Sunday, 18 August 2019

“গানৰ মঞ্চত জুবিন গাৰ্গৰ ‘অদ্ভুট’ মন্তব্য”ৰ আঁত ধৰি



যোৱা ১২ জুলাইত সুগায়ক, লেখক লোকনাথ গোস্বামীৰ “গানৰ মঞ্চত জুবিন গাৰ্গৰ ‘অদ্ভুট’ মন্তব্য” শীৰ্ষক লেখাটোৰ আঁত ধৰি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। শেহতীয়াকৈ ‘বামুণ’ সম্পৰ্কে অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে কৰা মন্তব্যই বৈদ্যুতিন আৰু সামাজিক মাধ্যমসমূহত প্ৰচুৰ তৰ্ক-বিৰ্তক চলা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ যোৱা বিছ বছৰৰ সৃষ্টিসমূহ অধ্যয়ন কৰিলে দেখা যায় যে কিছুমান আদৰ্শৰ ভিত্তিত তেওঁ নিজকে গঢ়ি তুলিছে। সেই আদৰ্শসমূ্হলৈ অহা ভাবুকি তীব্ৰ হোৱাৰ উমান পালেই প্ৰতিবাদ জনোৱাৰ উদ্দেশ্যে তেওঁ স্বভাৱসূলভভাবে কিছুমান মন্তব্য আগবঢ়ায়। (ব্যতিক্ৰমক বাদ দি) তেওঁ অতি গুৰুত্বপূৰ্ণ তথা বাস্তৱিক বিষয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
শিল্পীগৰাকীৰ মন্তব্যবোৰত ধৰ্মনিৰপেক্ষ চিন্তাধাৰাৰ লগতে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰকাশ পায়। যেনে-চৰকাৰে ‘নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬’খন আইনত পৰিণত কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিলখনৰ বিৰূদ্ধে তেওঁ মুকলিকৈ মাত মাতিছে। কিন্তু, সেইবুলি তেওঁক আঞ্চলিকতাবাদী বুলি একে আষাৰে ছাপ লগাব নোৱাৰি। শিল্পীগৰাকীৰ মন্তব্যবোৰত বজাৰ ব্যৱস্থা আৰু সামাজিক সাম্যবাদৰ দৰে সাৰ্বজনীন ভাৱধাৰাৰ উমান পোৱা যায়। বজাৰ ব্যৱস্থাত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি মন্তব্য আগবঢ়াব আৰু কাম কৰিব পাৰে। বজাৰ ব্যৱস্থাৰ সমান্তৰালকৈ শিল্পীগৰাকীয়ে সমাজৰ পৰা পক্ষপাত, জাত-পাত, বিচিন্নতাবাদী মনোভাৱ আদি নিৰ্মূল কৰি এখন সামাজিক সাম্যবাদী পৃথিৱীৰ সপোন দেখে। উল্লেখ্যযোগ্য যে জুবিন গাৰ্গে অৰ্থনৈতিক সাম্যবাদৰ আদৰ্শক সমৰ্থন নকৰে। নকৰাটোৱেই স্বাভাৱিক। কাৰণ, বজাৰ ব্যৱস্থাক সমৰ্থন জনোৱা ব্যক্তিয়ে অৰ্থনৈতিক সাম্যবাদক সমৰ্থন জনালে স্ববিৰোধী স্থিতি প্ৰকাশ পায়।
 শিল্পীগৰাকীৰ শেহতীয়া আৰু আগতে কৰা মন্তব্যবোৰৰ ভিত্তিত বহুতে মন্তব্য আগবঢ়াইছে যে তেওঁ মানসিক স্থিতি হেৰুৱাইছে। সেয়েহে তেওঁ মাজে সময়ে কিছুমান বিতৰ্কিত মন্তব্য আগবঢ়ায়। আমি ভাবোঁ, যিবোৰ বিষয় আৰু পৰিস্থিতিৰ ভিত্তিত শিল্পীগৰাকীয়ে মন্তব্যবোৰ আগবঢ়ায়, যথাসময়ত সেই বিষয়বোৰৰ সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিলেহে তেওঁ মানসিক স্থিতি হেৰুওৱাৰ সম্ভাৱনা আছে। অৱশ্যে, শিল্পীগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ সময়ত প্ৰয়োগ কৰা শব্দ আৰু পদ্ধতিৰ পৰিৱৰ্তন হৈছে। এসময়ত শিল্পীগৰাকীয়ে তেওঁৰ গীত আৰু কবিতাৰ জৰিয়তে প্ৰতিবাদী  মন্তব্য আগবঢ়াইছিল, যিটো আজিকালি খুউব কমহে দেখা যায়।
সংস্থাপিত অৰ্থনীতিবিদ জে বি ছে’ৰ তত্ত্ব অনুসৰি, ‘যোগানে নিজে নিজৰ চাহিদা সৃষ্টি কৰি লয়’। কেৱল জুবিন গাৰ্গ বুলি নহয়, কোনো এজন প্ৰতিষ্ঠিত ব্যক্তিয়ে যি মন্তব্য আগবঢ়ায় বা যি কাম কৰে, সমাজৰ একাংশ মানুহে কোনো চিন্তা নকৰাকৈ ব্যক্তিগৰাকীক সমৰ্থন কৰে। অৰ্থাত, সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে যোগান ধৰা মন্তব্য বা কামবোৰৰ চাহিদা সৃষ্টি হয়। মনকৰিবলগীয়া যে বজাৰ ব্যৱস্থাত ভাল-বেয়া সম্পৰ্কে সকলো মানুহৰে পূৰ্ণ জ্ঞান থকা বুলি ধৰি লোৱা হয়। গতিকে, প্ৰতিষ্ঠিত ব্যক্তি এগৰাকীয়ে কৰা কাম বা মন্তব্যবোৰক সমৰ্থন বা বিৰূদ্ধাচৰণ কৰাৰ আগতে প্ৰতিজন ব্যক্তিয়ে সচেতন হোৱা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ আগষ্ট, ২০১৯]

Saturday, 20 July 2019

হাতী খেদা পদ্ধতি আৰু সঁজুলি (Elephant Chasing Methods and Equipments)


উত্তৰ-পূৱ ভাৰতত হাতী-মানুহৰ সংঘাতে এক জলন্ত ৰূপ লৈছে। ভাৰত চৰকাৰৰ ‘পৰিৱেশ, বন আৰু বতৰ পৰিবৰ্তন’ৰ ৰাজ্যিক মন্ত্ৰী বাবুল সুপ্ৰিয়ই সদৰি কৰা অনুসৰি (The Wire, 12 July 2019), ২০১৪ চনৰ পৰা ২০১৯ চনৰ জুন মাহ পৰ্যন্ত উত্তৰ পূৱ ভাৰতত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত ৩০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। একে সময়ছোৱাৰ ভিতৰত অঞ্চলটোত অপ্ৰাকৃতিক কাৰণত (যেনে-বিষ মিহলি খাদ্য খাই, বিজুলী সৰবৰাহ তাঁৰত লাগি, গাঁতত পৰি ইত্যাদি) ১৪৯টা হাতীৰ মৃত্যু ঘটিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমতে আটাইতকৈ বেছি হাতী-মানুহৰ সংঘাত সংঘটিত হৈ হাতী আৰু মানুহৰ মৃত্যু হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। 
বনৰীয়া হাতীৰ ক্ষতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ স্থানীয় পদ্ধতি আৰু সঁজুলি ব্যৱহাৰ কৰে। অসমৰ অঞ্চলভেদে বনৰীয়া হাতী খেদা পদ্ধতি আৰু সঁজুলি ব্যৱহাৰৰ পাৰ্থক্য আছে। আমাৰ লেখাটোত অসমৰ গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চলৰ গাঁৱৰ মানুহবোৰে হাতী খেদিবলৈ প্ৰয়োগ কৰা স্থানীয় পদ্ধতি আৰু তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলিৰ মাজতে সীমাবদ্ধ ৰখা হৈছে।
বনাঞ্চলত শান্তিৰে বিচৰণ কৰি ফুৰা বনৰীয়া হাতীবোৰক খেদি পঠোৱাৰ প্ৰশ্নই নুঠে। বনাঞ্চলত খাদ্যৰ অভাৱ ঘটিলে বনৰীয়া হাতীয়ে মানুহৰ বাৰীত সোমাই খাদ্যৰ সন্ধান কৰে। বনৰীয়া হাতীয়ে যাতে মানুহৰ বাৰীত সোমাবলৈ ভয় কৰে, তাৰ বাবে এই অঞ্চলৰ স্থানীয় মানুহে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে। বিজুলীৰ ব্যৱস্থা থকা অঞ্চলৰ মানুহে বাৰীখনৰ চাৰিওফালে বিজুলী সৰবৰাহৰ ব্যৱস্থা কৰে। বিজুলীৰ ব্যৱস্থা নথকা অঞ্চলৰ তুলনামূলকভাবে ধনী মানুহে নিজাববীয়াকৈ জেনেৰেটৰ কিনি বাৰীখনৰ চাৰিওফালে বিজুলী সৰবৰাহৰ ব্যৱস্থা কৰে।  বিশ্বাস যে ৰছীত বগা বস্তু বান্ধি থোৱা দেখিলে হাতীয়ে বিজুলী সৰবৰাহ অব্যাহত থকা বুলি ভাবি সেইফালেদি নাহে। সেয়েহে বিজুলীৰ ব্যৱস্থা নথকা এই অঞ্চলৰ মানুহে ধাননি পথাৰ বা নিজৰ বাৰীখনৰ চাৰিওফালে চাৰিফুটমান ওখকৈ এডাল ৰছী লগায় আৰু দুফুটমান অন্তৰালত গোটেই ৰছীডালতে বগা পলিথিন বান্ধি থয়। কিছুমান মানুহে বাৰীখনৰ চাৰিওফালে দ গাত খান্দি বাৰীখনত হাতী সোমোৱাত বাধা দিয়াৰ চেষ্টা কৰে।
বনৰীয়া হাতীয়ে কোনো এঘৰ মানুহৰ বাৰীত সোমালে মানুহঘৰে চিঞৰ-বাখৰ মৰাৰ উপৰি কোৰ, পাক-ঘৰৰ বাচন-বৰ্তন, ঢোল আদি বজাই হাতীবোৰক খেদি পঠাবলৈ চেষ্টা কৰে। যিবোৰ মানুহৰ বাৰীত সঘনে হাতী সোমায়, তেওঁলোকে ওপৰত উল্লেখ কৰা সঁজুলিসমূহৰ উপৰি ফটকা ফুটাই হাতী খেদে। ৰাতি হাতী খেদিবলৈ জুই আৰু টৰ্চ ব্যৱহাৰ কৰে। বাৰীখনৰ যিফালেদি হাতী সোমোৱাৰ সম্ভাৱনা থাকে, সেইফালে গোটেই ৰাতি ডাঙৰকৈ জুই জ্বলাই থয়। তদুপৰি, হাতী খেদিবলৈ ওলোৱা প্ৰতিজন মানুহে তৎক্ষণাত জুই জ্বলাব পৰাকৈ হাতে হাতে প্ৰয়োজনীয় সামগ্ৰী সাজু কৰি ৰাখে। হাতী খেদা মানুহবোৰে হাতে হাতে দুইধৰণে জুই সাজু কৰি ৰাখে। এক প্ৰকাৰ জুই কেৱল পোহৰৰ বাবে আৰু আন প্ৰকাৰৰ জুই হাতীক আক্ৰমণ কৰিবলৈ সাজু কৰি ৰাখে। ঝটা আৰু মহতা নামৰ দুবিধ সঁজুলিৰে জুই জ্বলাই পোহৰৰ ব্যৱস্থা কৰিবলৈ সাজু কৰি ৰাখে। শুকান বাঁহ সৰু সৰুকৈ কাটি, মুঠা বান্ধি ঝটা বনোৱা হয়। মহতা দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ মহতা কেৱল পোহৰৰ ব্যৱস্থা কৰিবলৈ বনোৱা হয়। কেৱল পোহৰৰ বাবে ব্যৱহাৰ কৰা মহতা বনাবলৈ পাঁচফুটমান দীঘল কেঁচা বাঁহ এডালত কেৰাচিন ভৰাব পৰাকৈ কাটি লোৱা হয়। কেৰাচিন ভৰাই কাপোৰেৰে সোপা দিয়া হয় আৰু প্ৰয়োজন সাপেক্ষে কাপোৰখিনিত জুই লগাই দি পোহৰৰ ব্যৱস্থা কৰা হয়। আনবিধ মহতা হাতীক আক্ৰমণ কৰিবলৈ বনোৱা হয়। আড়ৈফুটমান দীঘল লাঠি এডালত এফালে বস্তা বা কাপোৰৰ টুকুৰা মেৰিয়াই লো বা এলুমিনিয়ামৰ তাঁৰেৰে টানকৈ বন্ধা হয়। জুইৰ পোহৰ, ফটকা আদিৰে হাতীক খেদি পঠাব নোৱাৰিলে বা হাতীয়ে মানুহক আক্ৰমণৰ উদ্দেশ্যে খেদি আহিলে মহতাটোৰ বস্তা বা কাপোৰ বন্ধা অংশটোত কেৰাচিন বা পেট্ৰ’ল ঢালি জুই লগাই হাতীৰ গাত দলিয়াই দিয়া হয়। গাত জুই লগাৰ ফলত আক্ৰমণ কৰিবলৈ খেদি অহা হাতীটো উভতি যাবলৈ বাধ্য হৈ পৰে। ওপৰত উল্লেখ কৰা কোনো এবিধ সঁজুলিৰ দ্বাৰা হাতীটোক খেদি পঠাব নোৱাৰিলে আন এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। প্ৰাপ্তবয়স্ক মানুহৰ তৰ্জুনি আঙুলিটোৰ সমান ডাঙৰ আৰু দুফুটমান দীঘল লো এটুকুৰাৰ এফালে জোঙা কৰি লোৱা হয়। জোঙা ফালটো বাহিৰত উলিয়াই ৰাখি আনফালটোত চাৰিফুটমান দীঘল বাঁহৰ নাল লগোৱা হয়। বাহিৰত ওলাই থকা জোঙাডোখৰৰ কিছু তলত বস্তা বা কাপোৰৰ টুকুৰা মেৰিয়াই লো বা এলুমিনিয়ামৰ তাঁৰেৰে টানকৈ বন্ধা হয়। লোডালৰ বস্তা বা কাপোৰেৰে মেৰিয়াই বন্ধা অংশটোত কেৰাচিন বা পেট্ৰ’ল ঢালি জুই লগাই গৰম জোঙা লোডাল হাতীটোৰ গাত সুমুৱাই দিয়া হয়। এই সজুঁলিবিধক শুলি বুলি কোৱা হয়। শুলি ব্যৱহাৰ কৰা মানুহজন অত্যন্ত সাহসী হোৱা প্ৰয়োজন। কাৰণ, শুলি ব্যৱহাৰ কৰিবলৈ হ’লে হাতীটোৰ একেবাৰে ওচৰলৈ যাব পাৰিব লাগিব। সাধাৰণতে, এটা হাতীক আক্ৰমণ কৰিবলৈ দুজন শুলীধাৰীৰ (শুলী ব্যৱহাৰ কৰা মানুহ) প্ৰয়োজন হয়। হাতীটোৱে এজনক আক্ৰমণ কৰিবলৈ উদ্যত হ’লে আনজনে শুলীডালেৰে হাতীটোক আক্ৰমণ কৰে। ডাঙৰ গছৰ আঁৰ হৈ বা হাতীটো ওখ স্থানৰ পৰা চাপৰ স্থানলৈ গৈ থকা অৱস্থাত এজন মানুহেও শুলি ব্যৱহাৰ কৰি হাতীক আক্ৰমণ কৰে। শুলিৰ আঘাত হাতীৰ বাবে অত্যন্ত ক্ষতিকাৰক। কোৱা বাহুল্য যে দলি মৰা মহতা আৰু শুলিৰ আক্ৰমণৰ সম্মুখিন হোৱা হাতীবোৰ আন হাতীবোৰতকৈ বেছি খঙাল হৈ পৰে। 
     বনৰীয়া হাতীৰ আক্ৰমণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বাবে গাঁৱৰ মানুহে হাতী খেদিবলৈ প্ৰয়োগ কৰা স্থানীয় পদ্ধতি আৰু সঁজুলিবোৰৰ পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। হাতী খেদা স্থানীয় পদ্ধতি আৰু সঁজুলিবোৰ পৰিৱেশ-অনুকূল (Eco-friendly) আৰু বিজ্ঞানসন্মত হোৱাৰ পৰিবৰ্তে ক্ৰমান্বয়ে অধিক ভয়ানক আৰু আক্ৰমণাত্মক হোৱা দেখা গৈছে। এনেধৰণৰ পদ্ধতিৰ প্ৰয়োগ আৰু সঁজুলিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত হাতী-মানুহৰ সংঘাত অধিক জটিল হৈ পৰিছে। হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবৰ বাবে বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰি বিজ্ঞানসন্মত পদ্ধতি আৰু সঁজুলি ব্যৱহাৰ কৰি হাতী খেদাৰ ওপৰত গুৰুত্ব দিব লাগিব।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২১ জুলাই ২০১৯, পৃষ্ঠা: ১৪]


Monday, 15 July 2019

সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰা অসম্ভৱ (It is impossible to eradicate superstitions and stereotypes from society)


ওদালগুৰি জিলাৰ কলাইগাঁৱত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱত পৰি কেইজনমান লোক মানসিক ভাৰসাম্য হেৰুওৱা ঘটনাটোৱে প্ৰচাৰ আৰু সামাজিক মাধ্যমসমূহত ব্যাপক চৰ্চা লাভ কৰিছে। তান্ত্ৰিক এজনৰ প্ৰৰোচনাত পৰি যাদৱ চহৰীয়া নামৰ বিজ্ঞান শিক্ষক এজনৰ ঘৰতে কিছুমান অস্বাভাৱিক কাৰ্যকলাপ সংঘটিত কৰা ঘটনাটোৱে চৰ্চাৰ তীব্ৰতা অধিক কৰি তুলিছে। প্ৰতিগৰাকী সচেতন, যুক্তিবাদী, বিজ্ঞান মানসিকতাসম্পন্ন তথা প্ৰকৃত শিক্ষিত ব্যক্তিয়ে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূল কৰাৰ সপক্ষে মাত মাতিছে। অপ্ৰিয় সত্যটো হ’ল-সময় আৰু পৰিস্থিতি সাপেক্ষে ভাৰতীয় সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহৰ চৰ্চা কিছু হ্ৰাস পায় যদিও নিৰ্মূল কৰা সম্ভৱ নহয়। মনকৰিবলগীয়া যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ একে নহয়। পৰীক্ষা আৰু পৰ্যবেক্ষণ অবিহনে যুক্তিহীনভাবে কোনো এটা সিদ্ধান্তক অন্ধভাবে বিশ্বাস কৰাকে অন্ধবিশ্বাস বুলি কোৱা হয়। আনহাতে, পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে যুক্তিযুক্তভাবে পূৰ্বৰ কোনো এটা সিদ্ধান্ত ভুল প্ৰমাণিত হোৱাৰ পাছতো পূৰ্বৰ সিন্ধান্তটোকে মানি চলাকে কু-সংস্কাৰ বুলি কোৱা হয়।
            ভাৰতীয় সমাজখন কিছুমান পৌৰাণিক কথা আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ প্ৰকৃত পৰিঘটনাসমূহৰ সত্যতা আৱিষ্কাৰ কৰিব নোৱাৰি ভাৰতৰ এক শ্ৰেণীৰ লোকে যুক্তিহীন কিছুমান কাহিনী আৰু সিদ্ধান্ত জনমানসত প্ৰচাৰ কৰিছিল। ৰজাঘৰৰ সৈতে লগলাগি সেই লোকসকল সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাবে প্ৰভাৱশালী হৈ উঠিছিল। তেওঁলোকৰ প্ৰভুত্ব অটুট ৰখা আৰু বৃদ্ধিৰ মানসেৰে সাধাৰণ মানুহক শোষণ আৰু ৰজাঘৰীয়াক ভালৰি লগোৱাৰ উদ্দেশ্য আগত ৰাখি পৌৰাণিক কথা আৰু কাহিনীবিলাকত জোৰ দিবলৈ তেওঁলোকে বিভিন্ন অলৌকিক  পন্থা (Magic) অৱলম্বন কৰিছিল। শাৰীৰিক শ্ৰমৰ ভিত্তিত জীৱন ধাৰণ কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে প্ৰকৃতিৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিল যদিও ৰজাঘৰৰ শাস্তিৰ ভয়ত তেওঁলোকে সেই লোকসকলৰ কাৰ্যৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব পৰা নাছিল। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলাই থকা তেনে অসত্য বা অৰ্ধসত্য কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ভাৰতৰ বহু মানুহৰ মন আৰু মগজুত সোমাই পৰিল। সেই পৌৰাণিক কাহিনী আৰু কথাসমূহে ভাৰতীয় হিন্দু ধৰ্মীয় লোকসকলৰ এক এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰিল। কোনো এটা পৌৰাণিক কথা বা কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ যেতিয়া সমাজ এখনৰ এৰাব নোৱাৰা সামাজিক আৰু সাংস্কৃতিক উপাদান হৈ পৰে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি নহওক, সেয়া নিৰ্মূল কৰা অত্যন্ত কঠিন হৈ পৰে। সামাজিক আৰু সাংস্কৃতিক উপাদানৰ সৈতে ধৰ্মীয় পৰম্পৰা আৰু ৰাজনীতি জড়িত হৈ পৰিলে নিৰ্মূল কৰা দূৰৰে কথা, সেইবোৰক সমালোচনা কৰাই বিপদজনক হৈ পৰে।
     এনেকুৱা নহয় যে প্ৰাচীন ভাৰতত যুক্তিবাদী আৰু বস্তুবাদী মানুহৰ অভাৱ আছিল। ‘লোকায়ত’ নামেৰে ভাৰতত সম্পূৰ্ণৰূপে বস্তুবাদী দৰ্শন গঢ়ি উঠিছিল। বুজিবলৈ কঠিন নহয় যে এই দৰ্শন ভাৱবাদী দৰ্শনক প্ৰত্যাহ্বান জনাইছিল। সেয়েহে ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলে তেওঁলোকৰ স্বাৰ্থত আঘাত লগাৰ ভয়ত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনৰ গ্ৰন্থসমূহ পুৰি পেলাইছিল। ভাৱবাদী দৰ্শনৰ পণ্ডিতসকলৰ লগলাগি ৰজাঘৰে সাধাৰণ লোকসকলক শোষণ কৰিবলৈ সুবিধা হৈছিল। কাৰণ, ৰজাক প্ৰয়োজনাধিক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাত (যেনে-ৰজাক ভগৱানৰ বংশধৰ বুলি প্ৰচাৰ কৰা) ভাৱবাদী পণ্ডিতসকলে সহায় কৰিছিল। ফলত বস্তুবাদী আৰু যুক্তিবাদী দৰ্শনে জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ লাভৰ পৰা বঞ্চিত হৈছিল। বৃটিছৰ আগমনৰ পাছত যুক্তিবাদী আৰু বস্তুবাদী দৰ্শনে প্ৰসাৰ লাভ কৰাৰ সুযোগ আহিছিল। কিন্তু, পশ্চিমীয়া শাসকসকলে ভাৰতৰ বিশাল সম্পদসমূহক লুটি নিয়াৰ স্বাৰ্থত ভাৱবাদী দৰ্শনকে অটুট ৰাখিছিল। 
     যোৱা কেইবছৰমান ধৰি ভাৰতৰ হিন্দু ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহে প্ৰয়োজনাধিক ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰা পৰিলক্ষিত হৈছে। একেসময়তে আন ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহো সংশ্লিষ্ট ধৰ্মটোৰ উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰয়োজনাধিক সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু, পাহৰিলে নহ’ব যে ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটন মূল্য আছে যদিও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ সৈতে জড়িত কাৰ্যসমূহ সেইবোৰতে বেছিকৈ চলাই থকা হয়। তথাকথিত প্ৰতিটো ধৰ্মই দাবী কৰে যে সংশ্লিষ্ট ধৰ্মটো আন ধৰ্মতকৈ উদাৰ। কথাটো নোহোৱাও নহয়। তথাকথিত প্ৰতিটো ধৰ্ম ইমানেই উদাৰ যে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সত্য কথাবোৰ পোহৰকৈ অহাৰ পাছতো পৌৰাণিক কথা আৰু কাহিনীৰ ভিত্তিত গঢ়ি উঠা অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহক বিদায় দিবলৈ চেষ্টা নকৰে। তাৰ বিপৰীতে সেইবোৰৰ কিছুমান কাহিনীক ইতিমধ্যে উদ্ভাৱন হোৱা বিজ্ঞানৰ তত্ত্ব আৰু আৱিষ্কাৰসমূহৰ সৈতে অবৈজ্ঞানিক পদ্বতিৰে সংমিশ্ৰণ ঘটাই নতুনকৈ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা চলোৱা হৈছে। এনেধৰণৰ পৰিস্থিতিয়ে গাঁৱে-ভূঞে চলাই থকা ধৰ্মীয় উপাসনা প্ৰতিষ্ঠানসমূহৰ তথাকথিত পণ্ডিত আৰু সেইবোৰত বিশ্বাস ৰখা অশিক্ষিত লোকসকলক পৰোক্ষভাবে উৎসাহ প্ৰদান নকৰে বুলি দাবী কৰিব নোৱাৰি।
পুনশ্চ: ওদালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত ঘটনাটোক লৈ প্ৰতিগৰাকী যুক্তিবাদী আৰু প্ৰকৃত অৰ্থত শিক্ষিত লোকে লজ্জা অনুভৱ কৰিছে। তাৎপৰ্যপূৰ্ণ যে ঘটনাটোৱে অসমৰ গৰিষ্ঠ সংখ্যক মানুহকে আচৰিত কৰি তুলিব পৰা নাই। ইয়াৰ অৰ্থ হ’ল-অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সম্পৰ্কীয় কাৰ্যসমূহক অস্বাভাৱিক কাৰ্য হিচাপে গণ্য কৰিব পৰা পৰিৱেশ আজিও ভাৰতীয় সমাজখনত সৃষ্টি হোৱা নাই। গতিকে, এইবোৰক নিৰ্মূল কৰাও সম্ভৱ নহয় (এইবোৰৰ নিৰ্মূল সম্ভৱ হ’লে এই লেখকেই আটাইতকৈ বেছি আনন্দিত হ’ব)।

[প্ৰকাশিত, ‘আমাৰ অসম’, ১৬ জুলাই ২০১৯, পৃষ্ঠা: ৪]

Friday, 28 June 2019

সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ আৰু জনজাতীয় সমাজ (Narrow Nationalism and Tribal Society)


       কোনো এখন দেশৰ ব্যক্তি এজনৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা হ’ল-নিজৰ দেশখনৰ প্ৰতি সংশ্লিষ্ট ব্যক্তিজনৰ আন্তিৰক অনুভৱ, সংবিধানিক অধিকাৰ আৰু দেশখনৰ ব্যক্তি হ’বলৈ পোৱাৰ গৌৰৱবোধ। এই ধাৰণাবিলাক ব্যক্তিজনৰ হৃদয়ত এনেদৰে নিহিত হৈ থাকে যে আন কোনো দেশতে তেখেতে তেনে অনুভৱ কৰিব নোৱাৰে। সংশ্লিষ্ট মানুহজনৰ ৰাষ্ট্ৰীয়তাবাদৰ অনুভৱক আন কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে-সেয়া দেশখনৰ বাহিৰৰ বা দেশখনৰ ভিতৰৰ যি শক্তিয়েই নহওক কিয়। কাৰণ, দেশখনৰ প্ৰতি থকা তেখেতৰ অনুভৱ নিজৰ প্ৰতি থকা অনুভৱতকৈ অধিক হয় (Thapar, Noorani & Menon, ‘On Nationalism’, 2016, Page: xii)
আমাৰে দুৰ্ভাগ্য যে যোৱা কিছু বছৰ ধৰি ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা ক্ৰমে সংকীৰ্ণ হ’বলৈ ধৰিছে। এনে এবিধ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা মানুহৰ মন আৰু মগজুত সুমুৱাই দিবলৈ প্ৰয়াস কৰা হৈছে যে মহাভাৰত, ৰামায়ণ, বেদ, পুৰাণ, উপনিষদ আদিৰ সৈতে সম্পৰ্ক থকা মানুহবোৰৰহে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী মনোভাৱ নিহিত আছে। স্পষ্টকৈ ক’বলৈ গ’লে-হিন্দু সংস্কৃতিৰ সৈতে জড়িত নথকা মানুহবিলাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ অংশ নহয়। মানুহ এজনৰ কোনো সন্দেহ নোহোৱাকৈ নিজৰ মন আৰু মগজুত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা নিহিত আছে, অথচ নাই বুলি নতুনকৈ ৰাষ্ট্ৰীয়তাবাদৰ সংজ্ঞা নিৰ্ণয়কাৰীসকলে ৰাজনৈতিক ক্ষমতাৰে কাঢ়ি নিবলৈ চেষ্টা চলাইছে। এইধৰণৰ ৰাষ্ট্ৰীয়তাবাদেই হ’ল-সংকীৰ্ণ ৰাষ্ট্ৰীয়তাবাদ। এই ৰাষ্ট্ৰীয়তাবাদ প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদ নহয়। এয়া নি:সন্দেহে হিন্দু ৰাষ্ট্ৰীয়তাবাদ। অৱশ্যে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবাদক হিন্দু ৰাষ্ট্ৰীয়তাবাদ কৰাৰ সপক্ষে কেইটামান যুক্তি তেওঁলোকে দিছে। এই সন্দৰ্ভত ছাভাৰকাৰে দিয়া তিনিটা যুক্তি উল্লেখ কৰিব পাৰি-(১) বৈদিক যুগত সিন্ধু, হিমালয় আৰু ভাৰত মহাসাগৰৰ সীমালৈ বিশাল ভৌগোলিক অঞ্চলক হিন্দুস্তান নামেৰে জনা গৈছিল, (২) বৈদিক যুগত এই বিশাল অঞ্চলৰ মানুহবিলাক একে তেজেৰে বান্ধ খোৱা আছিল, আৰু (৩) সেই বিশাল অঞ্চলৰ ভাষাবিলাকৰ মাজত পাৰ্থক্য আছে যদিও আটাইবোৰ ভাষাৰ মূল হ’ল-সংস্কৃত ভাষা। সংস্কৃত ভাষাৰ আধাৰতে এই অঞ্চলৰ মানুহবিলাকৰ মাজত উমৈহতীয়া সংস্কৃতি, উৎসৱ আদি গঢ়ি উঠিছে (Francine Frankel, ‘India’s Political Economy 1947-2004: The Gradual Revolution’, 2nd Edition, Oxford University Press, 2014, Page: 699) । এই তিনিটা যুক্তিৰ আধাৰতে হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলৰ দ্বাৰা গঠিত ৰাজনৈতিক দল আৰু সংগঠনবোৰে ‘এক ৰাষ্ট্ৰ, এক ধৰ্ম, এক সংস্কৃতি’ শ্ল’গান ঠিক কৰি লৈছে। এই ‘তিনিটা একে’ জনজাতিসকলৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব-এই প্ৰবন্ধটোত সেয়াই বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে।
     বহল অৰ্থৰ ‘এক ৰাষ্ট্ৰ’ ধাৰণাৰ প্ৰতি কোনো দ্বিমত নাই। অলপ বঢ়াই এনেদৰেও ক’ব পাৰি যে শেহতীয়াকৈ এক ৰাষ্ট্ৰৰ ধাৰণাৰে ‘সামগ্ৰী আৰু সেৱা কৰ’ ব্যৱস্থা প্ৰয়োগৰ দ্বাৰা বিত্তীয় দিশত দেশখনৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালীহে কৰি তুলিলে। কিন্তু, ‘হিন্দু ৰাষ্ট্ৰ’কে ‘এক ৰাষ্ট্ৰ’ বুলি প্ৰতিষ্ঠা কৰিব বিচৰা ধাৰণাটোৰ ওপৰত আপত্তি নিশ্চয় আছে। ‘এক হিন্দু ৰাষ্ট্ৰ’ৰ ধাৰণাই জনজাতিসকলক ক্ষতি নকৰাকৈ নাথাকিব। কাৰণ, জনজাতিসকল মাত্ৰ এটা ধৰ্মৰ অন্তৰ্গত মানুহ নহয়। আনকি একেটা জনজাতিৰ মানুহে দুটা বা ততোধিক ধৰ্মত দীক্ষা লোৱাৰ উদাহৰণো আছে। যেনে-অসমৰ বড়ো আৰু ৰাভা জনজাতিৰে কিছুমান হিন্দু ধৰ্মালম্বী আৰু আন কিছুমান খ্ৰিষ্টান ধৰ্মালম্বী। গতিকে, ‘এক হিন্দু ৰাষ্ট্ৰ’ৰ ধাৰণাই দুটা ভিন্ন জনজাতিৰ মাজত থকা সমন্বয়ত ফাটতো মেলাবই, একে জনজাতিৰ দুটা ভিন্ন ধৰ্মৰ মানুহৰ মাজতো ফাট মেলাত সহায় কৰিব।
‘এক হিন্দু ধৰ্ম’ৰ ধাৰণাই জনজাতিসকলৰ ওপৰত বাৰুকৈয়ে কু-প্ৰভাৱ পেলাব। আচলতে জনজাতিসকলৰ মাজত তথাকথিত ধৰ্মৰ প্ৰভাৱ বহু পলমকৈ পৰিছে। আন কথাত, ধৰ্ম গুৰুৱে প্ৰৱৰ্তন কৰা ধৰ্মৰ ধাৰণা জনজাতিসকলৰ মাজত নাছিলেই। কোনো নিৰ্দিষ্ট ধৰ্মগুৰু নথকা হিন্দু ধৰ্মৰ ধাৰণাও জনজাতীয় সমাজত বহু পলমকৈ আহিছে। প্ৰকৃতিৰ নিয়ম অনুসৰি জনজাতিসকলৰ নিজস্ব কিছুমান নীত-নিয়ম আছিল। প্ৰকৃতিৰ নীতি-নিয়মৰ ভিত্তিত গঢ়ি উঠা তেওঁলোকৰ নীতি-নিয়মৰ মাজত কোনো ধৰণৰ উচ্চ-নীচৰ ভাৱ নাছিল। বৰ্ণ হিন্দুসকলে জনজাতিসকলক বৈদিক আৱেষ্টনিলৈ অনাৰ পাছতহে তেওঁলোকক উচ্চ-নীচৰ ধাৰণাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সৰল মনৰ জনজাতিসকলে বৰ্ণ হিন্দুৰ ধৰ্মকে উচ্চ পৰ্যায়ৰ ধৰ্ম বুলি ভাৱিছিল। ব্ৰিটিছৰ আগমনৰ পাছত তেওঁলোকৰ বিভেদ নীতিৰ বহি:প্ৰকাশ হিচাপে কিছুমানক খ্ৰিষ্টান কৰা হ’ল। ফলত জনজাতিসকলৰ কিছুমানে হিন্দু ধৰ্মালম্বী আৰু কিছুমান খ্ৰিষ্টান ধৰ্মালম্বী হ’ল। অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰয়োজনৰ তাড়নাত জনজাতিসকলে ধৰ্মৰ দৰে সংকীৰ্ণ আৱেষ্টনিৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱাৰ সময়তে পুনৰ ‘এক হিন্দু ধৰ্ম’ৰ ধাৰণাৰে জনজাতিসকলৰ মাজত বিভেদৰ বীজ সিঁচি দিয়াৰ প্ৰয়াস কৰা হৈছে।  ইয়াৰ পৰা কেইবাটাও দিশৰ বিভেদ সৃষ্টি হ’ব-(১) বৰ্ণ হিন্দুসকলে জনজাতিসকলক আগতে যেনেদৰে নীচ হিচাপে গণ্য কৰিছিল, সেই ধাৰণা পুনৰ শক্তিশালী হৈ উঠিব, () জনজাতিসকলৰ মাজতে তুলনামূলকভাবে কিছুমানে আনতকৈ উচ্চ (বৰ্ণ হিন্দুতকৈ নীচ) জনজাতি হিচাপে স্বীকৃতি লাভৰ প্ৰৱণতা বৃদ্ধি পাব। ফলত জনজাতিসকলৰ মাজত বিদ্বেষৰ ভাৱ বৃদ্ধি পাব, (৩) একেটা জনজাতিৰ মানুহৰ মাজতে সামাজিক উচ্চ-নীচৰ দৰে শ্ৰেণী বিভাজন ঘটিব।
ভাৰতত এতিয়ালৈকে কোনো নিৰ্দিষ্ট ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ গঢ়ি উঠা নাই। এটা নিৰ্দিষ্ট ধৰ্ম আৰু অঞ্চলৰ সংস্কৃতিকহে ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ হিচাপে স্বীকৃতি দিবলৈ প্ৰয়াস কৰা হৈছে। এইটো কৰিবলৈ যাওতে পাহৰাই পেলাবলৈ চেষ্টা কৰা হৈছে যে ভাৰত এখন বিভিন্ন সংস্কৃতিৰে সমৃদ্ধ দেশ। বজাৰ অৰ্থনেতিক ব্যৱস্থাৰ মেৰপাকতেই জনজাতিসকলৰ সংস্কৃতি সংকটত পৰিছে, তেনে সময়ত ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ৰ ধাৰণাই এই সমস্যাটোৰ মাত্ৰা বৃদ্ধি কৰিব। জাপি দিব খোজা  ‘এক ৰাষ্ট্ৰীয় সংস্কৃতি’ৰ সৈতে জনজাতীয় সংস্কৃতি লগলগাৰ পাছত এক বিজতৰীয়া সংস্কৃতিৰ সৃষ্টি হ’ব। সময়ৰ গতিত ৰাজনীতিৰ মেৰপাকত পৰি জনজাতিসকলৰ নিজস্ব সংস্কৃতি একেবাৰে লোপ পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। মনত ৰখা দৰকাৰ যে অৰ্থনীতি, ৰাজনীতি আদিৰ নিজস্বতা লোপ পালেও ঘূৰি আহিব পাৰে। কিন্তু সংস্কৃতি যদি কেনেবাকৈ লোপ পায়, তেন্তে ঘূৰি অহাৰ সম্ভাৱনা নাই। ঘূৰি আহিলেও শুদ্ধ ৰূপত পাব পৰাৰ সম্ভাৱনা ক্ষীণ। তদুপৰি, সংস্কৃতিয়েই হ’ল কোনো এটা জাতি বা জনজাতিৰ নিজস্বতা নিৰ্ণয়ৰ মূল নিৰ্ণায়ক, যাৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট জাতি বা জনজাতিটোৱে তেওঁলোকৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক নিজস্বতাৰ অধিকাৰ দাবী কৰিব পাৰি।
অসমৰ প্ৰেক্ষাপটত শেহতীয়াকৈ দেখা গৈছে যে জনজাতি ৰাজনীতিকসকলে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। এফালে ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধাৰ স্বাৰ্থত দীৰ্ঘকালত জনজাতিসকলৰ ক্ষতি কৰিব পৰা শক্তিটোৰ সৈতে নিৰ্বাচনবোৰত একেখন নাঁৱৰে যাত্ৰী হৈ পৰিছে। আনফালে, কিছুমান নিৰ্দিষ্ট বিষয়ৰ ভিত্তিত সেই শক্তিটোৰ বিৰূদ্ধে মাত মাতিছে। অসমৰ জনজাতি ৰাজনীতিকসকলৰ এই দুমুখীয়া স্থিতিৰ ভিত্তিত জনজাতিসকলক সন্দেহৰ চকুৰে চাবলৈ অসমৰ মানুহক বাধ্য কৰি তুলিছে।  

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ জুন ২০১৯, পৃষ্ঠা: ৪]

Saturday, 22 June 2019

আচলপাৰাৰ ঘটনাৰ আঁত ধৰি


ছয়গাঁৱৰ আচলপাৰাত অনুষ্ঠিত সাংস্কৃতিক (?) অনুষ্ঠান এটাত উলংগ নৃত্য প্ৰদৰ্শন নকৰাৰ বাবে দুটা শিল্পী দলক শাৰীৰিক আৰু মানসিকভাবে আক্ৰমণ কৰা ঘটনাই অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘৃণনীয় ঘটনাটোৰ বিৰূদ্ধে অসমৰ শিল্পী সমাজ আৰু স্থানীয় ছাত্ৰ সংগঠনসমূহে গৰিহণা দিয়াৰ উপৰি দোষীক শাস্তি দিয়াৰ বাবে আন্দোলন কৰিছে। ঘটনাটোৰ সৈতে জড়িত কেইজনমান লোক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। একেসময়তে, ঘটনাটোক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰিবলৈ আৰু সাম্প্ৰদায়িক শক্তিবোৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। 
অসম মূলকত শিল্পীৰ দলক অপমান কৰা ঘটনা এয়াই প্ৰথম নহয়। প্ৰতিবছৰে বিশেষকৈ বহাগ মাহত শিল্পীৰ দলক অপমান কৰাৰ খবৰ প্ৰকাশ পাই থাকে। আয়োজক সমিটিয়ে চুক্তি অনুসৰি মাননি আদায় নিদিয়াৰ ফলতে বেছিভাগ ঘটনাৰ সূত্ৰপাত হয়। আন ঘটনাৰ সৈতে আচলপাৰাৰ ঘটনাটোৰ মূল পাৰ্থক্য হ’ল- এই ঘটনাটো চৰম পৰ্যায়ত উপনীত হৈছে। প্ৰচাৰ মাধ্যমসমূহত প্ৰচাৰিত খবৰ অনুসৰি, ঈদ-উল-ফিটৰ উপলক্ষে অনুষ্ঠানটো আয়োজন কৰা হৈছিল। মন কৰিবলগীয়া যে কোনো এটা পবিত্ৰ উৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানত সংশ্লিষ্ট উৎসৱটোৰ সৈতে সংগতি নথকা কাৰ্যসুচী ৰুপায়ণ নকৰি আন কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘটনা কেৱল ছয়গাঁৱৰ আচলপাৰাত ঘটা নাই। বহাগ মাহত অসমৰ বহু অঞ্চলত বিহু নৃত্যৰ বাবে সজাই তোলা বিহু মঞ্চত ডিক্স ধামাকা অনুষ্ঠিত কৰাৰ বহু উদাহৰণ আছে।
আচলপাৰাৰ ঘটনাই প্ৰমাণ কৰিলে যে আমাৰ দেশৰ সকলো অঞ্চলৰ, সকলো সম্প্ৰদায়ৰ মানু্হে সমানে আগবাঢ়ি যাব পৰা নাই। মানুহবোৰৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত কিছু সচেতনতা আহিছ যদিও সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত সমভাবে পৰিপক্ক হৈ উঠা নাই। পৃথিৱীখন কোন দিশত, কিমান বেগত গতি কৰি, কেতিয়া দিশ সলনি কৰি আছে-সেয়া আমাৰ দেশৰ বহু অঞ্চলৰ বহু মানুহে সঠিকভাবে ধৰিব পৰাকৈ শিক্ষিত হৈ উঠা নাই। দুখৰ কথাটো হ’ল-কোনোবা সৎ শক্তিয়ে যদি পিচপৰি থকা মানুহখিনিক আগবঢ়াই নিবলৈ চেষ্টা চলাইছে, আন কোনোবা অসৎ শক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকক তেনেকৈয়ে ৰাখিবলৈ চেষ্টা কৰি আহিছে।
আমি ভাবোঁ, কোনো এটা শিল্পীৰ দল যিমানেই বিখ্যাত নহওক কিয়, যিটো অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰিবলৈ চু্ক্তিবদ্ধ হ’বলৈ আগবাঢ়িছে সেই অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ অধ্যয়ন কৰি লোৱা উচিত। এই ক্ষেত্ৰত অসমৰ ভ্ৰাম্যমান নাট্যদলবোৰৰ কথাকে ক’ব পাৰি। অসমৰ প্ৰায় প্ৰতিটো ভ্ৰাম্যমান নাট্যদলৰে নাট্যদলটো যি অঞ্চলত নাট্য প্ৰদৰ্শন কৰিবলৈ যায় সেই অঞ্চলটোৰ পৰা নাট্যদলটোত এজন প্ৰতিনিধি সদস্য থাকে। এটা সৰু শিল্পী দলৰ বাবে এই ব্যৱস্থা সম্ভৱ নহয় যদিও অতি কমেও তিনিটা সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত প্ৰতি-পৰীক্ষণ কৰি (cross verify) সংশ্লিষ্ট অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ বুজি ল’লে শিল্পীসকল অপমানিত হোৱাৰ সম্ভাৱনা নাথাকে। 

[প্ৰকাশিত, ‘আমাৰ অসম’ ২৩ জুন ২০১৯, পৃষ্ঠা: ১০]

Tuesday, 11 June 2019

শুক্ৰাচাৰ্য ৰাভাৰ চিন্তাধাৰা (Thoughts of Sukracharya Rabha)


২০১৮ চনৰ ৮ জুন তাৰিখে আকস্মিকভাবে শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু হৈছিল। নিজস্ব চিন্তাচৰ্চাৰে নিখুঁতভাবে ‘আণ্ডাৰ দ্য চাল ট্টি’ নামৰ নাট্য উৎসৱৰ জৰিয়তে নাট্য জগতত নিজৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাট্যবোদ্ধা, গৱেষক, নাট্যকাৰ তথা পৰিচালকগৰাকীৰ অকাল মৃত্যুক তেখেতৰ অনুৰাগীসকলে আজিও সহজভাবে ল’ব পৰা নাই। শুক্ৰাচাৰ্য ৰাভাই সমাজত প্ৰচলিত হৈ থকা কিছুমান বদ্ধমূল ধাৰণা আৰু সমাজলৈ অহা পৰিৱৰ্তনৰ ওপৰত চিন্তাচৰ্চা কৰি সেইবোৰৰ অন্তৰালত থকা সত্য কথাবোৰ নাট্যকৰ্মৰ জৰিয়তে অন্বেষণ কৰিবলৈ চেষ্টা কৰিছিল।
শুক্ৰাচাৰ্য ৰাভাই লক্ষ্য কৰিছিল যে সমাজত যিমানেই আধুনিকতাৰ পৰশ পৰিবলৈ ধৰিছে সিমানেই মানুহৰ মাজত থকা আত্মীয়তা আৰু বিশ্বাসৰ মনোভাৱ হ্ৰাস পাবলৈ ধৰিছে। কেৱল নগৰৰ মানুহবোৰৰ মাজতেই নহয়, গাঁৱলীয়া মানুহবোৰৰ মাজতো বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হ’বলৈ ধৰিছে। ৰাজনীতিকে বৃত্তি হিচাপে লোৱা মানুহবোৰে গাঁৱৰ সহজ-সৰল মানুহবোৰৰ মন আৰু মগজুত ৰাজনীতিৰ কু-নীতি সুমুৱাই দি তেওঁলোকৰ মাজত বিভেদৰ বিষবাষ্প বিয়পাই দিবলৈ চেষ্টা চলাই আছে। তেখেতে লক্ষ্য কৰিছিল যে গাঁৱৰ শিক্ষিত মানুহবোৰ চহৰমুখী হোৱাৰ বাবে ৰাজনৈতিক নেতাবোৰে গাঁৱবোৰলৈ সহজে এই বিষবাষ্প বিয়পাবলৈ সক্ষম হৈছে। আত্মীয়তা আৰু বিশ্বাসৰ দৰে শক্তিশালী সামাজিক মূলধনক পুনৰ ঘূৰাই অনা আৰু যিখিনি আছে সেইখিনিক অটুট ৰখাৰ স্বাৰ্থতে তেখেতে নিজ গাঁৱতে থাকি নাট্যচৰ্চা কৰিছিল।
অসম মূলকত সততে এটা শুনা শব্দ হ’ল-অসমৰ সংস্কৃতিক বিশ্বদৰবাৰলৈ নিব লাগে।  শুক্ৰাচাৰ্য ৰাভাৰ মতে বিশ্বদৰবাৰ হ’ল-এক প্ৰকাৰ আত্মসমৰ্পন কিম্বা কাপৰুষালি। তেখেতৰ ভাষাত, “ই এক মেটাফ’ৰ যি নিৰ্দেশ কৰে ভাল-বেয়াৰ দ্বন্দ্বৰ অন্তত নিৰূপিত হোৱা আমাৰ স্থান। আমাতকৈ উচ্চ পৰ্যায়ৰ, আমাতকৈ ওখ খাপৰ কিবা এটা থকাৰ যিটো অৱধাৰণা আমাৰ অৱচেন মনত সোমাই থাকে; তাৰেই পৰিণতিত সৃষ্টি হয়-বিশ্বদৰবাৰৰ।” (নীলোৎপল বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা”, ২০১৮, পৃষ্ঠা: ৮৯)। নিজৰ ওপজা গাঁও ৰামপুৰতে নাট্যচৰ্চা কৰি তেখেতে নিজৰ চোতালখনকে বিশ্বদৰবাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছিল। 
নাটক সম্পৰ্কত এনে এটা বদ্ধমূল ধাৰণা আছ যে নাটক কৰিবলৈ হ’লে উন্নতমানৰ শব্দযন্ত্ৰ, কৃত্ৰিম পোহৰ আৰু দৃশ্য অনুসৰি মঞ্চখন সজাই তুলিব লাগিব, অভিনেতা-অভিনেত্ৰীসকলে চৰিত্ৰটোৰ লগত খাপ খোৱাকৈ পোছাক পৰিধান কৰিব লাগিব, সা-সঁজুলি ল’ব লাগিব ইত্যাদি। শুক্ৰাচাৰ্য ৰাভাই ‘বাদুংদপ্পা’ত শব্দযন্ত্ৰ আৰু কৃত্ৰিম পোহৰৰ ব্যৱহাৰ নস্যাৎ কৰিছে। চৰিত্ৰ অনুসৰি অভিনেতা-অভিনেত্ৰীসকলে পোছাক পৰিধান কৰা আৰু সা-সঁজলিৰ ব্যৱহাৰ যিমান পাৰি সিমান হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। এইবোৰে নাটকখনক মেদবহুল কৰি তুলি নাটকৰ মূল ভেটিটোকে তল পেলায় বুলি তেখেতে ভাবিছিল। শাৰীৰিক ভংগীমা আৰু মিতব্যয়ী সংলাপৰ দ্বাৰাই তেখেতে নাটখনক উপভোগ্য কৰি তুলিব পাৰিছিল। নাটকৰ প্ৰতিটো দৃশ্যই যাতে একোখনকৈ পেইন্টিংৰ দৰে হয় তাৰ ওপৰত তেখেতে গুৰুত্ব দিছিল। তদুপৰি, সচৰাচৰ নাট্যদলবোৰে কৰাৰ দৰে ‘ৰয়েল’ নাটত (যেনে-ৰামায়ণ, মহাভাৰত, ৰজা-মহাৰজাৰ কাহিনী) গুৰুত্ব নিদি তেখেতে লোককথা তথা সাধুকথাৰ ভিত্তিত (বিশেষকৈ ৰাভাসকলৰ মাজত প্ৰচলিত) নাট ৰচনা কৰি প্ৰদৰ্শন কৰিছিল। লোককথা আৰু সাধুকথাৰ ভিত্তিত নাট ৰচনা কৰাৰ সপক্ষে তেখেতে কেইটামান যুক্তি দিছে-(১) অবিকৃত ৰূপত কৰা এই ব্যৱস্থাই জনজাতিসকলৰ লোককথা আৰু সাধুকথাবোৰে জনপ্ৰিয়তা লাভ কৰাৰ লগতে সংশ্লিষ্ট জনজাতিটোৰ পৰম্পৰাবোৰক ৰক্ষা কৰাত সহায় কৰিব, (২) বিভিন্ন চক্ৰান্তৰ বলি হৈ জনজাতীয় লোকসকলে আনৰ পৰম্পৰা তথা সমাজিক নীতি-নীতিৰ প্ৰতি মোহিত হৈ নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিবোৰক লৈ হীনমান্যতা ভুগি থকা লোকসকলে বুজি উঠিব যে তেওঁলোকৰ  ৰীতি-নীতি আৰু পৰম্পৰাবিলাক কোনো ফালৰ পৰাই নিম্ন পৰ্যায়ৰ নহয়, (৩) অৰ্থনৈতিক আৰু সামাজিক সমস্যাবোৰৰ দৰে দুই-এটা সৰু পাৰ্থক্যৰ বাহিৰে পৃথিৱীৰ প্ৰান্তীয় জনগোষ্ঠীবোৰৰ লোককথা আৰু সাধুকথাবোৰৰ মাজত বহুখিনি সাদৃশ্য আছে। বহু ক্ষেত্ৰত লোককথা আৰু সাধুকথাবোৰ অলৌকিক হ’লেও তাৰ মাজত ৰাজনৈতিক দমন, সামাজিক প্ৰভুত্ব, অৰ্থনৈতিক শোষণ আদি উমৈহতীয়া সমস্যাবোৰ লুকাই থাকে। তেখেতৰ মতে, লোককথা আৰু সাধুকথাবোৰৰ নাট্যৰূপে দৰ্শকক সহজে আকৰ্ষিত কৰাৰ উপৰি তাৰ মাজত লুকাই থকা সত্যখিনিক সহজে বুজি উঠাত সহায় কৰে। 
শুক্ৰাচাৰ্য ৰাভাৰ চিন্তাচৰ্চাৰ আন কিছুমান গুৰুত্বপূৰ্ণ বিষয় হ’ল-সময়ানুৱৰ্তিতা, নাটক কৰা মানুহৰ প্ৰতি সাধাৰণ মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰা, নাট্যকৰ্মৰ সৈতে জড়িত ৰাজনীতি আৰু মানৱীয়তাৰ পাৰ্থক্য ধৰা পেলাৱা ইত্যাদি। আমি ভাবোঁ, শুক্ৰাচাৰ্য ৰাভাই যিবোৰ চিন্তাচৰ্চা কৰিছিল সেইবোৰ নিখুঁতভাবে বাস্তৱত ৰূপায়ণ কৰিব পৰাটোৱেই হ’ল তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খ্যাতি।

[তথ্যৰ উৎস: (১) শুক্ৰাচাৰ্য ৰাভাৰ সৈতে লেখকৰ সাক্ষাৎকাৰ, ২৭ ডিচেম্বৰ ২০১২,

     (২) নীলোৎপল বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা’, ২০১৮ ] 


[প্ৰকাশিত, 'নিয়মীয়া বাৰ্তা', ১১ জুন ২০১৯, পৃষ্ঠা: ৭]


Saturday, 1 June 2019

‘সামাজিক জীৱন আৰু নতুন প্ৰজন্ম’ সন্দৰ্ভত


‘আমাৰ অসম’ত যোৱা ২৫ মে’ত প্ৰকাশিত শৈলেন ভৰালীৰ ‘সামাজিক জীৱন আৰু নতুন প্ৰজন্ম’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প্ৰবন্ধকাৰে লিখিছে যে আমাৰ নতুন প্ৰজন্মই সামাজিক জীৱনৰ গুৰুত্ব উপলব্ধি নকৰা হৈছে। সমাজে নিৰ্ধাৰণ কৰা আৰু পৰম্পৰাগতভাবে চলি অহা নীতি-নিয়মবোৰ উলংঘা কৰিবলৈ তেওঁলোক সংকোচ নকৰা হৈছে। সামাজিক মূল্যবোধবোৰৰ প্ৰতি নতুন প্ৰজন্ম উদাসীন হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাকে এনেধৰণৰ পৰিৱৰ্তনৰ কাৰণ হিচাপে প্ৰবন্ধকাৰে চিনাক্ত কৰিছে। আমি ভাবোঁ, এয়া আংশিকভাবেহে শুদ্ধ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজনৰো পৰিৱৰ্তন ঘটি থাকে। এশ শতাংশ শুদ্ধ নহ’লেও এইটো দাবী কৰিব পাৰি যে বিজ্ঞানৰ নিত্য নতুন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ বহুল সম্প্ৰসাৰণে মানুহৰ দ্ৰুত পৰিৱৰ্তিত প্ৰয়োজনৰ অভাৱ বহুখিনি পূৰণ কৰিব পাৰিছে।
নব্য-উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থা আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে  আমাৰ দেশৰ মানুহবোৰৰ প্ৰয়োজনৰ দ্ৰুত পৰিৱৰ্তন ঘটাইছে। সেই প্ৰয়োজনবোৰ পূৰণৰ স্বাৰ্থত মানুহবোৰ মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা বস্তুবাদী হৈ পৰিছে। মন কৰিবলগীয়া যে ভাৰতবৰ্ষত নব্য-উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থাক নতুন প্ৰজন্মই আমন্ত্ৰণ কৰা নাছিল। আশী দশকৰ শেষৰ ফালৰ পৰা দেশখনত দেখা দিয়া আৰ্থিক দুৰৱস্থাক উদ্ধাৰ কৰাৰ স্বাৰ্থত অৰ্থনৈতিক সংস্কাৰৰ আহিলা হিচাপে প্ৰথম অৱস্থাত উদাৰীকৰণ (লগতে গোলকীকৰণ আৰু ব্যক্তিগতকৰণ) আৰু পাছলৈ নব্য-উদাৰীকৰণ ব্যৱস্থাক বাধ্যতামূলকভাবে আকোঁৱালি ল’বলগীয়া হৈছিল। সেই সময়ত ভাবি চোৱা নহ’ল যে দেশখনত যি অৰ্থনৈতিক সংস্কাৰ কৰিবলৈ লোৱা হৈছে, সেই অৰ্থনৈতিক সংস্কাৰৰ ফলত আমাৰ দেশৰ নতু্ন প্ৰজন্ম মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক তথা বস্তুবাদী হৈ সামাজিক মূল্যবোধবোৰৰ প্ৰতি উদাসীন হৈ পৰিব। শেহতীয়াকৈ, উপভোক্তাবাদৰ জালত পেলাই নতুন প্ৰজন্মক আমাৰ পৰম্পৰা আৰু সামাজিক মূল্যবোধবোৰৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰা হৈছে। নতুন প্ৰজন্ময়ো উপভোক্তাবাদৰ সত্যৰ পাছত থকা সত্যক উপলব্ধি কৰিব নোৱাৰি সেইবোৰৰ পৰা আঁতৰি আহিব বিচাৰিছে বা আঁতৰি আহিবলৈ বাধ্য হৈ পৰিছে।
আমি ভাবোঁ, নব্য-উদাৰীকৰণ আৰু ৰাজনীতিৰ মাজত ঘটা পাৰস্পৰিক সহযোগে যি বেগত মানুহৰ মনস্বত্বক শোষণ কৰিবলৈ সক্ষম হৈছে, সেই একে বেগত বুদ্ধিজীৱী আৰু সমাজ বিজ্ঞানীসকলে সেই শোষণৰ পৰা মুক্ত হোৱাৰ কাৰ্যকৰী উপায় আগবঢ়োৱাত সফল হ’ব পৰা নাই।

[প্ৰকাশিত, ‘আমাৰ অসম’, ০২ জুন ২০১৯, পৃষ্ঠা: ৪]