Wednesday, 1 December 2021

প্ৰসংগ: এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকত বাতিল

 

           যোৱা ২৪ নৱেন্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এ পি এছ ছিৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰা হৈছে ।  চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে ইতিমধ্যে অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱীকে ধৰি অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ এই সিদ্ধান্তটোৰ বিৰূদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।  এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সোনোৱাল চৰকাৰৰ দিনত অসমীয়া ভাষাৰ কাকতখন বাধ্যতামূলক কৰা হৈছিল । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন জিলা আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল । ছখন জিলাৰ বাহিৰে বাকী জিলাৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকতখনৰ পৰীক্ষা দিবলগীয়া হোৱা ব্যৱস্থাটোৱে প্ৰাৰ্থীসকলক অসন্তুষ্ট কৰিছিল ।  ব্যৱস্থাটোৰ বিৰূদ্ধে মাননীয় উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু বিষয়টো এতিয়াও বিচাৰাধীন হৈ আছে ।  মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ব্যৱস্থাটোৰ সমৰ্থনত চৰকাৰে যুক্তি দিব পৰা নাই । সেয়েহে এই কাকতখন চৰকাৰে বাতিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে ।

            চাবলৈ গ’লে চৰকাৰৰ এই সিদ্ধান্তটোক বিৰূদ্ধাচৰণ কৰাৰ বিপৰীতে আদৰণিহে জনাব লাগে । কাৰণ, একে চাকৰিৰ বাবে একেখন ৰাজ্যৰে এটা বৃহৎ অঞ্চলৰ প্ৰাৰ্থীসকলে বাধ্যতামূলকভাবে অসমীয়া ভাষাৰ কাকত এখনৰ পৰীক্ষা দিব লাগে যিটো আন অঞ্চলৰ প্ৰাৰ্থীয়ে দিব নালাগে । অৰ্থাত, পূৰ্বৰ এই ব্যৱস্থা বাতিল কৰি প্ৰাৰ্থীসকলক ন্যায়হে প্ৰদান কৰা হৈছে । কিন্তু, সিদ্ধান্তটোৱে এ পি এছ ছিৰ পৰীক্ষাত বহিব বিচৰা প্ৰাৰ্থীসকলক কিছু সকাহ দিছে যদিও জাতিটোৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন বাতিল কৰাৰ প্ৰসংগত দুটামান কথা চিন্তা কৰিবলগীয়া আছে বুলি আমি ভাবোঁ । প্ৰথমতে, অসমীয়া ভাষাৰ সৈতে সম্পৰ্ক থকা কিছুমান শেহতীয়া পৰিস্থিতিয়ে ভাষাটোক প্ৰাণভৰি ভালপোৱা লোকসকলক শংকিত কৰি তুলিছে ।  উদাহৰণস্বৰূপে, বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ওপৰত ক’লা ৰং সনা, সময়ৰ সীমা বান্ধি দি অসমীয়া ভাষাত লিখা বিজ্ঞাপন সলনি কৰি বাঙালী ভাষাত লিখা বিজ্ঞাপনৰ হ’ৰ্ডিং আঁৰি দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰা, অসমলৈ উত্তৰ ভাৰতীয় সংস্কৃতিৰ দ্ৰুত আগ্ৰাসন ইত্যাদি ।  এ পি এছ ছিৰ পৰীক্ষাৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনে কিছু পৰিমাণে হ’লেও এই শংকাৰ মাত্ৰা হ্ৰাস কৰি আহিছে ।  দ্বিতীয়তে, কোনো এটা ভাষাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিলে সেই ভাষাটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি হয় । সংশ্লিষ্ট ভাষাটো কেৱল কথিত ৰূপত ৰাখিলে ভাষাটোৰ প্ৰয়োজনীয়তা যিমান বৃদ্ধি পায়, লিখিত আৰু কথিত দুয়োটা ৰূপতে ৰাখিব পাৰিলে ইয়াৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পায় ।  কম-বেছি পৰিমাণে ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা পৃথিৱীৰ সকলো দেশতে আছে । গতিকে, ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমৰ দৰে ৰাজ্য এখনৰ চৰকাৰে বিশেষ গুৰুত্ব নিদিলেও ইংৰাজী ভাষাটোৰ প্ৰয়োজনীয়তাৰ ওপৰত তাৎপৰ্যপূৰ্ণ নেতিবাচক প্ৰভাৱ নপৰে । কিন্তু, ৰাজ্যখনৰ ৰাজ্যিক ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰখনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে এ পি এছ ছিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখনে কিছু পৰিমাণে হ’লেও অসমীয়া ভাষাটোৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ডিছেম্বৰ ২০২১]

Thursday, 30 September 2021

প্ৰসংগ: উচ্ছেদ সকলো সহনশীল হওক

 

        যোৱা ২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হ’ল । বাতৰি অনুসৰি ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে । বিশেষকৈ লাঠি এডাল লৈ আৰক্ষীক চোঁচা লৈ অহা লোক এজনৰ মৃত্যুৰ পিছত মৃতদেহটোৰ ওপৰত এজন ফটোগ্ৰাফাৰে জপিয়াই পৰা আৰু মৃতদেহটোক আৰক্ষীৰ লোকে চোঁচৰাই নিয়া দৃশ্যটোৱে সকলো বিবেকবান লোককে অবাক কৰি তুলিছে । 

        চৰকাৰী মাটি বেদখল কৰিলে মহামান্য আদালতৰ নিৰ্দেশ অনুসৰি চৰকাৰে উচ্ছেদ কৰিবলৈ বাধ্য । তেনে মাটি উচ্ছেদ কৰাত আপত্তি কৰিবলগীয়া নাই । কিন্তু, উচ্ছেদ এটা অতি স্পৰ্শকাতৰ বিষয় । কেইবা বছৰ ধৰি বসবাস কৰি থকা মানুহবোৰক কম সময়ৰ ভিতৰতে উচ্ছেদ কৰিবলৈ গ’লে উচ্ছেদিতসকলৰ মানসিক অৱস্থা কেনে হ’ব সেয়া তেওঁলোকৰ বাহিৰে আনে সম্পূৰ্ণকৈ অনুভৱ কৰিব নোৱাৰে । অঞ্চল এটাৰ পৰা কোনো এটা পৰিয়ালক উচ্ছেদ কৰিলে পৰিয়ালটোৱে কেৱল থকা ঘৰটোৰ পৰাহে উচ্ছেদিত নহয় । থকা ঘৰটোৰ লগতে পৰিয়ালটোৱে সেই অঞ্চলটোৰ সৈতে জড়িত আটাইবোৰ উপাদানৰ পৰাই উচ্ছেদিত হয় ।  জানিব পৰা মতে সেই সংশ্লিষ্ট অঞ্চলটো কেইবা দশকৰ পৰাই বেদখল হৈ আছে । যিহেতু বেদখল কম সময়ৰ ভিতৰত হোৱা নাই, সেয়েহে উচ্ছেদ কাৰ্য কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে এশ শতাংশ সফলতা লাভ কৰাৰ সম্ভাৱনা নথকাটোৱেই স্বাভাৱিক ।

          ২৩ ছেপ্টম্বৰৰ ঘটনাটোক লৈ বিভিন্ন পক্ষই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।  ভিডিঅ’সহ দেখুওৱাব পৰাকৈ সদায় গৰম খবৰৰ সন্ধানত থকা একাংশ বৈদ্যুতীন মাধ্যমে ঘটনাটোক পক্ষপাতমূলকভাবে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । বিৰোধী ৰাজনৈতিক দল আৰু একাংশ সংগঠনে ন্যস্তস্বাৰ্থৰ বাবে ঘটনাটোক ব্যৱহাৰ কৰিবলৈ ধৰাৰ ফলত ঘটনাটোৱে ন্যায় আৰু নিৰপেক্ষতাৰ পৰা ক্ৰমে আঁতৰি অহাৰ সম্ভাৱনা অধিক কৰি তুলিছে । একাংশ ৰাজনৈতিক দল আৰু সংগঠনে উচ্ছেদিত লোকসকলক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনক উৎসাহিত কৰিবলৈ ধৰাৰ ফলত বিষয়টোক অধিক জটিল কৰি তুলিছে । যিকোনো এটা স্পৰ্শকাতৰ বিষয়ত দুটা পক্ষৰ সৃষ্টি হ’লে পক্ষ দুটাক অস্থিৰ কৰি তুলিব বিচৰা শক্তিৰ অভাৱ নাই । কাৰণ, এনেকুৱা স্পৰ্শকাতৰ বিষয় আৰু জটিল পৰিস্থিতিত ৰাজনৈতিক দল আৰু সংগঠনসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুযোগ বিচাৰি পায় । সাধাৰণতে, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ নেতাসকলে প্ৰৰোচনামূলক বক্তব্যৰ দ্বাৰা নিজৰ শক্তি প্ৰদৰ্শন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অনুসৰি ইয়াৰ আগৰ দিনকেইটাত চলা উচ্ছেদ কাৰ্যত উচ্ছেদিত লোকসকলে প্ৰশাসনক সহযোগ কৰিছিল । তেনেহ'লে ২৩ ছেপ্টেম্বৰত ইমান ভয়ানক ঘটনা সংঘটিত হোৱাৰ কাৰণ কি ? এটা ব্যক্তিগত টিভি চেনেলৰ টকশ্ব' এটাত উচ্ছেদিত গাঁওখনৰ লোক এজনে জনোৱাৰ মতে প্ৰশাসনৰ সৈতে তেওঁলোকে কৰা আলোচনা সঠিক দিশেৰে আগবাঢ়ি আছিল । কিন্তু, প্ৰশাসনৰ বাহিৰৰ মানুহ আহি তেওঁলোকক ধমকি দি যায় । প্ৰশাসনৰ বাহিৰৰ মানুহবোৰৰ এই কৰ্মকাণ্ডই স্বাভাৱিকতে উচ্ছেদিত লোকসকলক শংকাত ৰাখে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আন শক্তিয়ে (মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা পি এফ আই) উচ্ছিদিতসকলক 'সহায়' কৰিবলৈ আগবাঢ়ি আহে । কোনো এটা পক্ষই যেতিয়া বাহিৰা শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া সমস্যাটোৰ তীব্ৰতা অধিক হৈ পৰে । বিশেষকৈ বাহিৰা শক্তিয়ে যিকোনো এটা পক্ষক উন্মাদ (দুয়ো পক্ষই উন্মাদ হ'লেতো ক'বই নালাগে) কৰি তুলিবলৈ সক্ষম হ'লে সমস্যাটোৱে নতুন সমস্যাৰ সৃষ্টি কৰে । গতিকে, উচ্ছেদৰ দৰে স্পৰ্শকাতৰ বিষয়ত সকলোৱে সহনশীলতা বজাই ৰখা উচিত । 

[প্ৰকাশিত, 'আমাৰ অসম', ৩০ ছেপ্টেম্বৰ ২০২১]



Sunday, 29 August 2021

দল বাগৰা ৰাজনীতিক


        ২০২১ চনৰ   অসম বিধানসভাৰ নিৰ্বাচনৰ কেইমাহমান আগৰে পৰাই ৰাজ্যখনত দল বাগৰা ৰাজনীতিকৰ জোৱাৰ উঠিছিল । দীৰ্ঘকাল ধৰি এটা ৰাজনৈতিক দলৰ হৈ সেৱা (?) আগবঢ়াই অহা একাংশ ৰাজনীতিকে সেই দলটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট নোপোৱাৰ পিছত টিকট লাভৰ আশাত ৰাতিটোৰ ভিতৰতে আন দলত যোগদান কৰিছে ।  এনেকুৱা ৰাজনীতিকো দেখা গৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এটা ৰাজনৈতিক দলৰ পৰা টিকট লাভ কৰি বেলট পেপাৰত নাম উঠাৰ পিছতো সেই দলটো ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে । যথাসময়ত নিৰ্বাচন হৈ গ'ল । নিৰ্বাচনৰ ফলাফলো ওলাল । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিলে । নিৰ্বাচিত হোৱাৰ পিছতো একাংশ ৰাজনীতিকে দল সলনি কৰি আছে । অৱশ্যে, নিৰ্বাচনৰ আগৰ আৰু পিছৰ দল ত্যাগত মাজত কিছু পাৰ্থক্য দেখা গৈছে । নিৰ্বাচনত পিছত বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰৱণতা বেছি হৈছে ।  কি কাৰণত একাংশ ৰাজনীতিকে বিৰোধী দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ?

      বিৰোধী ৰাজনৈতিক দল ত্যাগ কৰি শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰাৰ কাৰণ হিচাপে দলত্যাগী ৰাজনীতিকে যুক্তি দিয়ে যে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এনে কৰিবলগীয়া হৈছে ।  তেওঁলোকে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে বিৰোধী দলত থাকিলে সমষ্টিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পোৱা নাযায় বা পোৱাৰ সম্ভাৱনা নাই । কিন্তু, ৰাইজৰ বুজিবলৈ বাকী নাথাকে যে একমাত্ৰ ক্ষমতাৰ লালসা আৰু ৰাজনৈতিক নিৰাপত্তাৰ বাবেহে তেওঁলোকে শাসনত থকা ৰাজনৈতিক দলত যোগদান কৰে ।  

        কোনো সন্দেহ নাই যে কোনো এজন নামজ্বলা ৰাজনীতিকে দল ত্যাগ কৰিলে সেই দলটোৰ সাধাৰণ সদস্যসকলে মানসিক আঘাত পায় । দল ত্যাগ কৰিলে আদৰ্শত বিশ্বাসী ভোটাৰ আৰু সংশ্লিষ্ট দলটোৰ সাধাৰণ সদস্যসকলৰ প্ৰতি অন্যায়  আৰু অশ্ৰদ্ধা কৰা হয় । কিন্তু, ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আদৰ্শৰ ৰাজনীতি আছে যদিও ব্যতিক্ৰমৰ বাহিৰে আদৰ্শৰ ৰাজনীতি কৰা ৰাজনীতিক নাই । নক’লেও হ’ব যে অসমৰ সাম্প্ৰতিক ৰাজনীতিত ইয়াৰ প্ৰকোপ অধিক হৈছে । যোৱা দশকত অসম মুলকত দেখা গৈছে যে বেছিভাগ দল বাগৰা ৰাজনীতিকৰে জয়জয় ময়ময় অৱস্থা হৈছে । যিসকলে আদৰ্শৰ ৰাজনীতি কৰি দল ত্যাগ কৰা নাই তেওঁলোকৰ অৱস্থা ক্ৰমে বেয়াৰ ফাললৈ গতি কৰিছে । সুবিধাবাদী ৰাজনীতিকে এই গতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সুবিধা বুজি দল ত্যাগ কৰি আন দললৈ ঢাপলি মেলিছে । যিখন ৰাজ্যত দল বাগৰা ৰাজনীতিকে মুখ্য মন্ত্ৰীৰ আসন দখল কৰিবলৈ সুযোগ লাভ কৰে সেইখন ৰাজ্যত বিধায়ক বা সাধাৰণ ৰাজনীতিকে দল ত্যাগ কৰাত একো অস্বাভাৱিকতা নাই ।  এয়া ৰাজ্যখনৰ ভালৰ বাবে নে কালৰ বাবে হৈছে সেয়া আন এক প্ৰসংগ ।

     তাত্ত্বিক দৃষ্টিকোণেৰে ৰাজনীতিকসকল হ’ল ভোটাৰসকলৰ একো একোজন  মধ্যস্থ ব্যক্তি বা এজেণ্ট আৰু  ৰাজনৈতিক দলবিলাক একো একোটা এজেঞ্চী । ৰাজনৈতিক ক্ষেত্ৰখনত এই এজেণ্টসকলে ভোটাৰসকতলৈ বেছি সঠিক খবৰ পায় । সেই খবৰবোৰৰ ভিত্তিত তেওঁলোকে ৰাজনৈতিক আচৰণৰ পৰিৱৰ্তন কৰি থাকে । বুজিবলৈ বাকী নাই যে যিটো এজেঞ্চিত সা-সুবিধা বেছি সেই এজেঞ্চীটোতে তেওঁলোকে যোগদান কৰে ।     

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ আগষ্ট ২০২১]

Tuesday, 27 July 2021

গো-সুৰক্ষা আইনে জনজাতিক অৰ্থনৈতিক নিৰাপত্তা দিবনে ?


        মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰখনে গো-সুৰক্ষাৰ উদ্দেশ্যে বিধানসভাৰ চলিত অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিছে । মূলত: ধৰ্মীয় বিশ্বাস আৰু ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে এই বিধেয়কখন উত্থাপন কৰা হৈছে তাত কোনো সন্দেহ নাই । সি যি কি নহওক, যিকোনো এখন আইন প্ৰণয়ন কৰিবলৈ যোৱাৰ আগতে সংশ্লিষ্ট আইনখনে প্ৰভাৱ পেলাব পৰা সকলোবোৰ দিশ চালিজাৰি চোৱাৰ নিশ্চয় প্ৰয়োজন আছে । প্ৰস্তাৱিত আইনখনো ইয়াৰ ব্যতিক্ৰম নহয় । আমি আলোচনা কৰিব বিচৰা বিষয়টো হ'ল-প্ৰস্তাৱিত গো-সুৰক্ষা আইনখনে অসমৰ জনজাতিসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে নেকি ? 

     ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ১২.৪৫ শতাংশ লোক অনুসূচিত জনজাতিৰ ।  জনজাতিসকল কেৱল এটা সংগঠিত ধৰ্মৰ অন্তৰ্গত লোক নহয় । হিন্দু ধৰ্মালম্বী জনজাতিসকলকে গো মাংস ভক্ষণ নকৰে । কিন্তু, খ্ৰিষ্টান ধৰ্মালম্বী জনজাতিসকলে গো মাংস ভক্ষণ কৰে । অৱশ্যে, নতুনকৈ খ্ৰিষ্টান ধৰ্ম গ্ৰহণ কৰা জনজাতীয় লোকসকল এই ক্ষেত্ৰত ব্যতিক্ৰম ।  গো মাংস ভক্ষণ কৰক বা নকৰক জনজাতীয় লোকসকলে তেওঁলোকৰ পৰিয়ালটোৰ অৰ্থনৈতিক নিৰাপত্তাৰ বাবে ছাগলী আৰু গাহৰিৰ উপৰি গৰুও পোহে ।  দুই-এটা পৰিয়ালৰ বাহিৰে গাঁৱত বসবাস কৰা জনজাতীয় লোকসকলৰ প্ৰতিটো পৰিয়ালৰে দুটাৰ পৰা সাত/আঠটালৈকে গৰু থাকে । সকলোৱে জনা কথা যে বলধক  হাল বোৱা আৰু মৰণা মৰা কামত ব্যৱহাৰ কৰে আৰু গাই গৰুবোৰক বিশেষকৈ গাখীৰ আৰু গৰুৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে পোহে ।  কিন্তু, কেইটামান গৰু কেৱল বিক্ৰী কৰাৰ উদ্দেশ্য পোহে । পৰিয়ালটোৱে আৰ্থিক সংকটত পৰাৰ উপক্ৰম হ’লেই বিক্ৰিৰ বাবে পোহা গৰুকেইটাক বিক্ৰি কৰি দিয়ে ।  বহুতে গৰু বিক্ৰী কৰি ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ খৰচৰ পৰা আৰম্ভ কৰি পকা ঘৰ নিৰ্মাণ কৰালৈকে দীৰ্ঘকালীন পৰিকল্পনা কৰে । মুঠ কথা, জনজাতীয় লোকসকলৰ মাজত গৰুৰ মূল্য ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিতকৈ অৰ্থনৈতিক নিৰাপত্তাৰ সৈতেহে বেছি জড়িত । বিদ্যায়তনিক অধ্যয়নতো ইয়াৰ প্ৰতিফলন ঘটিছে । উদাহৰণস্বৰূপে, ২০১৪ চনত Economic Affairs নামৰ গৱেষণামূলক আলোচনীখনৰ ৫৯ সংখ্যক সংখ্যাটোত ডি কে মজুমদাৰ, ডি এন কলিতা আৰু এছ ছি কলিতাৰ জনজাতিসকলৰ পশুপালন সম্পৰ্কীয় এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল । কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ দহখন জনজাতি অধ্যূষিত অঞ্চলত অধ্যয়ন চলাই তেওঁলোকে পাইছিল যে জনজাতীয় লোকসকলৰ বছৰি মুঠ আয়ৰ ১৯.৪৬ শতাংশ পশুপালনৰ পৰা আহে । অধ্যয়নটোত তেওঁলোকে পশুপালনত ছাগলী আৰু গাহৰিৰ উপৰি গৰুকো অন্তৰ্ভূক্ত কৰিছে ।

    এইটো নিশ্চিত যে যদি প্ৰস্তাৱিত আইনখনে গৰুৰ বজাৰখনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, তেন্তে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব । গতিকে, প্ৰস্তাৱিত আইনখনে যাতে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কসকলে বিধানসভাত বিশেষভাবে আলোচনা কৰাৰ প্ৰয়োজন আছে ।  আন বিধায়কসকলে প্ৰস্তাৱিত আইনখনৰ ওপৰত কি মতামত দিয়ে সেয়া বেলেগ কথা । কিন্তু, জনজাতীয় মূলৰ বিধায়কসকলে জনজাতীয় লোকসকলৰ অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত প্ৰস্তাৱিত আইনখনে পেলাব পৰা বেয়া প্ৰভাৱ সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰা উচিত ।  অন্যথা, জনজাতীয় লোকসকলে অদূৰ ভৱিষ্যতে প্ৰস্তাৱিত আইনখনৰ সন্দৰ্ভত আন বিধায়কসকলৰ মতামতবিলাক মনত নাৰাখিলেও জনজাতীয় মূলৰ বিধায়কসকল যে মৌন হৈ আছিল সেয়া মনত ৰাখিব । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ জুলাই ২০২১, পৃষ্ঠা: ৪]

Saturday, 24 July 2021

ৰাইজে এইবোৰ কি দেখিবলৈ পাইছে ?

     

    শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ বিধানসভাৰ প্ৰথম অধিৱেশনখন যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হৈছে । এই অধিৱেশনখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ । প্ৰথম, দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হ'বলৈ অংগীকাৰবদ্ধ হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন অধিৱেশন । দ্বিতীয়, জনজাতীয় মূলৰ ব্যক্তি এজনে অধ্যক্ষৰ আসন শুৱনি কৰিছে । তৃতীয়, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিছে । চতুৰ্থ, অখিল গগৈয়ে প্ৰায় ডেৰ বছৰ ধৰি জেলত থাকি জেলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেইদিনমান আগতে নিৰ্দিষী হিচাপে প্ৰমাণ পোৱাৰ পিছত বিধানসভাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে । কিন্তু, যোৱা ১৫ জুলাইলৈকে বিধানসভাৰ ভিতৰত সংঘটিত কিছুমান দৃষ্টিকটু দৃশ্য দেখি অসমৰ জনসাধাৰণ নিৰাশ হোৱাৰ উপৰি অস্বস্তি অনুভৱ কৰিছে। 

     ফেচবুক আৰু অসমৰ বৈদ্যুতিন মাধ্যম খুলিলেই অসমৰ চলিত বিধানসভাত চলা এনেকুৱা কিছুমান দৃশ্য দেখিবলৈ পোৱা যায়,  যিবিলাক দৃশ্য অসমৰ মানুহে কেতিয়াও দেখা নাছিল আৰু দেখিবলৈ পাম বুলিও কল্পনা কৰা নাছিল ।  অখিল গগৈয়ে বিধানসভাত মাত মাতিবলৈ আৰম্ভ কৰাৰ পৰাই কিছুমান দৃষ্টিকটু দৃশ্য দেখিবলৈ পোৱা গৈছে । অখিল গগৈৰ মুক্তিৰ পিছত অসমৰ মানুহে অন্তত: ভাবিছিল যে এইবাৰ অসম বিধানসভাৰ অধিৱেশনত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক হ’ব ।  কাৰণ, শত্ৰু হ’লেও এই কথা মানিব লাগিব যে অখিল গগৈ এগৰাকী সংগ্ৰামী নেতা হোৱাৰ লগতে প্ৰচুৰ অধ্যয়শীল ব্যক্তি ।  সেইদৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এগৰাকী অধ্যয়শীল আৰু অভিজ্ঞ ৰাজনীতিক । কিন্তু, প্ৰথম দিনটোৰ পৰাই বিধানসভাত অখিল গগৈয়ে কৰা কিছুমান আচৰণে বহুতকে নিৰাশ কৰিবলৈ ধৰিলে । অধ্যক্ষই নিয়ম অনুসৰি বিধানসভাৰ কাম চলাই নিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ।  দৃশ্যবোৰ দেখি এনেকুৱা লাগিছে  যে তেওঁ একেদিনাই তেওঁৰ ক’বলগীয়া কথাখিনি ক’বলৈ বিচাৰিছে ।  অৱশ্যে, তেওঁৰ এই আচৰণ বিধানসভাত অংশগ্ৰহণ কৰাৰ এটা কৌশলো হ’ব পাৰে । কিন্তু, কৌশল হ’লেও সেয়া গ্ৰহণযোগ্য নহয় ।  ইয়াৰ বিপৰীতে, মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলটোৰ একাংশ বিধায়কে অখিল গগৈৰ এনে আচৰণৰ বাবেই যেন বহুদিন ধৰি বাদ চাই আছিল । সকলো যেন অখিল গগৈক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে । তেওঁলোকে এনেধৰণৰ কিছুমান আচৰণ আৰু বাক্য প্ৰয়োগ কৰি অখিল গগৈক আক্ৰমণ কৰিবলৈ ধৰিলে যিবোৰ আচৰণ আৰু বাক্যৰ প্ৰয়োগ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিব পাৰে বুলি ভাবিবই নোৱাৰি । মুঠ কথা, “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ” , আপ্তবাক্যটো একাংশ মন্ত্ৰী আৰু বিধায়কে পাহৰি গৈছে ।

        এনেকুৱা নহয় যে বিধানসভাৰ চলিত অধিৱেশনখনত গঠনমূলক আলোচনা হোৱা নাই বা উপযুক্ত তথ্যৰ ভিত্তিত যুক্তি-তৰ্ক চল নাই । কিন্তু, যোৱা কেইদিনত যিবোৰ দৃষ্টিকটু দৃশ্য অসমৰ ৰাইজে দেখিবলৈ পাইছে তাৰ তুলনাত প্ৰচুত তথ্যভিত্তিক আৰু বাস্তৱিক বিষয়ৰ ওপৰত চলা যুক্তি-তৰ্কবোৰ তল পৰি গৈছে । এই ক্ষেত্ৰত একাংশ বৈদ্যুতিন মাধ্যমৰ ভুমিকাও সমালোচনাৰ বাহিৰত নহয় । টিআৰপি বৃদ্ধিৰ স্বাৰ্থত একাংশ বৈদ্যুতিন মাধ্যমে অসমৰ পবিত্ৰ বিধানসভাত চলি থকা ইতিবাচক দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দৃষ্টিকটু দৃশ্যবোৰ বেছিকৈ সম্প্ৰচাৰ কৰা দেখা গৈছে ।  অসমৰ প্ৰতিজন মানুহ ইমান পৰিপক্ক হৈ উঠা নাই যে বিধানসভাত চলি থকা নেতিবাচক দৃশ্যবোৰক অৱজ্ঞা কৰি ইতিবাচক দৃশ্যবোৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে । 

  [প্ৰকাশিত, 'আমাৰ অসম', ২৫ জুলাই ২০২১, পৃষ্ঠা: ৪ ]

Monday, 28 June 2021

প্ৰসংগ: ক্ষুদ্ৰ ঋণৰ ৰেহাই

           যোৱা নিৰ্বাচনৰ নিৰ্বাচনী সভাবোৰত অসম চৰকাৰৰ সেই সময়ৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৰাজ্যখনৰ যিসকল মহিলাই ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা ঋণ লৈছিল, তেওঁলোকৰ ঋণবিলাক ৰেহাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যথাসময়ত নিৰ্বাচন গ’ল । এসময়ৰ বিত্তমন্ত্ৰীগৰাকী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হ’ল । তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ক্ষুদ্ৰ ঋণ লোৱা মহিলাসকল এশ শতাংশ আত্মবিশ্বাসী হৈ পৰিল যে চৰকাৰে তেওঁলোকৰ ঋণবিলাক ৰেহাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা নাথাকিব নতুন চৰকাৰখনৰ প্ৰথম কেবিনেটখনতে এই সম্পৰ্কে আলোচনা হ’ল আৰু মন্ত্ৰী অশোক সিংঘালৰ সভাপতিত্বত এখন সমিতি গঠন কৰি দিয়া হ’ল ।   কিন্তু, ঋণ ৰেহাই সম্পৰ্কত সমিতিখনে কেইটামান কঠোৰ চৰ্ত বান্ধি দিয়াৰ লগে লগে সমস্যাটোৱে নতুন মোৰ ল’লে ।  মহিলাসকলৰ যুক্তি হ’ল- ঋণ ৰেহাইৰ ক্ষেত্ৰত নিৰ্বাচনী সভাবোৰত কোনো চৰ্তৰ কথা কোৱা হোৱা নাছিলসমিতিখনে যিকেইটা চৰ্ত বান্ধি দিছে সেইকেইটাৰ ভিত্তিত ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিলে বহু মহিলাই ঋণ ৰেহাই নাপাব আনফালে, চৰকাৰী পক্ষৰ যুক্তি হ’ল- ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নিয়মৰ বাহিৰত তেওঁলোকে যাব নোৱাৰে । সমিতিখনে যিকেইটা চৰ্ত বান্ধি দিছে সেইকেইটাই ৰিজাৰ্ভ বেংকৰ নিয়মৰ ভিতৰতে পৰে 

            ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবিলাক গঢ়ি উঠাৰ মূল উদ্দেশ্য হ’ল-(১) আৰ্থিকভাবে পিছপৰা পৰিয়ালবোৰক ঋণ প্ৰদান কৰি তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টিত সহায় কৰা, (২) মহিলাসকলক বিত্তীয় সাক্ষৰতা প্ৰদান কৰা, (৩) মহিলা সবলীকৰণ কৰা, আৰু (৪) মহিলাসকলৰ মাজত থকা সামাজিক মূলধন শক্তিশালী কৰাউল্লেখযোগ্য যে আৰম্ভণিৰ সময়ত ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানবিলাক মূলেমূলে (No profit, no loss) নীতিৰ আধাৰত গঢ়ি উঠিছিলসময়ৰ লগে লগে এই বিত্তীয় প্ৰতিষ্ঠানবিলাকে আৰম্ভণিৰ সময়ৰ নীতি পৰিহাৰ কৰি লাভজনক ব্যৱসায়ৰ নীতি (Profit making business policy) গ্ৰহণ কৰিলে মন কৰিবলগীয়া যে এই প্ৰতিষ্ঠানবোৰে আৰোপ কৰা সুদৰ হাৰ সচৰাচৰ বেংকৰ সুদৰ হাৰতকৈ বেছি হয় সি যি কি নহওক, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশিত তথ্যৰ পৰা এই কথা অনুমান কৰিব পাৰি যে সৰহ সংখ্যক মহিলাই ঋণ লৈ তেওঁলোকৰ বহনক্ষম জীৱিকা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ ক’ভিড-১৯ৰ পৰিস্থিতিৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ ফলত তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । তদুপৰি, বহুতে ঋণ লৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰা নাই (এই সম্পৰ্কে আমি ২০১৯ চনত এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিলোঁ আৰু ইয়াৰ ফলাফল ইতিমধ্যে ২০১৯ চনৰ ২৯ নৱেম্বৰত ‘আমাৰ অসম’ত প্ৰকাশ পাইছে)আন উদ্দেশ্যকেইটাৰ ক্ষেত্ৰতো ব্যৱস্থাটোৱে উল্লেখযোগ্য সফলতা আৰ্জন কৰিব পৰা নাই ।  আচলতে, উদ্দেশ্যকেইটাৰ ইটোৰ সৈতে সিটোৰ সম্পৰ্ক আছে । এটা উদ্দেশ্য সফল নোহোৱাৰ ফলত বাকী উদ্দেশ্যকেইটাৰ ওপৰতো প্ৰভাৱ পৰিছে ব্যৱস্থাটোৱে বহু পৰিয়ালক আৰ্থিকভাবে বিধস্ত কৰাই নহয় সামাজিক আৰু পাৰিবাৰিক বিশৃংখলতাৰো সৃষ্টি কৰি আহিছে ।  

            নিৰ্বাচনী সভাবোৰৰ আগৰে পৰাই অঞ্চলবিশেষে মহিলাসকলে তেওঁলোকৰ ঋণবিলাক ৰেহাই দিব লাগে বুলি চৰকাৰক অনুৰোধ জনাই আহিছিল  ° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ এই বিষয়টোক তেওঁলোকৰ ৰাজনৈতিক দলটোৰ নিৰ্বাচনী বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ পিছত  বিষয়টোৱে ৰাজনৈতিক গুৰুত্ব লাভ কৰিলে ।  ৰাজনৈতিক গুৰুত্ব লাভ কৰাৰ ফলত বিষয়টো অধিক জটিল হৈ পৰিল ।  অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন নহ’লে বিষয়টোৱে নিৰ্বাচনৰ ফলাফলৰ পিছতে তল পৰিলেহেঁতেন ।  

            যদি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে ক্ষুদ্ৰবিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা সকলো মহিলাৰে  ঋণবিলাক ৰেহাই দিয়ে তেন্তে ব্যৱস্থাটোৱে কিছুমান দীৰ্ঘকালীন সমস্যাৰ সৃষ্টি কৰিব । ঋণ লোৱা (ৰেহাই পোৱা) মহিলাসকল  বিত্তীয় স্বাক্ষৰতা সম্পৰ্কে বৰ্তমানতকৈ কম সচেতন হ’ব  ঋণ লোৱা মহিলাৰ সংখ্যা আৰু ঋণৰ পৰিমাণ আগতকৈ বৃদ্ধি পাব । ভোট লাভৰ আশাত ৰাজনৈতিক দলসমূহে প্ৰতিটো নিৰ্বাচনতে ঋণ ৰেহাইৰ বিষয়টো আনিব ।  ঋণৰ সৈতে ৰিস্কৰ সম্পৰ্কে আছে ।  অৰ্থনীতিৰ মুনাফাৰ এটা তত্ত্ব অনুসৰি, ৰিস্কৰ সৈতে মুনাফাৰ সম্পৰ্ক আছে ।  ৰিস্ক আছে বাবে মুনাফা আছে । চৰকাৰে সকলো ক্ষুদ্ৰ ঋণ ৰেহাই দিলে ঋণৰ সৈতে থকা মুনাফাৰ সম্পৰ্ক নোহোৱা হৈ যাব ।  যদি চৰকাৰে ঋণ ৰেহাই নিদিয়ে তেন্তে চৰকাৰৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি ৰক্ষা নপৰিব । ভৱিষ্যতে ৰাজনৈতিক দলসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতা অধিক হ্ৰাস পাব । 

            এই সমস্যাটো সমাধানৰ বাবে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যাতে দুয়োটা পক্ষৰে বিত্তীয় বোজাৰ পৰিমাণ কম হোৱাৰ উপৰি দীৰ্ঘকালত সামাজিক কল্যাণ আৰু বিত্তীয় দক্ষতাৰ ওপৰত বেয়া প্ৰভাৱ নপৰে ।  এইটো ঠিক যে ঋণ লোৱাৰ সময়ত মহিলাসকলে চৰকাৰৰ অনুমতি লোৱা নাছিল । সেইদৰে, নিৰ্বাচনী সভাবোৰত ড° হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাইৰ কথা কোৱাৰ সময়ত কোনো চৰ্তৰ প্ৰসংগ অনা নাছিল । আমাৰ বোধেৰে ঋণ ৰেহাই সম্পৰ্কীয় চৰ্তসমূহ কিছু শিথিল কৰিব পাৰিলে দুয়ো পক্ষৰে বিত্তীয় বোজাৰ পৰিমাণ কম হ'ব আৰু ঋণ ৰেহাইৰ ফলত হ'ব পৰা দীৰ্ঘকালীন কু-প্ৰভাৱ কিছু কমকৈ পৰিব । 


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮জুন ২০২১, পৃষ্ঠা: ৪]


Thursday, 6 May 2021

‘ষ্টুপিডৰ ষ্টুপিডিটী’ৰ প্ৰসংগত

 

যোৱা ৩০ এপ্ৰিলত ‘আমাৰ অসম’ত প্ৰকাশিত ডাº ভৃংগেশ্বৰ শৰ্মাৰ ‘ষ্টুপিডৰ ষ্টুপিডিটী’ শীৰ্ষক লেখাটো পঢ়িলোঁ ।  লেখাটোৰ দ্বাৰা ডাº শৰ্মাই ধৰ্ম আৰু ৰাজনীতিৰ সৈতে জড়িত ষ্টুপিডসকলৰ প্ৰতি প্ৰকাশ কৰা ক্ষোভক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ ।  সংগঠিত ধৰ্মৰ ধৰ্মীয় পৰম্পৰাই একশ্ৰেণীৰ লোকক উন্মাদ কৰি তোলে ।  সেইদৰে নিৰ্বাচনৰ সময়তো একশ্ৰেণীৰ মানুহ প্ৰয়োজনাধিক উন্মাদ হৈ পৰে ।  শেহতীয়াকৈ, তথাকথিত ধৰ্মগুৰু আৰু স্বাৰ্থপৰ ৰাজনৈতিক নেতাই তেওঁলোকৰ স্বাৰ্থৰ বাবে ক্ৰমে ধৰ্মীয় পৰম্পৰা আৰু নিৰ্বাচনৰ নামত একাংশ মানুহক উন্মাদ কৰি তুলিছিল, যাৰ ফলত আজি সমগ্ৰ ভাৰততে এক ভয়াৱহ পৰস্থিতিৰ সৃষ্টি হৈছে ।   ধৰ্মীয় পৰম্পৰাৰ নামত সৃষ্টি কৰা উন্মাদ পৰিস্থিতয়ে যে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি কৰে, সেয়া বিগত বছৰতে দেখা গৈছিল । পৰিৱেশ এনেদৰেও সৃষ্টি কৰা হৈছিল যে এটা নিৰ্দিষ্ট সংগঠিত ধৰ্মৰ সৈতে জড়িত লোকসকলেই ভাৰতত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ বাবে জগৰীয়া । ইয়াৰ পিছতো কিছুমান সংগঠিত ধৰ্মৰ তথাকথিত ধৰ্মগুৰুসকলে নিজ ধৰ্মৰ সৈতে জড়িত পৰম্পৰাৰ নামত  উন্মাদনাৰ পৰিৱেশ সৃষ্টি কৰি কেইবা লাখ লোকক গোট খুৱালে । ভাৰতৰ তথাকথিত ধৰ্মগুৰুসকল যে অপৰিপক্ক এয়া এক উপযুক্ত প্ৰমাণ ।

দেশ বা ৰাজ্য এখনক সু-নেতৃত্ব প্ৰদানৰ লক্ষ্যৰে সংশ্লিষ্ট দেশখনৰ নাগৰিকসকলে ৰাজনৈতিক নেতাসকলক শাসনৰ গাদীত বহুৱায় । নাগৰিকসকলে সেই ৰাজনৈতিক নেতাসকলক নিৰ্বাচন কৰে যিসকলক সাধাৰণতে দক্ষ তথা দূৰদৰ্শী হিচাপে বিবেচনা কৰা হয় । অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ ৰাজনৈতিক নেতাই   নিৰ্বাচনী প্ৰচাৰৰ সময়ত সৃষ্টি কৰা উন্মাদনাৰ ফলতে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিস্থিতিটোৱে প্ৰমাণ কৰিলে যে ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলক দক্ষ বুলি ক’ব পৰিলেও দূৰদৰ্শী হিচাপে মুঠেই ক’ব নোৱাৰি ।  দুৰ্ভাগ্যজনক কথাটো হ’ল-সংশ্লিষ্ট ৰাজনৈতিক নেতাসকলে ৰাজ্যখনৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে তেওঁলোকে সৃষ্টি কৰা অদূৰদৰ্শী কৰ্মকাণ্ডৰ বাবে অলপো অনুশোচনা কৰা নাই ।  

ভাৰতৰ তথা অসমৰ ক’ভিড-১৯ৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতৰ বাবে ধৰ্মীয় বা ৰাজনৈতিক উন্মাদনাত অংশগ্ৰহণ কৰা লোকসকলো তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলৰ সমানেই দায়ী ।  তথাকথিত ধৰ্মগুৰু আৰু ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ স্বাৰ্থৰ বাবে মানুহক উন্মাদ কৰি তুলিবলৈ চেষ্টা কৰিবই ।  নিজৰ মগজুটো অলপ সক্ৰিয় অৱস্থাত ৰাখিলেই ধৰিব পাৰি যে সেই উন্মাদনাবোৰ তেনেই ক্ষন্তেকীয়া । উন্মাদনাত অংশগ্ৰহণ নকৰাকৈয়ো ধৰ্মৰ সৈতে জড়িত সংস্কৃতিক ৰক্ষা কৰিব পাৰি । সেইদৰে, নিজৰ পছন্দৰ ৰাজনৈতিক নেতাগৰাকীক নিৰ্বাচিত কৰিবৰ বাবে ৰোড শ্ব’ আদিত অংশগ্ৰহণ কৰি ৰাজনৈতিক উন্মাদনাত যোগদান কৰাৰ প্ৰয়োজন নাই, বিশেষকৈ চৌদিশে ক’ভিড-১৯ৰ দৰে ভয়ানক অতিমাৰীৰ সময়ত । ভাৰতবৰ্ষৰ আৰ্থিক আৰু সামৰিক অৱস্থা যিমানেই শক্তিশালী (একাংশই দাবী কৰাৰ দৰে) নহওক কিয়, জনসাধাৰণে নিজৰ মগজুটো সক্ৰিয় অৱস্থাত ৰাখি এলান্দুকলীয়া ধৰ্মীয় পৰম্পৰা আৰু অপ্ৰয়োজনীয় ৰাজনৈতিক উন্মাদনা পৰিহাৰ কৰিব নোহোৱালৈকে আমাৰ দেশখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৭ মে’ ২০২১]