Friday, 19 July 2013

ৰাভা হাছঙত তেজৰ বন্যা

ৰাভা হাছং এলেকা সঘনাই ৰক্তাক্ত হ’বলৈ ধৰিছে। ২০১১ চনৰ প্রথম ভাগত অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ সীমাঞ্চলত সংঘটিত গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষত মৃত্যু হোৱা লোকৰ তেজৰ চেঁকুৰা শুকুৱাই নাই, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (Rabha Hasong Autonomous Council) অঞ্চল ২০১৩ চনৰ ১২ ফেব্রুৱাৰিত আকৌ তেজৰে ৰাঙালী হ’ল। ১৩ ফেব্রুৱাৰিৰ গধূলিলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জন হ’ল। আহত লোকৰ সংখ্যা ৫০ জনতকৈ অধিক। অৱশ্যে, চৰকাৰী তথ্য মতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জনহে।
মূলত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত ৰাভাসকলৰ উদ্যোগত সংগঠিত অঞ্চলটোৰ ৩৪টা সংগঠনে পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰা আৰু তাৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে শাসনাধীষ্ঠ চৰকাৰৰ আঁকোৰ-গোজ মনোভাৱৰ বাবেই এই নিৰ্মম পৰিস্থিতিৰ উদ্ভৱ হ’ল। সংঘটিত পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াৰ ভাষ্য হ’ল-এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ কোনো পূৰ্বানুমান পোৱা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীতা কৰি অঞ্চলটোৰ ৩৪টা সংগঠন একত্রিত হৈছে, চৰকাৰৰ সৈতে হোৱা বিফল আলোচনাৰ পিছত যৌথ সংগ্রাম সমিতিয়ে হ’বলগা পৰিস্থিতিৰ বাবে চৰকাৰ সাজু থাকক বুলি বাতৰি কাকতযোগে বিবৃতি দিছে, বিৰোধীতাৰ ফলস্বৰূপে ২৩ জানুৱাৰিৰ পৰা ৭২ ঘন্টীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল বন্ধ ফলৱতী হৈছে, ১১ ফেব্রুৱাৰিলৈকে অঞ্চলটোত ভোটকেন্দ্র স্থাপনৰ বাবে ঠিক কৰা ২৬খন বিদ্যালয় দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। তাৰোপৰি ৩টা চৰকাৰী কাৰ্যালয়, দুটা পঞ্চায়ত কাৰ্যালয়, ৭খন গাড়ী, ৩খন বজাৰ, ৭খন দলং জ্বলাই দিছে আৰু ২জন প্রাৰ্থীক আক্রমণ কৰিছে। ইমানবোৰ ইংগিত পোৱাৰ পিছতো পূৰ্বানুমান নোপোৱা কথাটো দুৰ্ভাগ্যজনক হোৱাৰ উপৰিও চৰকাৰৰ দায়িত্বহীনতা আৰু আঁকোৰ-গোজ মনোভাৱৰ চৰম পৰিচয় দিলে। এই ক্ষেত্রত গোৱালপাৰা জিলা প্রশাসনৰ ভুমিকাও উলাই কৰিব নোৱাৰি। জিলা প্রশাসনে পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান লৈ ৰাজ্যিক নিৰ্বাচনী আয়ুত্তলৈ যথাযথ প্রতিবেদন প্রেৰণ নকৰাৰ ফলত আয়োগে অঞ্চলটোৰ পৰিস্থিতি আগতীয়াকৈ অধ্যয়ন কৰাৰ এটা সুযোগ হেৰুৱালে।
যৌথ সংগ্রাম সমিতিৰে চৰকাৰৰ আলোচনা ইতিবাচক নোহোৱাৰ পাছত চৰকাৰৰ ফালৰ মন্তব্য আছিল এনেধৰণৰ-ৰাভা হাছঙত পঞ্চায়ত নিৰ্বাচন হ’বই, অঞ্চলটোত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও পৰিস্থিতি উত্তপ্ত হ’ব, অনুষ্ঠিত নকৰিলেও উত্তপ্ত হ’ব। আচলতে নিৰ্বাচন অনুষ্ঠিত নকৰিলে পৰিস্থিতি যিমান উত্তপ্ত  হ’ব, অনুষ্ঠিত কৰিলে তাতকৈ কম উত্তপ্ত  হ’ব। ইয়াৰ পৰা বুজা যায়, হ’বলগীয়া ৰক্তাত্ত পৰিস্থিতি সম্পৰ্কে চৰকাৰৰ সঠিক অনুমানেই আছিল। আচল কথাটো হ’ল-চৰকাৰে বলপূৰ্বকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰহে পক্ষপাতি আছিল। চৰকাৰৰ বলপূৰ্কভাৱে অসমৰ জনজাতি এটাৰ বিপক্ষে গ্রহণ কৰা সিদ্ধান্ত নিশ্চয় সঠিক নাছিল। এফালে চৰকাৰে অঞ্চলটোত পঞ্চায়ত নিৰ্বাচনৰ বাবে লোৱা সিদ্ধান্তত অটল, আনফালে ৩৪টা সংগঠনে যিকোনো ত্যাগৰ বিনিময়ত নিৰ্বাচন বিৰোধীতা কৰাৰ সিদ্ধান্তত অটল হৈ থাকিল।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ‘ৰাভা চুক্তি’খনে কি কয়? ১৯৯৫ চনৰ ১০ মাৰ্চত সেই সময়ৰ অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ উপস্থিতিত অসম চৰকাৰৰ মুখ্য সচিব এ ভট্টাচাৰ্য আৰু ৰাভা নেতৃত্বত থকা শৰৎ চন্দ্র ৰাভা, গংগাৰাজ ৰাভা, ৰতন চন্দ্র ৰাভা আৰু সুলোচন ৰাভাৰ স্বাক্ষৰেৰে ‘ৰাভা চুক্তি’ (Rabha Accord) খন স্বাক্ষৰিত হয়। চুক্তিখনৰ ৫ নম্বৰ দফাত স্পষ্টভাৱে লিখা আছে, ‘……the provision of Assam Panchyat Act, 1994 and the Assam Municipal Act, 1994 (amended) shall not apply to the areas of the village included in RHVC’ (Rabha Hasong Village Council)। সেই মৰ্মে গোৱালপাৰা জিলাৰ ৩৮৭খন আৰু কামৰূপ জিলাৰ ৩৭৫ খন গাঁও প্রস্তাৱিত ৰাভা হাছঙৰ অন্তৰ্ভূক্ত গাঁও হিচাপে চিনাক্ত কৰাও হৈছে। চৰকাৰে স্পষ্টিকৰণ দিলে যে এই চুক্তিখনৰ ৫ নম্বৰ দফাটো ভুল আৰু অসাংবিধানিক। চৰকাৰৰ মতে, ৰাজ্য চৰকাৰ আৰু ৰাজ্য বিধান সভাৰ ৰাভা হাছং স্বায়ত্ত শাসিত এলেকাক পঞ্চায়ত আইনৰ বাহিৰত ৰখাৰ কোনো আইনগত অধিকাৰ নাই। ৰাভা হাছং চুক্তি সাক্ষৰিত হোৱাৰ পিছত অসম বিধানসভাৰ ১৯৯৫ চনৰ জুলাইত গৃহীত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ৰ পৰা ৰাভা চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দিয়া হৈছিল। অসম বিধান সভাত গৃহীত আইন অনুসৰিয়েই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত অন্তৰ্ৱতী পৰিষদে শপতগ্রহণ কৰি শাসনৰ দায়িত্বভাৰ গ্রহণ কৰিছিল। ২০০১ চনত অসম গণ পৰিষদৰ কাৰ্যকালত ‘ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আইন, ১৯৯৫’ সংশোধন কৰা হৈছিল যদিও তেতিয়াও ৰাভা হাছং চুক্তিৰ ৫ নম্বৰ দফাটো বাদ দি ৰখাই হৈছিল। ইয়াৰ পিছতো ৰাভা হাছং অন্তৰ্ৱতী পৰিষদ গঠন হৈছিল আৰু কোনেও এই ৫ নম্বৰ দফাৰ কথা উল্লেখ কৰি আপত্তি কৰা নাছিল। প্রশ্ন হ’ল-ৰাভা জনজাতিৰ মানুহখিনি সহজ সৰল হ’ল বুলিয়ে এনেকুৱা ভুল তথা অসাংবিধানিক চুক্তি এখন প্রস্তুত কৰি জনজাতিটোক বঞ্চনা কৰা হৈছে কিয়? আৰু যদি চৰকাৰৰ স্পষ্টিকৰণক এশ শতাংশ শুদ্ধ বুলি ধৰা হয়, তেন্তে ১৯৯৫ চনৰ জুলাইৰ পিছত গঠিত ৰাভা হাছং অন্তৰ্ৱতী পৰিষদৰ বিষয়বিবীয়াসকলৰ নামো দোষীৰ তালিকাত অন্তৰ্ভূক্ত নোহোৱাকৈ নাথাকে। অৱশ্যে এই ক্ষেত্রত বিতং অধ্যয়নৰ প্রয়োজন আছে। হয়তো চৰকাৰৰ এই নীতি ৰাভাসকলৰ মাজত ভুল বুজাবুজিৰ বীজ ৰোপনেৰে অন্তকলহ সৃষ্টিৰ উদ্দেশ্যও হ’ব পাৰে, তাৰ প্রতিও সজাগ হোৱা দৰকাৰ আছে।
অপ্রিয় হ’লেও সত্য যে ১২ ফেব্রুৱাৰিৰ ঘটনাটো উমি উমি জ্বলি থকা জুইকুৰাৰ বৰ্হিপ্রকাশহে। ৰাভাসকলে যোৱা ১০ বছৰ ধৰি জনজাতিটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী জনাই আহিছে। অঞ্চলটোৰ অৰাভাসকলে ৰাভাসকলৰ এই দাবীৰ তীব্র বিৰোধীতা কৰি আহিছে। যেতিয়ালৈকে ৰাভাসকলৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীটোৰ কোনো স্পষ্ট সমাধান পোৱা নাযাব, যদিও কাম্য নহয়, এনেধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈয়ে থকাৰ উমান নিশ্চয় সকলোৱে পাইছে। গতিকে, জনজাতিটো যদি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে উপযুক্ত হৈ উঠিছে তেনেহ’লে  ইতিমধ্যে অসম বিধান সভাত অগ্রাহ্য হোৱা খচৰা বিধেয়কখনৰ সালসললি ঘটাই পুনৰ উত্থাপন কৰা উচিত। কিন্তু সাৱধান হোৱা উচিত যাতে খচৰাখনক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰাৰ সুবিধা নাপায়। চৰকাৰেও খচৰাখনৰ উপযুক্ততা বিচাৰ কৰি গ্রহণযোগ্য হ’লে গ্রহণ কৰিব লাগে আৰু অগ্রাহ্য কৰিলে অগ্রাহ্যৰ কাৰণবোৰ স্পষ্টভাৱে দাঙি ধৰিব লাগে। অগ্রাহ্যৰ কাৰণবোৰ যুক্তিসংগত হ’লে ৰাভা জনজাতিটোৱে সহনশীলতা বজাই ৰাখি কেনেকৈ উপযুক্ত কৰি তুলিব পাৰি তাৰ কৌশল উদ্ভাৱনত মন দিব লাগে। আকৌ সাৱধান হ’ব লাগে যাতে ইয়াৰ বাবে সৰ্বসাধাৰণ মানুহৰ জীৱন বলি দিবলগীয়া নহয়। কাৰণ, কি শিক্ষিত, কি অশিক্ষিত, উত্তেজিত জনতাই উত্তেজনাৰ সময়ত ‘পঞ্চায়তীৰাজ কি?’ যেনেদৰে বুজি নাপায় ‘ৰাভা হাছং স্বায়ত্তশাসন পৰিষদ কি?’ তাকো স্পষ্টকৈ বুজি নাপায়। বুজা উচিত যে প্রাপ্য সা-সুবিধা নোপোৱালৈকে বিভিন্ন আন্দোলনবিলাক অব্যাহত থাকিব, সঁচা-মিছা নজনাকৈয়ে উত্তেজনাৰ বসৱৰ্তী হৈ সংঘৰ্ষৰ সূত্রপাত হ’ব, সংঘৰ্ষত সাধাৰণ মানুহৰ মৃত্যু ঘটিব, ৰাজহুৱা শ্রাদ্ধত মৃতকক শ্বহীদ হিচাপে ঘোষণা কৰা হ’ব, নেতৃত্বৰ দায়িত্ব এটা্ প্রজন্মৰ পিছত আন এটা প্রজন্মই ল’ব; কিন্তু যিসকলে তেওঁলোকৰ আপোনজনক অকালতে চিৰদিনৰ বাবে হেৰুৱালে চৰকাৰে আগবঢ়োৱা নগদ পাঁচলাখ টকাই জানো পূৰণ কৰিব পাৰিব?
এইখিনিতে এটা কথা উল্লেখ কৰাৰ প্রয়োজন যে চৰকাৰৰ সৈতে ৩৪টা সংগঠনৰ আলোচনা বিফল হোৱাৰ পিছতে অঞ্চলটোত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিলে। বিদ্যালয় গৃহ, চৰকাৰী কাৰ্যালয় গৃহ, কাঠৰ দলং আদি দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে। ইয়াত দুষ্কৃতিকাৰীসকল কোন? দুষ্কৃতিকাৰী বুলি স্বাভাৱিকতে ৰাভা জনজাতিৰ লোক আৰু ৩৪টা সংগঠনলৈ আঙুলি টোওৱাৰ প্রৱণতা আছে (যিহেতু কোনেও দায়িত্ব স্বীকাৰ কৰা নাই) যদিও সঁচা কথাটো হ’ল এই ছেগতে জনজাতিটোৰ বিদ্ধেষী কিছুমান লোকৰ দ্বাৰাও এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আচল কথাটো হ’ল-দুষ্কাৰ্য যিয়ে নকৰক, এটা অঞ্চলৰ আন্ত:গাঠনি ক্ষতিগ্রস্ত হ’লে সমগ্র অঞ্চলটোৰে ক্ষতি হয়।    
শেষত, অবাঞ্চিত পৰিস্থিতিৰ বাবে অঞ্চলটোৰ যি কেইটা পঞ্চায়ত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল, চৰকাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত দিছে। যদি সেয়াই হয়, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ অঞ্চল কম সময়ৰ ভিতৰতে আকৌ এবাৰ তেজৰে প্লাৱিত হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। গতিকে সংঘটিত হৈ যোৱা ৰক্তাক্ত পৰিস্থিতিৰ দৰে পৰিস্থিতি যাতে দুনাই সংঘটিত নহয় তাৰ বাবে দুয়ো পক্ষই আঁকোৰ-গোজ মনোভাৱ পৰিত্যাগ কৰি সহনশীলতা বজাই ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰাহে উচিত হ’ব।


Thursday, 6 June 2013

আপোনাক বাৰু কেতিয়া বেছিকৈ লাজ লাগে?


বিভিন্ন সময়ত বিভিন্ন কামৰ বাবে লাজত নপৰা মানুহ হয়তো খুব কমেইহে ওলাব। কেতিয়াবা যদি নিজে কৰা ভুলৰ বাবে লাজত পৰিছোঁ। কেতিয়াবা আকৌ আত্মীয়-স্বজনে কৰা ভুলৰ বাবে লাজ লগা পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। কিন্তু দুটা পৰিস্থিতিত মোৰ সকলোতকৈ বেছি লাজ লাগে। প্রথম, কোনোবা বিশ্বাসী মানুহে মিছা মতাৰ পিছ মূহুর্ততে যদি তেখেত ধৰা পৰে। হাতে হাতে মোবাইল হোৱাৰে পৰা বেছিকৈ এই পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। ‘আপোনাক লগ কৰিব বিছাৰিছোঁ, অনুগ্রহ কৰি ক’ত আছে জনাবনে? অমুক স্থানত আছে নেকি?’ বুলি ফোনতে অনুমতি ল’ব বিছাৰিলে, লগ দিব নিবিচৰা মহান ব্যক্তিসকলে ‘অমুক স্থানত নাই’ বুলি কৈ আন এঠাইত থকা বুলি জনায়। কিন্তু পিছ মূহুর্ততে লগ পাব বিচৰা স্থানতে যেতিয়া তেখেতক দেখা পাওঁ নিজকে বৰ অদৰকাৰী মানুহ যেন অনুভৱ হয় আৰু খুউব লাজ লাগে। দ্বিতীয়, বিপদৰ সময়ত মোৰ পৰা টকা ধাৰে লোৱা মানুহে যদি কোনোদিন টকাখিনি ঘুৰাই দিয়াৰ কথা নাভাবে আৰু মোক দেখিলে নেদেখাৰ ভাও জুৰি অচিনাকি মানুহৰ দৰে আচৰণ কৰে অথচ বন্ধু বর্গৰ সৈতে মদ, ভাং খাই টকা উৰুৱাই থাকে, মই খুউব বিৰক্তি অনু্ভৱ কৰোঁ আৰু লাজ পাওঁ। ময়ো তেখেতক দেখিলে অচিনাকি মানুহৰ দৰে আচৰণ কৰিহে কিছু শান্তি পাওঁ।আপোনাক বাৰু কেতিয়া বেছিকৈ লাজ লাগে?


(প্রকাশিত, ‘প্রান্তিক’ ১-১৫ জুন, ২০১৩)


Saturday, 26 January 2013

অসমৰ মানুহ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কেতিয়া সজাগ হ’ব?


নিৰক্ষৰ মানুহৰ কথা নকওঁ, অসমৰ সৰহসংখ্যক সাক্ষৰ (যিসকল প্রকৃততে শিক্ষিত নহয়) মানুহেই ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগ নহয়। মাত্র দুটা অভিজ্ঞতাৰ বিষয়ে ক’ব খুজিছোঁ। যোৱা অক্টোবৰ মাহৰ ৩১ তাৰিখে আমাৰ মহাবিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীক গুৱাহাটী বিশ্ববিদ্যালয়খন দেখুৱাবলৈ নিয়া হৈছিল। সৰুপানী লগাত প্রশাসনিক ভৱনৰ প্রস্ৰাৱগাৰ এটাত সোমালোঁ। সৰ্বনাশ! দুৱাৰখন খুলিয়েই দেখিলোঁ মানুহৰ বিষ্ঠা। দুৱাৰ, বেৰ আদিত লাগি থকা চূণ, তামোলৰ পিক আদিৰ কথা নক’লোঁৱেইবা। দ্বিতীয় অভিজ্ঞতাটো হ’ল-মই মহাবিদ্যালয়খনৰে ঘৰ এটাত থাকোঁ। ঘৰটোৰ ওপৰৰ মহলাৰ কোঠাবোৰত মে’ আৰু ডিছেম্বৰ মাহত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পৰীক্ষা কেন্দ্রবোৰৰপৰা অহা ষাণ্মাসিক পৰীক্ষাৰ উত্তৰ বহী মূল্যায়ন কৰিবলৈ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আহে। ডাষ্টবিন থকা সত্তেও কিছুমান অধ্যাপক-অধ্যাপিকাই চাহ খোৱা প্লাষ্টিকৰ কাপ, তামোলৰ পিক আদি নিৰ্লজ্জভাৱে দুৱাৰ, খিৰিকী আদিয়েদি যেনি-তেনি পেলাই দিয়ে। বিদেশৰ পৰা ঘুৰি আহি তেওঁলোকৰ দৰে অধ্যাপক-অধ্যাপিকাই অসমীয়া ভাষাৰ বিভিন্ন আলোচনীত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সুন্দৰ সুন্দৰ ভ্রমণ কাহিনী লিখে।


 (প্রকাশিত, 'প্রান্তিক', ১৬-৩১ জানুৱাৰি, ২০১৩)

Monday, 5 November 2012

পুলিচ আৰু বাছৰ ভাৰা


যোৱা ১৪ জুলাই ২০১২ তাৰিখে ধূপধৰাৰ বাছ আস্থানত গুৱাহাটী অভিমুখী বাছ এখনত উঠিলো। বাছখন কিছুদূৰ চলাৰ পাছত স্বাভাৱিকতে বাছখনৰ পৰিচালকজনে গাড়ী ভাৰা ল’বলৈ ধৰিলে। মোৰ ঠিক পাছফালে বহা যাত্রীজনে উপযুক্ত ভাৰাতকৈ কম দিলে। ধূপধৰাৰ পৰা মিৰ্জালৈ ভাৰা ত্রিছ টকা। কিন্তু যাত্রীজনে বিছ টকাহে দিলে। পৰিচালকজনে ‘বিছ টকাত নহ’ব দাদা’ বুলি নেৰানেপেৰাকৈ ত্রিছ টকা বিচাৰি থকাত যাত্রীজনে প্রায় ধমকিৰ সুৰত ক’লে যে তেওঁ বুলিহে বিছ টকা দিলে। তেওঁ হেনো পুলিচত কাম কৰে। পৰিচয় পত্রখনো দেখুৱালে। গতিকে, তেওঁ এটকাও নিদিয়াকৈ বাছখনত উঠিব পাৰিলেহেঁতেন। ওচৰত বহি থকা সকলোবোৰ যাত্রীয়ে তেখেতৰ ফালে চালে। পুলিচৰ পোছাকত নথকা মানুহজনক বাৰু কোনেনো চিনি পাব যে তেওঁ পুলিচৰ চাকৰি কৰা বুলি? কথা হ’ল, পুলিচৰ চাকৰি কৰা মানুহে কৰ্তব্যত নাথাকিলেও বাছ ভাৰা নিদিয়াকৈ যাত্রা কৰিব পাৰে নেকি?


প্রকাশিত 'প্রান্তিক', ১-১৫ নৱেম্বৰ ২০১২

Monday, 20 August 2012

অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে (Regarding Ethnic Conflict in Assam)


শেহতীয়াকৈ অসমত গোষ্ঠীগত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ২০১১ চনৰ প্রথম ভাগত অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ সীমাঞ্চলত সংঘটিত গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ ফলত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন প্রক্রিয়া সম্পৰ্ণ হোৱাই নাই, বড়োভূমিত আৰু এক ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষৰ সূত্রপাত হ’ল। অৱশ্যে ইয়াৰ আগতেও বড়োভূমিত বহুবাৰ গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনৰ সময়ছোৱাত বড়োসকলে চাণ্ঠালসকলৰ ওপৰত অমানুসিক আক্রমণ চলাইছিল। যাৰ ফলত ৩০০ চাওতালৰ মৃত্যু হৈছিল আৰু ২,৮০,০০ লোক স্থানান্তৰিত হ’ব লগা হৈছিল (ড° ননীগোপাল মহন্ত, ‘অমাৰ অসম’, ২৬ আৰু ২৭ জুলাই ২০১২, প্রথম পৃষ্ঠা চাব পাৰে)। সংবাদ মাধ্যমে ঢুকি নোপোৱা পাহাৰীয়া জিলাসমূহত সঘনে সংঘটিত গোষ্ঠীগত সংঘৰ্ষসমূহতো আছেই।
মূলত, অঞ্চল বিশেষে সংখ্যাগৰিষ্ঠ জনজাতিসমূহে সাংবিধানিকভাবে সুকীয়া মৰ্যদা বিচাৰি দাবী উত্থাপন কৰা আৰু সংশ্লিষ্ট অঞ্চলটোৰ সংখ্যালঘু লোকসকলে (ইয়াত সংখ্যালঘু বোলোতে সংশ্লিষ্ট অঞ্চলটোৰ সংশ্লিষ্ট জনজাতিটোৰ বাহিৰে সকলোবোৰ লোককে সামৰি লোৱা হৈছে) তাৰ বিৰোধীতা কৰাৰ ফলতে গোষ্ঠীগত সংঘৰ্ষসমূহ সংঘটিত হৈ আহিছে। যেনে-বি টি এ ডি আঞ্চলত বড়োসকলে সুকীয়া বড়ো ৰাজ্য বিচাৰি উত্থাপন কৰা দাবী অঞ্চলটোৰ অনাবড়োসকলে বিৰোধীতা কৰি অহাৰ ফলতে অঞ্চলটোত শেহতীয়াকৈ ভয়াভহ গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হ’ল। সেইদৰে ৰাভা সংখ্যাগৰিষ্ঠ অঞ্চলত ৰাভাসকলে তেওঁলোকক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে জনজাতিটোৱে দাবী উত্থাপন কৰি থকাৰ ফলস্বৰূপে অঞ্চলটোৰ সকলোবোৰ অৰাভা, গাৰোসকলৰ পক্ষত পৰোক্ষ সহযোগ আগবঢ়াই দিয়াৰ ফলত গাৰো-ৰাভা গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছিল। আৰু এনে পৰিস্থিতিৰ উদ্ভৱ হ’লেই সদায় সুযোগৰ সন্ধানত থকা কু-চক্রবোৰে জ্বলা জুইত ঘিউ ঢালি হিংসাৰ জুইকুৰা দপদপাই জ্বলাত উৎসাহ যোগায়।
পাহাৰীয়া জিলাকেইখনত সংঘটিত গোষ্ঠী সংঘৰ্ষবোৰৰ বাহিৰে যিমানবোৰ গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে, তাৰ কাৰণ ৰাজ্যখনলৈ অবৈধ অনুপ্রৱেশ আৰু ৰাজ্য চৰকাৰৰ বিফলতা বা বিষয়টোৰ প্রতি অনিহাই যে দ্বায়ী তাত সন্দেহ নাই। অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৰাষ্ট্রীয় নাগৰিক পুঞ্জীকৰণ (National Registration of Citizens)কাৰ্যসূচী কাৰ্যকৰী কৰিব নোৱাৰা বা নকৰাটোৱে ইয়াকে প্রমাণ কৰে। তদুপৰি অবৈধ অনুপ্রৱেশকাৰীসকলক লৈ ৰাজনৈতিক দলসমূহে ভোট বেংকৰ দৰে নিকৃষ্ট ৰাজনীতি কৰি থকাটোও সচেতন নাগৰিক মাত্রেই নুবুজাকৈ থকা নাই। গতিকে, কিছু পলমকৈ হ’লেও অসমৰ ভূমিপুত্ৰ বুলি দাবী কৰা প্রতিটো জনজাতিয়ে নিজেই নিজৰ পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ চেষ্টা কৰিবলৈ বাধ্য হৈছে। যদিও, কথাকথিত অসমীয়াসকলৰ জনজাতীয় লোকসকলৰ প্রতি অৱহেলা মনোভাৱৰ বাবে নিজস্ব পৰিচয় (Identity) দাঙি ধৰাৰ উদ্দেশ্যে জনজাতিসকলে আন্দোলন আৰম্ভ কৰিছিল, আজিৰ তাৰিখত সেয়া লঘু হৈ পৰিছে। কাৰণ তেওঁলোকে সেই উদ্দেশ্যত কিছু হ’লেও উপনিত হ’বলৈ সক্ষম হৈছে।
অসমৰ ২৩টা জনজাতিৰ ভিতৰত বড়োসকলৰ জনসংখ্যাই হ’ল আটাইতকৈ বেছি। ৯০ ৰ দশকত বড়োসকলেই প্রথমে নিজৰ অস্তিত্ব তথা পৰিচয় দাঙি ধৰাৰ লগতে জনজাতিটোৰ সৰ্বাংগীন উন্নয়নৰ উদ্দেশ্যে এককভাবে আন্দোলনৰ সূত্রপাত ঘটাইছিল। বড়োসকলে কিছু সুফল পোৱা দেখি ৰাজ্যখনৰ আন জনজাতিসমূহেও একেটা পথকে অনুসৰণ কৰিবলৈ ল’লে। প্রায়বোৰ জনজাতিৰে গণতান্ত্রিক পদ্ধতিৰ প্রতি আস্থা নথকা একাংশ লোক সহস্ত্র সংগ্রামতো নামি পৰিল। সমস্যা হ’ল-সংশ্লিষ্ট জনজাতিটোৱে যিটো অঞ্চল তেওঁলোকৰ বুলি সাংবিধানিক স্বীকৃতিৰ দাবী উত্থাপন কৰে সেই অঞ্চলটোত আন জাতি-জনজাতি বা ধৰ্মৰ লোকো বসবাস কৰে। বৈচিত্রতা ভাৰতবৰ্ষৰ এটা বৈশিষ্ঠই। তেওঁলোকক উপেক্ষা কৰি সংশ্লিষ্ট জনজাতিটোৱে এক বিশেষ সাংবিধানিক মৰ্যদা বিচাৰিলে আন জাতি, জনজাতি বা ধৰ্মৰ লোকসকলে স্বাভাৱিকতেই বিৰূদ্ধাচৰণ কৰিব। অসমত সম্প্রতি সেয়াই হৈছে। এই ক্ষেত্রত সংঘৰ্ষৰ জ্বলা জুইত দুয়ো ফৈদৰ সহস্ত্র বাহিনীয়ে পৰোক্ষভাবে উৎসাহ যোগাই পৰিস্থিতি অধিক উত্তপ্ত কৰা নাই বুলি ক’ব নোৱাৰি।  
  কোনো সন্দেহ নাই, সমগ্র অসমৰ লগতে নামনি অসমত বিভিন্ন জনজাতিয়ে তেওঁলোকক বিশেষ সাংবিধানিক মৰ্যদা দিব লাগে বুলি দাবী উত্থাপন কৰা অঞ্চলসমূহতো অবাধ অবৈধ অনুপ্রৱেশকাৰীয়ে অঞ্চলটোৰ জনসংখ্যা গাঁথনিৰ ওপৰত চিন্তনীয়ভাৱে প্রভাৱ পেলাইছে। অবৈধ অনুপ্রৱেশকাৰী বোলোতে ১৯৭১ চনৰ পাছত অসমলৈ প্রব্রজন ঘটা সকলোবোৰ বিদেশীকে সামৰি লোৱা হৈছে যদিও অঞ্চলটোত অবৈধ বাংলাদেশীৰ অনুপ্রৱেশৰ প্রকোপেই যে বেছি তাত দ্বিমত নাই। মানৱীয় দৃষ্টিভংগীৰে অবৈধ বাংলাদেশীসকলেও মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। যিখন দেশৰ জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গকিল’মিটাৰত ১,২০০ জনতকৈ অধিক সেইখন দেশৰ জনসংখ্যাই মৌলিক প্রয়োজনৰ তাড়নাত চুবুৰীয়া দেশখনত অবৈধভাৱে অনুপ্রৱেশ কৰাটোৱেই স্বভাৱিক। দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী হ’লে কথাটো বেলেগ হ’লেহেঁতেন।। ভাৰতবৰ্ষৰ অৱস্থা যদি বাংলাদেশ আৰু বাংলাদেশৰ অৱস্থা ভাৰতবৰ্ষৰ দৰে হ’লেহেঁতেন, পৰিস্থিতি সম্পূৰ্ণ  ওলোটা হ’লেহেঁতেন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অবৈধ বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘিষ্ঠ কৰক আৰু নিজৰ ভূমিতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওক। গতিকে, অঞ্চলটোৰ প্রতিজন অবৈধ অনুপ্রৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্রৱেশ ৰোধ কৰা অতি আৱশ্যক। বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনজাতীয় সংগঠনসমূহে দীৰ্ঘ দিন ধৰি মাত মাতি আছে যদিও চৰকাৰৰ ফালৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই।
ইফালে চৰকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কাম আৰম্ভ কৰিলেই ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ বিভিন্ন সংগঠনসমূহে বাধা আৰোপ কৰি আহিছে। প্রশ্ন হ’ল, অসমত অবৈধ অনুপ্রৱেশকাৰী যদি নায়েই চৰকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কামত হাত দিলে এই সংগঠনসমূহে জাঙুৰ খাই উঠিব লাগে কিয়? উপযুক্ত তথ্যপাতিৰ যোগান ধৰিব পৰিলে কোনো লোকেই বিদেশী বুলি চিনাক্ত হোৱাৰ ভয় নাথাকে।
মুঠ কথা, চৰকাৰে যিকোনো প্রকাৰে ৰাষ্ট্রীয় নাগৰিকপুঞ্জীৰ কাম কাৰ্যকৰী কৰিব লাগে আৰু এই ক্ষেত্রত ৰাজ্যখনৰ প্রতিটো জাতি, জনজাতি বা ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকে সহযোগ আগবঢ়াব লাগে। অন্যথা, অসমত এনেধৰণৰ গোষ্ঠী সংঘৰ্ষ সাধাৰণ ঘটনা হিচাপে গ্রহণ বা অৱজ্ঞা কৰিব পৰাৰ শক্তি আহৰণ কৰিবলৈ আৰম্ভ কৰক।      


প্রকাশিত, ‘প্রান্তিক’, ১৬ আগষ্ট ২০১২ 

Saturday, 14 January 2012

চাকৰিৰ প্রথম মাহৰ দৰমহা


চাকৰিত যোগদান কৰাৰ পাঁচমাহৰ মূৰত দৰমহাটো পালো। এপেক্স বেংকত কাম কৰা মোৰ সম্পৰ্কীয় দাদা এজনে মোক কৈছিল যে চাকৰিৰ প্রথম মাহৰ দৰমহাটো পালে হেনো মনত আনন্দই নধৰা হয়। পাঁচমাহৰ মূৰত দৰমহাটো পোৱাৰ পাছত যোগ-বিয়োগৰ অংক এটা কৰি দেখিলো যে মই পাবলগা প্রথম মাহটোৰ দৰমহা দেখোন নাথাকিলেই। পাঠকসকলে নিশ্চয় ধৰিব পাৰিছে, মই কিহৰ যোগ-বিয়োগৰ অংক কৰিছো। সন্মানীয় চাকৰিটোৰ বাবে বাছনিত উঠাৰ পাছৰে পৰা দৰমহাটো পোৱালৈকে কিমান যে অসন্মানীয় কাম কৰিব লগা হ’ল, মনত পৰিলে গোটেই ব্যৱস্থাটোৰ প্রতি ঘৃণাৰ ভাব ওপজে।

Sunday, 2 October 2011

উৎকোচ দিয়াৰ পাছত শ্রদ্ধাৰ ভাৱ আৰু নাথাকে

কিছুমান কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াজনক উৎকোচ নিদিলে চহী এটাৰ বাবে বহুত দিন, বহুত মাহ বাদ চাব লগা হয়। ‘মোৰ কামটো কৰি দিয়ক ছাৰ’ বুলি অনুৰোধ কৰিলে বহু লাঞ্চনাও (Harassment) সহ্য কৰিব লগা হয়। তাকে নকৰি টকা এশ বা দুশ গুজি দিলে কামটো হ’বলৈ পাঁচমিনিটো নালাগে। চহী এটাৰ বাবে উৎকোচ দিবলৈ সাধাৰণতে ভাল নালাগে। তাতোকৈ ডাঙৰ কথাটো হ’ল উৎকোচ দিয়াজনো দুৰ্নীতত লিপ্ত হৈ পৰে। ছাত্ৰ জীৱনত বৃত্তিৰ টকা মোকোলোৱাৰ পৰা চাকৰিত যোগ দিয়ালৈকে মোৰ এনে অভিজ্ঞতা বহুত হ’ল। সঁচা কথা ক’বলৈ হ’লে, আজিকালি চহী এটাৰ বাবদ সংশ্লিষ্ট বিষয়াজনক মাননি অলপ আগবঢ়াই কামটো কৰাবলৈ মোৰ অলপো সংকোচ ভাৱ নাহে। কেনেকৈ তেখেতক অকলশৰীয়াকৈ লগ কৰি টকা এশ বা দুশ গুজি দিব পাৰোঁ সেই ধান্দাতহে থাকোঁ। এনে কৰাৰ ফলত মোৰ তিনিটা লাভ হয়-(ক) মোৰ কামটো সোনকালে হৈ উঠে, ফলত মোৰ কায়িক তথা মানসিক শ্রম আৰু আন আনুসাংগিক খৰচ যেনে-কাৰ্যালয়টোলৈ বাৰে বাৰে যাবলগা হোৱাৰ বাবে যাতায়ত, খোৱা-বোৱা, থকা-মেলা (সংশ্লিষ্ট কাৰ্যালয়টো ঘৰৰ পৰা বহুত দূৰত হ’লে কামটো নোহোৱালৈকে হোটেল বা ল’জত ভাৰা কৰি থাকিব লগা হয়) আদি কমি যায়, (খ) লাঞ্চনা দৰে অসহ্যকৰ অৱস্থাৰ সম্মুখীন হ’ব লগা নহয়, আৰু (গ) তেখেতৰ প্রতি থকা মোৰ শ্রদ্ধাৰ ভাৱ নাইকিয়া হৈ যায়। মই তেখেতক মোতকৈ বহুত তলৰ খাপৰ মানুহ হিচাপে গণ্য কৰিব পৰা হওঁ। প্রসংগক্রমে কেতিয়াবা তেনেকুৱা বিষয়াৰ কথা ওলালে বিষয়াজনৰ নামটো উচ্চাৰণ কৰাৰ আগেয়ে বান্দৰ, কুকুৰ জাতীয় শব্দ ব্যৱহাৰ কৰাৰ উপৰিও তিনিটামান অশ্লীল ধৰণৰ বিশেষণ ব্যৱহাৰ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ। ‘ছাৰ’ সম্বোধনটো মুখত নাহেই।
এইখিনিতে, ভাৰতৰ প্রধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ (Prime Minister’s Economic Advisory Board) সদস্য কৌশিক বসুৰ উৎকোচ ৰোধৰ শেহতীয়া উপদেশটোৰ বিষয়ে জানি থোৱা ভাল হ’ব। তেখেতৰ মতে, নাগৰিক এজনে লাঞ্চনাৰ সম্মুখীন নহ’বৰ বাবে বিষয়া এগৰাকীয়ে বিচৰা ধৰণে উৎকোচ দিয়াৰ ক্ষেত্ৰত নাগৰিকজনক আইনে ৰক্ষণাবেক্ষণ দিব লাগে আৰু উৎকোচ লোৱাজনক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে উৎকোচৰ দৰে দুৰ্নীতি সহজে নিৰ্মূল হ’ব, কাৰণ এই ব্যৱস্থাত কোনজন বিষয়া বা পিয়নে উৎকোচ ল’ব বিচাৰিছে তেখেতক সহজে চিনাক্ত কৰিব পৰা যাব আৰু ইয়াৰ ভয়ত উৎকোচ ল’বলৈ তেওঁলোক সহজে সাহস নকৰিব।  বিভিন্ন টি ভি চেনেলৰ সাক্ষাৎকাৰত প্রকাশ কৰামতে, এই পদ্ধতিটোৰ সমৰ্থনত তেখেতে দেশখনৰ বিভিন্ন অঞ্চলৰ পৰা বহুত চিঠি-পত্র পাইছে।


(প্রকাশিত, ‘প্রান্তিক’ ১-১৫ নৱেম্বৰ, ২০১১)