মৃত্যুৰ পিছত মৰমৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ অহা মানুহৰ সংখ্যাই ইতিহাস সৃষ্টি কৰিলে । গুৱাহাটীলৈ যাবলৈ সুবিধা নোপোৱাসকলে নিজ নিজ অঞ্চলতে তেখেতলৈ শ্ৰদ্ধা জনালে । তেখেতক মানুহে ইমান ভাল পোৱাৰ কাৰণ কি ? একে আষাৰে ইয়াৰ উত্তৰ হ’ল-মানুহে তেখেতৰ ব্যক্তিত্বত নিজকে বিচাৰি পাইছিল । তেখেতৰ ব্যক্তিত্বত মানুহেনো কেনেদৰে নিজকে বিচাৰি পাইছিল ?
জুবিন গাৰ্গক যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ বুলি জনা যায় । প্ৰতিগৰাকী
যুৱক-যুৱতীৰে জুবিনৰ দৰে স্বাধীন হৈ যি মন যায় তাকে কৰিবলৈ, ক’বলৈ মন যায় ।
কিন্তু, বিভিন্ন কাৰণত সেয়া সম্ভৱ হৈ নুঠে । সেয়েহে, তেওঁলোকে জুবিনৰ মাজতে নিজকে
বিচাৰি পায় । সংসাৰৰ বান্ধনত বান্ধ খোৱাৰ
পিছত বহুতৰে জীৱন গতানুগতিক হৈ পৰে । নিজৰ ইচ্ছা অনুসৰি, নিজে ভবামতে জীৱনটো উপভোগ
কৰিব নোৱাৰে । কিন্তু, মন যায় । জীৱনটো নিজে ভবাৰ দৰে উপভোগ কৰিবলৈ, সজাই-পৰাই
তুলিবলৈ । জুবিনে যেনেদৰে জীৱনটো উপভোগ কৰে তেনেদৰে তেওঁলোকৰো কৰিবলৈ মন যায় । অগতানুগতিক
জীৱন কেনেদৰে উপভোগ কৰিব পাৰি, সেয়া তেওঁলোকে জুবিনৰ মাজতে বিচাৰি পায় ।
ৰাজনীতিকসকলে কেনেদৰে জুবিনৰ ব্যক্তিত্বত নিজকে বিচাৰি পায় ?
কোনবোৰ বিষয়ত তেওঁলোকৰ জুবিনৰ দৰে হ’বলৈ মন যায় ? ৰাজনীতিকসকলে সকলো সময়তে নিজৰ জনপ্ৰিয়তা
বৰ্তাই ৰাখিব বিচাৰে । জুবিনৰ জনপ্ৰিয়তাৰ
দৰে । স্বত:স্ফুৰ্ত জনপ্ৰিয়তা । তেওঁলোকৰো মন যায়, জনসাধাৰণে তেওঁলোকক ওচৰৰ পৰা
চাবলৈ আহিব ! তাৰ বাবে তেওঁ বা তেওঁৰ দল-সংগঠনে
খৰচ বহন কৰিব নালাগিব ! জুবিনৰ দৰে
জনপ্ৰিয়তা বৰ্তাই ৰাখিলে তেওঁলোক আজীৱন ক্ষমতাত থাকিব পাৰিব ! জুবিনৰ প্ৰতি থকা মানুহৰ নিস্বাৰ্থ জনপ্ৰিয়তা
আৰু ভালপোৱাই ৰাজনীতিকসকলক মুগ্ধ কৰি ৰাখিবলৈ বাধ্য কৰে ।
চৰকাৰী বা বেচৰকাৰী চাকৰিয়াল, বিষয়া আদিয়ে কওঁ বুলি ভাবিলেও
কিছুমান কথা মুকলিকৈ ক’ব নোৱাৰে । ক’লে কি
হ’ব, তেওঁলোকে জানে । তেওঁলোকৰ সংসাৰৰ দায়িত্ব থাকে । ক’লে সংসাৰ চলাবলৈ অসুবিধা
হ’ব । কিন্তু, মন যায় । জুবিনে কোৱাৰ দৰে কথাবোৰ
মুকলিকৈ ক’বলৈ মন যায় । যেতিয়া জুবিনে কয়, তেওঁলোকে মুকলিকৈ সমৰ্থন নজনালেও
অন্তৰেৰে পূৰ্ণ সমৰ্থন জনায় । তেওঁলোকে
প্ৰতিজনে ভাবে, ‘মই ক’ব পৰা নাই, কিন্তু মই ক’ব বিচৰা কথাখিনিকে জুবিন গাৰ্গে
কৈছে’ । গতিকে, তেওঁলোকে জুবিনৰ মাজতে
নিজক বিচাৰি পায় ।
জেষ্ঠ্যসকলৰ কি মন যায় ? জুবিনে নিজৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যসকলক যেনেদৰে শ্ৰদ্ধা আৰু মৰম কৰে, ঘৰৰ মানু্হৰ লগত মুকলিকৈ কথা পাতে, তেওঁলোকৰ ল’ৰা-ছোৱালীও তেনেদৰে শ্ৰদ্ধা আৰু মৰম কৰক, কথা পাতক । তেওঁলোকৰ মন যায়, নিজৰ ল’ৰা-ছোৱালীক জুবিনৰ দৰে গঢ়ি তুলিবলৈ, অসমৰ সন্তান কৰিবলৈ, সকলোৱে নিস্বাৰ্থভাবে আকোঁৱালী ল’ব পৰা গুণৰ অধিকাৰী কৰিবলৈ । কেৱল সেয়াই নহয়, নিজৰ জীৱনকালত যি অনুশোচনা আৰু বেদনা আছে, তেওঁলোকে জুবিনৰ চিন্তাধাৰাৰ মাজতে নিজকে বিচাৰি পায় ।
অসমৰ প্ৰতিজন মানুহৰে জুবিনৰ কিবা নহয় কিবা এটা গুণৰ অধিকাৰী হ’বলৈ মন যায় । জুবিনে অসমৰ মানু্হক সেই আশাৰ বাট দেখুৱাইছিল । প্ৰতিজন জুবিন প্ৰেমীয়ে মনৰ ভিতৰতে কয়, ‘মন যায়, মোৰো মন যায়… ’।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৪ অক্টোবৰ ২০২৫, পৃষ্ঠা: ৭]
No comments:
Post a Comment