Sunday, 24 January 2021

ৰাজনীতিকৰ পাভলুটি আৰু এটা কৌতুক

   ‘আমাৰ অসম’ত যোৱা ৩ জানুৱাৰীত প্ৰকাশিত ‘ৰাজনীতিকৰ পাভলুটি’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ । সম্পাদকীয়টোত ঠিকেই কৈছে যে সুযোগ-সুবিধা অনুসৰি পাভলুটি মৰাত ৰাজনীতিকসকল সিদ্ধহস্ত ।  ব্যতিক্ৰমৰ বাহিৰে ব্যক্তিয়ে এবাৰ তুলনামূলকভাবে উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হোৱাৰ পাছত পৰিস্থিতি সাপেক্ষে নিম্ন পৰ্যায়লৈ নামি আহিলে ব্যক্তিজনৰ আত্মসন্মানত আঘাত লাগে আৰু তেওঁ হীনমন্যতাত ভোগে ।  ৰাজনীতিকসকলো ইয়াৰ ব্যতিক্ৰম নহয় । দেশ বা ৰাজ্যৰ শাসনত থকা ৰাজনৈতিক দলৰ সদস্য হৈ থকাৰ সময়ত এবাৰ মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত শাসনত নথকাৰ সময়ত বিধায়ক হিচাপে ৰাইজৰ সেৱা কৰি যোৱা (পাভলুটি মৰাসকলৰ ভাষাত) সকলো জনপ্ৰতিনিধিৰ বাবে সহজ নহয় ।  বিশেষকৈ আদৰ্শহীন, ক্ষমতালোভী তথা সুবিধাবাদী ৰাজনীতিকৰ বাবে এনে পৰিস্থিতি বৰ কষ্টকৰ হৈ পৰে । কেনেকৈ শাসনত থকা ৰাজনৈতিক দলটোলৈ ঢাপলি মেলি পূৰ্বৰ সমপৰ্যায়ৰ বা তাতোকৈ উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হ’ব পাৰি তেওঁলোকে তাৰে সুযোগ বিচাৰি থাকে ।  সেই সুযোগ কিছুমানৰ বাবে তুলনামূলকভাবে সোনকালে আহে আৰু আন কিছুমানৰ বাবে কিছু দেৰিকৈ আহে । 

    ৰাজনীতিকসকল হ’ল সমাজৰ এনে এক উৎপাদনহীন শ্ৰেণী, যিসকলৰ মূল উদ্দেশ্য ৰাজনৈতিক কাৰ্যকলাপেৰে আনৰ উৎপাদনৰ ৰাহি আত্মসাৎ কৰি ক্ৰমে ক্ষমতাশালী হৈ উঠি সকলো শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা । ব্যতিক্ৰমসকলৰ বাহিৰে ক্ষমতা দখলৰ স্বাৰ্থতহে তেওঁলোকে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে ।  আচলতে, ক্ষমতা লাভৰ প্ৰতিযোগিতাত তিস্তি থাকিবলৈ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে ।  অন্যথা, সেইখিনিও নকৰিলেহেঁতেন । মন কৰিবলগীয়া যে পাভলুটি মৰাৰ সময়ত তেওঁলোকৰ বহুতেই উন্নয়নৰ প্ৰসংগ টানি আনে, যাতে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য তল পৰি যায় ।  আমি ভাবোঁ, ৰাজনৈতিক দিশত আমাৰ দেশৰ ৰাজনীতিকসকল যিমান পৰিপক্ক হৈ উঠিছে, দেশখনৰ প্ৰতিজন ব্যক্তি (বিশেষকৈ প্ৰতিজন ভোটাৰ) সিমান পৰিপক্ক হৈ উঠা নাই বা পৰিপক্ক হ’বলৈ আগ্ৰহ কৰা নাই (বহুতৰে সেইবোৰত লাগি থাকিবলৈ সময়ো নাই) । ইয়াৰে সুযোগ গ্ৰহণ কৰি ৰাজনীতিকসকলে জনসাধাৰণক বাৰে বাৰে প্ৰতাৰণা কৰিব পাৰিছে । অৱশ্যে, এনেকুৱা নহয় যে দেশখনত ৰাজনৈতিক দিশত ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক লোক নাই ।  কিন্তু, ৰাজনীতিসকলে জনসাধাৰণক কৰা প্ৰতাৰণা ৰোধ কৰিব পৰাকৈ তেওঁলোক শক্তিশালী হে উঠা নাই বা উঠিব পৰা নাই । আমি আশাবাদী, ৰাজনৈতিক দিশত ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তি (ভোটাৰ) ৰাজনীতিকসকলতকৈ বেছি পৰিপক্ক হৈ উঠিব আৰু তেওঁলোকক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিব ।  এনে ভাল দিন নিশ্চয় আহিব ।

    ৰাজনীতিকসকল হ’ল সমাজৰ আটাইতকৈ বেছি বিশ্বাসঘাটক লোক (অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ তথাকথিত একাংশ শিল্পীও একে শাৰীতে পৰা পৰিলক্ষিত হৈছে) । এই প্ৰসংগত প্ৰখ্যাত হাস্য কবি সুৰেন্দ্ৰ শৰ্মাৰ এটা কৌতুক পাঠকসকলৰ সৈতে ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ ।  কৌতুকটো এনেধৰণৰ-ৰাজনীতিক এজনৰ পুতেকে নতুনকৈ ৰাজনীতিৰ পথাৰত নামিব বিচাৰিছে আৰু সেই উদ্দেশ্যে পুতেকে বাপেকৰ পৰা ৰাজনীতিৰ শিক্ষা ল’বলৈ ইচ্ছা কৰিছে । ৰাজনীতিৰ প্ৰথম পাঠ হিচাপে বাপেকে পুতেকক তেওঁলোকৰ ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিবলৈ নিৰ্দেশ দিলে । প্ৰথম মহলাৰ পৰা জাপ মাৰিলে দুখ পাব বুলি পুতেকে কোৱাত বাপেকে ক’লে যে তেওঁ (বাপেকে) পুতেকক এনেদৰে ধৰিব যাতে পুতেকে দুখ নাপায় । বাপেকৰ কথামতে পুতেকে ঘৰৰ প্ৰথম মহলাৰ পৰা জাপ মাৰিলে । কিন্তু, বাপেকে পুতেকক নধৰিলে ।  ধৰিম বুলি কথা দি কিয় নধৰিলে বুলি পুতেকে সোধাত বাপেকে উত্তৰ দিলে যে এয়াই ৰাজনীতি, য’ত বাপেককো বিশ্বাসত লোৱা উচিত নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ জানুৱাৰী ২০২১]

Tuesday, 5 January 2021

‘ৰাজনীতি আৰু মনুষ্যত্ব’ সন্দৰ্ভত

   

যোৱা ২৩ ডিছেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত হোমেন বৰগোহাঞিৰ 'ৰাজনীতি আৰু মনুষ্যত্ব' শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলে যিয়ে যুক্তি নিদিয়ক কিয়, বিটিএডিৰ সদ্য-নিৰ্বাচিত তিনিটা ৰাজনৈতিক দলৰ সদস্যসকলক যে প্ৰলোভনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যই কোকৰাঝাৰ পৰা নিলগাই ৰখা হৈছিল তাত কোনো সন্দেহ নাই । দুখজনক কথাটো হ'ল-ভাৰতৰ ৰাজনীতিত এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে । যেতিয়াই কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে তেতিয়াই চৰকাৰ গঠনৰ উদ্দেশ্যে নিৰ্বাচিত লোকসকলক লৈ একপ্ৰকাৰ বজাৰৰ সৃষ্টি হয় ।

 উন্নয়নৰ ৰাজনীতিক ঢাল হিচাপে লৈ আদৰ্শৰ ৰাজনীতিক তল পেলোৱাৰ পৰিৱেশ সম্প্ৰসাৰণ হোৱাৰ ফলত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ মাজত দল-বাগৰা ৰাজনীতি ক্ৰমান্বয়ে বৃদ্ধি  পাবলৈ ধৰিছে । মূলত: ব্যক্তিগত স্বাৰ্থৰ বাবে বৰ্তমানৰ বহু ৰাজনীতিকে পূৰ্বৰ ৰাজনৈতিক আদৰ্শ এৰি সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঠিত ৰাজনৈতিক দলত যোগদান কৰে । আদৰ্শ বিক্ৰি কৰাৰ বাবদ মোটা অংকৰ ধন তথা ৰাজনৈতিক ক্ষমতা লাভ কৰি উন্নয়নৰ স্বাৰ্থত দল সলনি কৰা বুলি তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰে  । দুৰ্ভাগ্যজনকভাবে বহুতে এই ধাৰাক সহজভাবে গ্ৰহণ কৰিবলৈ ধৰিছে ।

  ভাৰতৰ ৰাজনীতিত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰাৰ পৰিৱেশ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কোনে, কোন মুহূৰ্তত, কোন ৰাজনৈতিক দলত যোগদান কৰি চৰকাৰ গঠনত বা চৰকাৰ ভঙাত সহায় কৰে, তাৰ কোনো ঠিক নাই । নিৰ্বাচিত জনপ্ৰতিনিধিসকলক লৈ বজাৰ সৃষ্টিৰ ইয়ো এটা কাৰণ ।  উত্তৰ আধুনিক যুগৰ মেৰপাকত পৰি মানুহৰ মাজত বিশ্বাসযোগ্যতাৰ লগতে নিৰ্ভৰযোগ্যতাও ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে । নক’লেও হ’ব যে দলীয় ৰাজনীতিত জড়িত লোকসকলকৰ গাত এইবোৰ গুণ (?) বেছিকৈ থাকে । নিৰ্বাচনবোৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতো বহু ৰাজনীতিকে ধনৰ বিনিময়ত পূৰ্বৰ ৰাজনৈতিক আদৰ্শক জলাঞ্জলি দিবলৈ বাধ্য হৈ পৰে ।  এনে পৰিস্থিতিত মনুষ্যত্বৰ কোনো মূল্য নাথাকে । মজাৰ কথা যে এইসকল লোকেই আমাক দুৰ্নীতিহীন সুন্দৰ সমাজ গঠনৰ কথা কয় ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৬ জানুৱাৰী ২০২১]

Tuesday, 15 December 2020

‘অৰ্থনৈতিক জাতীয়তাবাদ’ সন্দৰ্ভত (Regarding 'Economic Sub-Nationalism)

 

         ‘আমাৰ অসম’ত যোৱা ১০ ডিচেম্বৰত প্ৰকাশিত ‘অৰ্থনৈতিক জাতীয়তাবাদ’ শীৰ্ষক সম্পাদকীয়টো পঢ়িলোঁ ।  অসমৰ জাতীয়তাবাদী সংগঠনবোৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰতি যিমান সজাগ-সচেতন অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সিমান সজাগনে বুলি সম্পাদকীয়টোত সঠিক প্ৰশ্নই উত্থাপন কৰিছে । আমাৰ ধাৰণাত এই প্ৰশ্নটোৰ উত্তৰ ঋণাত্মক । জাতীয়তাবাদী সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ সংগঠনবোৰক উপযু্ক্ত তথা বাস্তৱিক নীতি প্ৰস্তুত কৰি দিব নোৱাৰাৰ ফলতে ৰাজ্যখনত অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি সন্তোষজনক সজাগতা গঢ়ি উঠা নাই । এক মিনিটৰ বাবে ধৰি লোৱা হ’ল যে সংগঠনবোৰৰ সৈতে জড়িত বুদ্ধিজীৱীসকলে জাতীয়তাবাদী সংগঠনবোৰক অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিব পৰাকৈ উপযুক্ত নীতি প্ৰস্তুত কৰি দিছে । কিন্তু, ৰাজ্যখনৰ জাতীয়তাবাদী সংগঠনবোৰে সেই নীতিবোৰক জনসাধাৰণৰ মাজলৈ কিমান আগ্ৰহেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰে, সেয়াও সন্দেহৰ বাহিৰত নহয় । অসমৰ সৈতে সংগতি থকা এটা নতুন ৰাজনৈতিক বিচাৰ্য বিষয় (Political Issue) অহাৰ লগে লগে জাতীয়তাবাদী সংগঠনবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ সৈতে জড়িত বিচাৰ্য বিষয়বোৰৰ প্ৰতি কম গুৰুত্ব দিবলৈ ধৰে ।

            ২০২০ চনত অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ হৈছে । ২০২১ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধৰি ল’লে নিৰ্বাচনটোৰ বাবে মাত্ৰ তিনিমাহ আছে । নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক নীতি কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।  মন কৰিবলগীয়া যে পশ্চিমীয়া ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ ফলত ভাৰতৰ দৰে বিশ্বৰ সৰহ সংখ্যক উন্নয়নশীল ৰাষ্ট্ৰৰে অৰ্থনৈতিক কামকাজত ৰাষ্ট্ৰৰ হস্তক্ষেপ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে  । এক কথাত, সাম্ৰাজ্যবাদী (Imperialism) শক্তিৰ ওচৰত উন্নয়নশীল দেশবোৰে নিজকে ‘আত্মসমৰ্পণ’ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে ভাৰতৰ তথাকথিত জাতীয়তাবাদী শক্তিবোৰে নিজৰ জাতীয়তাবাদী পৰম্পৰা (?) জনমানসত বৰ্তাই ৰখাৰ খাতিৰত অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা ‘পলায়ন’ কৰি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অধিক আগ্ৰাসী হ’বলৈ ধৰিছে । তথাকথিত ভাৰতীয় জাতীয়তাবাদী শক্তিবোৰে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে থিয় দিব পৰাকৈ জাতীয়তাবাদৰ অনুশীলন নকৰাৰ ফলতে সেই শক্তিবোৰে অৰ্থনৈতিক জাতীয়তাবাদৰ ক্ষেত্ৰত ‘পলায়নবাদী নীতি’ গ্ৰহণ কৰি উল্লিখিত দিশত অধিক আগ্ৰাসী হৈ সমাজত বিভাজন আনিবলৈ চেষ্টা চলাই আছে ( এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Aijaz Ahmad On Communalism and Globalization” নামৰ গ্ৰন্থখনৰ ‘Globalization and Culture’ শীৰ্ষক প্ৰবন্ধটো চাব পাৰে) ।

            সি যি কি নহওক, সাম্ৰাজ্যবাদী শক্তিৰ ওচৰত 'আত্মসমৰ্পণ' নকৰাকৈ অৰ্থনৈতিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ হ'লে অসমৰ আঞ্চলিক ৰাজনৈতিক দল বা সংগঠনবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰি কেনেদৰে কাৰ্যকৰী ৰূপ দিব বিচাৰিছে, সেই সম্পৰ্কে জনসাধাৰণৰ ওচৰত উপযুক্তভাবে দাঙি ধৰা উচিত । অন্যথা, তথাকথিত ভাৰতীয় জাতীয়তাবাদৰ দৰে অসমৰ জাতীয়তাবাদো কেৱল ৰাজনৈতিক আৰু সাংস্কৃতিক জাতীয়তাবাদতে আৱদ্ধ থাকি অৰ্থনৈতিক জাতীয়তাবাদৰ পৰা অতি কম সময়ৰ ভিতৰতে 'পলায়ন' কৰিবলৈ বাধ্য হৈ পৰিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৫ ডিচেম্বৰ ২০২০]

Saturday, 21 November 2020

‘হিন্দু-মুছলমান সম্পৰ্ক’ সন্দৰ্ভত

           

 যোৱা ১১ নৱেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত প্ৰকাশিত হোমেন বৰগোহাঞিৰ 'হিন্দু-মুছলমান সম্পৰ্ক' শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ । ভাৰতত হিন্দু-মুছলমানৰ সম্পৰ্ক প্ৰসংগত ব্ৰিটিছৰ ভূমিকা এৰাই চলিব নোৱাৰি ।  ব্ৰিটিছে তেওঁলোকৰ শাসনকাৰ্য দীৰ্ঘকাল চলাই নিয়াৰ স্বাৰ্থত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা চলাইছিল । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সংঘটিত আটাইবোৰ সংঘৰ্ষৰ বাবে ব্ৰিটিছেই এশ শতাংশ দায়ী । কিন্তু, এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত আৰু সংঘৰ্ষ সৃষ্টিত ব্ৰিটিছৰ যে তাৎপৰ্যপূৰ্ণ ভূমিকা আছিল তাত কোনো সন্দেহ নাই ।

 ব্ৰিটিছে ভাৰতৰ শাসনভাৰ অধিকাৰ কৰি লোৱাৰ আগতে কেইবা শতিকা ধৰি হিন্দু আৰু মুছলমানে ভাৰতখন শাসন কৰিছিল । সেয়েহে দেশখনৰ আন প্ৰদেশবোৰত পৰাধীন পৰিস্থিতিতে হিন্দু আৰু মুছলমানৰ মাজত এক প্ৰকাৰ ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছিল (পিছত অসমলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল) ।  এই সংঘাত কেৱল ৰাজনৈতিক দিশতে আৱদ্ধ নাথাকি সামাজিক আৰু সাংস্কৃতিক দিশতো জোৰদাৰ হৈ উঠিছিল । ব্ৰিটিছে এই পৰিস্থিতিৰ সু-ব্যৱহাৰ কৰিছিল । এই দুই সম্প্ৰদায়ৰ মাজত সংঘটিত বহু সংঘৰ্ষ ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত (Constructed) আছিল ।  জেমছ মিলকে (James Mill) ধৰি  চি পি কেপ (C. P. Cape), জে প্ৰিনচেপ (J. Prinsep) আদি উপনিৱেশিক লেখকসকলে হিন্দু আৰু মুছলমানৰ মাজত সংঘাটিত সংঘৰ্ষবোৰৰ কাৰণ বিশ্লেষণ, প্ৰতিদ্বন্দ্বী চিনাক্তকৰণ, প্ৰশাসনৰ দ্বাৰা সংঘৰ্ষ নিয়ন্ত্ৰণৰ নীতি আদি ব্ৰিটিছ চৰকাৰৰ সুবিধা হোৱাকৈ বিদ্যায়তনিক (?) অধ্যয়ন কৰিছিল (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Gyanedra Pandey The Construction of Communalism in Colonial North India গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়টো চাব পাৰে) ।  বৰগোহাঞিয়ে ঠিকেই কৈছে যে অসমত হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত নোহোৱাৰ মূল কাৰণ আছিল-অসমৰ অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এক ধৰণৰ ধৰ্মনিৰপেক্ষ বা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শ । এফালে অসমত মুছলমানসকলে শাসনৰ সোৱাদ পোৱা নাছিল, আনফালে প্ৰদেশশনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰা অনাৰ্য তথা মংগোলীয় ৰজাসকলে ভাৰতৰ আন প্ৰদেশৰ ৰজাসকলৰ দৰে গোড়া হিন্দুত্বৰ আৱেষ্টনীত সোমাই পৰা নাছিল । অসমলৈ অহা আৰ্য বৰ্ণহিন্দুসকলে প্ৰদেশখনৰ  অনাৰ্য তথা মংগোলীয় ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ধৰ্মনিৰপেক্ষ তথা ধৰ্মীয় সহিষ্ণুতাৰ আদৰ্শৰ সৈতে খাপ খাই পৰিছিল ।তদুপৰি, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মই সামাজিক আৰু সাংস্কৃতিকভাবে অসমৰ বৃহৎসংখ্যক লোকক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰিছিল । সেয়েহে উপনিৱেশিক পণ্ডিতসকলে ভাৰতৰ আন প্ৰদেশৰ সৈতে খাপ খুৱাই প্ৰকাশ কৰা হিন্দু-মুছলমান সম্পৰ্কীয় উদ্দেশ্যপ্ৰণোদিত বিদ্যায়তনিক (?) অধ্যয়নবিলাক অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল । অৱশ্যে, বেংগলৰ সৈতে অসমক চামিল কািৰ ৰাজনৈতিক আৰু প্ৰশাসনিক উপাদানেৰে ব্ৰিটিছে অসমতো হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ বীজ সিচিঁবলৈ চেষ্টা চলাইছিল ।

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২১ নৱেম্বৰ ২০২০]

Sunday, 15 November 2020

প্ৰসংগ: হিন্দু নে হিন্দুত্ববাদ

 

যোৱা ২৯ অক্টোবৰত প্ৰকাশিত উমেশ গোস্বামীৰ ‘হিন্দু নে হিন্দুত্ববাদ’ শীৰ্ষক লেখাটো পঢ়িলোঁ । ভাৰতবৰ্ষ তথা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত গোস্বামীৰ লেখাটো সময়োপযোগী হৈছে ।  সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সমাজখনক সংকীৰ্ণ আৰু কুলষিত কৰি তোলে । এচাম লোকে অতীতৰে পৰাই ভাৰতত উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰি ইয়াক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ।  উগ্ৰ ধৰ্মীয় পৰিৱেশ সৃষ্টি আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত শিক্ষিত তথা সাক্ষৰ আৰু অশিক্ষিত তথা নিৰক্ষৰ লোকৰ মাজত পাৰ্থক্য আছে । ব্যতিক্ৰমৰ বাহিৰে অশিক্ষিত তথা নিৰক্ষৰ লোকসকলে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰি সফল হ’ব নোৱাৰিলে বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলে কম সময়ৰ ভিতৰতে তেনে মানসিকতা ত্যাগ কৰে । কিন্তু, শিক্ষিত তথা সাক্ষৰ লোকসকলে সেই কাৰ্যত অসফল হ’লেও বা ইয়াৰ কুফলসমূহ অনুধাৱন কৰিব পাৰিলেও ইগো সমস্যাৰ বাবেই হওক বা আন উদ্দেশ্যৰ বাবেই হওক অধিক সংগঠিত আৰু পৰিকল্পিতভাবে তেনে পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । কোনোবা ৰাজনৈতিক দলে উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ আদৰ্শক সংশ্লিষ্ট দলটোৰো এটা আদৰ্শ হিচাপে গ্ৰহণ কৰিলে সেই শক্তিবোৰ অধিক শক্তিশালী হয় । সময়ৰ লগে লগে সংশ্লিষ্ট ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ ধৰ্মীয় শক্তিবোৰ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰে । ফলস্বৰূপে, সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা-পালিনেতা আৰু উগ্ৰ ধৰ্মীয় শক্তিবোৰৰ দপদপনি বৃদ্ধি পায় ।  যোৱা শতিকাৰ শেষৰ দশকৰপৰা ভাৰতত উগ্ৰ হিন্দুত্বৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে ।  দেশখনৰ আন প্ৰদেশৰ তুলনাত অসমত এই পৰিৱেশ নতুনকৈ প্ৰৱেশ কৰি দ্ৰুতগতিত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থকাৰ বাবে ৰাজ্যখনৰ ধৰ্মীয় উদাৰ মানসিকতাৰ লোকৰ বাবে অসহ্যকৰ হৈ পৰিছে (অৱশ্যে, এই অসহ্যকৰ পৰিৱেশে ৰাজ্যখনৰ বাবে ইতিবাচক ইংগিত দিছে) । 

এনেকুৱা নহয় যে কেৱল হিন্দুসকলেহে উগ্ৰ ধৰ্মীয় পৰিৱেশ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই থাকে । আন সংগঠিত ধৰ্মৰো এচাম মানুহ থাকে যিসকলে নিজে অন্তৰ্ভুক্ত ধৰ্মটোৰ উগ্ৰ ধৰ্মীয় শক্তিবোৰক প্ৰত্যক্ষ বা পৰোক্ষভাবে শক্তিশালী কৰিবলৈ চেষ্টা চলাই থাকে । বৰ্তমানৰ প্ৰেক্ষাপটত আন সংগঠিত ধৰ্মৰ উগ্ৰ শক্তি আৰু উগ্ৰ হিন্দুসকলৰ মাজত মাত্ৰ এটা পাৰ্থক্য আছে । সেয়া হৈছে-উগ্ৰ হিন্দুসকলে তেওঁলোকৰ কাৰ্যপন্থা দ্ৰুতগতিত আগবঢ়াই নিবলৈ অধিক ৰাজনৈতিক পৰিৱেশ লাভ কৰিছে, কিন্তু আন সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে সেই পৰিৱেশ কমকৈ লাভ কৰিছে ।   

ৰাজনৈতিক দল আৰু সংগঠিত ধৰ্মৰ ভিত্তিত গঠিত উগ্ৰ শক্তিবোৰে ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলকো তেওঁলোকৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে । বিশেষকৈ সামাজিক স্বীকৃতি (যেনে- আনৰ তুনলাত কম যোগ্য হ’লেও বঁটা বা পাৰিতোষিক দিয়া, কোনো অনুষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰা), অৰ্থনৈতিক সুবিধা আদি প্ৰলোভনৰ দ্বাৰা ধৰ্মৰ ক্ষেত্ৰত উদাৰ লোকসকলৰ বহুতকে তেওঁলোকৰ ফলীয়া কৰিবলৈ সক্ষম হয় ।  বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ সমাজখনক উগ্ৰ হিন্দুসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত উমেশ গোস্বামীৰ দৰে লেখাবোৰে কিছু হ’লেও অৰিহণা যোগাব বুলি আমাৰ ধাৰণা । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২০]

Friday, 23 October 2020

‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ প্ৰসংগত

যোৱা ১৫ অক্টোবৰত দেবেন তামুলীৰ ‘দ্বিজাতি-তত্ত্ব কাৰ সৃষ্টি’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  মহম্মদ আলি জিন্নাকে ধৰি একাংশ মুছলমান নেতাই ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল বুলি হিন্দুত্বক সমৰ্থন জনাই অহা ৰাজনৈতিক দল আৰু সংগঠনবোৰে প্ৰচাৰ চলাই আহিছে । লেখক দেবেন তামুলীয়ে ঠিকেই লিখিছে যে আচলতে হিন্দু ধৰ্মালম্বী কেইগৰাকীমান ধৰ্মীয় জাতীয়তাবাদী নেতাইহে ভাৰতত দ্বিজাতি তত্ত্ব সৃষ্টি কৰিছিল । প্ৰতিষ্ঠাৰ সময়ত ধৰ্মনিৰপেক্ষ মনোভাৱেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ।  কিন্তু, কম সময়ৰ ভিতৰতে সংগঠনটোৰ কাৰ্যপন্থাবোৰত হিন্দু ধৰ্মৰ ধ্যান-ধাৰণা সোমাই পৰিছিল ।  বিশেষকৈ বাল গংগাধৰ তিলকৰ গণেশ পূজা, শিৱাজী উৎসৱ আৰু ঋষি অৰবিন্দৰ আৰ্যীয়কৰণ ভাৰতৰ উপৰি আন কিছুমান নেতাৰ ৰামৰাজ্যৰ ধাৰণা, হিন্দু ধৰ্মীয় পদ্ধতিত শপত গ্ৰহণ কৰা, গংগাজলৰ ব্যৱহাৰ আদি হিন্দু ধৰ্মীয় ধ্যান-ধাৰণা আৰু বিশ্বাসে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত বাৰুকৈয়ে প্ৰৱেশ কৰিছিল ।  ১৯০৫-০৯ চনৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই চৰম পৰ্যায়ত উপনিত হৈছিল । সেই সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিৱেশক হিন্দু ধৰ্মৰ পুনৰ উদ্ধাৰ কৰা আন্দোলনলৈ ৰূপান্তৰ কৰাৰ উপক্ৰম হৈছিল ।  সেই সময়ৰ একাংশ ইছলাম ধৰ্মালম্বী নেতাই ধৰি লৈছিল যে ভাৰতৰ স্বাধীনতা আন্দোলন মানে হ’ল- ‘ভাৰতীয় ৰাজনীতিত হিন্দুৰ প্ৰভুত্ব’ (এই সম্পৰ্কে অধিক জানিবৰ বাবে আগ্ৰহী পাঠকে Bipan Chandra Communalism in Modern India গ্ৰন্থখন চাব পাৰে) । 

ব্যতিক্ৰমৰ বাহিৰে সকলো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ সৈতে জড়িত প্ৰস্তাৱ আৰু কাৰ্যসূচীবোৰত হিন্দু ধৰ্মীয় ধ্যান-ধাৰণাই প্ৰাধান্য লাভ কৰাৰ পাছত একাংশ মুছলমান নেতাই মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ইছলাম ধৰ্মৰ ভিত্তিত কেইবাটাও সংগঠনৰ জন্ম দিছিল । উদাহৰণস্বৰূপে, ১৯০৬ চনৰ ৩০ ডিছেম্বৰত ব্ৰিটিছৰ সক্ৰিয় পৃষ্ঠপোষকতাৰ সদৌ ভাৰত মুছলিম লীগ গঠন কৰা হৈছিল, যিয়ে পিছলৈ দ্বিজাতি তত্ত্বক সাৰ-পানী দি মুছলমানৰ বাবে সুকীয় ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল । সেইদৰে, সাম্প্ৰদায়িক মনোভাৱাপন্ন হিন্দুসকলে দেশখনৰ হিন্দুসকলক একগোট কৰাৰ উদ্দেশ্যে ১৯২৫ চনত 'ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ' গঠন কৰাৰ পিছত ১৯২৬ চনত একাংশ মুছলমান নেতাই 'তবলীগি' আৰু 'তনজীম' নামৰ দুটা সংগঠনৰ জন্ম দিছিল । এই সংগঠনবোৰে হিন্দু আৰু মুছলমানৰ মাজত হিংসা আৰু সন্দেহৰ মাত্ৰা বঢ়াইছিল আৰু ইয়াৰ ফলস্বৰূপে সঘনে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল । উল্লেখ্য, ১৯২৩-২৬ চনৰ সময়ছোৱাত ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বাসত্তৰটা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল ।

২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে হিন্দুত্বৰ আদৰ্শত বিশ্বাসী সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছে ।  ধৰা হ’ল, এই প্ৰসংগক ভিত্তি কৰি ইছলাম ধৰ্মৰ ভিত্তিত গঠিত সংগঠনবোৰে ৰাজহুৱাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে যে অসমৰ হিন্দুসকলৰ সৈতে একেখন ৰাজ্যত একেলগে থাকিবলৈ মুছলমানসকলৰ অসুবিধা হৈছে আৰু তেওঁলোকে সুকীয়া ৰাজ্য গঠন কৰিবলৈ সক্ষম হ’ল ।  ধৰ্মৰ ভিত্তিত সুকীয়া ৰাজ্য গঠন প্ৰসংগত যিসকলে প্ৰথমে অসমৰ ৰাজনীতিত সভ্যতাৰ যুঁজৰ প্ৰসংগ আনিছিল ইতিহাসে তেওঁলোককে মূল দোষী হিচাপে চিহ্নিত নকৰিবনে ?

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৩ অক্টোবৰ ২০২০]

Saturday, 10 October 2020

ড° প্ৰফুল্ল মহন্তৰ এখন মননশীল গ্ৰন্থ

 ঔপনিৱেশিক কালত অসমীয়া সাহিত্যৰ উত্তৰণৰ ভিত্তি কি আছিল ? আধুনিক শিক্ষাৰ প্ৰসাৰ আৰু অসমৰ অভিজাত শ্ৰেণীৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে ? বাংলা ভাষাই অসমীয়া সাহিত্যৰ বিকাশত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল ? ব্ৰিটিছ পুঁজিবাদী অৰ্থব্যৱস্থাৰ শোষণে আধুনিক অসমীয়া সাহিত্যত প্ৰভাৱ পেলাইছিল নেকি ? অসমৰ বৌদ্ধিক শ্ৰেণীৰ মাজত এইবোৰ প্ৰশ্নই প্ৰায়ে আমনি কৰি থাকে ।  অসমৰ বিশিষ্ট সমাজবিজ্ঞানী ড° প্ৰফুল্ল মহন্তই শেহতীয়াকৈ এই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে আঠটা প্ৰবন্ধ সন্নিৱিষ্ট কৰি ‘আধুনিক অসমীয়া সাহিত্য: সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ।  চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত ড° মহন্তৰ গ্ৰন্থখনত উল্লিখিত প্ৰশ্নবোৰৰ উপৰি অসমীয়া জাতিৰ কাণ্ডাৰী পুৰুষ শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন, অসমৰ ৰেনেছাঁসুলভ ব্যক্তিত্ব জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৃতি আৰু কৃতিত্বৰ  সুন্দৰ বিশ্লেষণ আগবঢ়োৱা হৈছে । ড° মহন্তই দীৰ্ঘদিন ধৰি বড়ো জনগোষ্ঠীৰ কাণ্ডাৰীসকলক চিনাকি কৰি দিবলৈ চেষ্টা চলাই আহিছে । এই গ্ৰন্থখনো ইয়াৰ ব্যতিক্ৰম নহয় ।  বড়ো জনগোষ্ঠীৰ উত্তৰণত কালীচৰণ ব্ৰক্ষ্মৰ  অৱদান সম্পৰ্কে   ড° মহন্তই গ্ৰন্থখনৰ এটা প্ৰবন্ধত সবিস্তাৰে আলোচনা কৰিছে । গ্ৰন্থখনৰ আন এক উল্লেখযোগ্য সংযোজন হ’ল-অসমীয়া জাতিৰ উত্তৰণত আহোমসকলৰ অৱদান ।  

            ড° মহন্তৰ এই গ্ৰন্থখনে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অসমৰ বৌদ্ধিক জগতত নতুনত্ব আনি দিছে যদিও গ্ৰন্থখনে পুনৰাবৃতৰ পৰা মুক্ত হ’ব পৰা নাই । উদাহৰণস্বৰূপে-‘অসমীয়া মধ্যবিত্ত শ্ৰেণী’ শীৰ্ষক অধ্যায়টো । এই অধ্যায়টো লেখকৰ পূৰ্বে প্ৰকাশিত ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখনৰ সংক্ষিপ্ত ৰূপ । কোৱা বাহুল্য যে উল্লিখিত গ্ৰন্থখন অধ্যয়ন কৰা পাঠকসকলক এই অধ্যায়টোৱে আমনি কৰাৰ সম্ভাৱনাই অধিক । অৱশ্যে, ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ গ্ৰন্থখন অধ্যয়ন নকৰা পাঠকসকলে এই গ্ৰন্থখনৰ এই অধ্যায়টোৰ যোগেদি অসমীয়া সাহিত্য আৰু সমাজ জীৱনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অৰিহণা আৰু সীমাবদ্ধতা সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰিব ।  

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ অক্টোবৰ ২০২০, পৃষ্ঠা: ৫]