Thursday, 16 March 2017

প্ৰসংগ: প’ষ্ট-ট্ৰুথ

‘আমাৰ অসম’ কাকতত প্ৰকাশিত যোৱা ৩ ফেব্ৰুৱাৰীত ড° অখিল ৰঞ্জন দত্তৰ ‘প’ষ্ট ট্ৰুথ: সত্যৰ অপলাপ আৰু আৱেগৰ ৰণচালি’ আৰু ১৬ ফেব্ৰুৱাৰীত ৰিদিপ খনিকাৰৰ ‘প’ষ্ট-ট্ৰুথ: সত্য আৰু আদৰ্শৰ অপলাপ’ শীৰ্ষক লেখা দুটা পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প’ষ্ট-ট্ৰুথ শব্দটোৰ অৰ্থৰ খাপ খোৱাকৈ দুয়োগৰাকী লেখকে বিশ্বৰ প্ৰেক্ষাপটৰ লগতে ভাৰত আৰু অসমৰ প্ৰেক্ষাপটৰ উদাহৰণ দিবলৈ চেষ্টা কৰিছে। লেখক দুগৰাকীৰ লেখাৰ শিৰনামৰ পৰা স্পষ্ট যে সত্যৰ অপলাপে হৈছে প’ষ্ট-ট্ৰুথ। লেখা দুটাৰ শিৰনাম দুটাৰ মাজত পাৰ্থক্যও দেখা গ’ল। ড° দত্তই আৱেগৰ ৰণচালিক প’ষ্ট-ট্ৰুথ বুলি কোৱাৰ বিপৰীতে ৰিদিপ খনিকৰে আদৰ্শৰ অপলাপক প’ষ্ট ট্ৰুথ হিচাপে ক’ব বিচাৰিছে। আমাৰ যদি বুজাত ভুল হোৱা নাই-ড° দত্তৰ মতে আৱেগ সৃষ্টিৰে মিথ্যাচাৰক সত্য বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰাটোৱেই প’ষ্ট-ট্ৰুথ আৰু খনিকৰৰ মতে এটা আদৰ্শত বিশ্বাসী মানুহে সংশ্লিষ্ট আদৰ্শটোৰ পৰা আঁতৰি অহা কাৰ্যই হ’ল প’ষ্ট-ট্ৰুথ। লেখা দুটা পঢ়ি এনে লাগিল যে প’ষ্ট-ট্ৰুথৰ অৰ্থ অতি বিশাল। কিন্তু, শব্দটোৱে ইমান বিশাল অৰ্থ বহন কৰে জানো?
ৰাজনৈতিক ক্ষেত্ৰত আৱেগৰ ৰণচালি সৃষ্টিকাৰীসকলক একে আষাৰে প’ষ্ট-ট্ৰুথৰ বাবে জগৰীয়া কৰিব নোৱাৰি। ভোট লাভৰ আশাত, ভোটাৰক আৱেগিক কৰি তুলি ৰাজনৈতিক নেতাই গাদী দখলৰ বাবে, নিৰ্বাচন আয়োগে বান্ধি দিয়া নিয়মৰ ভিতৰত যিকোনো প্ৰতিশ্ৰুতিয়ে দিব পাৰে, লাগিলে তেখেত যি আদৰ্শৰেই নহওক কিয়। সেইদৰে ৰাজনৈতিক দলৰ সৈতে অলিখিত চুক্তি কৰা গণ মাধ্যমেও টি আৰ পি বৃদ্ধিৰ বাবে ৰহণ সনা বাতৰি প্ৰচাৰ কৰি আৱেগৰ ধল বোৱাব পাৰে। সেয়া আন্ত:ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় বা স্থানীয় যি পৰ্যায়ৰ গণ মাধ্যমেই নহওক। আচলতে এইবিলাক কাৰ্য প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া নিৰ্ণয় কৰাৰ ক্ষমতা জনসাধাৰণৰ হাততে থাকে। বহু ক্ষেত্ৰত ঘটনা এটা বা পৰিস্থিতি এটা প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া বুজি উঠিবলৈ সময়ৰ প্ৰয়োজন হয়। ৰাজনৈতিক নেতা বা গণ মাধ্যমৰ প্ৰচাৰবিলাক অতিৰঞ্জনৰ পৰা কিছু আঁতৰত থাকি প্ৰচাৰ কৰে বাবে প্ৰচাৰ কৰি থকাৰ সময়ত সেয়া প’ষ্ট-ট্ৰুথ হয় নে নহয় বহু মানুহৰ বাবে স্পষ্ট হৈ নুঠে। সংশ্লিষ্ট নেতা বা গণ মাধ্যমটোৰ প্ৰচাৰৰ দক্ষতাও তাতেই।
চৰকাৰ গঠন কৰা দলটোৱে দেশ এখনৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি প্ৰয়োগ কৰে। ধৰি লোৱা হ’ল যে প্ৰয়োগ কৰা আঁচনিবিলাকত ৰাষ্ট্ৰ নেতাই আৱেগৰ ধল বোৱাইছে। ইয়াত হয়তো কাৰো দ্বিমত নাথাকিব যে প্ৰতিজন নাগৰিকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ এশ শতাংশ কাৰ্যকৰী কৰা কেতিয়াও সম্ভৱ নহয়। বিশেষকৈ ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত ‘সকলোৰে বাবে এক নীতি প্ৰযোজ্য (One size fits for all)’ নীতিৰে প্ৰয়োগ কৰা আঁচনিবিলাক এশ শতাংশ সফল নোহোৱাটোই স্বাভাৱিক। এই ফালৰ পৰা চালে সেই আঁচনিসমূহ সম্পূৰ্ণ সফল নোহোৱা পৰিস্থিতিক একে আষাৰে প’ষ্ট-ট্ৰুথ বুলি অভিহিত কৰা শুদ্ধ নহয়। ৰিদিপ খনিকৰৰ মতে আংশিক সফল হোৱাখিনিক সমৰ্থন নকৰাটোও প’ষ্ট-ট্ৰুথৰ ভিতৰতে পৰে। আমি অৱশ্যে ইয়াক প’ষ্ট-ট্ৰুথ হিচাপে ক’ব বিচৰা নাই। কাৰণ, চৰকাৰৰ সফল অংশক অসফল হিচাপে সমালোচনা কৰি প্ৰচাৰ কৰা কাৰ্যক বিৰোধীয়ে তেওঁলোকৰ দৃষ্টিকোণেৰে তেওঁলোকৰ নীতিৰ ভিতৰতে পেলায়। সেয়া মিথ্যাচাৰ নহয়, বিৰোধীৰ অন্য এক দৃষ্টিকোণহে।
কোনো এটা ৰাজনৈতিক পৰিস্থিতি প’ষ্ট-ট্ৰুথ হয় নে নহয় সেয়া ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্যৰ ওপৰতো নিৰ্ভৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগই অনা যাওক। আমেৰিকাবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰায় সিদ্ধান্তত উপনীত হৈছিল যে হিলাৰী ক্লিণ্টনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ব। কাৰণ, হিলাৰী ক্লিণ্টনৰ ৰাজনৈতিক দক্ষতা আৰু জনপ্ৰিয়তাত কোনো প্ৰশ্ন নাছিল। কিন্তু, ফলাফল ওলোটা হ’ল। ক্লিণ্টনৰ আদৰ্শ পৰাভূত হৈ ডনাল্ড ট্ৰাম্পৰ আদৰ্শই জয়লাভ কৰিলে। ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল। প’ষ্ট-ট্ৰুথৰ তথাকথিত অৰ্থ অনুসৰি এয়াই প’ষ্ট-ট্ৰুথ। হিলাৰী ক্লিণ্টনে জয়লাভ কৰিলে একে অৰ্থ ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে বিচাৰি পালেহেঁতেন। ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰসংগ বাদ দিও এটা কথা স্পষ্ট যে আমেৰিকাৰ জনসাধাৰণ আমাৰ দেশৰ জনসাধাৰণৰ দৰে সহজে আৱেগৰ ঢৌত উটি যোৱা বিধৰ নহয় (সকলো নহয়)। ইতিমধ্যে বিশ্বত কিছুমান নতুন পৰিস্থিতিয়ে দেখা দিছে। যেনে-Brexit, দেশবিলাকৰ মাজত বহুমাত্ৰিক সম্পৰ্কৰ পৰিবৰ্তে দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক সম্পৰ্ক স্থাপনৰ আগ্ৰহ, বিশ্বায়নৰ অৰ্থ সংকীৰ্ণ হোৱাৰ উপক্ৰম হৈছে ইত্যাদি। এনে পৰিস্থিতিত ‘ট্ৰাম্পেহে আমেৰিকাক সফল নেতৃত্ব দিব পাৰিব’ বুলি আমেৰিকাৰ সৰহসংখ্যক জনসাধাৰণে সঠিক সিদ্ধান্তই ল’লে। মন কৰিবলগীয়া যে আৱেগৰ ৰণচালিকে প’ষ্ট-ট্ৰুথ বুলি অভিহিত কৰিলে, ট্ৰাম্প সম্পৰ্কত ড° দত্তই মন্তব্য কৰা ‘ক্ষমতা দখল কৰিয়েই জাৰি কৰা নিৰ্দেশনাৰ পিছত বিশ্বজোৰা ত্ৰাস সৃষ্টি হৈছে’ বাক্যটোকো প’ষ্ট-ট্ৰুথ হিচাপে অভিহিত কৰিব পাৰি। 
এইবাৰ ভাৰতৰ শেহতীয়া বিমুদ্ৰাকৰণৰ প্ৰসংগটো অনা যাওক। যোৱা বছৰৰ ৮ নৱেম্বৰ তাৰিখে এটা ঘোষণাযোগে প্ৰধান মন্ত্ৰীয়ে পাঁচশ আৰু এক হাজাৰ টকীয়া নোট অকস্মাতে বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ সৰহ সংখ্যক মানুহৰে অসুবিধা হৈছিল (হৈছে)। বিৰোধী ৰাষ্ট্ৰীয় কংগ্ৰেছ দলে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াক বিৰোধীতা কৰাৰ উপৰিও দিল্লী আৰু পশ্চিম বংগৰ মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে মুকলি আন্দোলনো কৰিলে। তথাপি পৰিস্থিতিটোৰ দীৰ্ঘকালীন সুফলৰ প্ৰতি লক্ষ্য ৰাখি  জনসাধাৰণে সেই অসুবিধা সহ্য কৰিছিল (কৰিছে)। এই পৰিস্থিতিৰ প’ষ্ট-ট্ৰুথৰ অৰ্থ বিচাৰিলে দেখা যাব যে প্ৰধান মন্ত্ৰী মোদীৰ আদৰ্শক সমৰ্থন কৰাসকলৰ মতে অসুবিধা হোৱা সত্ত্বেও দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে হাঁহিমুখে সেই অসুবিধা সহ্য কৰি থকাটো এটা প’ষ্ট-ট্ৰুথ। মানে-বিৰোধীসকলেহে মিথ্যাচাৰ প্ৰচাৰ কৰিছে। আনহাতে মোদীৰ বিৰোধীসকলৰ মতে মোদীয়ে বিমুদ্ৰাকৰণৰ নীতিৰে ভাৰতৰ অৰ্থনৈতিক ভেটি মজবুত হ’ব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰি দেশখনৰ সৰহ সংখ্যক জনসাধাৰণক আৱেগিক কৰি তুলিছে, কিন্তু ফলাফল আশাব্যঞ্জক নহ’ল। গতিকে পৰিস্থিতিটো এটা প’ষ্ট ট্ৰুথ।       
খনিকৰৰ লেখাটোৰ প্ৰসংগলৈ আহিলে ক’ব পাৰি যে এটা নিৰ্দিষ্ট আদৰ্শত বিশ্বাস কৰি সংশ্লিষ্ট আদৰ্শটোৰ পৰা আঁতৰি অহা পৰিস্থিতিক (অপলাপ) প’ষ্ট-ট্ৰুথ বুলি কোৱাতকৈ আদৰ্শত উপনিত হ’ব নোৱাৰা (Failure) বা আদৰ্শভ্ৰষ্ট হোৱা বুলি কোৱাহে সঠিক হ’ব। প’ষ্ট-ট্ৰুথৰ অভিধানিক অৰ্থ মন কৰিলেই এই যুক্তি স্পষ্ট হৈ পৰে।

যদি সত্যৰ অপলাপই প’ষ্ট-ট্ৰুথ হয়, তেন্তে দুয়োগৰাকী লেখকে প’ষ্ট-ট্ৰুথৰ প্ৰসংগত উল্লেখ কৰা আটাইবোৰ উদাহৰণ প’ষ্ট-ট্ৰুথ শব্দটোৰ অৰ্থৰ সৈতে সম্পূৰ্ণকৈ খাপ খোৱা নাই। যেনে- মধ্যযুগত পোপক ভগৱানৰ ৰূপত দেখা (খনিকৰৰ উদাহৰণ), ভাদ মাহত ক’লী গাইৰ পোৱালী জগিলে তেনে গাইৰ গাখীৰ অব্ৰাক্ষ্মণ সকলে খাব নাপায় (ড° দত্তৰ উদাহৰণ)। এইবিলাক উদাহৰণক প’ষ্ট-ট্ৰুথ বুলি কোৱাতকৈ অজ্ঞতা বুলি কোৱাহে যুগুত হ’ব। অৱশ্যে, ড° দত্তৰ সৈতে দ্বিমত নাই যে মানুহৰ মুক্তিৰ হাবিয়াসে এনে ধৰণৰ অজ্ঞতাৰ লগতে প’ষ্ট-ট্ৰুথক আগভেটি ধৰিব পাৰিছে আৰু ভৱিষ্যতেও পাৰিব। 

প্ৰকাশিত, ‘আমাৰ অসম’, ১২ মাৰ্চ ২০১৭

‘হিন্দু-মুছলমানৰ সম্প্ৰীতিয়েহে বচাব অসমক’

‘নিয়মীয়া বাৰ্তা’ত যোৱা ১৮ জানুৱাৰী তাৰিখে ফৰহাদ ভূঞাৰ ‘হিন্দু-মুছলমানৰ সম্প্ৰীতিয়েহে বচাব অসমক’ শীৰ্ষক লেখাটোৱে আমাৰ অন্তৰ চুই গ’ল।  লেখাটোৱে আমাক বৰ আবেগিক কৰি তুলিলে। কথাখিনি পঢ়ি থাকোতে শেষৰ ফাললৈ আমাৰ চকু দুটা চলচলীয়া হৈ পৰিল। শেষৰ পেৰাগ্ৰাফটো পঢ়িবৰ বাবে হাতেৰে দুচকু মহাৰিহে পঢ়িব লগা হ’ল। (ব্যক্তিগতভাবে আমাৰো এনে সম্প্ৰীতিৰ অভিজ্ঞতা আছে)। 
আচলতে তথাকথিত ধৰ্মক অতিক্ৰম কৰি গঢ়ি উঠা মানসিকতাৰ মানুহৰ বাবে হিন্দু, মুছলমান, খ্ৰিষ্টান আদি শব্দবিলাকৰ অৰ্থ অতি সংকীৰ্ণ। সংশ্লিষ্ট ধৰ্মটোত জন্ম লোৱাৰ বাবে সেই ধৰ্মটোৰ এৰাব নোৱাৰা কিছুমান নীতি-নিয়ম পালন কৰাতেই তেওঁলোকৰ ধৰ্ম শেষ। তেওঁলোকে বুজে যে তাতকৈ বেছি কৰিবলৈ হ’লে ধৰ্ম, অধৰ্মহে হ’ব। কিন্তু এইটো বুজিলে ভুল হ’ব যে ধৰ্মৰ নামত সমাজত ব্যভিচাৰ চলাই থকাসকলে এই কথা নুবুজে। যদিও সেইসকল লোক তেওঁলোকৰ ধৰ্মটোৰ এখন কিতাপ পঢ়িয়েই পণ্ডিত (?) হয়, তেওঁলোকেও গম পায় যে তথাকথিত ধৰ্মটোৰ ওপৰত উঠি ধৰ্মাচৰণ কৰিবলৈ হ’লে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নহ’ব। তেওঁলোককে ধৰ্মগুৰু বুলি ভবা, ধৰ্মৰ ‘ধ’টোকে বুজি নোপোৱা, কিছুমান মানুহৰ মাজত তেওঁলোকৰ সন্মান (?) লাঘব হ’ব আৰু সেই মানুহবিলাকৰ মূৰত নাৰিকল ভাঙি পেট পুহি থকা বেপাৰৰ আধ্যা পৰিব।
     যেতিয়ালৈকে এখন সমাজত তথাকথিত ধৰ্মৰ ওপৰত উঠি চিন্তা কৰিব পৰা মানুহৰ প্ৰভুত্ব নচলিব, তেতিয়ালৈকে সেই সমাজত ধৰ্মৰ নামত বিশৃংখলতাৰ সৃষ্টি হৈয়ে থাকিব। ফৰহাদ ভূঞাক ধন্যাবাদ যে বিশৃংখলতাৰ মাজতো তেখেতৰ দৰে লেখনিয়ে নিশ্চয় কিছুমান মানুহক সহনশীল হোৱাত সহায় কৰিব।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ মাৰ্চ ২০১৭]

Sunday, 6 November 2016

পৰিষ্কাৰ-পৰিচন্নতা আৰু আমি

(এক)
    ১৫ জানুৱাৰি ২০১৬। সপৰিবাৰে শিৱসাগৰলৈ গ’লোঁ। ৰংঘৰৰ বাকৰিত কিছু সময় কটোৱাৰ পাছত  তলাতল ঘৰলৈ গ’লোঁ। প্ৰাকৃতিক তাড়না সহ্য কৰিব নোৱাৰি তলাতল ঘৰৰ চৌহদৰ ভিতৰত কোনফালে প্ৰসাৱগাৰ আছে এবাৰ চকু ফুৰালোঁ। দূৰৈত এটা সৰু ঘৰ দেখি অনুমান কৰিলোঁ যে সেয়া প্ৰসাৱগাৰেই হ’ব। কিছু ওচৰলৈ গৈ দেখিলোঁ-দুৱাৰখনৰ এফাল নাই। ভাবিলোঁ-একো নহয়। চলি যাব। ভিতৰলৈ সোমাও বুলি এখন ভৰি আগবঢ়াই দিছিলোঁহে-সৰ্বনাস! নিৰাপদে ভৰি দিবলৈ দেখোন ঠাই নায়েই। ওচৰা-উচৰিকৈ মানুহৰ বিষ্ঠাই সমগ্ৰ প্ৰসাৱগাৰটোৰ ভিৰতখন ভৰি আছে। পৰিবাৰে জনালে যে ‘মহিলাৰ বাবে’ৰ প্ৰসাৱগাৰটোৰো একেই অৱস্থা। পিছত যেনিবা চৌহদটোৰ এটা চুকত অৱস্থিত আন এটা প্ৰসাৱগাৰত কামফেৰা সমাপন কৰা হ’ল।
    অকল সেয়াই নে? তলাতল ঘৰটোৰ ওচৰতে অৱস্থিত সৰু পুখুৰীটোৰ অৱস্থাও তথৈবচ।  পানীৰ বটল, চিপছৰ পেকেট আদিয়ে পুখুৰীটোৰ পৰিবেশ কদৰ্যময় কৰি তুলিছে। বহুতে হয়তো সেইবোৰ পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰৰ বাবে তলাতল ঘৰটোৰ সৈতে জড়িত মানুহখিনিকে দোষ দিব। আচলতে দোষ তেওঁলোকৰ নে? তলাতল ঘৰৰ ওচৰৰ মানুহবোৰেও টিকটৰ দাম দি নিশ্চয় তালৈ পায়খানা কৰিবলৈ, পানীৰ বটল বা চিপছৰ পেকেট পেলাবলৈ নাযায়। সৌন্দৰ্য বিচাৰি যোৱা মানুহবিলাকৰ মনবিলাক কিমান কদৰ্য হ’ব পাৰে-ইয়াতকৈ আৰু কি উৎকৃষ্ট উদাহৰণ লাগে?
(দুই)
     ৩০ এপ্ৰিল ২০১৬। গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ সুকলমে চলাই নিবৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ কেইটামান দিনৰ অন্তিমটো দিন। গোলাঘাট জিলা নিৰ্বাচনী বিষয়াই আমাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহোটোকো প্ৰশিক্ষণৰ এটা স্থান হিচাপে অধিগ্ৰহণ কৰি ল’লে। ভাগ্যক্ৰমে মোৰ প্ৰশিক্ষণো আমাৰ মহাবিদ্যালয়তে পৰিল। যিহেতু প্ৰশিক্ষণৰ সময়ত বিভাগীয় কতৃপক্ষই প্ৰশিক্ষাৰ্থীসকলক চাহ, পানীৰ বটল আৰু এটা পেকেটত কিছু খোৱা বস্তু যোগান ধৰে, সেয়েহে পেলনীয়া বস্তুবোৰ পেলাবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে প্ৰেক্ষাগৃহটোৰ বাৰাণ্ডাৰ ওচৰতে দুটা ডাঙৰ ডাষ্টবিনৰ ব্যৱস্থা কৰি দিলে। কোৱা বাহুল্য মাথো যে প্ৰশিক্ষাৰ্থীসকল সকলোৱে একো একোজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত ব্যক্তি। কিন্তু লাজ লগা কথাটো হ’ল- কেইজনমান প্ৰশিক্ষাৰ্থীৰ বাহিৰে সৰহ সংখ্যকেই পেলনীয়া বস্তুবোৰ ডাষ্টবিনত নেপেলাই প্ৰেক্ষাগৃহটোৰ ভিতৰত তেওঁলোক বহা চকীখনৰ তলতে পেলাইছে আৰু গেটেই প্ৰেক্ষাগৃটোকে কদৰ্যময় কৰি তুলিছে। প্ৰায়বোৰৰে মানসিকতা হ’ল-মহাবিদ্যালয়ত যিহেতু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থাকে, সিহঁতে প্ৰেক্ষাগৃহটো এনেও চাফা কৰিবই। 
(তিনি)
    ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে ‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভ কৰিলে। দেখা গ’ল যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সকলোৱে নিজ নিজ অঞ্চলটো চাফা কৰিবলৈ লৈছে। মোদীয়ে যিহেতু নিজেই ঝাড়ু মাৰিছে, বহু নামী-দামী ব্যক্তিও ঝাড়ু মাৰিবলৈ সংকোচ নকৰিলে। দেখি এনে লাগিল যেন এইবাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিব। বহুতে আকৌ নিজকে প্ৰচাৰ কৰিবৰ বাবেহে ঝাড়ু মৰিলে। কিন্তু বহুতে বহু পিছতহে বুজিলে যে মোদীয়ে প্ৰতীকী হিচাপেহে হাতত ঝাড়ু লৈছিল। দেশৰ আন কাম এৰি মোদীয়ে অকল ঝাড়ুৱে মাৰি থাকিবনে? মোদী মহাশয়ে ঝাড়ু এৰি দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ ল’লে। বাকীবোৰে (যিবোৰে মোদীৰ পৰা অনুপ্ৰাণিত হৈছিল) দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ সুযোগ নাপালে, ঝাড়ু কিন্তু এৰি দিলে (মোদীৰ দৰে দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ নোপোৱাটোও এটা কাৰণ হ’ব পাৰে)। গতিকে বহুতৰে চাফাই অভিযান বেছিদিন নিটিকিল।
(চাৰি)
      সামাজিক মাধ্যমসমূহত বহু বন্ধুৱে পৃথিৱীৰ উন্নত দেশসমূহৰ নাগৰিকে চাফ-চিকুনতাৰ নীতি-নিয়মসমূহ কেনেদৰে পালন কৰে-সেয়া শ্বেয়াৰ কৰে। আমাৰ দেশৰ, আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাউলিং নামৰ গাঁৱখনৰ ফটো আপলোড কৰি গৌৰৱ অনুভৱ কৰে। কিন্তু নিজে খোৱা চিপছৰ পেকেটটো, পানীৰ বটলটো য’তে ত’তে পেলাই দিয়ে।
     আচলতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে দিশবোৰৰ প্ৰতি আমাৰ দেশৰ সৰহ সংখ্যক মানুহৰে ধাৰণা আংশিক আৰু আবেগিকহে। 

[প্ৰান্তিক, ১৬-৩১ অক্টোবৰ, ২০১৬]

‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’

যোৱা ২৯ আগষ্ট ২০১৬ তাৰিখে ‘আমাৰ অসম’ৰ স্ব-নিৰ্বাচিত শিতানত শ্ৰদ্ধাৰ নগেন শইকীয়াদেৱৰ ‘উদাৰ ভাৰতীয়ত্বৰ প্ৰয়োজন’ লেখাটো পঢ়ি দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। বিশিষ্ট চিন্তাবিদ শইকীয়াদেৱৰ সৈতে আমিও একমত যে ভাৰতবাসীৰ একক পৰিচয় ‘ভাৰতীয়ত্ব’ হিচাপে গঢ়ি তুলিবলৈ হ’লে কিছু উদাৰ দৃষ্টিভংগীৰে আগবঢ়াৰ প্ৰয়োজন আছে। ব্ৰিটিছে তেওঁলোকৰ প্ৰশাসনৰ সুবিধাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত ‘এক ধৰণৰ নীতি’ (One size fits for all) প্ৰয়োগ কৰিছিল। ব্ৰিটিছৰ নীতিকে অনুসৰণ কৰি কেৱল মাত্ৰ প্ৰশাসনৰ সুবিধাৰ বাবে আজিৰ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰিলে কিছুমান অসুবিধা আহি পৰাৰ সম্ভাৱনা আছে। ব্ৰিটিছে তেওঁলোকৰ স্বাৰ্থ পূৰণৰ প্ৰয়োজন অনুসৰিহে তেনে নীতিৰে প্ৰশাসনিক কাৰ্য চলাইছিল। ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰোতে ভাৰতীয় মানুহৰ নিজৰ মাজতে দেখা দিয়া বুজাবুজিৰ অভাৱে তেওঁলোকক লাভাম্বিতহে কৰিছিল। মজাৰ কথাটো হ’ল-ব্ৰিটিছে ভাৰতবৰ্ষ এৰি গ’ল যদিও তেওঁলোকৰ প্ৰশাসনৰ গাঁঠনিৰ বহুখিনি প্ৰয়োগেৰে আজিও ভাৰতৰ প্ৰশাসন ব্যৱস্থা চলি থাকিল। ভাৰতৰ জনসাধাৰণেও ইতিমধ্যে সেই প্ৰশাসন ব্যৱস্থাৰ সৈতে বহুখিনি মিলি যাবলৈ সক্ষম হ’ল। অৱশ্যে, ভাৰতৰ বিভিন্ন জাতি-জনজাতিসকলৰ নিজস্ব কৃষ্টি-সংস্কৃতিৰ ওপৰত তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তৰৰ ক্ষেত্ৰত কিছু নৰম আছিল বাবে এইবোৰ দিশত প্ৰত্যেকৰে নিজস্ব সত্তা কম-বেছি পৰিমাণে আজিও বৰ্তি আছে।
আজি ‘ভাৰতীয়ত্ব’ৰ বাবে নিজস্বভাবে নতুনকৈ ‘এক ধৰণৰ নীতি’ কিছুমান সজাই লৈ প্ৰয়োগ কৰিবলৈ গ’লে, সেই নীতিৰ সৈতে প্ৰত্যেককে এশ শতাংশ মিলাবলৈ চেষ্টা কৰালে কিছুমান অবাঞ্ছিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনাই বেছি। অৰ্থনৈতিক (যেনে-দ্ৰব্য আৰু সেৱা কৰ) বা ৰাজনৈতিক দিশত ‘এক ধৰণৰ নীতি’ প্ৰয়োগ কৰা সম্ভৱ হ’লেও সাংস্কৃতিক, সামাজিক অথবা ধৰ্মীয় দিশত সম্ভৱ কৰি তোলা কঠিন হ’ব। কাৰণ, ৰাজনীতি বা অৰ্থনীতিতকৈ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় দিশত মানুহবিলাক বেছি সংবেদনশীল। যুক্তিৰ খাতিৰত নতুনকৈ সজাই লোৱা ‘ভাৰতীয়ত্ব’ই ভাৰতবৰ্ষৰ ‘মূলসুঁতি’ বুলি ধৰি ল’লেও, ‘মূলসুঁতি’লৈ যোৱাৰ পাছত ‘সুঁতি’টোৱেই হেৰাই গ’লে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে-সেয়া সহজে অনুমেয়।        
   [প্ৰকাশিত, ‘আমাৰ অসম’, ২০ অক্টোবৰ ২০১৬] 

সময়ৰ মূ্ল্য সকলোৰে থাকে

২০১৬ চনৰ জুলাই মাহৰ ২৯ তাৰিখৰ কথা। ডাক্তৰ এজনৰ পৰামৰ্শ মতে শ্ৰীমতীৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত মালিকাধীন পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাটো কৰিব পাৰিব নে নাই আগদিনাই সুধি ল’লোঁ। কেন্দ্ৰটোৰ ৰেচিপ্টচনত বহি থকা ল’ৰাটোৱে সংশ্লিষ্ট ডাক্তৰজন ২৯ তাৰিখে আহিব পাৰিব নে নাই খবৰ ল’লে। ল’ৰাজনে জনালে যে উক্ত তাৰিখত ডাক্টৰজনে পুৱা দহ বজাত সময় দিছে আৰু আমি দহ বজাৰ আগে আগে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হ’বই লাগিব।
গৰমৰ বন্ধ পোৱাৰ বাবে আমি আমাৰ গৃহ জিলা গোৱালপাৰাত আছিলোঁ। আমাৰ ঘৰৰ পৰা নিজৰ গাড়ীৰে সংশ্লিষ্ট কেন্দ্ৰটো পাবলৈ প্ৰায় তিনিঘণ্টা সময় লাগে। ২৯ তাৰিখে পুৱা ছয় বজাৰ আগেয়ে ঘৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’লোঁ। দহ বজাৰ আগে আগে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ তেওঁলোকে ধাৰ্য কৰা অনুসৰি পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিয়া হ’ল। ৰেচিপ্টচনৰ ল’ৰাটোৱে আমাক কেন্দ্ৰটোৰ প্ৰথম মহলালৈ গৈ বহিবলৈ ক’লে। আমাৰ আগেয়ে আৰু কিছুমান মানুহ আহি কোঠাটোত বহি আছে। এজন এজনকৈ মাতি আন পৰীক্ষাসমূহ কৰি গৈছে। কথা পাতি গম পালোঁ যে আমাৰ বাহিৰেও আৰু তিনিহাল দম্পত্তিয়ে একে পৰীক্ষা কৰাবৰ বাবে বাদ চাই আছে। এক ঘণ্টা পাৰ হৈ গ’ল, আমাকহে মতা নাই। কেন্দ্ৰটোৰ আন পৰীক্ষাসমূহ কৰি থকা কৰ্মচাৰী (নে ডাক্টৰ ক’ব নোৱাৰোঁ) এজনক আমাৰ পৰীক্ষাটো কেতিয়া কৰা হ’ব সুধিলোঁ। আমাক জনালে যে সংশ্লিষ্ট পৰীক্ষাটো কৰা ডাক্টৰজন আহি পোৱা নাই। ভাবিলোঁ, গুৱাহাটীৰ কথা। ট্ৰেফিকজামৰ বাবে দেৰি হ’ব পাৰে। বহি বহি আমনি লাগিবলৈ ধৰিলে। এবাৰ বাহিৰলৈ ওলাই গৈ চাহ খাই আহিলোঁ। আৰু আধা ঘণ্টা গ’ল। আমাক মতাৰ কোনো লক্ষণেই দেখা নাই। আকৌ খবৰ কৰিলোঁ। একেই উত্তৰ। ডাক্টৰজন আহি পোৱা নাই। খং উঠি আহিছে যদিও কোনোমতে দমাই থলোঁ। বাৰ বাজি পাৰ হৈ গ’ল। এইবাৰ সিধাই ৰেচিপ্টচনলৈ গৈ খবৰ কৰিলোঁ। ক’লোঁ যে আমাক কি কাৰণত দহ বজাৰ আগেয়ে কেন্দ্ৰটোত উপস্থিত হ’বলৈ কোৱা হৈছিল। ইতিমধ্যে আমাক দুঘণ্টাতকৈ বেছি সময় এনেয়ে বহুৱাই ৰখা হ’ল। ল’ৰাটোৱে জনালে যে সংশ্লিষ্ট ডাক্টৰজন এজন অতি ব্যস্ত আৰু ডাঙৰ ডাক্টৰ। যিকোনো সময়তে মানুহে তেখেতক বিচাৰি আহি থাকে। মই ক’লোঁ যে তেনেহ’লে তেখেতে আমাক দেৰিকৈ আহিবলৈ নক’লে কিয়। ল’ৰাটোৱে অলপ টানকৈয়ে উত্তৰ দিয়ে যে মই কিয় ধৈৰ্য ধৰিব পৰা নাই। ডাক্টৰজন আহিবই। আমাৰ পৰীক্ষা সম্পন্ন হ’বই। ল’ৰাটোৰ উত্তৰ পাই মোৰো খং উঠি আহিল। মই ক’লোঁ, “তুমি যে ধৈৰ্যৰ কথা কৈছা, দুঘণ্টাতকৈ বেছি সময় তোমাৰ সেই ডাঙৰ ডাক্টজনক এনেয়ে বহি থাকিবলৈ ক’বাচোন। বা তুমি নিজেই এনেয়ে বহি থাকিবাচোন। কেনে লাগিব? আৰু সংশ্লিষ্ট ডাক্টৰজনক যে তুমি ডাঙৰ ডাক্টৰ বুলি কৈছা, নিজৰ ৰোগীক সময় দি সময়মতে নিজৰ কামখিনি কৰিব নোৱাৰাজন কিহৰ ডাঙৰ ডাক্টৰ?” “আপুনি কোৱা কথাখিনিও সঁচা” বুলি সি মনে মনে থাকিল। মই বুজি পাইছোঁ যে সিও নিৰুপায়।
এক বজাৰ অলপ আগে আগে যেনিবা আমাক মাতিলে আৰু আমাৰ পৰীক্ষাটো সুন্দৰভাবে সম্পন্ন কৰিলে। পিছে, ডাঙৰ ডাক্টৰজনৰ সময়ৰ জ্ঞান দেখিহে আমাৰ আচৰিত লাগিল। অৱশ্যে, এটা লাভো হ’ল। ডাঙৰ ডাক্টৰৰ এটা সুন্দৰ (?) বৈশিষ্ট্য গম পালোঁ।  

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ, ২০১৬]

Sunday, 11 September 2016

জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কে

যোৱা ২৯ আগষ্ট তাৰিখে ‘আমাৰ অসম’ত প্ৰকাশিত ডা: ইলিয়াছ আলীৰ ‘জনবিস্ফোৰণ: বিশ্বৰ মৃত্যুৰ পৰোৱানা’ লেখাটো পঢ়িলোঁ। ডা: আলীৰ সৈতে দ্বিমত নাই যে জনসংখ্যাৰ দ্ৰুত হাৰৰ বৃদ্ধিয়ে পৃথিৱীখনক ক্ৰমে ধংসৰ মুখলৈ ঠেলি দি আছে। মন কৰিবলগীয়া কথাটো হ’ল- ৰাজনীতি, অৰ্থনীতি বা আন সমস্যা সম্পৰ্কে যিমান গভীৰভাবে আলোচনা কৰা হয়, জনবিস্ফোৰণ সমস্যাটোৰ বিষয়ে সিমান গভীৰভাবে আলোচনা হোৱা দেখা নাযায়।
জনসংখ্যা বৃদ্ধিৰ ফলত হ’ব পৰা বিপদ সম্পৰ্কে থমাছ মালথুছে তেখেতৰ ১৭৯৮ চনত প্ৰকাশিত An Essay on the Principle of Population গ্ৰন্থখনৰ জৰিয়তে বিশ্ববাসীক সজাগ কৰি দিছিল। তেখেতে উপস্থাপন কৰিছে যে বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু খাদ্য শস্যৰ উৎপাদনৰ হাৰ একে নহয়। তেখেতৰ মতে জনসংখ্যা জ্যামিতিক হাৰত (মানে: ২, ৪, ৮, ১৬, ৩২………) আৰু খাদ্য শস্যৰ উৎপাদন গাণিতিক হাৰত (মানে: ২, ৪, ৬, ৮, ১০……...) বৃদ্ধি পায়। অৰ্থাত, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ খাদ্য শস্যৰ উৎপাদনৰ হাৰতকৈ সদায় বেছি হয়। ফলত পৃথিৱীত খাদ্য সংকটে দেখা দিয়ে। খাদ্য সংকটে দেখা দিলে সমগ্ৰ পৃথিৱীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, ব্যাখ্যা নিষ্প্ৰয়োজন।  
অৱশ্য, জনসংখ্যা বৃদ্ধিৰ হাৰ কেনেকৈ নিয়ন্ত্ৰিত হয়, সেই বিষয়েও তেখেতে গ্ৰন্থখনত আলোচনা কৰিছে। তেখেতৰ মতে জন্মৰ হাৰ হ্ৰাস কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপায় হিচাপে তেখেতে কোনো ব্যক্তিয়ে পৰিয়াল পোহপাল দিব পৰাকৈ খাদ্য শস্য উৎপাদন কৰিব নোৱাৰিলে দেৰিকৈ বিয়া পতা বা একেবাৰে বিয়া নাপাতিবলৈ উপদেশ দিছিল। এই পদ্ধতিক তেখেতে প্ৰতিকাৰ মূলক ব্যৱস্থা (Preventive Checks) বুলি কৈছে। অৱশ্যে, জন্মৰ হাৰ হ্ৰাস কৰাৰ বাবে অনৈতকভাবে যৌন ক্ষুধা পূৰণ কৰা, জন্ম নিৰোধক ব্যৱ্স্থা গ্ৰহণ কৰা আদিত তেখেতৰ সমৰ্থন নাছিল। উল্লেখ কৰা দৰকাৰ যে ১৮২০ চন মানৰ পৰা উদ্ভৱ হোৱা নব্য-মালথুছিয়ান সকলে জন্ম নিৰোধক ব্যৱস্থা গ্ৰহণৰ সমৰ্থন কৰিছে। আন এক পদ্ধতি অনুসৰি মৃত্যুৰ হাৰ বৃদ্ধি হৈ জনসংখ্যা নিয়ন্ত্ৰণলৈ আহে। যুদ্ধ, দুৰ্ভিক্ষ, নানান ধৰণৰ বেমাৰ-আজাৰ ইত্যাদি এই পদ্ধতিৰ উপায়ৰ ভিতৰত পৰে। এই পদ্ধতিক তেখেতে ধনাত্মক ব্যৱস্থা (Positive Checks) বুলি কৈছে।
সি যি কি নহওক, দ্ৰুত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ বাবে পৃথিৱীৰ উন্নত দেশবোৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন আঁচনিসমূহ সঠিকভাবেই গ্ৰহণ কৰি কাৰ্যকৰি ৰূপ দিবলৈ ধৰিলে। ফলস্বৰূপে, সেই দেশবিলাকত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিলে। জনসংখ্যা নিয়ন্ত্ৰণ কৰাত সমস্যাই দেখা দিলে ভাৰত, বাংলাদেশ আদিৰ দৰে অনুন্নত দেশবিলাকত (ভাৰতৰ দৰে দেশক উন্নয়নশীল বুলি কোৱা হয় যদিও-সেয়া ভাল লগাবলৈ কোৱাৰ বাহিৰে ইয়াৰ আন একো অৰ্থ নাই যেন লাগে)। আমাৰ দৰে দেশবিলাকত জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনি কঠোৰভাবে বলবৎ কৰিলে ধৰ্মীয় বা সামাজিক সমস্যাই গা কৰি উঠে। যি চৰকাৰে কঠোৰভাবে জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনিসমূহ প্ৰয়োগ কৰিবলৈ বিচাৰে সেই চৰকাৰে আচৰিত ধৰণে নিজৰ জনপ্ৰিয়তা হেৰুৱায়। ভাৰতৰ জুৰুৰীকালীন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ পাঁচটা নীতিৰ ভিতৰত পৰিয়াল পৰিকল্পনা নীতিটো দুই নম্বৰত স্থান পাইছিল। এই নীতিটো কাৰ্যকৰি কৰিবলৈ তেখেতে দুটা সন্তানৰ পাছত প্ৰতিজন পুৰুষকে বাধ্যতামূলকভাবে ব্যন্ধাকৰণ কৰাব বিচাৰিছিল। যাৰ ফলস্বৰূপে ৰাজনীতিত তেখেতৰ জনপ্ৰিয়তা আচৰিত ধৰণে হ্ৰাস পাইছিল।
আচলতে আৰ্থিকভাবে অনুন্নত দেশৰ মানুহবিলাকৰ চিন্তাধাৰাও অনুন্নত হৈ আছে। আমাৰ দৰে দেশবিলাকৰ সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাই ইয়াৰ বাবে দায়ী। বিয়া-বাৰু হৈ যোৱাৰ এবছৰ পাছতে সংশ্লিষ্ট পৰিয়ালৰ লোকে বংশ ৰক্ষাৰ বাবে দম্পত্তিহালৰ পৰা সন্তান আশা কৰা আমাৰ সমাজ ব্যৱস্থাত একেবাৰে সাধাৰণ কথা। তেহেলৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থা যিমানেই বেয়া নহওক কিয়। কোনো দম্পত্তিয়ে একান্ত জৈৱিক কাৰণত সন্তান জন্ম দিবলৈ সক্ষম নহ’লে সমাজত তেওঁলোকৰ অৱস্থা কেনে হয়, সেয়া তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব। শিক্ষাৰ পোহৰ নোপোৱা মানুহৰ মানসিকতাহে যে এনে হয়, তেনে নহয়। এই ক্ষেত্ৰত বহু উচ্চ শিক্ষাৰে শিক্ষিত (?) মানুহৰো মানসিকতাৰ পৰিবৰ্তন ঘটা নাই।  
শিক্ষাৰ বিস্তাৰৰ জৰিয়তে আমাৰ দৰে অনুন্নত দেশবিলাকত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কিছুমান চিন্তাবিদে আশা কৰিছে। এই ক্ষেত্ৰত আমিও একমত যদিও আমাৰ এলান্দুকলীয়া মানসিকতা পৰিবৰ্তন কৰিব নোৱাৰা প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰা কিমান সুফল পোৱা যাব তাত সন্দেহ আছে। তদুপৰি, জনসংখ্যা নিয়ন্ত্ৰণলৈ আহিলেও পৃথিৱীখন মৃত্যুৰ দিশে আগবাঢ়িয়েই থাকিব যদিহে সঁচা অৰ্থত মানুহৰ লালসা নিয়ন্ত্ৰণলৈ নাহে।  


[প্ৰকাশিত, 'আমাৰ অসম', ১১ ছেপ্তেম্বৰ ২০১৬]

Sunday, 21 August 2016

‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’

'আমাৰ অসম’ কাকতত ১ আগষ্ট ২০১৬ তাৰিখে প্ৰকাশিত ভাস্কৰ ফুকনৰ ‘ভি আই পি: এক অতি অভিজাত শ্ৰেণী’ লেখাটো পঢ়িলোঁ। ফুকনে ঠিকেই ধৰিছে যে ভাৰতবৰ্ষত ভি আই পি সকলে এক অতি অভিজাত শ্ৰেণীৰ জীৱন শৈলীৰ সৃষ্টি কৰি লৈছেপিছে সেই শ্ৰেণীটোৰ অতি উচ্চ পৰ্যায়ৰ (?) জীৱন শৈলীৰ বাবে কেৱল সেই শ্ৰেণীৰ মানুহখিনিৰ মানসিকতাই দায়ী নে? এই ক্ষেত্ৰত আমাৰ দেশৰ জনসাধাৰণৰ মানসিকতা, কাণ্ড-কাৰখানা আদিও সমানে জগৰীয়াআমাৰ দেশত সেই শ্ৰেণীৰ মানুহখিনিয়ে যেনেদৰে নিজৰ ৰাজনৈতিক বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ পৰাহে চায়। সেই শ্ৰেণীৰ মানুহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলগা প্ৰসংগটোও ইয়াতে নিহিত আছে।
আচল কথাটো হ’ল, আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ আৰম্ভ কৰিলেই জনসাধাৰণে সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ চৈ লগাবলৈ ধৰেআকৌ, বহু ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ আগষ্ট, ২০১৬]