Thursday, 27 February 2025

এক নে একাধিক (Single or Multiple)

             যোৱা কিছুদিন ধৰি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) মাজত ঘটা বুজাবুজিৰ অভাৱে ৰাজ্যখনত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।   শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যভূক্ত আহোম সম্প্ৰদায়ৰ লোক এজনে আহোমসকলে পৰম্পৰাগতভাবে পালন কৰি অহা উৎসৱ ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাৰ বাবে সংঘৰ প্ৰাথমিক গোটে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰিছে ।  সংঘৰ এনে কাৰ্যই আহোম সম্প্ৰদায়টোক অপমান কৰা বুলি গুৰুতৰ অভিযোগ তুলি ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ‘টাইপা’ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সংঘৰ সংবিধান দাহ কৰিছে । প্ৰতিক্ৰিয়াৰ ওপৰত প্ৰতিক্ৰিয়া হিচাপে সংঘৰ কেইবাটাও জিলা সমিতিয়ে বিভিন্ন জিলাত ‘টাইপা’ৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে ।  ফলত বিষয়টোৱে আৰু জটিলতাৰ দিশত গতি কৰিছে ।

            ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক সংগঠন এটা শৃংখলাবদ্ধভাবে চলি থাকিবৰ বাবে কিছুমান নিয়ম সৃষ্টি কৰি লোৱা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘই দাবী কৰে যে (ব্যক্তিগত টিভি চেনেল এটাত সংঘৰ এজন বিষয়ববীয়াই ৰখা বক্তব্য অনুসৰি), মহাপুৰুষ শংকৰদেৱৰ চিন্তাধাৰাৰ মৌলিক ভেটিৰ আধাৰত সংঘৰ সংবিধানখন প্ৰণয়ন কৰা হৈছে । সেয়েহে  সংঘৰ সংবিধান বিৰোধী কামত লিপ্ত হ’লে সংবিধান অনুসৰিয়েই শাস্তিৰ প্ৰদান কৰা হয় । ইয়াৰ পৰা স্পষ্ট যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনত সংঘৰ সদস্যই ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাত বাধা আছে বাবে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰা হৈছে । সংঘৰ দৃষ্টিকোণৰ পৰা এই সিদ্ধান্ত ঠিকেই আছে । সমস্যাটো হ’ল- এজন ব্যক্তিৰ সামাজিক-সাংস্কৃতিক পৰিচয় মাত্ৰ এটাতে সীমাবদ্ধ নহ’বও পাৰে ।  এজন ব্যক্তিৰ একাধিক সামাজিক-সাংস্কৃতিক পৰিচয় থাকিব পাৰে । সমাজৰ বৃহত্তৰ স্বাৰ্থত সকলো ব্যক্তিৰে এটাতকৈ বেছি পৰিচয়ৰ প্ৰয়োজন আছে আৰু সামাজিক সংযোগৰ (Social engagement) জৰিয়তে ইয়াৰ প্ৰকাশ ঘটে ।  মানুহৰ মাজত যিমানেই সামাজিক সংযোগ ঘটে, সিমানেই বিভিন্ন গোটবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠে । সেয়েহে, সামাজিক সংযোগক সংঘৰ্ষ নিৰ্মূল কৰাৰ এটা প্ৰধান উপায় হিচাপে বিবেচনা কৰা হয় ।   

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেৱল সৰ্বভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰভাৱেই পৰা নাছিল, ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ প্ৰভাৱো পৰিছিল । ভাৰতৰ মূল ভূ-খণ্ডত ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশ অত্যন্ত গোড়া  । দুখৰ কথা যে স্বাধীনতা আন্দোলনৰ সময়ত অসমত ভাৰতৰ মূল ভূ-খণ্ডত চলি থকা গোড়া ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱ পৰিছিল (বৰ্তমানো তেনে পৰিৱেশ সৃষ্টি কৰিবলৈ অপচেষ্টা চলাই থকা হৈছে) । আনকি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা উদাৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক ব্যৱস্থাৰ ওপৰতো তেনে গোড়ামীৰ প্ৰভাৱ পৰিবলৈ ধৰিছিল । সেয়েহে, প্ৰদেশখনৰ শংকৰী সংস্কৃতিৰ কিছুমান পণ্ডিত আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ উদ্যোগত শ্ৰীমন্ত শংকদেৱ সংঘ  (গঠনৰ সময়ত সংগঠনটোৰ নাম ‘শংকৰ সংঘ’ আছিল ) গঠন কৰি সংগঠনটোৰ শৃংখলাবদ্ধতাৰ উদ্দেশ্যে সেই সময়ত উদাৰ বিবেচিত হোৱা নিয়ম সৃষ্টি কৰি লৈছিল । কিন্তু, সময় আৰু পৰিস্থিতিয়ে উদাৰতাৰ সংজ্ঞাৰো পৰিৱৰ্তন কৰে । গতিকে, শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলিয়ে নহয়, সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলো সংগঠনে নিয়মবোৰ শিথিল কৰাৰ প্ৰয়োজন আছে । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই দাবী কৰিলেই বা আদেশ দিলেই সংগঠন এটাৰ সংবিধানখনৰ দফাবিলাক সংশোধন কৰি দিব ।

বিভিন্ন সময়ত ভাৰতত বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ আবিৰ্ভাৱ হৈছে । কিন্তু, অত্যন্ত কঠোৰ আৰু অতিৰিক্ত কৃচ্ছ্ৰ সাধনাক অগ্ৰাধিকাৰ দি আনৰ তুলনাত শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাক দেশখনৰ সৰ্বসাধাৰণে দীৰ্ঘকালত অগ্ৰাহ্য কৰি আহিছে ।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ ফেব্ৰুৱাৰী ২০২৫, পৃষ্ঠা: ৫]

Wednesday, 11 December 2024

‘বিশ্বাস আৰু অবিশ্বাস’ৰ প্ৰসংগত (Regarding Belief and Disbelief)

             ‘আমাৰ অসম’ত ৫ ডিচেম্বৰত প্ৰকাশিত ‘বিশ্বাস আৰু অবিশ্বাস’ শীৰ্ষক সম্পাদকীয়টোৰ আঁত ধৰি কিছু মতামত আগবঢ়াব বিচাৰিছোঁ । ঐশ্বৰিক সৰ্বশক্তিমানৰ প্ৰসংগ আনি সম্পাদকীয়টোত কোৱা হৈছে যে আস্থা, অনাস্থা, ব্যৱসায়, মানসিক প্ৰয়োজনীয়তা এইবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে আৰু এই সম্পৰ্ক খুবেই জটিল ।  বাক্যটোত উল্লিখিত শব্দবোৰৰ সৈতে ‘ব্যবসায়’ শব্দটোকো সামৰি লোৱাৰ বাবেহে সম্পৰ্কটোক জটিল হৈছে । ঈশ্বৰ বিশ্বাস একান্ত  ব্যক্তিগত বিষয় ।  জটিল পৰিস্থিতিৰ সম্মুখিন হ’লে ঈশ্বৰৰ ওপৰত আস্থা ৰাখিব নে নাৰাখে বা সেই সময়ত ঈশ্বৰ বিশ্বাসে মানসিক প্ৰয়োজন পূৰণ কৰিব পাৰিব নে নাই, সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে ।  প্ৰশ্ন  হ’ল- জটিল পৰিস্থিতিত ব্যক্তি এজনৰ চিন্তাধাৰা কি হ’ব ? ব্যতিক্ৰমৰ বাহিৰে জটিল পৰিস্থিতিত ভাৰতৰ বেছিভাগ মানুহে ঈশ্বৰৰ ওপৰতে আস্থা ৰাখে ।  কাৰণ, ঈশ্বৰৰ ওপৰতে সকলো এৰি দিয়া তেনেই সহজ । নিজৰ বা সমাজৰ দোষ বা ভুলৰ বাবে জটিল পৰিস্থিতিৰ সম্মুখিন হ’লেও ঈশ্বৰকে দোষাৰোপ কৰি ঈশ্বৰ বিশ্বাসী মানুহে মুকলি অনুভৱ কৰে । তথাপি, এইধৰণৰ বিশ্বাসত সামান্য গুণগত মানদণ্ড আছে বুলিব পাৰি । সাম্প্ৰতিক সময়ত ঈশ্বৰ সম্পৰ্কীয় কথাবিলাক ইয়াতে সীমাবদ্ধ নহয় ।  কোনো এজন ব্যক্তিয়ে (সপোনত দেখি বা কল্পনাৰে) নতুন ধৰণে উপাসনা আৰম্ভ কৰিলেই একাংশ লোকে সহযোগ আগবঢ়ায় আৰু বিভিন্ন উপায়ে প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগি যায় ।  এনেধৰণৰ উপাসনাক সংশ্লিষ্ট ব্যক্তিজন আৰু তেখেক সহযোগ কৰা লোকসকলে আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰে । একে উপাসনাকে মানুহে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণে আহিলা হিচাপে ব্যৱহাৰ কৰে । কোনোবাই যদি জীৱিকা, কোনোবাই মৰ্যাদা আৰু স্বীকৃতি লাভৰ বাবে ব্যৱহাৰ কৰে আৰু আন কোনোবাই ধৰ্ম ৰক্ষা কৰাৰ কথা কয় ।  গুণগত উপাসনা আৰু আহিলা হিচাপে ব্যৱহাৰ কৰা উপাসনাৰ মাজত তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে ।  

            Pew Research Centre ৰ তথ্য অনুসৰি সম্পাদকীয়টোত উল্লেখ কৰিছে যে ভাৰতৰ ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে । মনকৰিবলগীয়া যে এই বিশ্বাস একেদিনে গঢ়ি উঠা নাই ।  অতীতৰে পৰাই ভাৰতৰ মানুহক কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰাৰ পৰিৱেশ গঢ়ি তুলিলৈ চেষ্টা চলাই থকা হৈছে ।  ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত । প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্তক ধৰ্মৰ সৈতে জড়িত কৰি জনমানসত প্ৰচাৰ কৰিছিল । ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল । তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক পন্থা অৱলম্বন কৰিছিল । শাৰীৰিক শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব পৰা নাছিল । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল । সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰিল । কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা কাৰ্যকলাপ যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অসম্ভৱ হৈ পৰে ।  একে সময়তে ধৰ্মীয় বিশ্বাসৰ গুৰি ধৰোতা চতুৰ লোকসকলে সেই কাৰ্যকলাপবোৰক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰ সৈতে খাপ খোৱাকৈ সজাই লৈ সেইবোৰৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰে ।  

            মানুহে জীৱনত কি বিচাৰে, সেয়া সম্পূৰ্ণকৈ জনা সম্ভৱ নহয় । কিন্তু, এইটো ঠিক যে সৰহ সংখ্যক মানুহে সুখী জীৱন বিচাৰে । ধৰ্মীয় বিশ্বাসে মানুহক পৰম সুখত ৰাখিব পাৰিলে ধৰ্মীয় আস্থা, অনাস্থা, মানসিক প্ৰয়োজনীয়তা আদিৰ  ওপৰত বিশেষ ক’বলগীয়া নাথাকিলেহেঁতেন । চিন্তা কৰিবলগীয়া যে ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক বিপৰীতমুখী । World Happiness Report 2024 অনুসৰি ফিনলেণ্ড হ’ল পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ য’ত ২০.৮ শতাংশ মানুহে কোনো সংগঠিত ধৰ্মক বিশ্বাস নকৰে ।  একে প্ৰতিবেদন অনুসৰি, সুখৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১২৬ (মুঠ ১৪৬খন দেশৰ ভিতৰত), য’ত ৯৭ শতাংশ মানুহে কোনোবা নহয় কোনোবা ঐশ্বৰিক শক্তিত বিশ্বাস কৰে ।

         শেহতীয়াকৈ ভাৰতত ধৰ্মীয় বিশ্বাসক বৈজ্ঞানিক ৰূপ দিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলোৱাৰ প্ৰৱণতা দেখা গৈছে । ৫ ডিচেম্বৰত প্ৰকাশিত সম্পাদকীয়টোৱে পাকে-প্ৰকাৰে  এই প্ৰৱণতাকে সমৰ্থন জনাইছে । সম্পাদকীয়টোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰসংগ আনিছে, কিন্তু জোৰ দিয়া নাই । বৈজ্ঞানিক মানসিকতাৰ ওপৰত যে সম্পাদকীয়টোৱে জোৰ দিয়া নাই সেয়া শেষৰ উক্তিটোত ব্যৱহাৰ কৰা 'হয়তো' শব্দটোৱে স্পষ্ট কৰি দিছে । 

[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ ডিচেম্বৰ ২০২৪, পৃষ্ঠা: ৪]

Monday, 2 September 2024

থলুৱাৰ ভূমিৰ নিৰাপত্তা (Land Security of Local)

             শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াইছে যে অসমত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সাংগঠনিক ধৰ্মৰ পাৰ্থক্য থাকিলে (বিশেষকৈ হিন্দু আৰু মুছলমান)  জিলা আয়ুক্তৰ অনুমতিয়ে যথেষ্ট নহ’ব । এই ক্ষেত্ৰত জিলাতকৈ ওপৰৰ কৰ্তৃপক্ষৰ অনুমতি লাগিব । মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিছুদিন পিছত শিৱসাগৰ জিলাত কেইটামান জাতীয় সংগঠনে অসমৰ বাহিৰৰ লোকে ৰাজ্যখনৰ থলুৱা লোকৰ ভূমি কিনাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ তৎপৰ হোৱা দেখা গৈছে । ভূমিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনে এনেধৰণৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়ি অহাৰ কাৰণ হ’ল-অসমৰ থলুৱা লোকসকলে ভূমিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ।  

অসমৰ থলুৱা লোকসকলে অতীতৰ পৰাই ভূমিৰ নিৰাপত্তা হেৰুৱাই আহিছে ।  ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দবস্তিৰ ব্যৱস্থা অনুসৰি ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ স্থায়ী প্ৰক্ৰিয়া হিচাপে পট্টাৰ ব্যৱস্থা কৰি বংশানুক্ৰমে ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা হৈছিল । ইচ্ছা কৰিলে পট্টাদাৰে নিজৰ ভূমি বিক্ৰী বা হস্তান্তৰ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল । এই নতুন ব্যৱস্থাটোৱে সেই সময়ৰ সামন্ত প্ৰভুসকলক আগতকৈ বেছি ক্ষমতা প্ৰদান কৰিছিল । মোগলৰ দিনত ৰায়তৰ দখলী ভূমিৰ শস্যৰ ওপৰত সামন্ত প্ৰভুসকলৰ সীমিত স্বত্ব থাকিলও খাজনা দিব নোৱাৰিলে সংশ্লিষ্ট ৰায়তৰ অস্থাৱৰ সম্পত্তি ক্ৰোক কৰাৰ বা বিশেষ ক্ষেত্ৰত তেওঁক বা তেওঁৰ পৰিবাৰ পৰিজনক গোলাম হিচাপে বিক্ৰী কৰাৰ কথা ভবা হৈছিল । কিন্তু, ভূমিৰ ওপৰত হাত দিয়া নাছিল । তদুপৰি, নতুনকৈ ভঙা ভূমিৰ প্ৰথম তিনি বছৰমান জমিদাৰে খাজনা নোলোৱাৰ ব্যৱস্থা নাছিল আৰু ৰজাৰ সন্মতি অবিহনে সামন্ত প্ৰভুসকলে খাজনাৰ পৰিমাণ বৃদ্ধি কৰিব নোৱাৰিছিল । প্ৰথম তিনি বছৰমান খাজনা দিব নালাগিছিল বাবে তিনি বছৰৰ পিছত ৰায়তসকলে কৃষিভূমি সলনি কৰিছিল ।  চিৰস্থায়ী বন্দবস্তৰ পিছত সামন্ত প্ৰভু আৰু ৰায়তৰ মাজত থকা এনেধৰণৰ সম্পৰ্ক সলনি হৈছিল ।  ৰায়তক চিৰাচিৰত ভোগদখলী স্বত্বক আইনগত স্বীকৃতি দিয়া নহৈছিল । খেতিয়কে কৃষি ভূমি সলনি কৰি থকা স্বাধীনতাক অবৈধ হিচাপে গণ্য কৰা হৈছিল । ব্ৰিটিছ চৰকাৰৰ প্ৰিয়পাত্ৰ হোৱাৰ উদ্দেশ্যে সামন্ত প্ৰভুসকলে ৰায়তৰ পৰা অধিক খাজনা সংগ্ৰহ কৰি চৰকাৰৰ ৰাজহ বৃদ্ধিত সহায় কৰিছিল । যিসকল ৰায়তে সামন্ত প্ৰভুক অধিক খাজনা দিয়াৰ ক্ষেত্ৰত আপত্তি নকৰি একেস্থানতে থাকি খেতি কৰিছিল, সামন্ত প্ৰভুসকলে  তেওঁলোকক অধিক ভূমি দিবলৈ আগ্ৰহ কৰিছিল । অসমৰ থলুৱা লোকসকলে সামন্ত প্ৰভুসকলক অধিক খাজনা দিবলৈ আগ্ৰহ নকৰাৰ বাবে সামন্ত প্ৰভুসকলে আন ৰাজ্যৰ পৰা মানুহ আনি সাৰুৱা ভূমিবিলাক তেওঁলোকক বেছিকৈ দিছিল । ফলত থলুৱা লোকসকলে সেই সাৰুৱা ভূমিবিলাকৰ পৰা স্থানান্তৰিত হৈ পাহাৰীয়া অঞ্চল বা তুলনামূলকভাবে কম সাৰুৱা ভূমি থকা অঞ্চললৈ গুচি যাবলৈ বাধ্য হৈছিল । একেসময়তে নগদ ধনৰ বিনিময়ত বজাৰত লেনদেন ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছিল । বাহিৰৰ পৰা অহা কৃষকসকলে পৰম্পৰাগত খাদ্য শস্যৰ উপৰি নগদ ধনৰ সৈতে জড়িত শস্য উৎপাদন কৰিছিল ।  নগদ ধনৰ প্ৰয়োজনৰ বাবে থলুৱা লোকসকলে নিজৰ ভূমিবিলাক বিক্ৰী কৰিবলৈ বাধ্য হৈছিল । তদুপৰি, ইংৰাজ চৰকাৰে চাহৰ যোগেদি আয় বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যখনৰ তুলনামূলকভাবে ভাল ভূমিবিলাক চাহপাত উৎপাদনকাৰী ব্যৱসায়ীসকলক দিছিল । চাহ শিপ্পৰ নামত সামান্য ধনৰ বিনিময়ত হাজাৰ হাজাৰ একৰ ভূমি বিনা খাজনাত চাহ মালিকৰ ভূমি হিচাপে মঞ্জুৰ কৰা হৈছিল । সেই ভূমিৰ আধাতকৈ কম অংশত চাহ খেতি কৰা হৈছিল । বাকীখিনি চাহখেতিৰ নামত দিয়া ভূমিত নিজে ওপজা বনজ সম্পদবোৰ চাহ মালিকসকলৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছিল । আনফালে, ভূমিৰ নামজাৰী আদিকে ধৰি ভূমি সম্পৰ্কীয় কামকাজত চলা দুৰ্নীতি আদিৰ পৰা আঁতৰত থাকিব খোজা থলুৱা লোকসকলে পট্টাহীনভাবে ভূমি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল । চৰকাৰে পট্টাহীন ভূমি যিকোনো সময়তে অধিগ্ৰহণ কৰিব পাৰিছিল ।

এনেকুৱা নহয় যে ব্ৰিটিছ চৰকাৰে থলুৱা লোকসকলৰ, বিশেষকৈ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চেষ্টা কৰা নাই । ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ১৮৮৬ চনৰ Assam Land and Revenue Regulation দলিলখনৰ দহ নম্বৰ অধ্যায় যোগে অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জনজাতীয় মণ্ডল আৰু জনজাতীয় খণ্ডৰ ব্যৱস্থা ৰখা হৈছিল । দলিলখনৰ নিয়ম অনুসৰি, জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে ।  কিন্তু, সেই দলিলখনৰেই ১৬০ নম্বৰ ধাৰাৰ দুই নম্বৰ উপধাৰা মতে বান-খহনীয়াৰ বাবে ভূমিহীন লোকক সংস্থাপন দিয়াৰ কৰ্তৃত্ত্ব জিলা উপায়ুক্তক দিয়া হৈছে আৰু সেই অনুসৰি সংস্থাপনো দিছিল ।  জনজাতীয় মণ্ডল আৰু খণ্ডৰ ভূমি অজনজাতীয় লোকক ভূমিৰ স্বত্ব প্ৰদান কৰিব নোৱাৰে বা অজনজাতীয় লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে যদিও জনজাতীয় লোকে নিজৰ নামত থকা ভূমি ব্যৱহাৰৰ বাবে বহু বছৰৰ বাবে লীজত দিব পাৰে । বহুবছৰ লীজত দিয়াৰ পিছত লীজ নৱীকৰণ কৰি অজনজাতীয় লোকে সেই ভূমি নিৰিবিচ্ছিন্নভাবে ব্যৱহাৰ কৰি থাকে । ধনৰ বিনিময়ত দীৰ্ঘদিন ধৰি নিজৰ নামত থকা ভূমি আনক ব্যৱহাৰ কৰিবলৈ দিয়া আৰু বিক্ৰী কৰাৰ মাজত বেছি পাৰ্থক্য নাথাকে ।

স্বাধীনতাৰ আগেয়ে পূৰ্ববংগৰ পৰা অসমলৈ ঘটা প্ৰব্ৰজনে (১৯১১-১৯৪১) ৰাজ্যখনৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তাৰ ওপৰত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাইছিল । থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত ‘লাইন প্ৰথা’ প্ৰৱৰ্তন কৰি কিছুমান নিৰ্দিষ্ট অঞ্চলতহে প্ৰব্ৰজিত লোকসকলক সংস্থাপিত হ’ব পৰাৰ ব্যৱস্থা কৰি দিছিল । কিন্তু, বাস্তৱ ক্ষেত্ৰত সেই নিৰ্দিষ্ট অঞ্চলৰ উপৰি থলুৱা লোকৰ ভূমি বেদখল কৰি  তেওঁলোকক সংস্থাপিত কৰা হৈছিল ।  ১৯৪৩ চনত ছাদুল্লাৰ চৰকাৰে প্ৰৱৰ্তন কৰা ‘অধিক শস্য উৎপাদন’ নীতি কাৰ্যকৰী কৰাৰ উদ্দেশ্যে  পূৰ্ববংগৰ পৰা অহা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিছিল । থলুৱা লোকসকলকৰ ভূমি  আন লোকে বেদখল কৰা প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে । জনজাতীয় মণ্ডল আৰু খণ্ডৰ চাৰি লাখ বিঘা ভূমি ইতিমধ্যে বেদখল হৈছে বুলি সদৌ অসম জনজাতি সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে প্ৰকাশ কৰিছে ।

নব্য-উদাৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ লগে লগে নতুন নতুন স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ব্যৱসায়িক গোষ্ঠীক প্ৰচুৰ পৰিমাণৰ ভূমিৰ প্ৰয়োজন হয় । নব্য-উদাৰ অৰ্থনীতিত ৰাজনীতিক আৰু ব্যৱসায়িক গোষ্ঠীৰ মাজত এক পাৰস্পৰিক সু-সম্পৰ্ক গঢ়ি উঠে । ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে ব্যৱসায়িক গোষ্ঠীৰ সহযোগ বিচাৰে ।  চৰকাৰ গঠন কৰাৰ পিছত প্ৰতিদান হিচাপে ৰাজনীতিকসকলে ব্যৱসায়িক গোষ্ঠীক আন সা-সুবিধাৰ লগতে প্ৰয়োজন অনুসৰি ভূমি যোগান ধৰিবলগীয়া হয় । ‘ভাৰতৰ মূল ভূখণ্ড’ত ব্যৱসায়িক গোষ্ঠীৰ বাবে সুবিধাজনক ভূমিৰ (যেনে-তুলনামূলকভাবে কম দামৰ) পৰিমাণ হ্ৰাস পাই অহাৰ ফলত তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি অধিকাৰ কৰি লোৱাৰ প্ৰৱণতা দেখা গৈছে । কোনো সন্দেহ নাই যে ব্যৱসায়িক ক্ষেত্ৰত অতীতৰে পৰা অসমত বহিৰাগত লোকৰে প্ৰভুত্ব চলি আছে ।  গতিকে, অসমৰ ৰাজনীতিকসকলে তেওঁলোকৰ ‘ৰাজনৈতিক ব্যৱসায়’ৰ বাবে বহিৰাগত ব্যৱসায়িক গোষ্ঠীৰ লগতে সু-সম্পৰ্ক ৰাখিবলৈ বাধ্য হৈ পৰে । যোৱা কেইবছৰমান ধৰি বিভিন্ন কাৰণত ৰাজ্যখনৰ থলুৱা লোকসকলৰ বৃহৎ পৰিমাণৰ কৃষিভূমি ছন পৰি থকা বৰ্তমান এটা সাধাৰণ দৃশ্য হৈ পৰিছে । কেইবছৰমান পিছত এই ছন পৰা ভূমিবিলাক বিক্ৰী কৰাৰ মানসিকতা নাহিব বুলি ক’ব নোৱাৰি । বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে সেই ভূমিবিলাক কিনিলে এটা সময়ত থলুৱা কৃষকসকল কৃষি ভূমিহীন হৈ পৰিব ।  ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিবিলাক তেওঁলোকৰ হাতলৈ গৈছেই ।

অসমৰ থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনবোৰে দেখুওৱা  তৎপৰতা নিশ্চিতভাবে শলাগীবলগীয়া ।  ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কেৱল ধৰ্মৰ পাৰ্থক্যৰ ভিত্তিতহে কঠোৰ হ’লেই থলুৱা লোকসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত সম্ভৱ নহ’ব । জাতীয় সংগঠনবোৰে দাবী কৰাৰ দৰে বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে যাতে অসমৰ থলুৱা লোকসকলৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, সেই ক্ষেত্ৰতো সমানে কঠোৰ হোৱাৰ প্ৰয়োজন আছে । একেসময়তে থলুৱা লোকসকলে অধিক দামৰ লালসাত তেওঁলোকৰ ভূমি  বিক্ৰী কৰাৰ মানসিকতা ত্যাগ কৰিব পাৰিব লাগিব ।  

  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২ ছেপ্টেম্বৰ ২০২৪]

Monday, 10 June 2024

দুৰ্যোগ ব্যৱস্থাপনাৰ ফলপ্ৰসূ পদ্ধতি (Effective Disaster Management Mechanisms)

             বতৰৰ পৰিৱৰ্তনৰ ফলত সঘনাই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে । চলিত বৰ্ষৰ মে’ মাহৰ ২৮ আৰু ২৯ তাৰিখে ঘুৰ্ণীবতাহ ‘ৰেমাল’ৰ ফলত কেৱল উত্তৰ-পূৰ্বাঞ্চলতে ৪০ জন লোকৰ মৃত্যু হৈছে (৩১ মে’ৰ তথ্য অনুসৰি) ।  ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ ক্ষতিৰ প্ৰসংগতো আছেই । যিহেতু প্ৰাকৃতিক দুৰ্যোগ সঘনে ঘটিয়ে থাকে, সেয়েহে ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি কাৰ্যকৰী কৰা অতি প্ৰয়োজন । দুৰ্যোগ ব্যৱস্থাপনাৰ কেনেধৰণৰ ফলপ্ৰসূ প্ৰতিষ্ঠানিক পদ্ধতি আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰা হৈছে ।

            জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি কৰি হঠাৎ ঘটা দুৰ্ঘটনাক দুৰ্যোগ বুলি জনা যায় । দুৰ্যোগ বুলিলে সাধাৰণতে  প্ৰাকৃতিক দুৰ্যোগকে বুজা যায় । প্ৰাকৃতিক দুৰ্যোগৰ কাৰণবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ’ব পাৰে । প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ (প্ৰাকৃতিক বা মানৱসৃষ্ট) যিয়েই নহওক, ইয়াৰ ফলত মানুহকে ধৰি সকলো জীৱৰ ওপৰতে বিৰূপ প্ৰভাৱ পৰে । মনকৰিবলগীয়া যে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ ভৌগোলিক চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে । অৰ্থাত, কোনো এখন দেশ বা অঞ্চলত ঘটা প্ৰাকৃতিক দুৰ্যোগে ওচৰৰ দেশ বা অঞ্চলত প্ৰভাৱ নেপেলায় বুলি দাবী কৰিব নোৱাৰি । তদুপৰি, প্ৰাকৃতিক দুৰ্যোগে মানুহৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বা ধৰ্মীয় পাৰ্থক্যৰ ভিত্তিত প্ৰভাৱ নেপেলায় । গতিকে,  প্ৰাকৃতিক দুৰ্যোগ এক উমৈহতীয়া সমস্যা ।   

            উমৈহতীয়া সমস্যা এটাৰ ফলপ্ৰসূ ব্যৱস্থাপনা সহজ কাম নহয় । উমৈহতীয়া সমস্যা সম্পৰ্কত এৰিষ্ট’টলে ‘Politics’ (Book II, Chapter 3) নামৰ গ্ৰন্থখনত কৈছে, “What is common to the greatest number has the least care bestowed upon it. Everyone thinks chiefly of his own, hardly at all of the common interest.” গতিকে, বজাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা আশা কৰিব কৰিব নোৱাৰি । সম্পত্তি আৰু সকলো জীৱৰে জীৱনৰ নূন্যতম ক্ষতিৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰই সামগ্ৰিকভাবে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় ক্ষমতাসমূহ প্ৰয়োগ কৰে (State Management System) । দুৰ্যোগৰ সম্ভাৱ্য ক্ষতি যাতে নূন্যতম হয় তাৰ বাবে ৰাষ্ট্ৰৰ সৰ্বোচ্চ প্ৰাধিকাৰীয়ে নিম্ন পৰ্যায়ৰ সকলো প্ৰাধিকাৰীৰ সৈতে সংযোগ স্থাপন কৰি দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে । উদাহৰণস্বৰূপে, ভাৰতত ২০০৫ চনৰ ৩০ মে’ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰণ (National Disaster Management Authority, চমুকৈ NDMA) গঠন কৰা হয় । এন ডি এম এয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতি প্ৰস্তুত কৰে আৰু সেই নীতিসমূহ বিভিন্ন পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰে । ৰাজ্যিক পৰ্যায়ত প্ৰতিখন ৰাজ্যতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (State Disaster Management Authority, চমুকৈ SDMA) গঠন কৰা হৈছে ।  জিলা পৰ্যায়ৰ বাবে গঠিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (District Disaster Management Authority, চমুকৈ DDMA) স্থানীয় নিকায়ৰ সৈতে সম্পৰ্ক স্থাপন কৰে । দুৰ্যোগৰ সময়ত এছ ডি এম এয়ে যিমান পাৰি সোনকালে সাম্ভাৱ্য ভুক্তভোগী অঞ্চলৰ পৰা উপযুক্ত তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে যাতে সেই অঞ্চলৰ লোকসকলক পৰ্যাপ্ত সহায় (উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা, পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান ধৰা আদি) কৰিব পৰা যায় । স্থানীয় নিকায়সমূহে স্থানীয় লোকৰ সহায়ত স্থানীয়ভাবে উপলব্ধ উপায় আৰু শক্তিৰ ভিত্তিত দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ন কৰিবলৈ চেষ্টা কৰে ।

ৰাষ্ট্ৰ নিয়ন্ত্ৰিত দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোৰ কিছুমান সীমাবদ্ধতা আছে । উদাহৰণস্বৰূপে, এই ব্যৱস্থা সম্পূৰ্ণ তথ্য আৰু চৰকাৰী যন্ত্ৰৰ মাজত উপযুক্ত সহযোগিতাৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ চৰ্তৰ ওপৰত নিৰ্ভৰশীল । সম্পূৰ্ণ আৰু নিখুঁত তথ্য সংগ্ৰহ কৰিবলৈ বহুত খৰচ হয় আৰু ভাৰতৰ দৰে ভৌগোলিকভাৱে বিশাল আৰু বৈষম্যপূৰ্ণ দেশ এখনৰ বাবে সম্পূৰ্ণ আৰু নিখুঁত তথ্য সংগ্ৰহ কৰা সহজ কাম নহয় । নিন্ম পৰ্যায়ৰ উত্তৰকাৰীসকলৰ সঁহাৰিৰ ওপৰতে নিখুঁত আৰু সম্পূৰ্ণ তথ্য বেছিকৈ নিৰ্ভৰ কৰে । অসম্পূৰ্ণ তথ্যৰ ভিত্তিত নিৰ্ধাৰণ কৰা দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাই অবাঞ্চিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । তদুপৰি, প্ৰশাসনিক নিয়ম পালন কৰিবলগীয়া হোৱাৰ বাবে এই ব্যৱস্থাত আমোলাতান্ত্ৰিক পলম হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে । তদুপৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত দুৰ্নীতিৰ দৰে সামাজিক ব্যাধিয়ে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতিত অন্তৰায় হিচাপে দেখা দিয়ে । উদাহৰণস্বৰূপে, ২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্ৰবল বানপানীৰ পিছত সাহাৰ্যৰ ক্ষেত্ৰত ব্যাপক বিত্তীয় অনিয়ম হোৱাৰ খবৰ প্ৰকাশ পাইছিল (টাইমছ অৱ ইণ্ডিয়া, ৩০ মে’ ২০১৫) ।

প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে কিছুমান পৰিৱেশবিদে সমূহ ব্যৱস্থাপনা পদ্ধতিক (Community Management System) বিকল্প প্ৰতিষ্ঠানিক পদ্ধতি হিচাপে পৰামৰ্শ আগবঢ়ায় । অঞ্চল এটাত বসবাস কৰি থকা লোকসকলৰ মাজত শক্তিশালী সামাজিক মূলধন গঢ়ি উঠে । তেওঁলোকে তেওঁলোকৰ স্থানীয় জ্ঞান, দক্ষতা আৰু সম্পদৰ ভিত্তিত দুৰ্যোগ ব্যৱস্থাপনাৰ উপায় আৰু কৌশল নিৰ্ধাৰণ কৰে । স্থানীয় জ্ঞান আৰু দক্ষতাই তেওঁলোকক সঘনাই ঘটা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে খাপ খোৱাত সহায় কৰে । উদাহৰণস্বৰূপে, অসমৰ সৰহসংখ্যক মিছিং সম্প্ৰদায়ৰ লোকে নৈৰ পাৰত বসবাস কৰে । প্ৰতিবছৰে তেওঁলোকে বানপানী সমস্যাৰ সন্মুখীন হয় । কিন্তু তেওঁলোকে নিজৰ স্থানীয় জ্ঞান আৰু দক্ষতাৰ ভিত্তিত সেই সমস্যাৰ সৈতে খাপ খাবলৈ শিকিছে । গতিকে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় লোকসকলক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিলে সমূহ ব্যৱস্থাপনা পদ্ধতিত গণতন্ত্ৰৰ পৰিসৰ বৃদ্ধি পাব পাৰে ।

দুৰ্যোগৰ ব্যৱস্থাপনাৰ এই ব্যৱস্থাটো দোষমুক্ত নহয় । কোনো এটা অঞ্চলৰ সমূহ এটাৰ সদস্যসকলৰ মাজত ক্ষমতা স্তৰীকৰণ (hierarchal power)  ব্যৱস্থা থাকিলে এই পদ্ধতি বিফল হয় । ৰাজনৈতিক ক্ষমতা, আত্মীয়তাবাদ, ধৰ্মীয় পক্ষপাতিত্ব আৰু স্থানীয় অভিজাত শ্ৰেণীৰ পাৰ্থক্যৰ অৱস্থিতিয়ে সংশ্লিষ্ট  সমূহটোৰ কোনো এটা বিশেষ সম্প্ৰদায় প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে । নিজ নিজ সম্প্ৰদায়ৰ অভিজাত শ্ৰেণী বা ৰাজনৈতিকভাৱে শক্তিশালী ব্যক্তিৰ মাজত থকা শক্তিশালী সংযোগে ধন আৰু ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।  ধৰ্মীয়, সামাজিক, ৰাজনৈতিক পাৰ্থক্য থকা সমূহৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা কৰাৰ আগতে সংশ্লিষ্ট অঞ্চলটোৰ সমূহটোৰ ব্যৱস্থাপনা কৰাহে বেছি জুৰুৰী হৈ পৰিব পাৰে ।

কিছুমান পৰিৱেশবিদে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব তৃতীয় পক্ষক (বেচৰকাৰী সংস্থা, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা আদি) দিয়াৰ পোষকতা কৰে ।  তৃতীয় পক্ষই নিৰপেক্ষতা বজাই ৰাখে বুলি ধৰি লোৱা হয় । চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা, পথ, দলং নিৰ্মাণ  আদি বেছিভাগ চৰকাৰী কাম তৃতীয় পক্ষই ফলপ্ৰসূভাবে সম্পাদন কৰা দেখা যায় । সমূহ ব্যৱস্থাপনা পদ্ধতিৰ তুলনাত তৃতীয় পক্ষৰ সংস্থাসমূহত ক্ষমতাৰ স্তৰীকৰণ সম্পৰ্কীয় সমস্যা কম হয় । তদুপৰি, ৰাষ্ট্ৰ ব্যৱস্থাৰ তুলনাত তৃতীয় পক্ষৰ কামকাজত আমোলাতান্ত্ৰিক নিয়মৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা পলমকৈ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম ।  কিন্তু, এই পদ্ধতিও সীমাবদ্ধতাৰ বাহিৰত নহয় । সংস্থাসমূহে প্ৰথমে নিজৰ লাভৰ ওপৰত গুৰুত্ব দিলে এই পদ্ধতি ক্ষতিকাৰক হৈ পৰে । কোনো এখন দেশৰ সকলো অঞ্চলতে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত তৃতীয় পক্ষ জড়িত হ’বলৈ আগ্ৰহী বুলি দাবী কৰিব নোৱাৰি । ভৌগোলিক কাৰকে তৃতীয় পক্ষৰ স্বাৰ্থত প্ৰভাৱ পেলাব পাৰে ।  তেওঁলোকে এনে অঞ্চলসমূহক সামৰি ল'বলৈ আগ্ৰহী হ'ব পাৰে যিবোৰ অঞ্চল তুলনামূলকভাৱে কম বিপজ্জনক, কম খৰচী আৰু ব্যৱস্থাপনা সহজ । পুঁজিৰ বাবে সংস্থাসমূহে চৰকাৰী পুঁজিকে ধৰি বিভিন্ন উৎসৰ ওপৰত নিৰ্ভৰশীল । এই উৎসবোৰৰ পৰা পাবলগীয়া ধন পলম হ’লে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।  তদুপৰি, সংস্থাবোৰৰ কৰ্মীসকলৰ সঠিক প্ৰশিক্ষণৰ অভাৱে ভুক্তভোগীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে ।

প্ৰাকৃতিক দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সকলো প্ৰতিষ্ঠানিক পদ্ধতিৰেই কিছুমান ইতিবাচক আৰু নেতিবাচক দিশ আছে । গতিকে, দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা এইবোৰৰ কেৱল এটা পদ্ধতিৰ ওপৰত এৰি দিয়া উচিত নহয় । দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে আটাইবোৰ পদ্ধতিকে জড়িত কৰি সমন্বয় আৰু সহযোগিতা বজাই ৰখা অতি প্ৰয়োজন ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১০ জুন ২০২৪, পৃষ্ঠা: ৭]

Saturday, 3 February 2024

বিগত দহ বছৰৰ অসমৰ ৰাজহুৱা ব্যয়ৰ ধাৰা (Trend of Public Expenditure of Last Ten Years of Assam)

           অৰ্থনীতিত ৰাজহুৱা ব্যয়ক অন্যতম গুৰুত্বপূৰ্ণ বিত্তীয় আহিলা হিচাপে গণ্য কৰা হয় । ৰাজহুৱা ব্যয়ৰ দ্বাৰা চৰকাৰে  অৰ্থনীতি এখনৰ উৎপাদন, উপভোগ আৰু বিতৰণৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলায় । ৰাজহুৱা ব্যয়ে সামাজিক উন্নয়নতো অৰিহণা যোগায় । ভাৰতৰ সংবিধানৰ ১১২ (২) অনুচ্ছেদ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ক পৃথকে পৃথকে দেখুৱাব লাগিব ।  ৰাজ্যসমূহৰ বাজেটৰ ক্ষেত্ৰতো একেধৰণে দেখুওৱাবলগীয়াৰ কথা সংবিধানখনৰ ২০২ (২) অনুচ্ছেদত উল্লেখ আছে । ৰাজহ ব্যয় হ’ল ৰাজ্য চৰকাৰৰ আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ বাহিৰে আন উদ্দেশ্যত কৰা ব্যয় । যিবোৰ ব্যয়ৰ ফলত বিত্তীয় আৰু ভৌতিক সম্পত্তিৰ সৃষ্টি হয়, সেইবোৰ মূলধনী ব্যয়ৰ ভিতৰত পৰে । ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজৰ পাৰ্থক্য কেৱল সাংবিধানিক প্ৰয়োজনীয়তাৰ বাবেহে বাজেটত দেখুওৱা নহয় । ৰাজহুৱা ব্যয়ৰ এনেধৰণৰ পৃথকীকৰণে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ আৰু সম্পদৰ সঠিক আবণ্টনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচিত হয় । সেইকাৰণে, চৰকাৰৰ ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ ধাৰা অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । এই প্ৰবন্ধটোত অসমৰ বিগত দহ বছৰৰ (২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈ) ৰাজহুৱা ব্যয়ৰ ধাৰা আলোচনা কৰা হৈছে । 

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কৰা বিত্তীয় ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত বিগত দহ বছৰত অসমৰ বিত্তীয় ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পৰিছে ।  উদাহৰস্বৰূপে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ পৰা আঁতৰোৱাৰ ফলত সেই মৰ্যাদাৰ পৰা পাবলগীয়া বিত্তীয় সাহাৰ্য কৰ্তন কৰা হৈছে । উক্ত সময়ছোৱাৰ ভিতৰত দেশখনত সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছে (১ জুলাই ২০১৭)। তদুপৰি, ৰাজ্যখনত দুটা ভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বত চৰকাৰৰ পৰিৱৰ্তন ঘটিছে । আলোচনাটোত সামৰি লোৱা প্ৰথম পাঁচ বছৰত (অৰ্থাৎ ২০১১ চনৰ পৰা ২০১৬ চনলৈকে) ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছ (প্ৰবন্ধটোত পিছলৈ কংগ্ৰেছ বুলি উল্লেখ কৰা হ’ব) নেতৃত্বাধীন চৰকাৰ চলি আছিল আৰু ২০১৬ চন ধৰি ভাৰতীয় জনতা দলৰ (চমুকৈ বিজেপি) নেতৃত্বৰ চৰকাৰ চলি আছে ।

Statistical Handbook of Assamৰ তথ্য অনুসৰি, যোৱা দুটা বিত্তীয় বৰ্ষ, অৰ্থাৎ ২০১৯-২০ আৰু ২০২০-২০২১ বৰ্ষৰ বাহিৰে ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ মুঠ ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল । এই সময়ছোৱাত (অৰ্থাৎ ২০১১-১২ আৰু ২০২০-২১) বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ১২% আছিল । ৰাজ্যখনত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ৰাজহ ব্যয় হ্ৰাস পাই অহাৰ বিপৰীতে মূলধনী ব্যয় বৃদ্ধি পাই আহিছিল ।  উক্ত সময়ছোৱাত মূলধনী ব্যয় (২৬%)ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ, ৰাজহ ব্যয়ৰ (১১%) গড় বাৰ্ষিক হাৰতকৈ বেছি আছিল । ইয়াৰ অৰ্থ হ’ল, অসম চৰকাৰে আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল । মুঠ ৰাজহুৱা ব্যয়ৰ ক্ষেত্ৰত, ৰাজ্যত বিজেপি আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৯%) বিজেপি নেতৃত্বাধীন চৰকাৰতকৈ (১০%) কম আছিল ।  ৰাজহ ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ (৯%) সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ (৭%) সময়তকৈ বেছি আছিল । কিন্তু, মূলধনী ব্যয়ৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি দেখা গৈছিল । কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত মূলধনী ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৪%) বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তকৈ সাতগুণ (২৮%) কম আছিল । ইয়াৰ অৰ্থ হ’ল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ৰাজহ ব্যয়ত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰে মূলধনী ব্যয়ত অধিক গুৰুত্ব দিছিল ।

বিভিন্ন শিতান অনুযায়ী যোৱা দহ বছৰৰ মুঠ ৰাজহ ব্যয়ৰ অংশ বিবেচনা কৰিলে দেখা যায় যে সাধাৰণ সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৪- ১৫ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছে । কিন্তু, ২০১৫-১৬ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত বৃদ্ধি পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত পুনৰ হ্ৰাস পাইছে । এই সময়ছোৱাত সাধাৰণ সেৱাৰ শিতানৰ বাৰ্ষিক গড় বৃদ্ধি হাৰ  ১১% আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৫-১৬ বিত্তীয় বৰ্ষলৈ বৃদ্ধি পাইছে ।  কিন্তু, ২০১৫-১৬ বিত্তীয় বৰ্ষ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ হ্ৰাস পাইছে । ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত পুনৰ বৃদ্ধি পাইছে । ২০১১-১২ বিত্তীয় বৰ্ষৰ তুলনাত ২০২০-২১ বিত্তীয় বৰ্ষত সামাজিক আৰু সামূহিক সেৱাৰ শিতানত কৰা ব্যয় প্ৰায় আধালৈ হ্ৰাস পাইছে । এই সময়ছোৱাত সামাজিক আৰু সামূহিক সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৭% আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ২০২০-২১ বিত্তীয় বৰ্ষত অৰ্থনৈতিক সেৱাৰ শিতানত কৰা ব্যয়ৰ বৃদ্ধি দ্ৰুত আছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অৰ্থনৈতিক সেৱা শিতানৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৯% আছিল । অনুদান-সাহায্যৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৫-১৬ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছিল আৰু ২০১৫-১৬ বিত্তীয় বৰ্ষ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈকে ই সুস্থিৰ হৈ পৰিছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অনুদান-সাহায্যৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪% আছিল ।

ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত শিতান অনুযায়ী মুঠ ৰাজহ ব্যয়ৰ অংশ তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সাধাৰণ সেৱা শিতানৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৭%) বিজেপি নেতৃত্বাধীন (৯%) চৰকাৰতকৈ কম আছিল । এফালে সামাজিক আৰু সামূহিক সেৱাৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্যিক গড় বৃদ্ধিৰ হাৰ ১৫% আছিল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত ঋণাত্মক (−৮%) আছিল । আনহাতে, অৰ্থনৈতিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (৪১%) কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ (১৩%) সময়তকৈ তিনিগুণ বেছি আছিল । অনুদান-সাহায্যৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্যিক গড় বৃদ্ধিৰ হাৰ −২৯% আছিল । কিন্তু, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত ১৯% আছিল । অৰ্থাৎ সাধাৰণ সেৱা, অৰ্থনৈতিক সেৱা আৰু অনুদান-সাহায্যৰ শিতানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰতকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজহ ব্যয় বেছি আছিল । কিন্তু, সামাজিক আৰু সামূহিক সেৱাৰ শিতানত ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰতকৈ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে অধিক ব্যয় কৰিছিল ।

যোৱা ৯ বছৰত, অৰ্থাৎ ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষলৈকে বিভিন্ন শিতান অনুযায়ী মূলধনী ব্যয় বিবেচনা কৰিলে (২০২০-২১ বিত্তীয় বৰ্ষত শিতান অনুযায়ী মূলধনী ব্যয়ৰ তথ্য উপলব্ধ নহয়), সাধাৰণ সেৱাৰ শিতানত মূলধনী ব্যয় সুস্থিৰ হৈ আছিল (৩%ৰ পৰা ৫% ৰ ভিতৰত) । এই সময়ছোৱাত সাধাৰণ সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪১% আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত মূলধনী ব্যয় ২০১১-১২ বিত্তীয় বৰ্ষ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈকে সুস্থিৰ আছিল । ২০১৪-১৫ বিত্তীয় বৰ্ষ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ  এই শিতানত মূলধনী ব্যয় বৃদ্ধি পাইছিল । কিন্তু, ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত হ্ৰাস পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত সামাজিক আৰু সামূহিক সেৱাৰ শিতানত মূলধনী ব্যয়ৰ হ্ৰাস দ্ৰুত আছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষলৈকে সামাজিক আৰু সামূহিক সেৱাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৮% আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত ২০১১-১২ বিত্তীয় বৰ্ষ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈকে মূলধনী ব্যয় প্ৰায় সুস্থিৰ আছিল । কিন্তু, ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ ক্ৰমান্বয়ে হ্ৰাস পাইছিল । ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত এই শিতানত মূলধনী ব্যয় বৃদ্ধি পাইছিল । ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অৰ্থনৈতিক সেৱাৰ শিতানত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ২৮% আছিল ।

ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত শিতান অনুযায়ী মূলধনী ব্যয় তুলনা কৰিলে দেখা যায় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সাধাৰণ সেৱাৰ শিতানত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (১১%) বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়তকৈ (৩৯%) তিনিগুণকৈ কম আছিল । সামাজিক আৰু সামূহিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰতকৈ (১৩%) কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত (৫৭%) চাৰিগুণতকৈ অধিক আছিল । অৰ্থনৈতিক সেৱাৰ শিতানত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৪৬% আছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত এক শতাংশতকৈ কম আছিল । অৰ্থাত, মূলধনী ব্যয়ৰ শিতান অনুযায়ী, বিজেপি নেতৃত্বাধীন চৰকাৰে সাধাৰণ সেৱা আৰু অৰ্থনৈতিক সেৱাৰ শিতানত অধিক গুৰুত্ব দিছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সামাজিক আৰু সামূহিক সেৱাত অধিক গুৰুত্ব দিছিল ।

দুটা বিত্তীয় বৰ্ষৰ (২০১৯-২০ আৰু ২০২০-২১) বাহিৰে, বিগত দহ বছৰত অসমৰ মুঠ ৰাজহুৱা ব্যয় ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল । মূলধনী ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ৰাজহ ব্যয়ৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰতকৈ অধিক আছিল । ইয়াৰ অৰ্থ হ’ল অসম চৰকাৰে বিগত দহ বছৰত আৰ্থিক আৰু ভৌতিক সম্পত্তি সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব দিছিল । বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজহ ব্যয়তকৈ মূলধনী ব্যয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজহ ব্যয়ৰ ওপৰত অধিক গুৰুত্ব দিছিল ।

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ৩ ফেব্ৰুৱাৰী ২০২৪]

Wednesday, 29 November 2023

ইতিহাস প্ৰণয়নৰ নতুন ধাৰা সন্দৰ্ভত (Regarding New Trend of History Writing)

         ‘আমাৰ অসম’ত ৩০ অক্টোবৰত প্ৰকাশিত দ্বীপনে কাকতিৰ ‘ইতিহাস প্ৰণয়নৰ নতুন ধাৰা’ শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰবন্ধকাৰ কাকতিয়ে কৈছে যে ইতিহাস প্ৰণয়নৰ নতুন ধাৰাত হিন্দুক ঐতিহাসিকভাবে মহীয়ান কৰাৰ প্ৰচেষ্টা স্পষ্ট ৰূপত দেখা গৈছে । তেখেতে কেইবাটাও উদাহৰণৰ দ্বাৰা এই উক্তিৰ প্ৰমাণ দাঙি ধৰিছে । ঐতিহাসিকসকলে ইতিহাস প্ৰণয়ন কৰাৰ সময়ত বিভিন্ন উপাদানৰ দ্বাৰা প্ৰভাৱিত হয় । ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ জেমছ মিলে কেনেধৰণৰ ভাৰতৰ ইতিহাস প্ৰণয়ন কৰিছিল সেয়া ইতিহাসৰ শিক্ষাৰ্থীসকলে ভালদৰে জানে ।  জেমছ মিলৰ ইতিহাস প্ৰণয়নৰ ধাৰাক ভাৰতীয় ঐতিহাসিকে প্ৰত্যাহ্বান জনাই ইতিহাস প্ৰণয়ন কৰিছিল ।

ব্ৰিটিছৰ শাসনকালত ভাৰতত দুই প্ৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদৰ উদ্ভৱ হৈছিল-সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ (Universal Nationalism) আৰু গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ (Ethnic Nationalism) । গোষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদ প্ৰধানকৈ দুই প্ৰকাৰৰ- হিন্দু ৰাষ্ট্ৰীয়তাবাদ আৰু ইছলাম ৰাষ্ট্ৰীয়তাবাদ । ইছলাম ৰাষ্ট্ৰীয়তাবাদীসকলে পাকিস্তান নামেৰে নতুন ৰাষ্ট্ৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন পুহি ৰাখিলে । দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ শক্তিশালী হৈ আছিল বাবে ভাৰতৰ সংবিধানখন গণতান্ত্ৰিক, যুক্তৰাষ্টীয় আৰু ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাৰ ভিত্তিত প্ৰণয়ন কৰা হৈছিল ।  হিন্দু ৰাষ্ট্ৰীয়তাবাদে এক দেশ, এক ধৰ্ম আৰু এক ভাষাৰ ওপৰত গুৰুত্ব দি আহিছে । সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত সংবিধানখনক হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে মানি ল’বলৈ টান পায় । বিশেষকৈ ‘ধৰ্মনিৰপেক্ষ’ ধাৰণাটোক তেওঁলোকে একেবাৰে সহ্য কৰিব নোৱাৰে । স্বাধীনতাৰ পিছত ভাৰতৰ ঐতিহাসিকসকলে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি ইতিহাস প্ৰণয়নৰ ধাৰা অব্যাহত ৰাখিছে । বিশেষকৈ বামপন্থী ঐতিহাসিকসকলে এই ধাৰাৰ পাতনি মেলিছিল । বৈজ্ঞানিক পদ্ধতিত বস্তুগতভাবে ইতিহাস প্ৰণয়ন কৰা হয়, য’ত আৱেগৰ প্ৰভাৱ নাথাকে । মন কৰিবলগীয়া যে ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰত পদ্ধতিগত সাদৃশ্য থকাৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে ৰাজনৈতিক ক্ষেত্ৰত সাৰ্বজনীন ৰাষ্ট্ৰীয়তাবাদীসকলৰ সৈতে বামপন্থীসকলক একাকাৰ কৰে । হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে বস্তুগত পদ্ধতিতকৈ হিন্দুধৰ্মৰ সৈতে জড়িত আৱেগক অগ্ৰাধিকাৰ দিয়ে । তেওঁলোকৰ উদ্দেশ্য হ’ল ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পথ সুগম কৰি তোলা । তেওঁলোকৰ ইতিহাস প্ৰণয়নৰ ধাৰা ৰাজনৈতিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে । যেতিয়াই হিন্দুত্ববাদী ৰাজনৈতিক শক্তিয়ে চৰকাৰ গঠন কৰাৰ সুযোগ পাইছে তেতিয়াই হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলৰ হিন্দু আৱেগৰ ভিত্তিত ইতিহাস প্ৰণয়ন কৰা ধাৰাটো তীব্ৰ হৈ পৰিছে ।  

প্ৰশ্ন হ’ল- হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা কিমান ?  ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা কিমান, সেয়া কেইবাটাও উপাদানৰ ওপৰত নিৰ্ভৰ কৰে । দুটা গুৰুত্বপূৰ্ণ উপাদান আলোচনা কৰা যাওক । প্ৰথম, তথ্যৰ উপস্থাপনে ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ধাৰণ কৰে । একেখিনি তথ্যকে একে সময়তে দুজন ঐতিহাসিকে দুটা বেলেগ ধাৰাত উপস্থাপন কৰিব পাৰে  ।  অথবা একেখিনি তথ্যকে একেজন ঐতিহাসিকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধাৰাত উপস্থাপন কৰিব পাৰে ।  এটা বিশেষ ধৰ্মক গৰিমামণ্ডিত কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰণয়ন কৰা ইতিহাসত তথ্যবিলাক যে একপক্ষীভাবে উপস্থাপন কৰা হয়, তাত কোনো সন্দেহ নাই ।  ইতিহাস প্ৰণয়নৰ উদ্দেশ্য সংকীৰ্ণ হ’লে ইতিহাস প্ৰণয়নৰ কৰা ধাৰাটোও সংকীৰ্ণ হয় । ভাৰতৰ প্ৰেক্ষাপটত হিন্দু ৰাষ্ট্ৰীয়তাবাদ নি:সন্দেহে এক সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ ।  গতিকে, হিন্দু ৰাষ্ট্ৰীয়তাবাদক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ইতিহাস প্ৰণয়ন কৰা ধাৰাটোৰ গ্ৰহণযোগ্যতা দীৰ্ঘকালত নি:শেষ হৈ যোৱাৰ সম্ভাৱনাই অধিক । দ্বিতীয়, কি পৰিৱেশ আৰু পৰিস্থিতিত ঐতিহাসিকসকলে ইতিহাস প্ৰণয়ন কৰিছে তাৰ ওপৰতো ইতিহাস প্ৰণয়নৰ ধাৰা এটাৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে । যোৱা কেইবছৰমান ধৰি ভাৰতত হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ প্ৰভুত্ব বিস্তাৰৰ পৰিৱেশ তীব্ৰগতিত চলি আছে । সেই উদ্দেশ্যে দেশখনত হিন্দু ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ পৰিৱেশ গঢ়ি তোলা হৈছে । এই পৰিস্থিতিত একাংশ ঐতিহাসিকে নিজৰ স্বাৰ্থৰ বাবে হিন্দু ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰাৰ ধাৰাটোক গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে ।  হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগে লগে ইতিহাস প্ৰণয়ন কৰাৰ এই ধাৰাটোৰ গ্ৰহণযোগ্যতাও হ্ৰাস পাই আহিব ।   

বৰ্তমান যি চলি আছে, ভৱিষ্যতে সেয়া ইতিহাস হৈ পৰিব । ৰাজনৈতিক শক্তিৰ ওপৰত ভেজা দি এক বিশেষ উদ্দেশ্য আগত ৰাখি ইতিহাসৰ প্ৰণয়ন কৰা ধাৰাটো এটা সময়ত ইতিহাস হৈ পৰিব ।  বৰ্তমান যিসকল ঐতিহাসিকে হিন্দু ৰাষ্ট্ৰীয়তাবাদক অন্ধভাবে (বা সকলো জনাৰ পিছতো ব্যক্তিগত স্বাৰ্থৰ বাবে) সমৰ্থন জনাই ইতিহাস প্ৰণয়ন কৰি আছে, ইতিহাসে তেওঁলোকক পক্ষপাতৰ বলি হোৱা ঐতিহাসিক হিচাপে স্বীকৃতি দিব ।   

 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ নৱেম্বৰ ২০২৩, পৃষ্ঠা: ৪]

 


Monday, 18 September 2023

বায়ুমণ্ডলত কাৰ্বন নিৰ্গমনৰ অসমতা (Inequality of Carbon Emission in Atmosphere)

              কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন আদি গৰম গেছসমূহক সেউজগৃহ গেছ বুলি জনা যায় । উদ্যোগীকৰণ আৰু আধুনিকীকৰণৰ ফলস্বৰূপে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল যান-বাহন, কল-কাৰখানা, শক্তি প্ৰকল্প আদিৰ পৰা কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, পশুধনৰ পাচন প্ৰক্ৰিয়া, পেলনীয়া জাৱৰ, ধাননি পথাৰৰ পৰা মিথেন, ৰেফ্ৰীজেৰেটৰ, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰৰ ফলত ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন প্ৰতি মুহূৰ্ততে বায়ুমণ্ডললৈ নিৰ্গমন হৈ আছে । তদুপৰি, অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত বনাঞ্চল ধংস কৰি থকা হৈছে । ফলস্বৰূপে, তাপ শক্তি শোষণ কৰিব পৰা ক্ষমতা থকা এই সেউজগৃহ গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে । মন কৰিবলগীয়া যে এক টন মিথেনৰ নিৰ্গমন প্ৰায় ত্ৰিছ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান আৰু এক টন নাইট্ৰাছ অক্সাইডৰ নিৰ্গমন প্ৰায় ২৮০ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ সমান । সি যি কি নহওক, প্ৰতি মুহূৰ্ততে সেউজগৃহ গেছ নিৰ্গমন কৰি থকা হৈছে যদিও দেশবোৰৰ মাজত আৰু মানু্হৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ অসমতা আছে ।  সেউজগৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত আৰু মানুহৰ আয়ৰ পাৰ্থক্যৰ ভিত্তিত কেনেধৰণৰ অসমতা আছে সেই সম্পৰ্কে এই লেখাটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে । লেখাটোত সেউজগৃহ গেছবোৰক একেলগে বুজাবৰ বাবে কাৰ্বন শব্দটো ব্যৱহাৰ কৰা হৈছে ।

            বিশ অসমতা প্ৰতিবেদনৰ (২০২২) তথ্য অনুসৰি, ১৮৫০ চনৰ পৰা ২০২০ চনৰ সময়ছোৱাত মুঠ ২, ৪৫,০০০ কৌটি টন কাৰ্বন নিৰ্গমন কৰা হৈছে । ইয়াৰে প্ৰায় ২৭ শতাংশ উত্তৰ আমেৰিকাই নিৰ্গমন কৰিছে । ইউৰোপ আৰু চীনে ক্ৰমে ২২ শতাংশ আৰু ১১ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়া, ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া, জাপানক সামৰি পূৱ এছিয়াই ক্ৰমে ৯ শতাংশ, ৯ শতাংশ আৰু ৬ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  লেটিন আমেৰিকা আৰু মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকাই ৬ শতাংশকৈ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকাই ৪ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে । উল্লিখিত সময়ছোৱাত প্ৰতিবছত কাৰ্বন নিৰ্গমনৰ হাৰ ৭২৫ শতাংশ বৃদ্ধি পাইছে (১৮৫০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ আছিল ০.৮ টন । ২০২০ চনত প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ ৬.৬ টন হৈছে) ।  Intergovernmental Panel for Climate Change (IPCC) এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে মুঠ কাৰ্বন নিৰ্গমন ক্ৰমে ৩০ হাজাৰ কৌটি আৰু ৯০ হাজাৰ কৌটি টনতকৈ বেছি হ’ব নালাগিব ।  মন কৰিবলগীয়া যে ২০১৬ চনৰ ৪ নৱেম্বৰত পেৰিছত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিৱেশনত (The United Nations Climate Change Conference) গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ অংগীকাৰবদ্ধ হৈছিল । ২০৫০ চনৰ আগলৈকে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ১.১ টন আৰু ৩.৪ টনৰ বেছি হ’ব নালাগিব । ২১০০ চনত এই লক্ষ্যত উপনীত হ’বলৈ হ’লে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি নোপোৱাকৈ ৰাখিবলৈ হ’লে প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ০.৪ টন আৰু ১.১ টনৰ বেছি হ’ব নালাগিব ।

        প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা আছে । প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত উত্তৰ আমেৰিকা শীৰ্ষ আৰু ছাব-ছাহাৰীয়ান আফ্ৰিকা নিম্ন স্থানত আছে । উত্তৰ আমেৰিকা আৰু  ছাব-ছাহাৰীয়ান আফ্ৰিকাৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ২০.৮ টন আৰু  ১.১ টন । উত্তৰ আমেৰিকাৰ পিছতে শীৰ্ষত আছে ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপ ।  ৰাছিয়াক সামৰি কেন্দ্ৰীয় এছিয়া আৰু ইউৰোপৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৯.৯ টন আৰু ৯.৭ টন ।  সেইদৰে, জাপানক সামৰি পূৱ এছিয়া, মধ্য প্ৰাচ্য-উত্তৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু দক্ষিণ-দক্ষিণ পূৱ এছিয়াৰ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৮.৬ টন, ৭.৪ টন, ৪.৮ টন আৰু ২.৬ টন ।  ইয়াৰ পৰা এইটো স্পষ্ট যে কেৱল ছাব-ছাহাৰীয়ান আফ্ৰিকা আৰু দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াইহে গোলকীয় উষ্ণতা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধিৰ তলত ৰাখিব পৰাকৈ প্ৰতিবছৰত জনমূৰি কাৰ্বন নিৰ্গমন কৰি আছে (৩.৪ টনৰ তলত) ।  আয়ৰ পাৰ্থক্যৰ ভিত্তিত দেখা গৈছে যে (২০১৯ চনৰ তথ্য অনুসৰি) বিশ্বৰ শীৰ্ষ ১ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ১৪.৬ শতংশ) লোকে প্ৰায় ১৬.৮ শতাংশ কাৰ্বন নিৰ্গমন কৰিছে ।  শীৰ্ষ ১০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৫২ শতাংশ, শীৰ্ষ ১ শতাংশ লোকৰ আয়ৰ অংশক সামৰি) আৰু মধ্য ৪০ শতাংশ  (মুঠ আয়ৰ অংশ প্ৰায় ৩৯.৫ শতাংশ) লোক  ক্ৰমে ৪৭.৬ আৰু ৪০.৪ শতাংশ কাৰ্বন নিৰ্গমনৰ বাবে দায়ী । তলৰ ৫০ শতাংশ (মুঠ আয়ৰ অংশ প্ৰায় ৮.৫ শতাংশ) লোকৰ কাৰ্বন নিৰ্গমনৰ হাৰ হ’ল মাত্ৰ ১২ শতাংশ ।  বিশ্বৰ শীৰ্ষ ১ শতাংশ লোকে প্ৰতিবছৰত জনমূৰি ১১০ টন কাৰ্বন নিৰ্গমন কৰে । শীৰ্ষ ১০ শতাংশ (শীৰ্ষ ১ শতাংশৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ সামৰি) আৰু মধ্য ৪০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল ক্ৰমে ৩১ টন আৰু ৬.৬ টন । তলৰ ৫০ শতাংশ লোকৰ প্ৰতিবছৰৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিমাণ হ’ল মাত্ৰ ১.৬ টন ।  ১৯৯০ চনৰ পৰা ২০১৯ চনৰ সময়ছোৱাত শীৰ্ষ ১ শতাংশ আৰু তলৰ ৫০ শতাংশ লোকৰ কাৰ্বন নিৰ্গমনৰ অংশ বৃদ্ধি পাইছে ।  ১৯৯০ চনত শীৰ্ষ ১ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ১৪.১ শতাংশ আৰু ২০১৯ চনত ১৬.৮ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ১৯.১৫ শতাংশ)। একে সময়ছোৱাত তলৰ ৫০ শতাংশ লোকৰ মুঠ কাৰ্বন নিৰ্গমনৰ অংশ আছিল ৯.৬ শতাংশ আৰু ২০১৯ চনত ১২ শতাংশলৈ বৃদ্ধি পাইছে (বৃদ্ধিৰ হাৰ ২৫ শতাংশ) ।  উল্লিখিত সময়ছোৱাত কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত (between countries) থকা অসমতা আৰু দেশৰ ভিতৰতে (within country) থকা অসমতাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে । ২০১৯ চনৰ তুলনাত ১৯৯০ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা বেছি আছিল । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা আজিৰ তুলনাত কম আছিল । ২০১৯ চনত দেশবোৰৰ মাজত কাৰ্বন নিৰ্গমনৰ অসমতা ১৯৯০ চনৰ তুলনাত কম হৈছে । কিন্তু, দেশবোৰৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ অসমতাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক অসমতা ১৯৯০ চনৰ তুলনাত বেছি হৈছে ।  অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত দেশবোৰৰ মাজত তাৎপৰ্যপূৰ্ণ অসমতা নাই । 

            তথাকথিত উন্নত দেশ আৰু ধনী লোকসসকলে  অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত বেছি কাৰ্বন নিৰ্গমন কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে । উন্নত দেশ আৰু ধনী লোকসকলে বহনক্ষম গোলকীয় উষ্ণতাৰ (২০৫০ চনৰ আগতে ১.৫ ডিগ্ৰী ছেলছিয়াছ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰখা) কাৰ্বন নিৰ্গমনৰ সীমা  (১.৫ ডিগ্ৰী ছেলছিয়াছৰ আৰু ২ ডিগ্ৰী ছেলছিয়াছৰ তলত ৰাখিবলৈ প্ৰতিবছত জনমূৰি কাৰ্বন নিৰ্গমন ক্ৰমে ১.১ টন আৰু ৩.৪ টনৰ কম) কেতিয়াবাই অতিক্ৰম কৰিছে ।  ইয়াৰ পৰা স্পষ্ট যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তথাকথিত উন্নত দেশ আৰু ধনী লোকসকল অনুন্নত দেশ আৰু দুখীয়া লোকসকলৰ তুলনাত অধিক দায়ী । 

 

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ছেপ্টেম্বৰ ২০২৩, পৃষ্ঠা: ৭]