Tuesday, 31 July 2018

গোষ্ঠী সংঘৰ্ষৰ কাৰণ আৰু ইয়াৰ সমাধান


    সাম্প্ৰতিক সময়ত বহুলভাবে প্ৰচলিত শব্দবিলাকৰ ভিতৰত সম্ভৱ:ত ‘গোষ্ঠী সংঘৰ্ষ (Ethnic Conflict)’ শব্দ দুটাও পৰিব। নিজৰ স্বাৰ্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা লোকসকলৰ বাহিৰে, ‘গোষ্ঠী সংঘৰ্ষ’ৰ দৰে ভয়ানক পৰিস্থিতিক কোনো স্বাভাৱিক ব্যক্তিয়েই সহজভাবে ল’ব নোৱাৰে।
    ‘গোষ্ঠী সংঘৰ্ষ’ৰ বিষয়ে আলোচনা কৰাৰ আগয়ে ‘জনগোষ্ঠী (Ethnicity)’ মানে কি, সেয়া স্পষ্ট কৰি লোৱা ভাল হ’ব। ‘জনগোষ্ঠী’ শব্দটোৰ অৰ্থ বুজাবলৈ বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰে। কিছুমানে ‘জনগোষ্ঠী সম্প্ৰদায় (Ethnic Community)’, আৰু কিছুমানে ‘সংখ্যালঘু (Minority)’, কেতিয়াবা আকৌ ‘জনগোষ্ঠী গোট (Ethnic Group)’ হিচাপে ব্যৱহাৰ কৰে। শব্দৰ ব্যৱহাৰ যিয়েই নহওক, ‘জনগোষ্ঠী’ মানে হ’ল-এটা নিৰ্দিষ্ট নামেৰে ঐতিহাসিক দৃষ্টিকোণৰ পৰা সমূহীয়া তথা মনস্তাত্বিভাবে সংগঠিত মানুহৰ এটা গোট, যি গোটৰ প্ৰতিজন সদস্যই উমৈহতীয়া অনুৰাগ (Interests) আৰু পৰিচয়ৰ (Identity) প্ৰতি অনুৰক্ত, যি অনুৰাগ আৰু পৰিচয় একে ইতিহাসৰ অভিজ্ঞতাৰে পুষ্ট, একে সাংস্কৃতিক মূল্য, একে ভাষা, একে বিশ্বাস আৰু একে জীৱন ধাৰণ প্ৰণালী দ্বাৰা প্ৰভাৱিত হৈ এটা নিৰ্দিষ্ট ভূখণ্ডত শান্তিৰে বসবাস কৰে 
    ওপৰৰ সূত্ৰটোৰ পৰা স্পষ্ট যে মানুহৰ গোট এটাক ‘জনগোষ্ঠী’ বুলি ক’বলৈ হ’লে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। প্ৰথমতে, গোটটোৰ এটা নিৰ্দিষ্ট নাম থাকিব লাগিব। গোটটোৰ নামটো অকল ‘আত্ম পৰিচয় (Self Identity)’ৰ বাবে প্ৰয়োজন নহয়, নামটোৱে গোটটোৰ ‘সমূহীয়া ব্যক্তিত্ব (Collective Personality)’ৰ বাবেহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। দ্বিতীয়তে, ভাষা বা দেৱান হ’ল ‘জনগোষ্ঠী’ এটাৰ অন্য এটা মাপকাঠী। এটা ‘জনগোষ্ঠী’, আন ‘জনগোষ্ঠী’ৰ পৰা কিমান পৃথক ভাষাটোৰ পৰাই নিৰ্ণয় কৰিব পাৰি। ভাষাৰ বিভিন্নতাৰ বাবে বহু সময়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সূত্ৰপাত হয়। সাধাৰণতে, তুলনামূলকভাবে কম প্ৰচলিত ভাষা এটাক তুলনামূলকভাবে বহুল প্ৰচলিত ভাষাই সদায় দমন কৰি ৰাখিবলৈ চেষ্টা চলায়। তৃতীয়তে, ধৰ্মই বহু সময়ত ‘জনগোষ্ঠী’ এটাক আন ‘জনগোষ্ঠী’ৰ পৰা পৃথক কৰি ৰাখে। ধৰ্মই যেতিয়া মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ ধৰে, তেতিয়া ধৰ্মই কিছুমান মানুহৰ গোটক ‘জনগোষ্ঠী’ হিচাপে নিৰ্ধাৰণ কৰাত অৰিহণা যোগায়। আন কথাত, ধৰ্ম ‘জনগোষ্ঠী’ৰ এটা নিৰ্ণায়ক হৈ পৰে। যেনে-ভাৰতবৰ্ষত হিন্দু আৰু ইছলাম ধৰ্মই মানুহৰ অকল ব্যক্তিগত বিশ্বাসকে সামৰি নলয়, ধৰ্ম দুটাই একে ধৰ্মৰ মানুহবিলাকৰ মাজত সমূহীয়া আচৰণো প্ৰতিফলিত কৰে। চতুৰ্থতে, ভৌগোলিক অঞ্চল ‘জনগোষ্ঠী’ এটাৰ আন এটা উপাদান। আধুনিক ৰাষ্ট্ৰৰ ‘জনগোষ্ঠী’সমূহে নিজৰ পৰিচয় আৰু প্ৰতিপত্তি বৰ্তাই ৰাখিবলৈ স্বাধীন ৰাষ্ট্ৰৰ ভিতৰতে নিজৰ বাবে একোটা অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। শেষত, একে কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা হ’ল ‘জনগোষ্ঠী’ এটাৰ উল্লেখযোগ্য উপাদান        
    এতিয়া আচল প্ৰসংগলৈ অহা যাওক। প্ৰসংগটো হ’ল- ‘গোষ্ঠী সংঘৰ্ষ’ মানে কি? ঊনৈশ শতিকাত ব্যৱহাৰ কৰা ‘বৰ্ণ সংঘৰ্ষ’ শব্দ দুটাক বিংশ শতিকাত ‘গোষ্ঠী সংঘৰ্ষ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু সেই শব্দ দুটাকে একৈশ শতিকাতো ব্যৱহাৰ কৰি থকা হৈছে। একেখন ভৌগোলিক অঞ্চলৰ ভিতৰত বিভিন্ন গোষ্ঠীবিলাকৰ মাজত অস্ত্ৰ-শস্ত্ৰেৰে সংঘটিত জঘন্য সংঘৰ্ষবোৰেই হ’ল ‘গোষ্ঠী সংঘৰ্ষ’। ‘গোষ্ঠী সংঘৰ্ষ’ক ‘গোষ্ঠী যুদ্ধ (Ethnic War)’ বুলিও কোৱা হয়। ‘গোষ্ঠী সংঘৰ্ষ’ বা ‘গোষ্ঠী যুদ্ধ’ আৰু ‘গৃহ যুদ্ধ (Civil War)’ একে নহয়। গৃহ যুদ্ধ’ হ’ল একে গোষ্ঠীৰ মাজতে চলা যুদ্ধ। দেশ বা ৰাজ্য এখনৰ ভিতৰত এটা পক্ষই চৰকাৰ বিৰূদ্ধে বিদ্ৰোহ কৰিলেও ‘গৃহ যুদ্ধ’ বুলিয়ে জনা যায়। সাধাৰণতে সংঘটিত হৈ থকা নিয়মীয়া যুদ্ধৰ (Regular War) পৰাও ‘গোষ্ঠী সংঘৰ্ষ’ পৃথক। নিয়মীয়া যুদ্ধবোৰ সাধাৰণতে দুখন বা ততোধিক সাৰ্বভৌম ৰাষ্ট্ৰৰ (ৰাষ্ট্ৰ নহ’বও পাৰে) মাজত সংঘটিত হয়। ২০১১ চনৰ আৰম্ভনিতে অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সীমান্ত অঞ্চলত গাৰো আৰু ৰাভা জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ আৰু ২০১২ চনত অসমৰ বিটিএডি অঞ্চলত মুছলমান সম্প্ৰদায় আৰু বড়ো জনজাতিৰ মাজত সংঘটিত সংঘৰ্ষ দুটা হ’ল ‘গোষ্ঠী সংঘৰ্ষ’ৰ উৎকৃষ্ট উদাহৰণ।
 এন্থনি ডি স্মিথৰ মতে গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ (Identity Conflict) এটা উপাদান অৰ্থাত, গোষ্ঠী সংঘৰ্ষ, পৰিচয় সংঘৰ্ষ অন্তৰ্ভূক্ত, যিটো এটা আভ্যন্তৰীণ সংঘৰ্ষ (Internal Conflict) আভ্যন্তৰীণ সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ উপৰিও আন কিছুমান সংঘৰ্ষক সামৰি লয়। যেনে-আদৰ্শগত সংঘৰ্ষ (Ideological Conflict), শাসন সম্পৰ্কীয় সংঘৰ্ষ (Governance Conflict), বৰ্ণ সংঘৰ্ষ (Race Conflict), পৰিবেশ সম্পৰ্কীয় সংঘৰ্ষ (Environmental Conflict) ইত্যাদি। এই সকলোবিলাক আভ্যন্তৰীণ সংঘৰ্ষৰ বৰ্ণনাৰ বাবে কেতিয়াবা ‘গোষ্ঠী সংঘৰ্ষ’কে ব্যাপকভাবে ব্যৱহাৰ কৰা হয়। যেনে-আফগানিস্তান, ছামলীয়া, কামবোডিয়াত যি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সেয়া ‘গোষ্ঠী সংঘৰ্ষ’ নাছিল। কাৰণ সেইবোৰত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা নাছিল, একে জনগোষ্ঠীৰ লোকৰ মাজতে বেলেগ বেলেগ ৰাজনৈতিক মতাদৰ্শৰ বাবেহে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। কিন্তু সেই সংঘৰ্ষবোৰ বৰ্ণনা কৰোতে ‘গোষ্ঠী সংঘৰ্ষ’ শব্দ দুটাকে বহুলভাবে ব্যৱহাৰ কৰা হৈছিল।    
     ১৯৫০ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীবোৰে অধিক অধিকাৰ আৰু স্বীকৃতিৰ বাবে দাবী উত্থাপন কৰিবলৈ ধৰাৰ ফলতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ‘গোষ্ঠী সংঘৰ্ষ’ৰ সংখ্যা বেছি আছিল। বহুতে ইয়াক ‘শীতল যুদ্ধ (Cold War)’ এটা প্ৰভাৱ বুলিও ক’ব খোজে। সংঘৰ্ষবোৰৰ উদ্দেশ্যবোৰ একে নহয়। দেশ আৰু জনগোষ্ঠীভেদে সংঘৰ্ষবোৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ পাৰ্থক্য স্পষ্টভাবে পৰিলক্ষিত হয়। কিছুমান জনগোষ্ঠীয়ে প্ৰচলিত সংশ্লিষ্ট সাৰ্বভৌম ৰাষ্ট্ৰৰ পৰা পৃথক হৈ নিজস্ব সাৰ্ভভৌম ৰাষ্ট্ৰ গঠন বা অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছে। যেনে-ছোভিয়েট ৰাছিয়াৰ কুৰ্ড (Kurds) জনগোষ্ঠীটোৱে অধিক স্বায়ত্ব শাসনৰ বাবে দাবী উত্থাপন কৰিছিল। কিছুমান জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীটোৰ স্বীকৃতি বা মৰ্যাদা আন জনগোষ্ঠীৰ সমান পাবৰ বাবে দাবী উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত, আফ্ৰিকাৰ কৃষ্ণাংগসকলে শ্বেতাংগসকলৰ সমানে মৰ্যাদা পাবলৈ দাবী উত্থাপন কৰাৰ উদাহৰণ দিব পাৰি। কিছুমান জনগোষ্ঠীয়ে আকৌ সংখ্যালঘিষ্ঠ হোৱাৰ বাবে নিজৰ পৰিচয় সংকটৰ প্ৰতি সচেতন হৈ নিজৰ জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ বাবে দাবী উত্থাপন কৰি আহিছে  ৰাভাসকলে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবী, অসমৰ ছয় জনগোষ্ঠীয়ে অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰাপ্তিৰ দাবী উত্থাপন ইত্যাদি ইয়াৰ উদাহৰণ।
      গোষ্ঠী সংঘৰ্ষৰ কাৰণবিলাক বিশ্লেষকসকলে তিনিটা পৰ্যায়ত বিশ্লেষণ আগবঢ়ায়। বিশ্লেষণৰ সেই পৰ্যায় তিনিটা হ’ল-পদ্ধতিগত পৰ্যায় (Systemic Level), ঘৰুৱা পৰ্যায় (Domestic level) আৰু চিৰস্থায়ী পৰ্যায় (Perpetual Level)। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণে গোষ্ঠী সংঘৰ্ষত লিপ্ত গোষ্ঠীবোৰৰ নিৰাপত্তাৰ প্ৰকৃতি বিশ্লেষণ কৰে। পদ্ধতিগত পৰ্যায়ৰ বিশ্লেষণ অনুসৰি দুটা বা ততোধিক জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলতে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। সাধাৰণতে বহুতো জনগোষ্ঠী ওচৰা-উচৰিকৈ বসবাস কৰিলে সংখ্যাগৰিষ্ঠ জনগোষ্ঠীয়ে সংখ্যালঘু জনগোষ্ঠীবোৰক ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিকভাবে দমন কৰি ৰাখিব বিচাৰে। এনে অৱস্থাত সংখ্যালঘু জনগোষ্ঠীবোৰ নিৰাপত্তাহীনতাত ভোগে। কৰ্তৃপক্ষই যেতিয়া সংখ্যালঘু জনগোষ্ঠীবোৰক নিৰাপত্তা দিব নোৱাৰে, তেওঁলোকে নিজে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উঠিপৰি লাগে। সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৱে সংখ্যালঘিষ্ঠ জনগোষ্ঠীবোৰৰ আত্মপৰিচয়ৰ সংগ্ৰামক সহজভাবে ল’ব নোৱাৰে। অৰ্থাত, এনে দমন নীতি আৰু নিৰাপত্তাহীন পৰিস্থিতিৰ ফলতে কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। ঘৰুৱা পৰ্যায়ৰ বিশ্লেষণত ৰাষ্ট্ৰক প্ৰত্যক্ষভাবে সামৰি লোৱা হয়। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰখনৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিব লাগে। তাৰ পৰাই জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈ জাতীয়তা (Nationalism) ভাৱৰ সৃষ্টি হয়। কিন্তু, ৰাষ্ট্ৰই কেতিয়াবা সকলো জনগোষ্ঠীৰ মাজত সমানে জাতীয়তা ভাৱ গঢ়ি তুলিব নোৱাৰে। ৰাষ্ট্ৰ এখনৰ প্ৰতিটো জনগোষ্ঠীয়ে ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা ভোগ কৰিব বিচাৰে। সেয়া তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে। ৰাষ্ট্ৰই যেতিয়া কিছুমান জনগোষ্ঠীক বিশেষ সা-সুবিধা প্ৰদান কৰে আৰু কিছুমান জনগোষ্ঠী সকলো ফালৰ পৰাই পিছ পৰি থাকে, তেনে অৱস্থাত পিছপৰি থকা জনগোষ্ঠীটোৱে বিশেষ সা-সুবিধা লাভ কৰা জনগোষ্ঠীটোৰ সমানে সা-সুবিধা লাভৰ বাবে দাবী উত্থাপন কৰে। একে সময়তে বিশেষ সা-সুবিধা লাভ কৰি থকা জনগোষ্ঠীটোৱে তেওঁলোকৰ বাহিৰে আন কোনো জনগোষ্ঠীকে তেনে সা-সুবিধা প্ৰদান নকৰিবলৈ আহ্বান জনালে গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, চিৰস্থায়ী পৰ্যায়ৰ বিশ্লেষণত জনগোষ্ঠীবোৰৰ ইতিহাসৰ বিশ্লেষণ জড়িত থাকে। বিদ্যায়তনিক পৰ্যায়ত কিছুমান জনগোষ্ঠীৰ ভুল ইতিহাসৰ ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ব পাৰে। নিজৰ জনগোষ্ঠীটোক ওপৰলৈ নিয়াৰ স্বাৰ্থত সংশ্লিষ্ট জনগোষ্ঠীটোৰ তথাকথিত কিছুমান পণ্ডিতে ইতিহাসক ভুল ব্যাখ্যাৰে নিজ স্বাৰ্থ সিদ্ধি নকৰে বুলি ক’ব নোৱাৰি।
     কোনো সন্দেহ নাই যে আধুনিক ৰাষ্ট্ৰ, আনকি ৰাজ্য এখনতো, একেটা ভৌগোলিক অঞ্চলতে একাধিক জনগোষ্ঠীৰ লোকে বসবাস কৰি থাকে। প্ৰতিটো জনগোষ্ঠীয়ে নিজস্বতাৰ বাবেই হওক বা অধিক স্বায়ত্ব শাসনৰ বাবেই হওক, অবিৰতভাবে উত্থাপন কৰি অহা দাবীবোৰৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে সংশ্লিষ্ট দেশখনত বা ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সৃষ্টি কৰে। সমাজবিজ্ঞানী আৰু ৰাজনীতিৰ নীতি নিৰ্ধাৰকসকলে ক্ৰমাগতভাবে বাঢ়ি অহা এই সমস্যাবোৰৰ প্ৰতি উদাসীন হৈ বহি থকা নাই। নিৰবিছিন্ন অধ্যয়ন আৰু অভিজ্ঞতাৰ ফলত তেওঁলোকে জনগোষ্ঠী সম্পৰ্কীয় সমস্যাবোৰৰ সমাধানৰ বাবে তিনিটা বিকপ্লৰ সন্ধান পাইছে। সেইবোৰ হ’ল-এৰাধৰাৰ মাজেৰে একেলগে থকা, শান্তিপূৰ্ণভাবে পৃথক কৰা আৰু গোষ্ঠী যুদ্ধ। সাধাৰণতে এৰাধৰাৰ মাজেৰে একেলগে থকা বিকল্পটোৰে গোষ্ঠী সংঘৰ্ষৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংঘৰ্ষত লিপ্ত জনগোষ্ঠীবোৰৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে সাংবিধানৰ গণ্ডিৰ ভিতৰতে আলোচনা কৰি সমস্যাটোৰ সমাধান কৰে। কেতিয়াবা দেখা যায় যে সংবিধানত সন্নিৱিষ্ট সমাধানৰ পদ্ধতিয়ে গোষ্ঠী সংঘৰ্ষৰ দৰে সমস্যাৰ সমাধান কৰা কোনো পদ্ধেই সম্ভৱ নহয়। তেনে ক্ষেত্ৰত প্ৰচলিত সংবিধানখন সংশোধন কৰি পৃথকভাবে থাকিব বিচৰা জনগোষ্ঠীটোক শান্তিপূৰ্ণভাবে পৃথক কৰি দিয়া হয়। এইটো হ’ল দ্বিতীয় বিকল্প। তৃতীয় বিকপ্লটো কাৰো পক্ষেই উচিত নহয়। উল্লেখিত বিকল্প দুটাৰ কোনো এটা বিকল্পৰেই সমস্যাৰ সমাধান কৰিব নোৱাৰিলেহে তৃতীয় বিকল্পটো গ্ৰহণ কৰা হয়। এই পদ্ধতি অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰৰ কৰ্তৃপক্ষই যুদ্ধৰ দ্বাৰা গোষ্ঠী সংঘৰ্ষবোৰ দমন কৰে। নক’লেও হ’ব যে উল্লেখিত তিনিটা বিকপ্লৰ, কোনটো গ্ৰহণ কৰিব সেয়া সংশ্লিষ্ট দেশখনৰ বা ৰাজ্যখনৰ চৰকাৰৰ নীতি নিৰ্ধাৰণৰ দক্ষতা আৰু সমস্যাটোৰ সৈতে জড়িত সংশ্লিষ্ট জনগোষ্ঠীবোৰৰ সহনশীলতা, দূৰদৰ্শীতা, প্ৰগতিশীল মনোভাৱ ইত্যাদি সজ গুণৰ ওপৰত নিৰ্ভৰ কৰে।   
তথ্যসূত্ৰ

Brown, Michael E (1993): “Causes and Implications of Ethnic  Conflict”, in Michael E Brown (ed), Ethnic Conflict and International Security, (Princeton University Press), Chapter: I, Pp. 3-26.
Brown, Michael E (1993): ibid.
http://en.wikipedia.org/wiki/Ethnic_conflict
Smith, Anthony D (1993): “The Ethnic Sources of Nationalism”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.48-62.
Gurr, Ted Robert & Barbara Garff (2004): Ethnic Conflict in World Politics, (Westview Press: A Member of the Perseus Books Group), Second Edition.
Brown, Michael E (1993): ibid.
Brown, Michael E (1993): ibid.
Snyder, Jack (1993): “Nationalism and the crisis of the postSoviet state”, Survival: Global Politics and Strategy, Vol. 35, No. 1, Pp.5-26.
Brown, Michael E (1993): ibid.

[প্ৰকাশিত, 'প্ৰান্তিক', ১-১৫ আগষ্ট, ২০১৮, পৃষ্ঠা: ১৯-২০]



Thursday, 21 June 2018

সভা এখনত উপস্থিত থকা মানেই সেই সভাখনৰ আয়োজকৰ মতাদৰ্শক সমৰ্থন কৰা নুবুজায়


‘আমাৰ অসম’ৰ যোৱা ১৫ জুনৰ ‘প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নাগপুৰ যাত্ৰা’ শীৰ্ষক সম্পাদকীয়টো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ৰাষ্ট্ৰপতি এগৰাকীয়ে তেখেতৰ কাৰ্যকাল শেষ হোৱাৰ পাছত বিতৰ্কৰ উৰ্ধত থাকি দেশৰ হৈ সেৱা আগবঢ়াই যোৱাটোকে সকলোৱে কামনা কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰ এছ এছৰ সভা এখনত মোহন ভাগৱতৰ সৈতে একেখন মঞ্চতে আসন গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বাতৰিয়ে বহুতকে চিন্তাত পেলাইছিল। চিন্তাটো আছিল-দেশখনৰ আটাইতকৈ সন্মানীয় পদত অধিষ্ঠিত হৈ অহা ব্যক্তিগৰাকীৰ বিশাল ব্যক্তিত্বৰ লগতে দেশখনৰ বহুত্ববাদী ধাৰণাৰ ওপৰত কালিমা পৰিব। ভাৰতবৰ্ষক ‘এক ৰাষ্ট্ৰ’ (গ্ৰহণযোগ্য) ‘এক সংস্কৃতি’, আৰু ‘এক ধৰ্ম’ (এই দুটা গ্ৰহণযোগ্য নহয়) হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰাৰ বাবে আৰ এছ এছক, দেশখনৰ বহুত্ত্ববাদী ধাৰণাক সমৰ্থন কৰা পক্ষটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে। এই পক্ষটোৱে ভাবিছিল যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবৰ্ষৰ বহুত্ববাদৰ ধাৰণাক প্ৰত্যাখান কৰি আৰ এছ এছৰ দৰে সংকীৰ্ণ চিন্তাৰ সংগঠন এটাৰ সমৰ্থক হৈ পৰিব। কিন্তু, তেখেতে সেই সভাখনত দিয়া ভাষণেৰে প্ৰমাণ কৰি দেখুৱালে যে আৰ এছ এছৰ সভালৈ যোৱা মানেই আৰ এছ এছৰ মতাদৰ্শক সমৰ্থন কৰা নুবুজায়। ভাৰতৰ সাম্প্ৰতিক সময়ৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি সচেতন ব্যক্তি মাত্ৰেই একমত হ’ব যে দেশৰ শীৰ্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা সন্মানীয় ব্যক্তিগৰাকীয়ে সেই সভাখনলৈ গৈ আৰ এছ এছে কল্পনা কৰা ভাৰতবৰ্ষখন যে শুদ্ধ নহয় সেয়া দেখুৱাই দি এগৰাকী প্ৰকৃত দায়িত্বশীল ভাৰতীয়ৰহে পৰিচয় দিলে। আচলতে দেশখনৰ বহুত্ববাদক বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দৰে দায়িত্বশীল ভাৰতীয়ৰ বাৰুকৈয়ে প্ৰয়োজন অনুভৱ কৰা হৈছে।
অৱশ্যে, সম্পাদকীয়টোৰ সৈতে একমত যে আৰ এছ এছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক তেওঁলোকৰ মতাদৰ্শৰ এজন সমৰ্থক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিব পাৰে-যেনেদৰে যোৱা কিছু বছৰ ধৰি চৰ্দাৰ বল্লভভাই পেটেলক তেওঁলোকৰ মুখ্য কৰ্মকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই থকা দেখা গৈছে। আৰ এছ এছৰ সভাত উপস্থিত থকাৰ বাবে প্ৰণৱ মুখাৰ্জীক সমালোচনা কৰাসকলে সচেতন হ’ব লাগে যাতে সভাখনত উপস্থিতিৰ প্ৰসংগেৰে সংগঠনটোৱে তেওঁলোকৰ স্বাৰ্থৰ বাবে তেখেতক ব্যৱহাৰ কৰিব নোৱাৰে।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২২ জুন ২০১৮, পৃষ্ঠা: ৯]

Monday, 18 June 2018

যোগৰ অৰ্থনৈতিক দৃষ্টিকোণ (Economic Perspective of Yoga)


যদিওবা যোগৰ ভেটি ভাৰতবৰ্ষ, কিন্তু যোৱা কিছু দশক ধৰি ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে। যোগে মানুহৰ বিভিন্ন উপকাৰ সাধন কৰে যদিও মন আৰু শৰীৰক ৰোগমুক্ত কৰি ৰাখিব পৰাটোৱেই হ’ল মানুহে যোগৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ ভৰসা। যোগে মানুহৰ শৰীৰ, মন আৰু আত্মাৰ (আত্মা কি, কেনেকুৱা, আছে নে নাই?-সেয়া অন্য এক বিষয়)মাজত এক সুন্দৰ সমন্বয় ঘটায় বুলি বিশ্বাস হোৱাৰ ফলতে সমগ্ৰ পৃথিৱীতে যোগৰ চাহিদা ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। ১৯৩খন দেশৰ সদস্যভুক্ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে, ২১ জুন দিনটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে পালন কৰাৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত, যোগৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা অধিক বৃদ্ধি পাবলৈ ধৰিলে। ভাৰতৰ এটা শীৰ্ষ বাণিজ্যিক সংগঠন ASSOCHAM  এক অধ্যয়ন অনুসৰি, ২১ জুন তাৰিখটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে ঘোষণা কৰাৰ পাছত কেৱল ভাৰতবৰ্ষতে যোগ অনুশীলন কৰা মানুহৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে (DNA, 21 June 2016)
মানুহে যোগক প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰাই যোগৰ অৰ্থনৈতিক চিন্তা-চৰ্চা আৰম্ভ হৈছে। অৰ্থাত, যোগাভ্যাসৰ ফলত মানুহৰ বেমাৰ-আজাৰ কম হোৱাৰ লগে লগে প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ চাহিদাৰ ওপৰত পৰা প্ৰভাৱেই (কিমান আৰু কেনেকৈ প্ৰভাৱ পৰিছে সেয়া গৱেষণাৰ বিষয় হ’ব পাৰে) হ’ল যোগৰ অৰ্থনৈতিক চিন্তাৰ প্ৰাথমিক দৃষ্টিকোণ।  
যোগক সামগ্ৰী (Commodity) হিচাপে গ্ৰহণ কৰাতকৈ প্ৰয়োজন (Necessity) হিচাপেহে গ্ৰহণ কৰিব লাগে। কিন্তু, প্ৰয়োজনৰ কাৰণেই হওক বা আন কাৰণেই হওক, যোগকো সামগ্ৰী হিচাপেহে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ গৱেষক David Gordon Whiteৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ এবিধ সামগ্ৰী হৈ পৰিছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি ২০১২ চনত আমেৰিকাত যোগ অনুশীলন কৰা মানুহৰ সংখ্যা আছিল ২ কৌটি আৰু ২০১৬ চনত হ’লগৈ ৩ কৌটি ৬০ লাখ। David Gordon Whiteএ কৈছে যে যোগ অনুশীলন কৰা মানুহবিলাকৰ, বহুতৰ মতে যোগ হ’ল- যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ (যেনে-পাটী, কাপোৰ ইত্যাদি) সৈতে যোগ প্ৰশিক্ষকৰ দ্বাৰা যোগৰ প্ৰশিক্ষণ দিয়া একোটা যোগৰ কেন্দ্ৰ। সাধাৰণতে এই কেন্দ্ৰসমূহত ‘প্ৰাণায়াম’ আৰু ‘আসন’ৰ অনুশীলন কৰোৱা হয়।
যোগ কেন্দ্ৰ এটা স্থাপন হোৱাৰ লাগে লগে ইয়াৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সা-সামগ্ৰীৰ লগতে প্ৰশিক্ষকসকলৰ এখন ভাল বজাৰৰ সৃষ্টি হৈছে। যোগৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত প্ৰশিক্ষকসকলৰ চাহিদা বৃদ্ধি পাইছে। যোগ নিজেই ‘ব্ৰেণ্ডেড’ সামগ্ৰী হোৱাৰ লগে লগে প্ৰশিক্ষকবিলাকো একো একোজন ‘ব্ৰেণ্ড’ হৈ পৰিছে। ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক নিয়োগ কৰা যোগৰ কেন্দ্ৰসমূহৰ চাহিদা স্বাভাৱিকতে বৃদ্ধি পাইছে। বৰ্তমান বাবা ৰামদেৱ আৰু বিক্ৰম চৌধুৰী হ’ল ক্ৰমে ভাৰত আৰু আমেৰিকাৰ একো একোজন ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক। অনুশীলনকাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে বোলছবি জগতৰ চেলেব্ৰেটিৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা-এইখন বজাৰৰ নতুন বজাৰ নীতি হিচাপে চিহ্নিত হৈছে। হিন্দী চিনেমা জগতৰ অভিনেত্ৰী শিল্পা ছেত্তী ভাৰতৰ এগৰাকী ‘ব্ৰেণ্ডেড চেলেব্ৰেটি’ যোগ প্ৰশিক্ষক। Yoga in America Study 2016 ৰ তথ্য অনুসৰি যোগৰ এটা ক্লাছৰ বাবদ প্ৰশিক্ষকে ১০ ৰ পৰা ২৫ ডলাৰলৈ লয় (ভাৰতীয় টকাৰ মানত ৬৮০ টকাৰ পৰা ১,৭০০ টকা)। ভাৰতবৰ্ষতো যোগৰ কেন্দ্ৰ অনুসৰি মাচুলৰ পৰিমান নিৰ্ধাৰণ কৰা আছে। যেনে- বাংগালুৰুৰ Samyama Academy of Yogaত এজন প্ৰশিক্ষাৰ্থীয়ে প্ৰতিমাহে ২,০০০ টকাকৈ জমা দিব লাগে।
যোগৰ কেন্দ্ৰবিলাকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী সংশ্লিষ্ট কেন্দ্ৰটোৰ নামত ‘ব্ৰেণ্ড’লৈ ৰূপান্তৰিত হৈছে। তদুপৰি, কেন্দ্ৰসমূহৰ সৈতে বুজাবুজিৰ চুক্তি কৰি যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি যোগান ধৰা উৎপাদন প্ৰতিষ্ঠান স্থাপন হৈছে। যেনে-Zella, AloYoga, Soybu আদি হ’ল যোগৰ সময়ত ব্যৱহাৰ কৰা ব্ৰেণ্ডেড কাপোৰৰ নাম। যোগক ভিত্তি কৰি গঢ়ি উঠা এনেধৰণৰ উৎপাদন প্ৰতিষ্ঠানে অৰ্থনীতিৰ স্বাভাৱিক নীতিৰে দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ সক্ষম হৈছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি যোৱা চাৰি বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ অনুশীলনৰ বাবদ খৰচ হৈছিল প্ৰায় ১৬ বিলিয়ন ডলাৰ (প্ৰায় ১,০৮,৮০০ কৌটি টকা)। ২০১২ চনত এই পৰিসংখ্যা আছিল ১০ বিলিয়ন ডলাৰ (প্ৰায় ৬৮ হাজাৰ কৌটি টকা)। 
যোগ যে কেৱল যোগ কেন্দ্ৰলৈ গৈহে কৰিব লাগে তেনে নহয়। বিভিন্ন ইলেট্ৰ’নিক মাধ্যম, যেনে-ইন্টাৰনেট, DVD আদিৰ যোগেৰেও যোগাভ্যাস কৰিব পাৰে। গতিকে, ইন্টাৰনেটৰ ব্যৱস্থাপক বহুজাতিক কোম্পানীবিলাকেও যোগৰ বজাৰত সোমাই পৰিছে।  সেইদৰে, লেপটপ বা ডেস্কটপত DVD প্ৰয়োগেৰে যোগাভ্যাস কৰাৰ ফলত যোগৰ DVD ৰ এখন বজাৰৰ সৃষ্টি হৈছে। DVD ৰ বজাৰখনে ইয়াৰ পূৰিপূৰক সামগ্ৰী হিচাপে লেপটপ বা ডেস্কটপৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে। যোগৰ প্ৰকাৰ আৰু প্ৰশিক্ষক অনুসৰি যোগৰ DVD বিলাকৰ দাম বেলেগ বেলেগ হয়। অৱশ্যে, এখন DVDৰ দাম ২০০ টকাৰ ওপৰত নহয় (পাঠকে যিকোনো অনলাইন বজাৰৰ ৱেবছাইট চাব পাৰে)। অনলাইন বজাৰ ব্যৱস্থাই যোগৰ DVDৰ বজাৰখন সম্প্ৰসাৰণ ঘটাই যোগক অন্য এক অৰ্থনৈতিক মাত্ৰা প্ৰদান কৰিছে।
কোনো আনুষ্ঠানিক যোগ কেন্দ্ৰত পঞ্জীয়ন কৰিব নোৱাৰা বা কম্পিউটাৰ জাতীয় ইলেট্ৰ’নিক সামগ্ৰী কিনিবলৈ অসমৰ্থ বা তেনে প্ৰযুক্তিবিদ্যাৰ জ্ঞান নথকা ব্যক্তিসকলে কিতাপ পঢ়ি যোগৰ সাধনা কৰে। ইয়াৰ ফলত যোগ সম্পৰ্কীয় কিতাপৰ এখন ভাল বজাৰ গঢ়ি উঠিছে।  সুখৰ অৰ্থনীতি (Economics of Happiness) হ’ল যোগাভ্যাসৰ অন্য এক গুৰুত্বপূৰ্ণ দৃষ্টিকোণ। যোগাভ্যাসে মানুহ এজনৰ শৰীৰ, মন আৰু আত্মাৰ (?) মাজত সমন্বয় স্থাপন কৰি মানুহজনক এক অনাবিল সুখানুভূতি আনি দিয়ে।
     মুঠ কথা, যোগ যিহেতু মানুহৰ সুস্থ প্ৰয়োজন (Wellness) হিচাপে স্বীকৃতি পাই ক্ৰমাগতভাবে সম্প্ৰসাৰিত হৈ আছে, গতিকে যোগক সামগ্ৰী হিচাপে গ্ৰহণ কৰিলেও অৰ্থনীতিৰ তথাকথিত ‘সামগ্ৰী’ৰ সূত্ৰই যোগৰ ওজন কমাব পৰাৰ কোনো সম্ভাৱনা নাই। যোগ যোগেই।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ জুন ২০১৮, পৃষ্ঠা: ৫, 
পূৰ্বপ্ৰকাশ: 'যোগাকাশ', স্মৃতিগ্ৰন্থ, প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যোগ প্ৰতিযোগিতা, ২৩-২৪ জানুৱাৰী ২০১৭, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়।]


Friday, 15 June 2018

শুক্ৰাচাৰ্য ৰাভা: ব্যক্তিক্ৰমী চিন্তাৰ মানুহজন


    ব্যতিক্ৰমী চিন্তাৰ এক অনন্য ব্যক্তিত্বৰ অধিকাৰী শুক্ৰাচাৰ্য ৰাভাই যোৱা ৮ জুন তাৰিখে ৪১ বছৰ বয়সতে জীৱন নাটৰ সামৰণি মাৰিলে। ২০১১ চনত এপ্ৰিল মাহত (দিনটো পাহৰিলোঁ) মই ‘হায়দৰাবাদ বিশ্ববিদ্যালয়’ত পঢ়ি থকাৰ সময়ত ‘প্ৰান্তিক’ত মোৰ লেখা এটা পঢ়ি তেখেতে মোলৈ ফোন কৰিছিল। সেয়াই আছিল আৰম্ভণি। ব্যক্তিগতভাবে তেখেতৰ সৈতে মোৰ এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। অৱশ্যে, শ-শৰীৰে আমি দুবাৰহে দেখা-দেখি হৈছিলোঁ। প্ৰথমবাৰ লগ পাইছিলো-২০১২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত। অত্যন্ত ব্যস্ততাৰ মাজতো সেই দিনটো তেখেতে কেৱল মোৰ সৈতে কথা পাতিবৰ বাবে আছুতীয়াকৈ ৰাখিছিল। ৰাভা জনজাতিৰ পৰা আৰম্ভ কৰি অসমৰ লগতে ভাৰতীয় প্ৰেক্ষাপটৰ বিভিন্ন দিশ সামৰি সম্পূৰ্ণ এটা দিন আমি আলোচনা কৰিছিলোঁ। দ্বিতীয়বাৰ দেখা-দেখি হৈছিলোঁ-১৮ ডিচেম্বৰ ২০১৬ তাৰিখে, ‘আণ্ডাৰ দ্যা শাল ট্ৰী’ৰ নাট মহোৎসৱৰ সময়ত। অৱশ্যে, সেইদিনা কেৱল দেখা-দেখি হৈ ভাল-বেয়া খবৰৰ আদান-প্ৰদানহে ঘটিছিল। কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হোৱা নাছিল। মহোৎসৱৰ ব্যস্ততাৰ বাবে আলোচনাৰ পৰিবেশো নাছিল। সি যি কি নহওক, তেখেতে যিকোনো বিষয় ব্যতিক্ৰমী চিন্তাৰে বিশ্লেষণ কৰি বাস্তৱিক ৰূপ দিবলৈ চেষ্টা কৰিছিল। তেখেতৰ প্ৰায়বোৰ চিন্তাই ব্যতিক্ৰমী আছিল যদিও কেইটামান বিশেষ ব্যতিক্ৰমী চিন্তা সফলভাবে প্ৰয়োগ কৰিব পাৰি তেখেতে নিজকে বৰ সুখী অনুভৱ কৰিছিল।
     শুক্ৰাচাৰ্য ৰাভাই গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ যোগেৰে ৰাজহুৱা কামত নিজকে নিয়োজিত কৰিবলৈ মন মেলিছিল। কিন্তু বিভিন্ন বিষয়ত ৰাভা ছাত্ৰ সন্থাৰ সৈতে তেখেতৰ মতানৈক্য ঘটে। আচলতে তেতিয়াৰ পৰাই তেখেতৰ মনত ব্যতিক্ৰমী চিন্তাৰ বীজ বিকশিত হ’বলৈ ধৰে। তেখেতে সংকল্প লয় যে ৰাভা ছাত্ৰ সন্থাই ৰাভাসকলৰ উন্নয়নৰ বাবে যিমান কাম কৰিব, সিমানখিনি কাম তেখেতে অকলে কৰিবলৈ চেষ্টা কৰিব। কিন্তু, পথ বেলেগ হ’ব। তেখেতে প্ৰমাণ কৰি থৈ গ’ল যে নিজে অন্তৰ্ভুক্ত হোৱা জনজাতিটোক লগত লৈ নিজৰ ৰাজ্য আৰু দেশৰ বাবে কাম কৰিবলৈ ছাত্ৰ সন্থাৰ দৰে সংগঠনবোৰত জড়িত নহ’লেও হয়। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে তেখেতে ছাত্ৰ সন্থাবোৰৰ অৱস্থিতিক নাকচ কৰিছিল।
 ৰাভা ছাত্ৰ সন্থাৰ পৰা ওলাই আহি তেখেতে সাংস্কৃতিক দিশত নিজকে মনোনিবেশ কৰিবলৈ সিদ্ধান্ত ল’লে। কিন্তু সমস্যা হ’ল-সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ’লে নিজকে সেই দিশত যথোপযুক্তভাবে গঢ়ি তুলিব লাগিব। নাটকৰ ডিগ্ৰী প্ৰদান কৰা তথাকথিত প্ৰতিষ্ঠানৰ পৰা নাটকৰ শিক্ষা লোৱাৰ পৰিবৰ্তে দিল্লীৰ ‘নেচনেল স্কুল অফ ড্ৰামা’ত হিন্দী ভাষা ভালকৈ ক’ব নোৱাৰাৰ বাবে ডিগ্ৰী ল’বলৈ সুবিধা নাপাই নিজৰ ধৰণে নাট্য চৰ্চা কৰি বিখ্যাত হোৱা মণিপুৰৰ কানহাইলালৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ শুক্ৰাচাৰ্য ৰাভাই সিদ্ধান্ত লৈছিল। গুৰু কানহাইলালৰ দৰে শুক্ৰাচাৰ্য ৰাভায়ো প্ৰমাণ কৰি দেখুৱাইছিল যে তথাকথিত নামজ্বলা প্ৰতিষ্ঠানৰ পৰা নাটকৰ ডিগ্ৰী লাভ নকৰাকৈও নাট্য কৰ্মত সফলতা লাভ কৰিব পাৰি। 
   শুক্ৰাচাৰ্য ৰাভাই অনুভৱ কৰিছিল যে পৰিৱেশ্য কলাৰ (Performing Arts) নাট উপভোগৰ সুবিধা কেৱল চহৰৰ দৰ্শকৰ বাবেহে আছে। অৰ্থাত, পৰিৱেশ্য কলাৰ দেশ-বিদেশৰ নাটক উপভোগ কৰিবলৈ হ’লে গাঁৱৰ মানুহে ‘ৰবীন্দ্ৰ ভৱন’, ‘শংকৰদেৱ কলাক্ষেত্ৰ’ আদিৰ দৰে স্থানলৈ যাব লাগে। গাঁৱৰ মানুহৰ বাবে এইবোৰ স্থান সহজলভ্য নহয়। তেখেতৰ মতে, দেশ-বিদেশৰ পৰিৱেশ্য কলাৰ নাটক উপভোগ কৰিবলৈ চহৰলৈ যাব লাগে কিয়? পৰিবেশটো ওলোটা হ’ব লাগে। দেশ-বিদেশৰ ভাল নাট্যদলৰ বাবে গাঁৱবোৰত নাটকৰ পৰিবেশ গঢ়ি তুলিব পাৰিলে, নাটক উপভোগ কৰিবলৈ চহৰৰ মানুহবিলাকহে গাঁৱলৈ আহিব। তেখেতে সেয়াই কৰি দেখুৱালে।   
     তথাকথিত উচ্চ জাতিৰ কিছুমান মানুহে ভাৱে যে জনজাতীয় লোকসকলে টকা-পইচা থাকিলেও অত্যাধুনিক সা-সুবিধা ব্যৱহাৰ কৰি জীৱনটো উপভোগ কৰিব নাজানে। তেখেতে নিজেই তেনেকুৱা অভিজ্ঞতাৰ সম্মুখিন হোৱা বুলি আমাক জনাইছিল। সেয়েহে তেখেতে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত এনে এটা ঘৰ সজাইছে যিটো ঘৰ বাহিৰৰ পৰা তেনেই সাধাৰণ যেন লাগে। আনকি ঘৰটোৰ বাহিৰৰ বেৰবোৰ প্লাষ্টাৰেই কৰা নাই। কিন্তু, ভিতৰত টাইলছ লগোৱা আছে আৰু চহৰৰ আধ্যৱন্ত মানুহৰ ঘৰত যিবোৰ অত্যাধুনিক সা-সুবিধা থাকে সেই সকলোখিনিয়েই আছে। আচলতে ঘৰটোক তেখেতে প্ৰতীক হিচাপে লৈছে। ঘৰটোৰ দ্বাৰা তেখেতে বুজাব বিচাৰিছে যে জনজাতীয় লোকসকলে হয়তো লেতেৰা কাপোৰ-কানি পিন্ধি থাকিব পাৰে, মনবোৰ কিন্তু নিৰ্মল আৰু শৃখলাবদ্ধ।
   হিন্দু-মুছলমান, গাৰো-ৰাভা আদি গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত গোৱালপাৰা জিলাখনক একতাৰ দলেৰে বান্ধি ৰাখিবলৈ প্ৰচেষ্টা চলোৱা ব্যতিক্ৰমী চিন্তাৰ মানুহজন ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যোৱা ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৬ জুন ২০১৮]

Thursday, 31 May 2018

অসমীয়া আৰু বাঙালীৰ সংঘাত


অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰাখন প্ৰকাশ পোৱাৰ তিনিদিন পাছতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বক্তব্য আগবঢ়ালে যে অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ যড়যন্ত্ৰ কৰা হৈছে। কাৰণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত বহুত বাঙালী মানুহৰ নাম অন্তৰ্ভূক্ত হোৱা নাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বাৰা অসমত বসবাস কৰি থকা প্ৰায় ১ কৌটি ৮০ লাখ বাঙালী মানুহক ৰাজ্যখনৰ পৰা খেদি পঠাব বিচৰা হৈছে। বুজিবলৈ বাকী নাই যে মমতা বেনাৰ্জীয়ে তেখেতৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেধৰণৰ উচটনিমূলক বক্তব্য আগবঢ়াইছে। ৰাজনৈতিক নেতাসকলে জানে যে অসমীয়া আৰু বাঙালীৰ মাজত ৰাজনীতি কৰি স্বাৰ্থ আদায় কৰাৰ বহুত সুবিধা আছে। ভাষা-সংস্কৃতিৰ পাৰ্থক্য থকা এই দুই সম্প্ৰদায়ৰ মাজত মাজে সময়ে সংঘাত সৃষ্টি হৈয়ে থাকে।
এইখিনিতে স্পষ্ট কৰি থোৱা ভাল হ’ব যে অসমত বাঙালী ভাষাক প্ৰথম ভাষা হিচাপে চিনাকি দিয়াৰ ক্ষেত্ৰত হিন্দু আৰু ইছলাম-দুয়োটা ধৰ্মৰে লোক আছে। কিন্তু, আমাৰ লেখাটোত অসমীয়া মানুহৰ সৈতে সংঘাতৰ প্ৰসংগ আলোচনা কৰোঁতে কেৱল হিন্দু বাঙালীসকলকহে সামৰি লোৱা হৈছে। ইয়াৰ কাৰণ দুটা-(১) অসমত বাঙালী ভাষা কোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে মিলি যোৱাৰ ক্ষেত্ৰত সিমান অনাগ্ৰহ দেখা নাযায়, যিমান অনাগ্ৰহ হিন্দু বাঙালীসকলৰ ক্ষেত্ৰত দেখা যায়। অসমীয়া আৰু হিন্দু বাঙালীৰ মাজত সংঘাত সংঘটিত হ’লে বাঙালী ভাষী ইছলাম ধৰ্মৰ লোকসকল নিৰপেক্ষ ভূমিকা লয়। (২) ইতিহাসৰ পাত লুতিয়ালে পোৱা যায় যে অসমত অসমীয়া আৰু বাঙালীৰ মাজত যিমানবিলাক সংঘাত সংঘটিত হৈছে, সেয়া হিন্দু বাঙালীৰ সৈতে বেছি হৈছে।
এতিয়া আচল প্ৰসংগলৈ অহা যাওক। আহোমৰ অসমৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ পাছৰে পৰাই বাঙালীৰ সৈতে অসমৰ মানুহৰ সংঘাতৰ সূ্চনা হ’বলৈ ধৰে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে প্ৰথমে আহোমসকলে হিন্দু ধৰ্মত দীক্ষিত হৈছিল। অৱশ্যে, তেখেতৰ দিনত হিন্দু ধৰ্মই সিমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল যিমান প্ৰভাৱ শিৱসিংহৰ দিনৰ পৰা চলোৱা হৈছিল। আহোমৰ দিনত স্বৰ্গদেউৰ ৰাজকাৰেঙৰ জ্যোতিষী আৰু পূজা-পাঠৰ কামত নিয়োজিত ব্ৰাক্ষ্মণসকলৰ ভিতৰত বাঙালী ব্ৰাক্ষ্মণৰ সংখ্যা বেছি নহ’লেও অৱজ্ঞা কৰিব পৰা বিধৰ কম নাছিল। জয়ধ্বজ সিংহৰ পিছৰ আটাইকেইজন স্বৰ্গদেউৱে হিন্দু ধৰ্মত বিশ্বাস কৰিছিল। কিন্তু, গদাধৰ সিংহই ব্ৰাক্ষ্মণসকলক বিশ্বাসত ল’ব পৰা নাছিল। ইয়াৰ প্ৰমাণ মৃত্যুৰ আগে আগে গদাধৰ সিংহই পুত্ৰ ৰুদ্ৰ সিংহক দিয়া উপদেশত পোৱা যায়। মৃত্যুমুখী পিতৃ স্বৰ্গদেৱে পুত্ৰ ৰুদ্ৰ সিংহক দিয়া শেষ বাণীত পথালিফোঁটাসকলক বিশ্বাস নকৰিবলৈ উপদেশ দিছিল, মজাৰ কথা যে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালতে অসমলৈ আটাইতকৈ বেছি বাঙালী ব্ৰাক্ষ্মণৰ প্ৰব্ৰজন ঘটে। আহোমসকলৰ ৰীতি-নীতিত হিন্দু ধৰ্মীয় সংস্কৃতিৰ প্ৰভাৱ পৰাৰ পাছত পৰম্পৰাগতভাবে পূজা-পাতলৰ দায়িত্বত থকা বাইলুংসকল বঞ্চিত হোৱাৰ বাবে তেওঁলোক আন ব্ৰাক্ষ্মণসকলৰ লগতে বাঙালী ব্ৰাক্ষ্মণসকলৰ প্ৰতি বিৰাগ মনোভাৱ পোষণ কৰিছিল। অৱশ্যে, সেই সময়ত তেওঁলোকৰ বিৰাগ মনোভাবে সংঘৰ্ষ ঘটাব পৰা নাছিল।
অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত সৃষ্টিৰ মূল কাৰণবোৰৰ ভিতৰত এটা হ’ল -অসমীয়া ভাষাৰ ওপৰত বাঙালী ভাষাৰ প্ৰভুত্ব বিস্তাৰৰ অভিপ্ৰায়। বৃটিছে তেওঁলোকৰ শাসন কাৰ্য চলাবৰ বাবে বাঙালী লোকক অসমলৈ আনি তলতীয়া কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল।  ইয়াৰ কাৰণ হিচাপে দুটা যুক্তি দিয়া দেখা যায়-(১) বৃটিছ প্ৰশাসনত আহোম ৰজাৰ দিনৰ বিষয়াসকলৰ পৰিয়ালৰ লোকক নিযুক্তি কৰিও তেওঁলোকৰ পৰা বৃটিছে বিচৰা ধৰণে কাম আদায় কৰিব পৰা নাছিল। কাৰণ, বৃটিছৰ শাসন প্ৰণালীৰ সৈতে তেওঁলোক ভালদৰে পৰিচিত নাছিল, আৰু (২) অসমখন ১৮৭৪ চনলৈকে বেংগল প্ৰেচিডেন্সিৰে অংশ আছিল। যুক্তি যিয়েই নহওক, বৃটিছে চৰকাৰী কামকাজ চলাবৰ বাবে ১৮৩৬ চনত বাঙালী ভাষাকে চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিলে। অসমৰ সেই সময়ৰ শিক্ষিত শ্ৰেণীৰ উপৰি নাথান ব্ৰাউনৰ দৰে খ্ৰিষ্টান ধৰ্ম প্ৰচাৰকসকলৰ প্ৰচেষ্টাত ১৮৭২ চনৰ ৬ মাৰ্চৰ কলিকতা হাইক’ৰ্টৰ ৮ নম্বৰ আদেশ অনুসৰি অসমৰ ক’ৰ্ট-কাছাৰী আৰু ৰাজহ বিষয়ৰ কামকাজ চলোৱাৰ মাধ্যম অসমীয়া হ’ব বুলি ঘোষণা কৰিলে। বাঙালী কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে চৰকাৰী ভাষা বাঙালী কৰা বুলি যুক্তি দিয়া হয় যদিও অসমীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত এই ধাৰণা থাকিয়ে গ’ল যে অসমত বাঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত বাঙালী কৰ্মচাৰীসকলৰ চক্ৰান্ত আছিল। বৃটিছৰ দিনত সংঘটিত এই ঘটনাটোৱে আজিও এই দুই সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টিত অৰিহণা যোগায়।
অসমীয়াসকলে যেনেদৰে ধাৰণা কৰে যে বাঙালীসকলে অসমত বাঙালী ভাষাৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে, তেনেদৰে বাঙালীসকলৰ মাজতো এটা ধাৰণা আছে যে অসমীয়াসকলে অসমৰ আন ভাষাগোষ্ঠীৰ লগতে বাঙালীসকলৰ ওপৰত অসমীয়া ভাষাটো জাপি দিবলৈ চেষ্টা কৰি থাকে। ইয়াকে লৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমীয়া আৰু বাঙালীৰ মাজত পুনৰ ভাষা ভিত্তিক সংঘাত সৃষ্টি হৈছিল। ১৯৩১ চনৰ তথ্য অনুসৰি অসমত বাঙালীভাষী লোকৰ হাৰ আছিল ২৬.৭৮ শতাংশ আৰু অসমীয়াভাষীৰ হাৰ আছিল ৩১.৪২ শতাংশ। ১৯৫১ চনৰ তথ্যত বাঙালীভাষীৰ হাৰ ১৯৩১ চনৰ হাৰতকৈ ১০.২৯ শতাংশ হ্ৰাস পাই ১৬.৫০ শতাংশ হ’ল। আনহাতে, ১৯৫১ চনত অসমীয়াভাষীৰ হাৰ ২৫.২৭ শতাংশ বৃদ্ধি হৈ ৫৬.৬৯ শতাংশ হ’ল। ১৯৫১ চনৰ তথ্যৰ ওপৰত বাঙালীসকলৰ সন্দেহ উপজিছিল। অসমখনক অসমীয়া ভাষা প্ৰধান ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিপ্ৰায়েৰে এনেধৰণে তথ্য প্ৰকাশ কৰা হৈছিল বুলি বাঙালীসকলে ধাৰণা কৰি লৈছিল। ১৯৬০ চনৰ ২২ এপ্ৰিল তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত অসমৰ বিশেষকৈ কাছাৰৰ বাঙালীসকলে আন্দোলন চলাইছিল। তেওঁলোকৰ সৈতে অসমৰ পাহাৰীয়া অনা-অসমীয়াভাষী লোকসকলেও সহযোগ আগবঢ়াইছিল। অনা-অসমীয়াভাষী লোকসকলৰ আপত্তি সত্বেও ‘অসম চৰকাৰী ভাষা আইন ১৯৬০’ বিলখনখন ১৯৬০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ৰাজ্যপালে অনুমোদন জনায়। ১৯৬৪ চনত সংশোধন কৰি কোৱা হয় যে দহ বছৰৰ বাবেহে এই আইনখন কাৰ্যকৰি কৰা হ’ব। পিছলৈ তিনি ভাষা তত্ত্বটো প্ৰয়োগ হোৱাৰ পাছত ভাষা সম্পৰ্কীয় সমস্যাটো কিছু ঠাণ্ডা হোৱা পৰিলক্ষিত হ’ল। কিন্তু, সময়ৰ গতিত অসমত বহু বাঙালী মাধ্যমৰ বিদ্যালয় অসমীয়া মাধ্যমলৈ ৰূপান্তৰ ঘটা বা বাঙালী মাধ্যমৰ বিদ্যালয় নতুনকৈ স্থাপন নকৰাৰ বাবে এতিয়াও বাঙালী সম্প্ৰদায়ৰ কিছুমান লোকে অসমীয়াৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰি আছে।
পাকিস্তানৰ পৰা পৃথক কৰি পূৱ পাকিস্তানে বাংলাদেশ নামেৰে ১৯৭১ চনৰ ১৬ ডিচেম্বৰ তাৰিখে স্বীকৃতি লাভ কৰা ঘটনাটোৱে অসমত বাঙালী আৰু অসমীয়াৰ মাজত চলি থকা সংঘাতত আজিও এটা উপাদান হিচাপে চিহ্নিত হৈ আছে। পাকিস্তানৰ বিৰূদ্ধে চলা বাঙালী জাতীয়তাবাদী আন্দোলনৰ মূলতে পূৱ পাকিস্তানৰ হিন্দু বাঙালীয়ে দায়ী বুলি পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে ১৯৭১ চনৰ ২৫ মাৰ্চত সামৰিক অভিযান চলাইছিল। এই ঘটনাত পূৱ পাকিস্তানৰ পৰা বহু বাঙালীভাষী হিন্দু আৰু ইছলামধৰ্মী লোক ভাৰতলৈ পলাই আহিছিল। এই কাৰণতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধও হৈছিল। পূৱ পাকিস্তানৰ পৰা পলাই অহা লোকসকলক ভাৰতত শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়া হৈছিল। বাংলাদেশ সৃষ্টি হোৱাৰ পাছত শৰণাৰ্থীসকলক ঘূৰাই পঠাব বিচৰাত দেখা গ’ল যে বহু বাংলাদেশী হেৰাই গ’ল। সেই হেৰাই যোৱা বাঙালীসকলক চিনাক্ত কৰি আজিলৈকে বাংলাদেশলৈ ঘূৰাই পঠাব পৰা নগ’ল। ইয়াৰে বহু ইছলামধৰ্মী বাঙালীভাষীয়ে অসমীয়া ভাষাটোকে নিজৰ ভাষা হিচাপে লোৱাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ নকৰিলে। কিন্তু, হিন্দু বাঙালীভাষী শৰণাৰ্থীসকলে অসমীয়াৰ সৈতে মিলি নোযোৱাৰ মনোবৃত্তি থাকি গ’ল। তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভৰ সুযোগ বিচাৰি থাকিল। ধৈৰ্যৰ সীমা চিঙি মাজে সময়ে তেওঁলোকে অসমীয়াৰ বিৰূদ্ধে বিদ্ৰোহ কৰিবলৈ ধৰিলে। বিদ্ৰোহে কেতিয়াবা আক্ৰমণাত্মক হোৱাৰ উদাহৰণো পোৱা গ’ল। যেনে-২০১৭ চনৰ ৬ মাৰ্চত ‘নিখিল ভাৰত বেংগলী উদ্বাস্তু সমন্বয় সমিতি’য়ে ‘ডি’ভোটাৰ তালিকাত থকা বাঙালীসকলৰ নামবিলাক চৰ্তহীনভাবে উঠাই দিব লাগে বুলি কৰা গণসমাবেশৰ শেষত ধেমাজী জিলাৰ চিলাপথাৰত সদৌ অসম ছাত্ৰ সংস্থাৰ কাৰ্যালয় লণ্ডভণ্ড কৰিলে১০। মন কৰিবলগীয়া যে অসমৰ খিলঞ্জীয়া বাঙালীসকলৰ বুদ্ধিজীৱীমহলে এই কাৰ্যক গৰিহণা দিছে যদিও হিন্দু বাঙালী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াই আহিছে। আনফালে, অসমৰ জাতীয়তাবাদী শিবিৰে কোনো কাৰণতে যাতে হিন্দু বাঙালী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নহয় তাৰ বাবে আন্দোলন কৰি আহিছে।  
এটা কথা ঠিক যে অসমৰ গাঁৱে-ভূঞে বসবাস কৰি থকা বাঙালীসকলে অসমীয়াৰ সৈতে জীণ যোৱাৰ ক্ষেত্ৰত অনীহাৰ অভাৱ দেখা নাযায়। ইতিমধ্য তেওঁলোকৰ বহুতেই অসমীয়া সমাজ সংস্কৃতিৰ সৈতে মিলি গৈছে। মজাৰ কথাটো হ’ল-অসমৰ বাঙালী সমাজ বুলিলে এতিয়াও কেৱল অসমৰ নগৰীয়া উচ্চ আৰু মধ্যবিত্ত বাঙালীসকলকহে বুজা যায়১১। অসমীয়া আৰু বাঙালীৰ সংঘাতৰ দৰে পৰিস্থিতি আহিলেই অসমৰ বাঙালী বিৰোধী চক্ৰবোৰে গাঁৱলীয়া বাঙালীসকলকো সামৰি লৈ এক অবাঞ্ছিত পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা চলায়১২। তাৰে সুযোগ লৈ চহৰত বসবাস কৰা মধ্যবিত্ত বাঙালী আৰু অসমৰ বাহিৰৰ বাঙালী সমাজৰ কিছুমান শক্তিয়ে অসমীয়াৰ প্ৰতি বেয়া মনোভাৱ সম্প্ৰসাৰণ কৰি থাকে।
কিছুমান উগ্ৰ বাঙালী জাতীয়তাবাদী পণ্ডিতে এনে এটা ধাৰণা প্ৰতিষ্ঠা কৰিব বিচাৰে যে অসমীয়াসকলৰ বহু নিদৰ্শন বাঙালীসকলৰ নিদৰ্শনৰ পৰা পৃথক নহয়। অৰ্থাত, অসমৰ সাহিত্য, সংস্কৃতিৰ বহু নিদৰ্শন মৌলিক নহয়। উদাহৰণস্বৰূপে, যোগেশ চন্দ্ৰ ৰায় বিদ্যানিধিৰৰ দৰে পণ্ডিতে অসমীয়া ভাষাক এটা স্বতন্ত্ৰ ভাষা হিচাপে মানি ল’বলৈ টান পাইছিল। আনকি, কটন মহাবিদ্যালয় (এতিয়া বিশ্ববিদ্যালয়) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত অধ্যাপনা কৰা কেইজনমান প্ৰাক্তন অধ্যাপকে শংকৰদেৱৰ ৰচনাসমূহকো বাংলা সাহিত্যৰ নিদৰ্শন হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছিল১৩। বাঙালী পণ্ডিত নিৰোদ চৌধুৰীয়ে তেখেতৰ The Continent of Circe নামৰ বিতৰ্কিত গ্ৰন্থখনত দাবী কৰিছে যে বাঙালীসকলেই অসমীয়াক হিন্দু সভ্যতাৰ মাজলৈ আনিছে১৪। বাঙালীসকলৰ উন্নাসিকতাৰ আন এক উদাৰহণ হ’ল-কিছুমান উগ্ৰ বাঙালী জাতীয়তাবাদী পণ্ডিতে এচাম বংগপ্ৰেমী অসমীয়া পণ্ডিতৰ লগ লাগি আজিও শংকৰদেৱক চৈতন্যদেৱৰ শিষ্য হিচাপে প্ৰচাৰ কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে১৫। উগ্ৰ বাঙালী জাতীয়তাবাদীসকলৰ এনে মনোবৃত্তিয়ে অসমৰ উগ্ৰ জাতীয়তাবাদী শিবিৰক বাৰুকৈয়ে আঘাত দিয়ে। যাৰ ফলত কেতিয়াবা এই দুই সম্প্ৰদায়ৰ মাজৰ বিভেদৰ পুলিটো বাঢ়ি আহিবলৈ সুবিধা পায়।
যোৱা কিছু বছৰ ধৰি অসম বা বংগত ব্যক্তিগত কাৰণত এজন অসমীয়া আৰু এজন বাঙালীৰ মাজত সংঘাত সৃষ্টি হ’লেই অসমীয়া আৰু বাঙালীৰ মাজত ঘটা সংঘাতৰ ৰূপ দিয়াৰ প্ৰৱণতা দেখা গৈছে। উদাহৰণস্বৰূপে, ২০১৭ চনৰ ২২ আগষ্টত নগাঁওত এগৰাকী প্ৰাক্তন আলফা সদস্যক ব্যৱসায়িক কাৰণত বাঙালী সম্প্ৰদায়ৰ কেইজনমান লোকে মাৰধৰ কৰিছিল। প্ৰচাৰ কৰিবলৈ চেষ্টা চলোৱা হ’ল যে বাঙালীসকলে অসমতে অসমীয়াৰ পৰিচয় নোহোৱা কৰাৰ এটা ষড়যন্ত্ৰ চলিছে১৬। অৱশ্যে, এই দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত দীঘলীয়া সংঘাতবোৰৰ ভিত্তিত এনে প্ৰৱণতা গঢ়ি তোলা সহজ হয়। কিন্তু, ব্যক্তিগত পৰ্যায়ত ঘটা এনে ধৰণৰ সৰু ঘটনাবোৰেও এই দুই সম্প্ৰদায়ৰ মাজত বিভেদ বৃদ্ধি কৰাত সহায় নকৰে বুলি নুই কৰিব নোৱাৰি।
মনত ৰখা দৰকাৰ যে এই দুই সম্প্ৰদায়ৰ মাজত যেনেদৰে বিভেদ আছে, সমন্বয়ৰ উদাহৰণো লেখত ল’বলগীয়াকৈ আছে। ৰাজনীতিৰ পাকচক্ৰত পৰি বিভেদ সৃষ্টি হোৱাৰ উপক্ৰম হ’লেই দুয়ো সম্প্ৰদায়ে সমন্বয়ৰ উদাহৰণবোৰ মনত পেলোৱা উচিত।

সূত্ৰ-নিৰ্দেশ

FIRSTPOST (2018): “Mamata Benerjee Slams Centre for NRC, Says BJP govt conspiring to drive out Bengalis from Assam”, January 03, accessed on 09 March, 2018, available at: http://www.firstpost.com/politics/mamata-banerjee-slams-centre-for-nrc-says-bjp-govt-conspiring-to-drive-out-bengalis-from-assam-4285569.html    
ভৌগোলিক দিশত আহোমৰ দিনৰ অসম আৰু বৃটিছৰ দিনৰ অসমৰ পাৰ্থক্য আছে। আজি অসমৰ যি ভৌগোলিক অঞ্চলক অসম ৰাজ্য বুলি কোৱা হয়, আহোমৰ দিনত বেলেগ আছিল বাবে সেই সময়ৰ অসমক আহোমৰ দিনৰ অসম বুলি উল্লেখ কৰাহে ঠিক হ’ব-লেখক। 
ভূঞা, ড° সূৰ্য্যকুমাৰ (২০০৯): আহোমৰ দিন, (বাণী মন্দিৰ), পৃষ্ঠা: ৫৩।
গগৈ, লীলা (২০১৩): বেলি মাৰ গ’ল (ডিব্ৰুগড়, গুৱাহাটী: বনলতা), পুনৰ মুদ্ৰণ ২০১৭, পৃষ্ঠা: ১৬-১৭।
বৰগোহাঁই, ডা: অতুল (২০১৪): ইতিহাসৰ পম খেদি ধোদৰ আলিয়েদি, (গুৱাহাটী: বনফুল প্ৰকাশন), পৃষ্ঠা: ১১১।
ধৰ, ড° দেৱৰঞ্জন (২০১৩): “উজনিৰ বাঙালী সমাজ”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ৬৭-১০৩।
শইকীয়া, ড° নগেন (২০১৩): “ঐতিহাসিক পটভূমিত অসমীয়া আৰু বাঙালীৰ সম্পৰ্ক: এটি ৰূপৰেখা”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ১৪-২৫।
Basid  Habib Fazlul (2016): “The Assamese Language Issue: An Analysis from Historical Perspective”, International Journal of Humanities and Social Sciences, Vol. 6, No. 2, Pp. 125-133.
মহন্ত, প্ৰেমকান্ত (২০১৮): ৰাজভগনৰ পৰা কলথোকালৈকে, (গুৱাহাটী: বান্ধৱ), পৃষ্ঠা: ৭২-৭৩।
১০News, “8 hurt in Silapathar Clash”, The Telegraph, 07 March 2017, accessed on 11 March 2018, available at: https://www.telegraphindia.com/1170307/jsp/northeast/story_139345.jsp
১১ধৰ, ° দেৱৰঞ্জন (২০১৩): পূৰ্বোল্লেখিত।
মহন্ত, প্ৰেমকান্ত (২০১৮): পূৰ্বোল্লেখিত, পৃষ্ঠা: ৭৪।
১৩শইকীয়া, ড° নগেন (২০১৩): পূৰ্বোল্লেখিত।
১৪জানা, জ্যোতিৰ্ময় (২০১৩): “অসম-বংগ সম্পৰ্ক: ১৮২৭-৯৫”, ড° প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত, ৰাগ-অনুৰাগ, (অসম পাবলিচিং কোম্পানী), পৃষ্ঠা: ২৬-৬৬।
১৫বৰা, ময়ূৰ (২০১৩): ব্ৰাক্ষ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম, (গুৱাহাটী: আঁক-বাক), পৃষ্ঠা: ৫৯।  
১৬News, Ex-Ulfa panel's plea for peace”, The Telegraph, 01 September 2017, accessed on 11 March 2018, available at: https://www.telegraphindia.com/1170901/jsp/northeast/story_170149.jsp                                   
                                       
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ জুন ২০১৮, পৃষ্ঠা: ১৬-১৭]