Tuesday, 25 December 2018

প্ৰসংগ: জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা (Reference: Caste-based reservations and current social order)


    যোৱা ১৮ ডিচেম্বৰত (২০১৮) মিতালী ভট্টাচাৰ্যৰ “জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা” শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ভট্টাচাৰ্যই প্ৰবন্ধটোৰ যোগেদি জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাটোৰ প্ৰতি থকা তেখেতৰ তীব্ৰ বিতৃষ্ণা প্ৰকাশ কৰিছে। বিতৃষ্ণাৰ বহি:প্ৰকাশ হিচাপে তেখেতে ব্যৱস্থাটোৰ সন্দৰ্ভত কেইটামান প্ৰশ্ন উত্থাপন কৰিছে।
     ভট্টাচাৰ্যই মহাভাৰতৰ কৰ্ণৰ উপৰি জৰ্জিয়াৰ ষ্টেলিন, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰৰ প্ৰসংগ টানি আনি প্ৰশ্ন কৰিছে যে তেওঁলোকে নীচ কুলত জন্ম লৈ জাতিগত আৰু ধৰ্মীয় সংৰক্ষণৰ লাভ গ্ৰহণ কৰিহে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিছিল নেকি। কোনো দ্বিমত নাই যে তেওঁলোকে সংৰক্ষণ অবিহনে নিজৰ জ্ঞান আৰু বুদ্ধিৰে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছিল। কিন্তু, একেসময়তে এইটোও অনুভৱ কৰা দৰকাৰ যে নীচ কুলত জন্ম লৈ উচ্চ কুলৰ লগত সমতা স্থাপন কৰিবলৈ তেওঁলোকে কিমান কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰিবলগীয়া হৈছিল। জ্ঞান আৰু বুদ্ধিৰ জোখেৰে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিব পৰিলেও সামাজিকভাবে  তেওঁলোকক (বিশেষকৈ ভাৰতত) সম-স্থান দিয়া হোৱা নাছিল। ড° আম্বেদকাৰ নিজেই ইয়াৰ প্ৰমাণ। ড° আম্বেদকাৰে জাত-পাতেৰে পূৰিপূৰ্ণ হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু হিন্দু ধৰ্মালম্বী তেওঁৰ অনুগামীসকলকো আন ধৰ্ম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। তদুপৰি, সকলোৰে জ্ঞাত যে ভাৰতত সংৰক্ষণ ব্যৱস্থাটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত ড° আম্বেদকাৰ অন্যতম আছিল। চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বাবসমূহত স্বজন-প্ৰীতিৰে নিজৰ কুলৰ মানুহক সেই বিষয়বাবসমূহত ৰাখিবলৈ চেষ্টা কৰাৰ দৰে পৰিস্থিতি ভাৰতৰ সকলো অঞ্চলতে আছিল। অসমো ইয়াৰ ব্যতিক্ৰম নাছিল। যেনে-১৯৪৮ চন পৰ্যন্ত চৰকাৰী চাকৰিৰ বিজ্ঞাপনত উচ্চ বংশৰ ডেকাল’ৰা হ’ব লাগিব বুলি উল্লেখ কৰিছিল। চৰকাৰী চাকৰিত, উচ্চ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই স্বজন-প্ৰীতিৰে কম কষ্টেৰে উচ্চ স্থান লাভ কৰিব, আনহাতে নীচ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই সীমাহীন কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰি উচ্চ স্থান লাভ কৰিব লাগিব (ওপৰৰ উদাহৰণটোত যোগ্যতা থাকিলেও উচ্চ স্থান লাভ কৰাৰ সুবিধাই নাই)। উচ্চ স্থান লাভ কৰাৰ পাছতো সামাজিক বৈষম্যৰ বলি হ’ব লাগিব। এয়াই আছিল বাস্তৱ পৰিস্থিতি। দুৰ্ভাগ্যৰ কথাটো হ’ল-আমাৰ দেশৰ বৰ্তমানৰ সমাজতো নিম্নবৰ্গৰ মানুহে উচ্চবৰ্গৰ মানুহৰ দ্বাৰা সামাজিক বৈষম্যৰ বলি নহয় বুলি এশ শতাংশ দাবী কৰিব পৰাৰ পৰিবেশ সৃষ্টি হোৱা নাই।
     ভট্টাচাৰ্যৰ আন এটা প্ৰশ্ন হ’ল-সাৰ্বভৌম স্বাধীন ভাৰতৰ সংবিধানে সমাজত সমতা স্থাপন কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হোৱাৰ বিপৰীতে জাতিগত আৰু ধৰ্মীগত সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ দ্বাৰা সমাজক উচ্চ আৰু নিম্ন, এই দুটা ভাগত ভগোৱা নাইনে? ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা হৈছিল। তাৰ আগতে প্ৰায় পাঁচ হাজাৰ বছৰ ধৰি সমাজত উচ্চ-নীচৰ খেলখন চলি আছিল। সেই পাঁচ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখনৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবেহে সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সংবিধানখন গ্ৰহণ কৰাৰ ৬৮ বছৰৰ ভিতৰতে পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা হৈ গৈছে বুলি নিশ্চয় দাবী কৰিব নোৱাৰি। তদুপৰি, সেই পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা কৰাৰ বাবে সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ বাহিৰে আন কিবা উপযুক্ত বিকল্প আছে বুলিও মনে নধৰে।
            ইঞ্জিনিয়াৰ আৰু মেডিকেল বিভাগত সংৰক্ষণৰ ফলত যদি কম মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ-মেধাৰ ছাত্ৰ-ছাত্ৰীক পিছ পেলাই আসন দখল কৰে, তেনেহ’লে আমি আমাৰ জীৱন কেনেধৰণৰ ডাক্টৰ আৰু ইঞ্জিনিয়াৰৰ হাতত অৰ্পন কৰিম বুলি প্ৰবন্ধকাৰ ভট্টাচাৰ্যই শংকাভৰা প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ নামজ্বলা মেডিকেল আৰু ইঞ্জিনিয়াৰং কলেজত নামভৰ্তিৰ কাট-অফ মাৰ্কসমূহৰ পাৰ্চেন্টাইল অধ্যয়ন কৰিলে দেখিব যে অসংৰক্ষণ আৰু সংৰক্ষণৰ মাজত গড় ব্যৱধান পাঁচতকৈ বেছি নহয়। সৰ্বচ্চ পাঁচ পাৰ্চেন্টাইলৰ গড় ব্যৱধানত মেধাৰ উচ্চ-নিম্নৰ জোখমাখ কিমান শুদ্ধ, সেয়া সন্দেহৰ বাহিৰত নহয়। তদুপৰি, সেয়া নামভৰ্তিৰ প্ৰসংগহে। মূল বিষয় হ’ল-ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান সুখ্যাতিৰে পাছ কৰি সমাজত নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে? এনে বহু ছাত্ৰ-ছাত্ৰী আছে সিসকলে উচ্চ মেধাৰ পৰিচয়েৰে সহজে নামভৰ্তিৰ সুবিধা লাভ কৰিছে, অথচ ভালদৰে পাছ কৰিব নোৱাৰি নিৰ্ভযোগ্য সেৱা আগবঢ়াব পৰা নাই। আনহাতে, এনে ছাত্ৰ-ছাত্ৰীও আছে যিসকলে নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে নামভৰ্তিৰ সুবিধা লাভ কৰি সুখ্যাতিৰে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। অৱশ্যে, এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে উচ্চ মেধাৰ পৰিচয়ৰেই হওক বা নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে হওক-নামভৰ্তিৰ সুবিধা লাভ কৰি কোনোমতে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে। এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে সুখ্যাতিৰে পাছ কৰিও নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। অৰ্থাত, এনেকুৱা নহয় যে উচ্চ মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ সুবিধা লাভ কৰিলে নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিব আৰু নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব নোৱাৰিব।
     ইতিহাসত উচ্চবৰ্ণৰ লোকৰ দ্বাৰা হোৱা নিম্নবৰ্ণৰ লোকৰ বঞ্চনা, নিপীড়নৰ ভাৰ বৰ্তমান প্ৰজন্মই কঢ়িয়াই ফুৰাৰ যুক্তিযুক্ততা ক’ত বুলি ভট্টাচাৰ্যই প্ৰশ্ন কৰিছে। ভট্টাচাৰ্যৰ এই প্ৰশ্নৰ যুক্তিযুক্ততা নিশ্চয় আছে। কিন্তু, ইতিহাসক বাদ দি বৰ্তমান বা ভৱিষ্যত হ’ব পাৰে জানো? তদুপৰি, মাত্ৰ এবাৰলৈ ভাবক-যদি ভাৰতত সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা ১৯৫০ চনৰ পৰা নাথাকিলেহেঁতেন, তেন্তে দেশখনৰ আজিৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক বৈষম্য কেনেধৰণৰ হ’লেহেঁতেন! এই কথা ডাঠি ক’ব পাৰি যে সংৰক্ষণ ব্যৱস্থাই অসমতা সৃষ্টি কৰিছে বুলি ভট্টাচাৰ্যই যি প্ৰশ্ন উত্থাপন কৰিছে, সংৰক্ষণ ব্যৱস্থা নাথাকিলে অসমতাৰ মাত্ৰা ইয়াতকৈ অনেক গুণ বৃদ্ধি পালেহেঁতেন। 
ভট্টাচাৰ্যৰ মতে জাতিগত বৈষম্যৰ লগতে আৰ্থিক ভিত্তিও সংৰক্ষণৰ প্ৰধান দাবীদাৰ হোৱা উচিত। এই যুক্তিক সমৰ্থন নকৰাৰ প্ৰশ্নই নাহে। কিন্তু, জাতিগতভাবে তুলনা কৰিলে দেখা যায় যে উচ্চ জাতিৰ দুখীয়া লোকৰ তুলনাত নিম্ন জাতিৰ দুখীয়া লোকৰ সংখ্যা অধিক। চাছাৰ কমিটিৰ (২০০৬) প্ৰতিবেদন অনুসৰি, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে, সংখ্যালঘু, অনুসূচিত জাতি-জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। শেহতীয়া তথ্য অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ লোক। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ ৪১.২ শতাংশ মানিকীস্বত্ব আছে। আনহাতে, অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ শতাংশ। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ মাত্ৰ ৪.২ শতাংশৰহে মালিকীস্বত্ব আছে। সেইদৰে, দেশৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক হ’ল অনুসূচিত জাতি আৰু জনজাতিৰ। কিন্তু, তেওঁলোকৰ মাত্ৰ ০.২ শতাংশৰহে ঔদ্যোগিক খণ্ডত মালিকীস্বত্ব আছে। প্ৰাথমিক খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা আৰু সংখ্যালঘু লোক মিলি প্ৰায় ৫০ শতাংশতকৈ অধিক লোক নিয়োজিত হৈ আছে, যিসকলৰ গড় মাহিলি আয় প্ৰায় ৫,০০০ টকা মাত্ৰ।  মুঠ কথা, আটাইবোৰ জাতিৰ আৰ্থিক দুৰৱস্থা সমান বা আটাইবোৰ জাতিৰ সমান আৰ্থিক উন্নয়ন হ’লেহে আৰ্থিক ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন প্ৰকৃত অৰ্থত যুক্তিপূৰ্ণ হ’ব।     
     প্ৰবন্ধটোৰ শেষত নিম্ন শ্ৰেণী, সৰু জাত আদিৰ সুবিধাত সংৰক্ষণৰ লাভালাভ গ্ৰহণ কৰি কোনো জাতিয়েই নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব নোৱাৰে বুলি মতামত আগবঢ়াই ভট্টাচাৰ্যই সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ মূল উদ্দেশ্যৰ পৰা আতঁৰি আহিছে (জানিয়েই হওক বা নাজানিয়েই হওক)। সাংবিধানিক সংৰক্ষণৰ দ্বাৰা কোনো জাতিয়েই শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব বিচৰা নাই। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত নিম্ন জাতিক উচ্চ জাতিয়ে কৰা শোষণৰ পৰা মুক্ত কৰি সকলোকে সম-মৰ্যাদা প্ৰদানৰ উদ্দেশ্যেহে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
পুনশ্চ: কোনো সন্দেহ নাই যে মহাভাৰতৰ কৰ্ণ, জৰ্জিয়াৰ ষ্টেলিন, আমৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰ প্ৰত্যেকেই একো একোজন উজ্জ্বল নক্ষত্ৰ। কিন্তু, তেওঁলোকৰ উজ্জ্বলতা তেওঁলোকে অন্তৰ্ভূক্ত হোৱা নৃ-গোষ্ঠী বা তেওঁলোকৰ দৰে পৰিস্থিতিত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰ উজ্জ্বলতা নিশ্চয় নহয়।  

[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা:৫]

Wednesday, 5 December 2018

প্ৰসংগ: ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা


‘আমাৰ অসম’ত যোৱা ২৭ অক্টোবৰত ড° ৰক্তিম ৰঞ্জন শইকীয়াই লিখা “স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিলম্বিতকৰণ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা” শীৰ্ষক প্ৰবন্ধটোৰ ওপৰত একেখন কাকততে যোৱা ৮ নৱেম্বৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আমাৰ প্ৰবন্ধটোৰ উত্তৰ হিচাপে ড° শইকীয়াৰ “‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা” শীৰ্ষক এটা প্ৰবন্ধ যোৱা ৩০ নৱেম্বৰত প্ৰকাশ পাইছিল। ড° শইকীয়াৰ উত্তৰ সম্পৰ্কত দুষাৰমান মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ।
আমাৰ প্ৰবন্ধটোত গণতন্ত্ৰৰ প্ৰসংগটো অনা হৈছিল-‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰা বা নকৰা সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কলেজ শিক্ষক সংস্থাৰ মাজত গণতান্ত্ৰিকভাবে আলোচনাৰ ভিত্তিত লোৱা সিদ্ধান্ত সম্পৰ্কত। আমাৰ বক্তব্য আছিল-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত নতুন পদ্ধতিটো প্ৰচলন কৰা বা নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাই এককভাবে সিদ্ধান্ত লোৱা নাছিল। গণতন্ত্ৰ সম্পৰ্কে এই প্ৰসংগটো এৰি ড° শইকীয়াই বেলেগ এটা প্ৰসংগ আনিলে। ড° শইকীয়াই উল্লেখ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘শৈক্ষিক সমিতি’ৰ সভাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ সপক্ষে তিনিজন সদস্যই তেওঁলোকৰ সম্পূৰ্ণ বৃত্তিগত মতামত আগবঢ়াওঁতে অসম কলেজ শিক্ষক সংস্থাই তেওঁলোকক বহিস্কাৰ কৰিছিল। এইটো কাৰণতে ড° শইকীয়াই অসম কলেজ শিক্ষক সংস্থাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছে। পাঠকসমাজৰ লগতে ড° শইকীয়াৰো হয়তো দ্বিমত নাথাকিব যে অসম কলেজ শিক্ষক সংস্থা বুলি নহয়, যিকোনো সংস্থাৰে কোনো এজন সদস্যই সংশ্লিষ্ট সংস্থাটোৰ সংবিধান বহিৰ্ভূত আচৰণ কৰিলে সংশ্লিষ্ট সদস্যজনৰ ওপৰত সংস্থাটোৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে।
ড° শইকীয়াই দুই কৌটি টকাৰ অনুদানৰ প্ৰসংগটো আনিছিল বিশেষকৈ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনিৰ অৱস্থিতি সম্পৰ্কে যুক্তি আগবঢ়াবলৈ। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা মহাবিদ্যালয়সমূহৰ প্ৰসংগ আমাৰ দ্বাৰা এইবাবেই অনা হৈছিল যে তেওঁলোকে উল্লিখিত দুই কৌটি টকাৰ অনুদান লাভ কৰা নাই। আমাৰ যুক্তি আছিল-আনকি দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। কোন সংস্থাই ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিৰোধিতা কৰিছে বা কোন সংস্থাই বিৰোধিতা কৰা নাই-সেই প্ৰসংগ ড° শইকীয়াই জোৰকৈ টানি আনি আন্ত:গাঁঠনি সম্পৰ্কীয় মূল বিষয়টোৰ পৰা কৌশেলেৰে আঁতৰি গৈছে। আমি এতিয়াও কওঁ-অসমৰ গ্ৰামাঞ্চলত অৱস্থিত বহু মহাবিদ্যালয়ৰে (যি সংস্থাৰে অন্তৰ্ভূক্ত নহওক) আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। এইখিনিতে এইটোও কওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কোনোবা এখন মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি যদি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই, সেইখন মহাবিদ্যালয়কো তেওঁলোকৰ আন্ত:গাঁঠনি নতুন পদ্ধতিটো প্ৰচলন কৰিব পৰাকৈ উপযোগী কৰি ল’বলৈ সময় আৰু সুবিধা প্ৰদান কৰা উচিত। অন্যথা, আওপকীয়াকৈ হ’লেও সেইখন মহাবিদ্যালয়ক অন্যায় কৰা হ’ব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আন্ত:গাঁঠনিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব নালাগে। অসম কলেজ শিক্ষক সংস্থাও এই নতুন পদ্ধতিটো প্ৰচলন কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰা নাই। আমাৰ যুক্তি হ’ল-নতুনত্ব অনা বুলি জাহিৰ কৰিবলৈ গৈ দৌৰাদৌৰিকৈ কোনো এটা নতুন পদ্ধতি প্ৰচলন কৰিলে, পদ্ধতিটোৰ পৰা সুফলতকৈ কুফল লাভ কৰাৰ সম্ভাৱনাই বেছি হয়। দুদিন পলম কৰি হ’লেও আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ বাবে নুন্যতম পৰ্যায়ত হ’লেও উপযোগী কৰি তুলি লৈ নতুন পদ্ধতিটো প্ৰচলন কৰাত আপত্তি ক’ত? আমি জনাত, মহাবিদ্যালয়সমূহৰ নুন্যতম আন্ত:গাঁঠনি অধ্যয়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি আৰু অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিক লৈ এখন সমিটি গঠন কৰা হৈছে।
আমি আগেয়েই কৈছোঁ যে অসম বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰি ভালেই কৰিলে নে বেয়াই কৰিলে, সেই বিষয়ে মতামত দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। ড° শইকীয়াৰ মতে আমি বিষয়টো এৰাই চলিব বিচাৰিছোঁ। তেখেতে বিষয়টো পুনৰ উত্থাপন কৰিছে আৰু অসম কলেজ শিক্ষক সংস্থাৰ লগতে আমাৰ পৰাও উত্তৰ বিচাৰিছে। অসম কলেজ শিক্ষক সংস্থাই কি উত্তৰ দিয়ে ক’ব নোৱাৰোঁ, আমাৰ যুক্তি হ’ল-আন কথা একে থাকিলে, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে এঠাইত এটা নতুন পদ্ধতি প্ৰচলন কৰোতে যদি ভুলৰ মাত্ৰা বেছি হয়, তেন্তে একেটা পদ্ধতিকে আন এঠাইত প্ৰচলন কৰা উচিত নহয়।
‘মুষ্টিমেয়’ শব্দটো প্ৰয়োগ নকৰাৰ বাবে ড° শইকীয়াই আমাক বৌদ্ধিক অসততাৰ অপৰাধত অপৰাধী কৰিছে। শিক্ষকসকলৰ অধ্যয়নৰ অনীহা সন্দৰ্ভত ড° শইকীয়াৰ বাক্য কেইটালৈ মন কৰা যাওক। ২৭ অক্টোবৰত প্ৰকাশিত প্ৰবন্ধটোত তেখেতে লিখিছে, “শিক্ষকৰ অভাৱটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু তাতকৈও অভাৱ হ’ল অধ্যয়নৰ প্ৰতি অনীহা। এটা নতুন পাঠ্যক্ৰম পঢ়াবলৈ যাওঁতে প্ৰথম পৰ্যায়ত যথেষ্ট অধ্যয়ন কৰিব লগা হয়। এই কাম কৰিবলৈ মুষ্টিমেয় শিক্ষকৰ এলাহ, এই এলাহেই বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাবে উভতি আহে।” দ্বিতীয় বাক্যটোত যিটো বৌদ্ধিক উচ্চমন্যতাৰ ৰেহৰূপ প্ৰকাশ পাইছে, সেই ৰেহ-ৰূপৰ মাত্ৰা হ্ৰাস কৰিবলৈহে বাকী দুটা বাক্য প্ৰয়োগ কৰা হৈছে। কৌশলেৰে বৌদ্ধিক উচ্চমন্যতাৰ ৰেহ-ৰূপ প্ৰকাশ কৰাতকৈ বৌদ্ধিক অসততাৰ দৰে অপৰাধকে আমি মূৰ পাতি লৈছোঁ। তদুপৰি, মুষ্টিমেয় শিক্ষকৰ অধ্যয়নৰ এলাহে কেনেধৰণে ‘বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাৰে উভতি আহে’ সেয়া স্পষ্টভাবে বুজাই দিলে আমাৰ লগতে পাঠকসমাজেও নিশ্চয় সুখী হ’ব।
ব্যক্তিগত আক্ৰমণ নকৰি বৌদ্ধিক স্তৰত বিতৰ্ক কৰিবলৈ ড° শইকীয়াই আমাক বিনম্ৰভাবে কৈছে (অসমীয়া ভাষাত ‘বিনম্ৰভাবে জনায়’ বুলিহে জানোঁ)। তেখেতৰ উপদেশৰ  (উপদেশ বুলিয়ে ধৰি ল’লোঁ) বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক ব্যক্তিগতভাবে আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল। আমাৰ যিটো উক্তিত আমি তেখেতক ব্যক্তিগত আক্ৰমণ কৰা বুলি তেখেতে অনুভৱ কৰিছে সেই উক্তিটো হ’ল, “নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰূদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱ্স্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।” এইটো এটা সাধাৰণ উক্তি। ড° শইকীয়া বুলি নহয়, বিপুল কুমাৰ ৰাভা বা আন ব্যক্তিৰ ক্ষেত্ৰতো উক্তিটো প্ৰয়োগ হ’ব পাৰে। সাধাৰণ উক্তি এটাক ব্যক্তিগত আক্ৰমণ হিচাপে জোৰকৈ টানি অনাটো যে পৃথক বৌদ্ধিক স্তৰ হ’ব পাৰে সেয়া আগেয়ে বুজা নাছিলোঁ।   
পুনশ্চ: ব্যক্তিগত আক্ৰমণৰ পৰা আমি বাৰহাত দূৰত অৱস্থান কৰিবলৈ চেষ্টা কৰোঁ। সাধাৰণ উক্তি এটাক জোৰকৈ ব্যক্তিগত পৰ্যায়লৈ টানি নি আমাক আক্ৰমণ কৰাৰ বাবে, আত্মৰক্ষাৰ উদ্দেশ্যে এই লেখাটোৰ দুই-এঠাইত বাধ্যত পৰি ব্যক্তিগত প্ৰসংগ আনিবলগীয়া হৈছে। ব্যক্তিগত আক্ৰমণ আৰু আত্মৰক্ষাৰ বাবে প্ৰয়োগ কৰা প্ৰসংগবোৰ যাতে চৰম পৰ্যায়লৈ নাযায়, সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ত পুনৰ মতামত আগবঢ়োৱাৰ পৰা আমি বিৰত থাকিম। 

[প্ৰকাশিত, 'আমাৰ অসম', ৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা: ৫]

Wednesday, 14 November 2018

‘চৰ্দাৰ’ আৰু হিন্দুত্ব


‘আমাৰ অসম’ত ৩০ ছেপ্টেম্বৰত প্ৰশান্ত ৰাজগুৰুৰ ‘চৰ্দাৰ’ শীৰ্ষক প্ৰবন্ধটো পঢ়িলোঁ। আমাৰ এই লেখাটোৰ প্ৰসংগ হ’ল-যোৱা ১১ অক্টোবৰত প্ৰকাশিত শিৱজিত দত্তৰ “‘চৰ্দাৰ’ আৰু কিছু সংযোজন” শীৰ্ষক চিঠিখন। দত্তৰ চিঠিখনৰ মূল বিষয়বস্তু দুটা। প্ৰথমটো হ’ল-হিন্দুত্ববাদীসকলে লৌহমানৱ বল্লভভাই পেটেলক ‘হিন্দুত্ববাদী’ নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ নৈতিক অধিকাৰ আৰু আনটো হ’ল-পেটেলৰ প্ৰতিমূৰ্তি। এতিয়ালৈকে (আগলৈ ইয়াতকৈ ওখ প্ৰতিমূৰ্তি নিৰ্মাণ নকৰিব বুলি ক’ব নোৱাৰি) পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটোৰ প্ৰাংসগিকতা কিমান-সেয়া সময়েহে ক’ব। সদ্যহতে এই বিষয়ত আমি মতামত আগবঢ়োৱাৰ পৰা বিৰত থাকিলোঁ।
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক যে হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰি-সেই সম্পৰ্কত পত্ৰলেখক দত্তই কেইবাটাও উপযুক্ত প্ৰমাণ দিছে। আচলতে, কোনো এজন বিখ্যাত ব্যক্তিৰ কৰ্মৰাজিত সামান্য পৰিমানে হিন্দুত্ববাদী বৈশিষ্ট্য চকুত পৰিলেই হিন্দুত্ববাদীসকলে সেই ব্যক্তিগৰাকীক হিন্দুত্ববাদী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলায়। লৌহমানৱ চৰ্দাৰ পেটেলৰ ক্ষেত্ৰতো ইয়াৰ ব্যক্তিক্ৰম ঘটা নাই। আজিৰ প্ৰেক্ষাপটত এজন হিন্দুত্ববাদী নেতাৰ বৈশিষ্ট্য হ’ল-মুছলমানক চোকা ভাষাৰে সমালোচনা কৰিব পৰাৰ দক্ষতা আৰু ক্ষমতা, হকে-বিহকে পাকিস্তানক সমালোচনা কৰিব পৰাৰ মানসিকতা, গো-ৰক্ষাৰ বাবে জীৱন পৰ্যন্ত বলিদান দিব পৰাৰ সাহস, বৰ্ণবাদী মানসিকতা, জৱাহৰলাল নেহৰুক হেয় প্ৰতিপন্ন কৰিব পৰা যুক্তি বিচাৰি পোৱা, পুৱা-গধূলি (পাৰিলে যিকোনো সময়তে) ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়াৰ অভ্যাস গঢ়ি তোলা (লাগিলে অন্তৰত যিয়ে নাথাকক), দেশখনৰ বিভিন্ন স্থানত হিন্দু দেৱ-দেৱীৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিব পৰাৰ ধৈৰ্য আৰু সাহস ইত্যাদি। ভাৰতবৰ্ষৰ দৰে বিশাল তথা বিচিত্ৰ দেশ এখনৰ বিভিন্ন পৰিস্থিতিত চৰ্দাৰজীও উল্লিখিত দুই-এটা হিন্দুত্ববাদী বৈশিষ্ট্যৰ সৈতে নিশ্চয় সাঙৰ খাবলগীয়া হৈছিল। উদাৰহণস্বৰূপে-জৱাহৰলাল নেহৰুৰ বিৰোধিতা সত্ত্বেও চৰ্দাৰজীয়ে ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে লগলাগি পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ উদ্বোধন কৰিবলৈ গৈছিল (আশিস রঞ্জন সেনগুপ্তৰ প্ৰবন্ধ ‘গো-মাংস ভক্ষণে পাপ!’, ‘অনীক’, জুন ২০১৮, পৃষ্ঠা: ১৯-২৫)। চৰ্দাৰজীক হিন্দুত্ববাদী মানসিকতাৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হিন্দুবাদীসকলক ইয়াতকৈ আৰু কি উপযুক্ত প্ৰমাণ লাগে?
চৰ্দাৰজীক হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাসকলে তেখেতৰ কৰ্মৰাজিক ধৰ্মনিৰপেক্ষ দৃষ্টিকোণেৰে চোৱা নাই বা চোৱাৰ মানসিকতাও তেওঁলোকৰ নাই। অৱশ্যে, তেওঁলোকেও আমাক ভাবিব পাৰে যে আমি তেওঁলোকৰ দৃষ্টিকোণেৰে চৰ্দাৰজীক চোৱা নাই বা চোৱাৰ মানসিকতাও আমাৰ নাই। আমি ভাৱোঁ, চৰ্দাৰজীক ধৰ্মনিৰপেক্ষ দৃষ্টিকোণেৰে চালে তেখেতক ভাৰতবৰ্ষৰ ‘একতাৰ প্ৰতীক’ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰাসংগিকতা অধিক শক্তিশালী হৈ উঠিব। কাৰণ, ভাৰতবৰ্ষৰ একতাৰ ক্ষেত্ৰত বলিষ্ঠ অৱদান আগবঢ়োৱা ব্যক্তি চৰ্দাৰজীৰ বাহিৰে দ্বিতীয় এজন নাই বুলি একে আষাৰে নুই কৰিব নোৱাৰি।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৪]

Wednesday, 7 November 2018

‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা সন্দৰ্ভত


    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ (বিদ্যায়তনিক ক্ষেত্ৰত) মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ (Choice Based Credit System, চমুকৈ CBCS) প্ৰৱৰ্তন নকৰা সম্পৰ্কত যোৱা ২৭ অক্টোবৰত ‘আমাৰ অসম’ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° ৰক্তিম ৰঞ্জন শইকীয়াই এটা প্ৰবন্ধৰ যোগেদি অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকাক ৰহস্যজনক আৰু পলায়নবাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। ড° শইকীয়াই উল্লেখ কৰিছে যে দিল্লী বিশ্ববিদ্যালয়, উৎকল বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু বিদ্যায়তনিক দিশত স্বায়ত্বশাসন উপভোগ কৰিবলৈ সুবিধা লাভ কৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ২০১৮ চনৰ পৰা ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি অসমৰ শিক্ষা জগতত যুগান্তৰ অনাৰ সম্ভাৱনা থকা ব্যৱস্থাটোক অসম কলেজ শিক্ষক সংস্থাই অপ্ৰত্যশিতভাবে কলিতে মোহাৰি পেলালে বুলি ড° শইকীয়াই অভিযোগ কৰিছে।    
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ নকৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকাক ৰহস্যজনক আৰু পলায়বাদী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই ড° শইকীয়াই কেৱল অসম কলেজ শিক্ষক সংস্থাকে নহয়, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষকো অপমান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়া আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিকভাবে সিদ্ধান্ত লোৱা হৈছে।    
অসম কলেজ শিক্ষক সংস্থাই উত্থাপন কৰা যুক্তিসমূহক ড° শইকীয়াই পলায়বাদী আৰু হাস্যকৰ আখ্যা দিছে। তেখেতৰ মতে অসম কলেজ শিক্ষক সংস্থাই আগবঢ়োৱা পথম যুক্তি-‘প্ৰয়োজনীয় আন্ত:গাঁঠনিৰ অভাৱ’ এখন পূৰণি ৰেকৰ্ডৰ লেখীয়া। ড° শইকীয়াৰ যুক্তি হ’ল-যিহেতু ৰাষ্ট্ৰীয় উচ্চতৰ (ড° শইকীয়াই ‘উচ্চ’ বুলি ভুলকৈ উল্লেখ কৰিছে) শিক্ষা অভিযান (Rashtriya Uchchatar Shiksha Abhiyan, চমুকৈ RUSA)ৰ মাধ্যমেৰে বহু মহাবিদ্যালয়ে দুই কৌটিকৈ টকা অনুদান লাভ কৰিছে, সেয়েহে মহাবিদ্যালয়সমূত আন্ত:গাঁঠনিৰ অভাৱ থাকিব নোৱাৰে। ড° শইকীয়াই যদি ক’লেহেঁতেন ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলোবোৰ মহাবিদ্যালয়ে RUSAৰ পৰা দুই কৌটি টকা অনুদান লাভ কৰিছে’, তেন্তে আমাৰ কোনো আপত্তি নাথাকিলেঁতেন। জানি থোৱা ভাল যে অসম চৰকাৰে ২০১৩ চনত প্ৰাদেশীকৰণ কৰা মহাবিদ্যালয়সমূহে উল্লিখিত দুই কৌটি টকা অনুদান লাভ কৰা নাই। তদুপৰি, উল্লিখিত দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি জগন্নাথ বৰুৱা মহাবিদ্যালয় বা কটন বিশ্ববিদ্যালয়ৰ সমান পৰ্যাপ্ত নহয়। অসম বিশ্ববিদ্যালয়ৰ অধীনৰ আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি পৰ্যাপ্ত নোহোৱা সত্ত্বেও স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰি ভাল কৰিছে নে বেয়া কৰিছে-সেই বিষয়ে মতামত দিবলৈ আৰু কেইবছৰমান বাদ চাব লাগিব। অৱশ্যে, ড° শইকীয়াই উল্লেখ কৰা অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনি সম্পৰ্কে আমাৰ স্পষ্ট ধাৰণা নাই।
অসম কলেজ শিক্ষক সংস্থাই ‘শিক্ষকৰ অভাৱ’ হিচাপে যি যুক্তি আগবঢ়াইছে, ড° শইকীয়াই এই অভাৱক মানি লৈছে যদিও কৈছে যে ইয়াতকৈ ডাঙৰ অভাৱটো হৈছে ‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’। ‘শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা’ উক্তিটোৱে এইটো বুজাইছে যে স্নাতক মহলাত ইতিমধ্যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰা মহাবিদ্যালয়ৰ শিক্ষকসকলৰহে অধ্যয়নৰ প্ৰতি আগ্ৰহ আছে। বিভিন্ন কাৰণত মহাবিদ্যালয়ৰ দুই-এজন শিক্ষকৰ অধ্যয়নৰ প্ৰতি অনীহা থাকিব পাৰে। কেইজনমান শিক্ষকৰ ভিত্তিতে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ প্ৰচলন নথকা আটাইবোৰ মহাবিদ্যালয়ৰ শিক্ষকক সামৰি লৈ ড° শইকীয়াই কেনেদৰে সাধাৰণীকৰণ কৰিলে আমি বুজি নাপালোঁ।   
ড° শইকীয়াই উল্লেখ কৰিছে, দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তি বাছনি পৰীক্ষাৰ দ্বাৰা সম্পন্ন কৰে আৰু একেসময়তে প্ৰশ্ন কৰিছে যে সেই বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাসমূহত আমাৰ আওপূৰণি পাঠ্যক্ৰমত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে তিষ্ঠিব পাৰিব। এনেকুৱা নহয় যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ অনুসৰি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়েহে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাবোৰত উত্তীৰ্ণ হ’ব পাৰিব। প্ৰচলিত ষান্মাসিক পদ্ধতিৰে স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰ্যাপ্ত উদাহৰণ আছে। 
‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃততে ‘পছন্দ’ৰ ব্যৱস্থা কৰিব নোৱাৰিলে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’টোৰ কোনো অৰ্থ নাথাকে। The Economic Times ৰ এটা বাতৰি অনুসৰি (২১ আগষ্ট ২০১৫) দিল্লী বিশ্ববিদ্যালয়ৰ ৯৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মতামত আগবঢ়াইছে যে ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ত ‘পছন্দ’ৰ কোনো ব্যৱস্থাই নাই। দিল্লী বিশ্ববিদ্যালয়ৰে এই অৱস্থা! আশাকৰোঁ, NAACৰ দ্বাৰা ভাল গ্ৰেড লাভৰ আশাত দৌৰা-দৌৰিকৈ ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰৱৰ্তন কৰি শিক্ষাত নতুনত্ব অনা বুলি দেখুওৱাবলৈ চেষ্টা চলোৱা অসমৰ স্বায়ত্বশাসিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰৰ অৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ দৰে নহয়।   
নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰুদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱস্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৮ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৫]

Friday, 2 November 2018

নাস্তিক আৰু সুখ


ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমিধান প্ৰসাৰণৰ (United Nations Sustainable Development Solutions Network) দ্বাৰা প্ৰকাশিত ২০১৮ চনৰ বিশ্ব সুখী প্ৰতিবেদন ( World Happiness Report)খন যোৱা ১৪ মাৰ্চত প্ৰকাশ পাইছে। প্ৰতিবেদনখনে ১৫৬খন দেশৰ সুখৰ সূচকাংক প্ৰকাশ কৰি এখন তালিকা প্ৰস্তুত কৰিছে। প্ৰতিবেদনখনৰ তালিকা অনুসৰি, ফিণ্ডলেণ্ড হ’ল বিশ্বৰ আটাইতকৈ সুখী দেশ। ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডজালেণ্ড হ’ল ফিণ্ডলেণ্ডৰ পাছতে ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰা সুখী দেশ। দুৰ্ভাগ্যজনকভাবে সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১৩৩। ২০১৬ আৰু ২০১৭ চনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ স্থান আছিল ক্ৰমে ১১৮ আৰু ১২২। অৰ্থাত, যোৱা দুটা বছৰৰ তুলনাত ভাৰতৰ সুখৰ স্থান হ্ৰাস পাইছে।  
দেশ এখনৰ আয়ৰ পৰিমাণ (Level of Income), স্বাস্থ্যসন্মত দীৰ্ঘ জীৱন (Healthy Life Expectancy), সামাজিক অৱলম্বন (Social Support), স্বাধীনতা (Freedom), বিশ্বাস আৰু বদান্যতাৰ (Trust and Generosity) সৈতে সুখৰ শক্তিশালী ইতিবাচক সহ-সম্বব্ধ (Strong Positive Correlation) আছে। অৰ্থাত, উল্লিখিত চলকসমূহৰ মাত্ৰা বৃদ্ধি পালে মানুহৰ সুখৰ মাত্ৰাও বৃদ্ধি পায়। প্ৰতিবেদনখনত প্ৰকাশ পোৱা আটাইতকৈ আকৰ্ষণীয় ফলাফলটো হ’ল-ধৰ্মীয় বিশ্বাসত গুৰুত্ব দিয়া মানুহৰে ভৰ্তি দেশ আৰু সংশ্লিষ্ট দেখখনৰ সুখৰ সম্পৰ্ক বিপৰীতমুখী। অৰ্থাত, যিবোৰ দেশত ধৰ্মীয় বিশ্বাসত বেছি গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি, সেইবোৰ দেশৰ সুখৰ মাত্ৰা কম বা যিবোৰ দেশত ধৰ্মীয় বিশ্বাসত অধিক গুৰুত্ব দিয়া মানুহৰ সংখ্যা কম, সেইবোৰ দেশৰ সুখৰ মাত্ৰা বেছি। WIN-Gallup International ২০১৪ ৰ তথ্য অনুসৰি, ফিনলেণ্ডৰ ১০ শতাংশ মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। সেইদৰে ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডজালেণ্ডৰ ক্ৰমে ৯ শতাংশ, ১২ শতাংশ, ১৪ শতাংশ আৰু ১২ শতাংশ মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে (ন’ৰৱেৰ তথ্য ২০১০ চনৰ আৰু বাকী দেশবোৰৰ তথ্য ২০১৪ চনৰ)। তদুপৰি, ধৰ্ম বিশ্বাসৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা মানুহ অধিক থকা দেশবোৰ তুলনামূলকভাবে কম দুখীয়া হিচাপে পোৱা গৈছে। ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক কিয় বিপৰীতমুখী হয়, ধৰ্মীয় বিশ্বাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি থকা দেশবোৰ তুনলামূলকভাবে কিয় অধিক দুখীয়া- সেয়া গৱেষণাৰ আকৰ্ষণীয় বিষয় হ’ব পাৰে।
ওপৰত উল্লেখ কৰা হৈছে যে ২০১৮ চনৰ বিশ্ব সুখী প্ৰতিবেদন অনুসৰি, সামগ্ৰিকভাবে সুখৰ তালিকাখনত ভাৰত দুখলাগা অৱস্থাত আছে। মন কৰিবলগীয়া যে নিজ নিজ ধৰ্মৰ ভিত্তিত ভগৱানৰ ওপৰত প্ৰৱল বিশ্বাস ৰাখি তেৰাৰ ওচৰত আত্মসমৰ্পণ কৰা মানুহৰ সংখ্যাই ভাৰতবৰ্ষত ভৰ্তি হৈ আছে। WIN-Gallup International ২০১৪ চনৰ তথ্য অনুসৰি ভাৰতত ৩ শতাংশতকৈ কম মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। নাস্তিকতাৰ সৈতে যদি সুখৰ সম্পৰ্ক একমুখী হয়, তেন্তে দেশখনৰ নাস্তিকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা আৱশ্যক। কিন্তু, ভাবিবলীয়া বিষয় যে ভাৰতৰ সংবিধানখনত নাস্তিকসকলৰ সমৰ্থনত কোনো স্পষ্ট অনুচ্ছেদ নাই। কোনো এজন ব্যক্তিয়ে নিজকে নাস্তিক হিচাপে চিনাকি দিলেও, জন্মগতভাবে তেওঁ যি ধৰ্মৰ অন্তৰ্গত তেওঁক সেই ধৰ্মৰে অন্তৰ্গত ব্যক্তি হিচাপে গণ্য কৰা হয়। আমি জনাত, ভাৰতৰ সংবিধানৰ ২৫ নম্বৰ অনুচ্ছেদত ‘Freedom of conscience’  ব্যৱস্থা ১৯৫০ চনৰ পৰাই আছে যদিও কোনো এখন আদালতেই নাস্তিকসকলক সমৰ্থন কৰাৰ প্ৰমাণ আজিলেকে নাই। যিহেতু ধৰ্মত বিশ্বাস কৰা বা নকৰা এক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰৰ সৈতে সম্পৰ্ক থকা বিষয়, সেয়েহে ভাৰতীয় দণ্ডবিধি আইনৰ পৰা ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা খাৰিজ কৰি যৌনতাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰাৰ দৰে নাস্তিকসকলৰ বাবেও স্পষ্টভাবে সাংবিধানিক সুৰক্ষা ব্যৱস্থা থকা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৩ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৪]

Wednesday, 10 October 2018

সংবিধানৰ পৰা ৩৭৭ আৰু ৪৯৭ ধাৰা খাৰিজ আৰু ভাৰতীয় সমাজ


যোৱা ছেপ্টেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দুখন খণ্ড বিচাৰপীঠে প্ৰাপ্তবয়স্ক লোকৰ যৌন স্বাধীনতা আৰু সম-অধিকাৰৰ ক্ষেত্ৰত দুটা উল্লেখযোগ্য ৰায় প্ৰদান কৰিলে। ভাৰতৰ সংবিধানৰ ৩৭৭ ধাৰা অনুসৰি সমকামিতাক এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। দেশখনৰ সৰ্বচ্চ ন্যয়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৬ ছেপ্টেম্বৰত এই ধাৰাটোক অবৈধ হিচাপে ৰায় প্ৰদান কৰিলে। ৰায়টোত কোৱা হৈছে যে সময়ৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰাটো খাৰিজ কৰাৰ প্ৰয়োজন হৈছে। ২৯ ছেপ্টেম্বৰত আন এখন খণ্ড বিচাৰপীঠে সংবিধানৰ ৪৯৭ ধাৰাটোক অসাংবিধানিক আখ্যা দিয়ে। ৰায়টোত কৈছে যে গিৰীয়েক ঘৈণীয়েকৰ মালিক নহয়। ভাৰতীয় পৰম্পৰাগত সমাজ ব্যৱস্থাৰ প্ৰতি দুয়োটা ৰায়েই বিপদগামী বুলি ইতিমধ্যে শাসকীয় ৰাজনৈতিক দলৰ বহু নেতাই মন্তব্য কৰিছে। তেওঁলোকৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী অৰুণ জেটলিও আছে। সৰ্বচ্চ ন্যায়ালয়ৰ ৰায় দুটাত একমত হ’ব নোৱাৰাসকলৰ মতে এই দুটা ধাৰা খাৰিজ কৰাৰ ফলত ভাৰতীয় পৰম্পৰাগত সমাজখন বিশৃংখল হৈ পৰিব। ভাৰতীয় সমাজ আৰু পশ্চিমীয়া সমাজ ব্যৱস্থাৰ মাজত কোনো পাৰ্থক্য নাথাকিব।
পৃথিৱীৰ দেশসমূহে নিজ নিজ দেশৰ জনসাধাৰণক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদানৰ দিশে আগবাঢ়িছে। কোনো এখন দেশে নিজৰ দেশৰ জনসাধাৰণক ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰা মানে প্ৰগতিশীলতাৰ দিশত সংশ্লিষ্ট দেশখনে আৰু এখোজ আগবাঢ়ি যোৱা। আন দেশৰ জনসাধাৰণে যদি ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ উপভোগ কৰিব পাৰে, আমাৰ দেশৰ জনসাধাৰণক সেই অধিকাবোৰৰ পৰা বঞ্চিত কৰা হ’ব কিয়? ভাৰতক পৃথিৱীৰ আন দেশৰ সমানে প্ৰগতিশীল কৰি তুলিবলৈ হ’লে ভাৰতৰ জনসাধাৰণকো ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ প্ৰদান কৰিব লাগিব। অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণে কেতিয়াবাই ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ লাভ কৰিলে (সেই ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰৰ সুযোগ গ্ৰহণ কৰিব পাৰিছে নে নাই সেয়া আন এক প্ৰসংগ)। সংগীত, নৃত্য, চিত্ৰকলা আদি দিশতো ভাৰতৰ জনসাধাৰণে ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ লাভ কৰিছে। আনক আমনি নকৰাকৈ এজন ব্যক্তিয়ে কি গান শুনিব, কি নৃত্য কৰিব, কি খাব, কি পিন্ধিব-সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ ব্যক্তিগত কথা। সেইদৰে যৌনতাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ বিচৰা ব্যক্তিও ভাৰতবৰ্ষত আছে আৰু সৰ্বচ্চ ন্যায়ালয়ে তাকেই প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ে ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা খাৰিজ কৰা মানে এইটো নহয় যে সকলো প্ৰাপ্তবয়স্ক ভাৰতীয়ই খাৰিজ কৰা ধাৰা দুটাৰ সুযোগ বাধ্যতামূলকভাবে গ্ৰহণ কৰিবই লাগিব। ভাৰতৰ সংবিধানৰ পৰা এই দুটা ধাৰা খাৰিজে এইটো ইংগিত দিলে যে ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰ সঠিকভাবে ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণ পৰিপক্ক হৈ উঠিছে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ অক্টোবৰ ২০১৮, পৃষ্ঠা: ১০]


[একেখন কাকততে যোৱা ২১ অক্টোবৰত জান্তি শইকীয়াই ‘সংবিধানৰ পৰা’ৰ স্থানত ‘ভাৰতীয় দণ্ডবিধি আইন’ৰ পৰা হ’ব লাগে বুলি আমাক শুধৰণি কৰি দিছে। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল।]


Saturday, 8 September 2018

প্ৰসংগ: বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে

যোৱা ৩০ আগষ্টত ‘আমাৰ অসম’ত প্ৰকাশিত দেৱকান্ত সন্দিকৈৰ ‘বিজ্ঞানে নজনা কি প্ৰশ্নৰ উত্তৰনো ধৰ্মই জানে’ লেখাটো পঢ়ি দু-আষাৰ মতামত আগবঢ়াবলৈ মন গ’ল। বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰ ধৰ্মই দিব পাৰে বুলি কৰা দাবীবোৰৰ ভিত্তি আৰু দাবীদাৰসকলে প্ৰয়োগ কৰা পদ্ধতি বিজ্ঞানসন্মত নহয়। এই দাবীবোৰৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতি অনুমানৰ ওপৰত নিৰ্ভৰশীল। আজিৰ পৰা কেইবা হাজাৰ বছৰ আগতে কল্পনাৰ আশ্ৰয়ত ৰচিত ধৰ্মগ্ৰন্থবোৰৰ ভিত্তিতে ধৰ্মই বিজ্ঞানে নজনা প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ অপচেষ্টা কৰে। যাৰ ভিত্তি আৰু প্ৰয়োগ পদ্ধতিয়েই অশুদ্ধ, তাৰ ফলাফল কি হ’ব পাৰে? ব্যাখ্যা নিষ্প্ৰয়োজন। ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ-বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ সেই সম্পৰ্কীয় কিতাপৰ পাছত কিতাপ পঢ়ি আৰু প্ৰয়োজনীয় সা-সঁজুলি ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ পাছতো ক’বলগীয়া হয়-‘এই সম্পৰ্কে আৰু বহুত জানিবলগীয়া আছে’। আনহাতে ধৰ্মীয় পণ্ডিতসকলে নিজে অন্তৰ্গত ধৰ্মটোৰ দুখনমান ধৰ্মগ্ৰন্থ পঢ়িয়েই মন্তব্য আগবঢ়ায়-‘বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে জানিবলৈ আৰু বাকী নাই, সকলো বুজি পালোঁ’।
হিন্দু ধৰ্মৰ দ্বাৰা ভাৰতবৰ্ষখনকএক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৱে সুবিধা পালেই ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ অৱদানক মূল্যহীন কৰিবলৈ চেষ্টা কৰে। অৱশ্যে, সেই শক্তিটোৰ অধ্যয়নশীল সেনাপতিবোৰে একেকোবে নেহৰুক অসাৰ কৰিবলৈ চেষ্টা নকৰে বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ চিন্তাধাৰাক আংশিকভাবে সমৰ্থন কৰি ধৰ্মৰ প্ৰসংগ টানি আনি খুউব চতুৰভাবে তেখেতৰ কৰ্মক অসাৰ কৰাৰ বাট উলিয়াই লয়। প্ৰবন্ধকাৰ সন্দিকৈয়ে তেখেতৰ প্ৰবন্ধটোত উল্লেখ কৰা ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্যবোৰত ইয়াৰেই প্ৰতিফলন ঘটিছে।
উল্লেখ্য যে ভাতৰবৰ্ষত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা গুৰুত্ব সম্পৰ্কে পাকিস্তানৰ নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানী পাৰভেজ হুডভয়ে কেইষাৰমান অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতৰ মতে, ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ আন সকলো কৰ্মৰাজিক মূল্যহীন কৰিব পাৰিলেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই যোৱা তেখেতৰ কৰ্মৰাজিক কেতিয়াও মূল্যহীন কৰিব নোৱাৰে। বিজ্ঞানীগৰাকীৰ মতে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰ প্ৰথম দহবছৰ জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত নহৈ, দেশখনকহিন্দু ৰাষ্ট্ৰহিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা শক্তিটোৰ পৰা যদি কোনোবা এজনে প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত লেহেঁতেন, তেন্তে ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এক অন্ধকাৰ দিশত গতি কৰিলেহেঁতেন। উদাহৰণস্বৰূপে-গৰুৰ মূত আৰু গোবৰৰ গৱেষণাৰ নামত অজস্ৰ ধন ব্যয় কৰিলেহেঁতেন, শিক্ষানুষ্ঠানসমূহত জ্যোতিৰ্বিজ্ঞানৰ পৰিৱৰ্তে জ্যোতিষ শাস্ত্ৰ আৰু প্ৰকৃত গণিতৰ পৰিৱৰ্তে বৈদিক গণিতৰ শিক্ষা প্ৰদানত অধিক গুৰুত্ব দিলেহেঁতেন। বিজ্ঞানীগৰাকীৰ মতে, সম্ভৱ:ত ভাৰতবৰ্ষ বিশ্বৰ একমাত্ৰ দেশ যিখন দেশত বিজ্ঞানসন্মত চিন্তাধাৰাক (Scientific Temper) গুৰুত্ব প্ৰদানৰ প্ৰসংগ সংবিধানত সন্নিৱিষ্ট আছে (উৎস: What India owes to Nehru, Dawn, 21 April 2018)

[প্ৰকাশিত, ‘আমাৰ অসম’, ৯ ছেপ্টেম্বৰ ২০১৮]