Tuesday, 18 August 2020

এণ্টি-ইণ্টেলেকচুৱেলিজ্ম সমাজৰ বৌদ্ধিক স্খলন

 

        ‘আমাৰ অসম’ত যোৱা ১৪ আগষ্টত প্ৰকাশিত আশ্বিক জামানৰ ‘এণ্টি-ইণ্টেলেকচুৱেলিজম সমাজৰ বৌদ্ধিক স্খলন’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখকে ঠিকেই কৈছে যে যোৱা দুটা দশকত বিশ্বত তথ্য প্ৰযুক্তিৰ বিপ্লৱ ঘটাৰ ফলত তথ্যৰ প্ৰয়োভৰ ঘটিছে আৰু সহজলভ্যও হৈছে ।  কিন্তু, তথ্যৰ প্ৰয়োভৰ আৰু সহজলভ্যতাই যিমান উপকাৰ কৰিছে, সিমান সমস্যাও সৃষ্টি কৰিছে । তথ্যৰ সাগৰত শুদ্ধ তথ্য বিচাৰি উলিওৱাটো এটা জটিল সমস্যা হৈ পৰিছে ।  তথ্য এটাৰ শুদ্ধতা নিৰ্ধাৰণৰ বাবে কমেও তিনিটা উৎসৰ সৈতে মিলাই চাব লাগে । বিভিন্ন কাৰণত বহুতে সেইটো নকৰে ।  ন্যস্তস্বাৰ্থৰ উদ্দেশ্যে একাংশই ভুল তথ্যকে সমাজত বিলাই দিয়ে আৰু তাৰপৰাই সমাজত বৌদ্ধিক স্খলন আৰম্ভ হয় ।  তথ্যখিনি শুদ্ধ হ’লেও মাত্ৰ দুশাৰীমান ব্যৱহাৰ কৰি কোনো এটা বিষয়ৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰাতো আজিকালি সাধাৰণ কথা হৈ পৰিছে ।  এয়া তথ্য সম্পৰ্কীয় আন এক জটিল সমস্যা ।  তুলনামূলকভাৱে কম অধ্যয়ন কৰা ব্যক্তিসকলৰ কথা বাদেই দিলোঁ, নিজৰ আদৰ্শটোৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে বহু ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তিও এই কামটো কৰি থকা পৰিলক্ষিত হৈছে, যিসকলক শুদ্ধ আৰু সম্পূৰ্ণ তথ্য সম্পৰ্কত কেতিয়াও আপোচ নকৰে বুলি ধাৰণা কৰা হয় ।  শুদ্ধ আৰু সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছতো একাংশই বস্তুনিষ্ঠ বিশ্লেষণৰ পৰিৱৰ্তে নিজৰ আদৰ্শৰ লগত খাব খোৱাকৈ বিশ্লেষণ কৰাৰ প্ৰসংগতো আছেই । লেখক জামানে উল্লেখ কৰা তথ্য সম্পৰ্কীয় আটাইতকৈ ভয়ংকৰ সমস্যাটো হ’ল-তথ্যৰ সৃষ্টি । অশুদ্ধ তথ্য বা তথ্যৰ দুশাৰী ব্যৱহাৰ কৰি বিষয় এটাৰ ওপৰত সিদ্ধান্ত প্ৰকাশ কৰিলে, আজি নহয় কাইলৈ শুদ্ধ কথাটো ওলায় পৰাৰ বহু সম্ভাৱনা আছে । কিন্তু, সৃষ্টি কৰা তথ্যৰ ক্ষেত্ৰত সেই সম্ভাৱনা বহুত কম ।  ন্যস্তস্বাৰ্থৰ বাবে সৃষ্টি কৰা তথ্যই চিৰকালৰ বাবে বৌদ্ধিক স্খলনত অৰিহণা যোগায় থাকিব ।

            প্ৰশ্ন হ’ল, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰৰ সমাধান আছে নে ? আমি যিকোনো এটা সামগ্ৰী বা সেৱা কিনাৰ আগতে সামগ্ৰী বা সেৱাটোৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰোঁ ।  কিনিব খোজা সামগ্ৰী বা সেৱাটোক আন সামগ্ৰী বা সেৱাৰ সৈতে তুলনা কৰোঁ । ব্ৰেণ্ডেড সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট সামগ্ৰী বা সেৱাটো বিক্ৰি কৰিবলৈ বিক্ৰেতাজন স্বীকৃতিপ্ৰাপ্ত হয় নে নহয়, সেয়া জানিবলৈ যত্ন কৰোঁ । তাৰ পিছতহে সামগ্ৰী বা সেৱাটো কিনি ব্যৱহাৰ কৰোঁ (ব্যতিক্ৰমৰ কথা সুকীয়া, যেনে- কেতিয়াবা নৈতিক কাৰণতো কিছুমান সামগ্ৰী বা সেৱা ক্ৰয় কৰিবলগীয়া হয়) ।  তথ্য এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো প্ৰতিজন ব্যক্তিয়ে এই নীতিটো প্ৰয়োগ কৰিলে, তথ্য সম্পৰ্কীয় এই সমস্যাবোৰ সমাধান হ’ব আৰু বৌদ্ধিক স্খলনৰ পৰা কিছু পৰিমাণে হ’লেও সমাজখন ৰক্ষা পৰিব ।  

         [ৰঙা অংশ মূল চিঠিখনত আছিল । সম্পাদকে সম্পাদনা কৰি প্ৰকাশ কৰিছে ]

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ আগষ্ট ২০২০]

Friday, 14 August 2020

ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ এক সুন্দৰ উপায়

 

      মহামাৰীৰ সময়ত কম-বেছি পৰিমাণে সকলোৰে উদ্বিগ্নতা বাঢ়ে । ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ ব্যতিক্ৰম নহয় ।  বিভিন্ন গৱেষকৰ অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে যে ক’ৰোনা মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা ব্যাপকভাবে বৃদ্ধি পাইছে । গ্ৰিটচেনকো আৰু তেওঁৰ সংগীসকলে  Belarusian Universityৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এটা অধ্যয়ন চলাই পাইছে যে যিসকল ছাত্ৰ-ছাত্ৰী কোৱাৰিণ্টীন কেন্দ্ৰ বা আত্ম-একাকীকৰণত  (Self-isolation) আছিল তেওঁলোকৰ উদ্বিগ্নতা আন ছাত্ৰ-ছাত্ৰীসকলৰ তুলনাত বেছি ।  আমাৰ দেশতো ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে ।  

ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতাক লৈ আমি শিক্ষকসকল স্বাভাৱিকতে চিন্তিত হৈ পৰোঁ । সিহঁতৰ উদ্বিগ্নতা কেনেদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰি আমি এটা সৰু সম্পৰীক্ষা কৰিছিলোঁ ।  এপ্ৰিল মাহটোত অনলাইন ক্লাছবোৰ চলি থকাৰ বাবে ছাত্ৰীসকলৰ উদ্বিগ্নতা কিছু কম আছিল । কিন্তু, নিৰ্ধাৰিত পাঠ্যক্ৰম পঢ়াই শেষ কৰাৰ পাছত পৰীক্ষাবোৰ অনুষ্ঠিত নোহোৱাৰ ফলত সিহঁতৰ উদ্বিগ্নতা বৃদ্ধি পাবলৈ ধৰিলে । কোনো সন্দেহ নাই যে নিজৰ মনৰ কথাখিনি আনৰ আগত প্ৰকাশ কৰিব পাৰিলে উদ্বিগ্নতা হ্ৰাস পায় । নিজৰ মনৰ কথাখিনি আনৰ আগত খোলাকৈ ক’বলৈ সুবিধা দিয়াৰ অনলাইন ব্যৱস্থা এটা আমি কৰিছিলোঁ । আমাৰ সম্পৰীক্ষাটোত গোলাঘাটৰ ‘হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়’ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছিল  (মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ এগৰাকী শিক্ষক হিচাপে বিভাগটোৰ ছাত্ৰীসকলক সামৰি ল’বলৈ আমাৰ সুবিধা হৈছিল) ।  প্ৰতিদিনে সন্ধিয়া ৭ বজাত Google Meet  ছাত্ৰীসকলক অনলাইনত অহাৰ ব্যৱস্থা কৰা হৈছিল (Google Meet ত এঘণ্টাৰ বাবে বিনামূলীয়াকৈ অনলাইনত অহাৰ সুবিধা আছে) । প্ৰতিদিনে বিভাগটোৰ প্ৰতিটো ষান্মাসিকৰে এগৰাকীকৈ ছাত্ৰীক নিজৰ কথাখিনি ক’বলৈ সুবিধা দিয়া হৈছিল ।  কোন কেইগৰাকী ছাত্ৰীয়ে কোনদিনা  নিজৰ মনৰ কথাখিনি ক’ব, সেয়া এদিন আগতে বিভাগৰ  ৱাটছ্এপ গ্ৰুপত সিহঁতৰ ফটোসহ একোখন ই-পষ্টাৰ বনাই জনাই দিয়া হৈছিল ।  অৱশ্যে, কেইবাগৰাকী ছাত্ৰীৰ নেটৱৰ্কৰ সমস্যা হৈছিল  (Google Meet ৰ বাবে নেটৱৰ্ক ভাল হ’ব লাগে) ।  সিহঁতেও যাতে নিজৰ মনৰ কথাখিনি সহপাঠীসকলক জনাব পাৰে তাৰ বাবে আমি সিহঁতলৈ ফোন কৰিছিলোঁ । ফোনটো আমাৰ হ’ম থিয়েটাৰটোত সংযোগ কৰি সিহঁতৰ কথাখিনি Google Meet ত সংযোগ হৈ থকা সকলো ছাত্ৰীয়ে শুনিব পৰাৰ ব্যৱস্থা কৰিছিলোঁ ।  অনুষ্ঠানটোৰ মাজে মাজে আমাৰ বিভাগৰ শিক্ষকসকলে তলাবন্ধৰ সময়ত নিজৰ সময়খিনি কেনেদৰে পাৰ কৰি আছে, ক’ৰোনা মহামাৰীৰ পৰিৱেশটোক তেওঁলোকে কেনেদৰে লৈছে আদি বিভিন্ন ইতিবাচক কথাৰে সিহঁতক মানসিক সাহস দি থাকিবলৈ চেষ্টা কৰা হৈছিল ।  তাৰ মাজতে এদিন ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ইউনিভাৰ্ছিটিৰ শ্বিলং চৌহদৰ জাৰ্নেলিজিম এণ্ড মাচ্ কমউনিকেশ্বেনৰ সহকাৰী অধ্যাপক ড° অলংকাৰ কৌশিকক আমাৰ অনুষ্ঠানটোলৈ অতিথি  হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ।  ড° কৌশিকে  ‘ভাইৰাছৰ সৈতে সহবাস’ সম্পৰ্কে এক সুন্দৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিছিল ।  

কেইবাদিন ধৰি চলা অনলাইন মত-বিনিময় অনুষ্ঠানটোৰ শেষত অনুষ্ঠানটোৱে সিহঁতৰ উদ্বিগ্নতা হ্ৰাস কৰা বা নকৰা সম্পৰ্কত জানিবৰ বাবে Google Form ৰ যোগেদি মতামত বিচৰা হৈছিল ।  ৮১ শতাংশ ছাত্ৰীয়ে নিজৰ উদ্বিগ্নতা অনুষ্ঠানটোত জনোৱা বুলি মতামত দিছে ।  ১৩ শতাংশ ছাত্ৰীয়ে অনুষ্ঠানটোত নিজৰ উদ্বিগ্নতা জনোৱা নাই আৰু ৬ শতাংশই জনাইছে নে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি মতামত দিছে ।  অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছত ৯১ শতাংশ ছাত্ৰীৰে নিজৰ মনটো মুকলি লাগিছে আৰু ৩ শতাংশই মুকলি লগা নাই আৰু ৬ শতাংশই মুকলি লগা  বা নলগাৰ সম্পৰ্কত নিশ্চিত নহয় বুলি মতামত দিছে । ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে বুলি আটাইকেইগৰাকীয়ে ছাত্ৰীয়ে মতামত দিছে । আমাৰ এই সৰু সম্পৰীক্ষাটোৰ ভিত্তিত এই কথা ক’ব পাৰি যে মহামাৰী তথা তলাবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ ক্ষেত্ৰত অনলাইন মত-বিনিময় অনুষ্ঠান এক সুন্দৰ উপায় হিচাপে বিবেচিত হৈছে । 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৫ আগষ্ট, ২০২০]

Monday, 10 August 2020

মালিকক অসমবিৰোধী সজাবলৈ ষড়যন্ত্ৰ

 

বিধায়ক শিলাদিত্য দেৱে সু-সাহিত্যিক চৈয়দ আব্দুল মালিকক ‘বৌদ্ধিক জেহাদী’ আখ্যা দিয়া বিষয়টোৱে অসমৰ বহু লোকক স্তম্ভিত কৰি তুলিছে ।  আচলতে, অসমৰ একশ্ৰেণীৰ মানুহে প্ৰতিষ্ঠিত সাহিত্যিকজনক অসম বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দীৰ্ঘদিন ধৰি নিৰবিছিন্নভাবে ষড়যন্ত্ৰ চলাই আছে ।  নিজকে হিন্দুত্ববাদৰ আগশাৰীৰ সৈনিক হিচাপে হিন্দুত্ববাদী নেতাৰ আকৰ্ষণলৈ অহাৰ  আশাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীও এই ষড়ষন্ত্ৰটোত নামি পৰিছে ।  সামাজিক মাধ্যমসমূহত সক্ৰিয় হৈ থকা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ উমান পাইছে ।  ইয়াৰ প্ৰমাণ আমি নিজেও পাইছোঁ ।  যোৱা ৫ মে’ত আমাৰ অসম’ত চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)” শীৰ্ষক আমাৰ লেখা এটা প্ৰকাশ পাইছিল । লেখাটোৰ প্ৰসংগত আমালৈ কেইবাটাও ফোন আহিছিল । বেছিভাগেই আমাৰ দৃষ্টিভংগীক সমৰ্থন কৰিছিল । কিন্তু, দুজনমানে আমাক বুজাবলৈ চেষ্টা কৰিছিল যে চৈয়দ আব্দুল মালিকে সাহিত্যক মাধ্যম হিচাপে লৈ অসমত মুছলমানৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছিল ।  আমাৰ ধাৰণাত, এই ষড়যন্ত্ৰটোত বিধায়ক শিলাদিত্য দেৱে এগৰাকী আশশাৰীৰ সেনাপতি হিচাপে নতুনকৈ যোগ দিছে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ আগষ্ট ২০২০]

Tuesday, 30 June 2020

শিক্ষাৰ পৰিৱেশ গুৱাহাটীকেন্দ্ৰিক হৈ থকা নাই


কটনৰ গৰিমা অক্ষুণ্ণ থকা বা নথকা সম্পৰ্কীয় আলোচনা প্ৰতিবছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ সময়ত বেছিকৈ চলে ।  ইয়াৰ কাৰণ হ’ল- যোৱা কেইবছৰমান ধৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত কটনৰ কম সংখ্যক শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিছে বা কেতিয়াবা স্থান লাভেই কৰিব পৰা নাই  ।  ইয়াৰ ওপৰত ভিত্তি কৰি একাংশই মতামত দিয়ে যে কটনে গৰিমা অক্ষুণ্ণ ৰাখিব পৰা নাই । কিন্তু, কেৱল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে কটনৰ গৰিমা জোখা সম্ভৱনে (প্ৰশ্নটো আন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য) ? কটনত পঢ়ি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বহু ল’ৰা-ছোৱালীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰি আহিছে ।  কেৱল সেয়াই নহয় ।  কটনত পঢ়ি অহা ল’ৰা-ছোৱালীয়ে আজিও তেওঁলোকৰ অগ্ৰজসকলৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে ।    
তথাকথিত সমালোচকসকলে কোৱাৰ দৰে ধৰি লোৱা হ’লে যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলেই শিক্ষানুষ্ঠান এখনৰ গৰিমা জোখাৰ একমাত্ৰ ভিত্তি ।  প্ৰশ্ন হ’ল- প্ৰথম দহটা স্থানত স্থান লাভ কৰিলেহে শিক্ষানুষ্ঠান এখনৰ গৰিমা অক্ষুণ্ণ থাকে নেকি ?  কটনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অধ্যয়ন কৰিলে দেখা যায় যে শিক্ষানুষ্ঠানখনৰ বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ (৭০ শতাংশতকৈ বেছি) লাভ কৰিবলৈ সক্ষম হৈছে ।  মনকৰিবলগীয়া যে ভাৰতবৰ্ষত শিক্ষা খণ্ডটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰ পাছত অসমৰ বিভিন্ন অঞ্চলত ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছে, যিবোৰৰ মূল উদ্দেশ্যই হ’ল- শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছি নম্বৰ পাবলৈ সাজু কৰি তোলা (ভাল হৈছে নে বেয়া হৈছে, সেয়া আন এক বিষয়) । সেয়েহে বহু অভিভাৱকে সেইবোৰ শিক্ষানুষ্ঠানতে নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱায় ।  আচলতে, যোৱা দুটা দশক ধৰি অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষা গ্ৰহণৰ পৰিৱেশ কটনকেন্দ্ৰিকতো নহয়েই, গুৱাহাটীকেন্দ্ৰিকো হৈ থকা নাই ।  তদুপৰি, প্ৰায় একে সংখ্যক শিক্ষক আৰু আন্ত:গাঁঠনিকে লৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা হৈছে । যেনে- শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কেইবা বছৰ আগৰেপৰাই প্ৰতিটো বিভাগতে স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণী চলাই থকা হৈছে আৰু বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত শিক্ষকসকলৰ গৱেষণামূলক কামৰ দায়িত্ব বৃদ্ধি পাইছে, যাৰ ফলত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক অতিৰিক্ত সময় দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ হৈছে ।  প্ৰয়োজন অনুসৰি শিক্ষকৰ সংখ্যা আৰু আন্ত:গাঁঠনিৰ পৰিসৰ বৃদ্ধি নকৰাকৈ কটনৰ বিদ্যায়তনিক পৰিসৰ বৃদ্ধি কৰা সত্ত্বেও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেছিভাগ শিক্ষাৰ্থীয়ে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মানে শিক্ষানুষ্ঠানখনে গৰিমা অক্ষুণ্ণ  ৰাখিব পৰাটোকে সূচাইছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০১ জুলাই ২০২০]


Thursday, 18 June 2020

বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’


তাত্ত্বিকভাবে বিশ্লেষণ কৰে বাবে দেৱাঞ্জন বৰঠাকুৰৰ লেখাবোৰে আমাক চিন্তাৰ খোৰাক দিয়ে । ‘আমাৰ অসম’ত যোৱা ১৪ জুনত প্ৰকাশিত বৰঠাকুৰৰ “বৰ্ণবৈষম্যৰ আঁৰৰ ‘বিজ্ঞান’” শীৰ্ষক লেখাটোও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঠাকুৰৰ লেখাটোৰপৰা এইটো স্পষ্ট হৈছে যে যদিও বৰ্ণবৈষম্য এক সামাজিক ব্যাধি, ইয়াৰ আঁৰত ‘বিজ্ঞান’ আছে ।  গতিকে, আমি এই সিদ্ধান্তত আহিব পাৰোঁ যে বিজ্ঞান’ আছে বাবেই প্ৰতিজন ব্যক্তিৰ মন-মগজুত বৰ্ণবৈষম্য বিৰাজমান আৰু এই কাৰণতে সমাজৰপৰা বৰ্ণবৈষম্য নিৰ্মূল কৰা সম্ভৱ নহয় (সম্ভৱ হ’ব, যদিহে বৰঠাকুৰে আশা কৰাৰ দৰে বিশেষধৰণৰ মেডিটেশ্বন, যেনে-‘লিভিং কাইণ্ডনেছ মেডিটেশ্বন’ আদিয়ে আমাৰ মন-মগজুৰ বৈষম্যবোৰ আঁতৰোৱাত বিশেষ ভূমিকা ল’ব পাৰে) । আমি ভাৱোঁ, বৰ্ণবৈষম্যৰ আঁৰত ‘বিজ্ঞান’ থাকিলেও সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক আদি উপাদানবোৰে ইয়াৰ বিস্তৃতি (Spread) আৰু তীব্ৰতা (Intensity)ওপৰত তাৎপৰ্যপূৰ্ণভাবে প্ৰভাৱ পেলায় ।  এই উপাদানবোৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতাৰ ওপৰত কিমান প্ৰভাৱ পেলায়, সেয়া নিৰ্ভৰ কৰে এই উপাদানবোৰৰ সৈতে জড়িত নেতৃস্থানীয় লোকসকলৰ আদৰ্শ, তেওঁলোকে সৃষ্টি কৰা পৰিৱেশ আৰু সেই পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণে জনোৱা সঁহাৰিৰ ওপৰত ।  
ৰবাৰ্ট চেপলস্কিৰ উক্তিৰে বৰঠাকুৰে ঠিকে কৈছে যে আজিৰ বন্ধু কাইলৈৰ শত্ৰু হ’ব পাৰে আৰু কোনো বিশেষ মতবাদ, ঈশ্বৰ বা দলৰ প্ৰতি থকা অনুগত্যই ইয়াৰ বাবে দায়ী হ’ব পাৰে । ইয়াৰ প্ৰমাণ বিচাৰি বেছিদূৰ যাবই নালাগে । কেইবা দশক ধৰি নেতৃত্ব দি থকা ৰাজনৈতিক আৰু সাংস্কৃতিক মতাদৰ্শক ৰাতিটোৰ ভিতৰতে সলনি কৰি পূৰ্বৰ মতাদৰ্শৰ প্ৰতি বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰা বহু নেতৃস্থানীয় ব্যক্তিৰ উদাহৰণ আমাৰ ভাৰতবৰ্ষতে আছে ।  বৰ্ণবৈষম্য নিৰ্মূল কৰিবলৈ সক্ষম হোৱা মেডিটেশ্বন ভৱিষ্যতে আৱিস্কাৰ হ’ব নে নাই সেয়া সময়তহে গম পোৱা যাব । কিন্তু, এইটো ঠিক যে আমাৰ সমাজত যেনেদৰে বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তি আছে, তেনেদৰে হ্ৰাস কৰিবলৈ চেষ্টা কৰা মানসিকতাৰ ব্যক্তিও আছে ।  গতিকে, মেডিটেশ্বনৰ আৱিস্কাৰ অবিহনেও বৰ্ণবৈষম্যৰ বিস্তৃতি আৰু তীব্ৰতা হ্ৰাস কৰিব পৰাৰ সম্ভাৱনা নিশ্চয় আছে ।   

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ জুন ২০২০]

বাঘজানৰ তৈলখাদৰ জুই আৰু কেইটামান প্ৰশ্ন


তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত জুই লগা ঘটনাই অসমত তোলপাৰ লগাইছে । ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি (১০ জুন ২০২০), নিমিষতে ১৫ টা বাসগৃহ জুইত জাহ গ’ল আৰু অঞ্চলটোৰ গঞাই আতংকিত হৈ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হ’ল । অভিযোগ উঠিছে যে সুদীৰ্ঘ ১৪ দিন ধৰি তৈলখাদটোৰ পৰা অহৰ্নিশে গেছ নিৰ্গত হৈ থকাৰ পাছতো চৰকাৰ, প্ৰশাসন বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে এক ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ’ল ।  ঘটনাটোৰ সম্পৰ্কত আমাৰ মনলৈ কেইটামান প্ৰশ্ন আহিছে ।  
(১) ‘পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬’ অনুসৰি, মানৱসৃষ্ট প্ৰতিটো বৃহৎ প্ৰকল্প এটাক কাৰ্যকৰী ৰূপ দিয়াৰ আগতে ১৯৯৪ চনৰ পৰা ভাৰত চৰকাৰে পৰিৱেশ প্ৰভাৱ নিৰূপণ (Environmental Impact Assessment) ব্যৱস্থা বাধ্যতামূলক কৰিছে । বাঘজানৰ তৈলখাদৰ ক্ষেত্ৰত পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল নে ? (২) যদি পৰিৱেশ প্ৰভাৱ নিৰূপণ কৰা হৈছিল, যিবিলাক চৰ্ত বান্ধি দিয়া হৈছিল সেইবোৰ পালন কৰি খাদটোৰ পৰা তেল আহৰণ কৰি থকা হৈছিল নে ? (৩) তৈলখাদটোৰ পৰা কিমান ব্যাসাৰ্ধৰ বাহিৰত মানুহে বসতি কৰিব পাৰিব সেই সম্পৰ্কে স্পষ্ট নিয়মাৱলী আছিল নে ?  (৪) তেল আহৰণত ব্যৱহাৰ কৰা মেচিনবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছিল নে ?  (৫) তৈলখাদটোৰ ওচৰৰ জৈৱ-বৈচিত্ৰ সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই বিকল্প চিন্তা কৰিছিল নে ? 
যিসময়ত সমগ্ৰ পৃথিৱীতে প্ৰাকৃতিকভাবে সৃষ্ট দুৰ্ঘটনাবোৰক (যেনে-ভূমিকম্প, বজ্ৰপাত, ঘুৰ্ণীবতাহ আদি) নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকলে চেষ্টা চলাই আছে তেনেসময়ত মানৱসৃষ্ট প্ৰকল্প এটাক সুচাৰুৰূপে পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক । 

['নিয়মীয়া বাৰ্তা', ১৬ জুন ২০২০]

Friday, 12 June 2020

বিদ্যালয় বন্ধ: ব্যৰ্থ চৰকাৰী আচঁনি



এইবাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শূন্য ফলাফল দেখুওৱা মুঠ সোতৰখন চৰকাৰী বিদ্যালয় চৰকাৰে বন্ধ কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত এসময়ৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামো আছে । অসমৰ একাংশ চৰকাৰী বিদ্যালয়ৰ আজিৰ পয়ালগা অৱস্থা একেদিনে সৃষ্টি হোৱা নাই । ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতি অনুসৰি, শিক্ষা ব্যৱস্থাটোকো ব্যক্তিগতকৰণ ব্যৱস্থাত সামৰি লোৱাৰপৰাই চৰকাৰী বিদ্যালয়বোৰ প্ৰত্যাহ্বানৰ সম্মুখিন হৈ আহিছে ।  যিবোৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়খনৰ ওচৰৰ সচেতন ব্যক্তি আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে আৰম্ভণিৰপৰাই এই প্ৰত্যাহ্বান মোকাবিলা কৰি আহিছে সেইবোৰ বিদ্যালয়ে আগৰ দৰেই জিলিকি থাকিবলৈ সক্ষম হৈছে ।  ৰাজ্যখনত বহু বছৰ ধৰি শিক্ষক নিযুক্তি বন্ধ হৈ থকাৰ ফলত বিদ্যালয়বোৰে নতুন নীতিৰ প্ৰত্যাহ্বানৰ সৈতে মোকামিলা কৰাত সমস্যাই দেখা দিছিল ।  টেট শিক্ষকৰ নিযুক্তিয়ে সেই সমস্যাৰ ওৰ পেলাইছিল ।  কিন্তু যিবোৰ বিদ্যালয়ে আৰম্ভণিৰেপৰাই চৰকাৰে গ্ৰহণ কৰা নতুন নীতিৰ প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে সেইবোৰ বিদ্যালয়ত টেট শিক্ষকৰ নিযুক্তিও কাম নিদিলে । সেইবোৰ বিদ্যালয়ত ল’ৰা-ছোৱালীৰ নামভৰ্তি ক্ৰমান্বয়ে কমি আহিল ।  চৰকাৰে প্ৰদান কৰা বিনামূলীয়া কিতাপ, ইউনিফম, মধ্যাহ্ন ভোজন আদিয়ে অভিভাৱকক আকৰ্ষণ কৰিব নোৱাৰিলে ।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ১২ জুন ২০২০]