২৩ আগষ্টত ডা: অজিত বৰুৱাৰ ‘বাঘ হাজৰিকাৰ সন্ধানত’ লেখাটোৰ আঁত ধৰি কিছু মতামত আগবঢ়াব বিচাৰিছোঁ । মোগলৰ বিৰূদ্ধে কৰা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সৈতে ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাৰ সহযোগ থকা বা নথকা সম্পৰ্কে বিতৰ্কৰ অন্ত পৰা নাই । ডা: বৰুৱাই লেখাটোত অসমৰ দুগৰাকী খ্যাতনামা লেখকৰ গ্ৰন্থত শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ থকাৰ কথা উল্লেখ কৰিছে । আমি ভবা নাই যে শেহতীয়াকৈ যিগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ নাছিল বুলি কৈছে, তেখেতে উল্লিখিত গ্ৰন্থ দুখন অধ্যয়ন কৰা নাই । অসমৰ খ্যাতনামা ঐতিহাসিকে লিখা গ্ৰন্থত শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগৰ কথা উল্লেখ থকাৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি একাংশ লেখকে বাঘ হাজৰিকাক নাকচ কৰি আহিছে । ইয়াৰ অৰ্থ কি ?
প্ৰথম, শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ থকাৰ কথা উল্লেখ
থকা গ্ৰন্থবোৰ ভুল তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে । অথবা, যিহেতু ইতিহাস চৰ্চাত ঐতিহাসিকজনৰ চিন্তাধাৰাৰ প্ৰভাৱ
পৰে, গতিকে যিসকল লেখকে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগৰ কথা উল্লেখ কৰিছে
তেওঁলোকে অসমত সাম্প্ৰদায়িক সমন্বয় অধিক শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি ইতিহাস
চৰ্চা কৰিছে । দ্বিতীয়, যোৱা কিছু বছৰ ধৰি
অসমত নতুন ধাৰাৰ ইতিহাস চৰ্চাৰ প্ৰসংগ চলি আছে ।
নতুন ধাৰাটোক বিভিন্নজন বিভিন্ন ধৰণে বুজি লৈছে । কোনোৱে বৈজ্ঞানিক পদ্ধতিৰে
কৰা ইতিহাস চৰ্চাক নতুন ধাৰা হিচাপে বুজিছে, আন কোনোৱে পৌৰাণিক কাহিনীৰ (Mythology) চৰিত্ৰক বৰ্তমানৰ সৈতে মিলাই দিব পৰাকে নতুন ধাৰা হিচাপে বুজিছে
। সুবিধাবাদী ঐতিহাসিকসকলে সমসাময়িক
সমাজখনত যি সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় আদৰ্শৰ প্ৰভাৱ শক্তিশালী অৱস্থাত থাকে,
সেই আদৰ্শই গ্ৰহণ কৰা ইতিহাস চৰ্চাকে নতুন
ধাৰা হিচাপে বুজে । বৰ্তমান অসমৰ সৰহসংখ্যক ঐতিহাসিকে নতুন ধাৰাৰ ইতিহাস চৰ্চা
মানে কোনবিধক বুজি লৈছে সেয়া সকলোৰে জ্ঞাত আৰু তাৰে প্ৰতিফলন আমি মাজে সময়ে দেখিবলৈ
পাওঁ ।
ইতিহাস চৰ্চাত ঐতিহাসিকজনৰ সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ অপৰিসীম গুৰুত্ব আছে । ইয়াৰ অৰ্থ এইটো নহয় যে সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ স্বাৰ্থত ঐতিহাসিকজনে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ইতিহাস চৰ্চা নকৰিব । এই সম্পৰ্কত ড’নাল্ড ব্লক্সহামে ‘হিষ্ট’ৰী এণ্ড ম’ৰালিটি’ নামৰ গ্ৰন্থখনত কৈছে যে নৈতিক বিচাৰবোৰে ইতিহাসত ইমানেই গভীৰভাবে সোমাই থাকে যে সেইবোৰ আঁতৰাই পেলালে ইতিহাসবোৰ অত্যন্ত আচহুৱা হৈ পৰিব। সেয়েহে, ঐতিহাসিকসকলে সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ উপাদানসমূহ ইতিহাসৰ পৰা নিৰ্মূল কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সেইবোৰ কেনেকৈ আৰু কি ন্যায্যতাৰে কৰা হৈছে, সেই বিষয়ে অধিক সামঞ্জস্যপূৰ্ণভাৱে চিন্তা কৰাটো প্ৰয়োজন ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ আগষ্ট ২০২৫]
No comments:
Post a Comment