বিশ্বত ৰাষ্ট্ৰ অনুসৰি ৰাজনৈতিক অৰ্থনীতিৰ (Political Economy) পাৰ্থক্য থাকে । কিন্তু, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে শক্তিশালী ৰাষ্ট্ৰবোৰে যি ৰাজনৈতিক অৰ্থনীতি গঢ়ি তোলে সেই ব্যৱস্থাটোৱেই বিশ্বত প্ৰাধান্য লাভ কৰে আৰু সেই ৰাষ্ট্ৰবোৰৰ নিয়ন্ত্ৰণতে ব্যৱস্থাটো চলি থাকে । সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱীতে নব্যউদাৰবাদৰ আধিপত্য চলি আছে । যিবোৰ ৰাষ্ট্ৰই নব্যউদাৰবাদৰ বিৰোধিতা কৰিছে, সেই ৰাষ্ট্ৰবোৰক বিভিন্ন হেঁচা প্ৰয়োগ কৰি ব্যৱস্থাটোক মানি ল’বলৈ বাধ্য কৰোৱা হৈছে । আনকি সামৰিক শক্তি প্ৰয়োগ কৰি হ’লেও সেই ৰাষ্ট্ৰবোৰক নব্যউদাৰবাদৰ আৱেষ্টনীত সুমুৱাই লোৱা হৈছে ।
যোৱা শতিকাৰ সপ্তম/অষ্টম
দশকত বিশ্বৰ কেইগৰাকীমান ৰাজনৈতিক নেতা আৰু অৰ্থনীতিবিদে অৰ্থনীতিৰ ক্ষেত্ৰত লোৱা
বলিষ্ঠ পদক্ষেপৰ যোগেদি নব্যউদাৰবাদৰ সূচনা কৰা হৈছিল । ১৯৭৮ চনত ডেং জিয়াওপিঙে
কমিউনিষ্ট শাসিত অৰ্থনীতিৰ উদাৰীকৰণৰ দিশত চীনত প্ৰথমে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ
কৰিছিল । ডেঙে পুঁজিবাদী গতিশীলতাৰ
পথ মুকলি কৰাৰ পিছত ৰাষ্ট্ৰখনৰ সুস্থিৰ অৰ্থনৈতিক বৃদ্ধিৰ (Steady Economic Growth) হাৰ অতুলনীয় দেখা গৈছিল । পল ভলকাৰ নামৰ অৰ্থনীতিবিদজনৰ চিন্তা অনুসৰি ১৯৭৯ চনত কম
সময়ৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ মু্দ্ৰাগত নীতিৰ তীব্ৰ পৰিৱৰ্তন কৰা হৈছিল, যি
নীতিয়ে পুঁজিবাদৰ বাট আগতকৈ অধিক সুগম কৰি তুলিছিল । ১৯৭৯ চনত মাৰ্গাৰেট থেচাৰ ব্ৰিটেইনৰ
প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শ্ৰমিক সংগঠনৰ ক্ষমতা হ্ৰাস কৰিছিল আৰু
একেসময়তে মুদ্ৰাস্ফিতিৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল । ৰ’নাল্ড ৰেগানে ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি
নিৰ্বাচিত হোৱাৰ পিছত শ্ৰমিক সংগঠনৰ শক্তি হ্ৰাস, উদ্যোগ, কৃষি আৰু সম্পদ আহৰণৰ
ক্ষেত্ৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰা নীতিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ফলত বিশ্বত
মুক্ত বাণিজ্যৰ সম্প্ৰসাৰণ অধিক সুগম আৰু দ্ৰুত কৰি তুলিছিল । ২০০৮ চনত বিশ্বত ঘটা অৰ্থনৈতিক মন্দাৱস্থাই
নব্যউদাৰবাদৰ পতন ঘটাব বুলি ধাৰণা কৰা হৈছিল । কিন্তু, নব্যউদাৰবাদীসকলে কম সময়ৰ
ভিতৰতে সেই মন্দাৱস্থা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ ফলত ব্যৱস্থাটোৰ বাস্তৱ ভিত্তি
প্ৰমাণিত হৈছিল ।
নব্যউদাৰবাদক এটা আদৰ্শ (an ideology), প্ৰশাসনৰ পৰিপাট্য (a mode of governance),
নীতিৰ গোট (a policy package) আৰু পুঁজিবাদৰ বিশেষ ৰূপ (a particular form of capitalism) হিচাপে চাৰিটা মাত্ৰাত আলোচনা কৰা হয় (এই বিষয়ে অধিক জানিবৰ বাবে আগ্ৰহী
পঠকে ষ্টেনজাৰ আৰু ৰয়ৰ ‘নিউলিবাৰিলিজম: এ ভেৰি ছ’ৰ্ট ইনট্ৰ’ডাকচন’ নামৰ
গ্ৰন্থখন চাব পাৰে) । নব্যউদাৰবাদীসকলে
সংশ্লিষ্ট ৰাষ্ট্ৰ বা অঞ্চলটোৰ সুবিধা অনুসৰি উল্লিখিত মাত্ৰাবোৰক ব্যৱহাৰ কৰে । ‘এ ব্ৰীফ হিষ্টৰি অফ নিউলিবাৰিলিজম’ নামৰ গ্ৰন্থখনত ডেভিড হাৰ্ভেই কৈছে যে নব্যউদাৰবাদে
ব্যক্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে । ব্যক্তিগত স্বাধীনতা, ব্যক্তিগত সম্পত্তিৰ
অধিকাৰৰ সুৰক্ষা আৰু মুক্ত বজাৰ ব্যৱস্থাৰ ক্ষেত্ৰত নব্যউদাৰবাদে আপোচ কৰিব
নিবিচাৰে । নব্যউদাৰবাদ ব্যৱস্থাত
ৰাষ্ট্ৰই উল্লিখিত ব্যৱস্থাসমূহক সুৰক্ষা আৰু নিশ্চয়তা প্ৰদানৰ বাবে কাৰ্যপন্থা
গ্ৰহণ কৰে । ৰাষ্ট্ৰৰ সামৰিক ব্যৱস্থা, আইন ব্যৱস্থা আদি এনেধৰণে সজাই লোৱা হয়
যাতে উল্লিখিত ব্যৱস্থাসমূহৰ সুৰক্ষা আৰু নিশ্চয়তা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ
সৃষ্টি নহয় । নব্যউদাৰবাদৰ আদৰ্শক
সমৰ্থন জনোৱা ৰাজনীতিক আৰু অৰ্থনীতিবিদসকলে দাবী কৰে যে ব্যক্তিগত উদ্যোগী, ব্যক্তি স্বাধীনতা আৰু দক্ষতা, সম্পত্তি সুৰক্ষাৰ শক্তিশালী
ব্যৱস্থা আৰু মুক্ত বজাৰে উপভোক্তাক আটাইতকৈ বেছি সুৰক্ষা আৰু নিশ্চয়তা প্ৰদান
কৰাৰ উপৰি তেওঁলোকে ভালৰো ভাল সামগ্ৰী আৰু সেৱা উপভোগ কৰাৰ সুবিধা লাভ কৰে ।
শিক্ষা, স্বাস্থ্য আৰু পৰিৱেশ প্ৰদূষণৰ দৰে বজাৰ ব্যৱস্থা বিফল হোৱা দিশবোৰত প্ৰয়োজনৰ
ভিত্তিত ৰাষ্ট্ৰৰ নিয়্ন্ত্ৰণৰ ওপৰত নব্যউদাৰবাদীসকলে সমৰ্থন কৰে । কিন্তু, সেই
নিয়ন্ত্ৰণ প্ৰথম অৱস্থাতহে থকাৰ ওপৰত গুৰুত্ব দিয়ে । পিছলৈ এই দিশবোৰৰ ওপৰতো ক্ৰমান্বয়ে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ
হ্ৰাস কৰাৰ ওপৰত জোৰ দিয়ে ।
নব্যউদাৰবাদ ব্যৱস্থাই কিছুমান
চিন্তাজনক আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিছে । সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক
অৰ্থনীতিৰ প্ৰখ্যাত পণ্ডিত জোচেফ ষ্টিগলিট̢জে তেখেতৰ ‘দ্য ৰ’ড টু ফ্ৰিড’ম’
আৰু ‘পিপুল, পাৱাৰ এণ্ড প্ৰ’ফিটছ’ নামৰ গ্ৰন্থ দুখনত নব্যউদাৰবাদে
সৃষ্টি কৰা সমস্যাসমূহ উদঙাই দিছে । তেখেতে কৈছে যে বাহ্যিকতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত
নব্যউদাৰবাদৰ ভূমিকা সন্তোষজনক হোৱা নাই । ধনাত্মক বাহ্যিকতাৰ তুলনাত ঋণাত্মক
বাহ্যিকতাৰ পৰিমাণ অধিক হৈছে । ৰাজহুৱা দ্ৰব্যৰ (যেনে-শিক্ষা, স্বাস্থ্য,
প্ৰযুক্তি আৰু আন্ত:গাঁঠনি) উত্তৰণৰ উদ্দেশ্যে প্ৰয়োজনতকৈ কম পৰিমাণে বিনিযোগ কৰা
দেখা গৈছে । নব্যউদাৰবাদী নীতি হিচাপে সততে প্ৰয়োগ কৰা
ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (Public-Private Partnership)
আৰ্হিত ব্যক্তিগত খণ্ডৰ লাভ বৃদ্ধি
পোৱাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ লোকচান বৃদ্ধি
পাইছে । ৰাজহুৱা সম্পদ ব্যৱহাৰ কৰি ব্যক্তিগত
খণ্ডই তেওঁলোকৰ মুনাফাৰ পৰিমাণ বৃদ্ধি কৰিছে । সামগ্ৰিক অৰ্থনীতিৰ ক্ষেত্ৰত সাম্ভাব্য
উৎপাদন আৰু প্ৰকৃত উৎপাদনৰ পৰিমাণৰ মাজত বৃহৎ পাৰ্থক্য আহি পৰাৰ লগতে নিৱনুৱাৰ
সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । উৎপাদনকাৰীসকলৰ মাজত প্ৰতিযোগিতা হ্ৰাস পাইছে ।
যাৰ ফলত মুদ্ৰাস্ফিতি হৈছে আৰু প্ৰকৃত মজুৰি হ্ৰাস পাইছে । সম্পদৰ মালিকীস্বত্ত্ব,
আয় উপাৰ্জন আৰু ৰাজনৈতিক ক্ষমতাৰ ক্ষেত্ৰত বৃহৎ অসমতা আহি পৰিছে । গণতান্ত্ৰিক ব্যৱস্থা আৰু সামাজিক সংহতিৰ ক্ষেত্ৰত নব্যউদাৰবাদে আটাইতকৈ বেছি
ক্ষতিগ্ৰস্ত কৰিছে । ফলস্বৰূপে, নব্যউদাৰবাদৰ ওপৰত নিৰ্ভৰ কৰি থকা ৰাষ্ট্ৰবোৰত
এটা অসুস্থ সামাজিক পৰিৱেশ বিৰাজ কৰিছে ।
গোলকীকৰণৰ যুগত এফালে পুঁজিবাদী
ব্যৱস্থাক অৱজ্ঞা কৰিব নোৱাৰি, আনফালে সমাজবাদী ব্যৱস্থাৰ যোগেদি নব্যউদাৰবাদৰ
সমস্যাসমূহ সমাধান কৰা সম্ভৱ নহয় । এই
বিচাৰ্য বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি জোচেফ ষ্টিগলিট̢জ আৰু তেখেতৰ অনুগামীসকলে গ্ৰগতিশীল পুঁজিবাদক (Progressive Capitalism) নব্যউদাৰবাদৰ বিকল্প ব্যৱস্থা
হিচাপে আগবঢ়াব বিচাৰিছে । প্ৰগতিশীল
পুঁজিবাদে ভৌতিক আৰু বিত্তীয় মূলধনৰ উপৰি সামাজিক মূলধন, বৌদ্ধিক মূলধন, সাংগঠনিক
মূলধন আৰু প্ৰাকৃতিক মূলধন আদি সকলো প্ৰকাৰৰ মূলধনৰ সঠিক ব্যৱহাৰ আৰু বৃদ্ধিৰ ওপৰত
সমানে গুৰুত্ব প্ৰদান কৰে । গণতান্ত্ৰিক ব্যৱস্থা আৰু সামাজিক সংহতিৰ প্ৰতি ভাবুকি আহিব
পৰা কোনো শক্তিকে প্ৰগতিশীল পুঁজিবাদে সমৰ্থন নকৰে । প্ৰগতিশীল পুঁজিবাদৰ চূড়ান্ত লক্ষ্য হ’ল এখন সুস্থ সমাজ গঢ়ি
তোলা−যি সমাজত নাগৰিকৰ স্বাধীনতা ঝংকাৰিত হয়, নাগৰিকে নিজৰ
সম্ভাৱনাক বাস্তৱত ৰূপান্তৰ কৰাৰ পৰিৱেশ পায়, তেওঁলোকৰ মাজত মিলাপ্ৰীতিৰ সুস্থিৰ উত্তৰণ
ঘটে আৰু প্ৰকৃতিৰ প্ৰতি সৰ্বাধিক গুৰুত্ব আৰোপ কৰি বহনক্ষম উন্নয়নৰ প্ৰতি অধিক
সচেতন হয় ।
প্ৰশ্ন হ’ল- প্ৰগতিশীল পুঁজিবাদৰ যোগেদি কেনেদৰে এখন সুস্থ সমাজ গঢ়ি তুলিব পৰা
যাব ? প্ৰগতিশীল পুঁজিবাদক সমৰ্থন জনোৱা ৰাজনীতিক আৰু অৰ্থনীতিবিদসকলে ইয়াৰ পথ
দেখুৱাইছে । তেওঁলোকৰ মতে ঋণাত্মক ব্যাহ্যিকতা হ্ৰাস কৰাৰ বাবে ইতিমধ্যে প্ৰয়োগ কৰি
থকা কৰ ব্যৱস্থাৰ সঠিক ৰূপায়ন কৰিব লাগিব । প্ৰাকৃতিক
পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে ৰাজহুৱা ব্যয় বৃদ্ধি কৰিব লাগিব । যথাসম্ভৱ বাণিজ্যিক
নিষেধাজ্ঞা প্ৰয়োগ কৰি উদ্ভাৱনক প্ৰসাৰিত কৰা ঔদ্যোগিক নীতিৰ ওপৰত জোৰ দিব লাগিব । ৰাজহুৱা ব্যয় বৃদ্ধিৰ যোগেদি
ৰাজহুৱা দ্ৰব্যৰ প্ৰচুৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কৃপণালি কৰিব নালাগিব । প্ৰয়োজন হ’লে ব্যক্তিগত খণ্ডৰ
ব্যয়ৰ যোগেদিও ৰাজহুৱা দ্ৰব্যৰ ব্যৱস্থা কৰিব লাগিব । নিৱনুৱাৰ বীমা, অৱসৰপ্ৰাপ্তসকলৰ নিৰাপত্তা,
স্বাস্থ্য বীমা আদি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে অধিক মনোযোগ দিব লাগিব
। সামাজিকভাবে উপকাৰত অহা পৰিৱেশৰ ওপৰত বিনিযোগ
বৃদ্ধি কৰাৰ উপৰি সৰু আৰু মজলীয়া ব্যৱসায়ীক ঋণ প্ৰদান বৃদ্ধি কৰিব লাগিব
(নব্যউদাৰবাদত বৃহৎ ব্যৱসায়ীক ঋণ প্ৰদান কৰাই নহয়, মাজে সময়ে তেওঁলোকক বৃহৎ
পৰিমাণে ঋণ ৰেহাই দিয়াও দেখা যায়) । ব্যৱসায়িকসকলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে
প্ৰগতিশীল পুঁজিবাদত প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব । প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টিৰ বাবে একত্ৰীকৰণ নিযিদ্ধ কৰা, ব্যৱসায়িক
নিৰ্যতন নিষিদ্ধ কৰা, মৌন গোপন বুজাবুজি নিষিদ্ধ কৰা, একছেটীয়া ব্যৱসায় ৰোধ কৰাৰ বাবে
ৰাজহুৱা বিনিযোগক বিকল্প হিচাপে প্ৰয়োগ কৰা ইত্যাদি নীতিসমূহ কঠোৰভাবে ৰূপায়ন কৰিব
লাগিব । ৰাজনৈতিক আৰু অৰ্থনৈতিক অসমতা
হ্ৰাস কৰাৰ উদ্দেশ্যে পূৰ্বে পুনৰ বিতৰণৰ ব্যৱস্থা (Pre-redistribution system), কৰৰ জৰিয়তে পুনৰ বিতৰণ আৰু ৰাজহুৱা ব্যয় সঠিকভাবে প্ৰয়োগ
কৰিব লাগিব ।
নব্যউদাৰতাবাদৰ বিশ্বব্যাপী আধিপত্য আৰু গতিশীলতাৰ পিছতো ব্যৱস্থাটোৱে গুৰুতৰ
আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিছে । প্ৰগতিশীল
পুঁজিবাদক নব্যউদাৰবাদৰ বিকল্প ব্যৱস্থা হিচাপে চিন্তাচৰ্চা কৰা হৈছে । প্ৰগতিশীল পুঁজিবাদে ৰাষ্ট্ৰৰ
ফলপ্ৰসূ হস্তক্ষেপ, সামাজিক
সুৰক্ষা আৰু সমতাপূৰ্ণ অৰ্থনৈতিক নীতিৰ জৰিয়তে নব্যউদাৰতাবাদৰ ব্যৰ্থতাসমূহ
শুধৰণি কৰি পুঁজিবাদক পৰিত্যাগ নকৰাকৈয়ে এখন সুস্থ সমাজ গঢ়াৰ কাৰ্য্কৰী পথ দেখুৱায়
। প্ৰকৃতাৰ্থত বহনক্ষম উন্নয়নৰ বাবে
বিশ্বৰ ৰাষ্ট্ৰসমূহে প্ৰগতিশীল পুঁজিবাদক গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে ।
[১১ নৱেম্বৰ ২০২৬ তাৰিখে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত প্ৰদান কৰা ভাষণটোৰ লিখিত ৰূপ]
[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ নৱেম্বৰ ২০২৬, পৃষ্ঠা: ৫]
No comments:
Post a Comment