Wednesday, 28 June 2023

অৰ্থনৈতিক অসমতাৰ সমস্যা (Problem of Economic Inequality)

         সাধাৰণতে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি হ’লে সংশ্লিষ্ট দেশখনৰ উন্নয়ন হৈছে বুলি বুজা যায় । কিন্তু, উন্নয়নৰ এই জোখ তেনেই সংকীৰ্ণ ।  অৰ্থনীতিত ইয়াক বৃদ্ধি বুলি কোৱা হয়, উন্নয়ন নহয় । সম্পদ আৰু আয়ৰ সমবিতৰণ আৰু লিংগ নিৰ্বিশেষে সমান মজুৰি প্ৰদান নকৰিলে দেশৰ উন্নয়ন সম্পূ্ৰ্ণ নহয় । স্বাধীনতাৰ পিছত প্ৰথম অৱস্থাত ভাৰতৰ চৰকাৰে দেশখনৰ অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল । দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যৰ ভিত্তিত চৰকাৰে বৃহৎ উদ্যোগ স্থাপন কৰি সেই উদ্দেশ্যত উপনিত হ’বলৈ চেষ্টা চলাইছিল ।  বৃহৎ উদ্যোগৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ পিছত কৃষিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল (কৃষি বিপ্লৱৰ জৰিয়তে) । দৰিদ্ৰতা দূৰীকৰণক এটা মূল লক্ষ্য হিচাপে লৈ অৰ্থনৈতিক অসমতা হ্ৰাসৰ উদ্দেশ্যে চৰকাৰে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰাহে গুৰুত্ব প্ৰদান কৰিছিল ।  ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত চৰকাৰৰ অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ পৰিৱৰ্তন ঘটিছে । চৰকাৰে প্ৰত্যক্ষভাবে অৰ্থনৈতিক অসমতা হ্ৰাস কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক ক্ৰমবৰ্ধমান হাৰত সুবিধা প্ৰদান কৰি ব্যক্তিগত খণ্ডৰ মাধ্যমেৰে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে । ‘নিগৰি পৰা’  (Trickle Down) নীতি প্ৰয়োগেৰে জনসাধাৰণৰ আয় বৃদ্ধি কৰি অৰ্থনৈতিক অসমতা হ্ৰাস কৰিব বিচৰা হৈছে । ড° মনমোহন সিঙৰ চৰকাৰৰ কাৰ্যকালত ‘সকলোকে সামৰি লোৱা বৃদ্ধি’  (Inclusive Growth) শ্ল’গানেৰে আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈকে শাসনত থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ‘সবকে সাথ, সবকা বিকাশ’ (পিছলৈ আৰু দুটা শব্দ-‘সবকা বিশ্বাস’ লগাই দিয়া হৈছে) শ্ল’গানেৰে অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা চলাই আহিছে । এই নীতিসমূহ প্ৰয়োগ কৰাৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰাৰ পয়সত্তৰ বছৰৰ পিছত দেশখনৰ অৰ্থনৈতিক অসমতাৰ ছবিখন কেনেকুৱা হৈছে, সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

প্ৰথমে সম্পত্তিৰ ক্ষেত্ৰত থকা অসমতাৰ ছবিখন চোৱা যাওক । ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme) এ প্ৰকাশ কৰা বিশ্ব অসমতা প্ৰতিবেদন ২০২২ (World Inequality Report 2022) অনুসৰি, বিশ্বৰ শীৰ্ষ ১ শতাংশ, ১০ শতাংশ আৰু মধ্য ৪০ শতাংশ লোকৰ হাতত গড় হিচাপে ক্ৰমে ২৮ শতাংশ, ৭৬ শতাংশ  আৰু ২০ শতাংশ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে । তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ মালিকীস্বত্ত্ব প্ৰায় নায়েই (মাত্ৰ ২ শতাংশ) ।  ১৯৯০ চনৰ পিছত ভাৰতৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব তাৎপৰ্যপূৰ্ণভাবে বৃদ্ধি পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত ভাৰতৰ শীৰ্ষ ১ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ১১.৮৭ শতাংশ । ২০১১-২০২২ৰ সময়ছোৱাত এই পৰিসংখ্যা ৩১.৫৫ শতাংশ হৈছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত শীৰ্ষ ১০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আছিল ৪৩.১৮ শতাংশ । ২০১১-২০২০ ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬৩.৬৮ শতাংশ হৈছে । কিন্তু, একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ত্ব আধা হ্ৰাস পাইছে । ১৯৬১-১৯৭০ৰ সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ সম্পত্তিৰ গড় মালিকীস্বত্ব আছিল ১২.২৯ শতাংশ । ২০১১-২০২০ৰ সময়ছোৱাত এই পৰিসংখ্যা ৬.১২ শতাংশ হৈছে টকাৰ হিচাপত ভাৰতৰ পৰিয়ালৰ গড় সম্পত্তি হ’ল ৯,৮৩,০১০ টকা । তলৰ ৫০ শতাংশ পৰিয়ালৰ গড় সম্পত্তিৰ পৰিমাণ ৬৬,২৮০ টকা । মধ্যবিত্ত পৰিয়ালৰ অৱস্থা তলৰ ৫০ শতাংশ  পৰিয়ালতকৈ অলপ ভাল যদিও শীৰ্ষ ১০ শতাংশ আৰু ১ শতাংশ পৰিয়ালৰ তুলনাত পুতৌলগা । মধ্যবিত্ত পৰিয়ালৰ গড় সম্পত্তিৰ পৰিমাণ ৭,২৯,৯৩০ টকা । শীৰ্ষ ১০ শতাংশ আৰু ১ শতাংশ পৰিয়ালৰ সম্পত্তিৰ গড় পৰিমাণ হ’ল ক্ৰমে ৬৩,৫৪,০৭০ টকা আৰু ৩,২৪,৪৯,৩৬০ টকা ।

আয়ৰ ভিত্তিত ভাৰতক এখন অতি অসমতাৰ দেশ হিচাপে চিহ্নিত কৰিব পাৰি । ব্ৰিটিছৰ শাসনকালত ভাৰতত আয়ৰ অসমতা অত্যন্ত বেছি আছিল । শীৰ্ষ ১ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ অংশ ৫০ শতাংশতকৈ বেছি আছিল ।  স্বাধীনতাৰ পিছত দেশখনে সমাজবাদী আদৰ্শৰে অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ পিছত আয়ৰ অসমতা হ্ৰাস কৰিবলৈ সক্ষম হৈছিল । কিন্তু, ১৯৯১ চনৰ পৰা বজাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পিছত আয়ৰ ক্ষেত্ৰত পুনৰ অসমতা বৃদ্ধি পাবলৈ ধৰিছে । ২০২২ চনৰ বিশ্ব অসমতা প্ৰতিবেদন অনুসৰি, দেশখনৰ শীৰ্ষ ১ শতাংশ আৰু ১০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ গড় অংশ হ’ল ক্ৰমে ২২ শতাংশ আৰু ৫৭ শতাংশ । তলৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ অংশ মাত্ৰ ১৩ শতাংশ । মধ্য ৪০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ আয়ৰ অংশও কম (২৯.৭ শতাংশ) । দেশ এখনৰ কিমান শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে, সেই তথ্যৰ ভিত্তিতো সংশ্লিষ্ট দেশখনৰ আয়ৰ অসমতাৰ ছবিখন দাঙি ধৰিব পাৰি । ২০২১ চনৰ নীতি আয়োগৰ তথ্য অনুসৰি, ভাৰতত ২৫.০১ শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে ।

            কোনো এখন দেশত একে কাম কৰাৰ বাবদ পুৰুষ আৰু মহিলা শ্ৰমিকৰ মাজত মজুৰিৰ গড় পাৰ্থক্য থাকিলে, সংশ্লিষ্ট দেশখনত অৰ্থনৈতিক অসমতা থকা বুজায় । আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ (International Labour Organization) তথ্য অনুসৰি, সামগ্ৰিকভাবে পৃথিৱীৰ মহিলা শ্ৰমিকক একে কাম কৰাৰ বাবদ পুৰুষ শ্ৰমিকৰ তুলনাত গড়ে ২০ শতাংশ কমকৈ মজুৰি প্ৰদান কৰে   দেশ বিশেষে এই পাৰ্থক্য ৪৫ শতাংশতকৈয়ো বেছি চলি আছে । আন্ত:ৰাষ্ট্ৰীয় মজুৰি প্ৰতিবেদন  (Global Wage Report, 2020-21) অনুসৰি, ১৯৯৩-৯৪ চনত ভাৰতৰ মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকতকৈ ৪৮ শতাংশ কমকৈ মজুৰি প্ৰদান কৰা হৈছিল যিটো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তকৈ বহুত বেছি । ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থাৰ (National Sample Survey Organization) ২০১৮-১৯ চনৰ তথ্য অনুসৰি দেশখনৰ মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকতকৈ ২৮ শতাংশ কমকৈ মজুৰি প্ৰদান কৰা হৈছে ।  লিংগৰ পাৰ্থক্যৰ ভিত্তিত মজুৰি প্ৰদান কৰা হয় বাবে পুৰুষৰ তুলনাত মহিলা শ্ৰমিকৰ আয়ৰ অংশও কম হয় । ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ এছিয়াৰ মহিলাৰ শ্ৰমিকৰ আয়ৰ অংশৰ তুলনাত কম । বিশ্ব অসমতা প্ৰতিবেদন ২০২২ৰ তথ্য অনুসৰি, ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ ১৮ শতাংশ আৰু এছিয়াৰ মহিলাৰ শ্ৰমিকৰ আয়ৰ অংশ ২১ শতাংশ । অৱশ্যে, ১৯৯০ চনৰ পৰা ভাৰতৰ মহিলাৰ শ্ৰমিকৰ গড় আয়ৰ অংশ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । ১৯৯০ আৰু ২০০০ চনত ভাৰতৰ মহিলা শ্ৰমিকৰ গড় আয়ৰ অংশ আছিল ক্ৰমে ১০.৬ শতাংশ  আৰু ১১.৩ শতাংশ । ২০১০ আৰু ২০২০ চনত এই পৰিসংখ্যা হ’ল ক্ৰমে ১৫.৪ শতাংশ আৰু ১৮.৩ শতাংশ হৈছে । 

         চৰকাৰে অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি থকাৰ পিছতো  অৰ্থনৈতিক অসমতা দেশখনৰ বাবে এটা প্ৰধান সমস্যা হিচাপে চিহ্নিত হৈয়ে আছে ।  বিশেষকৈ, অৰ্থনৈতিক সংস্কাৰৰ পিছত সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত দেশখনত অসমতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বিপৰীতে একে কামৰ বাবদ পুৰুষ আৰু মহিলা শ্ৰমিকে লাভ কৰা মজুৰিৰ পাৰ্থক্য হ্ৰাস পাই আহিছে । ইয়াৰপৰা এইটোৱে বুজা যায় যে অৰ্থনৈতিক সংস্কাৰে সম্পত্তি আৰু আয়ৰ সমবিতৰণৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ বিপৰীতে লিংগ নিৰ্বিশেষে সমান মজুৰি প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাইছে ।  

[প্ৰকাশিত। ‘নিয়মীয়া বাৰ্তা’, ২৮ জুন ২০২৩]

Saturday, 22 April 2023

‘অঁকৰা নগা’ ('Stupid Naga')

         অসমৰ বাপতি-সাহোন ৰঙালী বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে যোৱা ১৩ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত অয়োজন কৰা বৃহৎ অনুষ্ঠানটোত ৰঞ্জিত গগৈ নামৰ বিহুৱাগৰাকীয়ে গোৱা বিহুগীতটোত থকা ‘অঁকৰা নগা’ৰ ‘অঁকৰা’ শব্দটোক লৈ ‘অল আসাম নাগা ৱেলফেয়াৰ ছ’ছাইটি’ নামৰ সংগঠটোৱে সংবাদমেল যোগে আপত্তি দৰ্শাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।  সংগঠনটোৱে জনোৱা মতে, অসমত বসবাস কৰি থকা নগাসকলৰ উপৰি অসমৰ বাহিৰৰ নগাসকলেও অপমান অনুভৱ কৰিছে ।  বিহুৱা ৰঞ্জিত গগৈয়ে নগা জনগোষ্ঠীটোৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব, অন্যথা আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি সংগঠনটোৱে জনাইছে ।  মনকৰিবলগীয়া যে  ৰঞ্জিত গগৈয়ে বিহুগীতটো পৰিবেশন কৰি থকাৰ সময়ত একেখন মঞ্চতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰীযুত বিমল বৰাও বিহুৱাগৰাকীক সহযোগ কৰি আছিল ।  কিছুমান জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীটোক উচ্চ পৰ্যায়ৰ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁলোকৰ তুলনাত আন কিছুমান জনগোষ্ঠী সামাজিক আৰু সাংস্কৃতিকভাবে নিম্ন পৰ্যায়ৰ বুলি দেখুৱাব  খোজে । এসময়ত তথাকথিত অসমীয়াসকলে তেওঁলোকৰ তুলনাত নগা জনগোষ্ঠীকে ধৰি অসমৰ জনজাতিসকল সামাজিক আৰু সাংস্কৃতিভাবে নিম্ন পৰ্যায়ৰ বুলি ভাবিছিল ।  সম্ভৱ:ত তেনে সময়তে নগা জনগোষ্ঠীৰ নাম সামৰি এনেধৰণৰ বিহুগীত গোৱা হৈছিল ।  কিন্তু, সময় আৰু পৰিস্থিতি একে নাথাকে ।  প্ৰতিটো জনগোষ্ঠীৰে কিছুমান সুকীয়া পৰিচয় থাকে ।  সেই সুকীয় পৰিচয়ক লৈ নিজৰ মাজত সংশ্লিষ্ট জনগোষ্ঠীটোৱে গৌৰৱ অনুভৱ কৰে । সংশ্লিষ্ট জনগোষ্ঠীটোৰ বাহিৰৰ সমাজে সেই সুকীয়া পৰিচয়ক সন্মান প্ৰদৰ্শন আৰু স্বীকৃতি প্ৰদান কৰাতো প্ৰতিটো জনগোষ্ঠীয়ে কামনা কৰে ।  তদুপৰি, তেওঁলোকে আন জনগোষ্ঠীৰ সমানেই মৰ্যাদা বিচাৰে । 

[প্ৰকাশিত,  'আমাৰ অসম', ২১  এপ্ৰিল ২০২৩,পৃষ্ঠা: ৬]

Saturday, 28 January 2023

নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন (New Perspective of History Writing)

        যোৱা কেইবছৰমান ধৰি অসমত নতুন দৃষ্টিৰে ইতিহাস অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস চলাই থকা হৈছে  । শাসনাধীষ্ঠ ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকৰ সহযোগী বুদ্ধিজীৱী, সংগঠন আৰু একাংশ সংবাদ মাধ্যমৰ যোগেদি নতুন দৃষ্টিৰে অসমৰ ইতিহাস প্ৰণয়ন আৰু অধ্যয়ন কৰিবলৈ আহ্বান জনাই আহিছে । অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ো নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়নৰ বাবে নতুন প্ৰজন্মক আহ্বান জনাইছে । নতুন দৃষ্টিৰ ইতিহাস অধ্যয়ন কেনেধৰণৰ হ’ব সেয়া শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইংগিত দিছে । উদাহৰণ হিচাপে তেওঁ কৈছে যে মোগলৰ বিৰূদ্ধে লাচিত বৰফুকনে নেতৃত্ব দিয়া শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনো যোদ্ধা নাছিল । ৰাজ্যখনৰ হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সৃষ্টিৰ উদ্দেশ্যে জনশ্ৰুতিৰ আধাৰত অসমৰ একাংশ বুদ্ধিজীৱীয়ে বাঘ হাজৰিকা নামৰ এজন যোদ্ধাক অসমৰ ইতিহাসত স্থান দি আহিছে । তেওঁৰ আৰু কৈছে যে যদি শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত কোনোবা যোদ্ধা আছিল, সেইখন যুদ্ধত অসমৰ জনজাতীয় লোকৰ যোদ্ধাও আছিল ।  সি যি কি নহওক, নিশ্চিতভাবে নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে । অসমৰ বাহিৰত কেতিয়াবাই নতুন দৃষ্টিৰে ইতিহাস অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিছে । কিন্তু, নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়ন কৰাৰ সময়ত কেইটামান কথা মন কৰিব লাগিব ।  

অসমৰ ইতিহাস চৰ্চাৰ ইতিহাস অধ্যয়ন কৰিলে আমি পাওঁ যে অসম সম্পৰ্কীয় ইতিহাসত বহু ঐতিহাসিকে পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰকো ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰিছে । পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰক ইতিহাসৰ সমল হিচাপে ব্যৱহাৰ কৰা ঐতিহাসিকসকলে অসমৰ ৰজাসকলক পৌৰাণিক কাহিনীৰ কিছুমান চৰিত্ৰৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আহিছে । অসমখনক অতীতৰে পৰা ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ঐতিহাসিকসকলে অসমৰ ইতিহাস হিচাপে দাবী কৰা গ্ৰন্থবিলাকত মহাভাৰত, ৰামায়ণ, পুৰাণ  আদিৰ প্ৰসংগ আনি ইতিহাস প্ৰণয়ন কৰিছে ।  অসমৰ বহু ঐতিহাসিকে ইতিহাস চৰ্চাৰ সমল হিচাপে ব্যৱহাৰ কৰা হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ গ্ৰন্থখনত আহোম ৰজা চুকাফাক স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে । পদ্মেশ্বৰ নাওবৈছা ফুকনৰ ‘অসম বুৰঞ্জী’খনতো দেওধাই ভাষাত লিখা থকাৰ দৰে অসমৰ ৰজা-মন্ত্ৰীসকলৰ বংশধৰ পৌৰাণিক কাহিনীবোৰত উল্লেখ থকা চন্দ্ৰ, সূৰ্য, ইন্দ্ৰ, বৃহস্পতি, শুক্ৰ হিচাপে ৰখা হৈছে ।  সূৰ্য্যকুমাৰ ভূঞাই লিখা ‘কামৰূপৰ বুৰঞ্জী’ৰ প্ৰথম অধ্যায়টোত কামৰূপৰ ৰজাসকলৰ পূৰ্বপুৰুষক পৌৰাণিক কাহিনীৰ সৈতে জড়িত কৰা হৈছে । এয়া কেইটামান উদাহৰণ মাত্ৰ । নতুন দৃষ্টিৰে অসমৰ ইতিহাস অধ্যয়ন কৰাৰ সময়ত এই কথা মনত ৰাখিব লাগিব যে পৌৰাণিক কাহিনী আৰু ৰূপকথাবোৰ ইতিহাসৰ সমল হ’ব নোৱাৰে ।  

        ঐতিহাসিক এজনে যি সময়ৰ ইতিহাস প্ৰণয়ন কৰে, তেওঁ সেই সময়ৰ বাতৰি কাকত বা আন সংবাদ মাধ্যমত প্ৰকাশিত তথ্যবোৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে । সেই সংবাদ মাধ্যসমূহে সেই সময়ৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । স্বাভাৱিকতে, তেনে ইতিহাস নিৰপেক্ষ আৰু বস্তুগত নহয় ।  অসমৰ ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । উদাহৰণস্বৰূপে, Political History of Assam, Vol. 3’ত জনজাতীয় সংগঠনসমূহৰ বিষয়ে ইতিহাস প্ৰণয়ন কৰাৰ ক্ষেত্ৰত যিবোৰ উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে সেইবোৰ সেই সময়ৰ (যোৱা শতিকাৰ তিনি, চাৰি দশকৰ) বাতৰি কাকতত প্ৰকাশিত । সেই সময়ৰ বাতৰি কাকতবোৰ প্ৰাদেশিক কংগ্ৰেছ দলৰ পক্ষপাতিত্বৰ পৰা মু্ক্ত নাছিল । ট্ৰাইবেল লীগৰ নিজা দৃষ্টিভংগী থকা প্ৰচাৰ পত্ৰিকা, পুস্তিকা, অধিৱেশনৰ প্ৰস্তাৱ তথা কাৰ্যবিৱৰণী, ‘নায়ক’ আলোচনী আদি মূল উৎসৰ পৰা তথ্য সংগ্ৰহ নকৰাকৈ ‘ব্যাপক ইতিহাস’ প্ৰণয়ন কৰা হৈছে (ইন্দিবৰ দেউৰীৰ গ্ৰন্থ ‘জনগোষ্ঠীয় সমস্যা: অতীত বৰ্তমান ভৱিষ্যৎ’, ২০১৫, পৃষ্ঠা: ৪০, ৪১) । গতিকে, ঐতিহাসিক এজনে তেওঁ যি সময়ৰ ইতিহাস প্ৰণয়ন কৰিছে সেই সময়ৰ আটাইবোৰ উৎসৰ ভিত্তিত প্ৰণয়ন কৰিছে নে নাই, সেয়া নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ সময়ত মন কৰিব লাগিব ।   

বহু ঐতিহাসকে পূৰ্ব সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ইতিহাসৰ তথ্যসমূহক ব্যৱহাৰ কৰে ।  ঐতিহাসিকজনে ইতিহাস প্ৰণয়নৰ সময়ত তেওঁ নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম, গোষ্ঠী, অঞ্চলৰ সৈতে জড়িত তথ্যসমূহক তেওঁৰ পূৰ্ব সিদ্ধান্তৰ ভিত্তিত অগ্ৰাধিকাৰ দিয়ে । আন কথাত, ঐতিহাসিকজনে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম, গোষ্ঠীৰ, অঞ্চল আদিয়ে ইতিহাস প্ৰণয়নত প্ৰভাৱ পেলায় ।  এই প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত ঐতিহাসিকসকলে দুটা উদ্দেশ্য আগত ৰাখি ইতিহাস চৰ্চা কৰে -(১) নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম বা জনগোষ্ঠীটোক মহিমামণ্ডিত কৰা, (২) নিজে অন্তৰ্ভূক্ত হোৱা সম্প্ৰদায়, ধৰ্ম বা গোষ্ঠীৰ অনগ্ৰসৰতাৰ বাবে আন সম্প্ৰদায় বা জনগোষ্ঠীক দোষাৰোপ কৰা ।  গতিকে, নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ সময়ত মন কৰিব লাগিব যে যিগৰাকী ঐতিহাসিকে প্ৰণয়ন কৰা ইতিহাস অধ্যয়ন কৰিবলৈ লোৱা হৈছে, তেওঁ পূৰ্ব সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ইতিহাস প্ৰণয়ন কৰিছে নেকি  ।

    ‘ইতিহাস কি’ সেই সম্পৰ্কে ই এইছ কাৰ (E H Carr) নামৰ চিন্তাবিদজনে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে ব্যক্তি হিচাপে ঐতিহাসিকজনো ইতিহাস আৰু সমাজৰ এটা অংশ ।  গতিকে, ইতিহাস অধ্যয়ন কৰাৰ আগতে ঐতিহাসিকজনৰ ইতিহাস আৰু সামাজিক পৰিৱেশ অধ্যয়ন কৰিব ল’ব লাগে ।  চিন্তাবিদ কাৰৰ মন্তব্যৰ আঁত ধৰি ক’ব পাৰি যে নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰাৰ আগতে কোনে, কি প্ৰসংগত নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে তেওঁলোকৰ ইতিহাস আৰু সামাজিক পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰি ল’ব লাগিব ।  অন্যথা, নতুন দৃষ্টিৰে ইতিহাস অধ্যয়ন কৰা ব্যক্তিজন বৌদ্ধিক দিশত বিপথে পৰিচালিত হ’ব ।    

[প্ৰকাশিত, 'আমাৰ অসম', ২৯ জানুৱাৰী ২০২৩]

Wednesday, 21 December 2022

অসমৰ জনজাতি সমস্যা সম্পৰ্কত ড° শিৱনাথ বৰ্মনৰ ধাৰণা ( Perspective of Dr. Sivnath Barman on Problems of Tribals of Assam)

      অসমৰ জনজাতি সমস্যা সম্পৰ্কত ৰাজ্যখনৰ বহুকেইগৰাকী বুদ্ধিজীৱীয়ে সন্ঢালনিকৈ অধ্যয়ন চলাই আহিছে ।  শাসকপক্ষক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ অভিপ্ৰায় থকা একাংশ বুদ্ধিজীৱীয়ে অসমৰ জনজাতি সমস্যাৰ বাবে জনজাতিসকলকে দোষী সজাই আহিছে । এই শ্ৰেণীৰ বু্দ্ধিজীৱীয়ে প্ৰতিষ্ঠা কৰিব বিচাৰে যে ভাৰতৰ স্বাধীনতাৰ আগৰে পৰাই সুকীয়া পৰিচয়ৰ উদ্দেশ্যে সংগ্ৰাম চলাই জনজাতিসকলে অসমত অশান্তিৰ সৃষ্টি কৰি আহিছে । ড° শিৱনাথ বৰ্মন এই শ্ৰেণীৰ বু্দ্ধিজীৱীৰ শাৰীত নপৰে ।  ড° শিৱনাথ বৰ্মনে অত্যন্ত বস্তুগতভাবে জনজাতি সমস্যা সম্পৰ্কে অধ্যয়ন কৰি আহিছে ।   ড° বৰ্মনে বিশেষকৈ অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ কাৰণসমূহ তথ্যসহ প্ৰাণালীবদ্ধভাবে অধ্যয়ন কৰিছে ।
       বৰ্ণহিন্দুসকলে অসমৰ জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষা দি সংস্কৃতায়ন কৰিবলৈ চেষ্টা চলাই আহিছে । ধাৰণা কৰা হৈছিল যে সংস্কৃতায়নে অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত সমন্বয় সৃষ্টি কৰিব । কিন্তু, একাংশ বৰ্ণহিন্দুৰ জ্যাত্যভিমানৰ বাবে জনজাতিসকলক সম্পূৰ্ণৰূপে সংস্কৃতায়ন কৰিব পৰা নগ’ল । আচলতে বৰ্ণহিন্দুসকলে জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষান্তৰ সময়ত উচ্চজাতৰ বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃততে এই ঘোষণা মৌখিক আছিল । ব্যৱহাৰিক ক্ষেত্ৰত বৰ্ণহিন্দুসকলে জনজাতিসকলক সন্মানৰ চকুৰে চোৱা নাছিল ।  ‘খোৱা-বোৱা’ আৰু ‘বিবাহ’ৰ ক্ষেত্ৰত জনজাতিসকলক কেতিয়াও একে বুলি গ্ৰহণ কৰা নাছিল । এনেধৰণৰ সামাজিক অসমতাৰ প্ৰতি বিৰক্ত হোৱাৰ ফলতে যে জনজাতিসকলে আত্মপ্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে সেয়া ড° বৰ্মনে তথ্যসহ উদঙাই দিছে ।    

           দীৰ্ঘকালৰ বাবে ভাৰতত শাসন চলাই নিয়াৰ উদ্দেশ্যে ব্ৰিটিছে বিভিন্ন ধৰণৰ বিভেদ নীতিৰে দেশখনৰ জনসাধাৰণৰ মাজত বিদ্বেষৰ বীজ সিঁচিবলৈ চেষ্টা চলাইছিল । অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত  ব্ৰিটিছে বিভেদ নীতি প্ৰৱৰ্তন কৰি কেনেদৰে তেওঁলোকৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়াত বাধা হিচাপে থিয় দিছিল সেয়া ড° বৰ্মনে সুন্দৰভাবে দেখুৱাই দিছে । ড° বৰ্মনে তথ্যসহকাৰে প্ৰমাণ কৰিছে যে ৰাজনৈতিক বা আন সুবিধা প্ৰদানৰ ক্ষেত্ৰত ব্ৰিটিছে সদায় পৃথক নীতি প্ৰৱৰ্তন কৰিছিল । ড° বৰ্মনে এই কথা ক’বলৈ অলপো কুণ্ঠাবোধ কৰা নাই যে ব্ৰিটিছ চৰকাৰৰ সমান্তৰালকৈ  খ্ৰিষ্টান মিছনেৰীসকলেও অসমৰ জনজাতিসকলক মুলসূঁতিৰ অসমীয়াৰ পৰা নিলগাই ৰাখিবলৈ চেষ্টা চলাইছিল আৰু তেওঁলোকে বহু পৰিমাণে সফলো হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত জনজাতিসকলৰ অংশগ্ৰহণৰ অনীহা হ’ল ইয়াৰ এটা প্ৰমাণ । ড° বৰ্মনে কৈছে যে ভাৰতৰ স্বাধীনতাৰ পিছত চলাই থকা অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত খ্ৰিষ্টান মিছনেৰীসকল একেবাৰে নিস্পৃহ দৰ্শক নহয় । এই সন্দৰ্ভত ড° বৰ্মনে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে ‘কুপলেণ্ড প্লেন’, ‘প্ৰজেক্ট ব্ৰহ্মপুত্ৰ’ আদি আঁচনিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰাখিবলৈ চেষ্টা চলোৱাৰ ক্ষেত্ৰত বিদেশী মিছনেৰীসকলৰ ভূমিকা থাকিলেও উপযুক্ত তথ্যপাতিৰ  অভাৱত সঠিক মন্তব্য দিয়া টান     

       ড° বৰ্মনে চিনাক্ত কৰিছে যে তথাকথিত ‘অসমীয়া’ৰ জনজাতিসকলৰ ওপৰত চলোৱা অভিভাৱকত্বৰ ফলতো জনজাতিসকলে সুকীয়া পৰিচয়ৰ বাবে সংগ্ৰাম কৰি আহিছে । অসম ভিত্তিক বিভিন্ন জাতীয় সংগঠনবোৰত জনজাতীয়  লোকসকলক সমান অংশীদাৰ হিচাপে গ্ৰহণ কৰা হোৱা নাছিল । বিশেষকৈ, প্ৰথম অৱস্থাত জনজাতীয় লোকসকলৰ মাজত ৰাজনৈতিক সচেতনতা আৰু আত্মপ্ৰতিষ্ঠাৰ চেতনা দুৰ্বল হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জনজাতিসকলৰ ওপৰত উগ্ৰ জাতীয়তাবাদী ‘অসমীয়া’ই অভিভাৱকত্ব চলাইছিল বুলি ড° বৰ্মনে দাবী কৰিছে ।  জনজাতিসকলে ‘অসমীয়া’ৰ সৈতে মিলি গ’লেই জনজাতিসকলৰ সমস্যসমূহ সমাধান হৈ যাব বুলি  উগ্ৰ অসমীয়া জাতীয়তাবাদীসকলে ধাৰণা কৰিছিল । ড° বৰ্মনৰ মতে, উগ্ৰ জাতীয়তাবাদীসকলৰ এই ধাৰণা শুদ্ধ নহয় । তেওঁ কৈছে যে আপোন খেলত মগ্ন শিশুক যেনেকৈ বলেৰে কাষ চপাই আনিব নোৱাৰি, ঠিক তেনেকৈ আত্মীয়তাৰ সম্পৰ্ক স্থাপন নকৰাকৈ জোৰ-জবৰদস্তিৰে, বৰকাইৰ মনোভাবেৰে, ভিন্ন সাংস্কৃতিক পৰিমণ্ডলেৰে আবৃত এটা গোষ্ঠীকো, তেনেলৈ সি যিমানেই অনুন্নত নহওক কিয়, বৃহত্তৰ সমাজত সুমুৱাই লোৱা অসম্ভৱ, বৰং তেনে কৰিবলৈ গ’লে বিপদহে আছে ।

         ড° বৰ্মনে তথ্যসহ প্ৰমাণ কৰিছে যে ৰাজ্যখনৰ জনজাতিসকলে অতীতৰ পৰাই অৰ্থনৈতিক বঞ্চনাৰ সম্মুখিন হৈ আহিছে ।  বিশেষকৈ অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত নহয় । ৰাজ্যখনৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছৰ দিনৰ পৰাই আইন প্ৰণয়ন কৰি কাৰ্যকৰী কৰি থকা হৈছে । কিন্তু, তাৰ পিছতো তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত হোৱা নাই । চৰকাৰে বিভিন্ন সময়ত প্ৰৱৰ্তন কৰি অহা অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ ফলত তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জটিলতাহে বৃদ্ধি হ’বলৈ ধৰিছে । ফলস্বৰূপে, তেওঁলোকে ক্ৰমান্বয়ে ভূমি হেৰুৱাবলৈ ধৰিছে ।  জনজাতীয় খণ্ড আৰু মণ্ডলৰ হাজাৰ হাজৰ ভূমি এতিয়াও অজনজাতীয় লোকৰ হাতত থকাৰ প্ৰমাণ ড° বৰ্মনে দাঙি ধৰিছে ।

           জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাত জনজাতিসকলৰ মধ্যশ্ৰেণীৰ উত্থান আন এক উল্লেখযোগ্য কাৰণ হিচাপে ড° বৰ্মনে চিনাক্ত কৰিছে । ড° বৰ্মনে কৈছে যে ওপৰত আলোচনা কৰা উপাদানবোৰক সংগঠিত কৰি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম চলাই নিয়াত জনজাতিসকলৰ মধ্যশ্ৰেণীয়ে গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰি আহিছে ।

        শংকৰদেৱক বস্তুগতভাবে চাবলৈ চেষ্টা কৰা  ড° শিৱনাথ বৰ্মনৰ মৃত্যুত অসমে জনজাতীয় সমস্যাসমূহক প্ৰণালীবদ্ধ আৰু তথ্যগতভাবে বিশ্লেষণ আগবঢ়োৱা এগৰাকী বিশিষ্ট পণ্ডিতক হেৰুৱালে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২১ ডিচেম্বৰ ২০২২]

Saturday, 3 December 2022

পৰিচয়, সংঘাত আৰু সমন্বয় (Identity, Conflict and Synergy)

    ব্যতিক্ৰমৰ বাহিৰে পৰিয়াল এটাৰ প্ৰতিজন সদস্যই নিজৰ এটা সুকীয়া পৰিচয় বিচাৰে । ৰাজ্য এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয় পৰিচয়েৰে আগবাঢ়ি যাবলৈ চেষ্টা চলাই থাকে । সেইদৰে, দেশ এখনৰ প্ৰতিটো ধৰ্মৰ লোকে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা ধৰ্মটোৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখে । এক কথাত, তুলনামূলকভাবে বৃহৎ গোট এটাত অন্তৰ্ভূক্ত হৈ থকা প্ৰতিটো গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ।  প্ৰশ্ন হ’ল- কি কাৰণে ব্যক্তি, জনগোষ্ঠী বা ধৰ্মীয় গোটে নিজৰ সুকীয়া পৰিচয় বিচাৰে ?  ১৯৯৮ চনত ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ তথা প্ৰখ্যাত চিন্তাবিদ অমৰ্ত্য সেনে এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে পৰিচয়বোধ মানুহৰ কেৱল গৌৰৱ আৰু আনন্দৰ উৎসই নহয়, ই শক্তি আৰু আত্মবিশ্বাসৰো উৎস হ’ব পাৰে  (“A sense of identity can be a source not merely of pride and joy, but also of strength and confidence) । 

সংখ্যাৰ ভিত্তিত এজন মানুহৰ পৰিচয় দুইধৰণৰ হ’ব পাৰে-একমাত্ৰ  পৰিচয় (Single identify) আৰু একাধিক পৰিচয় (Multiple identity) । মানুহ এজনৰ এটাতকৈ বেছি পৰিচয় থাকিলে তেওঁক একাধিক পৰিচয়সম্পন্ন ব্যক্তি বুলি কোৱা হয় ।  অৱশ্যে, এই কথা সত্য যে কোনো মানুহৰে মাত্ৰ এটা পৰিচয় নাথাকে ।  প্ৰতিজন মানুহৰে একেসময়তে বহুকেইটা পৰিচয় থাকে । কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে মানুহে নিজৰ একাধিক পৰিচয়ৰ কথা পাহৰি যায় আৰু মাত্ৰ এটা পৰিচয়ক অগ্ৰাধিকাৰ দিয়ে । 

একমাত্ৰ পৰিচয়ে সমাজত সংঘাতৰ সৃষ্টি কৰে । অমৰ্ত্য সেনৰ মতে, একমাত্ৰ পৰিচয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা মানসিকতাই দুই ধৰণৰ অৰ্থ বুজায় ।  প্ৰথম, আনৰ পৰিচয়ক কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰা  (Identity disregard) । দ্বিতীয়, এটা সংগঠনৰ অন্তৰ্ভূক্ত হৈ (Singular affiliation) আন সংগঠনবোৰৰ প্ৰতি হীন মনোভাৱ পোষণ কৰা ।  উদাহৰণস্বৰূপে, কোনো এজন ব্যক্তি নিজৰ সকলো পৰিচয় বাদ দি কেৱল নিজে অন্তৰ্ভূক্ত হোৱা (জন্মসূত্ৰে বা সামাজিকভাবে) জনগোষ্ঠী বা ধৰ্মটোক অগ্ৰাধিকাৰ দি থাকিলে, সংশ্লিষ্ট মানুহজনে আন জনগোষ্ঠী বা ধৰ্মৰ মানুহক লাহে লাহে কম শ্ৰদ্ধা বা অশ্ৰদ্ধা কৰিবলৈ ধৰে । একেসময়তে তেওঁ কেৱল নিজে অন্তৰ্ভূক্ত হোৱা জনগোষ্ঠী বা ধৰ্মৰ সৈতে সম্পৰ্ক থকা সদৃশ সংগঠনবোৰৰ সৈতে জড়িত হৈ  আন জনগোষ্ঠী বা ধৰ্ম আৰু সংগঠনৰ প্ৰতি কম সহনশীল বা অসহনশীল হৈ পৰে । ব্যাখ্যাৰ প্ৰয়োজন নাই যে এনেধৰণৰ পৰিস্থিতিয়ে জনগোষ্ঠী বা ধৰ্মৰ ভিত্তিত সংঘাত সৃষ্টি কৰে । যাৰ ফলত কেতিয়াবা ভয়ানক গোষ্ঠী সংঘৰ্ষৰো সৃষ্টি হয় ।  উদাহৰণ বিচাৰি ইমানদূৰ যাবই নালাগে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰে পৰাই অসমত ভাষা আৰু জনগোষ্ঠীভিত্তিক পৰিচয়ৰ সংঘাত সৃষ্টি হৈ আহিছে । ভাষাৰ ক্ষেত্ৰত বাংলাভাষী আৰু অসমীয়াভাষীৰ মাজত চলি থকা সংঘাত উল্লেখ কৰিব পাৰি । জনগোষ্ঠীৰ ভিত্তিত দেখা গৈছে যে একমাত্ৰ ভৌগোলিক পৰিচয়ক আগ্ৰাধিকাৰ দি পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাত সৃষ্টি হৈছে ।  জনগোষ্ঠীৰ ভিত্তিত একমাত্ৰ পৰিচয় তীব্ৰ হৈ মাজে সময়ে একে ভৌগোলিক অঞ্চলতে জনগোষ্ঠীবোৰৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ।  আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনত ৰাজ্যখনৰ মানুহৰ মাজত ধৰ্মৰ ভিত্তিত একমাত্ৰ পৰিচয়ৰ প্ৰসংগ তল পৰি আছিল । কিন্তু, যোৱা দুটা দশক ধৰি একাংশ ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক সংগঠনৰ প্ৰৰোচনাত পৰি ধৰ্মৰ ভিত্তিত গঢ়ি উঠা একমাত্ৰ পৰিচয়ে ৰাজ্যখনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ ধৰিছে । ফলস্বৰূপে, ধৰ্মভিত্তিক একমাত্ৰ পৰিচয়ে ৰাজ্যখনত সংঘাত সৃষ্টিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ ধৰিছে ।

আনৰ পৰিচয়ক সমালোচনা কৰা বা অশ্ৰদ্ধা কৰাৰ ক্ষেত্ৰত একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়া মানুহে যিমান ‘স্বাধীনতা’ লাভ কৰে, একাধিক পৰিচয়সম্পন্ন মানুহে সিমান ‘স্বাধীনতা’ লাভ নকৰে । উদাহৰণস্বৰূপে, বিহাৰ আৰু অসম-দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা ব্যক্তি এজনে দুয়োখন ৰাজ্যৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ যিমান অসুবিধা অনুভৱ কৰিব, কেৱল বিহাৰৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে অসমৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব । সেইদৰে, কেৱল অসমৰ সংস্কৃতিৰ সৈতে পৰিচয় থকা ব্যক্তি এজনে বিহাৰৰ সংস্কৃতিক সমালোচনা বা অশ্ৰদ্ধা কৰিবলৈ সিমান অসুবিধা অনুভৱ নকৰিব, যিমান অসুবিধা দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ সৈতে নিজৰ পৰিচয় গঢ়িবলৈ সুবিধা লাভ কৰা ব্যক্তিজনে অনুভৱ কৰিব । অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰ ওপৰত দখল থকা ব্যক্তি এজনে (অসমীয়াই হওক বা বাঙালীয়েই হওক) ভাষা দুটাৰ ভিতৰত কোনো এটা ভাষাক অশ্ৰদ্ধা বা  অসন্মান কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে অসুবিধা অনুভৱ কৰিব । কিন্তু, কেৱল অসমীয়া ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তি এজনে বাঙালী ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে । কেৱল বাংলা ভাষাক অগ্ৰাধিকাৰ দি ভাষাভিত্তিক পৰিচয় দিবলৈ বিচৰা ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত মানসিকতা প্ৰযোজ্য হ’ব পাৰে, যিজনে অসমীয়া ভাষাৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰকাশ কৰিবলৈ অসুবিধা অনুভৱ নকৰিব পাৰে    

এনেকুৱা নহয় যে মানুহ এজনে তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিবলৈ ইচ্ছা বা চেষ্টা নকৰে ।  তেওঁৰ আটাইবোৰ পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰকে অন্তৰায় হিচাপে দেখা দিয়ে । প্ৰথম, একমাত্ৰ পৰিচয়ক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজত প্ৰভুত্ব বিস্তাৰ কৰি থকা লোকসকলে আনকো তেওঁলোকৰ ফলীয়া কৰিবলৈ চেষ্টা চলাই থাকে । কোনজন মানুহৰ কোন দিশত দুৰ্বলতা আছে, সেইবোৰ চিনাক্ত কৰি তেওঁলোকে সেই মানুহবোৰক সহায়ৰ হাত আগবঢ়ায় আৰু তাৰ বিনিময়ত দীৰ্ঘকালৰ বাবে তেওঁলোকক একমাত্ৰ পৰিচয়ৰ বান্ধোনত বান্ধ খাই থাকিবলৈ বাধ্য কৰে । উদাহৰণস্বৰূপে, যিসকল লোকে জনগোষ্ঠী এটাৰ পৰিয়চকে ৰাজনৈতিক বিচাৰ্য বিষয় (Issue) হিচাপে লৈ নিজক প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে সংশ্লিষ্ট জনগোষ্ঠীটোৰ মাজত তেওঁলোকৰ প্ৰভুত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীটোৰ আন লোকসকলকো জনগোষ্ঠীভিত্তিক একমাত্ৰ পৰিচয়ৰ ওপৰত আগ্ৰাধিকাৰ দিবলৈ উৎসাহ যোগাই থাকে । ধৰ্মৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য । দ্বিতীয়, বিশ্বজনীন কিছুমান কাৰকে অঞ্চলভিত্তিক বা ধৰ্মভিত্তিক একমাত্ৰ পৰিচয় শক্তিশালী কৰাত অন্তৰায় হিচাপে দেখা দিয়ে । সেই কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰি সংশ্লিষ্ট অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি বা ধৰ্মগুৰুসকলে তেওঁলোকে অন্তৰ্ভূক্ত হোৱা অঞ্চল বা ধৰ্মটোৰ একমাত্ৰ পৰিচয়হে তেওঁলোকক ‘উদ্ধাৰ’ কৰিব পাৰিব বুলি  ধাৰণা কৰে ।  এনে ধাৰণাই বিশ্বজনীন কাৰকবোৰৰ সৈতে মোকাবিলা কৰিব পাৰক বা নোৱাৰক, ধাৰণাটোৱে যে একাধিক পৰিচয় গঢ়াত অন্তৰায় হিচাপে দেখা দিয়ে তাত কোনো সন্দেহ নাই । উদাহৰণস্বৰূপে, মুক্ত অৰ্থনৈতিক ব্যৱস্থাই ব্যক্তি স্বাধীনতা আৰু  একাধিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়ে । ব্যক্তি স্বাধীনতাই ধৰ্মভিত্তিক বা ভাষাভিত্তিক একমাত্ৰ পৰিচয়ৰ ধাৰণাক ক্ৰমে দুৰ্বল কৰিবলৈ ধৰিছে ।  ভাষা বা ধৰ্মক একমাত্ৰ পৰিচয় হিচাপে গঢ়ি তোলা নেতৃস্থানীয় লোকসকলে মুক্ত অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰি ভাষা বা ধৰ্মৰ ওপৰত অধিক আগ্ৰাধিকাৰ দিয়ে । তেওঁলোকে ধাৰণা কৰে যে নিজৰ ভাষা বা ধৰ্মটোক অগ্ৰাধিকাৰ দিলেহে মু্ক্ত  অৰ্থনীতিৰ ‘হাতোৰা’ৰ পৰা মুক্ত হ’ব পৰা যাব ।  তৃতীয়তে, ৰাজনৈতিক দলবোৰে একমাত্ৰ পৰিচয়ক ক্ষমতা দখলৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ  ধৰাৰ ফলতো একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াত অন্তৰায় হিচাপে দেখা দিয়ে । অৰ্থনৈতিক আৰু আন সা-সুবিধা লাভৰ আশাত বহু লোকে একমাত্ৰ পৰিচয়ক গুৰুত্ব প্ৰদান কৰা ৰাজনৈতিক দল আৰু সংগঠনবোৰত অন্তৰ্ভূক্ত হ’লে তেওঁলোকৰ একাধিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়াৰ বাট বন্ধ হৈ যায় । 

সামগ্ৰিক উন্নয়নৰ বাবে সমাজত সৃষ্টি হোৱা সংঘাতবোৰ হ্ৰাস কৰিব লাগিব । যিহেতু একমাত্ৰ পৰিচয়ে সংঘাত সৃষ্টিত অৰিহণা যোগায়, সেয়েহে প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়িবলৈ চেষ্টা কৰা উচিত । মানুহৰ জৈৱিক বয়স বঢ়াৰ লগে লগে একাধিক পৰিচয় গঢ়াৰ সুযোগ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে (ব্যতিক্ৰমৰ বাহিৰে) । গতিকে, সৰুৰে পৰাই প্ৰতিজন ব্যক্তিয়ে একাধিক পৰিচয় গঢ়াত গুৰুত্ব প্ৰদান কৰিলে সমাজত ঘটি থকা সংঘাতবিলাক হ্ৰাস কৰিব পৰা যাব ।  আন কথাত, সমাজত সমন্বয়ৰ পৰিৱেশ সম্প্ৰসাৰিত হ’ব ।

 

প্ৰাসংগিক গ্ৰন্থ

Ahmad, Aijaz (2004): On Communalism and Globalization: Offensives of the Far Right, 2nd edition, (Three Essays).

Sen, Amartya (2006): Identity & Violence: The Illusion of Destiny, (Penguin Books).

Sen, Amartya (2006): The Argumentative Indian: Writings of Indian Culture, History and Identity, (Penguin Books). 


[ গোলাঘাট গ্ৰন্থমেলা, ১৮-২৭ অক্টোবৰ ২০২২ ৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত ] 

Tuesday, 19 July 2022

‘অসমীয়া নৱাগত আদৰণি সভা’ ৰ পৰিৱৰ্তে ‘অসম নৱাগত আদৰণি সভা’ ('Assam Freshers'' instead of 'Assamese Freshers'')

          হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অসমৰ শিক্ষাৰ্থীসকলে প্ৰতিবছৰে অসমৰপৰা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ যোৱা নতুন শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে ‘অসমীয়া নৱাগত আদৰণি সভা’  অনুষ্ঠিত কৰি আহিছে । অসমত জনগোষ্ঠীভিত্তিক পৰিচয় বিষয়টোৱে প্ৰয়োজনাধিক অগ্ৰাধিকাৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা অসমৰ এটা বিশেষ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলে ২০১০ চনত উল্লিখিত অনুষ্ঠানটোত অংশগ্ৰহণ নকৰি নিজ জনগোষ্ঠীটোৰ নাম ব্যৱহাৰ কৰি নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছিল । এই বিষয়টোৱে আমাক আমনি কৰি থকাত Friends of Assam and Seven Sisters (FASS) মজিয়াত আলোচনাৰ বাবে উত্থাপন কৰিছিলোঁ । সংস্থাটোৰ বহু গণ্যমান্য ব্যক্তিয়ে পৰিচয় সংকট আৰু পৃথকতাবাদী মনোভাৱ সম্পৰ্কীয় বিষয়টোৰ ওপৰত বহুলভাবে আলোচনা কৰিছিল । তেওঁলোকৰ ভিতৰত সংস্থাটোৰ এগৰাকী অগ্ৰণী প্ৰতিষ্ঠাপক ৰাজেন বৰুৱাও আছিল । অসমৰপৰা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ যোৱা শিক্ষাৰ্থীসকলৰ মাজত যাতে জনগোষ্ঠীৰ ভিত্তিত পৃথকতাবাদী মানসিকতা বৃদ্ধি নাপায় তাৰ বাবে তেওঁ আগলৈ ‘অসমীয়া নৱাগত আদৰণি সভা’ৰ পৰিৱৰ্তে ‘অসম নৱাগত আদৰণি সভা’ (সেইদৰে, ‘উত্তৰ-পূৱ নৱাগত আৰৰণি সভা’) অনুষ্ঠিত কৰিবলৈ আমাক পৰামৰ্শ আগবঢ়াইছিল।  আচলতে, অসমৰ মানুহবিলাক যাতে একতাৰ এনাজৰীৰে বান্ধ খাই থাকে তাৰ প্ৰতি ড° ৰাজেন বৰুৱা সদায় সচেতন হৈ আছিল ।         

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ জুলাই ২০২২]

Sunday, 17 July 2022

স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি (CBCS in Undergraduate Level)

           পছন্দভিত্তিক শিক্ষা পদ্ধতিত (Choice Based Credit System, চমুকৈ CBCS) শিক্ষাৰ্থীসকলে বিষয় আৰু পেপাৰ বাছনি কৰি অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰে ।  এই পদ্ধতিত শিক্ষাৰ্থীয়ে মুখ্য বিষয়, যিকোনো শাখাৰ ঐচ্ছিক বিষয় আৰু দক্ষতাভিত্তিক বিষয় পছন্দ কৰি অধ্যয়ন কৰিবলৈ সুবিধা পায় । পৰম্পৰাগত শিক্ষা পদ্ধতিত থকা নম্বৰভিত্তিক ব্যৱস্থা উঠাই দি এই পদ্ধতিত প্ৰতিটো ষান্মাসিকৰ প্ৰতিখন পেপাৰতে গ্ৰেড দিয়াৰ ব্যৱস্থা আছে ।  এই পদ্ধতি উদ্ভাৱন কৰা শিক্ষাবিদসকলে দাবী কৰে যে পদ্ধতিটোৱে পৰম্পৰাগত শিক্ষা পদ্ধতিৰ তুলনাত কেইটামান বিশেষ সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-শিক্ষাৰ্থীয়ে তেওঁলোকৰ আগ্ৰহ অনুসৰি বিষয় আৰু শিক্ষক (সংশ্লিষ্ট শিক্ষকে প্ৰস্তুত কৰা পেপাৰ বাছনিৰ যোগেদি) বাছনি কৰি পঢ়িব পৰে, বহুবিষয়ক শিক্ষা লাভ কৰিব পাৰে, বাধ্যতামূলক পেপাৰকেইখনৰ উপৰি ইচ্ছা কৰিলে অতিৰিক্ত পেপাৰ লৈ অতিৰিক্ত কৃতিত্ব আৰ্জন কৰিব পাৰে । কেৱল শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰাহে যে এই পদ্ধতিটো সুবিধাজনক তেনে নহয় । শিক্ষকৰ বাবেও এই পদ্ধতিয়ে কিছুমান সুবিধা প্ৰদান কৰে । উদাহৰণস্বৰূপে-পদ্ধতিটোত শিক্ষকে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নমনীয়তা (flexibility) আৰু শিক্ষা-শিকন প্ৰক্ৰিয়া উন্নত কৰাৰ সুবিধা লাভ কৰে । তদুপৰি, পদ্ধতিটোৱে মূল্যায়নৰ বোজা হ্ৰাস কৰে ।

            অসমৰ উচ্চ শিক্ষাৰ সৈতে জড়িত অংশীদাৰ (Stakeholders) আৰু সংগঠনবোৰৰ (যেনে-সদৌ অসম ছাত্ৰ সন্থা, অসম কলেজ শিক্ষক সংস্থা) মাজত কেইবালানি আলোচনা হোৱাৰ পিছত ৰাজ্যখনৰ আটাইকেইখন বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত পছন্দভিত্তিক শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছে ।  যোৱা তিনি বছৰৰ অভিজ্ঞতাৰ ভিত্তিত পদ্ধতিটোৰ সম্পৰ্কত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো- (১) প্ৰয়োনজীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে মহাবিদ্যালয়সমূহে শিক্ষাৰ্থীক তেওঁলোকৰ পছন্দ অনুসৰি বিষয় আগবঢ়াই দিব পৰা নাই, (২)  মাত্ৰ এটা শাখা থকাৰ বাবে বহু মহাবিদ্যালয়ে শিক্ষাৰ্থীক পছন্দৰ বিষয় আগবঢ়োৱাত ব্যৰ্থ হৈছে, (৩) শিক্ষক আৰু আন্ত:গাঁঠনিৰ অভাৱৰ বাবে বহু মহাবিদ্যালয়ে অনা-সন্মান পাঠ্যক্ৰম (Non-Honours Course) পছন্দ কৰাৰ সুবিধা দিয়া নাই,  বাধ্যতামূলকভাবে সন্মান (Honours) পাঠ্যক্ৰম পঢ়িবলৈ দিয়া হয়, (৪) দক্ষতাভিত্তিক বিষয়সমূহ বাধ্যতামূলক কৰা হৈছে যদিও মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ (উচ্চ শিক্ষা সঞ্চালকালয়) আৰু বিদ্যায়তনিক অনু্ষ্ঠানৰ (বিশ্ববিদ্যালয়) মাজত উপযুক্ত সমন্বয়ৰ অভাৱৰ বাবে শিক্ষাৰ্থীয়ে আশা কৰা ধৰণে সেই বিষয়সমূহৰ পৰা লাভাম্বিত হ’ব পৰা নাই, (৫) বহু শিক্ষক আৰু শিক্ষাৰ্থী এই পদ্ধতিটোৰ সম্পৰ্কত বৰ্তমানো ভালদৰে পৰিচিত হোৱা নাই । 

            ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিকোণেৰে পছন্দভিত্তিক শিক্ষা পদ্ধতিটো  নি:সন্দেহে অতি প্ৰয়োজনীয় পদ্ধতি । স্নাতক পৰ্যায়ত এই পদ্ধতিটোৰ সফল ৰূপায়নৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিৰ ব্যৱস্থা কৰিব লাগিব, মহাবিদ্যালয়সমূহত কলা শাখাৰ উপৰি বাণিজ্য আৰু বিজ্ঞান শাখাৰ ব্যৱস্থা কৰিব লাগিব । এইখিনি ব্যৱস্থা কৰিব নোৱাৰিলে বাস্তৱত ‘পছন্দৰ সুবিধা নথকা পছন্দভিত্তিক শিক্ষা পদ্ধতি’হে  প্ৰচলন হৈ থাকিব যিটো যোৱা কেইবছৰমান ধৰি চলি আছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৩ জুলাই ২০২২]