Tuesday, 19 September 2017

‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ

যোৱা ১৫ ছেপ্টেম্বৰ ২০১৭ত অসম বিধান সভাত ‘The Assam Employees Parental Responsibility and Norms for Accountability and Monitoring (PRANAM) Bill গৃহীত হ’ল। দেশৰ ভিতৰতে প্ৰথমে গৃহীত হোৱা এই বিধেয়খনে আমাক চিন্তিত কৰি তুলিলে যে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰিবৰ বাবেও অসমত আইন প্ৰণয়ন কৰিবলগীয়া হৈছেনে? আমি অসমৰ মানুহবোৰ ইমান তললৈ গৈছোঁনে? কিন্তু, বাস্তৱ ক্ষেত্ৰত সেয়াই হৈছে। সংবাদ মাধ্যমযোগে পোৱা খবৰে আমাক ভাবিবলৈ বাধ্য কৰাইছে, হয় অসমৰ কিছুমান মানুহ বৰ নিষ্ঠুৰ হৈ পৰিছে, যিসকলে নিজৰ বৃদ্ধ পিতৃ-মাতৃক পোহপাল দিয়াতো দূৰৰে কথা তেওঁলোকৰ নামত থকা সা-সম্পত্তিখিনি অন্যায়ভাবে নিজৰ নামত লেখাই ল’বলৈও কুণ্ঠাবোধ নকৰে। তেওঁলোকক সংসাৰৰ এক ডাঙৰ বোজা বুলি ভাবি সততে মানসিকভাবে (কেতিয়াবা শাৰীৰিকভাবেও) অত্যাচাৰ চলাই থাকে। নিজৰ ল’ৰা-ছোৱালী থকাৰ পাছতো বহু বৃদ্ধ আৰু বৃদ্ধাৰ শেষ আশ্ৰয় হৈছেগৈ বৃদ্ধাশ্ৰমসমূহ। অৱশ্য ইয়াৰ অৰ্থ এইটো নহয় যে বৃদ্ধাশ্ৰমসমূহ বেয়াঅসমত এনে কু-পৰিস্থিতি ব্যাপকভাবে সম্প্ৰসাৰণ ঘটাৰ আগতে এই বিধেয়কখন গৃহীত হোৱাত আমাৰ দৰে বহুতেই আশাবাদী হৈ পৰিছেএই বিধেয়কখন কেৱল এখন বিধেয়ক নহয়। ই অসমীয়া সমাজত আহিব ধৰা এটা অতি বেয়া পৰিস্থিতিৰ বিৰূদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা এক সঠিক সিদ্ধান্ত। সেয়েহে আমি ‘প্ৰণাম’ক প্ৰণাম জনাইছোঁ।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২০ ছেপ্টেম্বৰ ২০১৭]

Sunday, 17 September 2017

আপোনাক বাৰু কেতিয়া বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ হয় ?

মানুহে বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত আনে অৱজ্ঞা কৰা যেন অনুভৱ কৰে। কৰ্মক্ষেত্ৰত কাৰ্যালয়ৰ মূৰব্বীৰ পৰা আৰম্ভ কৰি সহকৰ্মী আৰু তলৰ পৰ্যায়ৰ কৰ্মচাৰীয়ে কৰা অৱহেলাৰ বাবে কেতিয়াবা নিজকে অৱজ্ঞাৰ পাত্ৰ হোৱা যেন অনুভৱ কৰে। কোনোবাই ঘৰৰ মানুহৰ পৰা অৱহেলিত হোৱাৰ বাবে ঘৰখনৰ বাবে অৱজ্ঞাৰ পাত্ৰ হয়। শাৰীৰিক বিসংগতি, বয়স অনুযায়ী মানসিক বিকাশ নোহোৱা, আৰ্থিক পৰাধীনতা, কৰ্মক্ষেত্ৰত নিজৰ কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰা আদিৰ ফলত মানুহে অৱজ্ঞাৰ পাত্ৰ হৈ উঠে। দেশৰ বৰমূৰীয়াসকলেও তেওঁলোকৰ পৰ্যায়ত বিভিন্নজনৰ দ্বাৰা অৱজ্ঞাৰ দৰে পৰিস্থিতিৰ সম্মুখিন হৈ থাকে। মুঠতে, প্ৰতিজন মানুহে কোনো নহয় কোনো পৰিস্থিতিত এবাৰ হ’লেও অৱজ্ঞাৰ সম্মুখিন হয় বুলি ক’লেও বঢ়াই কোৱা নহয়।
কিন্তু দুটা বিশেষ পৰিস্থিতিত মোক বেছিকৈ অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ-(ক) চিনাকিয়ে হওক বা অচিনাকি হওক, কোনো এজন ব্যক্তিয়ে মোক একেলগে তিনিটামান প্ৰশ্ন সুধিছে। মই এটা এটাকৈ উত্তৰ দিবলৈ সাজু হৈছোঁহে, তেনে সময়তে তৃতীয় এজন ব্যক্তি আহি  মোক প্ৰশ্ন কৰা মানুহজনৰ (দ্বিতীয় ব্যক্তি) সৈতে কথা পাতিবলৈ ধৰিলে। দ্বিতীয় ব্যক্তিজনে মোৰ উত্তৰৰ প্ৰতি কোনো গুৰুত্ব নিদি তৃতীয় ব্যক্তিজনৰ সৈতে ব্যস্ত হৈ পৰিল। মই যে তাত আছোঁ, মোক যে দ্বিতীয় ব্যক্তিজনে প্ৰশ্ন সুধিছিল সব তল পৰি গ’ল। এনে পৰিস্থিতিত মোক খুউব অৱজ্ঞা কৰা যেন অনুভৱ কৰোঁ। দ্বিতীয় ব্যক্তিজনে তৃতীয়জনৰ প্ৰতি অধিক আগ্ৰহী হোৱা যেন দেখিলে অৱজ্ঞা অনুভৱ কৰাৰ মাত্ৰা আৰু বৃদ্ধি পায়। (খ) আমাক কোনোবাই আলহী হিচাপে মাতিছে, বহিবলৈ দি গৃহস্থৰ সকলোৱে নিজ নিজ মোবাইলৰ সৈতে ব্যস্ত হৈ পৰিছে। 

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩০ ছেপ্টেম্বৰ ২০১৭]

Friday, 18 August 2017

প্ৰসংগ: এক অপ্ৰাসংগিক গোচৰ

যোৱা ৫ আগষ্ট তাৰিখে ‘আমাৰ অসম’ কাকতৰ পাঁচ নম্বৰ পৃষ্ঠাত প্ৰকাশিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ‘এক অপ্ৰাসংগিক গোচৰ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। চক্ৰৱৰ্তীৰ সৈতে একমত যে অযোধ্যাত মজজিদ নিৰ্মাণ আছিল এক ধৰ্মীয় অপৰাধ। অযোধ্যাৰ মাটিৰ লগত হজৰত মহম্মদ অথবা কোনোবা নবীৰ বা ইছলামীয় মহাপুৰুষৰ সামান্যতমো সম্পৰ্ক নাই। অথচ অযোধ্যা হ’ল হিন্দুসকলৰ পৱিত্ৰ স্থানৰবোৰৰ ভিতৰত অন্যতম স্থান। কিন্তু, চক্ৰৱৰ্তীৰ কেইটামান যুক্তিৰ সৈতে আমি একমত হ’ব নোৱাৰিলোঁ। প্ৰথম কথা, চক্ৰৱৰ্তীৰ লেখাটোৰ শিৰোনামটোৱে কেৰোণ লগা। গোচৰটোৰ যদি কোনো প্ৰাসংগিকতাই নাই, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিছে কিয়? গোচৰটোত আমাৰ দেশৰ সংবিধানখনৰ প্ৰসংগ জড়িত নাই বুলি চক্ৰৱৰ্তীয়ে বুকুত হাত থৈ ক’ব পাৰিবনে? অৱশ্যে, ধৰ্মৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ জৰিয়তে গোচৰটো যে ৰাজনৈতিক মেৰঁপাকত সোমাই পৰিছে সেয়াও অপ্ৰিয় সত্য।
দ্বিতীয়তে, বাবৰে অযোধ্যাত মজজিদ নিৰ্মাণ কৰাই নিশ্চয় হিন্দুসকলক অপমান কৰাই নহয়, বিদ্ৰোহীও কৰি তুলিছিল। ফলস্বৰুপে, স্বভিমানী হিন্দু স্বয়ংসেৱকে ১৯৯২ চনৰ ৬ ডিচেম্বৰত মজজিদটো ভাঙি পেলাইছিল। এইখিনিলৈকে চক্ৰৱৰ্তীৰ লেখাটোৰ সম্পৰ্কত আমাৰ ক’বলগা একো নাই। অযোধ্যা ৰামচন্দ্ৰৰ আচল জন্মস্থান বুলি যে ক’লে-সেয়াহে আমি মানি ল’ব পৰা নাই। আমি জনাত মহাভাৰতৰ দৰে ৰামায়ণো এখন মহাকাব্যহে। মহাকাব্যৰ ঘটনাবোৰ কাল্পনিক কাহিনীহে। অৰ্থাৎ, অযোধ্যাত ৰামচন্দ্ৰৰ জন্ম হৈছিল বুলি কাহিনীকাৰ বাল্মিকীয়ে কল্পনাহে কৰি লৈছিল। গতিকে, কেৱল কাহিনীৰ আধাৰতে ‘অযোধ্যা ৰামচন্দ্ৰৰ আচল জন্মস্থান আছিল’ বুলি এশ শতাংশ দাবী কৰিব পৰা নাযায়। কাহিনী অনুসৰি অযোধ্যাতে যে ৰামচন্দ্ৰৰ জন্ম হৈছিল তাত আমাৰ দ্বিমত নাই।  
 আচলতে, ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ এখনত বাবৰি মজজিদ ধংসৰ গোচৰটোৰ প্ৰাসংগিকতা অতি বেছি। প্ৰগতিশীল সমাজত তেখেতৰ এই লেখাটোৰ দৰে লেখাবোৰৰহে প্ৰাসংগিকতা আছে নে নাই ভাবি চাবলগীয়া হয়।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ আগষ্ট, ২০১৭, পৃষ্ঠা ৬]

Monday, 7 August 2017

প্ৰগতিশীল দৃষ্টিভংগীৰে অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ সমাধান

    ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাই জটিল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। অসমৰ জনগোষ্ঠীসমূহৰ মাজত একতাৰ ভাৱ কমি আহিছে। নিজে যি জনগোষ্ঠীৰ অন্তৰ্ভূক্ত সেই জনগোষ্ঠীটোহে শ্ৰেষ্ঠ, তেনে এটা ধাৰণাই গা কৰি উঠিছে। যাৰ ফলত গোষ্ঠী সংঘৰ্ষৰ দৰে অবাঞ্চিত দুৰ্ঘটনা সঘনে সংঘটিত হৈ অনেক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। প্ৰশ্ন হ’ল-অসমৰ মানুহবিলাকে আৰু কিমান দিনলৈ এনে পৰিস্থিতিৰ সৈতে মোকামিলা কৰি থাকিব? এই সমস্যাৰ কোনো সমাধান নাই নেকি? আমাৰ লেখাটোত প্ৰগতিশীল দৃষ্টিভংগীৰে কেনেদৰে অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ সমাধান পাব পাৰি তাৰে চমু আলোচনা কৰা হৈছে।
     এইখিনিতে প্ৰগতিশীল দৃষ্টিভংগী মানে আমি কি বুজাব বিচাৰিছোঁ, সেয়া স্পষ্ট হোৱা ভাল হ’ব। এক কথাত, প্ৰগতিশীল দৃষ্টিভংগী মানে হ’ল ৰক্ষণশীল দৃষ্টিভংগীৰ বিপৰীত দৃষ্টিভংগী। প্ৰগতিশীল দৃষ্টিভংগীয়ে নতুনত্বক অগ্ৰাধিকাৰ দিয়ে। পুৰণিকলীয়া দৃষ্টিভংগী পৰিহাৰ কৰি সত্যতা, সততা আৰু বাস্তৱতাক জানি মানি লোৱাটোৱেই হ’ল প্ৰগতিশীল দৃষ্টিভংগী। মন কৰিবলগীয়া কথাটো হ’ল, ইয়াত জানিলৈহে মানি লোৱাৰ কথা কোৱা হৈছে। প্ৰগতিশীল দৃষ্টিভংগীক কেৱল বিশ্বাস কৰাৰ কথা কোৱা হোৱা নাই। প্ৰগতিশীল দৃষ্টিভংগী, যুক্তিশীল দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে যদিও দুয়োটা দৃষ্টিভংগী একে নহয়। যুক্তিশীল দৃষ্টিভংগীত কেৱল যুক্তিৰহে খেলা চলে। যুক্তিশীল দৃষ্টিভংগীত সঁচাটোকে মিছা বুলি যুক্তি আগবঢ়াব পৰিলে সঁচাটোৱে মিছা। সেইদৰে মিছাটোকে সঁচা বুলি পতিয়ন নিয়াব পাৰিলে মিছাটোকে সঁচা বুলি মানি ল’ব লাগিব। কিন্তু, প্ৰগতিশীল দৃষ্টিভংগীত মিছাটো মিছাই, সঁচাটো সঁচাই। ভালটো ভালেই আৰু বেয়াটো বেয়াই। বেয়াটোকে ভাল বুলি গ্ৰহণ কৰি থকিলে কোনোবাই শুধৰাই দিলে প্ৰগতিশীল ব্যক্তি এজনে শুধৰণিখিনি সাদৰেৰে গ্ৰহণ কৰে আৰু ভালটো জানি মানি লয়। প্ৰগতিশীল দৃষ্টিভংগী গণতান্ত্ৰিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে যদিও গণতান্ত্ৰিক পদ্ধতিৰে গ্ৰহণ কৰা সকলোবোৰ সিদ্ধান্ত প্ৰগতিশীল ব্যক্তিসকলে গ্ৰহণ নকৰে। গণতান্ত্ৰিক পদ্ধতিত যিহেতু সংখ্যাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়, গৰিষ্ঠসংখ্যাই গ্ৰহণ কৰা সিদ্ধান্ত সত্য আৰু বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত নহ’লে তেনে সিদ্ধান্ত প্ৰগতিশীল লোকসকলৰ বাবে অমূলক। বিপৰীতক্ৰমে, কম সংখ্যকৰ সিদ্ধান্ত যদি সত্য আৰু বাস্তৱসন্মত হয়, তেনে সিদ্ধান্ত প্ৰগতিশীল সমাজৰ বাবে আদৰণীয়। তদুপৰি, প্ৰগতিশীল দৃষ্টিভংগীত সংশ্লিষ্ট বিষয়টো স্পষ্ট, নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ পৰা পৃথক আৰু আবেগ শূন্য।
    এতিয়া অসমৰ গোষ্ঠী পৰিচয় সমস্যাৰ প্ৰসংগলৈ অহা যাওক। অসমৰ গোষ্ঠী পৰিচয়ৰ সমস্যা ঐতিহাসিক। ব্ৰিটিছে অসমখন অধিকাৰ কৰাৰ আগতে অসমৰ শাসনভাৰ উপভোগ কৰিছিল অনাৰ্যমূলীয় জনগোষ্ঠীৰ ৰজাসকলে। কিন্তু, ব্ৰিটিছ শাসনৰ সময়ত সকলো ওলোট-পালট হৈ গ’ল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখনৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ পাছত ব্ৰিটিছে তেওঁলোকৰ সুবিধাৰ্থে অসমখনৰ সৰু সৰু ৰাজ্যবোৰ একগোট কৰি শাসন কৰিবলৈ ল’লে। তথাকথিত উচ্চ বৰ্ণ হিন্দুৰ কিছুমান লোকে অসমত বৃটিছৰ শাসনক ভগৱানৰ আশিৰ্বাদ বুলি আদৰণি জনালে। সেই শ্ৰেণীৰ লোকসকল কৌশলেৰে ব্ৰিটিছৰ প্ৰিয়ভাজন হৈ পৰিল আৰু ব্ৰিটিছে দেশ এৰাৰ পাছত অসমখন শাসন কৰাৰ সুবিধা গ্ৰহণ কৰিলে। অৰ্থাৎ, অসমৰ শাসনভাৰ অনাৰ্যমূলীয় জনগোষ্ঠীৰ হাতৰ পৰা আৰ্যমূলীয় জনগোষ্ঠীৰ হাতলৈ আহিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছে ভাৰতখন এৰিলে যদিও অসমখনক তেওঁলোকে যেনেদৰে একেটা ৰাজনৈতিক ভূখণ্ডত এৰি গ’ল, তথাকথিত উচ্চ বৰ্ণ হিন্দুৰ অসমীয়া শাসকসকলে তেনেদৰেই শাসন কৰিবলৈ ল’লে। ব্ৰিটিছৰ শাসনকালত অনাৰ্যমূলীয় জনগোষ্ঠীসমূহক কৌশলেৰে এটা বৃহত্তৰ সামাজিক বান্ধোনত ৰাখি দেশ শাসনৰ দৰে কামকাজৰ পৰা বাহিৰত ৰখা হ’ল। কিন্তু, এটা বৃহত্তৰ সামাজিক বান্ধোনত বান্ধ খাই থাকিলেও অনাৰ্যমূলীয় লোকসকলে কোনোকালে আৰ্যমূলীয় লোকসকলৰ লগত মিলি যাব নোৱাৰিলে। তেওঁলোকে তেওঁলোকৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈ সক্ষম হৈয়ে থাকিল। একালৰ স্বাধীন অনাৰ্যমূলীয় জনগোষ্ঠীসমূহে পুনৰ স্বাধীনভাৱে থাকিবলৈ সংকল্পবদ্ধ হোৱাৰ ফলতে অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাৰ উদ্ভৱ হৈছে। প্ৰশ্ন হ’ল-প্ৰগতিশীল দৃষ্টিভংগীৰে এই সমস্যাটোৰ সমাধান কি? প্ৰাসংগিক প্ৰশ্ন হ’ল-অতীতত অসমৰ শাসনভাৰ অনাৰ্যমূলীয় জনগোষ্ঠীৰ হাতত থাকিল বুলিয়ে আজিও অসমখন বিভাজন কৰি তেওঁলোকৰ হাততো কিছু অংশ থাকিব লাগে বুলি দাবী কৰাৰ বাস্তৱতা কিমান? শাসনৰ গাদী অধিকাৰ কৰিব পৰিলেই অসমৰ জনগোষ্ঠীসমূহে দোপতদোপে আগবাঢ়ি যাব পাৰিবনে? আচলতে, সংশ্লিষ্ট জনগোষ্ঠীটো যদি সঁচায়ে শাসনৰ গাদী দখল কৰিবলৈ উপযুক্ত, দখল কৰিবই। বাস্তৱ প্ৰসংগটো হ’ল-ভাৰতীয় সংবিধানে অনাৰ্যমূলীয় জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে অসম বিধান সভাত সমষ্টি ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰি ৰাজনৈতিক সুবিধা প্ৰদান কৰিছে। তদুপৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ব্যৱস্থাৰেও কিছুমান জনগোষ্ঠীক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে। কিন্তু, অনাৰ্যমূলীয় জনগোষ্ঠীসকলৰ প্ৰতিনিধিসকলে নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা নাই। তেওঁলোকক প্ৰদান কৰা ক্ষমতাৰ সৎ ব্যৱহাৰ নকৰি দলীয় তথা ব্যক্তি স্বাৰ্থৰ প্ৰতি বেছি আগ্ৰহী হৈ পৰিছে। অনাৰ্যমূলীয় জনগোষ্ঠীসকলৰ প্ৰতিনিধিসকলে নিজৰ সমষ্টিত নিজে যিটো জনগোষ্ঠীৰ অন্তৰ্ভূক্ত কেৱল সেই জনগোষ্ঠীটোৰ স্বাৰ্থৰ বাবেহে কাম কৰিব নোৱাৰে। তেখেতসকলে সংশ্লিষ্ট সমষ্টিটোৰ প্ৰতিটো জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ সাংবিধানিকভাবে বাধ্য। এতিয়ালৈকে যিমানকেইজন অনাৰ্যমূলীয় জনগোষ্ঠীৰ লোকে অসম বিধান সভাত আসন দখল কৰিবলৈ সুবিধা পালে, তেওঁলোকে জনগোষ্ঠীয় সমস্যাৰ প্ৰতি সতৰ্ক নহয় বুলি ভাৱিয়েই অনাৰ্যমূলীয় কিছুমান জনগোষ্ঠীয় নেতাই গোষ্ঠী পৰিচয়ৰ সমস্যাকে মাধ্যম হিচাপে লৈ গোষ্ঠীগত ৰাজনীতিৰে ৰাজনৈতিক ক্ষমতা আদায় কৰিবলৈ উঠিপৰি লাগিছে। পিছে, তেওঁলোকেও যে একে পথৰে যাত্ৰী নহ’ব তাৰ কোনো নিশ্চিয়তা নাই। মূল কথা হ’ল-সংবিধানে যিখিনি সুবিধা প্ৰদান কৰিছে তাৰ সঠিক প্ৰয়োগ হ’ব লাগে। সাংবিধানিক সুবিধাখিনিৰ সঠিক প্ৰয়োগৰ পাছতো যদি অনাৰ্যমূলীয় জনগোষ্ঠীসকল বৈষম্যৰ সম্মুখিন হয়, তেন্তে নিশ্চয় আন উপায়ৰ বিষয়ে চিন্তাচৰ্চা কৰি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সকলোৱে একেমুখে সমৰ্থন দিব।
    ব্ৰিটিছ চৰকাৰে ধৰ্মীয় আৰু ৰাজনৈতিক লাভালাভৰ বাবে অসমৰ জনগোষ্ঠীসমূহৰ মাজত যি বিভাজন ঘটালে সেয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতো থাকি যোৱাৰ ফলতো অসমত গোষ্ঠী পৰিচয়ৰ সমস্যা থাকি গ’ল। এই ক্ষেত্ৰত বাস্তৱ পন্থা হ’ল-অসম নামৰ ভূখণ্ডটোত এতিয়াও কিছুমান স্বাৰ্থান্ধ লোকে বিভাজনৰ নীতি যে প্ৰয়োগ কৰি আছে-সেয়া আৰ্য আৰু অনাৰ্যমূলীয় সকলো জনগোষ্ঠীয়ে বুজি উঠা দৰকাৰ হৈ পৰিছে আৰু তেনে শক্তিসমূ্হক নিৰ্মূল কৰাৰ বাবে একগোট হোৱাৰ সময় আহি পৰিছে। এটাৰ পৰা আনটো পৃথক জনগোষ্ঠী হিচাপে নাথাকি বৃহত্তৰ স্বাৰ্থত একেলগে থকাটোহে বেছি প্ৰয়োজন হৈছে। পৃথক বুলি ভাৱি বা পৃথক হ’বলৈ চেষ্টা কৰি পৃথককৈ থকাটো প্ৰগতিশীল দৃষ্টিভংগীৰে গ্ৰহণযোগ্য নহয়। তদুপৰি ই সামগ্ৰিক উন্নয়নৰো পৰিপন্থী।  
   ব্ৰিটিছ চৰকাৰে অসমৰ জনগোষ্ঠীসমূহৰ মা্জত যি বিভাজন ঘটাইছিল তাৰ ফলস্বৰূপে তথাকথিত উচ্চ বৰ্ণহিন্দু লোকসকলে জনজাতীয় বা তথাকথিত নিম্ন বৰ্ণৰ লোকসকলক অৱহেলা কৰাৰ ফলতো অসমত গোষ্ঠী পৰিচয়ৰ সমস্যা সৃষ্টি হৈছে। উচ্চ বৰ্ণ হিন্দুসকলে জনজাতীয় লোকসকলক কেতিয়াও সন্মানৰ চকুৰে চোৱা নাছিল। এই সমস্যাটো বৰ্তমান কমিছে যদিও অসমৰ জনজাতিসকলে ইমান বছৰে যি অৱহেলাৰ অভিজ্ঞতা লাভ কৰি আহিছে, সেয়া ভৱিষ্যতে নহ’ব বুলি বিশ্বাসত ল’ব পৰা পৰিস্থিতিৰ অভাৱ পৰিলক্ষিত হৈছে। প্ৰগতিশীল দৃষ্টিভংগীৰে ইয়াৰ সমাধান হ’ল-উচ্চ বৰ্ণ বা নিম্ন বৰ্ণৰ দৰে সংকীৰ্ণ মনোভাৱ সম্পূৰ্ণভাৱে পৰিহাৰ কৰিব লাগে। এইবোৰ ধৰি থাকিলে কাৰো বিশেষ লাভ নহয়। যদি উচ্চ-নিম্ন বিভেদ থাকিবই লাগে, মানৱীয় গুণৰ ওপৰত ভিত্তি কৰিহে মানুহক ভেদ কৰিব লাগে। তথাকথিত উচ্চ বৰ্ণৰ ব্যক্তি, অথচ চিন্তাচৰ্চা অতি নিম্ন পৰ্যায়ৰ, প্ৰগতিশীল সমাজত তেনে ব্যক্তিৰ স্থান একেবাৰে তলত।
   তথাকথিত কিছুমান অসমীয়াই অসমৰ শাসন ক্ষমতা অধিকাৰ কৰাৰ পাছত সৰু সৰু জনগোষ্ঠীসমূহক কৌশলেৰে অসমীয়ালৈ ‘জাহ যোৱা’ৰ (Assimilation) নীতি প্ৰয়োগ কৰিবলৈ বিচৰাৰ ফলস্বৰূপেও অসমত গোষ্ঠী পৰিচয় সমস্যাৰ উদ্ভৱ হৈছে। বুজিবলৈ সহজ যে অমসৰ বিভিন্ন জনগোষ্ঠীসমূহৰ প্ৰতিটোৰে ভাষা সংস্কৃতি সুকীয়া। শেহতীয়াকৈ ‘জাহ যোৱা’ৰ ধাৰণা এফলীয়াকৈ ৰাখি ‘একাত্মীকৰণ’ (Integration) কৰিবলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে, য’ত ‘জাহ যোৱা’ৰ ধাৰণাৰ দৰে ‘ভাষান্তৰ বা ধৰ্মান্তৰ জৰুৰী নহয়’। কিন্তু, জনজাতীয় লোকসকলৰ মাজতে গঢ়ি উঠা কিছুমান মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থৰ বাবে ‘একাত্মীকৰণ’ সম্ভৱ হৈ উঠা নাই। ‘নিজৰটোহে ভাল, বাকীবোৰ বেয়া’-এনে ধৰণৰ দৃষ্টিভংগী প্ৰগতিশীল সমাজত নাথাকে। তদুপৰি, কাৰোবাক নিজৰফালীয়া কৰিবলৈ উৎসাহ কৰাৰ প্ৰবৃত্তি প্ৰগতিশীল সমাজে সমৰ্থন নকৰে (ৰাজনৈতিক দলৰ কথা সুকীয়া)। আনৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ প্ৰতিও সমানে সন্মান প্ৰদৰ্শন কৰিব পৰাটোহে প্ৰগতিশীল সমাজৰ বাবে গ্ৰহণযোগ্য। একে সময়তে জনজাতীয় লোকসকলৰ যিসকলে ব্যক্তি স্বাৰ্থৰ বাবে ‘একাত্মীকৰণ’ৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দি আহিছে তেওঁলোকৰ বিৰূদ্ধ জনমত গঠন কৰিব পাৰিলে এই সমস্যাৰ সমাধান আশা কৰিব পাৰি।  
    ভূমি নিৰাপত্তাৰ অভাৱ অসমত গোষ্ঠী পৰিচয় সমস্যা উদ্ভৱৰ আন এটা কাৰণ। স্বাধীনতাৰ আগেয়ে ভূমিস্বত্ত্বৰ নিৰাপত্তাই আছিল সদৌ অসম জনজাতি সংঘৰ মূল দাবী। চৰকাৰে আজিলৈকে জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই যেতিয়া জনজাতীয় লোকসকলে ধাৰণা কৰি লৈছে যে অজনজাতীয় লোকেৰে গঠিত চৰকাৰসমূহে ভৱিষ্যতেও যে তেওঁলোকক নিৰাপত্তা দিব পাৰিব তাৰ কোনো আশা নাই। সেয়েহে সাংবিধানিক নীতিৰ ভিত্তিত জনজাতীয় লোকসকলে নিজে নিজৰ ভূমিৰ নিৰাপত্তা ল’বলৈ সংকল্পবদ্ধ হৈছে। এই ক্ষেত্ৰত জোৰ দিব লগা বাস্তৱ প্ৰসংগটো হ’ল-সাংবিধানিকভাৱে জনজাতীয় লোকসকলৰ বাবে ভূমিৰ যি ব্যৱস্থা ৰখা হৈছে তাৰ সঠিক ৰূপায়ণ হ’বই লাগিব। দিছপুৰত যি দলেই চৰকাৰ গঠন নকৰক, তেওঁলোক সংবিধানৰ বিধি অনুযায়ী জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা প্ৰদান কৰিবলৈ বাধ্য। প্ৰয়োজন হ’লে ভূমি সম্পৰ্কীয় আইনৰ সংশোধন কৰিও তেওঁলোকৰ ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিলে ভূমি সম্পৰ্কে থকা সমস্যা অন্ত পৰিব। অৱশ্যে, লক্ষ্য ৰখা দৰকাৰ যাতে জনজাতীয় লোকসকলৰ ভূমিৰ নিৰাপত্তা প্ৰদানে আন জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব নহয়।
    প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাই অসমত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা নাই। অসমৰ প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক অসমৰ পৰা বহিস্কাৰ কৰা আৰু নতুন অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা অতি আৱশ্যক। বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনজাতীয় সংগঠনসমূহে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই। এই কাম কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে সমাপন কৰিব লাগিছিল যদিও ভোট বেংকৰ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি সমাপন নকৰাৰহে প্ৰৱণতা দেখা গৈছে। নিজৰ জন্মস্থানতে সংখ্যালঘিষ্ঠ হোৱাৰ শংকাত নিজে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বিচৰাৰ ফলতে অসমত গোষ্ঠী পৰিচয়ৰ সমস্যাই দেখা দিছে। মানৱীয়তাৰ খাতিৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলো মানুহ। তেওঁলোকৰো মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু সমান্তৰালভাৱে এইটোও শুদ্ধ যে যি কাৰণত অসমত নিজৰ মাজতে গোষ্ঠী পৰিচয়ৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ সমধান কৰিবই লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ কাৰ্যদক্ষতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা হয়। অতিকৈ প্ৰয়োজনীয় ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ’ উন্নিতকৰণৰ কাম সমাপন কৰিব পাৰিলে এই সমস্যাৰ সমাধান পাব পৰাটো স্পষ্ট। পিছে চৰকাৰে এই কাম কৰিব পৰা নাই কিয়? নে কৰিবলৈ প্ৰয়াস কৰা নাই? গতিকে, চৰকাৰে প্ৰথমে তেওঁলোকৰ দায়িত্ব পালন কৰক। তাৰ পাছতো যদি এই সমস্যাৰ সমাধান নহয়, বিকল্প নিশ্চয় ওলাব।
    জনজাতিসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ অসমত গোষ্ঠী পৰিচয় সমস্যা জাগ্ৰত হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত একতাৰ এনাজৰীৰে বন্ধাৰ প্ৰয়াসেৰে নতুন চৰকাৰে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ সৃষ্টি কৰিলে আৰু সেই ব্যৱস্থাত উল্লিখিত জিলা/আঞ্চলিক পৰিষদ গঠন কৰি স্বায়ত্ব শাসন ব্যৱস্থাৰ প্ৰচলন কৰিলে। বাস্তৱ প্ৰসংগ হ’ল-ষষ্ঠ অনুসূচী আৰু তাৰ আধাৰত প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থা জনজাতীয়সকলৰ স্ব-শাসন আৰ্হিতকৈ সম্পূৰ্ণ বেলেগ হৈছে। স্বায়ত্ব শাসিত পৰিষদসমূহ অসমৰ জনজাতীয়সকলৰ মাজত এক সম্ভ্ৰান্ত শ্ৰেণী গঢ়ি তোলাতহে অৰিহনা যোগাইছে আৰু এই সম্ভ্ৰান্ত শ্ৰেণীটোক জনজাতীয় জীৱন আৰ্হিৰ পৰা সম্পৃৰ্ণ পৃথক এক নতুন জীৱন-যাপন প্ৰণালী তথা চিন্তা-চেতনাৰ আবেষ্টনীত বন্দী কৰি ৰাখিছে অকল সেয়াই নহয়। নতুনকৈ নেতৃত্বৰ সোৱাদ পোৱা মধ্যবিত্ত জনজাতীয় নেতাসকলে এই ব্যৱস্থাত সন্তুষ্ট থাকিব নোৱাৰি অধিক স্বতন্ত্ৰতাৰ মানসেৰে পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি গোষ্ঠী পৰিচয়ৰ সমস্যাকে নিজৰ স্বাৰ্থৰ আহিলা হিচাপে ব্যৱহাৰ কৰি এই সমস্যা বৃদ্ধিহে কৰিলে। উত্তৰ আধুনিক যুগত এইদৰে আৰু কিমান দিনলৈ তেওঁলোকক সুবিধা দি থকা হ’ব?
   মুঠ কথা, ৰাজ্যখনৰ গোষ্ঠী পৰিচয় সমস্যা সম্পৰ্কে কেৱল কেইজনমান মানুহৰ মগজুৰ ওপৰতে এৰি দিব নালাগে, যিটো অসমত আজি কেইবা দশকৰ পৰা দেখা গৈছে। সঁচা মিছাৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ আৱেগকে অগ্ৰাধিকাৰ দি যিকোনো বিষয়ত সমৰ্থন কৰাৰ পৰা বিৰত থাকি, যিটো বিষয় সত্য আৰু বাস্তৱ তাকেহে সমৰ্থন কৰাৰ সময় আহি পৰিছে। সকলোৱে মনত ৰখা দৰকাৰ যে প্ৰগতিশীল সমাজত গোষ্ঠীগত পৰিচয়ে মানুহ এজনৰ একমাত্ৰ পৰিচয় নহয়।

তথ্যসূত্ৰ      



মহন্ত, প্ৰফুল্ল (২০১৪): ‘অজনজাতি অসমীয়াৰ মাতব্বৰী: ‘বড়োলেণ্ড পৰিহাৰ কৰক’, আমাৰ অসম, ১৭ অক্টোবৰ, পৃষ্ঠা: ৪।   
বৰ্মন, শিৱনাথ (২০১৩): অসমৰ জনজাতি সমস্যা: এক ঐতিহাসিক সন্ধান, (বনলতা সংস্কৰণ), পৃষ্ঠা: ৪৬। 
দেউৰী, ইন্দিবৰ (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীয় প্ৰশ্ন’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:২৮৪-২৯৮।
জানা, জ্যোতিৰ্ময় (২০০৭): ‘আন্দোলন আৰু মতান্তৰ’, ড° হীৰেন গোহাঁই আৰু ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, বনলতা, পৃষ্ঠা:১৫২-১৯৯।
গোহাঁই, হীৰেন (২০১৩): ‘অসমৰ জনগোষ্ঠীয় সমস্যা (৩)’, গৰীয়সী, মাৰ্চ, বছৰ ২০, সংখ্যা ৬, পৃষ্ঠা: ১৬-২০।
ৰাভা, বিপুল কুমাৰ (২০১২): ‘অসমত গোষ্ঠী সংঘৰ্ষ সম্পৰ্কে’, প্ৰান্তিক, বছৰ ৩১, সংখ্যা ১৮, পৃষ্ঠা: ১৩।
দত্ত, অখিল ৰঞ্জন (২০১১): ‘উত্তৰ-পূৱ ভাৰতৰ ‘জন-নিৰাপত্তা’ ৰাষ্ট্ৰ, নাগৰিক সমাজ আৰু গণ-আন্দোলনৰ ভূমিকা’, নতুন পদাতিক, মাৰ্চ, পৃষ্ঠা:১৪-২৪।
Misra, Udayan (1983): ‘Rise of Naga Nationalism’ in B. Dutta Ray (ed) The Emergence and the Role of Middle Class in North East India, (New Delhi: Uppal Publishing House).

[প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ জুলাই, ২০১৭]

Tuesday, 20 June 2017

প্ৰসংগ: ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’

যোৱা ২৯ মে’ তাৰিখে ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত তৰণী কলিতাৰ ‘মাতৃভাষাৰ প্ৰতি অনীহা কিয়?’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। কলিতাৰ লেখাটো বিশেষকৈ অসম আৰু অসমীয়া ভাষাৰ প্ৰসংগতে আলোচনা কৰা হৈছে বাবে আমাৰ মন্তব্যখিনিও এই পৰিধিৰ ভিতৰতে ৰাখিবলৈ বিচাৰিছোঁ। কলিতাই ঠিকেই ধৰিছে যে অসমত আজি মাতৃভাষাৰ প্ৰতি অনীহাৰ পৰিবেশ বিৰাজ কৰিছে। আমি অসমৰ মানুহবোৰে (সকলো নহয়) আমাৰ নিজৰে নিৰ্ভৰযোগ্য সামগ্ৰী আৰু সেৱা থকা সত্বেও যিকোনো আমদানীকৃত সামগ্ৰী আৰু সেৱাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰোঁ। আচলতে, আমি অতি সহজে মানসিকভাবে শোষিত (Psychologically Exploited)  হৈ যাওঁ। অসমীয়া ভাষাটোও ইয়াৰ ব্যতিক্ৰম নহয়। এনে এটা ধাৰণা গঢ়ি উঠিছে যে কোনো এজন ব্যক্তিয়ে কথা প্ৰসংগত অসমীয়া ভাষাৰ শব্দ বিচাৰি নাপালে সংশ্লিষ্ট ব্যক্তিজনৰ সামাজিক মৰ্যাদা অলপ হ’লেও উচ্চ। অৱশ্যে, এই ধাৰণা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে-এয়া এক শুভ লক্ষণ।
সমগ্ৰ পৃথিৱীতে বজাৰ ব্যৱস্থা প্ৰচলন হোৱাৰ পাছত স্থানীয় ভাষাবিলাক সংকটত পৰিবলৈ ধৰিছে। একে সময়তে উত্তৰ আধুনিকতাবাদৰ-নিৰ্দিষ্ট দিশবিহীন সামাজিক পৰিস্থিতিয়ে সকলোকে অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে। ভাষাৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশবিহীন পৰিস্থিতিত অসমৰ মানুহে ইংৰাজী ভাষাৰ সহায়তে আগবাঢ়ি যোৱাৰ বাট দেখা পাইছে। অৱশ্যে, এইটো ঠিক যে সমগ্ৰিকভাবে পৃথিৱীত আন ভাষাৰ তুলনাত ইংৰাজী ভাষাৰ প্ৰভাৱ কিছু হ’লেও বেছি আছে। সেইদৰে ভাৰতবৰ্ষত হিন্দী ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাতকৈ বেছি। গতিকে এই দুটা ভাষাৰ প্ৰতি অসমৰ মানুহবিলাক আগ্ৰহী হৈ উঠাটোৱেই স্বাভাৱিক। দুখৰ কথাটো হ’ল-ইয়াতেই মাতৃভাষাৰ প্ৰতি অনীহা সম্পৰ্কীয় সমস্যাটোৰ উদ্ভৱ হৈছে। বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাক সঘনে ব্যৱহাৰ কৰি থকাৰ ফলত নিজৰ মাতৃভাষাটোৰ প্ৰতি স্বাভাৱিকতে অনীহাৰ ভাব আহে। কিন্তু, সকলোৱে বুজি উঠা উচিত যে বজাৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰা ভাষাবিলাকত দক্ষতা থকাৰ উপৰিও নিজৰ মাতৃভাষাত দখল থাকিলে কোনো ক্ষতি নহয়। বৰঞ্চ ভাষাৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজন অধিক সবলহে হৈ উঠে।



[প্ৰকাশিত, ১৭ জুন ২০১৭, ‘নিয়মীয়া বাৰ্তা’]

‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থাৰ সীমাবদ্ধতা

যোৱা ১২ জুন তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত ৰূপম গোস্বামীৰ ‘জি এছ টি: দেশৰ নতুন কৰ ব্যৱস্থাৰ এক চমু অৱলোকন’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ। যিকোনো এটা নতুন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলে ব্যৱস্থাটোৰ সীমাবদ্ধতাখিনি আলোচনাৰ বাহিৰত ৰাখিলে ব্যৱস্থাটোৰ বিষয়ে সম্পূৰ্ণকৈ বুজি উঠা নাযায়। গোস্বামীৰ লেখাটোৰ সীমাবদ্ধতাও তাতেই। কোনো সন্দেহ নাই যে ‘সামগ্ৰী আৰু সেৱা কৰ’ (Goods and Services Tax, চমুকৈ GST) ব্যৱস্থা সঠিকভাবে প্ৰৱৰ্তন কৰিব পাৰিলে কৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধি পাব আৰু দেশখনৰ কৰৰ পৰা সংগৃহিত ৰাজহৰ পৰিমান বৃদ্ধি পোৱাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ হাৰ দ্ৰুতগতিত বাঢ়িব। তদুপৰি, ‘সংযুক্ত সামগ্ৰী আৰু সেৱা কৰ’ (Integrated Goods and Services Tax, চমুকৈ IGST) ব্যৱস্থাৰ ভিত্তিত উপাদান কৰ জমা (Input Credit) ব্যৱস্থাৰ দ্বাৰা বিত্তীয় ক্ষেত্ৰত ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ইতিবাচক উত্তৰণ ঘটিব। কিন্তু, এই নতুন কৰ ব্যৱস্থাটো সমালোচনাৰ বাহিৰত নহয়।
প্ৰথমে, সামগ্ৰী আৰু সেৱা কৰ পৰিষদে ( GST Council) এতিয়ালৈকে আগবঢ়োৱা পৰামৰ্শ অনুসৰি বৃহৎ সংখ্যক পেট্ৰল আৰু পেট্ৰলজাত সামগ্ৰী, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা নহ’ব। ইফালে দেশৰ বৃহৎ সংখ্যক সামগ্ৰীৰ উৎপাদন পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰিয়ে কৰা হয়। সৰল ভাষাত, পেট্ৰলজাত সামগ্ৰীসমূহৰ ওপৰত ‘কৰৰ ওপৰত কৰ’ (Tax on Tax) আৰোপ কৰাৰ ব্যৱস্থাই অব্যাহত থাকিব। গতিকে, পেট্ৰলজাত ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰা সামগ্ৰীসমূহৰ দামৰ কোনো পৰিবৰ্তন নোহোৱাৰ ফলত উপভোক্তাৰ ওপৰত আৰোপ কৰা কৰভাৰ (Tax Incidence) একেই থাকিব। দ্বিতীয়তে, কৰৰ ভিত্তিত ভাৰতত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰে সমগ্ৰ ভাৰতবৰ্ষতে একে হাৰত কৰ আৰোপ কৰিব বিচৰা হৈছে। কিন্তু, কেৱল কৰৰ হাৰ সমান হ’লেই কৰৰ ভিত্তিত বিত্তীয় দিশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী হৈ নুঠিবও পাৰে যদিহে ৰাজ্য বিশেষে উদ্যোগিক আৰু বাণিজ্যিক নীতিবিলাক বেলেগ বেলেগ হয়। উদ্যোগিক আৰু বাণিজ্যিক নীতিৰ বিভিন্নতাৰ ফলত আদান-প্ৰদান ব্যয়ৰ পৰিমানো ভিন ভিন হ’ব। তৃতীয়তে, সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত যিবিলাক ৰাজ্য বিত্তীয়ভাবে লোকচানৰ সম্মুখিন হ’ব, সেই ক্ষতিপূৰণ পাচঁ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰাৰ কথা বিধেয়কখনত কোৱা হৈছে। কোনো এখন ৰাজ্যই নিজেই প্ৰত্যক্ষভাবে সংগ্ৰহ কৰিব পৰা ৰাজহখিনি এই ব্যৱস্থাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ হাত পাতিবলগীয়া হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট ৰাজ্যখনৰ বিত্তীয় স্বাধীনতা কিছু হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
অৱশ্যে, এটা কথা ঠিক যে এই কৰ ব্যৱস্থাটোৰ সীমাবদ্ধতাৰ তুলনাত সুবিধাই বেছি হ’ব।    


[প্ৰকাশিত, ১৫ জুন ২০১৭, ‘আমাৰ অসম’]

Monday, 29 May 2017

প্ৰসংগ: ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’

যোৱা ১৯ মে’ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত দেৱৰঞ্জন বৰঠাকুৰৰ ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰে ঠিকেই চিনাক্ত কৰিছে যে বিলাসী ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰেও সামাজিক বৈষম্য অনাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। অৱশ্যে, ব্যক্তিগত খণ্ডৰ শিক্ষা মানেই যে উন্নত শিক্ষা সেয়া এশ শতাংশ শুদ্ধ নহয়। ব্যতিক্ৰমক বাদ দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মূল উদ্দেশ্য ব্যৱসায় কৰা, যাৰ অভিপ্ৰায় মুনাফা আৰ্জন কৰা। ভাৰতৰ মানুহে এইবোৰ কথা নজনাও নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-‘অধিক খৰছ কৰিলেহে উন্নত তথা ভাল শিক্ষা পোৱা যায়’ বুলি যি ধাৰণা প্ৰচলিত হৈছে সেয়া ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। এই প্ৰৱণতা-কাৰোবাৰ বাবে অনুকৰণ, আন কাৰোবাৰ বাবে বাধ্যবাধকতা।  
বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা আমাৰ দেশৰ মানুহবিলাক সমূহীয়া (Collective) জীৱন ধাৰাৰ সৈতে সাঙৰ খাই আহিছে। এয়া হ’ল আমাৰ দেশৰ নিজস্ব ঠাঁচ (যাক ইংৰাজীত Collective Framework বুলি কোৱা হয়) এই ঠাঁচত অৰ্থনীতি, শিক্ষা আদিৰ দৰে বিষয়বোৰ তুলনামূলকভাবে ব্যক্তিগত ব্যৱস্থাতকৈ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাহে ভালকৈ খাপ খায়। কাৰণ, ব্যক্তিগত ঠাঁচ (Individual Framework), ব্যক্তিবাদী (Individualism)  ব্যৱস্থাৰ বাবেহে উপযোগী। শিক্ষাকে ধৰি অৰ্থনীতি, সংস্কৃতি আদি প্ৰায়বোৰ ক্ষেত্ৰতে আমাৰ দেশখন উভয় সংকট পৰিস্থিতিৰে গতি কৰিবলগীয়া হৈ আছে। দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰচলন কৰাৰ আগতে শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰৰ হাতত আছিল (ব্যক্তিগত খণ্ড আছিল যদিও ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল)। কিন্তু পাছলৈ শিক্ষা ব্যৱস্থাটোত দ্ৰুতগতিত ব্যক্তিগত খণ্ড সোমাবলৈ ধৰিলে। ফলত শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশখনৰ জনসাধাৰণ উভয় সংকটত পৰিল। অৰ্থাৎ, আমাৰ সমস্যাটো হ’ল-আমি ব্যক্তিগত ঠাচটো গ্ৰহণ কৰিব বিচাৰোঁ, অথচ আমাৰ জীৱন ধাৰণৰ ভেটিটো সমূহীয়া হোৱাৰ বাবে এই নতুন ঠাঁচটোৰ সৈতে সম্পূৰ্ণকৈ খাপ খাব নোৱাৰোঁ। কাৰণ, এই নতুন ঠাঁচটোৰ সৈতে খাপ খাব পৰাকৈ ব্যক্তিবাদী জীৱনধাৰা সম্পৰ্কে আমি অভিজ্ঞ হৈ উঠিব পৰা নাই।
ব্যক্তিবাদী ভাবধাৰা প্ৰচলিত দেশবিলাকত ব্যক্তিগত খণ্ডই দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীক বৰঠাকুৰে কোৱা ধৰণৰ ‘উন্নত’ শিক্ষা প্ৰদান কৰা দেখা যায় আমাৰ দেশতো কিছুমান ব্যক্তিগত প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠনে এনে পদক্ষেপ গ্ৰহণ কৰিছে (‘Trickle-down’ তত্ত্ব) যদিও বিশাল দেশখনৰ দুখীয়া শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালীকে সামৰি ল’ব পৰাকৈ সাজু হৈ উঠা নাই। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ মে’ ২০১৭]