Wednesday, 24 September 2025

ভাৰসাম্যৰ প্ৰতীক জুবিন গাৰ্গ

            ভাৰতৰ অৰ্থনীতিত পুঁজিবাদ আৰু সমাজবাদ-দুয়োবিধ অৰ্থনৈতিক ব্যৱস্থাৰে বৈশিষ্ট্য আছে । ভাৰতে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিলেও ১৯৯১ চনৰ আগত আৰু পিছত পুঁজিবাদ আৰু সমাজবাদৰ প্ৰভাৱ পৃথক আছিল । ১৯৯১ চনৰ আগত সমাজবাদৰ প্ৰভাৱ বেছি থকাৰ বিপৰীতে ১৯৯১ চনৰ পিছত পুঁজিবাদৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ ধৰিলে । পুঁজিবাদৰ আগ্ৰাসন মানেই বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ । বজাৰ ব্যৱস্থাত উপভোক্তাই পৃথিৱীৰ যিকোনো অঞ্চলৰ সামগ্ৰী আৰু সেৱা  উপভোগ কৰিবলৈ সুবিধা লাভ কৰে । সাধাৰণতে, উপভোক্তাই উৎকৃষ্ট সামগ্ৰী আৰু সেৱা পছন্দ কৰে । সাংস্কৃতিক ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্ৰম নহয় । যি সময়ত অসমত আন অঞ্চল বা দেশৰ সাংস্কৃতিক উপাদানৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ ধৰিছিল সেই সময়তে জুবিন গাৰ্গৰ উত্থান ঘটিছে । জুবিন গাৰ্গে সাংস্কৃতিক ক্ষেত্ৰখনত এনেধৰণৰ সৃষ্টি কৰিবলৈ ধৰিলে যিয়ে পুঁজিবাদ বা বজাৰ ব্যৱস্থাৰ সুবিধাবোৰ ল’বলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অসমৰ সমাজ-জীৱনৰ সৈতে খাপ খোৱা উপাদানবোৰ প্ৰয়োগেৰে সমাজবাদৰ ধাৰণাকো সক্ৰিয় কৰি ৰাখিব পাৰিছিল ।  জ্যোতি-বিষ্ণুৰ চিন্তাধাৰাক আদৰ্শ হিচাপে লৈ তেখেতে সমাজবাদৰ ধাৰা অব্যাহত ৰাখিছিল । কেৱল সেয়াই নহয়, তথাকথিত সমাজখনে সততে এলাগী কৰা দুখীয়া, বিশেষভাৱে সক্ষম লোকসকলৰ উত্তৰণৰ বাবে তেখেতে যথাসম্ভৱ চেষ্টা কৰিছিল । আচলতে, জুবিন গাৰ্গে পুঁজিবাদক একপ্ৰকাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি সমাজবাদী আদৰ্শ আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ।  ফলস্বৰূপে, তেখেতৰ কৰ্মত পুঁজিবাদ আৰু সমাজবাদৰ এক ভাৰসাম্য অৱস্থা পাইছিল ।

সামাজিক ক্ষেত্ৰত জুবিন গাৰ্গে অসমৰ সমাজখনক একতাৰ বান্ধনেৰে বান্ধি সামাজিক ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল । অতীতৰ পৰা চলি অহা কিছুমান সামাজিক ব্যাধি, যেনে-জাত-পাত, বৰ্ণ, ধৰ্ম আদিৰ ভেদাভেদ জুবিন গাৰ্গৰ চিন্তাধাৰাত স্থান নাপাইছিল । প্ৰথম অৱস্থাত তেখেতে সৃষ্টিৰ যোগেদি সামাজিক ব্যধিবোৰৰ বিৰূদ্ধে মাত মাতিছিল । কিন্তু, পিছলৈ মুকলিকৈ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল ।  তথাকথিত উচ্চ-জাতত জন্ম গ্ৰহণ কৰাৰ অজুহাতত উচ্চ-জাতৰ সমাজখনে ‘জুবিন আমাৰ বেছি’ বুলি দাবী কৰিব পৰা নাছিল ।  তেখেতে অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ মানুহক সমান মৰ্যাদা দি এখন সুন্দৰ ভাৰসাম্য সমাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল ।

অসমৰ বিচিত্ৰ সাংস্কৃতিক উপাদানসমূহৰ উমৈহতীয়া সাংস্কৃতিক ব্যক্তিত্ব আছিল জুবিন গাৰ্গ । সকলো জনগোষ্ঠীৰে কিছুমান নিৰ্দিষ্ট সাংস্কৃতিক কৰ্মী থাকে । সংগীতকে ধৰি তেওঁলোকে নিজ নিজ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা চলাই থাকে ।  কোনো এটা জনগোষ্ঠীৰ সংগীতত জুবিন গাৰ্গে কণ্ঠদান কৰাৰ পিছত সংশ্লিষ্ট জনগোষ্ঠীটোৰ সংগীতে এটা বিশেষ মাত্ৰা লাভ কৰিছিল । জুবিন গাৰ্গে কণ্ঠদান কৰাৰ পিছত সেই সংগীতবোৰ কেৱল সংশ্লিষ্ট জনগোষ্ঠীটোৰ লোকসকলৰ মাজতেই সংগীত সীমাবদ্ধ হৈ নাথাকে । সংগীত যি জনগোষ্ঠীৰেই নহওক, জুবিন গাৰ্গৰ কণ্ঠত সকলো জনগোষ্ঠীৰ লোকে সুকীয়া আকৰ্ষণ অনুভৱ কৰে । মুঠতে, জুবিন গাৰ্গে তেখেতৰ জীৱনকালত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল ।

                    [প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ ছেপ্টেম্বৰ ২০২৫, পৃষ্ঠা: ৪]

No comments:

Post a Comment