Sunday, 17 July 2022

স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি (CBCS in Undergraduate Level)

           পছন্দভিত্তিক শিক্ষা পদ্ধতিত (Choice Based Credit System, চমুকৈ CBCS) শিক্ষাৰ্থীসকলে বিষয় আৰু পেপাৰ বাছনি কৰি অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰে ।  এই পদ্ধতিত শিক্ষাৰ্থীয়ে মুখ্য বিষয়, যিকোনো শাখাৰ ঐচ্ছিক বিষয় আৰু দক্ষতাভিত্তিক বিষয় পছন্দ কৰি অধ্যয়ন কৰিবলৈ সুবিধা পায় । পৰম্পৰাগত শিক্ষা পদ্ধতিত থকা নম্বৰভিত্তিক ব্যৱস্থা উঠাই দি এই পদ্ধতিত প্ৰতিটো ষান্মাসিকৰ প্ৰতিখন পেপাৰতে গ্ৰেড দিয়াৰ ব্যৱস্থা আছে ।  এই পদ্ধতি উদ্ভাৱন কৰা শিক্ষাবিদসকলে দাবী কৰে যে পদ্ধতিটোৱে পৰম্পৰাগত শিক্ষা পদ্ধতিৰ তুলনাত কেইটামান বিশেষ সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-শিক্ষাৰ্থীয়ে তেওঁলোকৰ আগ্ৰহ অনুসৰি বিষয় আৰু শিক্ষক (সংশ্লিষ্ট শিক্ষকে প্ৰস্তুত কৰা পেপাৰ বাছনিৰ যোগেদি) বাছনি কৰি পঢ়িব পৰে, বহুবিষয়ক শিক্ষা লাভ কৰিব পাৰে, বাধ্যতামূলক পেপাৰকেইখনৰ উপৰি ইচ্ছা কৰিলে অতিৰিক্ত পেপাৰ লৈ অতিৰিক্ত কৃতিত্ব আৰ্জন কৰিব পাৰে । কেৱল শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰাহে যে এই পদ্ধতিটো সুবিধাজনক তেনে নহয় । শিক্ষকৰ বাবেও এই পদ্ধতিয়ে কিছুমান সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-পদ্ধতিটোত শিক্ষকে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নমনীয়তা (flexibility) আৰু শিক্ষা-শিকন প্ৰক্ৰিয়া উন্নত কৰাৰ সুবিধা লাভ কৰে । তদুপৰি, পদ্ধতিটোৱে মূল্যায়নৰ বোজা হ্ৰাস কৰে ।

            অসমৰ উচ্চ শিক্ষাৰ সৈতে জড়িত অংশীদাৰ (Stakeholders) আৰু সংগঠনবোৰৰ (যেনে-সদৌ অসম ছাত্ৰ সন্থা, অসম কলেজ শিক্ষক সংস্থা) মাজত কেইবালানি আলোচনা হোৱাৰ পিছত ৰাজ্যখনৰ আটাইকেইখন বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছে ।  যোৱা তিনি বছৰৰ অভিজ্ঞতাৰ ভিত্তিত পদ্ধতিটোৰ সম্পৰ্কত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো- (১) প্ৰয়োনজীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে মহাবিদ্যালয়সমূহে শিক্ষাৰ্থীক তেওঁলোকৰ পছন্দ অনুসৰি বিষয় আগবঢ়াই দিব পৰা নাই, (২)  মাত্ৰ এটা শাখা থকাৰ বাবে বহু মহাবিদ্যালয়ে শিক্ষাৰ্থীক পছন্দৰ বিষয় আগবঢ়োৱাত ব্যৰ্থ হৈছে, (৩) শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে বহু মহাবিদ্যালয়ে অনা-সন্মান পাঠ্যক্ৰম (Non-Honours Course) পছন্দ কৰাৰ সুবিধা দিয়া নাই,  বাধ্যতামূলকভাবে সন্মান (Honours) পাঠ্যক্ৰম পঢ়িবলৈ দিয়া হয়, (৪) দক্ষতাভিত্তিক বিষয়সমূহ বাধ্যতামূলক কৰা হৈছে যদিও মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ (উচ্চ শিক্ষা সঞ্চালকালয়) আৰু বিদ্যায়তনিক অনু্ষ্ঠানৰ (বিশ্ববিদ্যালয়) মাজত উপযুক্ত সমন্বয়ৰ অভাৱৰ বাবে শিক্ষাৰ্থীয়ে আশা কৰা ধৰণে সেই বিষয়সমূহৰ পৰা লাভাম্বিত হ’ব পৰা নাই, (৫) বহু শিক্ষক আৰু শিক্ষাৰ্থী এই পদ্ধতিটোৰ সম্পৰ্কত বৰ্তমানো ভালদৰে পৰিচিত হোৱা নাই । 

            ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিকোণেৰে পছন্দভিত্তিক শিক্ষা পদ্ধতিটো  নি:সন্দেহে অতি প্ৰয়োজনীয় পদ্ধতি । স্নাতক পৰ্যায়ত এই পদ্ধতিটোৰ সফল ৰূপায়নৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ ব্যৱস্থা কৰিব লাগিব, মহাবিদ্যালয়সমূহত কলা শাখাৰ উপৰি বাণিজ্য আৰু বিজ্ঞান শাখাৰ ব্যৱস্থা কৰিব লাগিব । এইখিনি ব্যৱস্থা কৰিব নোৱাৰিলে বাস্তৱত ‘পছন্দৰ সুবিধা নথকা পছন্দভিত্তিক শিক্ষা পদ্ধতি’হে  প্ৰচলন হৈ থাকিব যিটো যোৱা কেইবছৰমান ধৰি চলি আছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৩ জুলাই ২০২২]

Thursday, 28 April 2022

অসমীয়াৰ ব্ৰক্ষ্মতালুত দংশন প্ৰসংগত (Regarding Biting in the Palate of Assamese)

 

         যোৱা ২২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টো অত্যন্ত স্পষ্ট আৰু সময়োপযোগী হৈছে । সম্পাদকীয়টোত ঠিকেই কৈছে যে অসমত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা উচ্চ চিন্তাৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক এচাম মতলবী মানুহে কুঠাৰাঘাত কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে । নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে এচাম অসমীয়া মানুহেই শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ঐতিহ্যৰ ওপৰত আঘাত কৰিবলৈ সুবিধা কৰি দিছে । অসমীয়াৰ বৰঘৰত কৰা এই সাংস্কৃতিক আক্ৰমণ ৰোধ কৰিবলৈ হ’লে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে সেই মতলবী মানুহবোৰৰ সংগ দিয়া অসমীয়া লোকসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে । অন্যথা, অসমত প্ৰাক-শংকৰী যুগত চলি থকা ধৰ্মীয় বিশৃংখলতা পুনৰ ঘূৰি আহিবলৈ বেছি সময় নালাগিব ।

            উত্তৰ ভাৰতৰ হিন্দু সংস্কৃতিকে দেশখনৰ সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে একাংশ সামাজিক আৰু সাংস্কৃতিক সংগঠনে অতীতৰে পৰাই চেষ্টা চলাই আহিছে । অসমত যেতিয়াই জটিল ৰাজনৈতিক সন্ধিক্ষণ আহি পৰিছে তেতিয়াই সেই সংগঠনবোৰে (নামত সাংস্কৃতিক সংগঠন, কিন্তু ৰাজনৈতিক বিষয়বোৰতো হাত দিয়ে) সুযোগ বুজি অসমীয়াৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে আৰু তেওঁলোকৰ বাট সুগম কৰি লৈছে । উদাহৰণস্বৰূপে অসম আন্দোলনৰ প্ৰসংগ আনিব পাৰি । ছয়বছৰীয়া জটিল ৰাজনৈতিক সন্ধিক্ষণত সেই সংগঠনবোৰে আন্দোলনটোৰ বহিৰাগত খেদা বিষয়টোক বিদেশী খেদা বিষয়লৈ ৰূপান্তৰ কৰিছিল (বিশেষকৈ অবৈধ মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক টাৰগেট কৰি লোৱা হৈছিল)  আৰু ইয়াৰ দ্বাৰা অসমৰ গৰিষ্ঠসংখ্যক হিন্দু মধ্যবিত্তৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে The Last Battle of Saraighat গ্ৰন্থখন চাব পাৰে) ।

            সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হয় ।  অৰ্থনৈতিক শক্তিৰ বাবে ৰাজনৈতিক শক্তিৰ সমৰ্থনৰ প্ৰয়োজন হয় । দীৰ্ঘ সময় ধৰি অসমত সেই শক্তিটোৱে সমৰ্থন জনোৱা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে অসমত তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি লেহেমীয়া আছিল ।  কিন্তু, তেওঁলোকৰ সমৰ্থিত ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত সামাজিক আৰু সাংস্কৃতিক ‘প্ৰভুত্ব’ বিস্তাৰৰ গতি দ্ৰুত হৈ পৰিল আৰু অসমীয়াই আজি তাৰে ফল ভোগ কৰিবলগীয়া হৈছে ।  এনেকুৱা নহয় যে অসমৰ যিবোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত উত্তৰ ভাৰতীয় সংস্কৃতিয়ে আঘাত কৰিবলৈ ধৰিছে সেই সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ নোহোৱা হৈ যাব । কিন্তু, এইটো সত্য যে অসমৰ জনজীৱনত সেই অনুষ্ঠানসমূহৰ ‘প্ৰভাৱ’ আগৰ তুলনাত হ্ৰাস পাব । 

        যোৱা কিছু বছৰ ধৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰতৰ গৌৰৱময় অতীতৰ ওপৰত প্ৰয়োজনাধিক গুৰুত্ব প্ৰদান কৰি থকা হৈছে । গৌৰৱময় অতীতক গুৰুত্ব প্ৰদান কৰাৰ নামত ধৰ্মীয়  নীতি-নিয়ম, আচাৰ-আচৰণবোৰক ঘূৰাই আনিবলৈ চেষ্টা চলোৱা হৈছে । অসমতো ইয়াৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।  মনত ৰখা দৰকাৰ যে গৌৰৱময় অতীতৰ পৰা শিক্ষা লোৱা আৰু অতীতৰ নীতি-নিয়ম, আচাৰ-আচাৰণবোৰক ঘূৰাই অনাৰ মাজত পাৰ্থক্য আছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ এপ্ৰিল ২০২২]

Sunday, 27 March 2022

ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয় (Religion based Nationalism is not the Genuine Neonationalism of India)

         যোৱা ১১ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত ৰক্তিম গোস্বামীৰ ‘ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থানত  দিকভ্ৰষ্ট ভাৰত’ শীৰ্ষক লেখাটোৰ আঁত ধৰি কিছু কথা লিখাৰ তাড়না অনুভৱ কৰিলোঁ ।  গোস্বামীয়ে ঠিকে কৈছে যে কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে একাংশ সাংস্কৃতিক (?) আৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ জনসাধৰণক ধৰ্মীয় সংকীৰ্ণতাৰ মাজলৈ ঠেলি দি ভাৰতক সভ্য সমাজৰ পৰা  ক্ৰমে নিলগাই আনি থকা হৈছে ।  সেই সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিবোৰৰ প্ৰকৃত উদ্দেশ্য অনুধাৱন কৰিব নোৱাৰা বা কৰিব পাৰিলেও ব্যক্তিগত স্বাৰ্থৰ বাবে এক শ্ৰেণীৰ মানুহে সেই সংকীৰ্ণতাত সোমাই পৰিছে । তেওঁলোকৰ ভিতৰত লিখা-পঢ়া নজনা সাধাৰণ লোকৰ পৰা বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী লোকলৈকে আছে । সুবিধা প্ৰদানৰ বিনিময়ত সংশ্লিষ্ট সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে তেওঁলোকক পাৰ্যমানে ব্যৱহাৰ কৰিবলৈ ধৰিছে । 

        ভাৰতত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ উত্থান একেদিনে গঢ়ি উঠা নাই । স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতত  ধৰ্ম আৰু জাত-পাতৰ উৰ্ধত ৰাষ্ট্ৰবাদৰ ধাৰণা গঢ়ি উঠিছিল । কিন্তু, দেশখনৰ একাংশ নেতা-পালিনেতাই ব্ৰিটিছৰ পৃষ্ঠপোষকতাত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা পোষকতা কৰি ৰাষ্ট্ৰবাদৰ উক্ত ধাৰণাক প্ৰৱলভাবে প্ৰত্যাহ্বান জনাইছিল ।  যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত তেওঁলোকৰ প্ৰত্যাহ্বান ইমানেই প্ৰৱল হৈ পৰিছিল যে তেওঁলোকে ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল ।  দেশ বিভাজনৰ সময়ত ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ প্ৰভাৱত পাকিস্তান নামৰ এখন সুকীয়া ৰাষ্ট্ৰ গঠন কৰা হৈছিল । ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হোৱাৰ সময়তে ভাৰতকো হিন্দু ধৰ্মৰ ভিত্তিত ‘হিন্দু ৰাষ্ট্ৰ’ গঠনৰ পোষকতা কৰা হৈছিল । কিন্তু,  স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদৰ ধাৰণাৰ প্ৰভাৱে ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাত অন্তৰায় হিচাপে দেখা দিছিল । তদুপৰি, মহাত্মা গান্ধীক কৰা হত্যাই সেই শক্তিটোৰ আশাত চেঁচাপানী পেলাইছিল ।  

        ৰাজনৈতিক উদ্দেশ্যৰ বাবে বৰ্তমান ভাৰতত সনাতন ধৰ্মক ব্যাপকভাবে ব্যৱহাৰ কৰিবলৈ ধৰিছে । হিন্দু ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণা শক্তিশালী কৰাৰ উদ্দেশ্যে স্বাধীনতা আন্দোলনৰ সময়তো সনাতন ধৰ্মক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।  যোৱা শতিকাৰ তৃতীয় দশকৰ মাজভাগত প্ৰতিষ্ঠা কৰা গীতা প্ৰেছৰ দ্বাৰা প্ৰকাশিত ‘কল্যাণ’ নামৰ প্ৰত্ৰিকাখনৰ যোগেদি সনাতন ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভাৰ কিছুমান নেতা আৰু সদস্যই উল্লিখিত পত্ৰিকাখনত লিখনি প্ৰকাশ কৰি স্বাধীনতা আন্দোলনৰ সময়ত গঢ়ি উঠা প্ৰগতিশীল, ধৰ্মনিৰপেক্ষ আৰু আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত প্ৰশ্ন কৰিছিল ।  মনকৰিবলগীয়া যে বহুতো নামজ্বলা কংগ্ৰেছী নেতা আৰু সদস্যও ‘কল্যাণ’ৰ যোগেদি হিন্দু ধৰ্মই বিপদৰ সম্মুখিন হোৱা বুলি বিভিন্ন সময়ত নিজৰ মত প্ৰকাশ কৰিছিল । হিন্দুসকলৰ বিপদৰ কথা লিখিবলৈ জৱাহৰলাল নেহৰুকো ‘কল্যাণ’ৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল (গীতা প্ৰেছ ন্যাসৰ এগৰাকী অন্যতম সদস্য হনুমান প্ৰসাদ পোদ্দাৰে নেহৰুক অনুৰোধ কৰিছিল) । কিন্তু, নেহৰুৱে সেই অনুৰোধ বাৰে বাৰে প্ৰত্যাখান কৰিছিল (ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদীসকলৰ নেহৰু বিদ্বেষৰ ইয়ো এটা কাৰণ) ।  সি যি কি নহওক, একাংশ সাংস্কৃতিক আৰু ৰাজনৈতিক শক্তিয়ে অতীতৰ পৰাই সকলোকে সামৰি লোৱা ভাৰতৰ ৰাষ্ট্ৰবাদৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাই আহিছে । স্বাধীনতাৰ পিছত দীঘলীয়া সময়ৰ বাবে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ সুবিধা পোৱা নাছিল বাবে তেওঁলোকৰ প্ৰত্যাহ্বান সিমান প্ৰৱল হৈ উঠা নাছিল যিমান সাম্প্ৰতিক সময়ত  প্ৰৱল হৈ পৰিছে ।  আন কথাত, দেশখনত যোৱা শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত গঢ়ি উঠা ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদৰ ধাৰণাই পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে ।  

            মনত ৰখা দৰকাৰ যে ধৰ্মভিত্তিক ৰাষ্ট্ৰবাদ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ নহয় ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰবাদ হ’ল- জাতি, ধৰ্ম, বৰ্ণ আৰু সম্প্ৰদায় নিৰ্বিশেষে দেশখনৰ সকলোকে সামৰি লোৱা ৰাষ্ট্ৰবাদ । ভাৰতৰ ব্যক্তি এজনৰ ৰাষ্ট্ৰবাদৰ ধাৰণা হ’ল, সংশ্লিষ্ট ব্যক্তিজনৰ দেশখনৰ প্ৰতি থকা আন্তিৰক অনুভৱ, সংবিধানিক অধিকাৰ উপভোগ কৰিবলৈ আৰু দেশখনৰ ব্যক্তি হ’বলৈ পোৱাৰ গৌৰৱবোধ । এই ধাৰণাবিলাক সংশ্লিষ্ট ব্যক্তিজনৰ হৃদয়ত এনেদৰে নিহিত হৈ থাকে যে আন কোনো দেশতে তেওঁ তেনে অনুভৱ কৰিব নোৱাৰে । ৰাষ্ট্ৰবাদৰ এই অনুভৱক আন কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে বা শক্তি প্ৰয়োগেৰে জাপি দিয়াৰ প্ৰয়োজনো নাই-সেয়া দেশখনৰ বাহিৰৰ বা দেশখনৰ ভিতৰৰ যি শক্তিয়েই নহওক কিয় সাম্প্ৰতিক সময়ত দেশখনত প্ৰৱল হৈ উঠা হিন্দু ৰাষ্ট্ৰবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰবাদ ৰাষ্ট্ৰবাদ সম্পৰ্কীয় এই জটিল সন্ধিক্ষণত ভাৰতৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে সংকীৰ্ণ ৰাষ্ট্ৰবাদৰ ধাৰণাৰ পৰা যিমান সোনকালে মুক্ত হ’ব পাৰিব সিমানেই দেশখনৰ বাবে মংগল । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ মাৰ্চ ২০২২]

Wednesday, 9 February 2022

উত্তৰ প্ৰদেশৰ প্ৰাক-নিৰ্বাচনী হিংসা আৰু অসম (Pre-election Violence in Uttar Pradesh and Assam)

            এ আই এম আই এমৰ মুৰব্বী তথা লোকসভাৰ সদস্য আছাদউদ্দিন ওৱেইছিৱে উত্তৰপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় দলীয় সভাত অংশগ্ৰহণ কৰি দিল্লীলৈ  ঘূৰি অহাৰ পথত এখন টোলগেটৰ ওচৰত তেওঁলৈ লক্ষ্য কৰি অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰিলে ।  বাতৰি অনুসৰি তেওঁৰ গাড়ীখনত তিনিটা গুলী লাগিছে । ইয়াৰে দুটা গুলী বাহনখনৰ দুৱাৰত আৰু আনটো গুলী টায়াৰত লাগিছে ।  গুলীচালনাৰ সৈতে জড়িত যিজন লোকক (শচীন পণ্ডিত) আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বিজেপি নেতাৰ সৈতে সেই লোকজনৰ সম্পৰ্ক থকাৰ  প্ৰমাণ পোৱা গৈছে  (The Wireৰ ৪ ফেব্ৰুৱাৰী ২০২২ৰ বাতৰি অনুসৰি) । ঘটনাটোৰ সন্দৰ্ভত সাংসদগৰাকীয়ে লোকসভাত নিজৰ বক্তব্য ৰাখি কৈছে যে এনেধৰণৰ ঘটনাই দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তুলিছে । সাংসদগৰাকীয়ে কোৱাৰ দৰে দেশখনৰ জনসাধাৰণক নিৰাপত্তাহীন কৰি তোলাৰ উপৰি এনেধৰণৰ ঘটনাই আৰু কেইটামান তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে । প্ৰথমতে, নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে দেশখনৰ একাংশ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক তথাকথিত গুণ্ডাৰ দ্বাৰা বাহুবলেৰে ভাবুকি প্ৰদান কৰিবলৈও কুণ্ঠাবোধ নকৰে ।  দ্বিতীয়তে, দেশখনৰ সংখ্যালঘু লোকসকলৰ স্বাৰ্থৰ হকে বলিষ্ঠভাবে মাত মতা ৰাজনৈতিক নেতাক একাংশ ৰাজনৈতিক নেতা-কৰ্মীয়ে সহ্য কৰিব নোৱাৰে । তৃতীয়তে, নিৰ্বাচনৰ প্ৰাকমহূৰ্তত নিৰ্বাচনী বিচাৰ্য বিষয়বোৰেৰে ভোটাৰসকলৰ মন জয় কৰিবলৈ সক্ষম নহ’লে বিৰোধী ৰাজনৈতিক দলৰ নেতাক বন্দুকেৰে আক্ৰমণ কৰিবলৈ একাংশ ৰাজনৈতিক নেতা-কৰ্মী যিকোনো সময়তে সাজু হৈ থাকে । শেষত, ঘটনাটোৱে দেশখনৰ নিৰ্বাচন ব্যৱস্থাটোৰ প্ৰতি জটিল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত সংঘটিত এনেধৰণৰ ঘটনা নি:সন্দেহে গৰিহণাৰ যোগ্য । 

          শেহতীয়াকৈ অসমৰ একাংশ লোকে উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশকক দ্ৰুতগতিত অনুকৰণ কৰাৰ ঢৌ উঠিছে । উদাহৰণস্বৰূপে, গৰুৰ প্ৰতি প্ৰয়োজনাধিক গুৰুত্ব দিয়া, এটা বিশেষ সংগঠিত ধৰ্মৰ লোকসকলৰ প্ৰতি বিদ্বেষভাৱ সৃষ্টি কৰা, হিন্দু ধৰ্মৰ সৈতে জড়িত অনুষ্ঠানসমূহক অধিক গুৰুত্ব দিয়া ইত্যাদি । তদুপৰি, কম সময়ৰ ভিতৰতে নিজৰ উচ্চকাংক্ষা পূৰণৰ উদ্দেশ্যে উত্তৰ ভাৰতীয় উগ্ৰ হিন্দুত্ববাদী ৰাজনৈতিক নেতাক ‘গুৰু’ হিচাপে মানি লোৱা নেতাও অসমত ওলাইছে ।  কোনো এটা অঞ্চলৰ ইতিবাচক দিশবোৰ অনুকৰণ কৰাত কোনো আপত্তি থাকিব নোৱাৰে । কিন্তু, অসমৰ একাংশ লোকে যিবোৰ দিশত উত্তৰ ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশক অনুসৰণ কৰিবলৈ লৈছে, সেয়া ৰাজ্যখনৰ বাবে মুঠেই গ্ৰহণযোগ্য নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ফেব্ৰুৱাৰী ২০২২]

Wednesday, 1 December 2021

প্ৰসংগ: এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকত বাতিল

 

           যোৱা ২৪ নৱেন্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এ পি এছ ছিৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰা হৈছে ।  চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে ইতিমধ্যে অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱীকে ধৰি অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।  এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সোনোৱাল চৰকাৰৰ দিনত অসমীয়া ভাষাৰ কাকতখন বাধ্যতামূলক কৰা হৈছিল । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন জিলা আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল । ছখন জিলাৰ বাহিৰে বাকী জিলাৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকতখনৰ পৰীক্ষা দিবলগীয়া হোৱা ব্যৱস্থাটোৱে প্ৰাৰ্থীসকলক অসন্তুষ্ট কৰিছিল ।  ব্যৱস্থাটোৰ বিৰূদ্ধে মাননীয় উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো এতিয়াও বিচাৰাধীন হৈ আছে ।  মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ব্যৱস্থাটোৰ সমৰ্থনত চৰকাৰে যুক্তি দিব পৰা নাই । সেয়েহে এই কাকতখন চৰকাৰে বাতিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে ।

            চাবলৈ গ’লে চৰকাৰৰ এই সিদ্ধান্তটোক বিৰূদ্ধাচৰণ কৰাৰ বিপৰীতে আদৰণিহে জনাব লাগে । কাৰণ, একে চাকৰিৰ বাবে একেখন ৰাজ্যৰে এটা বৃহৎ অঞ্চলৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকত এখনৰ পৰীক্ষা দিব লাগে যিটো আন অঞ্চলৰ প্ৰাৰ্থীয়ে দিব নালাগে । অৰ্থাত, পূৰ্বৰ এই ব্যৱস্থা বাতিল কৰি প্ৰাৰ্থীসকলক ন্যায়হে প্ৰদান কৰা হৈছে । কিন্তু, সিদ্ধান্তটোৱে এ পি এছ ছিৰ পৰীক্ষাত বহিব বিচৰা প্ৰাৰ্থীসকলক কিছু সকাহ দিছে যদিও জাতিটোৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন বাতিল কৰাৰ প্ৰসংগত দুটামান কথা চিন্তা কৰিবলগীয়া আছে বুলি আমি ভাবোঁ । প্ৰথমতে, অসমীয়া ভাষাৰ সৈতে সম্পৰ্ক থকা কিছুমান শেহতীয়া পৰিস্থিতিয়ে ভাষাটোক প্ৰাণভৰি ভালপোৱা লোকসকলক শংকিত কৰি তুলিছে ।  উদাহৰণস্বৰূপে, বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ওপৰত ক’লা ৰং সনা, সময়ৰ সীমা বান্ধি দি অসমীয়া ভাষাত লিখা বিজ্ঞাপন সলনি কৰি বাঙালী ভাষাত লিখা বিজ্ঞাপনৰ হ’ৰ্ডিং আঁৰি দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰা, অসমলৈ উত্তৰ ভাৰতীয় সংস্কৃতিৰ দ্ৰুত আগ্ৰাসন ইত্যাদি ।  এ পি এছ ছিৰ পৰীক্ষাৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনে কিছু পৰিমাণে হ’লেও এই শংকাৰ মাত্ৰা হ্ৰাস কৰি আহিছে ।  দ্বিতীয়তে, কোনো এটা ভাষাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিলে সেই ভাষাটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি হয় । সংশ্লিষ্ট ভাষাটো কেৱল কথিত ৰূপত ৰাখিলে ভাষাটোৰ প্ৰয়োজনীয়তা যিমান বৃদ্ধি পায়, লিখিত আৰু কথিত দুয়োটা ৰূপতে ৰাখিব পাৰিলে ইয়াৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পায় ।  কম-বেছি পৰিমাণে ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা পৃথিৱীৰ সকলো দেশতে আছে । গতিকে, ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমৰ দৰে ৰাজ্য এখনৰ চৰকাৰে বিশেষ গুৰুত্ব নিদিলেও ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তাৰ ওপৰত তাৎপৰ্যপূৰ্ণ নেতিবাচক প্ৰভাৱ নপৰে । কিন্তু, ৰাজ্যখনৰ ৰাজ্যিক ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰখনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখনে কিছু পৰিমাণে হ’লেও অসমীয়া ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ডিছেম্বৰ ২০২১]

Thursday, 30 September 2021

প্ৰসংগ: উচ্ছেদ সকলো সহনশীল হওক

 

        যোৱা ২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হ’ল । বাতৰি অনুসৰি ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে । বিশেষকৈ লাঠি এডাল লৈ আৰক্ষীক চোঁচা লৈ অহা লোক এজনৰ মৃত্যুৰ পিছত মৃতদেহটোৰ ওপৰত এজন ফটোগ্ৰাফাৰে জপিয়াই পৰা আৰু মৃতদেহটোক আৰক্ষীৰ লোকে চোঁচৰাই নিয়া দৃশ্যটোৱে সকলো বিবেকবান লোককে অবাক কৰি তুলিছে । 

        চৰকাৰী মাটি বেদখল কৰিলে মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰে উচ্ছেদ কৰিবলৈ বাধ্য । তেনে মাটি উচ্ছেদ কৰাত আপত্তি কৰিবলগীয়া নাই । কিন্তু, উচ্ছেদ এটা অতি স্পৰ্শকাতৰ বিষয় । কেইবা বছৰ ধৰি বসবাস কৰি থকা মানুহবোৰক কম সময়ৰ ভিতৰতে উচ্ছেদ কৰিবলৈ গ’লে উচ্ছেদিতসকলৰ মানসিক অৱস্থা কেনে হ’ব সেয়া তেওঁলোকৰ বাহিৰে আনে সম্পূৰ্ণকৈ অনুভৱ কৰিব নোৱাৰে । অঞ্চল এটাৰ পৰা কোনো এটা পৰিয়ালক উচ্ছেদ কৰিলে পৰিয়ালটোৱে কেৱল থকা ঘৰটোৰ পৰাহে উচ্ছেদিত নহয় । থকা ঘৰটোৰ লগতে পৰিয়ালটোৱে সেই অঞ্চলটোৰ সৈতে জড়িত আটাইবোৰ উপাদানৰ পৰাই উচ্ছেদিত হয় ।  জানিব পৰা মতে সেই সংশ্লিষ্ট অঞ্চলটো কেইবা দশকৰ পৰাই বেদখল হৈ আছে । যিহেতু বেদখল কম সময়ৰ ভিতৰত হোৱা নাই, সেয়েহে উচ্ছেদ কাৰ্য কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে এশ শতাংশ সফলতা লাভ কৰাৰ সম্ভাৱনা নথকাটোৱেই স্বাভাৱিক ।

          ২৩ ছেপ্টম্বৰৰ ঘটনাটোক লৈ বিভিন্ন পক্ষই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।  ভিডিঅ’সহ দেখুওৱাব পৰাকৈ সদায় গৰম খবৰৰ সন্ধানত থকা একাংশ বৈদ্যুতীন মাধ্যমে ঘটনাটোক পক্ষপাতমূলকভাবে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । বিৰোধী ৰাজনৈতিক দল আৰু একাংশ সংগঠনে ন্যস্তস্বাৰ্থৰ বাবে ঘটনাটোক ব্যৱহাৰ কৰিবলৈ ধৰাৰ ফলত ঘটনাটোৱে ন্যায় আৰু নিৰপেক্ষতাৰ পৰা ক্ৰমে আঁতৰি অহাৰ সম্ভাৱনা অধিক কৰি তুলিছে । একাংশ ৰাজনৈতিক দল আৰু সংগঠনে উচ্ছেদিত লোকসকলক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনক উৎসাহিত কৰিবলৈ ধৰাৰ ফলত বিষয়টোক অধিক জটিল কৰি তুলিছে । যিকোনো এটা স্পৰ্শকাতৰ বিষয়ত দুটা পক্ষৰ সৃষ্টি হ’লে পক্ষ দুটাক অস্থিৰ কৰি তুলিব বিচৰা শক্তিৰ অভাৱ নাই । কাৰণ, এনেকুৱা স্পৰ্শকাতৰ বিষয় আৰু জটিল পৰিস্থিতিত ৰাজনৈতিক দল আৰু সংগঠনসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুযোগ বিচাৰি পায় । সাধাৰণতে, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ নেতাসকলে প্ৰৰোচনামূলক বক্তব্যৰ দ্বাৰা নিজৰ শক্তি প্ৰদৰ্শন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অনুসৰি ইয়াৰ আগৰ দিনকেইটাত চলা উচ্ছেদ কাৰ্যত উচ্ছেদিত লোকসকলে প্ৰশাসনক সহযোগ কৰিছিল । তেনেহ'লে ২৩ ছেপ্টেম্বৰত ইমান ভয়ানক ঘটনা সংঘটিত হোৱাৰ কাৰণ কি ? এটা ব্যক্তিগত টিভি চেনেলৰ টকশ্ব' এটাত উচ্ছেদিত গাঁওখনৰ লোক এজনে জনোৱাৰ মতে প্ৰশাসনৰ সৈতে তেওঁলোকে কৰা আলোচনা সঠিক দিশেৰে আগবাঢ়ি আছিল । কিন্তু, প্ৰশাসনৰ বাহিৰৰ মানুহ আহি তেওঁলোকক ধমকি দি যায় । প্ৰশাসনৰ বাহিৰৰ মানুহবোৰৰ এই কৰ্মকাণ্ডই স্বাভাৱিকতে উচ্ছেদিত লোকসকলক শংকাত ৰাখে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আন শক্তিয়ে (মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পি এফ আই) উচ্ছিদিতসকলক 'সহায়' কৰিবলৈ আগবাঢ়ি আহে । কোনো এটা পক্ষই যেতিয়া বাহিৰা শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া সমস্যাটোৰ তীব্ৰতা অধিক হৈ পৰে । বিশেষকৈ বাহিৰা শক্তিয়ে যিকোনো এটা পক্ষক উন্মাদ (দুয়ো পক্ষই উন্মাদ হ'লেতো ক'বই নালাগে) কৰি তুলিবলৈ সক্ষম হ'লে সমস্যাটোৱে নতুন সমস্যাৰ সৃষ্টি কৰে । গতিকে, উচ্ছেদৰ দৰে স্পৰ্শকাতৰ বিষয়ত সকলোৱে সহনশীলতা বজাই ৰখা উচিত । 

[প্ৰকাশিত, 'আমাৰ অসম', ৩০ ছেপ্টেম্বৰ ২০২১]



Sunday, 29 August 2021

দল বাগৰা ৰাজনীতিক


        ২০২১ চনৰ   অসম বিধানসভাৰ নিৰ্বাচনৰ কেইমাহমান আগৰে পৰাই ৰাজ্যখনত দল বাগৰা ৰাজনীতিকৰ জোৱাৰ উঠিছিল । দীৰ্ঘকাল ধৰি এটা ৰাজনৈতিক দলৰ হৈ সেৱা (?) আগবঢ়াই অহা একাংশ ৰাজনীতিকে সেই দলটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট নোপোৱাৰ পিছত টিকট লাভৰ আশাত ৰাতিটোৰ ভিতৰতে আন দলত যোগদান কৰিছে ।  এনেকুৱা ৰাজনীতিকো দেখা গৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এটা ৰাজনৈতিক দলৰ পৰা টিকট লাভ কৰি বেলট পেপাৰত নাম উঠাৰ পিছতো সেই দলটো ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে । যথাসময়ত নিৰ্বাচন হৈ গ'ল । নিৰ্বাচনৰ ফলাফলো ওলাল । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিলে । নিৰ্বাচিত হোৱাৰ পিছতো একাংশ ৰাজনীতিকে দল সলনি কৰি আছে । অৱশ্যে, নিৰ্বাচনৰ আগৰ আৰু পিছৰ দল ত্যাগত মাজত কিছু পাৰ্থক্য দেখা গৈছে । নিৰ্বাচনত পিছত বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰৱণতা বেছি হৈছে ।  কি কাৰণত একাংশ ৰাজনীতিকে বিৰোধী দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ?

      বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ কাৰণ হিচাপে দলত্যাগী ৰাজনীতিকে যুক্তি দিয়ে যে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এনে কৰিবলগীয়া হৈছে ।  তেওঁলোকে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে বিৰোধী দলত থাকিলে সমষ্টিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পোৱা নাযায় বা পোৱাৰ সম্ভাৱনা নাই । কিন্তু, ৰাইজৰ বুজিবলৈ বাকী নাথাকে যে একমাত্ৰ ক্ষমতাৰ লালসা আৰু ৰাজনৈতিক নিৰাপত্তাৰ বাবেহে তেওঁলোকে শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ।  

        কোনো সন্দেহ নাই যে কোনো এজন নামজ্বলা ৰাজনীতিকে দল ত্যাগ কৰিলে সেই দলটোৰ সাধাৰণ সদস্যসকলে মানসিক আঘাত পায় । দল ত্যাগ কৰিলে আদৰ্শত বিশ্বাসী ভোটাৰ আৰু সংশ্লিষ্ট দলটোৰ সাধাৰণ সদস্যসকলৰ প্ৰতি অন্যায়  আৰু অশ্ৰদ্ধা কৰা হয় । কিন্তু, ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আদৰ্শৰ ৰাজনীতি আছে যদিও ব্যতিক্ৰমৰ বাহিৰে আদৰ্শৰ ৰাজনীতি কৰা ৰাজনীতিক নাই । নক’লেও হ’ব যে অসমৰ সাম্প্ৰতিক ৰাজনীতিত ইয়াৰ প্ৰকোপ অধিক হৈছে । যোৱা দশকত অসম মুলকত দেখা গৈছে যে বেছিভাগ দল বাগৰা ৰাজনীতিকৰে জয়জয় ময়ময় অৱস্থা হৈছে । যিসকলে আদৰ্শৰ ৰাজনীতি কৰি দল ত্যাগ কৰা নাই তেওঁলোকৰ অৱস্থা ক্ৰমে বেয়াৰ ফাললৈ গতি কৰিছে । সুবিধাবাদী ৰাজনীতিকে এই গতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সুবিধা বুজি দল ত্যাগ কৰি আন দললৈ ঢাপলি মেলিছে । যিখন ৰাজ্যত দল বাগৰা ৰাজনীতিকে মুখ্য মন্ত্ৰীৰ আসন দখল কৰিবলৈ সুযোগ লাভ কৰে সেইখন ৰাজ্যত বিধায়ক বা সাধাৰণ ৰাজনীতিকে দল ত্যাগ কৰাত একো অস্বাভাৱিকতা নাই ।  এয়া ৰাজ্যখনৰ ভালৰ বাবে নে কালৰ বাবে হৈছে সেয়া আন এক প্ৰসংগ ।

     তাত্ত্বিক দৃষ্টিকোণেৰে ৰাজনীতিকসকল হ’ল ভোটাৰসকলৰ একো একোজন  মধ্যস্থ ব্যক্তি বা এজেণ্ট আৰু  ৰাজনৈতিক দলবিলাক একো একোটা এজেঞ্চী । ৰাজনৈতিক ক্ষেত্ৰখনত এই এজেণ্টসকলে ভোটাৰসকতলৈ বেছি সঠিক খবৰ পায় । সেই খবৰবোৰৰ ভিত্তিত তেওঁলোকে ৰাজনৈতিক আচৰণৰ পৰিৱৰ্তন কৰি থাকে । বুজিবলৈ বাকী নাই যে যিটো এজেঞ্চিত সা-সুবিধা বেছি সেই এজেঞ্চীটোতে তেওঁলোকে যোগদান কৰে ।     

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ আগষ্ট ২০২১]