Thursday, 5 March 2015

ৰাজহুৱা প্ৰতিষ্ঠানত নিম্নতম প্ৰয়োজনীয়তাৰ অভাৱ

      NET, SET পৰীক্ষা বা চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা আদিৰ বাবে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত, বিশেষকৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ সুবিধা পাইছোঁ। তেনে শিক্ষানুষ্ঠানসমূহৰ চৌপাশ পৰিদৰ্শন কৰি এটা উমৈহতীয়া অভিজ্ঞতা লাভ কৰিছোঁ যে প্ৰায়বোৰ শিক্ষানুষ্ঠানৰে নিজৰ ছাত্ৰ-ছাত্ৰী বা আমাৰ দৰে পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীৰ বাবে ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা ৰখা প্ৰসাৱগাৰ আৰু পায়খানাসমূ্হৰ অৱস্থা অতি ঘৃণনীয়। ইয়াৰ ভিতৰত অসমৰ কিছুমান নামী (?) মহাবিদ্যালয়ো আছে। দেখিলেই বুজি উঠে, প্ৰসাৱগাৰ আৰু পায়খানাসমূহ কোনোদিন চাফা নকৰে বা নকৰায়। দুৰ্গোন্ধই চৌদিশ আমোলমোলাই (?) থাকে। কিছুমানত আকৌ প্ৰসাৱগাৰতে মানুহৰ বিষ্ঠাও থাকে। পানীৰ সুবিধাও নাই। সুবিধা পালেই সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰীক লগ কৰি শিক্ষানুষ্ঠানখনৰ মূৰব্বীগৰাকীৰ প্ৰসাৱগাৰ আৰু পায়খানা কেনেকুৱা সুধিবলৈ নাপাহৰোঁ। তেওঁলোকে অতি আক্ষেপেৰে জনায় যে অধ্যক্ষ ছাৰ বা বাইদেউৱে বহা কোঠালিটোৰ গাতে লগাকৈ তেখেতৰ বাবে ধুনীয়া প্ৰসাৱগাৰ আৰু পায়খানা থাকে। সেইদৰে অধ্যাপক/অধ্যাপিকাসকলৰ বাবেও উপযুক্ত প্ৰসাৱগাৰ আৰু পায়খানাৰ ব্যৱস্থা থাকে।  
    ‘প্ৰান্তিক’ৰ কোনোবা এটা সংখ্যাৰ (সংখ্যাটো মনত পৰা নাই) সম্পাদকৰ কোঠালিত পঢ়িবলৈ পাইছিলোঁ যে প্ৰতিষ্ঠান এটাৰ প্ৰশাসকগৰাকীৰ দক্ষতাৰ বিষয়ে জানিবলৈ হ’লে প্ৰতিষ্ঠানটোৰ প্ৰসাৱগাৰ আৰু পায়খানাসমূহ পৰিদৰ্শন কৰিলেই সকলো চাফা হৈ পৰে। ব্যাখ্যা নিষ্প্ৰয়োজন।
    আমাৰ অনুৰোধ, উল্লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰা স্থানসমূহ এবাৰ পৰিদৰ্শন কৰি ল’ব লাগে। যিবোৰ শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানত উপযুক্ত প্ৰসাৱগাৰ বা পায়খানা নাই তেনে স্থানত পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে। আচৰিত কথাটো হ’ল, উপযুক্ত প্ৰসাৱগাৰ আৰু পায়খানা নথকা শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানৰ কৰ্তৃপক্ষই কিহৰ আশাত তেওঁলোকৰ প্ৰতিষ্ঠানত তেনে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহে? নামৰ বাবে?  

                   [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৫]   

সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ৰাজহুৱা ধন কেনেকৈ আহে?

   ঊনপঞ্চাছ দিনৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ পদত্যাগ কৰাৰ পাছত চৰকাৰী কাম কৰাৰ চমু অভিজ্ঞতা সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত অৰবিন্দ কেজৰিৱালে ‘সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিবলৈ পইচাৰ অভাৱ নাই’ বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়াইছিল। কেজৰিৱালে কিয় দিল্লীৰ মুখ্য মন্ত্ৰীৰ আসনখন এৰিলে সেয়া আন এটা বিষয়। শিক্ষিত তথা সচেনত নাগৰিক মাত্ৰেই জ্ঞাত যে সাংবিধানিক নীতি-নিৰ্দেশনা অনুসৰি বিত্ত আয়োগ আৰু পৰিকল্পনা আয়োগৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিয়মীয়াকৈ বিভিন্ন পথেৰে ধনৰ যোগান ধৰি থাকে। তদুপৰি ৰাজ্য চৰকাৰ তথা স্থানীয় চৰকাৰসমূহে নিজাকৈ ৰাজহ সংগ্ৰহ কৰি ব্যয় কৰাৰ ক্ষমতা লাভ কৰে।
   ভাৰতৰ সংবিধানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰসমূহৰ ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ ক্ষমতা সম্পৰ্কে কিছুমান দফা সন্নিৱিষ্ট আছে। সংবিধানখনৰ 280 (3) (a) অনুচ্ছেদ অনুসৰি বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে আৰু বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰিয়েই ৰাজ্য চৰকাৰসমূহলৈ ধন আৱণ্টন দিব লাগে। সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ সাহাৰ্য প্ৰদান কৰিব পাৰে। যিকোনো ৰাজহুৱা উদ্দেশ্যৰ বাবে সাহাৰ্য (Grants for any public purpose) প্ৰদান কৰিব পৰাকৈ ভাৰতৰ সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি ব্যৱস্থা আছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি ব্যয় কৰিবলৈ পোৱা ধন পৰিকল্পনাযোগে বিভিন্ন আঁচনি যুগুত কৰাৰ সুবিধা গ্ৰহণ কৰি ব্যয় কৰে। সংবিধানৰ 280 আৰু 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০১৩-১৪ বাজেট বৰ্ষত মুঠ ৫,৮৭,০৮২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। একে বাজেট বৰ্ষতে সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি মুঠ ৫,৫৫,৩২২ কৌটি টকা নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সংবিধানে প্ৰদান কৰা ৰাজহ সংগ্ৰহ কৰিব পৰা ক্ষমতাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে দেশৰ বাহিৰৰ পৰা ঋণ আৰু সাহাৰ্য গ্ৰহণ কৰে। এই আটাইবোৰ উৎসৰ ধনৰাশি কিছুমান বিশেষ পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। ধৰি লোৱা হয় যে উল্লিখিত উৎসসমূহৰ পৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে অহাৰ পথত নিৰ্ধাৰিত ধনৰাশিৰ কোনো হেৰফেৰ নহয়। অৱশ্যে, বাস্তৱত কি হৈ আছে সেয়া আলোচনা কৰা এই লেখাটোৰ উদ্দেশ্য নহয়।      
   এইখিনিতে স্পষ্ট কৰি থোৱা ভাল হ’ব যে আমাৰ লেখাটোত কেৱল ৰাজহুৱা ধনৰ উন্নয়ন ব্যয় (Developmental Expenditure) শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে সেই সম্পৰ্কেহে আলোচনা কৰা হৈছে। ৰাজহুৱা ধন ব্যয়ৰ আনটো শিতান: অনা-উন্নয়ন ব্যয়ৰ (Non-Developmental Expenditure) ধন কেনেদৰে ব্যয় কৰা হয় সেই সম্পৰ্কে ইয়াত সামৰি লোৱা হোৱা নাই।
   এতিয়া, ৰাজ্য চৰকাৰৰ উন্নয়ন শিতানৰ ধন কেনেকৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে চোৱা যাওক। ভাৰতৰ সংবিধানৰ 243 (I) অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰসমূহে ৰাজহ সংগ্ৰহ কৰিব পাৰে আৰু ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰিয়েই সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ যোগান ধৰা ধন (সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) আৰু সংবিধানৰ 243 (I) অনুচ্ছেদ অনুসৰি সংগ্ৰহ কৰা ধন ৰাজ্য চৰকাৰৰ ৰাজ্যিক সংযুক্ত তহবিল (State Consolidated Funds) আকাৰে ৰাজহৰ ঘৰত সোমায়। এই দুটা উৎসৰ উপৰিও ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অতিৰিক্ত সাহাৰ্যৰ ধন (Additional Central Assistance) আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত প্ৰৱৰ্তন কৰা আচঁনিবোৰৰ (Centrally Sponsored Schemes, সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি) ধনৰ এটা অংশই ৰাজ্যিক সংযুক্ত তহবিলৰ আকাৰ বৃদ্ধি কৰে। ২০১৪-১৫ বিত্ত বৰ্ষত অসমৰ ৰাজ্যিক সংযুক্ত তহবিলৰ পৰিমাণ ৫৭,৩১১.৩৯ কৌটি টকা বুলি বাজেট ভাষণত প্ৰকাশ পাইছে। ৰাজ্যিক সংযুক্ত তহবিলৰ ধন জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে। অৱশ্যে, ৰাজ্যিক সংযুক্ত তহবিলৰ ধন অকল এই প্ৰক্ৰিয়াৰেহে যে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে তেনে নহয়। এই ধন ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ মাধ্যমেৰে জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয় হৈয়ো সৰ্বসাধাৰণলৈ আহে।
   কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বিভিন্ন ধৰণৰ আচঁনি যুগুত কৰি সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে। আচঁনিবোৰৰ বাবে ধাৰ্য কৰা ধনৰ এটা অংশ ৰাজ্য চৰকাৰসমূহৰ সংযুক্ত তহবিলত জমা হয় বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আচঁনিবোৰৰ বাবে আৱণ্টিত ধনৰ দ্বিতীয় অংশ ৰাজ্য চৰকাৰৰ তহবিলত জমা নহৈ প্ৰত্যক্ষভাবে জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তহৈ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে। আচঁনিবোৰৰ বাবে নিৰ্ধাৰিত ধনৰ তৃতীয় অংশ ৰাজ্য চৰকাৰৰ তহবিলত জমা নহৈ ৰাজ্যিক পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-ৰাজ্যিক গ্ৰাম্য উন্নয়ন এজেঞ্চি)ৰ মাধ্যমেৰে জিলা পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-জিলা গ্ৰাম্য উন্নয়ন এজেঞ্চি)যোগে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোট (যেনে-খণ্ড গ্ৰাম্য উন্নয়ন এজেঞ্চি)হৈ ব্যৱহাৰিক গোট (যেনে-আত্ম সহায়ক গোট)ৰ দ্বাৰা সৰ্বসাধাৰণলৈ আহে।

তালিকা ১: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কেইটামান উল্লেখযোগ্য আঁচনিৰ
বাবে নিৰ্ধাৰিত ধন(কৌটি টকাত)
আঁচনিৰ নাম
২০০৯-১০
বিত্ত বৰ্ষ
২০১০-১১
বিত্ত বৰ্ষ
২০১৩-১৪
বিত্ত বৰ্ষ
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি
৩৭,৭৭৯
৪০,১০০
৩৩,০০০
সৰ্বশিক্ষা অভিযান আৰু সম্পৰ্কীয় কাৰ্যসূচী
১৩,৫২৫
১৪,৪৩৩
২৭,২৫৮
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা
৮,৬০৯
১০,৮৮৬
২১,৭০০
ইন্দিৰা আবাস যোজনা
৭,৯১৩
৮,৯৯৬
১৫,১৮৪
ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান
৭,৭৬৭
১৩,৮৩৬
-----
দ্ৰুত গ্ৰাম্য পানী যোগান আঁচনি
৫,৮০০
৮,১০০
-----
স্বৰ্ণজয়ন্তী গ্ৰাম্য স্ব-ৰোজগাৰ যোজনা
২,০৭৫
২,৬৮৩
-----
    উৎস: Union Budget Speech, 2009-10, 2010-11 & 2013-14.    
   কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা সাহাৰ্য আৰু নিজস্ব উৎসৰ পৰা সংগঠিত ধনেৰে ভাৰতৰ সংবিধানৰ 243 (G) অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট ৰাজ্যখনৰ সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কিছুমান অভিলাষী আঁচনি যুগুত কৰি ব্যয় কৰিব পাৰে। ৰাজ্য চৰকাৰসমূহে, আঁচনিবোৰৰ বাবে নিৰ্ধাৰিত ধনৰাশিৰ এটা অংশ জিলা পঞ্চায়তৰ মাধ্যমেৰে আঞ্চলিক পঞ্চায়তৰ যোগেদি গাঁৱ পঞ্চায়তৰ দ্বাৰা সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰে। দ্বিতীয় অংশ জিলা পৰ্যায়ৰ সমান্তৰাল গোটৰ মাধ্যমেৰে খণ্ড উন্নয়ন পৰ্যায়ৰ সমান্তৰাল গোটযোগে ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে। কেন্দ্ৰীয় বিত্ত আয়োগৰ ১৩ সংখ্যক পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে ২০১২-১৩ বিত্ত বৰ্ষত মুঠ ১০৫৩.৯৬ কৌটি টকা সাহাৰ্য লাভ কৰিছে।   
   কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নিজা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। সেইদৰে ৰাজ্য চৰকাৰৰো কিছুমান নিজা ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লাভৰ এটা অংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ আহে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ অহা ধনৰ এটা অংশ জিলা কাৰ্যালয়ৰ যোগেদি খণ্ড উন্নয়নৰ কাৰ্যালয়হৈ সৰ্বসাধাৰণলৈ আহে। আনটো অংশ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মাধ্যমেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগহৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ অহা ধনেৰে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে বিনিযোগ কৰি আৰ্জন কৰা লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে।
   কিছুমান প্ৰকল্পৰ বাবে ভাৰতৰ বাহিৰৰ পৰা বহুপাক্ষিক আৰু দ্বিপাক্ষিকভাবে দেশখনলৈ ঋণ আৰু সাহাৰ্য আহে। ইয়াৰে এটা অংশ কেন্দ্ৰীয় আচঁনিবোৰৰ বাবে সংগঠিত কৰা ৰাজহৰ ঘৰত সোমায়। দ্বিতীয় অংশটো কেন্দ্ৰীয় চৰকাৰৰ নিজৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ আহে। তৃতীয় অংশটো যিবিলাক ৰাজ্যত বাহিৰৰ উৎসৰ সাহাৰ্যৰে প্ৰকল্প চলাই থকা হৈছে, সেই ৰাজ্যবোৰলৈ আহে আৰু শেষৰ অংশটো জিলা পৰ্যায়ৰ সমান্তৰাল গোটবোৰলৈ আহে। এই চাৰিওটা অংশৰ ধনৰাশি ইতিমধ্যে উল্লেখ কৰা পথেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে।
তালিকা ২: ভাৰতলৈ ঋণ আৰু সাহাৰ্য প্ৰদান কৰা কেইটামান বহুপাক্ষিক দাতা, কৌটি টকাত (বন্ধনিত ঋণ/সাহাৰ্য শতাংশ হিচাপত)
দাতা
২০০১-০২
২০০৩-০৪
২০০৬-০৭
বিশ্ব বেংক (IDA)
,৮৭০.99 (৯৯.৫৩/.৪৭)
,১৭৮.২৭ (৯৯.৩৭/০.৬৩)
,৩০৬.৩৮ (৯৯.৬৫/০.৩৫)
বিশ্ব বেংক(IBRD)
,৩৭৫.৮২ (৯৫.৮২/৪.১৮)
,০৮৭.৪২ (৯৮.৬৭/১.৩২)
,৪৩৮.৬৪ (৯৯.৬৬/০.৩৪)
এছিয়া উন্নয়ন বেংক (ADB)
,১৪৫.১১
(১০০/০)
,৭৪৪.৯৭
(১০০/০)
,০৬০.৩১ (৯৭.৩৭/২.৬৩)
মুঠ বহুপাক্ষিক ঋণ আৰু    সাহাৰ্য
১০,৫৪০.৮০ (৯৭.৮০/২.২০)
১১,১৩৭.৬৩ (৯৮.৬৫/১.৩৫)
১৩,২২১.০৮ (৯৬.১৬/৩.৮৪)
   উৎস: Government of India, Ministry of Finance, Department of External Affairs March 2008.
       বি. দ্ৰ.: উল্লিখিত দাতা তিনিটাৰ উপৰিও আন কিছুমান দাতাই ভাৰতলৈ ঋণ আৰু সাহাৰ্য আগবঢ়ায়। গতিকে,
        মুঠ বহুপাক্ষিক ঋণ আৰু সাহাৰ্যৰ পৰিমান উল্লিখিত দাতা তিনিটাৰ মুঠতকৈ বেছি।      

    নিজৰ সমষ্টি উন্নয়নৰ বাবে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে (সংবিধানৰ 282 অনুচ্ছেদ অনুসৰি)। সাংসদসকলৰ এই ধনৰ পৰিমাণ আৰম্ভনিতে বছৰি এক কৌটি টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি হৈ বৰ্তমান বছৰি পাঁচ কৌটি টকা হৈছে। এই ধনৰাশি  নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত ব্যয় কৰিব পৰাকৈ সাংসদসকলৰ স্বাধীনতা থাকে। ইয়াৰে এটা অংশ সাংসদসকলে ৰাজ্য চৰকাৰৰ বিভাগসমূহলৈ আৱণ্টন দিয়ে। এই অংশ জিলা কাৰ্যালয়ৰ মাধ্যমেৰে খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। দ্বিতীয় অংশ প্ৰত্যক্ষভাবে খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ তৃতীয় অংশ সাংসদসকলে ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ অনুমোদন দিয়ে। এই ধনৰাশিৰ বিনিয়োগেৰে আৰ্জন কৰা লাভৰ এটা অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে আহে আৰু আনটো অংশ ব্যৱহাৰিক গোটহৈ সৰ্বসাধাৰণলৈ আহে। সাংসদ পূঁজিৰ চতুৰ্থ অংশ ব্যৱহাৰিক গোটৰ মাধ্যমেৰে সৰ্বসাধাৰণলৈ আহে। সাংসদসকলে তেওঁলোকৰ সাংসদ পূঁজিৰ বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে অনুমোদন কৰে।
   নিজৰ সমষ্টি উন্নয়নৰ বাবে যেনেদৰে সাংসদসকলৰ বাবে নিৰ্ধাৰিত সাংসদ পূঁজি থাকে, নিজৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে ৰাজ্যৰ বিধানসভাৰ সদস্যসকলৰ (বিধায়ক) বাবেও নিৰ্ধাৰিত পূঁজি থাকে। ৰাজ্যৰ ৰাজ্যিক সংযুক্ত তহবিলৰ এটা অংশ বিধায়কসকলৰ বাবে নিৰ্ধাৰণ কৰা থাকে। অসমত ১৯৯৪-৯৫ বিত্ত বৰ্ষত ‘MLA Development Scheme’ সূচনা কৰা হয়। আৰম্ভনিতে বিধায়কসকলৰ নিজৰ সমষ্টি উন্নয়নৰ বাবে নিৰ্ধাৰিত পূঁজি বছৰি পাঁচ লাখ টকা আছিল আৰু এই পৰিমাণ বৃদ্ধি হৈ ২০১২-১৩ বিত্ত বৰ্ষলৈকে বছৰি চল্লিছ লাখ আছিল। ২০১৩-১৪ বিত্ত বৰ্ষৰ পৰা এই পৰিমাণ বছৰি এক কৌটি টকালৈ বৃদ্ধি কৰা হয়। বিধায়কসকলে তেওঁলোকৰ পূঁজিৰ এটা অংশ খণ্ড উন্নয়ন কাৰ্যালয়ৰ মাধ্যমেৰে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। দ্বিতীয় অংশ ব্যৱহাৰিক গোটৰ মাধ্যমেৰে আৰু বাকী অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ব্যয় কৰে। কিমান অংশ খণ্ড উন্নয়নৰ কাৰ্যালয়যোগে, কিমান অংশ ব্যৱহাৰিক গোটযোগে আৰু কিমান অংশ প্ৰত্যক্ষভাবে সৰ্বসাধাৰণৰ বাবে ব্যয় কৰিব, সেয়া সংশ্লিষ্ট বিধানসভা সমষ্টিটোৰ বিধায়কজনৰ ওপৰত নিৰ্ভৰ কৰে।
   ভাৰতৰ সংবিধানৰ 243 (H) অনুচ্ছেদ অনুসৰি স্থানীয় চৰকাৰসমূহৰ (পঞ্চায়ত বা সমপৰ্যায়ৰ) নিজাকৈ কিছুমান ৰাজহ সংগ্ৰহ কৰিব পৰা ক্ষমতা আছে। যেনে-ভূমি আয়ৰ ওপৰত কৰ, বৃত্তি কৰ, জীৱ-জন্তু আৰু বাহনৰ ওপৰত কৰ, থিয়েটাৰ কৰ ইত্যাদি। এই চৰকাৰসমূহে নিজৰ ক্ষমতা প্ৰয়োগ কৰি সংশ্লিষ্ট অঞ্চলটোৰ সৰ্বসাধাৰণৰ উন্নয়ন হকে কাম কৰে।
   মুঠ কথা, সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে ভাৰতৰ সংবিধানে ৰাজহুৱা ধন আৱণ্টনৰ অৰ্থে সৰ্বতোপ্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই ধনৰাশি সৰ্বসাধাৰণে পাব পৰাকৈ যিবোৰ ব্যৱস্থা ৰখা হৈছে-স্বচ্ছ প্ৰশাসন আৰু দেশৰ উন্নয়নৰ হকে কাম কৰাৰ মানসিকতা অবিহনে আৱণ্টিত ধন কোনো হেৰফেৰ নোহোৱাকৈ ৰূপায়ন কৰা সম্ভৱ নহয়। 
সহায়ক তথ্যসূত্ৰ
১। অসমৰ বাজেট ভাষণ, ১৯৯৪-৯৫ বিত্ত বৰ্ষৰ পৰা ২০১৪-১৫ বিত্ত বৰ্ষলৈ।
২। Union Budget Speech, 2009-10, 2010-11 & 2013-14.
৩। Government of India, (2008): “Position Paper on External Assistance Received by India”,   Ministry of Finance, Department of Economic Affairs, March.  
৪। Finance Commission Reports, 9th-13th Finance Commission.
৫। Mankar, V G & L Suseela Sarma (2001): Public Finance: Theory & Practice (Himalaya Publishing House: Delhi), 5th Revised Edition.
৬। Rao, M G et al (2011): “Fiscal Decentralization to Rural Local Governments in India: Selected Issues and Reform Options”, National Institute of Public Finance and Policy, (New Delhi), May.   

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ জানুৱাৰি, ২০১৫]

Thursday, 15 January 2015

ভাৰত আৰু অসমৰ দুৰ্নীতিৰ ছবিখন

চৰকাৰী কাৰ্যালয়ত নিজৰ কাম কৰাবলৈ যোৱাসকলে গম পায়, কিছুমান চৰকাৰী কাৰ্যালয়ক দুৰ্নীতিয়ে কেনেদৰে পয়ালগাকৈ ছানি ধৰিছে। দুৰ্নীতিয়ে ভাৰতৰ অৰ্থনীতিক বাৰুকৈয়ে কুপ্ৰভাৱ পেলাইছে, যিটো সম্প্ৰতিক সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। ২০০৫ চনত Transparency  International এ চলোৱা এটা সমীক্ষাত প্ৰকাশ যে ৬২ শতাংশতকৈ অধিক ভাৰতীয়ই চৰকাৰী খণ্ডৰ চাকৰিত যোগদান কৰাৰ বাবে উৎকোচ দিয়াৰ অভিজ্ঞতা লাভ কৰে। আমাৰ এই লেখাটোত প্ৰথমতে দুৰ্নীতি সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা হৈছে আৰু তাৰ পাছত অসমৰ দুৰ্নীতিৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
ভাৰতত দুৰ্নীতিৰ ধাৰণা নতুন নহয়। ভাৰতৰ প্ৰাচীন পণ্ডিত কৌটিল্যই ‘অৰ্থশাস্ত্ৰ’খন লিখাৰ সময়তো দুৰ্নীতিৰ প্ৰভাৱ আছিল। তেখেতে লিখি থৈ গৈছে, “জিভাত মৌ বা বিষ কঢ়িয়াই আনিলে যেনেকৈ তাৰ সোৱাদ নোলোৱা অসম্ভৱ, তেনেদৰে ৰজাৰ কৰ্মচাৰীয়ে ৰজাৰ আয়ৰ কিছু অংশ নোখোৱাটোও অসম্ভৱ। পানীত সাতোঁৰাৰ সময়ত মাছে পানী খোৱা বা নোখোৱাৰ কথা যেনেদৰে কব নোৱাৰি, তেনেদৰে চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কাম কৰাৰ সময়ত চৰকাৰী ধন আত্মসাৎ কৰে বা নকৰে বুলি কব নোৱাৰি
প্ৰসংগ বা পৰিস্থিতি অনুসৰি দুৰ্নীতিৰ অৰ্থ বেলেগ বেলেগ হয়। আনকি অৰ্থনৈতিক গণ্ডীৰ ভিতৰতে দুৰ্নীতিৰ অৰ্থ একে নহয়। অৰ্থনৈতিক দিশৰ পৰা সাধাৰণতে দুৰ্নীতিৰ অৰ্থ হ’ল-এক প্ৰকাৰৰ কাৰ্য য’ত চৰকাৰী কৰ্মচাৰীয়ে নিজৰ স্বাৰ্থৰ বাবে ৰাজহুৱা কাৰ্যালয় ব্যৱহাৰ কৰে, কিন্তু সেয়া সঠিকভাবে নিৰীক্ষণ কৰা সহজ নহয়2। ইয়াৰ অৰ্থ এইটো নহয় যে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত দুৰ্নীতি নহয়। নিজৰ কামটো সোনকালে সম্পন্ন কৰাই ল’বৰ বাবে ব্যক্তিগত খণ্ডৰ কাৰ্যালয়তো উৎকোচ দিয়াৰ নজিৰ আছে। উৎকোচৰ মাধ্যম হিচাপে সাধাৰণতে মুদ্ৰাকে ব্যৱহাৰ কৰা হয়। কাৰণ, বিংশ শতিকাৰ বিখ্যাত অৰ্থনীতিবিদ জে এম কেইনচে কোৱাৰ দৰে মুদ্ৰা হ’ল আটাইতকে বেছি তৰল দ্ৰৱ্য, যাক অতি কম সময়ৰ ভিতৰতে যিকোনো দ্ৰৱ্যলৈ ৰূপান্তৰিত কৰিব পাৰি।       
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে-যদিও বেআইনী কাম আৰু দুৰ্নীতিক প্ৰায়ে একে অৰ্থতে ব্যৱহাৰ কৰা দেখা যায়, সকলোবোৰ বেআইনী কাম দুৰ্নীতিমূলক নহ’বও পাৰে আৰু সকলোবোৰ দুৰ্নীতিমূলক কাম বেআইনী নহ’বও পাৰে। যেনে-ৰেষ্টুৰেণ্ট এখনত ভাল আসন পাবৰ বাবে পৰিচাৰক এজনক কিছু পৰিমানৰ টিপচ দিয়া বেআইনী যদিও একে আষাৰে দুৰ্নীতিমূলক কাৰ্য বুলি ক’ব নোৱাৰি। আনহাতে, গুৰুত্বপূৰ্ণ ৰাজহুৱা কাম আদায় কৰাৰ বাবে কোনোবাই এজন ৰাজনীতিকক ভাল উপহাৰ দিয়া দুৰ্নীতি যদিও বেআইনী বুলিব নোৱাৰি। অৱশ্যে, দুয়োৰে মাজত থকা সীমাৰেখাডাল টনা ইমান সহজ নহয়। সেইদৰে, অনৈতিক কাম আৰু দুৰ্নীতিৰ মাজতো পাৰ্থক্য নথকা নহয়। কোনোবাই ব্লেকমেইলাৰ এজনক ধন দিয়া কাৰ্য অনৈতিক। কিন্তু, ব্লেকমেইলাৰজনক যদি ধন দিওতাই তেওঁৰ ক্ষতি কৰিব পৰা তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ধন দিছে, সেয়া অনৈতিক কাম যদিও দুৰ্নীতিমূলক নহয়। আনহাতে, কোনোবাই শাৰীৰিক বা মানসিক হাৰাশাস্তি কম কৰিবলৈ আৰক্ষীক ধন দিয়া কাৰ্য দুৰ্নীতিৰ ভিতৰত পৰে যদিও সেয়া অনৈতিক কাম বুলিব নোৱাৰি
প্ৰশ্ন হ’ল- চৰকাৰী কৰ্মচাৰীসকলে দুৰ্নীতিত লিপ্ত হয় কিয়? কি কাৰণত তেওঁলোকে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যখিনি কৰাৰ বাবদ চৰকাৰী ধন আত্মসাৎ কৰে বা জনসাধাৰণৰ পৰা উৎকোচ বিচাৰে? ইয়াৰ উত্তৰত অৰ্থনীতিবিদ অনুযায়ী ভিন ভিন মন্তব্য দিয়া দেখা যায়। কিন্তু, এটা কাৰণত তেওঁলোক একমত যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সা-সুবিধা তেওঁলোকে আশা কৰাতকৈ কম হোৱাৰ বাবে বহুতো চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী ধন আত্মসাৎ কৰে বা জনসাধাৰণৰ পৰা উৎকোচ গ্ৰহণেৰে নিজৰ প্ৰয়োজনীয়খিনি পূৰাব বিচাৰে। এটা বিভাগৰ কৰ্মচাৰীসকল যদি আন এটা বিভাগৰ কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে, অথচ নিৰ্ভৰশীল বিভাগটোৰ কৰ্মচাৰীসকলৰ দৰমহা আনটো বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহাৰ তুলনাত বহুত বেছি, তেন্তে আন বিভাগৰ কৰ্মচাৰীসকল নিৰ্ভৰশীল কৰ্মচাৰীসকলৰ পৰা উৎকোচ লোৱাৰ ধান্দাত থাকে। উদাহৰণস্বৰূপে, ধৰা হ’ল-‘ক’ আৰু ‘খ’ দুটা বেলেগ বেলেগ বিভাগ। ‘ক’ বিভাগত কৰ্মচাৰী হিচাপে নিযুক্তি পাবলৈ ‘খ’ বিভাগৰ কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অথচ, ‘খ’ বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ দৰমহা ‘ক’ বিভাগত কাম কৰা কৰ্মচাৰীসকলতকৈ বহুত কম। তেনে ক্ষেত্ৰত ‘খ’ বিভাগত কাম কৰা কৰ্মচাৰীসকলে ‘ক’ বিভাগত নিযুক্তি পাবলগীয়া লোকসকলৰ পৰা উৎকোচ লোৱাৰ ধান্দাত থাকে। আনফালে, বেছি দৰমহা পাবলগীয়া চাকৰিত নিযুক্তি পাবলগীয়া লোকসকলেও চাকৰিটোৰ বাবে প্ৰয়োজনীয় কামখিনি সোনকালে কৰাই লোৱাৰ মানসেৰে উৎকোচ দিবলৈ কুণ্ঠাবোধ নকৰে। উৎকোচেৰে ধন ঘটাৰ বাদটো মুকলি যেন পালেই এই শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীসকলৰ (‘খ’ বিভাগৰ কৰ্মচাৰীৰ) লোভৰ সীমা নোহোৱা হয় আৰু দুগুণ উৎসাহেৰে ধন ঘটিবলৈ ধৰে।
দুৰ্নীতিৰ আন এটা কাৰণ হ’ল-সংশ্লিষ্ট দেশখনৰ প্ৰচলিত নীতি-নিয়ম আৰু কৰ্ম-সংস্কৃতি (?)। যিবিলাক দেশৰ বা ৰাজ্যৰ কাম কৰাৰ পদ্ধতি শৃংখলাবদ্ধ নহয়, চৰকাৰী নীতি-নিয়মৰ প্ৰতি সাধাৰণ মানুহৰ একেবাৰে আস্থা নাই, সহজে ধন উপাৰ্জন কৰিব বিচৰা মানসিকতাৰ লোকৰ সংখ্যা অধিক, চৰকাৰ গঠন কৰা নেতাসকল অকৰ্মন্য, অদক্ষ, অৰ্ধশিক্ষিত, অদূৰদৰ্শী, তেনে দেশ বা ৰাজ্যক দুৰ্নীতিয়ে খুলি খুলি খায়। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো এলান্দুকলীয়া, অলাগতীয়ালভাবে ফাইলৰ দীঘলীয়া মেৰপাকেৰে চলা প্ৰক্ৰিয়া বৰ্তমানো চলাই থকাৰ ফলতো দুৰ্নীতি বৃদ্ধি পাইছে। তদুপৰি, সংশ্লিষ্ট কাৰ্যালয়টোত কৰ্মচাৰীৰ সংখ্যা প্ৰয়োজনতকৈ কম হ’লে দুৰ্নীতিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰৱণতা থাকে।   
চৰকাৰী কাৰ্যালয় এটাৰ প্ৰথম অৱস্থাৰ কাৰ্য পদ্ধতিৰ ওপৰতো সংশ্লিষ্ট কাৰ্যালয়টো দুৰ্নীতিগ্ৰস্ত কাৰ্যালয়লৈ ৰূপান্তৰিত হোৱা বা নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰে। আন কথা একে থাকিলে, চৰকাৰী কাৰ্যালয় এটা মুকলি কৰাৰ সময়ত কাৰ্যালয়টোত যোগদান কৰা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰথম অৱস্থাত উৎকোচ লোৱা কৰ্মচাৰীতকৈ উৎকোচ নোলোৱা কৰ্মচাৰীৰ সংখ্যা বেছি থাকে। সময়ৰ লগে লগে এই অৱস্থাৰ পৰিবৰ্তন হ’বলৈ ধৰে। অৰ্থাৎ, কাৰ্যালয়টোত উৎকোচ লোৱা কৰ্মচাৰীৰ সংখ্যা বাঢ়িবলৈ ধৰে আৰু উৎকোচ নোলোৱা কৰ্মচাৰীৰ সংখ্যা কমিবলৈ ধৰে। এটা সময়ত এই দুই প্ৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় একে হয়। এই অৱস্থাত কিছুমান চৰকাৰী কৰ্মচাৰী দোমোজাত থাকে। মানে-কোনফালে যাব? উৎকোচ লোৱাসকলৰ ফালে যাব নে উৎকোচ নোলোৱাসকলৰ ফালে যাব? দোমোজাত থকাসকলে যদি উৎকোচ লোৱাসকলৰ ফালে ঢাল খায়, কাৰ্যালয়টো দুৰ্নীতিত পোত খায়। গতিকে, কাৰ্যালয়টো যদি প্ৰথম অৱস্থাৰ পৰাই দুৰ্নীতিমুক্ত হয়, তেন্তে দোমোজাত থকাসকলে উৎকোচ নোলোৱাসকলৰ ফালে যাব আৰু কাৰ্যালয়টো দুৰ্নীতিমুক্ত হৈ থাকিব পাৰিব
দুৰ্নীতিৰ বাবে অকল দুৰ্নীতিগ্ৰস্ত কাৰ্যালয়টোত কাম কৰা কৰ্মচাৰীসকলহে দায়ী নে? আচলতে চৰকাৰী কাৰ্যালয় এটা দুৰ্নীতিগ্ৰস্ত কৰাত উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে তেওঁলোকক উৎকোচ দিয়া সৰ্বসাধাৰণো সমানে দায়ী। প্ৰশ্ন হ’ল-সৰ্বসাধাৰণে চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিয়ে কিয়? ইয়াৰ উত্তৰ হ’ল-দ্ৰুতগতিত কাম সম্পন্ন কৰা। অৰ্থাৎ, নিজৰ কামখিনি সংশ্লিষ্ট কাৰ্যালয়টোৰ পৰা যিমান পাৰি সিমান সোনকালে সমাপন কৰাই অনাৰ স্বাৰ্থতে সৰ্বসাধাৰণে চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিয়ে। কিছুমান মানুহে উৎকোচেৰে নিজৰ কামটো দ্ৰুতগতিত সম্পন্ন কৰাই আনিব পাৰিলে বিশ্বখন জয় কৰি অহা বুলি ভাৱে। কিন্তু, উৎকোচ দিলেই সকলোবোৰ কাম দ্ৰতগতিত সম্পন্ন কৰাব পাৰি জানো? ১৯৬৪ চনত ভাৰত চৰকাৰে গঠন কৰি দিয়া Santhanam Committee on the Prevention of Corruption ৰ প্ৰতিবেদনত কোৱা হৈছে যে উৎকোচ দিয়াৰ ফলত দ্ৰতগতিত কাম সম্পন্ন কৰাৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীসকলে অধিক উৎকোচ পোৱাৰ আশাত দেৰিহে কৰে। তদুপৰি, বুজিবলৈ অতি সহজ যে অত্যন্ত ব্যস্ত কাৰ্যালয় এটাত, য’ত প্ৰতিদিনে শ শ নতুন ফাইল সৃষ্টি হয়, সকলোৱে যদি নিজৰ নিজৰ ফাইলৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাবৰ বাবে কৰ্মচাৰীসকলক উৎকোচ দিয়ে, কথাটো একেই হয়গৈ। উৎকোচ নিদিয়াকৈ সমাপন কৰিবলৈ যিমান সময় লাগিব উৎকোচ দিয়াৰ পাছতো (মানুহ হিচাপে কাম কৰাৰ সীমাবদ্ধতা থকাৰ বাবে) কৰ্মচাৰীসকলে সকলোবোৰ উৎকোচ লোৱা ফাইলৰ কাম কৰিবলৈ একেখিনি সময়ে লাগিব। তথাপিও জনসাধাৰণে উৎকোচ দিয়ে। কিয়?
আচলতে দুৰ্নীতি সম্পৰ্কে কিছুমান চৰকাৰী কাৰ্যালয় Stereotyping লৈ ৰূপান্তৰিত হয়। জনসাধাৰণৰ মনত সোমাই যায় যে তেনেকুৱা কাৰ্যালয়বোৰত উৎকোচ নিদিলে একো কামেই সম্পন্ন নহয়। P Oldenburg (1987) ৰ এটা অধ্যয়নত প্ৰকাশ পাইছে যে উত্তৰপ্ৰদেশৰ কৃষকসকলে নিজৰ কৃষিভূমি সম্পৰ্কে জানিবলৈ যেতিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছিল, তাত অভাৱনীয়ভাবে দুৰ্নীতিয়ে দেখা দিছিল।  কি কাৰণত কৃষকসকলে চক্ৰ বিয়ষাৰ চৰকাৰী কৰ্মচাৰীসকলক উৎকোচ দিছে, সেয়া জানিব বিচৰাত কৃষকসকলে জনাইছিল যে কাৰ্যালয়টোত কেনেদৰে কাম কৰে তেওঁলোকে একো পাত্তাই নাপায়। তেওঁলোকে এটা কথাই আগতীয়াকৈ জানে যে উক্ত কাৰ্যালয়টোৰ পৰা কাম আদায় কৰিবলৈ হ’লে কৰ্মচাৰীসকলক উৎকোচ দিবই লাগিব।
এতিয়া অসমৰ দুৰ্নীতিৰ ছবিখনলৈ চোৱা যাওক। ২০০৮ চনত প্ৰকাশ পোৱা ‘India Corruption Study 2007’ৰ প্ৰতিবেদনত দুৰ্নীতি সম্পৰ্কে চাৰিটা অৱস্থা-বিপদসংকুল (Alarming), অতি উচ্চ (Very High), উচ্চ (High) আৰু সংযত (Moderate)ৰ ভিতৰত অসমৰ স্থান বিপদসংকুল ৰাজ্যৰ (Alarming States) ভিতৰত পৰিছে। অসমৰ লগতে এই স্থানত থকা আন ৰাজ্যসমূহ হ’ল-বিহাৰ, উত্তৰপ্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, গোৱা আৰু নাগালেণ্ড। অধ্যয়নটোত এঘাৰটা চৰকাৰী সেৱা-আৰক্ষী, ভূমি আৰু পঞ্জীয়ন, চৰকাৰী আবাস, পানী যোগান সেৱা, NREGA (এতিয়াৰ MGNREGA), বনাঞ্চল, বিজুলী, স্বাস্থ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা, বেংক আৰু শিক্ষা (দ্বাদশ শ্ৰেণীলৈ) সামৰি লোৱা হৈছিল।
অধ্যয়নটোৱে সামৰি লোৱা প্ৰতিটো সেৱাত, অসমত কেনেদৰে দুৰ্নীতি চলিছে সেয়া আলোচনা কৰিবলৈ গ’লে লেখাটো বহুত দীঘল হ’ব। সেয়ে মাত্ৰ এটা সেৱা-উন্নয়নৰ ধ্বজ্জাবাহী আইন তথা আঁচনি MGNREGAৰ দুৰ্নীতিৰ উদাহৰণ দিয়া হ’ল। ধেমাজি জিলাত অৱস্থিত এটা উপ-ডাকঘৰত পোষ্ট মাষ্টাৰ হিচাপে কাম কৰা জিতেন বেজবৰুৱাই (২০১৩) তেখেতৰ অভিজ্ঞতাৰ ভিত্তিত কৈছে যে MGNREGAৰ অধীনত কাম কৰা হিতাধিকাৰী বনুৱাসকলক ডাকঘৰৰ যোগেদি ধন আদায় দিব লাগে বাবে হিতাধিকাৰী বনুৱাৰ উপৰিও এলেকাটোৰ বহুতো যুৱক আঁচনিখনৰ সৈতে জড়িত হৈ তেখেতে কাম কৰা ডাকঘৰটোত ভিৰ কৰে, যিসকলৰ কোনো আনুষ্ঠানিক পৰিচয় নাই। নিয়মমতে ডাকঘৰে MGNREGAৰ টকা পোনপতীয়াকৈ বনুৱাক প্ৰদান কৰিব লাগে যদিও অঞ্চলটোত গৰিষ্ঠসংখ্যক বনুৱাৰ সৈতে ডাকঘৰৰ কোনো সম্পৰ্ক নাই। মধ্যভোগীৰ মাধ্যমেৰেই সকলোবোৰ লেনদেন হয়। কোনোবাই প্ৰতিবাদ কৰিলেও চুপ হৈ থাকিবলৈ বাধ্য হয়। কাৰণ, ওপৰৰ পৰা একেবাৰে তললৈকে সকলোবোৰ সাঙুৰি এনে এটা সুন্দৰভাবে সংগঠিত ব্যৱস্থা আছে যে কোনোবা ব্যক্তিয়ে অকলে থিয় দি ব্যৱস্থাটোক একো সলনি কৰিব নোৱাৰে। তেখেতে আৰু কৈছে যে MGNREGAৰ ধন ওপৰৰ পৰা আহি গাঁও পঞ্চায়ত পায় মানে বৃহৎ পৰিমাণৰ ধন ইতিমধ্যে হৰণ-ভগন হৈ যায়। গতিকে বনুৱাসকলক প্ৰত্যক্ষভাবে আদায় দিবলৈ ধনৰ সমীকৰণত খেলিমেলি লাগে। একোটা আঁচনিত কিমান কাম কৰা হয় তাৰ কোনো সঠিক তথ্য নাই যদিও প্ৰায়বোৰ পে’অৰ্ডাৰতে অন্তৰ্ভূক্ত হোৱা অন্তত: আধাখিনি নামেই ভূৱা। তেখেতে কোৱা মতে, ডাকঘৰটোত হাজাৰ হাজাৰ এনে পাছবুক আছে যাৰ লগত পাছবুকৰ লগত গৰাকীৰ কোনো সম্পৰ্ক নাই। পাছবুক খোলোতে হয়তো গৰাকীয়ে নিজে খুলিছিল বা তেওঁলোকৰ সহযোগতে খোলা হৈছিল, কিন্তু সোনকালেই সেইবোৰ পঞ্চায়ত প্ৰতিনিধি বা MGNREGA ঠিকাদাৰৰ হস্তগত হৈছিল। ডাকঘৰে বিভিন্ন উপায়ে যিমানবোৰ পাছবুকৰ গৰাকীক পাছবুক গোটাই দিছে, তাৰে কিছুমানে গমেই নাপায় যে তেওঁলোকৰ নামত পাছবুক আছে আৰু প্ৰত্যেকে ডাকঘৰ কৰ্তৃপক্ষক ওলোটাই প্ৰশ্নহে কৰে যে যোৱা ইমান বছৰত ইমানখিনি ধন উলিয়াই কোনে খালে। MGNREGAৰ নামত অসমৰ আন জিলাতো যে এনেধৰণৰ দুৰ্নীতি চলা নাই কোনোবাই নিশ্চিতকৈ ক’ব পাৰিবনে?
দুৰ্নীতিৰ মাত্ৰা কম কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কিবা ব্যৱস্থা লৈছেনে? ভাৰতৰ আন ৰাজ্যৰ তুলনাত এই ক্ষেত্ৰত অসমৰ স্থান কেনেকুৱা? আমি জনাত দুৰ্নীতি কম কৰাৰ ক্ষেত্ৰত ‘তথ্য জনাৰ আইনখন’ প্ৰৱৰ্তন কৰাৰ বাহিৰে অসম চৰকাৰে উল্লেখ কৰিবলগীয়া কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে, শাসনাধীষ্ঠ দলটোৰ ভিতৰচৰাত যোৱা দুবছৰ ধৰি চলি থকা ক্ষমতাৰ খঁকৰ যুঁজখনৰ ফলত অসমৰ কিছুমান চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিৰ প্ৰকোপ বঢ়িছেহে আৰু আগেয়ে দুৰ্নীতি নথকা কাৰ্যালয়বোৰতো দুৰ্নীতিৰ দৰে সামাজিক কেঞ্চাৰবিধ বিয়পি পৰাৰ সুবিধা কৰি দিছে। তালিকা ১,ত কেইখনমান ৰাজ্যৰ দুৰ্নীতিৰ বিৰূদ্ধে চলোৱা প্ৰচেষ্টাৰ সূচকৰ প্ৰৱাহ উল্লেখ কৰা হৈছে। সূচকৰ ডাঙৰ সংখ্যাই দুৰ্নীতিৰ বিৰূদ্ধে চলোৱা প্ৰচেষ্টাৰ ভাল ফল প্ৰতিনিধিত্ব কৰিছে। অৰ্থাৎ, দুৰ্নীতি কম হোৱা বুজাইছে।
তালিকা ১: ভাৰতৰ কিছুমান ৰাজ্যৰ দুৰ্নীতিৰ বিৰূ্দ্ধে চলোৱা প্ৰচেষ্টাৰ সূচকৰ প্ৰৱাহ
ৰাজ্যৰ নাম
১৯৯০-১৯৯৫
১৯৯৬-২০০০
২০০১-২০০৫
২০০৬-২০১০
বিহাৰ
.৪১
.৩১
.৪৩
.৮৮
গুজৰাট
.৪৮
.৫৭
.৬৪
.৬৯
অন্ধ্ৰপ্ৰদেশ
.৫৩
.৭৩
.৫৫
.৬১
পাঞ্জাৱ
.৩২
.৪৬
.৪৬
.৬০
জম্মু আৰু কাশ্মীৰ
.১৩
.৩২
.১৭
.৪০
হাৰিয়ানা
.৩৩
.৬০
.৩১
.৩৭
হিমাচলপ্ৰদেশ
.২৬
.১৪
.২৩
.৩৫
তামিলনাডু
.১৯
.২০
.২৬
.২৯
মধ্যপ্ৰদেশ
.২৩
.২২
.৩১
.২৯
কৰ্ণাটক
.২৪
.১৯
.২০
.২৯
ৰাজাস্থান
.২৭
.২৩
.২৬
.২৭
কেৰেলা
.১৬
.২০
.২২
.২৭
মহাৰাষ্ট্ৰ
.৪৫
.২৯
.২৭
.২৬
উত্তৰপ্ৰদেশ
.১১
.১১
.১৬
.২১
উৰিষ্যা
.২২
.১৬
.১৫
.১৯
অসম
.২১
.০২
.১৪
.১৭
পশ্চিমবংগ
.১১
.০৮
.০৩
.০১
    উৎস: Debroy and Bhandari (2011)        
     তালিকাখনৰ পৰা স্পষ্ট যে দেশখনৰ কোনো এখন ৰাজ্যই দুৰ্নীতিৰ বিৰূ্দ্ধে চলোৱা প্ৰচেষ্টাত সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই। অৱশ্যে, বিহাৰ আৰু গুজৰাটে তাৎপৰ্যপূৰ্ণভাবে সফলতা লাভ কৰিব পাৰিছে। আনহাতে, অসম আৰু পশ্চিমবংগই আটাইতকৈ বেছি বেয়া ফল প্ৰদৰ্শন কৰিছে।
পুনশ্চ: সংবাদ মাধ্যমৰ কৃপাত মাজে মাজে খবৰ পোৱা যায় যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ পাছ কৰাৰ ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধনৰ লেনদেন হয়। খবৰবোৰ নিশ্চয় এশ শতাংশ ভিত্তিহীন নহয়। অসমৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক পৰিস্থিতি কি থাকিব পাৰে? সঁচা কথা ক’বলৈ হ’লে, ধনৰ লেনদেনেৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা পাছ কৰি আমোলা হোৱা লোকসকলৰ পৰা উৎকোচ অবিহনে চৰকাৰী কাম আশা কৰাটোৱেই ভুল। 
  
তথ্যসূত্ৰ


Kautilya’s Arthashastra, translated into English by R Shamasastry, Pp. 93-94, অসমীয়া ভাৱানুবাদ।
2 Bardhan, Pranab (2005): Scarcity, Conflicts and Cooperation: Essays in the Political and Institutional Economics of Development, Oxford University Press, P.138. 
Bardhan, Pranab (2005): ibid, Pp.138-139.
Andving, J C (1991): “The Economics of Corruption: A Survey”, Studi Economici, Vol. 46, No. 43, Pp. 57-94.
Myrdal, G (1968): Asian Drama, Vol. 2, (New York: Random House).
Oldenburg, P (1987): “Middlemen in Third-World Corruption”, World Politics, Vol. 39, No. 04, Pp.508-535.
বেজবৰুৱা, জিতেন (২০১৩): “হিতাধিকাৰীৰাজৰ মাহাত্ম্য”, সম্পাদকলৈ চিঠি, নতুন পদাতিক, চেপ্তেম্বৰ, পৃষ্ঠা: -৬।
Debroy, B and Bhandari, L (2011): “Corruption in India”, The World Financial Review. www.worldfiancialreview.com



                                                                               




প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ ২০১৪।