়া ড° মহন্তই তথ্য সহকাৰে প্ৰমাণ কৰিছে । মহাপুৰুষ শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু কালিচৰণ ব্ৰক্ষ্মৰ বিষয়ে অধ্যয়ন কৰি ড° মহন্তই অসমৰ আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰিত সংস্কৃতি অথচ সমন্বয়ৰ ছবিখন প্ৰতিফলিত কৰি নিজেও সমন্বয়ৰ বাৰ্তা বিলাবলৈ চেষ্টা চলাই আহিছে ।

আহোমৰ দিনত অসমত ব্যাক্ষ্মণ্যবাদী ব্যৱস্থাৰ প্ৰৱেশ ঘটাৰ পাছত কেনেদৰে ধৰ্মীয় সংঘাতৰ সৃষ্টি হৈছিল, অসম আন্দোলনৰ সময়ৰ পৰা সাম্প্ৰদায়িক শক্তিবোৰে কেনেদৰে ৰাজ্যখনত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা চলাইছে, সেই বিষয়ে বস্তুনিষ্ঠভাবে অধ্যয়ন কৰি ড° মহম্তই অসমবাসীক বুজাবলৈ চেষ্টা কৰিছে যে হিন্দুত্বৰ দ্ৰুত আগ্ৰাসন অসমৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।  ২০১৬ চনৰ ২৪ মে’ৰ শপতগ্ৰহণ অনুষ্ঠানত ৰামদেৱকে আদি কৰি ভালেকেইগৰাকী হিন্দু ধৰ্মগুৰুৰ লগতে সত্ৰাধিকাৰসকলক আমন্ত্ৰণ জনোৱা কাৰ্যক ওঠৰ শতিকাত আহোম ৰাজ্যত পৰ্বতীয়া গোসাইৰ দৰে শাক্ত ব্ৰাক্ষ্মণসকলক আমন্ত্ৰণ জনোৱাৰ সৈতে ড° মহন্তই তুলনা কৰিছে, যিসকলৰ চূড়ান্ত অতপালিৰ পৰিণতি আছিল ‘মোৱামৰীয়া বিদ্ৰোহ’ । হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনে যে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ পৰিৱেশ ধ্বংস কৰি সমাজত বিভাজন আনিব, সেয়া সমাজবিজ্ঞানীগৰাকীয়ে অসমবাসীক সতৰ্ক কৰি দিছে । 

দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ পৰা ড° প্ৰফুল্ল মহন্তই এই কথা উপলব্ধি কৰিছে যে জনজাতীয় ধ্যান ধাৰণাৰ দ্বাৰা গঠিত ৰাজনৈতিক দলৰ নেতাই অসমখন শাসন কৰাতো হিন্দুত্বত বিশ্বাসী অসমৰ মধ্যশ্ৰেণীয়ে কেতিয়াও নিবিচাৰে ।  এই প্ৰৱণতাৰ উপযুক্ত উদাহৰণ  বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে দাঙি ধৰিছে ।  অসম বিধানসভাৰ ২০১৬ চনৰ নিৰ্বাচনৰ আগে আগে অসমৰ পাহাৰ-ভৈয়ামৰ সকলো জনজাতিক সামৰি জনজাতীয় নেতাসকলে ২০১৫ চনৰ ১৯ নৱেম্বৰত ‘ইউনাইটেড পিপুলছ্ ফ্ৰন্ট’ গঠন কৰিছিল । ড° মহন্তই কৈছে যে এই ঐক্য-সংহতি হিন্দুত্বৰ আদৰ্শত বিশ্বাসী শক্তিটোৰ সহ্য হোৱা নাছিল আৰু সেয়েহে সেই শক্তিটোৱে অসমৰ মধ্যশ্ৰেণীৰ সহযোগত সেই ঐক্য-সংহতি চুৰমাৰ কৰি দিছিল  । হিন্দুত্ববাদী শক্তিৰ ৰাজনীতিৰ মেৰপাকত সোমাই ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত অসমৰ জনজাতীয় নেতৃত্বই হিন্দুত্বক আদৰ্শ হিচাপে গ্ৰহণ কৰা ৰাজনৈতিক দলটোক সমৰ্থন দিছিল ।  ড° মহন্তই অসমৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বৰ এই সিদ্ধান্তৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু উপযুক্ত সময়ত তেওঁলোকক সতৰ্ক কৰি দি আহিছে ।   হ্ৰস্বকালীন সা-সুবিধাৰ স্বাৰ্থত যি ৰাজনৈতিক শক্তিৰ সৈতে জনজাতীয় ৰাজনৈতিক নেতৃত্বই সহযোগ কৰিছে, তেওঁলোকে যে মংগোলীয় ‘জনজাতি অসম’ক ‘হিন্দু ৰাজ্য’ত পৰিণত কৰিবলৈ সচেতনভাবে প্ৰয়াস কৰিছে, সেয়া ড° মহন্তই জনজাতীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিছে ।

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে অসমবাসীক সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাবে বান্ধি ৰখা মহাপুৰুষ শংকৰদেৱক হিন্দুত্ববাদী শক্তিয়ে ‘নিজৰ কৰি লোৱা’ৰ ক্ষেত্ৰত ড° মহন্তৰ ঘোৰ আপত্তি  আছে । তেওঁৰ যুক্তি হ’ল- মহাপুৰুষ শংকৰদেৱ হিন্দু ধৰ্মৰে এটা শাখা  নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যদিও সেয়া ‘অতি হিন্দু’ নাছিল । প্ৰকৃততে গুৰুজনাই ‘অতি হিন্দু’ৰ গ্ৰাসৰ পৰা অসমখনক ৰক্ষাহে কৰিছিল । সেই ‘অতি হিন্দু’সকলে শংকৰদেৱক ‘নিজৰ কৰি লোৱা’ কিমান বিপদজনক হ’ব পাৰে, সেই সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সত্ৰসমূহক ড° মহন্তই সতৰ্ক কৰি দিছে । অসমবাসীয়ে বুজা উচিত যে হিন্দুত্ববাদী শক্তিয়ে অসমৰ বৈষম্যহীন সমাজ জীৱনৰ প্ৰাণপুৰুষ শংকৰদেৱক ‘বেছিকৈ ব্যৱহাৰ’ কৰিছে ।  তেওঁ কৈছে যে গুৰুজনাৰ উদাৰ মানৱতাবাদী আদৰ্শক উগ্ৰ হিন্দুত্ববাদী ধ্যান-ধাৰণাৰে বান্ধি পেলোৱাৰ নিৰলস প্ৰয়াস চলাই থকা হৈছে ।  

কোনো এখন সমাজ বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হ’লেই বস্তুনিষ্ঠ অধ্যয়নৰ দ্বাৰা বুদ্ধিজীৱীসকলে সংশ্লিষ্ট সমাজখনক বাট দেখুৱাই দিয়ে । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমৰ সমাজখনত বিভাজনৰ সম্ভেদ পোৱা মাত্ৰেই অদম্য সাহসেৰে উপযুক্ত সময়ত ড° প্ৰফুল্ল মহন্তই নিজৰ বৌদ্ধিক দক্ষতাৰে সঠিক পথৰ সন্ধান দি আহিছে । বিশেষকৈ অসমৰ তথাকথিত বৰ্ণহিন্দু সমাজখনে জনজাতীয় লোকসকলক কৰি অহা অৱহেলা আৰু ৰাজ্যখনত হিন্দুত্বৰ দ্ৰুত আগ্ৰাসনৰ ফলত অসমীয়াত্বৰ ওপৰত পৰা আঘাত সম্পৰ্কত ড° প্ৰফুল্ল মহন্তই তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে । দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতা সত্বেও এই সন্দৰ্ভত চলাই থকা বৌদ্ধিক সংগ্ৰামখনত তেওঁ কেতিয়াও ভাগি পৰা নাই ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৪ ফেব্ৰুৱাৰী ২০২১, পৃষ্ঠা: ৫]

Sunday, 24 January 2021

ৰাজনীতিকৰ পাভলুটি আৰু এটা কৌতুক

   ‘আমাৰ অসম’ত যোৱা ৩ জানুৱাৰীত প্ৰকাশিত ‘ৰাজনীতিকৰ পাভলুটি’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোত ঠিকেই কৈছে যে সুযোগ-সুবিধা অনুসৰি পাভলুটি মৰাত ৰাজনীতিকসকল সিদ্ধহস্ত ।  ব্যতিক্ৰমৰ বাহিৰে ব্যক্তিয়ে এবাৰ তুলনামূলকভাবে উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হোৱাৰ পাছত পৰিস্থিতি সাপেক্ষে নিম্ন পৰ্যায়লৈ নামি আহিলে ব্যক্তিজনৰ আত্মসন্মানত আঘাত লাগে আৰু তেওঁ হীনমন্যতাত ভোগে ।  ৰাজনীতিকসকলো ইয়াৰ ব্যতিক্ৰম নহয় । দেশ বা ৰাজ্যৰ শাসনত থকা ৰাজনৈতিক দলৰ সদস্য হৈ থকাৰ সময়ত এবাৰ মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত শাসনত নথকাৰ সময়ত বিধায়ক হিচাপে ৰাইজৰ সেৱা কৰি যোৱা (পাভলুটি মৰাসকলৰ ভাষাত) সকলো জনপ্ৰতিনিধিৰ বাবে সহজ নহয় ।  বিশেষকৈ আদৰ্শহীন, ক্ষমতালোভী তথা সুবিধাবাদী ৰাজনীতিকৰ বাবে এনে পৰিস্থিতি বৰ কষ্টকৰ হৈ পৰে । কেনেকৈ শাসনত থকা ৰাজনৈতিক দলটোলৈ ঢাপলি মেলি পূৰ্বৰ সমপৰ্যায়ৰ বা তাতোকৈ উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হ’ব পাৰি তেওঁলোকে তাৰে সুযোগ বিচাৰি থাকে ।  সেই সুযোগ কিছুমানৰ বাবে তুলনামূলকভাবে সোনকালে আহে আৰু আন কিছুমানৰ বাবে কিছু দেৰিকৈ আহে । 

    ৰাজনীতিকসকল হ’ল সমাজৰ এনে এক উৎপাদনহীন শ্ৰেণী, যিসকলৰ মূল উদ্দেশ্য ৰাজনৈতিক কাৰ্যকলাপেৰে আনৰ উৎপাদনৰ ৰাহি আত্মসাৎ কৰি ক্ৰমে ক্ষমতাশালী হৈ উঠি সকলো শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা । ব্যতিক্ৰমসকলৰ বাহিৰে ক্ষমতা দখলৰ স্বাৰ্থতহে তেওঁলোকে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে ।  আচলতে, ক্ষমতা লাভৰ প্ৰতিযোগিতাত তিস্তি থাকিবলৈ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে ।  অন্যথা, সেইখিনিও নকৰিলেহেঁতেন । মন কৰিবলগীয়া যে পাভলুটি মৰাৰ সময়ত তেওঁলোকৰ বহুতেই উন্নয়নৰ প্ৰসংগ টানি আনে, যাতে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য তল পৰি যায় ।  আমি ভাবোঁ, ৰাজনৈতিক দিশত আমাৰ দেশৰ ৰাজনীতিকসকল যিমান পৰিপক্ক হৈ উঠিছে, দেশখনৰ প্ৰতিজন ব্যক্তি (বিশেষকৈ প্ৰতিজন ভোটাৰ) সিমান পৰিপক্ক হৈ উঠা নাই বা পৰিপক্ক হ’বলৈ আগ্ৰহ কৰা নাই (বহুতৰে সেইবোৰত লাগি থাকিবলৈ সময়ো নাই) । ইয়াৰে সুযোগ গ্ৰহণ কৰি ৰাজনীতিকসকলে জনসাধাৰণক বাৰে বাৰে প্ৰতাৰণা কৰিব পাৰিছে । অৱশ্যে, এনেকুৱা নহয় যে দেশখনত ৰাজনৈতিক দিশত ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক লোক নাই ।  কিন্তু, ৰাজনীতিসকলে জনসাধাৰণক কৰা প্ৰতাৰণা ৰোধ কৰিব পৰাকৈ তেওঁলোক শক্তিশালী হে উঠা নাই বা উঠিব পৰা নাই । আমি আশাবাদী, ৰাজনৈতিক দিশত ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তি (ভোটাৰ) ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক হৈ উঠিব আৰু তেওঁলোকক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিব ।  এনে ভাল দিন নিশ্চয় আহিব ।

    ৰাজনীতিকসকল হ’ল সমাজৰ আটাইতকৈ বেছি বিশ্বাসঘাটক লোক (অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ তথাকথিত একাংশ শিল্পীও একে শাৰীতে পৰা পৰিলক্ষিত হৈছে) । এই প্ৰসংগত প্ৰখ্যাত হাস্য কবি সুৰেন্দ্ৰ শৰ্মাৰ এটা কৌতুক পাঠকসকলৰ সৈতে ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ ।  কৌতুকটো এনেধৰণৰ-ৰাজনীতিক এজনৰ পুতেকে নতুনকৈ ৰাজনীতিৰ পথাৰত নামিব বিচাৰিছে আৰু সেই উদ্দেশ্যে পুতেকে বাপেকৰ পৰা ৰাজনীতিৰ শিক্ষা ল’বলৈ ইচ্ছা কৰিছে । ৰাজনীতিৰ প্ৰথম পাঠ হিচাপে বাপেকে পুতেকক তেওঁলোকৰ ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিবলৈ নিৰ্দেশ দিলে । প্ৰথম মহলাৰ পৰা জাপ মাৰিলে দুখ পাব বুলি পুতেকে কোৱাত বাপেকে ক’লে যে তেওঁ (বাপেকে) পুতেকক এনেদৰে ধৰিব যাতে পুতেকে দুখ নাপায় । বাপেকৰ কথামতে পুতেকে ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিলে । কিন্তু, বাপেকে পুতেকক নধৰিলে ।  ধৰিম বুলি কথা দি কিয় নধৰিলে বুলি পুতেকে সোধাত বাপেকে উত্তৰ দিলে যে এয়াই ৰাজনীতি, য’ত বাপেককো বিশ্বাসত লোৱা উচিত নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ জানুৱাৰী ২০২১]

Tuesday, 5 January 2021

‘ৰাজনীতি আৰু মনুষ্যত্ব’ সন্দৰ্ভত

   

যোৱা ২৩ ডিছেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত হোমেন বৰগোহাঞিৰ 'ৰাজনীতি আৰু মনুষ্যত্ব' শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলে যিয়ে যুক্তি নিদিয়ক কিয়, বিটিএডিৰ সদ্য-নিৰ্বাচিত তিনিটা ৰাজনৈতিক দলৰ সদস্যসকলক যে প্ৰলোভনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যই কোকৰাঝাৰ পৰা নিলগাই ৰখা হৈছিল তাত কোনো সন্দেহ নাই । দুখজনক কথাটো হ'ল-ভাৰতৰ ৰাজনীতিত এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে । যেতিয়াই কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে তেতিয়াই চৰকাৰ গঠনৰ উদ্দেশ্যে নিৰ্বাচিত লোকসকলক লৈ একপ্ৰকাৰ বজাৰৰ সৃষ্টি হয় ।

 উন্নয়নৰ ৰাজনীতিক ঢাল হিচাপে লৈ আদৰ্শৰ ৰাজনীতিক তল পেলোৱাৰ পৰিৱেশ সম্প্ৰসাৰণ হোৱাৰ ফলত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ মাজত দল-বাগৰা ৰাজনীতি ক্ৰমান্বয়ে বৃদ্ধি  পাবলৈ ধৰিছে । মূলত: ব্যক্তিগত স্বাৰ্থৰ বাবে বৰ্তমানৰ বহু ৰাজনীতিকে পূৰ্বৰ ৰাজনৈতিক আদৰ্শ এৰি সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঠিত ৰাজনৈতিক দলত যোগদান কৰে । আদৰ্শ বিক্ৰি কৰাৰ বাবদ মোটা অংকৰ ধন তথা ৰাজনৈতিক ক্ষমতা লাভ কৰি উন্নয়নৰ স্বাৰ্থত দল সলনি কৰা বুলি তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰে  । দুৰ্ভাগ্যজনকভাবে বহুতে এই ধাৰাক সহজভাবে গ্ৰহণ কৰিবলৈ ধৰিছে ।

  ভাৰতৰ ৰাজনীতিত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰাৰ পৰিৱেশ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কোনে, কোন মুহূৰ্তত, কোন ৰাজনৈতিক দলত যোগদান কৰি চৰকাৰ গঠনত বা চৰকাৰ ভঙাত সহায় কৰে, তাৰ কোনো ঠিক নাই । নিৰ্বাচিত জনপ্ৰতিনিধিসকলক লৈ বজাৰ সৃষ্টিৰ ইয়ো এটা কাৰণ ।  উত্তৰ আধুনিক যুগৰ মেৰপাকত পৰি মানুহৰ মাজত বিশ্বাসযোগ্যতাৰ লগতে নিৰ্ভৰযোগ্যতাও ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে । নক’লেও হ’ব যে দলীয় ৰাজনীতিত জড়িত লোকসকলকৰ গাত এইবোৰ গুণ (?) বেছিকৈ থাকে । নিৰ্বাচনবোৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতো বহু ৰাজনীতিকে ধনৰ বিনিময়ত পূৰ্বৰ ৰাজনৈতিক আদৰ্শক জলাঞ্জলি দিবলৈ বাধ্য হৈ পৰে ।  এনে পৰিস্থিতিত মনুষ্যত্বৰ কোনো মূল্য নাথাকে । মজাৰ কথা যে এইসকল লোকেই আমাক দুৰ্নীতিহীন সুন্দৰ সমাজ গঠনৰ কথা কয় ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৬ জানুৱাৰী ২০২১]

Tuesday, 15 December 2020

‘অৰ্থনৈতিক জাতীয়তাবাদ’ সন্দৰ্ভত (Regarding 'Economic Sub-Nationalism)

 

         ‘আমাৰ অসম’ত যোৱা ১০ ডিচেম্বৰত প্ৰকাশিত ‘অৰ্থনৈতিক জাতীয়তাবাদ’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ ।  অসমৰ জাতীয়তাবাদী সংগঠনবোৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰতি যিমান সজাগ-সচেতন অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সিমান সজাগনে বুলি সম্পাদকীয়টোত সঠিক প্ৰশ্নই উত্থাপন কৰিছে । আমাৰ ধাৰণাত এই প্ৰশ্নটোৰ উত্তৰ ঋণাত্মক । জাতীয়তাবাদী সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ সংগঠনবোৰক উপযু্ক্ত তথা বাস্তৱিক নীতি প্ৰস্তুত কৰি দিব নোৱাৰাৰ ফলতে ৰাজ্যখনত অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সন্তোষজনক সজাগতা গঢ়ি উঠা নাই । এক মিনিটৰ বাবে ধৰি লোৱা হ’ল যে সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে জাতীয়তাবাদী সংগঠনবোৰক অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ উপযুক্ত নীতি প্ৰস্তুত কৰি দিছে । কিন্তু, ৰাজ্যখনৰ জাতীয়তাবাদী সংগঠনবোৰে সেই নীতিবোৰক জনসাধাৰণৰ মাজলৈ কিমান আগ্ৰহেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰে, সেয়াও সন্দেহৰ বাহিৰত নহয় । অসমৰ সৈতে সংগতি থকা এটা নতুন ৰাজনৈতিক বিচাৰ্য বিষয় (Political Issue) অহাৰ লগে লগে জাতীয়তাবাদী সংগঠনবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ সৈতে জড়িত বিচাৰ্য বিষয়বোৰৰ প্ৰতি কম গুৰুত্ব দিবলৈ ধৰে ।

            ২০২০ চনত অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ হৈছে । ২০২১ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে নিৰ্বাচনটোৰ বাবে মাত্ৰ তিনিমাহ আছে । নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক নীতি কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।  মন কৰিবলগীয়া যে পশ্চিমীয়া ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ ফলত ভাৰতৰ দৰে বিশ্বৰ সৰহ সংখ্যক উন্নয়নশীল ৰাষ্ট্ৰৰে অৰ্থনৈতিক কামকাজত ৰাষ্ট্ৰৰ হস্তক্ষেপ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে  । এক কথাত, সাম্ৰাজ্যবাদী (Imperialism) শক্তিৰ ওচৰত উন্নয়নশীল দেশবোৰে নিজকে ‘আত্মসমৰ্পণ’ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে ভাৰতৰ তথাকথিত জাতীয়তাবাদী শক্তিবোৰে নিজৰ জাতীয়তাবাদী পৰম্পৰা (?) জনমানসত বৰ্তাই ৰখাৰ খাতিৰত অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা ‘পলায়ন’ কৰি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অধিক আগ্ৰাসী হ’বলৈ ধৰিছে । তথাকথিত ভাৰতীয় জাতীয়তাবাদী শক্তিবোৰে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে থিয় দিব পৰাকৈ জাতীয়তাবাদৰ অনুশীলন নকৰাৰ ফলতে সেই শক্তিবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ ক্ষেত্ৰত ‘পলায়নবাদী নীতি’ গ্ৰহণ কৰি উল্লিখিত দিশত অধিক আগ্ৰাসী হৈ সমাজত বিভাজন আনিবলৈ চেষ্টা চলাই আছে ( এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Aijaz Ahmad On Communalism and Globalization” নামৰ গ্ৰন্থখনৰ ‘Globalization and Culture’ শীৰ্ষক প্ৰবন্ধটো চাব পাৰে) ।

            সি যি কি নহওক, সাম্ৰাজ্যবাদী শক্তিৰ ওচৰত 'আত্মসমৰ্পণ' নকৰাকৈ অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ'লে অসমৰ আঞ্চলিক ৰাজনৈতিক দল বা সংগঠনবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰি কেনেদৰে কাৰ্যকৰী ৰূপ দিব বিচাৰিছে, সেই সম্পৰ্কে জনসাধাৰণৰ ওচৰত উপযুক্তভাবে দাঙি ধৰা উচিত । অন্যথা, তথাকথিত ভাৰতীয় জাতীয়তাবাদৰ দৰে অসমৰ জাতীয়তাবাদো কেৱল ৰাজনৈতিক আৰু সাংস্কৃতিক জাতীয়তাবাদতে আৱদ্ধ থাকি অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা অতি কম সময়ৰ ভিতৰতে 'পলায়ন' কৰিবলৈ বাধ্য হৈ পৰিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ ডিচেম্বৰ ২০২০]

Saturday, 21 November 2020

‘হিন্দু-মুছলমান সম্পৰ্ক’ সন্দৰ্ভত

           

 যোৱা ১১ নৱেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত প্ৰকাশিত হোমেন বৰগোহাঞিৰ 'হিন্দু-মুছলমান সম্পৰ্ক' শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ । ভাৰতত হিন্দু-মুছলমানৰ সম্পৰ্ক প্ৰসংগত ব্ৰিটিছৰ ভূমিকা এৰাই চলিব নোৱাৰি ।  ব্ৰিটিছে তেওঁলোকৰ শাসনকাৰ্য দীৰ্ঘকাল চলাই নিয়াৰ স্বাৰ্থত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা চলাইছিল । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সংঘটিত আটাইবোৰ সংঘৰ্ষৰ বাবে ব্ৰিটিছেই এশ শতাংশ দায়ী । কিন্তু, এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত আৰু সংঘৰ্ষ সৃষ্টিত ব্ৰিটিছৰ যে তাৎপৰ্যপূৰ্ণ ভূমিকা আছিল তাত কোনো সন্দেহ নাই ।

 ব্ৰিটিছে ভাৰতৰ শাসনভাৰ অধিকাৰ কৰি লোৱাৰ আগতে কেইবা শতিকা ধৰি হিন্দু আৰু মুছলমানে ভাৰতখন শাসন কৰিছিল । সেয়েহে দেশখনৰ আন প্ৰদেশবোৰত পৰাধীন পৰিস্থিতিতে হিন্দু আৰু মুছলমানৰ মাজত এক প্ৰকাৰ ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছিল (পিছত অসমলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল) ।  এই সংঘাত কেৱল ৰাজনৈতিক দিশতে আৱদ্ধ নাথাকি সামাজিক আৰু সাংস্কৃতিক দিশতো জোৰদাৰ হৈ উঠিছিল । ব্ৰিটিছে এই পৰিস্থিতিৰ সু-ব্যৱহাৰ কৰিছিল । এই দুই সম্প্ৰদায়ৰ মাজত সংঘটিত বহু সংঘৰ্ষ ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত (Constructed) আছিল ।  জেমছ মিলকে (James Mill) ধৰি  চি পি কেপ (C. P. Cape), জে প্ৰিনচেপ (J. Prinsep) আদি উপনিৱেশিক লেখকসকলে হিন্দু আৰু মুছলমানৰ মাজত সংঘাটিত সংঘৰ্ষবোৰৰ কাৰণ বিশ্লেষণ, প্ৰতিদ্বন্দ্বী চিনাক্তকৰণ, প্ৰশাসনৰ দ্বাৰা সংঘৰ্ষ নিয়ন্ত্ৰণৰ নীতি আদি ব্ৰিটিছ চৰকাৰৰ সুবিধা হোৱাকৈ বিদ্যায়তনিক (?) অধ্যয়ন কৰিছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Gyanedra Pandey The Construction of Communalism in Colonial North India গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়টো চাব পাৰে) ।  বৰগোহাঞিয়ে ঠিকেই কৈছে যে অসমত হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত নোহোৱাৰ মূল কাৰণ আছিল-অসমৰ অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এক ধৰণৰ ধৰ্মনিৰপেক্ষ বা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শ । এফালে অসমত মুছলমানসকলে শাসনৰ সোৱাদ পোৱা নাছিল, আনফালে প্ৰদেশশনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰা অনাৰ্য তথা মংগোলীয় ৰজাসকলে ভাৰতৰ আন প্ৰদেশৰ ৰজাসকলৰ দৰে গোড়া হিন্দুত্বৰ আৱেষ্টনীত সোমাই পৰা নাছিল । অসমলৈ অহা আৰ্য বৰ্ণহিন্দুসকলে প্ৰদেশখনৰ  অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ধৰ্মনিৰপেক্ষ তথা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শৰ সৈতে খাপ খাই পৰিছিল ।তদুপৰি, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মই সামাজিক আৰু সাংস্কৃতিকভাবে অসমৰ বৃহৎসংখ্যক লোকক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰিছিল । সেয়েহে উপনিৱেশিক পণ্ডিতসকলে ভাৰতৰ আন প্ৰদেশৰ সৈতে খাপ খুৱাই প্ৰকাশ কৰা হিন্দু-মুছলমান সম্পৰ্কীয় উদ্দেশ্যপ্ৰণোদিত বিদ্যায়তনিক (?) অধ্যয়নবিলাক অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল । অৱশ্যে, বেংগলৰ সৈতে অসমক চামিল কািৰ ৰাজনৈতিক আৰু প্ৰশাসনিক উপাদানেৰে ব্ৰিটিছে অসমতো হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ বীজ সিচিঁবলৈ চেষ্টা চলাইছিল ।

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২১ নৱেম্বৰ ২০২০]

Sunday, 15 November 2020

প্ৰসংগ: হিন্দু নে হিন্দুত্ববাদ

 

যোৱা ২৯ অক্টোবৰত প্ৰকাশিত উমেশ গোস্বামীৰ ‘হিন্দু নে হিন্দুত্ববাদ’ শীৰ্ষক লেখাটো পঢ়িলোঁ । ভাৰতবৰ্ষ তথা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত গোস্বামীৰ লেখাটো সময়োপযোগী হৈছে ।  সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সমাজখনক সংকীৰ্ণ আৰু কুলষিত কৰি তোলে । এচাম লোকে অতীতৰে পৰাই ভাৰতত উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ।  উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত শিক্ষিত তথা সাক্ষৰ আৰু অশিক্ষিত তথা নিৰক্ষৰ লোকৰ মাজত পাৰ্থক্য আছে । ব্যতিক্ৰমৰ বাহিৰে অশিক্ষিত তথা নিৰক্ষৰ লোকসকলে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰি সফল হ’ব নোৱাৰিলে বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলে কম সময়ৰ ভিতৰতে তেনে মানসিকতা ত্যাগ কৰে । কিন্তু, শিক্ষিত তথা সাক্ষৰ লোকসকলে সেই কাৰ্যত অসফল হ’লেও বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলেও ইগো সমস্যাৰ বাবেই হওক বা আন উদ্দেশ্যৰ বাবেই হওক অধিক সংগঠিত আৰু পৰিকল্পিতভাবে তেনে পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । কোনোবা ৰাজনৈতিক দলে উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ আদৰ্শক সংশ্লিষ্ট দলটোৰো এটা আদৰ্শ হিচাপে গ্ৰহণ কৰিলে সেই শক্তিবোৰ অধিক শক্তিশালী হয় । সময়ৰ লগে লগে সংশ্লিষ্ট ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ ধৰ্মীয় শক্তিবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰে । ফলস্বৰূপে, সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ দপদপনি বৃদ্ধি পায় ।  যোৱা শতিকাৰ শেষৰ দশকৰপৰা ভাৰতত উগ্ৰ হিন্দুত্বৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে ।  দেশখনৰ আন প্ৰদেশৰ তুলনাত অসমত এই পৰিৱেশ নতুনকৈ প্ৰৱেশ কৰি দ্ৰুতগতিত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থকাৰ বাবে ৰাজ্যখনৰ ধৰ্মীয় উদাৰ মানসিকতাৰ লোকৰ বাবে অসহ্যকৰ হৈ পৰিছে (অৱশ্যে, এই অসহ্যকৰ পৰিৱেশে ৰাজ্যখনৰ বাবে ইতিবাচক ইংগিত দিছে) । 

এনেকুৱা নহয় যে কেৱল হিন্দুসকলেহে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । আন সংগঠিত ধৰ্মৰো এচাম মানুহ থাকে যিসকলে নিজে অন্তৰ্ভুক্ত ধৰ্মটোৰ উগ্ৰ ধৰ্মীয় শক্তিবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাবে শক্তিশালী কৰিবলৈ চেষ্টা চলাই থাকে । বৰ্তমানৰ প্ৰেক্ষাপটত আন সংগঠিত ধৰ্মৰ উগ্ৰ শক্তি আৰু উগ্ৰ হিন্দুসকলৰ মাজত মাত্ৰ এটা পাৰ্থক্য আছে । সেয়া হৈছে-উগ্ৰ হিন্দুসকলে তেওঁলোকৰ কাৰ্যপন্থা দ্ৰুতগতিত আগবঢ়াই নিবলৈ অধিক ৰাজনৈতিক পৰিৱেশ লাভ কৰিছে, কিন্তু আন সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সেই পৰিৱেশ কমকৈ লাভ কৰিছে ।   

ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলকো তেওঁলোকৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে । বিশেষকৈ সামাজিক স্বীকৃতি (যেনে- আনৰ তুনলাত কম যোগ্য হ’লেও বঁটা বা পাৰিতোষিক দিয়া, কোনো অনুষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰা), অৰ্থনৈতিক সুবিধা আদি প্ৰলোভনৰ দ্বাৰা ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলৰ বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ সক্ষম হয় ।  বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ সমাজখনক উগ্ৰ হিন্দুসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উমেশ গোস্বামীৰ দৰে লেখাবোৰে কিছু হ’লেও অৰিহণা যোগাব বুলি আমাৰ ধাৰণা । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২০]