Friday, 3 May 2019

অসমত পথ দুৰ্ঘটনা সম্পৰ্কে (Regarding Road Accidents in Assam)


অসমত প্ৰায় প্ৰতিদিনেই একোটাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা যায়।  সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৯ চনৰ ২২ মাৰ্চলৈ কেৱল মৃত্যুঞ্জয় সেৱা ১০৮ এ মুঠ ১০৪ টা পথ দুৰ্ঘটনাৰ বাবে সেৱা আগবঢ়াইছে। শেহতীয়াকৈ যোৱা ২৬, ২৭ আৰু ২৯ এপ্ৰিল তাৰিখে ক্ৰমে কাজিৰঙাৰ বুঢ়া পাহাৰ, ধুবুৰীৰ বালাজান, নলবাৰীৰ মুকালমুৱাত সংঘটিত পথ দুৰ্ঘটনা তিনিটাত মুঠ আঠজন মানুহে কৰুণভাবে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।
সচৰাচৰ আমি ৰাষ্টাত দেখি থকা এটা দৃশ্য হ’ল-উনংগাৰ, ট্ৰেভেলাৰ আৰু ষ্টাৰবাছ জাতীয় গাড়ীবোৰৰ চালকসকলে অঘোষিত প্ৰতিযোগিতা চলাই আন গাড়ীসমূহক অতিক্ৰম কৰি তুলনামূলকভাবে কম সময়ৰ ভিতৰত যাত্ৰীসকলক গন্তব্য স্থানত উপনিত কৰাবলৈ চেষ্টা চলায়। কেতিয়াবা এনেকুৱা লাগে-চৰকাৰে যেন ৰাষ্টাবিলাক কেৱল উল্লিখিত গাড়ীবোৰৰ বাবেহে বনাইছে! তেওঁলোকে দুটা উদ্দেশ্যত দুইধৰণৰ অঘোষিত প্ৰতিযোগিতা চলায়-(১) যাত্ৰীবাহী গাড়ীসমূহক অতিক্ৰম কৰি নিজৰ উপাৰ্জন বৃদ্ধি কৰা, (২) আন গাড়ীসমূহক অতিক্ৰম কৰি এক আসুৰিক আনন্দ লাভ কৰা। টু-লেনবোৰত দিনৰ ভাগৰ পথ দুৰ্ঘটনাবোৰ আন গাড়ীবোৰক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ ফলতে সংঘটিত হয়। গাড়ীখন তীব্ৰগতিত চলোৱাৰ সময়ত চালকসকলে ভাবি নাচায় যে যিসকল যাত্ৰীক তুলনামূলকভাবে কম সময়ৰ ভিতৰত তেওঁলোকৰ গন্তব্য স্থানত উপনিত কৰাবলৈ চেষ্টা চলাইছে, সেইসকল যাত্ৰীৰ সুৰক্ষিত যাত্ৰাও তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে। গাড়ীখন তীব্ৰগতিত চলোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট গাড়ীখনৰ যাত্ৰীসকলৰো অৱদান থাকে। উল্লিখিত গাড়ীসমূহৰ কোনো এখন গাড়ী তুলনামূকলভাবে লাহে লাহে চলালে যাত্ৰীৰ ফালৰ পৰাও আপত্তি আহে। আচলতে তুলনামূলকভাবে কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপনিত হোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকে উল্লিখিত গাড়ীসমূহত যাত্ৰা কৰে (আন গাড়ী আছে বুলি ধৰি লোৱা হৈছে)। যাত্ৰীসকলৰ এই মানসিকতাই সংশ্লিষ্ট চালকজনক কিছু পৰিমানে হ’লেও গাড়ীখন তীব্ৰগতিত চলাবলৈ উৎসাহ প্ৰদান কৰে। ট্ৰাকৰ সৈতে মুখামুখি হৈ বা ৰাখি থোৱা ট্ৰাকৰ পিছফালে খুন্দা খাই পথ দুৰ্ঘটনা সংঘটিত হ’লে সাধাৰণতে ট্ৰাক চালকজনকে দোষী সাব্যস্ত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়। ব্যতিক্ৰমক বাদ দি ট্ৰাক চালকসকলে এক নিৰ্দিষ্ট গতিত নিজৰ ফালেদি (বাওফালে) ট্ৰাকখন চলায় নিয়ে। উল্লিখিত গাড়ীবোৰৰ চালক, বাইক চালক আৰু একাংশ সৰু গাড়ী চলোৱা চালকসকলে কেৱল নিজৰ গাড়ীখনৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি গাড়ীখন চলোৱাৰ ফলতে পথ দুৰ্ঘটনাবোৰ সংঘটিত হয়। অৱশ্যে, মোবাইল ফোনত কথা পাতি, প্ৰয়োজনীয় টোপনিৰ অভাৱ আৰু ৰাগীয়াল দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ ফলতো পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰতি বছৰে পথ সুৰক্ষা সপ্তাহ পালন কৰাৰ উপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি থাকে। স্বেচ্ছাসেৱী সংগঠনসমূহেও পথ সুৰক্ষা সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা চলাই থাকে। আমি ভাবো, পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰ বা স্বেচ্ছাসেৱী সংগঠনসমূহে যিমানেই কাৰ্যসূচী ৰূপায়ণ নকৰক কিয়, জনসাধাৰণে (বিশেষকৈ গাড়ী চালকসকল) নিজে সচেতেন নহ’লে পথ দুৰ্ঘটনা হ্ৰাস পোৱাৰ সম্ভাৱনা নাই।
  
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৩ মে’ ২০১৯]

Thursday, 18 April 2019

সহমত আৰু বিবেক ভোট


যোৱা ২৯ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘সংজ্ঞানাত্মক পক্ষপাত, ট্ৰাইবেলিজ֭ম আৰু ৰাজনীতি’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰৰ সৈতে কোনো দ্বিমত নাই যে প্ৰায়বোৰ ৰাজনৈতিক দলেই একেই চৰিত্ৰ বহন কৰে। সেয়েহে, কৰাৰ ভিতৰত এটা কামেই কৰিব পাৰি। সেয়া হ’ল-বিভেদবোৰ বাদ দি যিবোৰ বিষয়ত সকলোৰে সহমত আছে তেনে উন্নয়নমূলক কামত সকলোৱে সহযোগ কৰা আৰু নিজৰ বিবেকেৰে ভোটাধিকাৰ সাব্যস্ত কৰা। আমি ভাবোঁ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে কেইটামান বিষয়ত সকলোৰে সহমত থাকে। উদাহৰণস্বৰূপে-নিবনুৱা সমস্যাৰ সমাধান, গুণগত শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন, উপযুক্ত চিকিৎসাৰ সা-সুবিধা প্ৰদান, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, ৰাস্তা আৰু দলং নিৰ্মাণ, বিজুলীৰ ব্যৱস্থা কৰা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা ইত্যাদি। কিন্তু, এশ শতাংশ শুদ্ধ নহ’লেও এইটো উলাই কৰিব নোৱাৰি যে এনেধৰণৰ তুলনামূলকভাবে দীৰ্ঘস্থায়ী বিষয়বোৰৰ প্ৰতি সহমত পোষণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ (সাম্প্ৰতিক সময়ত ‘ভোটাৰে’, ‘নাগৰিক’ক তল পেলাই দিছে) ভোটে আমাৰ দেশৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা নলয়। আনহাতে, যিসকল ভোটাৰৰ ভোটে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লয়, তেওঁলোকে তুলনামূলকভাবে দীৰ্ঘস্থায়ী বিষয়বোৰত কম গুৰুত্ব দিয়ে। তদুপৰি, ক্ষন্তেকীয়া আৰ্থিক সুবিধা আৰু বিভেদৰ ৰাজনীতিৰ দ্বাৰা তেওঁলোক সহজে প্ৰভাৱিত হৈ নিজৰ বিবেকক বন্ধকত থৈ ভোটাধিকাৰ সাব্যস্ত কৰে। অৱশ্যে, ইয়াৰ বাবে তেওঁলোকক একে আষাৰে দোষ দিব নোৱাৰি। সময় আৰু পৰিস্থিতিয়ে তেওঁলোকক তেনেকুৱা হ’বলৈ বাধ্য কৰে।
গতিকে, নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰা ভোটাৰসকল যাতে ক্ষন্তেকীয়া আৰ্থিক সুবিধা আৰু বিভেদৰ ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। দুখৰ বিষয়টো হ’ল-তেওঁলোক বিবেকবান হৈ উঠাটো ৰাজনৈতিক দল আৰু নেতাসকলে কামনা নকৰে।


[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ এপ্ৰিল ২০১৯, পৃষ্ঠা:৪]

Wednesday, 27 February 2019

প্ৰসংগ: জাতীয়তাবাদ, হিন্দুত্ববাদ আৰু মানৱতাবাদ (Reference: Nationalism, Hindutva and Humanism)


যোৱা ১১ ফেব্ৰুৱাৰীত ‘আমাৰ অসমত’ত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘থাক֭ৰেৰ জাতীয়তাবাদ, নাথুৰামৰ হিন্দুত্ববাদ নে গান্ধীৰ মানৱতাবাদ?’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। বৰঠাকুৰে কৈছে যে থাক֭ৰেৰ জাতীয়তাবাদ,  নাথুৰামৰ হিন্দুত্ববাদ আৰু গান্ধীৰ মানৱতাবাদৰ মাজত আমি বিভক্ত হৈ গৈছোঁ। আমি ভাবোঁ-সময়, পৰিস্থিতি আৰু অঞ্চল সাপেক্ষে উল্লিখিত ভাৱধাৰাবোৰত বিশ্বাসী নেতাসকলে আমাক বিভক্ত কৰিবলৈ চেষ্টা চলাই থাকে। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে উল্লিখিত ভাৱধাৰাবোৰৰ প্ৰাসংগিকতা নাই। মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপটত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ প্ৰয়োজন আছে। এইটো কথাও ঠিক যে বাল থাক֭ৰেৰ সময়ত মহাৰাষ্ট্ৰৰ জাতীয়তাবাদ আৰু তেখেতৰ পিছৰ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদৰ তীব্ৰতা একে নহয়। তদুপৰি, দেশখনৰ আৰু আন ৰাজ্যৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিয়ে ৰাজ্যখনৰ জাতীয়তাবাদৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় থাকে। অসমৰ দৰে ৰাজ্যত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ অভাৱ অনুভৱ কৰা নাযায়। তেনেধৰণৰ কঠোৰ জাতীয়তাবাদী নেতাক অসমৰ মানুহে সমৰ্থন জনাব বুলিও মনে নধৰে। সেইবুলি অসমৰ জাতীয় স্বাৰ্থৰ বাবে জাতীয়তাবাদৰ প্ৰয়োজন নাই বুলি একে আষাৰে উৰুৱাই দিব নোৱাৰি। অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত জাতীয়তাবাদৰ প্ৰাসংগিকতা বৃদ্ধিহে পাইছে। অৱশ্যে, বৰঠাকুৰৰ সৈতে আমি একমত যে জাতীয়তাবাদৰ বহি:প্ৰকাশ হিচাপে হাতত অস্ত্ৰ তুলি লোৱা বা হিংসাৰ আশ্ৰয় লোৱা উচিত নহয়।
আন কথা বাদ দিলে, ভাৰতৰ ৰাজ্যবোৰৰ জাতীয়তাবাদী ভাৱধাৰাৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলোৱা মূল কাৰণ হ’ল- জোৰ কৰি হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা জাপি দিবলৈ চেষ্টা কৰা প্ৰৱণতাৰ প্ৰতিক্ৰিয়া। হিন্দুত্ববাদৰ তীব্ৰতা হ্ৰাস বা বৃদ্ধিৰ ওপৰতো জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ প্ৰভাৱ নিহিত থাকে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰভাৱে হিন্দুত্ববাদী ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিত অৰিহণা যোগাই আহিছে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদে ৰাষ্ট্ৰীয় একতাৰ প্ৰতি ভাবুকি আনিব পাৰে বুলি ৰাষ্ট্ৰীয়তাবাদীসকলে অনুভৱ কৰে আৰু একমাত্ৰ হিন্দুত্ববাদী ভাৱধাৰাৰ দ্বাৰাহে ৰাষ্ট্ৰীয় একতা অটুট থাকিব বুলি বিশ্বাস কৰে।
জাতীয়তাবাদৰ তীব্ৰতা বৃদ্ধিৰ বাবে থাক֭ৰেই কিশোৰসকলক ব্যৱহাৰ কৰিছিল বুলি এখন কিতাপৰ প্ৰসংগেৰে বৰঠাকুৰে উল্লেখ কৰিছে। হিন্দুত্ববাদী, আঞ্চলিকতাবাদী আৰু জোৰ কৰি জাপি দিব খোজা ৰাষ্ট্ৰীয়তাবাদীসকলেও তেওঁলোকৰ ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিৰ বাবে কম-বেছি পৰিমাণে কিশোৰসকলক ব্যৱহাৰ কৰি আহিছে। কঠোৰ জাতীয়তাবাদত বিশ্বাসী নেতা থাক֭ৰে বুলি নহয়, হিন্দুত্ববাদী, আঞ্চললিকতাবাদী আৰু জোৰ কৰি ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা জাপি দিব খোজা কোনো এজন নেতাই তেওঁলোকে বিশ্বাস কৰা ভাৱধাৰাটোৰ তীব্ৰতা বৃদ্ধিৰ বাবে কিশোৰসকলক আহিলা হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।
সমগ্ৰ পৃথিৱীতে এক নিৰ্দিষ্ট দিশবিহীন আৰু সাধাৰণীকৰণ কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি আহি পৰিছে। মানুহৰ মাজত বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ পৰিলক্ষিত হৈছে। বৰঠাকুৰৰ সৈতে একমত যে গান্ধীৰ মানৱতাবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰাহে নতুন প্ৰজন্মক ধৰ্মীয় সংকীৰ্ণতাৰ পৰা আঁতৰাই ৰাখিব পৰা যাব। দুখৰ বিষয়টো হ’ল- মহাত্মা গান্ধীৰ মানৱতাবাদী ভাৱধাৰাও এই পৰিস্থিতিক উদ্ধাৰ কৰিব নোৱাৰা হৈ পৰিছে।
মূল কথাটো হ’ল-ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰেপেক্ষ ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ববাদ, আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি সকলো ভাৱধাৰাৰে প্ৰাসংগিকতা আছে আৰু থাকিব। কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে যিকোনো এটা ভাৱধাৰাৰ তীব্ৰতাৰ হ্ৰাস বা বৃদ্ধিয়ে আন ভাৱধাৰাবোৰৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু দেশখনত অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰে। দেশখনৰ সামগ্ৰিক সুস্থিৰতাৰ স্বাৰ্থত বিভিন্ন ভাৱধাৰাত বিশ্বাসী লোকসকলে ইজনে সিজনক সন্মান জনাব জানিলে (বা শিকিলে) ভাৱধাৰাবোৰৰ দ্বাৰা অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই। কোনো এটা ভাৱধাৰাৰে যাতে তীব্ৰতা বৃদ্ধি নাপায় তাৰ বাবে সকলোৱে সততে সাৱধান হৈ থকা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ ফেব্ৰুৱাৰী, ২০১৯,পৃষ্ঠা: ৪]

Monday, 18 February 2019

সত্ৰৰ মাটি বেদখল সম্পৰ্কে


যোৱা কেইটামান বছৰ ধৰি অসমৰ সত্ৰৰ মাটি বেদখল প্ৰসংগটোৱে এক বিশেষ গুৰুত্ব লাভ কৰিছে। অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ প্ৰশ্নৰ সৈতে সত্ৰৰ মাটি বেদখলৰ প্ৰসংগ টানি অনা পৰিলক্ষিত হৈছে। এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে যে নিৰ্বাচনী যুদ্ধত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে জয়লাভ কৰি থাকিলেহে সত্ৰৰ মাটি বেদখল ৰোধ কৰিব পৰা যাব আৰু ইতিমধ্যে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব পাৰিব। এই লেখাটোত সত্ৰৰ মাটি বেদখলৰ সৈতে জড়িত কেইটামান প্ৰসংগ আলোচনা কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদকে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ প্ৰায় এহাজাৰ সৰু-বৰ সত্ৰৰ ভিতৰত বেদখল হোৱা সত্ৰৰ মুঠ মাটিৰ পৰিমাণ হ’ল ৮,১০১ বিঘা (নীলিম আকাশ কাশ্যপ, ‘কোনখন সত্ৰৰ কিমান মাটি বেদখল হৈছে?’, ‘নিয়মীয়া বাৰ্তা’, ১২/০২/২০১৯)। বেদখল নোহোৱা মাটিৰ পৰিমাণ বাদ দি, গৰাখহনীয়াত নি:চিহ্ন হোৱা আৰু বেদখল হোৱা মাটিৰ পৰিমাণৰ ভিত্তিত এইটো স্পষ্ট হৈ পৰিছে যে মাটি-বাৰীৰ ক্ষেত্ৰত সত্ৰসমূহ চকুত লগাকৈ ধনী আছিল। আমাৰ মনলৈ অহা এটা প্ৰশ্ন হ’ল-ইতিমধ্যে যিখিনি মাটি বেদখল হৈছে, বেদখল হোৱাৰ আগতে সেই মাটিখিনি কিবা কামত ব্যৱহাৰ কৰি থকা হৈছিল নেকি? আমাৰ মনলৈ এই প্ৰশ্নটো অহাৰ কাৰণ হ’ল-মাটিৰ গৰাকীয়ে নিজৰ মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে আনে বেদখল কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা তেনেই কম। মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে নিৰাপত্তাৰ প্ৰয়োজনত সংশ্লিষ্ট মাটিখিনিৰ চাৰিসীমা কটকটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হয়।
ইতিমধ্যে যিকেইখন সত্ৰৰ মাটি বেদখল হৈছে, সেয়া নিশ্চয় এদিন বা এৰাতিৰ ভিতৰতে হোৱা নাই। এখন সত্ৰৰ সৈতে সংশ্লিষ্ট অঞ্চলটোৰ বহুত মানুহ জড়িত হৈ থাকে। সত্ৰ এখন পৰিচালনাৰ বাবে সত্ৰ পৰিচালনা সমিতি থকাৰ উপৰি অসম সত্ৰ মহাসভাৰ দৰে বৃহৎ আৰু শক্তিশালী সংগঠনও আছে। সত্ৰসমূহৰ মাটি বেদখল হ’বলৈ আৰম্ভ কৰাৰ সময়তেই এই সংগঠনসমূহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে বেদখলকাৰীয়ে সত্ৰৰ মাটি বেদখল কৰাৰ সাহস আৰু সুবিধা দুয়োটাই নাপালেহেঁতেন। ইমানদিনে প্ৰায় এহাজাৰ সত্ৰৰ ৮,১০১ বিঘা মাটি বেদখল হোৱা মানে কি বুজায়? সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতি বা অসম সত্ৰ মহাসভাৰ দৰে অনুষ্ঠানসমূহে সত্ৰৰ মাটি বেদখলৰ দৰে গুৰুত্বপূৰ্ণ দিশটোত নিশ্চয় উদাসীন হৈ আছিল।  
যিহেতু ইতিমধ্যে সত্ৰৰ মাটি বেদখল হৈয়ে গ’ল, সেয়েহে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰা জুৰুৰী হৈ পৰিছে। সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতিয়ে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব নোৱাৰিলে মাটিৰ উপযুক্ত কাগজ পত্ৰৰ সৈতে আদালতৰ দ্বাৰস্থ হোৱাৰ বাহিৰে অন্য উপায় নাই। উপযুক্ত প্ৰমাণৰ ভিত্তিত আদালতে বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ ৰায় নিদিয়াৰ কোনো যুক্তি নাই। উচ্ছেদৰ ৰায় পোৱাৰ পাছত উচ্ছেদ কৰাৰ দায়িত্ব প্ৰশাসনৰ। উচ্ছেদৰ ৰায় পোৱাৰ পাছতো প্ৰশাসনে উচ্ছেদ নকৰিলেহে এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰে উচ্ছেদ কৰিব পাৰিব বুলি সিদ্ধান্তত আহিব পৰা যায়।
আন এক প্ৰসংগ হ’ল-যিখিনি মাটি বেদখল হোৱা নাই সেইখিনিও বেদখল হোৱাৰ সম্ভাৱনা আছে নেকি? যদি আছে, তেন্তে সংশ্লিষ্ট সত্ৰসমূহে মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উচিত। কিছু সময়ৰ বাবে ধৰি লোৱা হ’ল যে সত্ৰৰ সৈতে জড়িত ব্যক্তিসকল আধ্যাত্মিক চিন্তচৰ্চাত ব্যস্ত থাকে বাবে মাটি-বাৰী ব্যৱহাৰৰ ক্ষেত্ৰত আন ব্যক্তিসকলতকৈ তুলনামূলকভাৱে উদাসীন। সেইবুলি মাটিখিনি অব্যৱহৃত হৈ থাকিবলৈ দিয়াৰ যুক্তি বিচাৰি পোৱা টান। সত্ৰৰ সৈতে জড়িত স্থানীয় উদ্যোমী লোকক লীজত দি হ’লেও উৎপাদনমূলক কামত মাটিখিনি ব্যৱহাৰ কৰি থাকিলে সত্ৰৰ মাটি বেদখলকাৰীৰ গ্ৰাসত পৰাৰ কোনো সম্ভাৱনা নাই। এই ব্যৱস্থা গ্ৰহণেৰে সত্ৰসমূহে সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে জিলিকি থকাৰ উপৰি কিছু পৰিমাণে হ’লেও আৰ্থিকভাৱে উপকৃত হ’ব পাৰিব।  


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ফেব্ৰুৱাৰী, ২০১৯, পৃষ্ঠা: ৪]

Sunday, 3 February 2019

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত


শেহতীয়াকৈ অসমৰ ছয় জনগোষ্ঠী-মৰাণ, মটক, তাই-আহোম, চুতীয়া, কোচ֭-ৰাজবংশী আৰু চাহ-জনগোষ্ঠীৰ কেইবাটাও গোটক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদানৰ যো-জা চলিছে। এই ক্ষেত্ৰত এটা প্ৰধান সমস্যাই দেখা দিছে। সেয়া হ’ল-উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিলে ইতিমধ্যে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহ ক্ষতিগ্ৰস্ত হ’ব। স্বাভাৱিকতে সদৌ অসম জনজাতি সংঘৰ উপৰি হাগ্ৰামা মহিলাৰী নেতৃত্বৰ বিপিএফ দলে উল্লিখিত ছয় জনগোষ্ঠীক জনজাতিকৰণত আপত্তি দৰ্শাইছে। এই আপত্তি নিষ্পত্তি কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বিপিএফৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হৈছে। এই আলোচনাৰ পৰা ইংগিত পোৱা গৈছে যে ইতিমধ্যে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহে তেওঁলোকে লাভ কৰি থকা সা-সুবিধাসমূহৰ পৰা বঞ্চিত নকৰাকৈ উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব। ইতিমধ্যে অসমত অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত জনজাতি (পাহাৰ)-এই দুটা ভাগত ভাগ কৰি মুঠ ২৩টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰি সংৰক্ষণৰ জৰিয়তে তেওঁলোকক সা-সুবিধা প্ৰদান কৰি থকা হৈছে। এই দুটা ভাগৰ উপৰি ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে আন এটা ভাগ সৃষ্টি কৰি অসমৰ উল্লিখিত ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব বুলি বাতৰি প্ৰকাশ পাইছে। এনেধৰণে ভাগ কৰাৰ ফলত ইতিমধ্যে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহৰ সা-সুবিধাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰিব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। এই সন্দৰ্ভত স্পষ্ট সমাধান সূত্ৰ উলিয়াবলৈ ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ ৰাজ্যিক পৰ্যায়ৰ এখন সমিটি গঠন কৰা হৈছে আৰু সমিটিখনৰ এখন সভাও অনুষ্ঠিত হৈ গৈছে।
উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি প্ৰদান কৰিলে অসমত অন্যান্য পিচপৰা শ্ৰেণী (অবিচি)ত তালিকাভূক্ত জনগোষ্ঠীৰ সংখ্যা হ্ৰাস পাব। কাৰণ, আজিৰ তাৰিখলৈকে উল্লিখিত ছয়টা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীত তালিকাভূক্ত হৈ আছে। ফলত, অসমৰ যিকেইটা জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীত থাকি যাব সাংবিধানিক সংৰক্ষণৰ জৰিয়তে আগতকৈ তেওঁলোকৰ অধিক সংখ্যক লোকে সা-সুবিধা লাভ কৰিব (ধৰি লোৱা হৈছে যে অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে নিৰ্ধাৰিত সংৰক্ষণৰ অংশ একে আছে)। এনে পৰিস্থিতিত সংবিধানে প্ৰদান কৰা সমতাৰ অধিকাৰৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰিব পৰাৰ সুৰুঙা কিছু হ’লেও থাকি যাব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে অন্যান্য পিচপৰা শ্ৰেণীত থাকি যোৱা জনগোষ্ঠীসমূহৰ অধিক সংখ্যক লোকে সাংবিধানিক সংৰক্ষণৰ জৰিয়তে সা-সুবিধা লাভ কৰাৰ সম্ভাৱনাৰ প্ৰতি আমাৰ ঈৰ্ষা উপজিছে।
আন এক প্ৰাসংগিক প্ৰশ্ন হ'ল-উল্লিখিত আটাইকেইটা জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ৰ স্বীকৃতি গ্ৰহণ কৰিবলৈ সাজু আছেনে? কেইটামান জনগোষ্ঠীয়ে এনে স্বীকৃতি গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিবাদ কৰাৰ খবৰ সংবাদ মাধ্যমযোগে ইতিমধ্যে পোৱা গৈছে। এইটো সঁচা যে উল্লিখিত ছয়টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰাৰ বাবে একেলগে আন্দোলন কৰি আহিছে যদিও আটাইকেইটা জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ একে নহয়। উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি প্ৰদান কৰিলে আটাইবোৰ জনগোষ্ঠীয়ে সমান সা-সুবিধা লাভ কৰিব বুলি দাবী কৰিব নোৱাৰি। একেসময়তে উল্লিখিত জনগোষ্ঠীসমূহৰ কেইটামান জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি লাভ কৰিলে, প্ৰচলিত অনুসূচিত জনজাতি [মানে-অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত জনজাতি (পাহাৰ)] ব্যৱস্থাতকৈ তেওঁলোক কিছু হ’লেও উচ্চ পৰ্যায়ৰ স্বীকৃতি লাভ কৰা বুলি অনুভৱ নকৰিব বুলিও ক’ব নোৱাৰি। কাৰণ, উল্লিখিত জনগোষ্ঠীসমূহৰ অন্তৰ্গত এশ শতাংশ মানুহেই নিজকে অনুসূচিত জনজাতি হিচাপে চিনাকি দিবলৈ সাজু আছে বুলি একে আষাৰে মতামত দিব নোৱাৰি।
আটাইতকৈ বেছি চিন্তা কৰিবলগীয়া বিষয়টো হ’ল-অসমৰ ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰত যেনিবা অনুসূচিত জনজাতি (ভৈয়াম), অনুসূচিত জনজাতি (পাহাৰ) আৰু ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে ভাগ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ল; সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা থাকিবনে? যদি সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা কৰা হয়, ‘অনুসূচিত জনজাতি (অন্যান্য)’ ভাগটোত কেৱল উল্লিখিত ছয়টা জনগোষ্ঠীক তালিকাভুক্ত কৰা হ’ব নে ভাৰতৰ আন ৰাজ্যৰ আন জনগোষ্ঠীকো সেই তালিকাত অন্তৰ্ভূক্ত কৰা হ’ব? যদি এই তিনিধৰণৰ ভাগ কেৱল অসমৰ ৰাজ্যিক পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়, (যদি উল্লিখিত ছয় জনগোষ্ঠীক সামগ্ৰিকভাৱে অনুসূচিত জনজাতি হিচাপে ধৰা হয়), তেন্তে সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰত ২৩টা জনগোষ্ঠীক ইতিমধ্যে প্ৰদান কৰি অহা ন্যায়ৰ পৰা বঞ্চিত কৰা হ’ব।
পুনশ্চ: সৰ্বভাৰতীয় পৰ্যায়ৰ চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতিৰ বাবে ১৫ শতাংশ, অনুসূচিত জনজাতিৰ বাবে ৭.৫ শতাংশ আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে। অনুসূচিত জনজাতিৰ বাবে নিৰ্ধাৰিত অংশটোত পাহাৰ আৰু ভৈয়াম দুয়োবিধ অনুসূচিত জনজাতিকে সামৰি লোৱা হয়। ‘অনুসূচিত জনজাতি (অন্যান্য)’ত তালিকাভূক্ত জনগোষ্ঠীসমূহকো যে ৭.৫ শতাংশৰ ভিতৰতে সামৰি লোৱা হ’ব তাত কোনো সন্দেহ নাই।
  
[প্ৰকাশিত, ‘আমাৰ অসম’, ৪ ফেব্ৰুৱাৰী ২০১৯, পৃষ্ঠা: ৫]

Tuesday, 25 December 2018

প্ৰসংগ: জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা (Reference: Caste-based reservations and current social order)


    যোৱা ১৮ ডিচেম্বৰত (২০১৮) মিতালী ভট্টাচাৰ্যৰ “জাতিভিত্তিক সংৰক্ষণ আৰু বৰ্তমানৰ সামাজিক ব্যৱস্থা” শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ভট্টাচাৰ্যই প্ৰবন্ধটোৰ যোগেদি জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাটোৰ প্ৰতি থকা তেখেতৰ তীব্ৰ বিতৃষ্ণা প্ৰকাশ কৰিছে। বিতৃষ্ণাৰ বহি:প্ৰকাশ হিচাপে তেখেতে ব্যৱস্থাটোৰ সন্দৰ্ভত কেইটামান প্ৰশ্ন উত্থাপন কৰিছে।
     ভট্টাচাৰ্যই মহাভাৰতৰ কৰ্ণৰ উপৰি জৰ্জিয়াৰ ষ্টেলিন, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰৰ প্ৰসংগ টানি আনি প্ৰশ্ন কৰিছে যে তেওঁলোকে নীচ কুলত জন্ম লৈ জাতিগত আৰু ধৰ্মীয় সংৰক্ষণৰ লাভ গ্ৰহণ কৰিহে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিছিল নেকি। কোনো দ্বিমত নাই যে তেওঁলোকে সংৰক্ষণ অবিহনে নিজৰ জ্ঞান আৰু বুদ্ধিৰে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছিল। কিন্তু, একেসময়তে এইটোও অনুভৱ কৰা দৰকাৰ যে নীচ কুলত জন্ম লৈ উচ্চ কুলৰ লগত সমতা স্থাপন কৰিবলৈ তেওঁলোকে কিমান কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰিবলগীয়া হৈছিল। জ্ঞান আৰু বুদ্ধিৰ জোখেৰে উচ্চ কুলৰ লগত সমতা স্থাপন কৰিব পৰিলেও সামাজিকভাবে  তেওঁলোকক (বিশেষকৈ ভাৰতত) সম-স্থান দিয়া হোৱা নাছিল। ড° আম্বেদকাৰ নিজেই ইয়াৰ প্ৰমাণ। ড° আম্বেদকাৰে জাত-পাতেৰে পূৰিপূৰ্ণ হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু হিন্দু ধৰ্মালম্বী তেওঁৰ অনুগামীসকলকো আন ধৰ্ম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। তদুপৰি, সকলোৰে জ্ঞাত যে ভাৰতত সংৰক্ষণ ব্যৱস্থাটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত ড° আম্বেদকাৰ অন্যতম আছিল। চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বাবসমূহত স্বজন-প্ৰীতিৰে নিজৰ কুলৰ মানুহক সেই বিষয়বাবসমূহত ৰাখিবলৈ চেষ্টা কৰাৰ দৰে পৰিস্থিতি ভাৰতৰ সকলো অঞ্চলতে আছিল। অসমো ইয়াৰ ব্যতিক্ৰম নাছিল। যেনে-১৯৪৮ চন পৰ্যন্ত চৰকাৰী চাকৰিৰ বিজ্ঞাপনত উচ্চ বংশৰ ডেকাল’ৰা হ’ব লাগিব বুলি উল্লেখ কৰিছিল। চৰকাৰী চাকৰিত, উচ্চ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই স্বজন-প্ৰীতিৰে কম কষ্টেৰে উচ্চ স্থান লাভ কৰিব, আনহাতে নীচ কুলত জন্ম গ্ৰহণ কৰা ডেকাল’ৰাই সীমাহীন কষ্ট আৰু লঘু-লাঞ্চনা সহ্য কৰি উচ্চ স্থান লাভ কৰিব লাগিব (ওপৰৰ উদাহৰণটোত যোগ্যতা থাকিলেও উচ্চ স্থান লাভ কৰাৰ সুবিধাই নাই)। উচ্চ স্থান লাভ কৰাৰ পাছতো সামাজিক বৈষম্যৰ বলি হ’ব লাগিব। এয়াই আছিল বাস্তৱ পৰিস্থিতি। দুৰ্ভাগ্যৰ কথাটো হ’ল-আমাৰ দেশৰ বৰ্তমানৰ সমাজতো নিম্নবৰ্গৰ মানুহে উচ্চবৰ্গৰ মানুহৰ দ্বাৰা সামাজিক বৈষম্যৰ বলি নহয় বুলি এশ শতাংশ দাবী কৰিব পৰাৰ পৰিবেশ সৃষ্টি হোৱা নাই।
     ভট্টাচাৰ্যৰ আন এটা প্ৰশ্ন হ’ল-সাৰ্বভৌম স্বাধীন ভাৰতৰ সংবিধানে সমাজত সমতা স্থাপন কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হোৱাৰ বিপৰীতে জাতিগত আৰু ধৰ্মীগত সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ দ্বাৰা সমাজক উচ্চ আৰু নিম্ন, এই দুটা ভাগত ভগোৱা নাইনে? ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা হৈছিল। তাৰ আগতে প্ৰায় পাঁচ হাজাৰ বছৰ ধৰি সমাজত উচ্চ-নীচৰ খেলখন চলি আছিল। সেই পাঁচ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখনৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবেহে সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সংবিধানখন গ্ৰহণ কৰাৰ ৬৮ বছৰৰ ভিতৰতে পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা হৈ গৈছে বুলি নিশ্চয় দাবী কৰিব নোৱাৰি। তদুপৰি, সেই পাচঁ হাজাৰ বছৰীয়া উচ্চ-নীচৰ খেলখন নোহোৱা কৰাৰ বাবে সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ বাহিৰে আন কিবা উপযুক্ত বিকল্প আছে বুলিও মনে নধৰে।
            ইঞ্জিনিয়াৰ আৰু মেডিকেল বিভাগত সংৰক্ষণৰ ফলত যদি কম মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ-মেধাৰ ছাত্ৰ-ছাত্ৰীক পিছ পেলাই আসন দখল কৰে, তেনেহ’লে আমি আমাৰ জীৱন কেনেধৰণৰ ডাক্টৰ আৰু ইঞ্জিনিয়াৰৰ হাতত অৰ্পন কৰিম বুলি প্ৰবন্ধকাৰ ভট্টাচাৰ্যই শংকাভৰা প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ নামজ্বলা মেডিকেল আৰু ইঞ্জিনিয়াৰং কলেজত নামভৰ্তিৰ কাট-অফ মাৰ্কসমূহৰ পাৰ্চেন্টাইল অধ্যয়ন কৰিলে দেখিব যে অসংৰক্ষণ আৰু সংৰক্ষণৰ মাজত গড় ব্যৱধান পাঁচতকৈ বেছি নহয়। সৰ্বচ্চ পাঁচ পাৰ্চেন্টাইলৰ গড় ব্যৱধানত মেধাৰ উচ্চ-নিম্নৰ জোখমাখ কিমান শুদ্ধ, সেয়া সন্দেহৰ বাহিৰত নহয়। তদুপৰি, সেয়া নামভৰ্তিৰ প্ৰসংগহে। মূল বিষয় হ’ল-ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান সুখ্যাতিৰে পাছ কৰি সমাজত নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে? এনে বহু ছাত্ৰ-ছাত্ৰী আছে সিসকলে উচ্চ মেধাৰ পৰিচয়েৰে সহজে নামভৰ্তিৰ সুবিধা লাভ কৰিছে, অথচ ভালদৰে পাছ কৰিব নোৱাৰি নিৰ্ভযোগ্য সেৱা আগবঢ়াব পৰা নাই। আনহাতে, এনে ছাত্ৰ-ছাত্ৰীও আছে যিসকলে নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে নামভৰ্তিৰ সুবিধা লাভ কৰি সুখ্যাতিৰে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। অৱশ্যে, এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে উচ্চ মেধাৰ পৰিচয়ৰেই হওক বা নামভৰ্তিৰ বাবে প্ৰয়োজনীয় নিম্নতম নম্বৰেৰে হওক-নামভৰ্তিৰ সুবিধা লাভ কৰি কোনোমতে পাছ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিছে। এনেকুৱা ছাত্ৰ-ছাত্ৰীও আছে যিসকলে সুখ্যাতিৰে পাছ কৰিও নিৰ্ভৰযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। অৰ্থাত, এনেকুৱা নহয় যে উচ্চ মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ সুবিধা লাভ কৰিলে নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পাৰিব আৰু নিম্ন মেধাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰি নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব নোৱাৰিব।
     ইতিহাসত উচ্চবৰ্ণৰ লোকৰ দ্বাৰা হোৱা নিম্নবৰ্ণৰ লোকৰ বঞ্চনা, নিপীড়নৰ ভাৰ বৰ্তমান প্ৰজন্মই কঢ়িয়াই ফুৰাৰ যুক্তিযুক্ততা ক’ত বুলি ভট্টাচাৰ্যই প্ৰশ্ন কৰিছে। ভট্টাচাৰ্যৰ এই প্ৰশ্নৰ যুক্তিযুক্ততা নিশ্চয় আছে। কিন্তু, ইতিহাসক বাদ দি বৰ্তমান বা ভৱিষ্যত হ’ব পাৰে জানো? তদুপৰি, মাত্ৰ এবাৰলৈ ভাবক-যদি ভাৰতত সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা ১৯৫০ চনৰ পৰা নাথাকিলেহেঁতেন, তেন্তে দেশখনৰ আজিৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক বৈষম্য কেনেধৰণৰ হ’লেহেঁতেন! এই কথা ডাঠি ক’ব পাৰি যে সংৰক্ষণ ব্যৱস্থাই অসমতা সৃষ্টি কৰিছে বুলি ভট্টাচাৰ্যই যি প্ৰশ্ন উত্থাপন কৰিছে, সংৰক্ষণ ব্যৱস্থা নাথাকিলে অসমতাৰ মাত্ৰা ইয়াতকৈ অনেক গুণ বৃদ্ধি পালেহেঁতেন। 
ভট্টাচাৰ্যৰ মতে জাতিগত বৈষম্যৰ লগতে আৰ্থিক ভিত্তিও সংৰক্ষণৰ প্ৰধান দাবীদাৰ হোৱা উচিত। এই যুক্তিক সমৰ্থন নকৰাৰ প্ৰশ্নই নাহে। কিন্তু, জাতিগতভাবে তুলনা কৰিলে দেখা যায় যে উচ্চ জাতিৰ দুখীয়া লোকৰ তুলনাত নিম্ন জাতিৰ দুখীয়া লোকৰ সংখ্যা অধিক। চাছাৰ কমিটিৰ (২০০৬) প্ৰতিবেদন অনুসৰি, উচ্চ জাতিৰ ২৫ শতাংশতকৈ অধিক লোকৰে চৰকাৰী চাকৰি আছে। তাৰ বিপৰীতে, সংখ্যালঘু, অনুসূচিত জাতি-জনজাতিৰ মুঠ ১৫ শতাংশতকৈ কম লোকৰহে চৰকাৰী চাকৰি আছে। শেহতীয়া তথ্য অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩.৫ শতাংশ ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ লোক। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ ৪১.২ শতাংশ মানিকীস্বত্ব আছে। আনহাতে, অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ৫০ শতাংশ। কিন্তু, ঔদ্যোগিক খণ্ডত তেওঁলোকৰ মাত্ৰ ৪.২ শতাংশৰহে মালিকীস্বত্ব আছে। সেইদৰে, দেশৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক হ’ল অনুসূচিত জাতি আৰু জনজাতিৰ। কিন্তু, তেওঁলোকৰ মাত্ৰ ০.২ শতাংশৰহে ঔদ্যোগিক খণ্ডত মালিকীস্বত্ব আছে। প্ৰাথমিক খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা আৰু সংখ্যালঘু লোক মিলি প্ৰায় ৫০ শতাংশতকৈ অধিক লোক নিয়োজিত হৈ আছে, যিসকলৰ গড় মাহিলি আয় প্ৰায় ৫,০০০ টকা মাত্ৰ।  মুঠ কথা, আটাইবোৰ জাতিৰ আৰ্থিক দুৰৱস্থা সমান বা আটাইবোৰ জাতিৰ সমান আৰ্থিক উন্নয়ন হ’লেহে আৰ্থিক ভিত্তিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন প্ৰকৃত অৰ্থত যুক্তিপূৰ্ণ হ’ব।     
     প্ৰবন্ধটোৰ শেষত নিম্ন শ্ৰেণী, সৰু জাত আদিৰ সুবিধাত সংৰক্ষণৰ লাভালাভ গ্ৰহণ কৰি কোনো জাতিয়েই নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব নোৱাৰে বুলি মতামত আগবঢ়াই ভট্টাচাৰ্যই সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ মূল উদ্দেশ্যৰ পৰা আতঁৰি আহিছে (জানিয়েই হওক বা নাজানিয়েই হওক)। সাংবিধানিক সংৰক্ষণৰ দ্বাৰা কোনো জাতিয়েই শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব বিচৰা নাই। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত নিম্ন জাতিক উচ্চ জাতিয়ে কৰা শোষণৰ পৰা মুক্ত কৰি সকলোকে সম-মৰ্যাদা প্ৰদানৰ উদ্দেশ্যেহে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
পুনশ্চ: কোনো সন্দেহ নাই যে মহাভাৰতৰ কৰ্ণ, জৰ্জিয়াৰ ষ্টেলিন, আমৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু ভাৰতৰ ড° বি আৰ আম্বেদকাৰ প্ৰত্যেকেই একো একোজন উজ্জ্বল নক্ষত্ৰ। কিন্তু, তেওঁলোকৰ উজ্জ্বলতা তেওঁলোকে অন্তৰ্ভূক্ত হোৱা নৃ-গোষ্ঠী বা তেওঁলোকৰ দৰে পৰিস্থিতিত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰ উজ্জ্বলতা নিশ্চয় নহয়।  

[প্ৰকাশিত, 'আমাৰ অসম', ২৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা:৫]

Wednesday, 5 December 2018

প্ৰসংগ: ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা


‘আমাৰ অসম’ত যোৱা ২৭ অক্টোবৰত ড° ৰক্তিম ৰঞ্জন শইকীয়াই লিখা “স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিলম্বিতকৰণ আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰহস্যজনক ভূমিকা” শীৰ্ষক প্ৰবন্ধটোৰ ওপৰত একেখন কাকততে যোৱা ৮ নৱেম্বৰত আমাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আমাৰ প্ৰবন্ধটোৰ উত্তৰ হিচাপে ড° শইকীয়াৰ “‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ আৰু কিছু কথা” শীৰ্ষক এটা প্ৰবন্ধ যোৱা ৩০ নৱেম্বৰত প্ৰকাশ পাইছিল। ড° শইকীয়াৰ উত্তৰ সম্পৰ্কত দুষাৰমান মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ।
আমাৰ প্ৰবন্ধটোত গণতন্ত্ৰৰ প্ৰসংগটো অনা হৈছিল-‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰা বা নকৰা সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কলেজ শিক্ষক সংস্থাৰ মাজত গণতান্ত্ৰিকভাবে আলোচনাৰ ভিত্তিত লোৱা সিদ্ধান্ত সম্পৰ্কত। আমাৰ বক্তব্য আছিল-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত নতুন পদ্ধতিটো প্ৰচলন কৰা বা নকৰা সম্পৰ্কত অসম কলেজ শিক্ষক সংস্থাই এককভাবে সিদ্ধান্ত লোৱা নাছিল। গণতন্ত্ৰ সম্পৰ্কে এই প্ৰসংগটো এৰি ড° শইকীয়াই বেলেগ এটা প্ৰসংগ আনিলে। ড° শইকীয়াই উল্লেখ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘শৈক্ষিক সমিতি’ৰ সভাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ সপক্ষে তিনিজন সদস্যই তেওঁলোকৰ সম্পূৰ্ণ বৃত্তিগত মতামত আগবঢ়াওঁতে অসম কলেজ শিক্ষক সংস্থাই তেওঁলোকক বহিস্কাৰ কৰিছিল। এইটো কাৰণতে ড° শইকীয়াই অসম কলেজ শিক্ষক সংস্থাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছে। পাঠকসমাজৰ লগতে ড° শইকীয়াৰো হয়তো দ্বিমত নাথাকিব যে অসম কলেজ শিক্ষক সংস্থা বুলি নহয়, যিকোনো সংস্থাৰে কোনো এজন সদস্যই সংশ্লিষ্ট সংস্থাটোৰ সংবিধান বহিৰ্ভূত আচৰণ কৰিলে সংশ্লিষ্ট সদস্যজনৰ ওপৰত সংস্থাটোৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে।
ড° শইকীয়াই দুই কৌটি টকাৰ অনুদানৰ প্ৰসংগটো আনিছিল বিশেষকৈ মহাবিদ্যালয়সমূহৰ আন্ত:গাঁঠনিৰ অৱস্থিতি সম্পৰ্কে যুক্তি আগবঢ়াবলৈ। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা মহাবিদ্যালয়সমূহৰ প্ৰসংগ আমাৰ দ্বাৰা এইবাবেই অনা হৈছিল যে তেওঁলোকে উল্লিখিত দুই কৌটি টকাৰ অনুদান লাভ কৰা নাই। আমাৰ যুক্তি আছিল-আনকি দুই কৌটি টকা অনুদান লাভ কৰা সকলোবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰয়োগ কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। কোন সংস্থাই ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ বিৰোধিতা কৰিছে বা কোন সংস্থাই বিৰোধিতা কৰা নাই-সেই প্ৰসংগ ড° শইকীয়াই জোৰকৈ টানি আনি আন্ত:গাঁঠনি সম্পৰ্কীয় মূল বিষয়টোৰ পৰা কৌশেলেৰে আঁতৰি গৈছে। আমি এতিয়াও কওঁ-অসমৰ গ্ৰামাঞ্চলত অৱস্থিত বহু মহাবিদ্যালয়ৰে (যি সংস্থাৰে অন্তৰ্ভূক্ত নহওক) আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই। এইখিনিতে এইটোও কওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কোনোবা এখন মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি যদি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব পৰাকৈ উপযোগী হৈ উঠা নাই, সেইখন মহাবিদ্যালয়কো তেওঁলোকৰ আন্ত:গাঁঠনি নতুন পদ্ধতিটো প্ৰচলন কৰিব পৰাকৈ উপযোগী কৰি ল’বলৈ সময় আৰু সুবিধা প্ৰদান কৰা উচিত। অন্যথা, আওপকীয়াকৈ হ’লেও সেইখন মহাবিদ্যালয়ক অন্যায় কৰা হ’ব। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আন্ত:গাঁঠনিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰিব নালাগে। অসম কলেজ শিক্ষক সংস্থাও এই নতুন পদ্ধতিটো প্ৰচলন কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰা নাই। আমাৰ যুক্তি হ’ল-নতুনত্ব অনা বুলি জাহিৰ কৰিবলৈ গৈ দৌৰাদৌৰিকৈ কোনো এটা নতুন পদ্ধতি প্ৰচলন কৰিলে, পদ্ধতিটোৰ পৰা সুফলতকৈ কুফল লাভ কৰাৰ সম্ভাৱনাই বেছি হয়। দুদিন পলম কৰি হ’লেও আটাইবোৰ মহাবিদ্যালয়ৰ আন্ত:গাঁঠনি ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ৰ বাবে নুন্যতম পৰ্যায়ত হ’লেও উপযোগী কৰি তুলি লৈ নতুন পদ্ধতিটো প্ৰচলন কৰাত আপত্তি ক’ত? আমি জনাত, মহাবিদ্যালয়সমূহৰ নুন্যতম আন্ত:গাঁঠনি অধ্যয়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি আৰু অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিক লৈ এখন সমিটি গঠন কৰা হৈছে।
আমি আগেয়েই কৈছোঁ যে অসম বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক মহলাত ‘পছন্দভিত্তিক গুৰুত্ব পদ্ধতি’ প্ৰচলন কৰি ভালেই কৰিলে নে বেয়াই কৰিলে, সেই বিষয়ে মতামত দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। ড° শইকীয়াৰ মতে আমি বিষয়টো এৰাই চলিব বিচাৰিছোঁ। তেখেতে বিষয়টো পুনৰ উত্থাপন কৰিছে আৰু অসম কলেজ শিক্ষক সংস্থাৰ লগতে আমাৰ পৰাও উত্তৰ বিচাৰিছে। অসম কলেজ শিক্ষক সংস্থাই কি উত্তৰ দিয়ে ক’ব নোৱাৰোঁ, আমাৰ যুক্তি হ’ল-আন কথা একে থাকিলে, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে এঠাইত এটা নতুন পদ্ধতি প্ৰচলন কৰোতে যদি ভুলৰ মাত্ৰা বেছি হয়, তেন্তে একেটা পদ্ধতিকে আন এঠাইত প্ৰচলন কৰা উচিত নহয়।
‘মুষ্টিমেয়’ শব্দটো প্ৰয়োগ নকৰাৰ বাবে ড° শইকীয়াই আমাক বৌদ্ধিক অসততাৰ অপৰাধত অপৰাধী কৰিছে। শিক্ষকসকলৰ অধ্যয়নৰ অনীহা সন্দৰ্ভত ড° শইকীয়াৰ বাক্য কেইটালৈ মন কৰা যাওক। ২৭ অক্টোবৰত প্ৰকাশিত প্ৰবন্ধটোত তেখেতে লিখিছে, “শিক্ষকৰ অভাৱটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু তাতকৈও অভাৱ হ’ল অধ্যয়নৰ প্ৰতি অনীহা। এটা নতুন পাঠ্যক্ৰম পঢ়াবলৈ যাওঁতে প্ৰথম পৰ্যায়ত যথেষ্ট অধ্যয়ন কৰিব লগা হয়। এই কাম কৰিবলৈ মুষ্টিমেয় শিক্ষকৰ এলাহ, এই এলাহেই বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাবে উভতি আহে।” দ্বিতীয় বাক্যটোত যিটো বৌদ্ধিক উচ্চমন্যতাৰ ৰেহৰূপ প্ৰকাশ পাইছে, সেই ৰেহ-ৰূপৰ মাত্ৰা হ্ৰাস কৰিবলৈহে বাকী দুটা বাক্য প্ৰয়োগ কৰা হৈছে। কৌশলেৰে বৌদ্ধিক উচ্চমন্যতাৰ ৰেহ-ৰূপ প্ৰকাশ কৰাতকৈ বৌদ্ধিক অসততাৰ দৰে অপৰাধকে আমি মূৰ পাতি লৈছোঁ। তদুপৰি, মুষ্টিমেয় শিক্ষকৰ অধ্যয়নৰ এলাহে কেনেধৰণে ‘বিভিন্ন অজুহাতৰ ৰূপত বাৰে বাৰে উভতি আহে’ সেয়া স্পষ্টভাবে বুজাই দিলে আমাৰ লগতে পাঠকসমাজেও নিশ্চয় সুখী হ’ব।
ব্যক্তিগত আক্ৰমণ নকৰি বৌদ্ধিক স্তৰত বিতৰ্ক কৰিবলৈ ড° শইকীয়াই আমাক বিনম্ৰভাবে কৈছে (অসমীয়া ভাষাত ‘বিনম্ৰভাবে জনায়’ বুলিহে জানোঁ)। তেখেতৰ উপদেশৰ  (উপদেশ বুলিয়ে ধৰি ল’লোঁ) বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক ব্যক্তিগতভাবে আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল। আমাৰ যিটো উক্তিত আমি তেখেতক ব্যক্তিগত আক্ৰমণ কৰা বুলি তেখেতে অনুভৱ কৰিছে সেই উক্তিটো হ’ল, “নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ দোষ দেখিলে তাৰ বিৰূদ্ধে সবল যুক্তিৰে মতামত আগবঢ়োৱা পৰিবেশে নিশ্চিতভাবে এক সুষ্ঠ গণতান্ত্ৰিক ব্যৱ্স্থাৰ ইংগিত দিয়ে। কিন্তু, দুৰ্বল যুক্তিৰে সেয়া কৰিবলৈ প্ৰয়াস চলালে নিজে বিখ্যাত হোৱাৰ এটা গুপুত অভিপ্ৰায় নিহিত থাকে। কাৰণ, নিজে অন্তৰ্ভূক্ত হোৱা বৃত্তি, জাতি, বৰ্ণ বা ধৰ্মৰ বিৰূদ্ধে প্ৰচাৰ চলাই বিতৰ্ক সৃষ্টি কৰি কম দিনৰ ভিতৰতে বিখ্যাত হ’বলৈ প্ৰয়াস চলোৱা আজিকালি এটা সহজ উপায় হৈ পৰিছে।” এইটো এটা সাধাৰণ উক্তি। ড° শইকীয়া বুলি নহয়, বিপুল কুমাৰ ৰাভা বা আন ব্যক্তিৰ ক্ষেত্ৰতো উক্তিটো প্ৰয়োগ হ’ব পাৰে। সাধাৰণ উক্তি এটাক ব্যক্তিগত আক্ৰমণ হিচাপে জোৰকৈ টানি অনাটো যে পৃথক বৌদ্ধিক স্তৰ হ’ব পাৰে সেয়া আগেয়ে বুজা নাছিলোঁ।   
পুনশ্চ: ব্যক্তিগত আক্ৰমণৰ পৰা আমি বাৰহাত দূৰত অৱস্থান কৰিবলৈ চেষ্টা কৰোঁ। সাধাৰণ উক্তি এটাক জোৰকৈ ব্যক্তিগত পৰ্যায়লৈ টানি নি আমাক আক্ৰমণ কৰাৰ বাবে, আত্মৰক্ষাৰ উদ্দেশ্যে এই লেখাটোৰ দুই-এঠাইত বাধ্যত পৰি ব্যক্তিগত প্ৰসংগ আনিবলগীয়া হৈছে। ব্যক্তিগত আক্ৰমণ আৰু আত্মৰক্ষাৰ বাবে প্ৰয়োগ কৰা প্ৰসংগবোৰ যাতে চৰম পৰ্যায়লৈ নাযায়, সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ত পুনৰ মতামত আগবঢ়োৱাৰ পৰা আমি বিৰত থাকিম। 

[প্ৰকাশিত, 'আমাৰ অসম', ৬ ডিচেম্বৰ ২০১৮, পৃষ্ঠা: ৫]