Saturday, 31 May 2025

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ উন্নয়ন (Development of Sixth Schedule Districts of Assam)

             ভাৰতৰ সংবিধানৰ ২৪৪(২) অনুচ্ছেদ অনুসৰি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্যপালে সংশ্লিষ্ট ৰাজ্যখনৰ জনজাতি অধ্যূসিত অঞ্চলক সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰি ৰাজ্যৰ ভিতৰতে স্বায়ত্বশাসিত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে । সংবিধানখনৰ ২৭৫(১) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰদান কৰিব পাৰে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত অসমত বৰ্তমান তিনিখন স্বায়্ত্বশাসিত পৰিষদ আছে ।  সেই তিনিখন হ’ল- কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ হিচাপেও জনা যায়) আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদ (চমুকৈ, বি টি ছি) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ দুখন ক্ৰমে ১৯৫১ আৰু ১৯৫২ চনত গঠন কৰা হৈছিল ।  বড়োসকলৰ দীঘলীয়া সংগ্ৰামৰ ফলস্বৰূপে ২০০৩ চনত বি টি ছি গঠন কৰা হৈছিল ।  অসম ৰাজ্যৰ জিলা হিচাপে বৰ্তমান ডিমা হাছাও পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদে ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে  কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লয় । বি টি ছিয়ে ৰাজ্যখনৰ পাঁচখন জিলাক (কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ) সামৰি লয় ।  

প্ৰথম অৱস্থাত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদসমূহক সামজিক প্ৰথা, সংস্কৃতি, ধৰ্ম, ভূমি, বিবাহ আৰু পৰম্পৰাৰ ক্ষেত্ৰতহে ক্ষমতা প্ৰদান কৰা হৈছিল । কিন্তু, পিছলৈ (১৯৭০ চনত) কৃষি, উদ্যোগ, শিক্ষা (প্ৰাথমিক, মাধ্যমিক, প্ৰাপ্তবয়স্ক), সাংস্কৃতিক পৰিক্ৰমাকে ধৰি ত্ৰিছটা বিষয়ত ক্ষমতা প্ৰদান কৰা হয় । অৱশ্যে, বি টি ছিক আন দুখন স্বায়ত্বশাসিত পৰিষদতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে স্বায়ত্বশাসন প্ৰদানৰ জৰিয়তে জনজাতি অধ্যূসিত জিলাসমূহৰ সাৱলীকৰণ আৰু ৰাজ্য চৰকাৰৰ পৰা ক্ষমতা বিকেন্দ্ৰীভূত কৰাৰ উদ্দেশ্য নিহিত আছে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদসমূহৰ পাৰদৰ্শিতা সন্দৰ্ভত মাজে সময়ে প্ৰশ্ন উত্থাপিত হৈ থাকে । এই লেখাটোত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ মানৱ উন্নয়ন, আয়ৰ অসমতা আৰু দৰিদ্ৰতাৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ।

অসম চৰকাৰে ২০০৩ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ (০.৪০৭) কাৰ্বি আংলং জিলাৰ মান বেছি (০.৪৯৪) আছিল । কিন্তু, ডিমা হাছাও জিলাৰ মান অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ কম (০.৩৬৩) আছিল ।  ২০১৪ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনসৰি (মানৱ উন্নয়ন সম্পৰ্কে অসম চৰকাৰে প্ৰকাশ কৰা এইখনেই শেহতীয়া প্ৰতিবেদন), অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মান বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মানো বৃদ্ধি পাইছে । দুয়োখন জিলাৰে অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ বেছি হৈছে । কিন্তু, বি টি ছিৰ  অন্তৰ্গত এখন জিলাৰ বাহিৰে (চিৰাং)  আটাইকেইখন জিলাৰে মানৱ উন্নয়নৰ মান অসমৰ সামগ্ৰিক মানতকৈ কম দেখা গৈছে । ইয়াৰ পৰা এইটো স্পষ্ট যে মানৱ উন্নয়নৰ ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে, অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল  পাৰদৰ্শিতা দেখুৱাব পাৰিছে ।  কিন্তু, বি টি ছিৰ ক্ষেত্ৰত ইয়াৰ ওলোটা ছবি দেখা গৈছে । পৰিষদকেইখনৰ অন্তৰ্গত জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত অথচ পৰিষদৰ অন্তৰ্গত নোহোৱা জিলাসমূহৰ তুলনামূলক অধ্যয়নৰ পৰা পৰিষদকেইখনৰ পাৰদৰ্শিতাৰ ইংগিত পাব পাৰি । কাৰ্বি আংলং জিলাৰ চাৰিসীমাত মৰিগাঁও, গোলাঘাট, নগাঁও আৰু হোজাই জিলা অৱস্থিত । ২০১৪ চনৰ অসমৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, কাৰ্বি আংলং জিলাৰ মানৱ উন্নয়নৰ মান মৰিগাঁও, গোলাঘাট আৰু নগাঁও জিলাতকৈ বেছি । ডিমা হাছাও জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত কাছাৰ আৰু নগাঁও জিলাতকৈ বেছি (হোজাই জিলা ডিমা হাছাও জিলাৰ চাৰিসীমাত অৱস্থিত, জিলাখন ২০১৫ চনত গঠন হৈছিল, সেয়েহে তুলনাৰ বাবে নগাঁও জিলাকে সামৰি লোৱা হৈছে) । বি টি ছিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত বৰপেটা আৰু বঙাইগাঁও জিলাতকৈ কম, কিন্তু ধুবুৰী জিলাতকৈ বেছি । চিৰাং জিলাৰ মানৱ উন্নয়নৰ মান, জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ বেছি, কিন্তু বৰপেটা জিলাতকৈ কম । বাক্সা জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (বৰপেটা, নলবাৰী আৰু কামৰূপ) কম । ওদালগুৰি জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম, কিন্তু দৰং জিলাতকৈ বেছি ।  ইয়াৰ পৰা বুজা যায় যে মানৱ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ  চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল পাৰদৰ্শিতা দেখুৱাইছে । কিন্তু, বি টি ছিৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহৰ তুলনাত মিশ্ৰিত পাৰদৰ্শিতা দেখুৱাইছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদতকৈ পঞ্চাছ বছৰৰ পিছত বি টি ছি গঠন হোৱাৰ বাবে মানৱ উন্নয়নৰ ক্ষেত্ৰত পৰিষদখনৰ অন্তৰ্গত জিলাকেইখনে ভাল পাৰদৰ্শিতা দেখুৱাব পৰা নাই বুলি ক’ব পাৰি (আন কাৰণৰ উপৰি) ।  

তালিকা ১: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাকেইখনৰ মানৱ উন্নয়নৰ মান,

জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ

মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

কাৰ্বি আংলং

০.৬১২

০.৬

১৬.৬০

পশ্চিম কাৰ্বি আংলং*

-----

----

২৪.০৯

ডিমা হাছাও

০.৬৩৮

০.৩

১৩.৬৩

কোকৰাঝাৰ

০.৫১৯

০.৪

১৮.৯২

চিৰাং

০.৬১৪

০.৫

১৮.৯২

বাক্সা

০.৪৩৭

০.৪

১৬.৭৯

ওদালগুৰি

০.৫২৩

০.৫

১৯.১৬

অসম

০.৫৫৭

০.৫

১৯.৩৫

    Source:  Assam Human Development Report, 2014 & India Multidimensional

     Poverty Index, 2023.

               * পশ্চিম কাৰ্বি আংলং জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

 

জিনি সহগৰ জৰিয়তে আয়ৰ অসমতাৰ আভাষ পাব পাৰি গিনি সহগ হ’ল- কোনো এখন অৰ্থনীতিৰ ধনী আৰু দৰিদ্ৰ ব্যক্তি বা পৰিয়ালৰ মাজৰ ব্যৱধানৰ জোখাৰ পৰিমাপ ।  জিনি সহগ বেছি হোৱা মানে আয়ৰ অসমতা অধিক থকা বুজায় ।  ২০১৪ চনৰ তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ বেছি । ডিমা হাছাও জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ কম পোৱা গৈছে ।  বি টি ছিৰ অন্তৰ্গত চিৰাং আৰু ওদালগুৰি জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ সৈতে সমান । কিন্তু, অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ তুলনাত কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আয়ৰ অসমতা কম  (তামুলপুৰ জিলাখন ২০২৩ চনত গঠন হৈছিল বাবে জিলাখনৰ আয়ৰ অসমতাৰ তুলনাত আনিব পৰা নাযায়) ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ সৈতে তুলনা কৰিলে দেখা যায় যে  কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (মৰিগাঁও, নগাঁও, গোলাঘাট) আটাইকেইখন জিলাৰ আয়ৰ অসমতাতকৈ বেছি । আয়ৰ অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাই ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (কাছাৰ আৰু নগাঁও) ডিমা হাছাও জিলাৰ আয়ৰ অসমতা কম ।  কোকৰাঝাৰ জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী) আটাইকেইখন জিলাতকৈ  কম ।  চিৰাং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ কম হোৱাৰ বিপৰীতে বৰপেটা জিলাতকৈ বেছি ।  কোকৰাঝাৰ জিলাৰ দৰে বাক্সা জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত (বৰপেটা, নলবাৰী আৰু কামৰূপ) অৱস্থিত আটাইকেইখন জিলাতকৈ কম । ওদালগুৰি জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম । কিন্তু, দৰং জিলাৰ সৈতে সমান ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলা আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ আয়ৰ অসমতাৰ  জিনি সহগৰ গড় মান তুলনা কৰিলে দেখা যায় যে ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাতকৈ ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে (ষষ্ঠ অনুসূচীত অন্তৰ্গত আৰু বাহিৰৰ জিলাসমূহৰ গড় জিনি সহগ ক্ৰমে ০.৪৬ আৰু ০.৫৩)    এক কথাত, স্বায়ত্বশাসন ব্যৱস্থাই জনজাতীয় অঞ্চলসমূহক আয়ৰ অসমতা হ্ৰাস কৰাত অৰিহণা যোগাইছে ।  

তালিকা ২: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ  চাৰিসীমাত অৱস্থিত (ষষ্ঠ অনুসূচীৰ বাহিৰৰ)

জিলাকেইখনৰ মানৱ উন্নয়নৰ মান, জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

মৰিগাঁও

০.৫৭৬

০.৪

২২.৪৬

নগাঁও

০.৫৯২

০.৫

২০.৮৪

হোজাই*

-----

-----

১৪.১৩

গোলাঘাট

০.৫৪৩

০.৪

১৪.৬০

কাছাৰ

০.৪৬৩

০.৫

৩০.৫৮

বৰপেটা

০.৬২৪

০.৫

১৯.১২

বঙাইগাঁও

০.৫৬৪

০.৬

১৭.৩৯

ধুবুৰী

০.৪৮২

০.৫

২৬.০২

দ: শালমাৰা-মানকাচাৰ**

-----

-----

২৮.২৪

নলবাৰী

০.৫৬৪

০.৬

১৭.৩৯

কামৰূপ

০.৬২৪

০.৪

১৯.১২

শোণিতপুৰ

০.৫২৬

০.৯

১৯.২৪

দৰং

০.৫১৯

০.৫

২৩.৬৫

   Source: Assam Human Development Report, 2014 & India Multidimensional

  Poverty Index, 2023.

      *হোজাই জিলাখন ২০১৫ চনত গঠন কৰা হৈছে ।

 **দক্ষিণ শালমাৰা-মানকাচাৰ জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

     দৰিদ্ৰতাৰ ক্ষেত্ৰত দেখা গৈছে যে ষষ্ঠ অনুসূচীত অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ বাহিৰে আটাইকেইখন জিলাৰে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক অসমৰ সামগ্ৰিক বহুমাত্ৰিক সূচকাংকতকৈ কম (বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক কম হোৱা মানে দুখীয়া লোক কম থকা বুজায়) ।  কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ  চাৰিসীমাত অৱস্থিত গোলাঘাট আৰু হোজাই জিলাতকৈ বেয়া, কিন্তু নগাঁও জিলাতকৈ ভাল । পশ্চিম কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ বেয়া দেখা গৈছে ।  ডিমা হাছাও, চিৰাং আৰু ওদালগুৰি জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল । কোকৰাঝাৰ জিলাৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাৰ বাহিৰে আটাইকেইখন জিলাতকৈ কম পোৱা গৈছে । বাক্সা জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ ভাল দেখা গৈছে ।

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসনৰ ব্যৱস্থা থকা জিলাসমূহে মানৱ উন্নয়নৰ বৃদ্ধি, আয়ৰ অসমতা আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, উল্লিখিত দিশসমূ্হত এই জিলাসমূহে তুলনামূলকভাবে অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল অৱস্থাত উপনিত হ’ব পাৰিছে । ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ (ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত) তুলনাত ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে সামগ্ৰিকভাবে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । এক কথাত, ষষ্ঠ অনুসূচীৰ অধীনত প্ৰদান কৰা স্বায়ত্বশাসন ব্যৱস্থাই জনজাতি অধ্যূসিত অঞ্চলসমূহৰ সাৱলীকৰণত কিছু পৰিমাণে হ’লেও অৰিহণা যোগাইছে ।

তথ্যৰ উৎস

১) Assam Human Development Report, 2003, Planning and Development Department, Government of Assam.   

২) Assam Human Development Report, 2014, Planning and Development Department, Government of Assam.   

৩) Hansaria, V. (2016): Justice Hansaria’s Sixth Schedule to the Constitution, 4th Edition, (Delhi: Universal Law Publishing).

৪)  India Multidimensional Poverty Index, 2023, NITI Aayog.

৫) The Constitution of India, (2024), Fingerprint.

৬) নাথ, মনোজ কুমাৰ (২০১৩): অসমৰ জনজাতি ৰাজনীতি, (গুৱাহাটী: আলিবাট) ।

[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XLIV, No. 3, 1-15 January 2025]

 

অসমৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন (Change in Identity of Tribals of Assam)

             পৃথিৱীৰ সকলো জনগোষ্ঠীয়ে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিব বিচাৰে । সুকীয়া পৰিচয়ে সংশ্লিষ্ট জনগোষ্ঠীটোত অন্তৰ্ভূক্ত লোকসকলক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তোলে । জনগোষ্ঠী এটাৰ সুকীয় পৰিচয় প্ৰতিষ্ঠা হ’লে কেৱল সংশ্লিষ্ট জনগোষ্ঠীটোৰ লোকসকলহে যে আত্মবিশ্বাসী আৰু শক্তিশালী হৈ উঠে তেনে নহয়, অঞ্চলটোৰ সামগ্ৰিক পৰিচয়য়েই উজ্জ্বল হৈ পৰে । অসমৰ জনজাতিসকলে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই আহিছে । সুকীয়া পৰিচয় সম্পৰ্কীয় বিচাৰ্য বিষয়বোৰে বিভিন্ন সময়ত অসমত আন্ত:জনগোষ্ঠীয় সংঘাতৰ (Inter-ethnic conflict) কাৰক হিচাপে চিহ্নিত হৈ আহিছে । সংঘাতৰ পিছত  জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশো সৃষ্টি হৈছে ।  চিন্তাজনক কথাটো হ’ল- সেই সমন্বয় সুস্থিৰ (Steady) হৈ নাথাকে । আন্ত:জনগোষ্ঠীয় সংঘাত আৰু  সমন্বয়ৰ ফলত ৰাজ্যখনৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটি আহিছে । কি পৰিস্থিতিত, অসমৰ জনজাতিসকলৰ পৰিচয়ৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে । 

            প্ৰশ্ন হ’ল-অসমৰ জনজাতিসকলৰ আৰম্ভণি পৰিচয় কি আছিল ? এই প্ৰশ্নটোৰ পোনপতীয়া উত্তৰ দিয়া সহজ নহয় ।  কিন্তু, এইটো ঠিক যে অসমৰ জনজাতিসকলে স্বাভাৱিকতে নিজে দিয়া পৰিচয় আৰু আন জনগোষ্ঠীয়ে জনজাতিসকলৰ বাবে গঢ়ি তোলা পৰিচয়ৰ মাজত পাৰ্থক্য আছে । পাৰ্থক্য নথকা হ’লে ৰাজ্যখনৰ জনজাতিসকলে আত্মপৰিচয়ৰ বাবে দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই থকাৰ প্ৰয়োজন নাছিল আৰু তাৰ ফলত পৰিচয়ৰ পৰিৱৰ্তন ঘটাৰো সম্ভাৱনা নাছিল । গতিকে, আন জনগোষ্ঠীয়ে জনজাতিসকলক প্ৰথমতে কেনেধৰণৰ পৰিচয় দিছিল বা দিবলৈ বিচাৰিছিল, সেয়াই তেওঁলোকৰ আৰম্ভণিৰ পৰিচয় আছিল বুলি ক’ব পৰা যায় ।

            প্ৰাকৃতিক তথা ভৌগোলিক পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ সুকীয়া সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক পৰিচয় গঢ়ি উঠে । উদাহৰণস্বৰূপে, আফ্ৰিকাৰ কোনোবা এখন দেশৰ জনগোষ্ঠী এটাৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় অসমৰ জনগোষ্ঠী এটাৰ সৈতে একে নহয় ।  সংশ্লিষ্ট অঞ্চলটোৰ প্ৰাকৃতিক তথা ভৌগোলিক পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ যি পৰিচয় গঢ়ি উঠে, তেওঁলোকৰ দৃষ্টিভংগীৰে সেয়াই সন্মানজনক আৰু গ্ৰহণযোগ্য পৰিচয় । কিন্তু, আন জনগোষ্ঠীয়ে তেওঁলোকৰ সেই পৰিচয়ক সহজভাবে নলৈ তেওঁলোকৰ দৃষ্টিভংগীৰে সংশ্লিষ্ট জনগোষ্ঠীটোক বেলেগ এটা পৰিচয় দিবলৈ চেষ্টা কৰে ।  আন জনগোষ্ঠীৰ পৰিচয় নিৰ্ধাৰণ কৰাৰ অন্তৰালত সাধাৰণতে তেওঁলোকৰ তুলনাত সংশ্লিষ্ট জনগোষ্ঠীটোক ‘হীন’ বা ‘নীচ’ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিপ্ৰায় লুকাই থাকে । অসমৰ জনজাতিসকলো এই অভিপ্ৰায়ৰ চিকাৰ হৈছিল ।  বৰ্তমানৰ উত্তৰ-পূৱ ভাৰতৰ জনজাতীয় লোকসকলক মহাভাৰত, পুৰাণ আদি পৌৰাণিক কাহিনীবোৰত দেশখনৰ আন অঞ্চলৰ জনগোষ্ঠীবোৰৰ তুলনাত ‘নীচ জাতৰ’ জনগোষ্ঠী হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে । আৰ্যসকলে বৰ্তমানৰ জনজাতিসকলক ‘কিৰাত’ অৰ্থাত, ‘ম্লেছ’ হিচাপে পৰিচয় দিছিল ।  তেওঁলোকৰ দৃষ্টিত জনজাতীয় লোকসকল পাহাৰত থকা খঙাল, জ্ঞান-বুদ্ধি কম থকা ধৰণৰ লোক । ‘পদ্মপুৰাণ’ৰ ‘সৃষ্টি খণ্ডত’ত তেওঁলোকক বৰ্বৰ, সৰ্বভক্ষণকাৰী, জধামুৰ্খ, গো আৰু ব্ৰাক্ষ্মণ হত্যাকাৰী আৰু কোনো ভাল ৰীতি-নীতি নথকা লোক বুলি কোৱা হৈছে । মহাভাৰত, ৰামায়ণ, পুৰাণ আদি পৌৰাণিক কাহিনীবোৰে জনজাতীয় লোকসকলৰ মাজত প্ৰচাৰ লাভ কৰাৰ ফলত তেওঁলোকৰ নেতৃস্থানীয় লোকসকলে সঁচাকৈয়ে ‘নীচ জাত’ৰ জনগোষ্ঠী হিচাপে ভাবিবলৈ ধৰিলে । ফলসস্বৰূপে, তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচুৰ্যমণ্ডিত আৰু উজ্জ্বল হোৱাৰ পিছতো তেওঁলোকে আৰ্য সংস্কৃতি  গ্ৰহণ কৰিবলৈ ধৰিলে ।  কিন্তু, আৰ্য সংস্কৃতি গ্ৰহণ কৰিলেও তেওঁলোকে পূৰ্বৰ অনাৰ্য সংস্কৃতি এৰি দিয়া নাছিল বা এৰি দিব পৰা নাছিল । এক কথাত, আৰ্য  আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণেৰে অসমৰ জনজাতিসকলৰ এক নতুন পৰিচয় গঢ়ি উঠিল যাক ‘কৈৰাতজ সংস্কৃতি’ হিচাপে চিহ্নিত কৰিব পাৰি ।   

            ব্ৰিটিছ চৰকাৰে অসমত প্ৰৱৰ্তন কৰা আধুনিক শিক্ষা ব্যৱস্থাই জনজাতিসকলকো সামৰি লৈছিল ।  আধুনিক শিক্ষাৰ সুবিধা লাভ কৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা ওলাই অহা শিক্ষিতচামে বুজি উঠিছিল যে নিজকে ‘উচ্চ জাতৰ’ মানুহ বুলি পৰিচয় দিব বিচৰা অজনজাতীয় লোকসকলে জনজাতীয় লোকসকলক সামাজিক আৰু সাংস্কৃতিকভাবে ‘হীন জাতৰ’ লোক হিচাপে প্ৰতিষ্ঠা কৰি আহিছে । তদুপৰি, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা উপভোগ কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বঞ্চিত কৰি থকা হৈছে । এনেধৰণৰ বৈষম্যৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে তেওঁলোকে প্ৰথমে নিজ নিজ জনগোষ্ঠীৰ মাজত একগোট হৈছিল । বিংশ শতিকাৰ দ্বিতীয় দশকত গঠন হোৱা সদৌ অসম কছাৰী সন্মিলনী, মিৰি সন্মিলনী, লালুং সন্মিলনী আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ ।  আন কথাত, তেওঁলোকে নিজ নিজ জনগোষ্ঠীৰ পৰিচয়ৰ স্বীকৃতি লাভৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল ।  সংগ্ৰামৰ আৰম্ভণিয়ে তেওঁলোকক সুকীয় পৰিচয় প্ৰতিষ্ঠাৰ এক নতুন দিশৰ সন্ধান দিছিল ।  আন কথাত, বিংশ শতিকাৰ দ্বিতীয় দশকত জনজাতিসকলৰ পৰিচয় সংগ্ৰামী সত্তালৈ পৰিৱৰ্তন হৈছিল । সামাজিক আৰু অৰ্থনৈতিক বঞ্চনাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে নিজ নিজ জনগোষ্ঠীৰ মাজতে একগোট হৈ কৰা সংগ্ৰামৰ ধাৰা বিংশ শতিকাৰ তৃতীয় দশকলৈকে অব্যাহত আছিল ।  অৱশ্যে, পৰিস্থিতি সাপেক্ষে কিছুমান জনজাতিয়ে জনজাতীয় পৰিচয়ৰ উপৰি অসমীয়া হিচাপেও পৰিচয় দিছিল । উদাহৰণস্বৰূপে, ১৯২৮ চনত ছাইমন কমিছনক সাক্ষাৎ কৰাৰ সময়ত বড়োসকলে Bodo speaking Assamese হিচাপে পৰিচয় দিছিল ।

            সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা বৈষম্য হ্ৰাস কৰাৰ উদ্দেশ্যে অসমৰ জনজাতিসকলে একগোট হোৱাৰ আৱশ্যকতা অনুভৱ কৰিছিল । ১৯৩৩ চনত ‘আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal League, পিছলৈ ট্ৰাইবেল লীগ হিচাপে জনপ্ৰিয় হয় ) গঠন কৰি সেই সংগ্ৰামৰ আৰম্ভণি কৰিছিল । অৰ্থাত, জনজাতিসকলৰ পৰিচয় সামাজিক আৰু অৰ্থনৈতিক দিশৰ উপৰি ৰাজনৈতিক ক্ষেত্ৰলৈও উত্তৰণ ঘটিছিল । ৰাজনৈতিক পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ১৯৩৩ চনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা সময়লৈকে (১৯৪৭) জনজাতিসকলে কেতিয়াবা মুছলিম লীগ আৰু কেতিয়াবা ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন জনাই প্ৰাদেশিক চৰকাৰৰ অংশীদাৰ হৈছিল । ভাৰতৰ স্বাধীনতাৰ পিছত ট্ৰাইবেল লীগৰ নেতৃত্বই লীগক ভংগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনৈতিক ক্ষেত্ৰত অসমৰ জনজাতিসকলে মূলসূঁতিৰ অসমীয়াৰ সৈতে একে পৰিচয়  দিয়াৰ ইংগিত দিছিল । 

            কিন্তু, দেশখনৰ স্বাধীনতাৰ এটা দশক পাৰ নহওতেই পাহাৰীয়া জনগোষ্ঠীবোৰৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছিল ।  উগ্ৰ অসমীয়া জাতীয়তাবাদীয়ে গ্ৰহণ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক কামকাজে পাহাৰীয়া জনজাতীয় লোকসকলক আঘাত কৰিছিল । উদাহণস্বৰূপে, অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল । আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল । চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, ইয়াক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায় ।  APHLCএ কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল মিকিৰ (বৰ্তমানৰ কাৰ্বি) পাহাৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল  এই পৰিস্থিতিয়ে পিছলৈ পাহাৰীয়া জনজাতিসকলক সুকীয়া পৰিচয় গঢ়ি তোলাত যথেষ্ঠ সহায় কৰিছিল ।  উদাহৰণস্বৰূপে, ১৯৬৩ চনত নাগাসকলে নাগালেণ্ড নামেৰে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ।

            নাগাসকলে সুকীয়া ৰাজ্য লাভ কৰাৰ  পিছত ৰাজ্যখনৰ পাহাৰৰ আন জনজাতি, বিশেষকৈ মিজোসকলেও, ৰাজনৈতিক ক্ষেত্ৰত সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাৰ দাবীত তীব্ৰ আন্দোলন কৰিছিল । মিজোসকলৰ এই দাবীৰ প্ৰতিক্ৰিয়া হিচাপে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে জনাইছিল যে অসমক ফেদাৰেলৰ ভিত্তিত পুনৰ গঠন কৰা হ’ব ।  প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছত ৰাজ্যখনৰ ভৈয়ামৰ জনজাতিসকলেও তেওঁলোকৰ ৰাজনৈতিক পৰিচয় শক্তিশালী কৰাৰ উদ্দেশ্যে সচেতন হৈ পৰিছিল । কংগ্ৰেছৰ নেতাসকলৰ ওপৰত আস্থা ৰাখি ট্ৰাইবেল লীগক ভংগ কৰি যে ৰাজনৈতিক ভুল কৰিছিল সেয়া ভৈয়ামৰ জনজাতিসকলে অনুভৱ কৰিছিল । সেয়েহে তেওঁলোকে ৰাজনৈতিকভাবে একগোট হোৱাৰ উদ্দেশ্যে ১৯৬৭ চনত বীৰুচান দলেক সভাপতি আৰু চৰণ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ ‘অসম ভৈয়াম জনজাতি পৰিষদ (Plains Tribals Council of Assam, চমুকৈ PTCA) নামেৰে এটা নতুন ৰাজনেতিক দল গঠন কৰিছিল ।  জনজাতিসকলৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ‘উদয়াচল’ নামেৰে অসমৰ ভিতৰতে এখন সুকীয়া ৰাজ্য গঠন কৰিবলৈ উত্থাপন কৰা দাবীটোক  PTCA সমৰ্থন জনাইছিল । ৰাজ্যখনৰ অজনজাতীয় ৰাজনৈতিক নেতৃত্বত গঢ়ি তোলা ১৯৭২ চনৰ মাধ্যম আন্দোলনে জনজাতিসকলৰ সুকীয় পৰিচয়ৰ সংগ্ৰাম ৰাজনৈতিক ক্ষেত্ৰৰ উপৰি শৈক্ষিক ক্ষেত্ৰলৈয়ো বিয়পি পৰিছিল । এই সংগ্ৰামে মূলসূঁতিৰ অসমীয়াৰ পৰা জনজাতিসকলক বহুদূৰ আঁতৰাই আনিলে । উদাহৰণস্বৰূপে, ৰাভা আৰু দেউৰী জনজাতিৰ বাহিৰে ৰাজ্যখনৰ আটাইবোৰ জনজাতিয়ে (যিসকলৰ নিজৰ ভাষা আছে) অসমীয়া লিপি ত্যাগ কৰি দেৱনাগৰী লিপি গ্ৰহণ কৰিলে ।

১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে বিদেশী খেদা?) আন্দোলনটোৱে জনজাতিসকলক পুনৰ মূলসূঁতিৰ অসমীয়াৰ সৈতে একগোট হৈ অসমীয়া হিচাপে পৰিচয় দিয়াৰ সুযোগ আনি দিছিল । ছবছৰীয়া এই আন্দোলনটোক অসমৰ জনজাতিসকলে প্ৰথম অৱস্থাত পূৰ্ণ সমৰ্থন জনাইছিল । জনজাতিসকলে লক্ষ্য কৰিছিল যে অসম আন্দোলনৰ আগৰে পৰাই অসমীয়া জাতীয়তাবাদৰ ভিতৰচ’ৰাত ব্ৰাহ্মন্যবাদী মতাদৰ্শৰ নেতাসকল সোমাই পৰিছিল আৰু আন্দোলনৰ সময়ছোৱাত তেওঁলোকে অসমত খোপনি পুতি ল’বলৈ সক্ষম হৈছিল । আন্দোলনৰ সময়ছোৱাত আৰু পিছত ব্ৰাহ্মন্যবাদী ব্যৱস্থাৰ তিনিটা মূল বৈশিষ্ট্য-কৰ্ত্তৃত্বশীল, একৰূপপিকৃৎ আৰু পণ্ডিত্যাভিমান স্পষ্টৰূপত প্ৰকাশ পাইছিল । ফলস্বৰূপে, জনজাতিসকলে আন্দোলনটোক নৈতিক সমৰ্থন জনাই সুকীয়া পৰিচয়ৰ আন্দোলন তীব্ৰ কৰি তুলিছিল । অৱশ্যে, অসম আন্দোলনৰ আগৰ আৰু পিছত তেওঁলোকে কৰা সুকীয়া পৰিচয়ৰ আন্দোলনৰ মাজত এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য দেখা গৈছিল । আন্দোলনটোৰ পিছত জনজাতিসকলে একগোট হৈ ৰাজনৈতিক পৰিচয়ৰ বাবে দাবী কৰাৰ পৰিৱৰ্তে নিজ নিজ জনগোষ্ঠীৰ বাবে সুকীয় পৰিচয়ৰ দাবী কৰিছিল । তেওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই চৰকাৰে প্ৰথমে বড়োসকলৰ বাবে স্বায়ত্বশাসিত পৰিযদ গঠন কৰি দিছিল । আচলতে, বড়োসকলক স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়াৰ পিছতে জনজাতিসকলে একেলগে সুকীয়া ৰাজনৈতিক পৰিচয় গঢ়ি তোলাৰ বাট ৰুদ্ধ হৈ পৰিছিল ।  পিছলৈ ৰাভা, তিৱা, মিছিং, ঠেঙাল কছাৰী আদি জনগোষ্ঠীভিত্তিক স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল । অসম আন্দোলনৰ পিছত অসমৰ জনজাতিসকলে অসমীয়াৰ পৰিৱৰ্তে অসমৰ মানুহ হিচাপে পৰিচয় দিয়াৰ পৰিৱেশ সৃষ্টি হৈছিল ।

ভাৰত চৰকাৰে ছত্তিশগড়, উত্তৰাখণ্ড, তেলেংগানা নামেৰে নতুন ৰাজ্য গঠন কৰাৰ পিছত অসমতো কিছুমান জনজাতিয়ে সুকীয়া ৰাজ্যৰ বাবে তীব্ৰভাবে দাবী উত্থাপন কৰিছিল । বড়োসকলে বড়োলেণ্ড আৰু কাৰ্বিসকলে কাৰ্বিলেণ্ডৰ দাবী উত্থাপন কৰি সুকীয়া ৰাজ্যৰ বাসিন্দা হিচাপে পৰিচয় দিবলৈ বিচাৰিছিল ।  কিন্তু, পিছলৈ তেওঁলোকৰ এই দাবীৰ তীব্ৰতা হ্ৰাস পালে । ভাৰতৰ স্বাধীনতাৰ সময়ত জনজাতীয় ৰাজনৈতিক নেতৃত্বই মূলসূঁতিৰ ৰাজনৈতিক শক্তিবোৰত যোগদান কৰি জনজাতীয় ৰাজনৈতিক শক্তিক ভংগ কৰি দিয়াৰ দৰে বৰ্তমানৰ একাংশ জনজাতীয় ৰাজনৈতিক নেতৃত্বৰ মাজতো একেধৰণৰ প্ৰৱণতা গঢ়ি উঠিছ । একৈশ শতিকাৰ দ্বিতীয় দশকৰ পৰা ৰাজ্যখনৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বই নিজৰ স্বাৰ্থৰ বাবে ধৰ্মভিত্তিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়া শক্তিৰ সৈতে সহযোগ কৰি জনজাতিসকলকো ধৰ্মভিত্তিক পৰিচয়লৈ পৰিৱৰ্তন কৰাৰ সংকীৰ্ণ প্ৰৱণতা দেখা গৈছে ।

কেৱল অজনজাতীয় জনগোষ্ঠীবোৰৰ সৈতে থকা সংঘাতৰ ফলতহে যে অসমৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছে তেনে নহয় । ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন অৰ্থনৈতিক নীতিয়ে জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটাইছে । বজাৰ অৰ্থনীতিয়ে এটা অজনজাতীয় আৰু এটা জনজাতীয় পৰিয়ালৰ জীৱন ধাৰণ-প্ৰণালীৰ মাজত থকা পাৰ্থক্য বহুখিনি হ্ৰাস কৰিছে ।  বিশেষকৈ, নগৰত বসবাস কৰা জনজাতীয় আৰু অজনজাতীয় পৰিয়ালৰ পৰিচয় প্ৰায় একে হৈ পৰিছে ।

অসমৰ জনজাতিসকলে সুকীয়া সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল । সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ সমান্তৰালকৈ তেওঁলোকে ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক সুবিধা লাভৰ বাবেও সংগ্ৰাম চলাই নিবলগীয়া হৈছিল ।  তেওঁলোকৰ পৰিচয় সম্পৰ্কীয় সংগ্ৰাম বৰ্তমানো অব্যাহত আছে । কিন্তু, উদ্দেশ্যৰ ক্ষেত্ৰত পূৰ্বৰ সংগ্ৰাম আৰু বৰ্তমানৰ সংগ্ৰামৰ মাজত এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে । তেওঁলোকৰ  পৰিচয় সম্পৰ্কীয় সংগ্ৰামৰ উদ্দেশ্য স্বীকৃতি লাভৰ (struggle for recognition) পৰা সমান সুবিধা লাভৰ দাবীলৈ (Demand for equality) পৰিৱৰ্তন হৈছে ।  সমান সুবিধা লাভৰ বাবে তেওঁলোকৰ একাংশ নেতাই  জনজাতীয় সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য পৰিহাৰ কৰাৰ প্ৰৱণতা দেখা গৈছে । অৱশ্যে, একাংশ জনজাতীয় নেতাৰ এনেধৰণৰ প্ৰৱণতাক জনজাতিসকলে দীৰ্ঘকাললৈ গ্ৰহণ কৰাৰ সম্ভাৱনা নাই ।

সহায়ক গ্ৰন্থ

চেট্টাৰ্জী, সুনীতি কুমাৰ (২০১৭): কিৰাত জন-কৃতি, অসমীয়া অনুবাদ অজিত কুমাৰ গোস্বামী, (গুৱাহাটী: অসম পাবলিচিং কোম্পানী) ।

চৌধুৰী, মেদিনী (২০০৭): “অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা”, হীৰেন গোহাঁই আৰু দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী: বনলতা), পৃষ্ঠা: ২৩৭-২৮৩

দাস, মনীন্দ্ৰ (২০১৮): বড়ো উত্তৰণৰ ইতিহাস, (গুৱাহাটী: বনলতা) ।

মহন্ত, প্ৰফুল্ল (২০০৯): জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, (গুৱাহাটী: লয়াৰ্চ বুক ষ্টল), দ্বিতীয় প্ৰকাশ

[প্ৰকাশিত, ‘প্ৰান্তিক’, বছৰ ৪৩, সংখ্যা ২০, ১৬-৩০ ছেপ্টেম্বৰ ২০২৪, পৃষ্ঠা: ২৩-২৫]

Thursday, 24 April 2025

সমূহীয়া পৰিচয়, ব্যক্তি স্বাধীনতা আৰু সাংস্কৃতিক মৌলবাদ (Collective Identity, Individual Freedom and Cultural Fundamentalism)

             কেইদিনমান আগতে গুৱাহাটীৰ এখন বিহুমঞ্চত অসমৰ এজন জনপ্ৰিয় শিল্পীয়ে জীনছ পেণ্ট পৰিধান কৰি সংগীত পৰিৱেশন কৰি থকাৰ সময়তে বিহু উদ̢যাপন সমিতিখনৰ একাংশ সদস্যই তেখেতক মঞ্চখনৰ পৰা দৃষ্টিকটুভাবে নমাই দিয়ে । সংশ্লিষ্ট বিহু উদ̢যাপন সমিতিখনৰ সদস্যকেইজনৰ এনে আচৰণত শিল্পীগৰাকীয়ে স্বাভাৱিকতে অপমানবোধ কৰিছে ।  বিহু উদ̢যাপন সমিতিখনৰ সদস্যসকলৰ মতে শিল্পীজনে ধুতি পৰিধান কৰি মঞ্চখনত উঠিব লাগিছিল । আনহাতে, শিল্পীগৰাকীয়ে জনাইছে যে তেখেতে দৰ্শক হিচাপেহে সেই অনুষ্ঠানটোত উপস্থিত আছিল । উদ̢যাপন সমিতিখনৰ কেইজনমান সদস্যই অনুৰোধ জনোৱাৰ বাবেহে তেখেতে  মঞ্চত উঠি সংগীত পৰিৱেশন কৰিছিল । এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা আন বিহু মঞ্চত আন শিল্পীৰ ক্ষেত্ৰতো মাজে সময়ে ঘটি থকাৰ খবৰ সামজিক আৰু সংবাদ মাধ্যমযোগে পোৱা গৈছে । সমূহীয়াভাবে আয়োজিত অসমৰ সংস্কৃতিৰ সৈতে জড়িত অনুষ্ঠানবোৰত সাজপাৰ সম্পৰ্কীয় এনেধৰণৰ বিতৰ্ক প্ৰায়ে চলি থাকে ।  

সমগ্ৰ পৃথৱীতে ঔপনিৱেশিক কালৰে পৰাই আৰম্ভ হোৱা নৃগোষ্ঠীয়, ধৰ্মীয়, ভাষা বা অঞ্চলভিত্তিক সমূহীয়া পৰিচয়ৰ স্বীকৃতি লাভৰ বাবে চলি থকা সংগ্ৰামবোৰ উত্তৰ পনিৱেশিক কালত সফল হ’বলৈ ধৰে ।  ফলস্বৰূপে, এসময়ত এলাগী হিচাপে বিবেচনা কৰা সংস্কৃতিকে ধৰি বহু বিষয় উত্তৰ ঔপনিৱেশিক কালত প্ৰতিষ্ঠা লাভ কৰি বহুত্ববাদী পৰিচয়ৰ সমাজ ঠন ধৰি উঠিবলৈ ধৰে । অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্ৰম নহয় ।  পনিৱেশিক কালত বিহুক সেই সময়ৰ তথাকথিত মধ্যবিত্ত সমাজখনৰ একাংশ নেতৃস্থানীয় লোকে স্বীকৃতি দিবলৈ বিচৰা নাছিল । তেওঁলোকৰ প্ৰৰোচনাত পৰি ব্ৰিটিছ চৰকাৰে বিহুক নিষিদ্ধও কৰিছিল । কিন্তু, উত্তৰ ঔপনিৱেশিক কালত কেৱল বিহু বুলিয়েই নহয়, ৰাজ্যখনৰ নৃগোষ্ঠীয় সংস্কৃতিসমূহেও স্বীকৃতি লাভ কৰিবলৈ ধৰিলে । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- স্বীকৃতি লাভ কৰা সংস্কৃতিয়ে সংশ্লিষ্ট জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় অক্ষুন্ন ৰখাৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচিত হৈ পৰিল ।  কোৱা বাহুল্য মাথো যে বিহুৱে সামাজিক স্বীকৃতি লাভ কৰাৰ পিছত অসমীয়া সংস্কৃতিৰ পৰিচয় অক্ষুন্ন ৰখাৰ উদ্দেশ্যে প্ৰতিজন অসমীয়াই বিহুক উচ্চ স্থান দি আহিছে ।

সমূহীয়া পৰিচয়ৰ উত্তৰণৰ সমান্তৰালকৈ উত্তৰ ঔপনিৱেশিক কালত বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাই প্ৰচুৰ প্ৰসাৰ লাভ কৰিবলৈ ধৰিলে ।  সমূহীয়া পৰিচয়ৰ নিৰ্দেশক হিচাপে সংস্কৃতিয়ে স্বীকৃতি লাভ কৰিলে যদিও বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাই প্ৰত্যাহ্বান হিচাপে দেখা দিলে ।  বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল-স্বাধীনতা । কিন্তু, স্বাধীনতাৰ ক্ষেত্ৰত প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশবোৰৰ মাজত পাৰ্থক্য আছে । পাশ্চাত্যৰ দেশবোৰত ব্যক্তি স্বাধীনতাত অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে প্ৰাচ্যৰ দেশবোৰত গোট বা সমূহৰ স্বাধীনতাত অধিক গুৰুত্ব প্ৰদান কৰে । সেয়েহে, ব্যতিক্ৰমৰ বাহিৰে প্ৰাচ্যৰ দেশবোৰত ব্যক্তি স্বাধীনতা আৰু সমূহীয়া পৰিচয়ৰ উত্তৰণ দোধোৰ-মোধোৰ অৱস্থাৰ মাজেৰে আগবাঢ়ে ।  বিশেষকৈ সংস্কৃতিৰ সৈতে জড়িত  বিচাৰ্য বিষয়বোৰৰ ক্ষেত্ৰত দোধোৰ-মোধোৰ অৱস্থাৰ তীব্ৰতা অধিক হৈ পৰে ।  ব্যক্তি স্বাধীনতাই সমূহীয়া পৰিচয় বিনষ্ট কৰাৰ শংকাত, নিজৰ সংস্কৃতিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত লোকসকলে সংশ্লিষ্ট সমূহটোৰ (অঞ্চল বা জনগোষ্ঠী যিয়েই নহওক)  সংস্কৃতি বৰ্তাই ৰখাৰ বাবে যি সামান্য সুযোগ লাভ কৰে, তেওঁলোকে সেই সুযোগ এৰিব নিবিচাৰে ।  সেই সুযোগৰ সময়ত তেওঁলোকে সমূহীয়া পৰিচয় অক্ষুন্ন ৰখাৰ বাবে ইমানেই আৱেগিক হৈ পৰে যে সংশ্লিষ্ট সংস্কৃতিৰ সৈতে সংগতি নথকা সাজপাৰ পৰিধান নকৰা লোকসকলৰ বিৰূদ্ধে প্ৰয়োজনাধিক কঠোৰ হৈ পৰে । সমূহীয়া পৰিচয়ৰ স্বাৰ্থত তেওঁলোকে নিজে গম নোপোৱাকৈ সাংস্কৃতিক মৌলবাদৰ আৱেষ্টনীত সোমাই পৰে । অসমৰ প্ৰেক্ষাপটত সাজপাৰৰ ক্ষেত্ৰতেই আটাইতকৈ বেছি সাংস্কৃতিক মৌলবাদী কাৰ্যকলাপ উত্থানৰ ইংগিত পোৱা যায় । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ডেৰবছৰমান আগতে অসমৰ কিছুমান অঞ্চলত চৰকাৰৰ অধীনৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাজপাৰ কেন্দ্ৰিক সাংস্কৃতিক মৌলবাদৰ পৰিৱেশ সৃষ্টি হৈছিল । সাংস্কৃতিক মৌলবাদৰ পৰিৱেশ সৃষ্টি হ’লে সমাধানৰ বাবে ৰাষ্ট্ৰই হাত দিবলৈ বাধ্য হৈ পৰে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৎপৰতাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাজপাৰ কেন্দ্ৰিক সমস্যাটো সমাধান হৈছিল ।  মনত ৰখা দৰকাৰ যে বিহুৰ  সাজপাৰৰ ওপৰতো ৰাষ্ট্ৰই হাত দিবলৈ বাধ্য হ’লে বিহু যে ৰাইজ বা সমূহৰ উৎসৱ সেয়া এশ শতাংশ দাবী কৰিব পৰাৰ থল নাথাকিব ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ এপ্ৰিল ২০২৫, পৃষ্ঠা: ৫]

Thursday, 27 February 2025

এক নে একাধিক (Single or Multiple)

             যোৱা কিছুদিন ধৰি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) মাজত ঘটা বুজাবুজিৰ অভাৱে ৰাজ্যখনত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।   শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যভূক্ত আহোম সম্প্ৰদায়ৰ লোক এজনে আহোমসকলে পৰম্পৰাগতভাবে পালন কৰি অহা উৎসৱ ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাৰ বাবে সংঘৰ প্ৰাথমিক গোটে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰিছে ।  সংঘৰ এনে কাৰ্যই আহোম সম্প্ৰদায়টোক অপমান কৰা বুলি গুৰুতৰ অভিযোগ তুলি ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ‘টাইপা’ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সংঘৰ সংবিধান দাহ কৰিছে । প্ৰতিক্ৰিয়াৰ ওপৰত প্ৰতিক্ৰিয়া হিচাপে সংঘৰ কেইবাটাও জিলা সমিতিয়ে বিভিন্ন জিলাত ‘টাইপা’ৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে ।  ফলত বিষয়টোৱে আৰু জটিলতাৰ দিশত গতি কৰিছে ।

            ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক সংগঠন এটা শৃংখলাবদ্ধভাবে চলি থাকিবৰ বাবে কিছুমান নিয়ম সৃষ্টি কৰি লোৱা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘই দাবী কৰে যে (ব্যক্তিগত টিভি চেনেল এটাত সংঘৰ এজন বিষয়ববীয়াই ৰখা বক্তব্য অনুসৰি), মহাপুৰুষ শংকৰদেৱৰ চিন্তাধাৰাৰ মৌলিক ভেটিৰ আধাৰত সংঘৰ সংবিধানখন প্ৰণয়ন কৰা হৈছে । সেয়েহে  সংঘৰ সংবিধান বিৰোধী কামত লিপ্ত হ’লে সংবিধান অনুসৰিয়েই শাস্তিৰ প্ৰদান কৰা হয় । ইয়াৰ পৰা স্পষ্ট যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনত সংঘৰ সদস্যই ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাত বাধা আছে বাবে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰা হৈছে । সংঘৰ দৃষ্টিকোণৰ পৰা এই সিদ্ধান্ত ঠিকেই আছে । সমস্যাটো হ’ল- এজন ব্যক্তিৰ সামাজিক-সাংস্কৃতিক পৰিচয় মাত্ৰ এটাতে সীমাবদ্ধ নহ’বও পাৰে ।  এজন ব্যক্তিৰ একাধিক সামাজিক-সাংস্কৃতিক পৰিচয় থাকিব পাৰে । সমাজৰ বৃহত্তৰ স্বাৰ্থত সকলো ব্যক্তিৰে এটাতকৈ বেছি পৰিচয়ৰ প্ৰয়োজন আছে আৰু সামাজিক সংযোগৰ (Social engagement) জৰিয়তে ইয়াৰ প্ৰকাশ ঘটে ।  মানুহৰ মাজত যিমানেই সামাজিক সংযোগ ঘটে, সিমানেই বিভিন্ন গোটবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠে । সেয়েহে, সামাজিক সংযোগক সংঘৰ্ষ নিৰ্মূল কৰাৰ এটা প্ৰধান উপায় হিচাপে বিবেচনা কৰা হয় ।   

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেৱল সৰ্বভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰভাৱেই পৰা নাছিল, ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ প্ৰভাৱো পৰিছিল । ভাৰতৰ মূল ভূ-খণ্ডত ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশ অত্যন্ত গোড়া  । দুখৰ কথা যে স্বাধীনতা আন্দোলনৰ সময়ত অসমত ভাৰতৰ মূল ভূ-খণ্ডত চলি থকা গোড়া ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱ পৰিছিল (বৰ্তমানো তেনে পৰিৱেশ সৃষ্টি কৰিবলৈ অপচেষ্টা চলাই থকা হৈছে) । আনকি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা উদাৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক ব্যৱস্থাৰ ওপৰতো তেনে গোড়ামীৰ প্ৰভাৱ পৰিবলৈ ধৰিছিল । সেয়েহে, প্ৰদেশখনৰ শংকৰী সংস্কৃতিৰ কিছুমান পণ্ডিত আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ উদ্যোগত শ্ৰীমন্ত শংকদেৱ সংঘ  (গঠনৰ সময়ত সংগঠনটোৰ নাম ‘শংকৰ সংঘ’ আছিল ) গঠন কৰি সংগঠনটোৰ শৃংখলাবদ্ধতাৰ উদ্দেশ্যে সেই সময়ত উদাৰ বিবেচিত হোৱা নিয়ম সৃষ্টি কৰি লৈছিল । কিন্তু, সময় আৰু পৰিস্থিতিয়ে উদাৰতাৰ সংজ্ঞাৰো পৰিৱৰ্তন কৰে । গতিকে, শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলিয়ে নহয়, সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলো সংগঠনে নিয়মবোৰ শিথিল কৰাৰ প্ৰয়োজন আছে । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই দাবী কৰিলেই বা আদেশ দিলেই সংগঠন এটাৰ সংবিধানখনৰ দফাবিলাক সংশোধন কৰি দিব ।

বিভিন্ন সময়ত ভাৰতত বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ আবিৰ্ভাৱ হৈছে । কিন্তু, অত্যন্ত কঠোৰ আৰু অতিৰিক্ত কৃচ্ছ্ৰ সাধনাক অগ্ৰাধিকাৰ দি আনৰ তুলনাত শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাক দেশখনৰ সৰ্বসাধাৰণে দীৰ্ঘকালত অগ্ৰাহ্য কৰি আহিছে ।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ ফেব্ৰুৱাৰী ২০২৫, পৃষ্ঠা: ৫]

Wednesday, 11 December 2024

‘বিশ্বাস আৰু অবিশ্বাস’ৰ প্ৰসংগত (Regarding Belief and Disbelief)

             ‘আমাৰ অসম’ত ৫ ডিচেম্বৰত প্ৰকাশিত ‘বিশ্বাস আৰু অবিশ্বাস’ শীৰ্ষক সম্পাদকীয়টোৰ আঁত ধৰি কিছু মতামত আগবঢ়াব বিচাৰিছোঁ । ঐশ্বৰিক সৰ্বশক্তিমানৰ প্ৰসংগ আনি সম্পাদকীয়টোত কোৱা হৈছে যে আস্থা, অনাস্থা, ব্যৱসায়, মানসিক প্ৰয়োজনীয়তা এইবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে আৰু এই সম্পৰ্ক খুবেই জটিল ।  বাক্যটোত উল্লিখিত শব্দবোৰৰ সৈতে ‘ব্যবসায়’ শব্দটোকো সামৰি লোৱাৰ বাবেহে সম্পৰ্কটোক জটিল হৈছে । ঈশ্বৰ বিশ্বাস একান্ত  ব্যক্তিগত বিষয় ।  জটিল পৰিস্থিতিৰ সম্মুখিন হ’লে ঈশ্বৰৰ ওপৰত আস্থা ৰাখিব নে নাৰাখে বা সেই সময়ত ঈশ্বৰ বিশ্বাসে মানসিক প্ৰয়োজন পূৰণ কৰিব পাৰিব নে নাই, সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে ।  প্ৰশ্ন  হ’ল- জটিল পৰিস্থিতিত ব্যক্তি এজনৰ চিন্তাধাৰা কি হ’ব ? ব্যতিক্ৰমৰ বাহিৰে জটিল পৰিস্থিতিত ভাৰতৰ বেছিভাগ মানুহে ঈশ্বৰৰ ওপৰতে আস্থা ৰাখে ।  কাৰণ, ঈশ্বৰৰ ওপৰতে সকলো এৰি দিয়া তেনেই সহজ । নিজৰ বা সমাজৰ দোষ বা ভুলৰ বাবে জটিল পৰিস্থিতিৰ সম্মুখিন হ’লেও ঈশ্বৰকে দোষাৰোপ কৰি ঈশ্বৰ বিশ্বাসী মানুহে মুকলি অনুভৱ কৰে । তথাপি, এইধৰণৰ বিশ্বাসত সামান্য গুণগত মানদণ্ড আছে বুলিব পাৰি । সাম্প্ৰতিক সময়ত ঈশ্বৰ সম্পৰ্কীয় কথাবিলাক ইয়াতে সীমাবদ্ধ নহয় ।  কোনো এজন ব্যক্তিয়ে (সপোনত দেখি বা কল্পনাৰে) নতুন ধৰণে উপাসনা আৰম্ভ কৰিলেই একাংশ লোকে সহযোগ আগবঢ়ায় আৰু বিভিন্ন উপায়ে প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগি যায় ।  এনেধৰণৰ উপাসনাক সংশ্লিষ্ট ব্যক্তিজন আৰু তেখেক সহযোগ কৰা লোকসকলে আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰে । একে উপাসনাকে মানুহে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণে আহিলা হিচাপে ব্যৱহাৰ কৰে । কোনোবাই যদি জীৱিকা, কোনোবাই মৰ্যাদা আৰু স্বীকৃতি লাভৰ বাবে ব্যৱহাৰ কৰে আৰু আন কোনোবাই ধৰ্ম ৰক্ষা কৰাৰ কথা কয় ।  গুণগত উপাসনা আৰু আহিলা হিচাপে ব্যৱহাৰ কৰা উপাসনাৰ মাজত তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে ।  

            Pew Research Centre ৰ তথ্য অনুসৰি সম্পাদকীয়টোত উল্লেখ কৰিছে যে ভাৰতৰ ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে । মনকৰিবলগীয়া যে এই বিশ্বাস একেদিনে গঢ়ি উঠা নাই ।  অতীতৰে পৰাই ভাৰতৰ মানুহক কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰাৰ পৰিৱেশ গঢ়ি তুলিলৈ চেষ্টা চলাই থকা হৈছে ।  ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত । প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্তক ধৰ্মৰ সৈতে জড়িত কৰি জনমানসত প্ৰচাৰ কৰিছিল । ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল । তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক পন্থা অৱলম্বন কৰিছিল । শাৰীৰিক শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব পৰা নাছিল । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল । সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰিল । কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা কাৰ্যকলাপ যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অসম্ভৱ হৈ পৰে ।  একে সময়তে ধৰ্মীয় বিশ্বাসৰ গুৰি ধৰোতা চতুৰ লোকসকলে সেই কাৰ্যকলাপবোৰক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰ সৈতে খাপ খোৱাকৈ সজাই লৈ সেইবোৰৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰে ।  

            মানুহে জীৱনত কি বিচাৰে, সেয়া সম্পূৰ্ণকৈ জনা সম্ভৱ নহয় । কিন্তু, এইটো ঠিক যে সৰহ সংখ্যক মানুহে সুখী জীৱন বিচাৰে । ধৰ্মীয় বিশ্বাসে মানুহক পৰম সুখত ৰাখিব পাৰিলে ধৰ্মীয় আস্থা, অনাস্থা, মানসিক প্ৰয়োজনীয়তা আদিৰ  ওপৰত বিশেষ ক’বলগীয়া নাথাকিলেহেঁতেন । চিন্তা কৰিবলগীয়া যে ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক বিপৰীতমুখী । World Happiness Report 2024 অনুসৰি ফিনলেণ্ড হ’ল পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ য’ত ২০.৮ শতাংশ মানুহে কোনো সংগঠিত ধৰ্মক বিশ্বাস নকৰে ।  একে প্ৰতিবেদন অনুসৰি, সুখৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১২৬ (মুঠ ১৪৬খন দেশৰ ভিতৰত), য’ত ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে ।

         শেহতীয়াকৈ ভাৰতত ধৰ্মীয় বিশ্বাসক বৈজ্ঞানিক ৰূপ দিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলোৱাৰ প্ৰৱণতা দেখা গৈছে । ৫ ডিচেম্বৰত প্ৰকাশিত সম্পাদকীয়টোৱে পাকে-প্ৰকাৰে  এই প্ৰৱণতাকে সমৰ্থন জনাইছে । সম্পাদকীয়টোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰসংগ আনিছে, কিন্তু জোৰ দিয়া নাই । বৈজ্ঞানিক মানসিকতাৰ ওপৰত যে সম্পাদকীয়টোৱে জোৰ দিয়া নাই সেয়া শেষৰ উক্তিটোত ব্যৱহাৰ কৰা 'হয়তো' শব্দটোৱে স্পষ্ট কৰি দিছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ ডিচেম্বৰ ২০২৪, পৃষ্ঠা: ৪]

Monday, 2 September 2024

থলুৱাৰ ভূমিৰ নিৰাপত্তা (Land Security of Local)

             শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াইছে যে অসমত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সাংগঠনিক ধৰ্মৰ পাৰ্থক্য থাকিলে (বিশেষকৈ হিন্দু আৰু মুছলমান)  জিলা আয়ুক্তৰ অনুমতিয়ে যথেষ্ট নহ’ব । এই ক্ষেত্ৰত জিলাতকৈ ওপৰৰ কৰ্তৃপক্ষৰ অনুমতি লাগিব । মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিছুদিন পিছত শিৱসাগৰ জিলাত কেইটামান জাতীয় সংগঠনে অসমৰ বাহিৰৰ লোকে ৰাজ্যখনৰ থলুৱা লোকৰ ভূমি কিনাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ তৎপৰ হোৱা দেখা গৈছে । ভূমিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনে এনেধৰণৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়ি অহাৰ কাৰণ হ’ল-অসমৰ থলুৱা লোকসকলে ভূমিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ।  

অসমৰ থলুৱা লোকসকলে অতীতৰ পৰাই ভূমিৰ নিৰাপত্তা হেৰুৱাই আহিছে ।  ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দবস্তিৰ ব্যৱস্থা অনুসৰি ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ স্থায়ী প্ৰক্ৰিয়া হিচাপে পট্টাৰ ব্যৱস্থা কৰি বংশানুক্ৰমে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা হৈছিল । ইচ্ছা কৰিলে পট্টাদাৰে নিজৰ ভূমি বিক্ৰী বা হস্তান্তৰ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল । এই নতুন ব্যৱস্থাটোৱে সেই সময়ৰ সামন্ত প্ৰভুসকলক আগতকৈ বেছি ক্ষমতা প্ৰদান কৰিছিল । মোগলৰ দিনত ৰায়তৰ দখলী ভূমিৰ শস্যৰ ওপৰত সামন্ত প্ৰভুসকলৰ সীমিত স্বত্ব থাকিলও খাজনা দিব নোৱাৰিলে সংশ্লিষ্ট ৰায়তৰ অস্থাৱৰ সম্পত্তি ক্ৰোক কৰাৰ বা বিশেষ ক্ষেত্ৰত তেওঁক বা তেওঁৰ পৰিবাৰ পৰিজনক গোলাম হিচাপে বিক্ৰী কৰাৰ কথা ভবা হৈছিল । কিন্তু, ভূমিৰ ওপৰত হাত দিয়া নাছিল । তদুপৰি, নতুনকৈ ভঙা ভূমিৰ প্ৰথম তিনি বছৰমান জমিদাৰে খাজনা নোলোৱাৰ ব্যৱস্থা নাছিল আৰু ৰজাৰ সন্মতি অবিহনে সামন্ত প্ৰভুসকলে খাজনাৰ পৰিমাণ বৃদ্ধি কৰিব নোৱাৰিছিল । প্ৰথম তিনি বছৰমান খাজনা দিব নালাগিছিল বাবে তিনি বছৰৰ পিছত ৰায়তসকলে কৃষিভূমি সলনি কৰিছিল ।  চিৰস্থায়ী বন্দবস্তৰ পিছত সামন্ত প্ৰভু আৰু ৰায়তৰ মাজত থকা এনেধৰণৰ সম্পৰ্ক সলনি হৈছিল ।  ৰায়তক চিৰাচিৰত ভোগদখলী স্বত্বক আইনগত স্বীকৃতি দিয়া নহৈছিল । খেতিয়কে কৃষি ভূমি সলনি কৰি থকা স্বাধীনতাক অবৈধ হিচাপে গণ্য কৰা হৈছিল । ব্ৰিটিছ চৰকাৰৰ প্ৰিয়পাত্ৰ হোৱাৰ উদ্দেশ্যে সামন্ত প্ৰভুসকলে ৰায়তৰ পৰা অধিক খাজনা সংগ্ৰহ কৰি চৰকাৰৰ ৰাজহ বৃদ্ধিত সহায় কৰিছিল । যিসকল ৰায়তে সামন্ত প্ৰভুক অধিক খাজনা দিয়াৰ ক্ষেত্ৰত আপত্তি নকৰি একেস্থানতে থাকি খেতি কৰিছিল, সামন্ত প্ৰভুসকলে  তেওঁলোকক অধিক ভূমি দিবলৈ আগ্ৰহ কৰিছিল । অসমৰ থলুৱা লোকসকলে সামন্ত প্ৰভুসকলক অধিক খাজনা দিবলৈ আগ্ৰহ নকৰাৰ বাবে সামন্ত প্ৰভুসকলে আন ৰাজ্যৰ পৰা মানুহ আনি সাৰুৱা ভূমিবিলাক তেওঁলোকক বেছিকৈ দিছিল । ফলত থলুৱা লোকসকলে সেই সাৰুৱা ভূমিবিলাকৰ পৰা স্থানান্তৰিত হৈ পাহাৰীয়া অঞ্চল বা তুলনামূলকভাবে কম সাৰুৱা ভূমি থকা অঞ্চললৈ গুচি যাবলৈ বাধ্য হৈছিল । একেসময়তে নগদ ধনৰ বিনিময়ত বজাৰত লেনদেন ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছিল । বাহিৰৰ পৰা অহা কৃষকসকলে পৰম্পৰাগত খাদ্য শস্যৰ উপৰি নগদ ধনৰ সৈতে জড়িত শস্য উৎপাদন কৰিছিল ।  নগদ ধনৰ প্ৰয়োজনৰ বাবে থলুৱা লোকসকলে নিজৰ ভূমিবিলাক বিক্ৰী কৰিবলৈ বাধ্য হৈছিল । তদুপৰি, ইংৰাজ চৰকাৰে চাহৰ যোগেদি আয় বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যখনৰ তুলনামূলকভাবে ভাল ভূমিবিলাক চাহপাত উৎপাদনকাৰী ব্যৱসায়ীসকলক দিছিল । চাহ শিপ্পৰ নামত সামান্য ধনৰ বিনিময়ত হাজাৰ হাজাৰ একৰ ভূমি বিনা খাজনাত চাহ মালিকৰ ভূমি হিচাপে মঞ্জুৰ কৰা হৈছিল । সেই ভূমিৰ আধাতকৈ কম অংশত চাহ খেতি কৰা হৈছিল । বাকীখিনি চাহখেতিৰ নামত দিয়া ভূমিত নিজে ওপজা বনজ সম্পদবোৰ চাহ মালিকসকলৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছিল । আনফালে, ভূমিৰ নামজাৰী আদিকে ধৰি ভূমি সম্পৰ্কীয় কামকাজত চলা দুৰ্নীতি আদিৰ পৰা আঁতৰত থাকিব খোজা থলুৱা লোকসকলে পট্টাহীনভাবে ভূমি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল । চৰকাৰে পট্টাহীন ভূমি যিকোনো সময়তে অধিগ্ৰহণ কৰিব পাৰিছিল ।

এনেকুৱা নহয় যে ব্ৰিটিছ চৰকাৰে থলুৱা লোকসকলৰ, বিশেষকৈ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চেষ্টা কৰা নাই । ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ১৮৮৬ চনৰ Assam Land and Revenue Regulation দলিলখনৰ দহ নম্বৰ অধ্যায় যোগে অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জনজাতীয় মণ্ডল আৰু জনজাতীয় খণ্ড ব্যৱস্থা ৰখা হৈছিল । দলিলখনৰ নিয়ম অনুসৰি, জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে ।  কিন্তু, সেই দলিলখনৰেই ১৬০ নম্বৰ ধাৰাৰ দুই নম্বৰ উপধাৰা মতে বান-খহনীয়াৰ বাবে ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ত্ব জিলা উপায়ুক্তক দিয়া হৈছে আৰু সেই অনুসৰি সংস্থাপনো দিছিল ।  জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে যদিও জনজাতীয় লোকে নিজৰ নামত থকা ভূমি ব্যৱহাৰৰ বাবে বহু বছৰৰ বাবে লীজত দিব পাৰে । বহুবছৰ লীজত দিয়াৰ পিছত লীজ নৱীকৰণ কৰি অজনজাতীয় লোকে সেই ভূমি নিৰিবিচ্ছিন্নভাবে ব্যৱহাৰ কৰি থাকে । ধনৰ বিনিময়ত দীৰ্ঘদিন ধৰি নিজৰ নামত থকা ভূমি আনক ব্যৱহাৰ কৰিবলৈ দিয়া আৰু বিক্ৰী কৰাৰ মাজত বেছি পাৰ্থক্য নাথাকে ।

স্বাধীনতাৰ আগেয়ে পূৰ্ববংগৰ পৰা অসমলৈ ঘটা প্ৰব্ৰজনে (১৯১১-১৯৪১) ৰাজ্যখনৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তাৰ ওপৰত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাইছিল । থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত ‘লাইন প্ৰথা’ প্ৰৱৰ্তন কৰি কিছুমান নিৰ্দিষ্ট অঞ্চলতহে প্ৰব্ৰজিত লোকসকলক সংস্থাপিত হ’ব পৰাৰ ব্যৱস্থা কৰি দিছিল । কিন্তু, বাস্তৱ ক্ষেত্ৰত সেই নিৰ্দিষ্ট অঞ্চলৰ উপৰি থলুৱা লোকৰ ভূমি বেদখল কৰি  তেওঁলোকক সংস্থাপিত কৰা হৈছিল ।  ১৯৪৩ চনত ছাদুল্লাৰ চৰকাৰে প্ৰৱৰ্তন কৰা ‘অধিক শস্য উৎপাদন’ নীতি কাৰ্যকৰী কৰাৰ উদ্দেশ্যে  পূৰ্ববংগৰ পৰা অহা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিছিল । থলুৱা লোকসকলকৰ ভূমি  আন লোকে বেদখল কৰা প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে । জনজাতীয় মণ্ডল আৰু খণ্ডৰ চাৰি লাখ বিঘা ভূমি ইতিমধ্যে বেদখল হৈছে বুলি সদৌ অসম জনজাতি সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে প্ৰকাশ কৰিছে ।

নব্য-উদাৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ লগে লগে নতুন নতুন স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ব্যৱসায়িক গোষ্ঠীক প্ৰচুৰ পৰিমাণৰ ভূমিৰ প্ৰয়োজন হয় । নব্য-উদাৰ অৰ্থনীতিত ৰাজনীতিক আৰু ব্যৱসায়িক গোষ্ঠীৰ মাজত এক পাৰস্পৰিক সু-সম্পৰ্ক গঢ়ি উঠে । ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে ব্যৱসায়িক গোষ্ঠীৰ সহযোগ বিচাৰে ।  চৰকাৰ গঠন কৰাৰ পিছত প্ৰতিদান হিচাপে ৰাজনীতিকসকলে ব্যৱসায়িক গোষ্ঠীক আন সা-সুবিধাৰ লগতে প্ৰয়োজন অনুসৰি ভূমি যোগান ধৰিবলগীয়া হয় । ‘ভাৰতৰ মূল ভূখণ্ড’ত ব্যৱসায়িক গোষ্ঠীৰ বাবে সুবিধাজনক ভূমিৰ (যেনে-তুলনামূলকভাবে কম দামৰ) পৰিমাণ হ্ৰাস পাই অহাৰ ফলত তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি অধিকাৰ কৰি লোৱাৰ প্ৰৱণতা দেখা গৈছে । কোনো সন্দেহ নাই যে ব্যৱসায়িক ক্ষেত্ৰত অতীতৰে পৰা অসমত বহিৰাগত লোকৰে প্ৰভুত্ব চলি আছে ।  গতিকে, অসমৰ ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে বহিৰাগত ব্যৱসায়িক গোষ্ঠীৰ লগতে সু-সম্পৰ্ক ৰাখিবলৈ বাধ্য হৈ পৰে । যোৱা কেইবছৰমান ধৰি বিভিন্ন কাৰণত ৰাজ্যখনৰ থলুৱা লোকসকলৰ বৃহৎ পৰিমাণৰ কৃষিভূমি ছন পৰি থকা বৰ্তমান এটা সাধাৰণ দৃশ্য হৈ পৰিছে । কেইবছৰমান পিছত এই ছন পৰা ভূমিবিলাক বিক্ৰী কৰাৰ মানসিকতা নাহিব বুলি ক’ব নোৱাৰি । বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে সেই ভূমিবিলাক কিনিলে এটা সময়ত থলুৱা কৃষকসকল কৃষি ভূমিহীন হৈ পৰিব ।  ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিবিলাক তেওঁলোকৰ হাতলৈ গৈছেই ।

অসমৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনবোৰে দেখুওৱা  তৎপৰতা নিশ্চিতভাবে শলাগীবলগীয়া ।  ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কেৱল ধৰ্মৰ পাৰ্থক্যৰ ভিত্তিতহে কঠোৰ হ’লেই থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত সম্ভৱ নহ’ব । জাতীয় সংগঠনবোৰে দাবী কৰাৰ দৰে বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে যাতে অসমৰ থলুৱা লোকসকলৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, সেই ক্ষেত্ৰতো সমানে কঠোৰ হোৱাৰ প্ৰয়োজন আছে । একেসময়তে থলুৱা লোকসকলে অধিক দামৰ লালসাত তেওঁলোকৰ ভূমি  বিক্ৰী কৰাৰ মানসিকতা ত্যাগ কৰিব পাৰিব লাগিব ।  

  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ছেপ্টেম্বৰ ২০২৪]

Monday, 10 June 2024

দুৰ্যোগ ব্যৱস্থাপনাৰ ফলপ্ৰসূ পদ্ধতি (Effective Disaster Management Mechanisms)

             বতৰৰ পৰিৱৰ্তনৰ ফলত সঘনাই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে । চলিত বৰ্ষৰ মে’ মাহৰ ২৮ আৰু ২৯ তাৰিখে ঘুৰ্ণীবতাহ ‘ৰেমাল’ৰ ফলত কেৱল উত্তৰ-পূৰ্বাঞ্চলতে ৪০ জন লোকৰ মৃত্যু হৈছে (৩১ মে’ৰ তথ্য অনুসৰি) ।  ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ ক্ষতিৰ প্ৰসংগতো আছেই । যিহেতু প্ৰাকৃতিক দুৰ্যোগ সঘনে ঘটিয়ে থাকে, সেয়েহে ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি কাৰ্যকৰী কৰা অতি প্ৰয়োজন । দুৰ্যোগ ব্যৱস্থাপনাৰ কেনেধৰণৰ ফলপ্ৰসূ প্ৰতিষ্ঠানিক পদ্ধতি আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰা হৈছে ।

            জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি কৰি হঠাৎ ঘটা দুৰ্ঘটনাক দুৰ্যোগ বুলি জনা যায় । দুৰ্যোগ বুলিলে সাধাৰণতে  প্ৰাকৃতিক দুৰ্যোগকে বুজা যায় । প্ৰাকৃতিক দুৰ্যোগৰ কাৰণবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ’ব পাৰে । প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ (প্ৰাকৃতিক বা মানৱসৃষ্ট) যিয়েই নহওক, ইয়াৰ ফলত মানুহকে ধৰি সকলো জীৱৰ ওপৰতে বিৰূপ প্ৰভাৱ পৰে । মনকৰিবলগীয়া যে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ ভৌগোলিক চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে । অৰ্থাত, কোনো এখন দেশ বা অঞ্চলত ঘটা প্ৰাকৃতিক দুৰ্যোগে ওচৰৰ দেশ বা অঞ্চলত প্ৰভাৱ নেপেলায় বুলি দাবী কৰিব নোৱাৰি । তদুপৰি, প্ৰাকৃতিক দুৰ্যোগে মানুহৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বা ধৰ্মীয় পাৰ্থক্যৰ ভিত্তিত প্ৰভাৱ নেপেলায় । গতিকে,  প্ৰাকৃতিক দুৰ্যোগ এক উমৈহতীয়া সমস্যা ।   

            উমৈহতীয়া সমস্যা এটাৰ ফলপ্ৰসূ ব্যৱস্থাপনা সহজ কাম নহয় । উমৈহতীয়া সমস্যা সম্পৰ্কত এৰিষ্টটলে Politics’ (Book II, Chapter 3) নামৰ গ্ৰন্থখনত কৈছে, “What is common to the greatest number has the least care bestowed upon it. Everyone thinks chiefly of his own, hardly at all of the common interest.” গতিকে, বজাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা আশা কৰিব কৰিব নোৱাৰি । সম্পত্তি আৰু সকলো জীৱৰে জীৱনৰ নূন্যতম ক্ষতিৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰই সামগ্ৰিকভাবে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় ক্ষমতাসমূহ প্ৰয়োগ কৰে (State Management System) । দুৰ্যোগৰ সম্ভাৱ্য ক্ষতি যাতে নূন্যতম হয় তাৰ বাবে ৰাষ্ট্ৰৰ সৰ্বোচ্চ প্ৰাধিকাৰীয়ে নিম্ন পৰ্যায়ৰ সকলো প্ৰাধিকাৰীৰ সৈতে সংযোগ স্থাপন কৰি দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে । উদাহৰণস্বৰূপে, ভাৰতত ২০০৫ চনৰ ৩০ মে’ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰণ (National Disaster Management Authority, চমুকৈ NDMA) গঠন কৰা হয় । এন ডি এম এয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতি প্ৰস্তুত কৰে আৰু সেই নীতিসমূহ বিভিন্ন পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰে । ৰাজ্যিক পৰ্যায়ত প্ৰতিখন ৰাজ্যতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (State Disaster Management Authority, চমুকৈ SDMA) গঠন কৰা হৈছে ।  জিলা পৰ্যায়ৰ বাবে গঠিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (District Disaster Management Authority, চমুকৈ DDMA) স্থানীয় নিকায়ৰ সৈতে সম্পৰ্ক স্থাপন কৰে । দুৰ্যোগৰ সময়ত এছ ডি এম এয়ে যিমান পাৰি সোনকালে সাম্ভাৱ্য ভুক্তভোগী অঞ্চলৰ পৰা উপযুক্ত তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে যাতে সেই অঞ্চলৰ লোকসকলক পৰ্যাপ্ত সহায় (উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা, পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান ধৰা আদি) কৰিব পৰা যায় । স্থানীয় নিকায়সমূহে স্থানীয় লোকৰ সহায়ত স্থানীয়ভাবে উপলব্ধ উপায় আৰু শক্তিৰ ভিত্তিত দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ন কৰিবলৈ চেষ্টা কৰে ।

ৰাষ্ট্ৰ নিয়ন্ত্ৰিত দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোৰ কিছুমান সীমাবদ্ধতা আছে । উদাহৰণস্বৰূপে, এই ব্যৱস্থা সম্পূৰ্ণ তথ্য আৰু চৰকাৰী যন্ত্ৰৰ মাজত উপযুক্ত সহযোগিতাৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ চৰ্তৰ ওপৰত নিৰ্ভৰশীল । সম্পূৰ্ণ আৰু নিখুঁত তথ্য সংগ্ৰহ কৰিবলৈ বহুত খৰচ হয় আৰু ভাৰতৰ দৰে ভৌগোলিকভাৱে বিশাল আৰু বৈষম্যপূৰ্ণ দেশ এখনৰ বাবে সম্পূৰ্ণ আৰু নিখুঁত তথ্য সংগ্ৰহ কৰা সহজ কাম নহয় । নিন্ম পৰ্যায়ৰ উত্তৰকাৰীসকলৰ সঁহাৰিৰ ওপৰতে নিখুঁত আৰু সম্পূৰ্ণ তথ্য বেছিকৈ নিৰ্ভৰ কৰে । অসম্পূৰ্ণ তথ্যৰ ভিত্তিত নিৰ্ধাৰণ কৰা দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাই অবাঞ্চিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । তদুপৰি, প্ৰশাসনিক নিয়ম পালন কৰিবলগীয়া হোৱাৰ বাবে এই ব্যৱস্থাত আমোলাতান্ত্ৰিক পলম হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে । তদুপৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্নীতিৰ দৰে সামাজিক ব্যাধিয়ে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতিত অন্তৰায় হিচাপে দেখা দিয়ে । উদাহৰণস্বৰূপে, ২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্ৰবল বানপানীৰ পিছত সাহাৰ্যৰ ক্ষেত্ৰত ব্যাপক বিত্তীয় অনিয়ম হোৱাৰ খবৰ প্ৰকাশ পাইছিল (টাইমছ অৱ ইণ্ডিয়া, ৩০ মে’ ২০১৫) ।

প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে কিছুমান পৰিৱেশবিদে সমূহ ব্যৱস্থাপনা পদ্ধতিক (Community Management System) বিকল্প প্ৰতিষ্ঠানিক পদ্ধতি হিচাপে পৰামৰ্শ আগবঢ়ায় । অঞ্চল এটাত বসবাস কৰি থকা লোকসকলৰ মাজত শক্তিশালী সামাজিক মূলধন গঢ়ি উঠে । তেওঁলোকে তেওঁলোকৰ স্থানীয় জ্ঞান, দক্ষতা আৰু সম্পদৰ ভিত্তিত দুৰ্যোগ ব্যৱস্থাপনাৰ উপায় আৰু কৌশল নিৰ্ধাৰণ কৰে । স্থানীয় জ্ঞান আৰু দক্ষতাই তেওঁলোকক সঘনাই ঘটা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে খাপ খোৱাত সহায় কৰে । উদাহৰণস্বৰূপে, অসমৰ সৰহসংখ্যক মিছিং সম্প্ৰদায়ৰ লোকে নৈৰ পাৰত বসবাস কৰে । প্ৰতিবছৰে তেওঁলোকে বানপানী সমস্যাৰ সন্মুখীন হয় । কিন্তু তেওঁলোকে নিজৰ স্থানীয় জ্ঞান আৰু দক্ষতাৰ ভিত্তিত সেই সমস্যাৰ সৈতে খাপ খাবলৈ শিকিছে । গতিকে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় লোকসকলক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিলে সমূহ ব্যৱস্থাপনা পদ্ধতিত গণতন্ত্ৰৰ পৰিসৰ বৃদ্ধি পাব পাৰে ।

দুৰ্যোগৰ ব্যৱস্থাপনাৰ এই ব্যৱস্থাটো দোষমুক্ত নহয় । কোনো এটা অঞ্চলৰ সমূহ এটাৰ সদস্যসকলৰ মাজত ক্ষমতা স্তৰীকৰণ (hierarchal power)  ব্যৱস্থা থাকিলে এই পদ্ধতি বিফল হয় । ৰাজনৈতিক ক্ষমতা, আত্মীয়তাবাদ, ধৰ্মীয় পক্ষপাতিত্ব আৰু স্থানীয় অভিজাত শ্ৰেণীৰ পাৰ্থক্যৰ অৱস্থিতিয়ে সংশ্লিষ্ট  সমূহটোৰ কোনো এটা বিশেষ সম্প্ৰদায় প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । নিজ নিজ সম্প্ৰদায়ৰ অভিজাত শ্ৰেণী বা ৰাজনৈতিকভাৱে শক্তিশালী ব্যক্তিৰ মাজত থকা শক্তিশালী সংযোগে ধন আৰু ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।  ধৰ্মীয়, সামাজিক, ৰাজনৈতিক পাৰ্থক্য থকা সমূহৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা কৰাৰ আগতে সংশ্লিষ্ট অঞ্চলটোৰ সমূহটোৰ ব্যৱস্থাপনা কৰাহে বেছি জুৰুৰী হৈ পৰিব পাৰে ।

কিছুমান পৰিৱেশবিদে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব তৃতীয় পক্ষক (বেচৰকাৰী সংস্থা, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা আদি) দিয়াৰ পোষকতা কৰে ।  তৃতীয় পক্ষই নিৰপেক্ষতা বজাই ৰাখে বুলি ধৰি লোৱা হয় । চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা, পথ, দলং নিৰ্মাণ  আদি বেছিভাগ চৰকাৰী কাম তৃতীয় পক্ষই ফলপ্ৰসূভাবে সম্পাদন কৰা দেখা যায় । সমূহ ব্যৱস্থাপনা পদ্ধতিৰ তুলনাত তৃতীয় পক্ষৰ সংস্থাসমূহত ক্ষমতাৰ স্তৰীকৰণ সম্পৰ্কীয় সমস্যা কম হয় । তদুপৰি, ৰাষ্ট্ৰ ব্যৱস্থাৰ তুলনাত তৃতীয় পক্ষৰ কামকাজত আমোলাতান্ত্ৰিক নিয়মৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা পলমকৈ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম ।  কিন্তু, এই পদ্ধতিও সীমাবদ্ধতাৰ বাহিৰত নহয় । সংস্থাসমূহে প্ৰথমে নিজৰ লাভৰ ওপৰত গুৰুত্ব দিলে এই পদ্ধতি ক্ষতিকাৰক হৈ পৰে । কোনো এখন দেশৰ সকলো অঞ্চলতে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত তৃতীয় পক্ষ জড়িত হ’বলৈ আগ্ৰহী বুলি দাবী কৰিব নোৱাৰি । ভৌগোলিক কাৰকে তৃতীয় পক্ষৰ স্বাৰ্থত প্ৰভাৱ পেলাব পাৰে ।  তেওঁলোকে এনে অঞ্চলসমূহক সামৰি ল'বলৈ আগ্ৰহী হ'ব পাৰে যিবোৰ অঞ্চল তুলনামূলকভাৱে কম বিপজ্জনক, কম খৰচী আৰু ব্যৱস্থাপনা সহজ । পুঁজিৰ বাবে সংস্থাসমূহে চৰকাৰী পুঁজিকে ধৰি বিভিন্ন উৎসৰ ওপৰত নিৰ্ভৰশীল । এই উৎসবোৰৰ পৰা পাবলগীয়া ধন পলম হ’লে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।  তদুপৰি, সংস্থাবোৰৰ কৰ্মীসকলৰ সঠিক প্ৰশিক্ষণৰ অভাৱে ভুক্তভোগীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে ।

প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠানিক পদ্ধতিৰেই কিছুমান ইতিবাচক আৰু নেতিবাচক দিশ আছে । গতিকে, দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা এইবোৰৰ কেৱল এটা পদ্ধতিৰ ওপৰত এৰি দিয়া উচিত নহয় । দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে আটাইবোৰ পদ্ধতিকে জড়িত কৰি সমন্বয় আৰু সহযোগিতা বজাই ৰখা অতি প্ৰয়োজন ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ জুন ২০২৪, পৃষ্ঠা: ৭]